Home Blog Page 3356

জাতিৰ কল্যাণ বিচাৰি পেন্সনাৰ সন্থাৰ ৪০ হাজাৰ, ডি পি এছৰ ১লক্ষাধিক টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীলৈ

নাজিৰা

ৰাজ্যত ক’ভিড-১৯ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰাৰ পৰিস্থিতিত চৰকাৰক সকলো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাত সহযোগ আগবঢ়াই  দিল্লী পাব্লিক স্কুল নাজিৰাৰ তৰফৰ পৰা ১লাখ ১১ হাজাৰ টকাৰ এখনি চেক প্ৰদান কৰা হয় শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ  বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা অধ্যক্ষ পাৰ্থ সাৰথি সৰকাৰৰ লগতে শিক্ষক কৰ্মচাৰীৰ প্ৰতিনিধিয়ে নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীৰ উপস্থিতিত এক চেকযোগে প্ৰদান কৰে। আনহাতে নাগালেণ্ডত চৰকাৰী চাকৰি কৰি অৱসৰ লোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অবিভক্ত পেন্সনাৰ সন্থাৰ হৈ সভাপতি নকুল চন্দ্ৰ গগৈ, সম্পাদক কালীপ্ৰসাদ বৰুৱা, সদস্য লক্ষেশ্বৰ বৰুৱাই অলপতে নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৪০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। পেন্সনাৰ তথা জ্যেষ্ঠ নাগৰিক কেইজনে কৰ’না সংক্ৰমণ সংকটময় পৰিস্থিতিৰ পৰা যাতে নতুন প্ৰজন্মৰ পৃথিৱীখন সজীৱ কৰি ৰাখিব পাৰি তাৰেই আশা প্ৰকাশ কৰে৷

মই বহুত আবেগিক মানুহ : শিলাদিত্য দেৱ।

লংকা

 মই বহুত আবেগিক মানুহ। আবেগৰ যদি মই আকৌ  বশৰ্ৱতী হও, গম নোপোৱাকৈ যদি অন্যায় হৈ থাকে,  তাত কোনো বিচাৰ নহয়। তেতিয়া কিন্তু নামটো কৈ দিবলৈ বাধ্য হম। এতিয়া যিহেতু দলে সিদ্ধান্ত লৈছে,  আলোচনা কৰি সিন্ধান্ত গ্ৰহণ কৰিব, সেয়ে নামটো এতিয়া কৈ  দিব নোৱাৰো৷ বুধবাৰে লংকাত অনুষ্ঠিত কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা লোকসকলক খাদ্য সামগ্রী বিতৰণ কৰা অনুষ্ঠানৰ শেষত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে  গুৱাহাটীৰ এজন কান্ধত ৰঙা বেগ ওলোমাই  থকা এজন খাটি বি জে পি নেতাই ছিণ্ডিকেট চলাই থকা নেতাৰ নাম প্ৰকাশ কৰাৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শিলাদিত্য দেৱে এনেদৰে কয়। শিলাদিত্য দেৱে আৰু কয় যে ছিণ্ডিকেট চলালে তেওঁ এইবাৰৰ পৰা এফ আৰ  আই দিব। আগন্তুক দিনত তেনে ব্যক্তিৰ বিৰুদ্ধে দিয়া হ’ব এজাহাৰ৷ ম‌ইও পাঁচ বছৰৰ অন্ততঃমোৰ ৰিপৰ্ট কাৰ্ড ৰাইজক জমা দিম৷ মোৰ ৰিপৰ্ট কাৰ্ড দলে যিটো বনাব তেওঁলোকে ছাৰ্ভে হিচাপে বনাব৷ অহা ডিচেম্বৰ -জানুৱাৰী মাহতেই ম‌ই মোৰ ৰিপ’ৰ্ট কাৰ্ড হোজাইবাসীক দিম৷ প্ৰমিলা ৰাণী বহ্ম আমাৰ দলৰ মানুহ নহয়৷ তেওঁ নিজৰ দলৰ মানুহকে ৰিপ’ৰ্ট কাৰ্ড দিব, ৰঞ্জিত দাসক নিদিয়া ক্ষেত্ৰত তেওঁ ঠিকেই কৈছে বুলি মন্তব্য বিধায়ক শিলাদিত্যৰ৷ মোৰ কোনো লালসা নাই৷ বিধায়ক যে হ’ব লাগিব তাৰো কোনো  লালসা নাই, যদি দলে আগন্তুক বছৰৰ টিকট দিয়ে বেলেগ কথা, যদি নিদিয়ে ম‌ই যেনেদৰে কাম কৰি গৈছো তেনেদৰেই বিজেপি দলৰ কৰ্মী হৈ কাম কৰি যাম৷ হোজাইৰ লংকাত সংখ্যালঘু মৰ্চাৰ ধৰ্ষণ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ যোৱা সভাপতি কমৰুল হক চোধুৰীৰ থানাত গ্ৰেপ্তাৰ হোৱা সময়ত দলৰ মানুহ খবৰ ল’বলৈ যোৱাটো অনুচিত তেওঁ মন্তব্য কৰে। বিধায়কগৰাকীয়ে লংকাৰ ৮ নং বাৰ্ডত দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰা সভাত উপস্হিত থাকি বিধায়কগৰাকীয়ে সাংবাদিকৰ আছুটীয়া সাক্ষাৎকাৰত এনে মন্তব্য আগবঢ়ায়৷

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰং

 ৰাজ্যত অব্যাহত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি৷ তাৰ মাজতে দৰঙত দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ কৰা ঘটনা৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ব্যাপক খেলিমেলি আৰু পঞ্চায়ত প্ৰতিনিধিসহ ঘৰৰ আন আন পৰিয়ালে এই আঁচনিৰ ধন লাভ কৰাত ক্ষোভৰ বহিঃপ্ৰকাশ কৃষকৰ মাজত৷ প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত যদিও মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰিছে কিন্তু তদন্তৰ দায়িত্ব দিছে আঁচনিখনত দূৰ্নীতি কৰা বিষয়াকে৷ সেয়ে ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত কৰা কৃষি বিষয়াসকলকে বিষয়টি তদন্ত কৰিবলৈ দি ভেকোঁভাওনাৰ নাটক কৰাত খৰ্গহস্ত প্ৰকৃত কৃষক৷ দৰঙৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সোণাৰীশালত একাংশ কৃষকে এই কাৰ্যত প্ৰতিবাদ সাব্যস্ত কৰি বুধবাৰে কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তোলিকা দাহ কৰে৷ প্ৰতিবাদকাৰী কৃষকসকলে দাবী জনাইছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত দূৰ্নীতিৰ  তদন্তৰ দায়িত্ব কৃষি বিভাগৰ বিষয়াৰ বাহিৰে অন্য বিষয়াৰ হাতত অৰ্পনৰ জড়িয়তে প্ৰকৃত কৃষকক চিনাক্ত কৰি আঁচনিখনৰ সফল ৰূপায়ণ কৰিবলৈ৷

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময় : ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰাণ্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময়

মঙলদৈ

 দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই ক’ভিড-১৯ সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কামকাজৰ সমান্তৰালকৈ গতিশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰৰ বিভিন্ন বিভাগৰ কামকাজ। অৰ্থনীতি স্হবিৰ হৈ নপৰিবলৈ তেওঁ এম জি এনৰেগা, বান নিয়ন্ত্ৰণ আদি বিভিন্ন আঁচনিৰ সুচল ৰূপায়নৰ জৰিয়তে শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদি লোকসকলৰ হাতলৈ ধন অহাৰ প্ৰক্ৰিয়া কোনো কাৰণতে যাতে স্তব্ধ নহয় সেই ক্ষেত্ৰত এক সুস্থ পৰিৱেশ সৃষ্টিত গুৰুত্ব প্ৰদান কৰিছে। বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত উপায়ুক্তগৰাকীয়ে এই কথা সদৰী কৰে। ৰাজ্যৰ বাণিজ্যিক কেন্দ্ৰ বিন্দু গুৱাহাটীৰ ফাঁচী বজাৰক কোৱাৰাণ্টাইন জ’ন হিচাপে ঘোষণা কৰাৰ ফলত জিলা প্ৰশাসনে বিভিন্ন সা-সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত কিছু পৰিমাণে অভাৱ উপলব্ধি কৰিছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে কোনো সহৃদয়বানলোক প্ৰশাসনক স্বেচ্ছাই আচবাব- পাতি দান দিলে তেওঁলোকে গ্ৰহণ কৰিবলৈ সাজু আছে। দৈনিক শ শ লোক বহিঃৰাজ্যৰ পৰা গৃহাভিমুখী হোৱাৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত লাহে লাহে বিশেষকৈ বিচনাপাতিৰ অভাৱ হ’ব বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ লোকসকলক যদিহে কাৰোবাৰ অতিৰিক্ত বিচনা, খাট আছে স্বেচ্ছাই প্ৰশাসনক ব্যৱহাৰ কৰিবলৈ দি জনসাধাৰণৰ উপকাৰ কৰিবলৈ আহ্বান জনায়৷ সাংবাদিকসকলক জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী কামকাজৰ খুটি-নাটি দেখিলে তেওঁক অনতিপলমে অৱগত কৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে ক’ৰোনা যুঁজৰ ৰণুৱা হিচাপে সাংবাদিকসকলে দিন-ৰাতি ২৪ ঘণ্টাই কাম কৰাৰ সময়তো তেওঁলোকে নিজক সুৰক্ষিত কৰি কামত অগ্ৰসৰ হ’ব লাগিব। এই সংবাদমেলতে উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক “মই গৰ্বিত কৰণা যুঁজাৰুৰূপে” বুলি লিপিবদ্ধ একোটাকৈ বেজ লগাই দিয়াৰ উপৰি মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰি ক’ৰোনা যুঁজত সফলভাৱে অগ্ৰসৰ হ’বলৈ উৎসাহিত কৰে৷

চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন : তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন : তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ

 দেশত ক’ভিড -১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত বলৱৎ হোৱা লকডাউনৰ চতুৰ্থ পৰ্য‍ায়ত ভালেমান শিথিলতা ঘোষিত হৈছে‌। জনসাধাৰণক নিৰ্দ্ধাৰণ কৰি দিছে কিছু বিশেষ সাৱধানতা। সেই উদ্দেশ‍্যেৰে জনসাধাৰণক সজাগ হৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ‍্য চৰকাৰে নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে৷ কলিয়াবৰ মহকুমা প্ৰশাসনে স্থানীয় জনসাধাৰণক সজাগ কৰিবলৈ লকডাউনৰ চতুৰ্থ পৰ্য‍ায়ৰ নীতি-নিৰ্দেশনা কলিয়াবৰৰ বিভিন্ন বাণিজ‍্যিক কেন্দ্ৰসমূহত ঘোষণাৰ ব‍্যৱস্থা কৰিছে। এই নীতি-নিৰ্দেশনা যাতে আন্তৰিকতাৰে প্ৰতিজন ব‍্যক্তিয়ে পালন কৰে তাৰ বাবে আহ্বান জনাইছে মহকুমা প্ৰশাসনে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ বিখ‍্যাৎ কলিয়াবৰৰ চুলুং স্থিত মাছৰ নীলাম কেন্দ্ৰ সম্পূৰ্ণ ৰূপে মুকলি কৰিবলৈ মহকুমা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ‍্যে ৰে’লেৰে বহিঃৰাজ‍্যৰ পৰা ৰাজ‍্যলৈ অহা লোকসকলৰ পৰা যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবেও স্বাস্থ‍্য বিভাগ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সষ্টম হৈ আছে। ৰাজ‍্যৰ বিভিন্ন স্থানত নতুনকৈ বহিঃৰাজ‍্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে কোৱিৰেণ্টাইন কেন্দ্ৰ সাজূ কৰি তুলিছে। এই ক্ষেত্ৰত কলিয়াবৰো ব‍্যতিক্ৰম নহয়। মহকুমাটোত সাতটা কোৱাৰেণ্টাইন কেন্দ্ৰত সাজু কৰি তুলিছে ৩৪৮ খন বিচনাসহ অনান‍্য সুবিধাসমূহ। অন্ধ্ৰ প্ৰদেশৰ পৰা কলিয়াবৰত উপস্থিত হোৱা কুঠৰী আৰু কঞ্চনজুৰি অঞ্চলৰ সাতজন লোকক আমনিস্থিত বহুমুখী গৃহত কোৱাৰেণ্টাইনত ৰখা হৈছে। 

গোৱালপাৰা ডাক সংমণ্ডলৰ “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান

গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ সেৱাসমূহ উপলব্ধ কৰিছে।

ধুবুৰী

গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট আৰু ডাক জীৱন বীমাৰ লেনদেনৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি আই পি পি বি একাউণ্ট আৰু আধাৰযুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱাৰ সুবিধা গ্ৰাহকৰ ঘৰতে প্ৰদান কৰা হৈছে। বুধবাৰে এই অভিযানৰ যোগেদি গোৱালপাৰা ডাক সংমণ্ডলৰ অধীনত ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ কমেও ৮৭খন গাঁৱৰ ২১৭১জন গ্ৰাহকক সেৱা প্ৰদান কৰা হয়। উল্লেখনীয় যে গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেবৰাজ শেঠী আৰু সহ অধীক্ষক গিৰিকান্ত ডেকাই ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ কেইবাখনো গাঁৱত উপস্থিত হৈ উক্ত অভিযানৰ তদাৰক কৰাৰ লগতে এনে এক জটিল পৰিস্থিতিৰ মাজতো গ্ৰাহকৰ ঘৰে ঘৰে গৈ আগবঢ়োৱা সেৱাৰ বাবে ডাক কৰ্মীসকলক ভূয়সী প্ৰশংসা কৰে আৰু প্ৰকৃত ক’ৰোনা যোদ্ধা বুলি অভিহিত কৰে।

নাজিৰাত সূলভ মূল্যৰ সামগ্ৰী বিতৰণত অনিয়ম : ২ সূলভ মূল্যৰ এজেণ্টক নিলম্বন

নাজিৰা

 নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অনিয়ম সন্দৰ্ভত সঘনাই অভিযোগ উত্থাপিত হোৱাৰ সময়তে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তৎপৰতাৰে অনুসন্ধান কৰি দুগৰাকী সুলভ মূল্য এজেণ্টক নিলম্বিতকৰণ কৰে। নাজিৰাৰ শেনৰ আলিৰ পবন বৰগোহাঁই আৰু মাদুৰি গোহাঁই গাৱঁৰ মাখন বৰগোহাঁই নামৰ দুয়োজন এজেণ্টৰ ওপৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত বিতৰণত অনিময়ৰ আশ্ৰয় লোৱাৰ অভিযোগ লাভ কৰাৰ পাছতে  মহকুমাধিপতিয়ে তৎকালে অনুসন্ধান কৰোৱাই নিলম্বিতকৰণ নিৰ্দেশ জাৰি কৰে। লগতে মহকুমাধিপতিয়ে সকলো সুলভ মূল্য দোকানৰ এজেণ্টক দুৰ্নীতিৰ আশ্ৰয় নল’বৰ বাবে সকীয়াই দিয়ে বুলি নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা এক বিবৃতি যোগে জানিবলৈ দিয়ে৷

৫০০ ক্ষৌৰ কৰ্মীক প্ৰদান কৰিলে সাহায্য মঙলদৈ বিধায়কে

৫০০ ক্ষৌৰ কৰ্মীক প্ৰদান কৰিলে সাহায্য মঙলদৈ বিধায়কে

মঙলদৈ

ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশ লকডাউনত থকাত মঙলদৈ সমষ্টিৰ অন্তগৰ্ত চেলুনৰ লগত জড়িত ক্ষৌৰ কৰ্মীসকল নিজৰ বৃত্তি চলাই নিব নোৱৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এনে সময়তে কেচি ক্ষুৰ লৈ আত্মনিয়োগ কৰি থকা ক্ষৌৰ কৰ্মীসকলৰ কাষত থিয় দিলে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে দৰং বিজেপিৰ নেতা কৰ্মীসকল৷ আৰেং বালিমুৰৰ সভাগৃহত সামাজিক দূৰত্ব বজাই ৰাখি দৰং বিজেপিৰ সভাপতি অমৰ শৰ্মাৰ সভাপতিত্বত অনুস্থিত এই সভাত দৰঙৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে ভাৰ্গৱ কুমাৰ দাস, ময়ুখ গোস্বামী, মুকুট ৰাজ শৰ্মাই ভাষণ প্ৰদান কৰে৷ আনহাতে বিজেপি দলৰ হৈ মঙলদৈ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, উপসভানেত্ৰী শেৱালি গোস্বামী, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰেমদা ভূঞাই৷ আনহাতে ক্ষৌৰকৰ্মী সকলৰ হৈ সভাপতি হিতেশ ডেকাই কয় যে ১৯৮৯ চনৰ পৰাই স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে এই কৰ্মত তেওঁ প্ৰবৃত্ত হৈছে৷ পোনতে একাংশ লোকে তেওঁক হীন চকুৰে চাইছিল যদিও আজি ৫ শতাধিক যুৱক-যুৱতী মঙলদৈ সমষ্টিৰ পৰা এনে বৃত্তিত জড়িত হোৱাত তেওঁ সুখী বুলি অনুভৱ ব্যক্ত কৰে৷ কাৰ্যসূচীত ৫ শতাধিক যুৱক-যুৱতীলৈ গাখীৰ ৰুটি দালি আলু মিঠাতেল চাবোন মুখত মৰা মাস্ক, ছেনিটাইজাৰ আদি সামগ্ৰীৰ বৃহৎ টোপোলা এটালৈ সকলোকে প্ৰদান কৰে৷ আনহাতে বিধায়ক গুৰুজ্যোতি দাসে কয় যে অসমীয়া যুৱকসকলৰ এনেদৰে কৰ্ম প্ৰবৃত্ত হোৱা দেখি তেওঁ খুবেই আনন্দিত আৰু আগন্তুক দিনত এনেদৰে কোনো সংকোচ নকৰাকৈ নিজৰ পৰিয়ালটো পোহপাল দিব বুলি আশা কৰে৷ বুধবাৰে তেওঁ ৫ শতাধিক লোকক বহুত কিবা দিব নোৱাৰিলেও স্বাবলম্বী হোৱা যুৱকসকলৰ এনে সংকট কালত বিধায়ক হিচাপে দায়িত্ব পালন কৰা বুলি উল্লেখ কৰে৷ সভাত বিজেপিৰ প্ৰণৱ বৰুৱা, স্বপন ঘোচ, দিলীপ ডাউকা আদি সকলোৱে বিধায়ক গৰাকীৰ এনে প্ৰদক্ষেপক ভূয়সী প্ৰশংসা কৰে৷

মৎস্য পোনা ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে উচ্চ শিক্ষিত কৰ্মোদ্যমী কৃষক দ্বীপেন চুতীয়াই

ধনশিৰি

যিটো সময়ত লক্ষ্য লক্ষ্য অসমীয়া যুৱকে কৰ্ম সংস্হাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে বহুতো কৰ্মোদ্যমী অসমীয়া যুৱকে ঘৰতে থাকি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰি আন দহটা পৰিয়ালক সংস্হাপন দি নিজকে অসমীয়াৰূপে পৰিচয় দিবলৈ  সক্ষম হোৱা দেখা পোৱা গৈছে৷ ধনশিৰি মহকুমাৰ সৰুপথাৰতো বহু শিক্ষিত যুৱকৰ লগতে ৰেংমা গাঁৱৰ উচ্চ শিক্ষিত কৰ্মোদ্যমী কৃষক দ্বীপেন চুতীয়াই কৃষি কৰ্মৰ লগত সংগতি ৰাখি  ব্ৰইলাৰ, গাহৰী পালন, জৈৱিক সাৰ, পান-তামোলৰ খেতি কৰাৰ উপৰি লকডাউনৰ ফলত বহিঃজিলাৰ পৰা এইবাৰ ধনশিৰি মহকুমালৈ মাছৰ পোনা আমদানী কৰিব নোৱৱাৰ ফলত বৰ্তমান ধনশিৰি মহকুমাত মৎস্য পালকসকলৰ সন্মুখত দেখা দিয়া পোনাৰ অভাৱ পুৰণ কৰিবলৈ আগবাঢ়ি আহিছে৷ দ্বীপেন চুতীয়াই ঘৰৰ বাৰীতে পাঁচটা কৈ পুখুৰী খান্দি মাছৰ পোনা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি  নিজৰ লগতে আন দহটি পৰিয়ালক সংস্হাপন দিবলৈ চেষ্টা কৰিছে৷ দ্বীপেনে স্হানীয় এটা মাছ পোনা উৎপাদন কোন্দ্ৰৰ পৰা প্ৰায় চল্লিছ লাখ মাছৰ কণি আনি পুখুৰীত ডাঙৰ কৰি মহকুমাটোৰ বিভিন্ন গাঁৱলৈ বিক্ৰী কৰিৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখ্যযোগ্য যে দ্বীপেন চুতীয়াই ১৯৯০ চনতে দুটা বিষয়ত লেটাৰসহ মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈছিল। অৰ্থনৈতিক বিষয় স্নাতক দ্বীপেন চুতীয়াই চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হৈ পৰিয়াল পোহপাল দিবলৈ সক্ষম গৈছে৷ দ্বীপেন চুতীয়াই তেওঁৰ জ্যেষ্ঠ ভাতৃ জীৱন চুতীয়াৰ সহযোগত এই কৰ্মৰ বাবে নিজকে মনোনীত কৰিছে৷ ৰেংমাই গাঁৱৰ কৰ্মোদ্যমী উচ্চ শিক্ষিত যুৱক দ্বীপেন চুতীয়াৰ এনে পদক্ষেপত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷

ৰাজহুৱা সম্পদ বিক্ৰী মোডী চৰকাৰৰ : ২২ মে’ত প্ৰতিবাদ মজদুৰ ইউনিয়নৰ

তিনিচুকীয়া

ক’ভিড-১৯ ক’ৰোনা ভাইৰাছ মহামাৰীৰ আতংকত গৃহবন্দী জনতাক আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ সম্পদ আৰু শিল্পসমূহ এপদ এপদকৈ পুঁজিপতি গোষ্ঠীৰ হাতত গতাবলৈ ধৰিছে৷ দেশৰ বুনিয়াদ গঢ়া এই সম্পদ আৰু শিল্পসমূহক ক’ৰোনা মহামাৰীৰ আতংকৰ গইনা লৈ বিক্ৰী কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও ২২ মে’ত প্ৰতিবাদ সাব্যস্ত কৰিব৷ বুধবাৰে তিনিচুকীয়াত সংগঠনটোৰ কেন্দ্ৰীয় নেতা পুলক গগৈয়ে এই কথা সদৰি কৰিছে৷ প্ৰসংগত উল্লেখ কৰি ৰে’ল শ্ৰমিক নেতাজনে কয় যে সকলো চেণ্ট্ৰেল ট্ৰেড ইউনিয়নে ২২ মে’ত দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ঠিৰাং কৰিছে৷ চেণ্ট্ৰেল ট্ৰেড ইউনিয়নসমূহৰ এই প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচীলৈ অল ইণ্ডিয়া ৰে’লৱেমেনছ ফেডাৰেচন তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ এই সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা প্ৰচাৰ সচিব আৰু তিনিচুকীয়া ডিভিজনৰ কনভেনৰ পুলক গগৈয়ে বুধবাৰে তিনিচুকীয়াত এক প্ৰেছ বাৰ্তাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ক’ৰোনা ভাইৰাছৰ মহামাৰীত আতংকিত দেশৰ জনগণক আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা নীতি বচনৰ বিপৰীতে ৰঙা দলিছা পাৰি আদৰি আনি পুঁজিপতি গোষ্ঠীৰ হাতত জাতীয় সম্পদ তৈলক্ষেত্র, ক’লা সোণ কয়লা খনি, বনজ সম্পদ, লাভজনক শিল্প উদ্যোগসমূহ এফালৰ পৰা পানীৰ দৰত বিক্ৰী কৰি থকা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব৷ সমান্তৰালভাৱে দেশৰ বুনিয়াদ গঢ়া শ্ৰমিক শ্ৰেণীৰ অধিকাৰ কাঢ়ি শ্ৰম আইন বিলুপ্তিকৰণ কৰি কৰ্ম সময় আঠ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা, শ্ৰমিক ছাটাই দৰে বনুৱাক পেটে-ভাতে মৰা সৰ্বনশীয়া শ্ৰমিক বিৰোধী নীতি, ক’ভিড-১৯ ক’ৰোনা ভাইৰাচ যুঁজৰ যুঁজাৰু বুলি কোৱা স্বাস্থ্য কৰ্মী তথা নাৰ্চক পুস্প বৃষ্টি কৰি অভিবাদন জনোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দিনে ৰাতিয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰে’লপথৰ জৰিয়তে দেশৰ সংকট মুচনৰ অৰ্থে মালগাড়ী চলাচল কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সৰবৰাহৰ ক্ষেত্রত কাম কৰা ৰে’ল শ্ৰমিকৰ মৰগীয়া ভাট্টা কৰ্তন কৰা দৰে নিষ্ঠুৰ নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে তীব্ৰ নিন্দা কৰিছে৷ ৰে’ল শ্ৰমিকসকলৰ একমাত্র অৰাজনৈতিক শক্তিশালী সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনছ ফেডাৰেচন আৰু এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে সদায় যুঁজ দি আহিছে৷ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে লকডাউনৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ফেচ মাস্ক পৰিধান কৰি নিজ নিজ কৰ্মস্থলীত কৰ্তব্য পালন আৰু সম্পাদন কৰি সমান্তৰালভাৱে ন্যায্য প্ৰাপ্য আদায়ৰ হকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি প্ৰকাশ কৰিছে৷