Home Blog Page 3357

ৰাজহুৱা সম্পদ বিক্ৰী মোডী চৰকাৰৰ : ২২ মে’ত প্ৰতিবাদ মজদুৰ ইউনিয়নৰ

তিনিচুকীয়া

ক’ভিড-১৯ ক’ৰোনা ভাইৰাছ মহামাৰীৰ আতংকত গৃহবন্দী জনতাক আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ সম্পদ আৰু শিল্পসমূহ এপদ এপদকৈ পুঁজিপতি গোষ্ঠীৰ হাতত গতাবলৈ ধৰিছে৷ দেশৰ বুনিয়াদ গঢ়া এই সম্পদ আৰু শিল্পসমূহক ক’ৰোনা মহামাৰীৰ আতংকৰ গইনা লৈ বিক্ৰী কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও ২২ মে’ত প্ৰতিবাদ সাব্যস্ত কৰিব৷ বুধবাৰে তিনিচুকীয়াত সংগঠনটোৰ কেন্দ্ৰীয় নেতা পুলক গগৈয়ে এই কথা সদৰি কৰিছে৷ প্ৰসংগত উল্লেখ কৰি ৰে’ল শ্ৰমিক নেতাজনে কয় যে সকলো চেণ্ট্ৰেল ট্ৰেড ইউনিয়নে ২২ মে’ত দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ঠিৰাং কৰিছে৷ চেণ্ট্ৰেল ট্ৰেড ইউনিয়নসমূহৰ এই প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচীলৈ অল ইণ্ডিয়া ৰে’লৱেমেনছ ফেডাৰেচন তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ এই সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা প্ৰচাৰ সচিব আৰু তিনিচুকীয়া ডিভিজনৰ কনভেনৰ পুলক গগৈয়ে বুধবাৰে তিনিচুকীয়াত এক প্ৰেছ বাৰ্তাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ক’ৰোনা ভাইৰাছৰ মহামাৰীত আতংকিত দেশৰ জনগণক আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা নীতি বচনৰ বিপৰীতে ৰঙা দলিছা পাৰি আদৰি আনি পুঁজিপতি গোষ্ঠীৰ হাতত জাতীয় সম্পদ তৈলক্ষেত্র, ক’লা সোণ কয়লা খনি, বনজ সম্পদ, লাভজনক শিল্প উদ্যোগসমূহ এফালৰ পৰা পানীৰ দৰত বিক্ৰী কৰি থকা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব৷ সমান্তৰালভাৱে দেশৰ বুনিয়াদ গঢ়া শ্ৰমিক শ্ৰেণীৰ অধিকাৰ কাঢ়ি শ্ৰম আইন বিলুপ্তিকৰণ কৰি কৰ্ম সময় আঠ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা, শ্ৰমিক ছাটাই দৰে বনুৱাক পেটে-ভাতে মৰা সৰ্বনশীয়া শ্ৰমিক বিৰোধী নীতি, ক’ভিড-১৯ ক’ৰোনা ভাইৰাচ যুঁজৰ যুঁজাৰু বুলি কোৱা স্বাস্থ্য কৰ্মী তথা নাৰ্চক পুস্প বৃষ্টি কৰি অভিবাদন জনোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দিনে ৰাতিয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰে’লপথৰ জৰিয়তে দেশৰ সংকট মুচনৰ অৰ্থে মালগাড়ী চলাচল কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সৰবৰাহৰ ক্ষেত্রত কাম কৰা ৰে’ল শ্ৰমিকৰ মৰগীয়া ভাট্টা কৰ্তন কৰা দৰে নিষ্ঠুৰ নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে তীব্ৰ নিন্দা কৰিছে৷ ৰে’ল শ্ৰমিকসকলৰ একমাত্র অৰাজনৈতিক শক্তিশালী সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনছ ফেডাৰেচন আৰু এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে সদায় যুঁজ দি আহিছে৷ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে লকডাউনৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ফেচ মাস্ক পৰিধান কৰি নিজ নিজ কৰ্মস্থলীত কৰ্তব্য পালন আৰু সম্পাদন কৰি সমান্তৰালভাৱে ন্যায্য প্ৰাপ্য আদায়ৰ হকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি প্ৰকাশ কৰিছে৷

সোণতলীত দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সোণতলীত দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সোণতলী

মাত্ৰ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে এছঅ’পিডিৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ তাৰে কিছুদিন পিছত মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও প্ৰথমৰ পৰাই নিম্নমানৰ সামগ্ৰী দলংখনত ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ এই সম্পৰ্কে ঠিকাদাৰক কেবাবাৰো অৱগত কৰাৰ  পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ উল্লেখযোগ্য যে এবছৰ নহওঁতে দলংখনৰ মাজৰ অংশ তলপিনে  বহি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে শংকিত হৈ পৰিছে৷ যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকোট  হৈ পৰিছে দলংখনত৷ কুৰিখনতকৈ অধিক গাঁৱৰ একমাত্ৰ যাতায়াত ব্যৱস্থা এই দলংখন বন্ধ হৈ পৰিলে স্তব্ধ হৈ পৰিব বৃহত্তৰ আৰিকাটি- পানীখাইতিকে ধৰি বহু গাঁৱৰ ৰাইজৰ। পৰিতাপৰ বিষয় এই যে দলংখন মেৰামতি কৰাৰ বাবে ঠিকাদাৰ পৰেশ কলিতাৰ লগতে বিধায়িকাকো কেবাবাৰো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী৷ ইপিনে, দলং মেৰামতি সম্পৰ্কে বিধায়িকা নন্দিতা দাসৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত বিধায়িকাই কয়, ঠিকাদাৰে আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা হৈছে৷ বিধায়িকাৰ এনে কথাত সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্নবোধক চিহ্ন ৰৈ গৈছে। ইপিনে, অঞ্চলটোৰ একাংশ সচেতন যুৱকে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে এই দলংখন নিৰ্মাণ কালত ঠিকাদাৰ পৰেশ কলিতাই বুজন পৰিমানৰ ধন আত্মহাৎ কৰাৰ পৰিকল্পনা কৰিছে৷ বাৰিষাৰ আগত যদি এই দলংখন মেৰামতি নকৰে তেন্তে ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ লৈ বিভাগীয় মন্ত্ৰীৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে৷

মিৰ্জাত ২ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

ক’ৰোনা ভাইৰাছৰ পৰা মিৰ্জাৰ অঞ্চলবাসীক ৰক্ষাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে দুজন উদ্যমী যুৱক মদন দাস আৰু মিতু দাসে ৷

নামখলা

ক’ৰোনা ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মিৰ্জাৰ দুজন উদ্যমী যুৱক মদন দাস আৰু মিতু দাসে৷ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে ল’কডাউনৰ সময়তে মিৰ্জাৰ মামনি ৰয়চম গোস্বামী চকৰ পৰা আৰম্ভ কৰি মিৰ্জা বজাৰ আদিৰ উপৰি অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত ছেনিটাইজ কৰা হয়। এই ছেনিটাইজেচনৰ সৈতে জড়িত হয় মিৰ্জাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল৷ এই ছেনিটাইজ কাৰ্যসূচীত মিৰ্জা ব্যৱসায়িক সন্থাৰ সদস্যসকল, যুৱ ব্যৱসায়ী কমল কৃষ্ণ দাসৰ উপৰি বিভিন্নজন সচেতন লোকে সহযোগিতা আগবঢ়ায়৷ উল্লেখযোগ্য যে এই ছেনিটাইজেচনৰ কাৰ্যৰ লগত সংগতি ৰাখি মিৰ্জাৰ কমল ইলেক্ট্ৰনিক্সৰ স্বতাধিকাৰী কমল ঠাকুৰীয়াই এটা সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে, য’ত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জৰুৰী সেৱাৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই থকা আৰক্ষী প্ৰশাসনৰ লোকসকল লগতে সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক একোখন কৈ ফুলাম গামোচা, মাস্ক আৰু ছেনিটাইজাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ উপৰি অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ট্ৰেইনত গান গাই পৰিয়াল পোহপাল দিয়া বিশেষভাৱে সক্ষম যুৱক প্ৰদীপ শংকৰক এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰি এটা খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াই পলাশবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজেৰীয়ে। আনহাতে আৰক্ষী বিষয়া গৰাকীয়ে যুৱকজনক আৰ্থিকভাৱে সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ প্ৰশসংনীয় পদক্ষেপ : অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ ব্যক্তিক ৰে’লযোগে প্ৰেৰণৰ ব্যৱস্থা

অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ ব্যক্তিক ৰে’লযোগে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহন কৰে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে

গুৱাহাটী

বিহাৰৰ পৰা প্ৰায় ২০ ব্যক্তিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি লকডাউন বাবে অসমত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল৷ ১৮ মাৰ্চত গুৱাহাটী উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰি ২৬ মাৰ্চ তাৰিখে ৰে’ল যোগে বিহাৰলৈ উভতি যোৱাৰ কথা আছিল৷ ক’ৰোনা ভাইৰাছৰ বাবে যোৱা ২৪ মাৰ্চাৰ পৰা প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হয়৷ পিছত একেৰাহে চতুৰ্থ পৰ্যায়লৈ লকডাউন আৰম্ভ হৈ আজি পৰ্যান্ত প্ৰযোজ্য হৈ আছে৷ ইয়াৰ বাবে ব্যক্তি কেইগৰাকীয়ে খাদ্য সামগ্ৰীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ সেই বাবে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে বিগত দিনকেইটাত যথেষ্ট খাদ্য সামগ্ৰী যোগান ধৰি মানৱতাৰ পৰিচয় দিয়ে৷ ইয়াৰ উপৰি বুধবাৰে ছগৰাকী ব্যক্তিক ৰে’ল যোগে বিহাৰৰ বাৰণী ষ্টেচনলৈ যোৱাৰ বাবে ৰে’লৰ টিকট সংগ্ৰহ কৰি দীপা মালাৰ হাতত অৰ্পন কৰে৷ মহানগৰীৰ পল্টনবজাৰত এক অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা পদ্মশ্ৰী অজয় দত্তই ৰে’লৰ টিকট সমুহ দীপা মালা দেৱীৰ হাতত অৰ্পন কৰে৷ অনুষ্ঠান মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, সাধাৰণ সম্পাদক ৰাজীব দাস, কাৰ্যকৰী সভাপতি দেৱশিষ সেন গুপ্তা উপস্থিত থাকে৷ সভাপতি মৃগেন শৰণীয়াই এই সন্দৰ্ভত কয় যে  বিহাৰৰ ২০ গৰাকী ব্যক্তি আবদ্ধ হৈ থকা আটাইকেইগৰাকীক ৰে’ল যোগে যোৱাৰ ব্যৱস্থা কৰা হ’ব৷ এতিয়া ছগৰাকী ব্যক্তিৰ টিকট প্ৰদান কৰা হ’ল৷ এই সপ্তাহৰ শেষৰ পিনে বাকী কেইগৰাকীৰ টিকটৰ ব্যৱস্থা কৰা হ’ব৷ তেওঁ লগতে কয় ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ ব্যক্তিসকলক এনেদৰে কিছু ব্যক্তিয়ে সহযোগিতা কৰি ৰে”লৰ টিকট সংগ্ৰহ কৰি দিবলৈ তেওঁ আহ্বান জনায়৷

ঐতিহাসিক ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ : নিশা মাছ মাৰিবলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

নাজিৰা

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও পুখুৰীত বুধবাৰে পুৱাভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে  আজি কিছুদিনৰ পৰা ৰাজমাও পুখুৰীকে ধৰি অঞ্চলটোৰ ঐতিহাসিক পুখুৰী, বিল-জলাশয়ত এটা দলে ফাঁচিজাল পাতি মাছ, কাছ ধৰি গোপনে ব্যৱসায় কৰি আহিছে। বুধবাৰে ৰাজমাও পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো পুখুৰীটোৰ পাৰৰে নিবাসী প্ৰৱীণ মোহন (৪০) ওৰফে লাংফু নামৰ ব্যক্তিজনেও নিশা জাল পাতিবলৈ যাওঁতেই পুখুৰীৰ মাজভাগত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় বুলি ৰাইজে ধাৰণা কৰিছে। যিহেতু মৃতদেহৰ কাষত পুখুৰীটোত এখন বৃহৎ জাল উদ্ধাৰ হয়৷ পুৱা স্থানীয় ৰাইজে পুখুৰীৰ প্ৰায় মাজত মৃতদেহটো দেখা পাই নাজিৰাৰ আৰক্ষীলৈ খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত নাজিৰাৰ আৰক্ষীয়ে ১০/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে ৰাজমাও পুখুৰীকে ধৰি অঞ্চটোৰ আন আন পুখুৰী, বিল-জনাশয় আদিত নিশা নিশা গোপনে বহু লোকে জাল পাতি মাছ, কাছ ধৰি ব্যৱসায় চলাই অহা কাৰ্যক বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সম্প্ৰতি মাছ ধৰা কাৰ্যত নিষেধাজ্ঞা বাহাল থকাত এনেদৰে নিশা মাছ ধৰা কাৰ্য বন্ধ কৰাৰ বাবে মহকুমা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে৷

কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত : আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নৰ বিৰোধিতা

নাজিৰা

ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এখন খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত কৰি অহা ৫ জুনৰ ভিতৰত ৰাজ্য চৰকাৰৰ সমূহৰ পৰা মতামত বিচাৰিছে। উল্লিখিত বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা শক্তি খণ্ডৰ বিশেষকৈ বিতৰণ কোম্পানীসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব বিচৰাৰ লগতে ৰাজ্য চৰকাৰসমূহৰ ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ওপৰত থকা ক্ষমতা হ্ৰাস কৰিব বিচৰা হৈছে। ইয়াৰ ফলত বিদ্যুৎ কৰ্মচাৰীৰ লগতে বিদ্যুৎ উপভোক্তাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব৷ সেয়েহে আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নে উক্ত খচৰা বিধেয়কখনৰ তীব্র বিৰোধিতা কৰিছে আৰু খচৰা বিধেয়কখনলৈ সন্মতি নজনাবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। তদুপৰি আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নৰ শাখাসমূহেও অহা ২২ মে’ত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও ইউনিয়নৰ প্ৰচাৰৰ বিশেষ দায়িত্বত থকা উপ সাধাৰণ সম্পাদক প্ৰণৱ খটনিয়াৰে এক বিবৃতি যোগে জানিবলৈ দিছে৷

বিধস্ত নাজিৰা-গেলেকী পথ : কাণসাৰ নাই ৰাইজৰ প্ৰতিবাদত নতশিৰ হোৱা গড়কাপ্তানী বিভাগৰ

নাজিৰা

অসমৰ মানচিত্ৰতে নহয় ভাৰতৰ মানচিত্ৰত এক সুকীয়া স্হান আছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীৰ। কেৱল সীমান্ত অঞ্চলৰূপে নহয় দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন তৈল কোম্পানী তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চি অসম সম্পদৰ অধীনৰ অতি লাভজনক গেলেকী তৈলক্ষেত্ৰৰ বাবেই ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰৰ মানচিত্ৰত এক সুকীয়া স্হান আছে গেলেকীৰ। ইয়াৰ উপৰি দেশৰ কেইবাটাও বহুজাতিক কোম্পানীৰ কেইবাখনো বৃহৎ চাহ বাগিচাৰ উপৰি ৮০ দশকৰ আৰম্ভণিৰ পৰাই এই সীমান্ত অঞ্চলটোত গঢ় লৈ উঠিছে কেইবাশতাধিক ক্ষুদ্ৰ চাহ বাগিচা আৰু সীমান্ত অঞ্চলটোত উৎপাদিত কয়লা। দেশ তথা ৰাজ্যৰ অৰ্থনীতি টনকীয়াল কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা প্ৰাকৃতিক সম্পদৰ ভঁৰালস্বৰূপ এই গুৰুত্বপূৰ্ণ অঞ্চলটোৰ ৰাইজে এতিয়া পথ এটা নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি দাবী, আন্দোলন আদি কৰিব লগা হোৱাটো অতি দূৰ্ভাগ্যজনকে আৰু পৰিতাপৰ বিষয়। কিন্তু তাৰ পাছতো পথ নিৰ্মাণ সম্পূৰ্ণ নহয়। উল্লেখ্য যে শিৱসাগৰ জিলা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৈতে যাতায়াতৰ বাবে থকা নাজিৰা-গেলেকী বিধ্বস্ত পথছোৱাই ৰাইজক বছৰ বছৰ ধৰি জ্বলাকলা খুৱাই আহিছে। এই প্ৰায় ১৪ কিলমিটাৰ বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে সময়ে সময়ে বিভিন্ন দল-সংগঠন আৰু স্হানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে। কিন্ত ৰাইজৰ এই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে চৰকাৰ আৰু অ’ এন জি চি কৰ্তৃপক্ষই। উপায়ন্তৰ হৈ বিগত বৰ্ষৰ ১০ অক্টোবৰত বৃহত্তৰ গেলেকী অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজপথ অৱৰোধ কৰাত গা লৰিল চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ। বিভাগে অক্টোবৰ মাহৰ ভিতৰত বিধ্বস্ত পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে তদানীন্তন নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ উপস্হিতিত ৰাইজক প্ৰতিশ্ৰুতি দিয়াই নহয় ৰাইজক পতিয়ন নিয়াবৰ বাবেই উক্ত দিনাই পথ নিৰ্মাণৰ কামো আৰম্ভ কৰে। প্ৰায় ৮ কোটি টকাৰে নিৰ্মাণ হ’ব লগা পথটো আজিও নিৰ্মাণ সম্পূৰ্ণ নহ’ল। যি ছোৱা পথ নিৰ্মাণ হৈছে সেয়াও অতি নিম্নমানৰ কাম হে হৈছে। আনহাতে পথছোৱাৰ বিশেষকৈ হাতীপটি তিনি আলিৰ পৰা গেলেকী পৰ্যন্ত বিধ্বস্ত পথছোৱাইদি যাতায়াত একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। বৰষুণ দিলেই পথছোৱাৰ বিয়াগোম পুখুৰীসদূশ গাঁতসমূহৰ বাবে প্ৰায়ে দূৰ্ঘটন সংঘটিত হয়। দেশ তথা ৰাজ্যৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহন কৰি থকা বৃহত্তৰ গেলেকী অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানী, বিনামূলীয়া ৰন্ধন গেছ, বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া উন্নত চিকিৎসা আদি অ’ এন জি চিৰ পৰা লাভ কৰাতো দূৰৰে কথা বছৰ বছৰ ধৰি বিধ্বস্ত মূল পথটিৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হয়।শেহতীয়াভাৱে পথটিৰ বিধ্বস্ত অৱস্হাই ৰাইজক জ্বলাযন্ত্ৰণা দিবলৈ ধৰাত প্ৰাক্তন ছাত্ৰ নেতা টিংকু হাজামাৰ লগতে বিভিন্ন সংগঠনে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পথটি উন্নত মানদণ্ডৰে অতি শীঘ্ৰে নিৰ্মাণৰ দাবীত আন্দোলন কৰাৰ হুংকাৰ দিছে। 

তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডত আটাছুৰ সকীয়নি : শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী

নাজিৰা

ক’ৰোনা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ অ’এনজিচিৰ অধীনৰ ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনাইছে অসমৰ শক্তিশালী জনগোষ্ঠীয় সংগঠন টাই আহোম ছাত্ৰ সন্থাই। বৰ্তমানৰ পৰিস্থিতিত চৰকাৰে মৃত উদ্যোগসমূহ কৰ্মসংস্থাপনহীন যুৱকৰ জড়িয়তে জীয়াই তোলাৰ থল আছিল তেনে সময়তে কিন্তু বিজেপি চৰকাৰে এই তৈলক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰি বাৰে বাৰে পুঁজিপতিক সহায় কৰাহে পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ঐতিহাসিক অবিভক্ত শিৱসাগৰ জিলাৰ লগতে উজনি অসমৰ উদ্যোগিক বিকাশৰ অন্যতম সম্পদ হৈছে তৈল সম্পদ৷ ৰাজহুৱা খণ্ডৰ নৱৰত্ন উদ্যোগ অ’এনজিচিয়ে ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে৷ কিন্তু পুঁজিপতিৰ ভঁড়াল চহকী কৰিবলৈ গৈ চৰকাৰে এনেবোৰ সম্পদ বিক্ৰী কৰিছে৷ উল্লেখযোগ্য যে সংগঠনটো খাৰুৱা তেল উৎপাদনৰ বিৰোধী নহয়৷ কিন্তু অ’এনজিচিৰয়ে নিজাববীয়াকৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰক৷ এই সম্পদ শিৱসাগৰবাসী ৰাইজৰ সম্পদ আৰু ইয়াৰ জৰিয়তে শিৱসাগৰবাসী ৰাইজও সৰ্বাংগীণ বিকাশ হ’ব লাগিব৷ আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ধমেন গগৈ, যুটীয়া সম্পাদক মানস সন্দিকৈ আৰু নিপন বৰুৱা স্বাক্ষৰিত এক প্ৰেছ বাৰ্তা যোগে ভাৰত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক ধ্বিকাৰ দিয়াৰ লগতে এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবলৈ দাবী জনাইছে৷ অন্যথা সংগঠনটোৱে অ’ এন জি চি আৰু কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে৷

দৰঙৰ ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মনিকা বৰগোহাঁইৰ যোগদান

ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে ৷

দৰং 

ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰৰ উপস্থিতিত ছিপাঝাৰ উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে মনিকা বৰগোহাঁই দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাবে কৰ্মৰত আছিল৷ ছিপাঝাৰ উন্নয়ন খণ্ডত  দীৰ্ঘদিনৰ পৰা খণ্ড উন্নয়ন বিষয়া নথকাত ২৫ টাকৈ পঞ্চায়ত এলেকাৰ গাঁও সমূহত উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সন্মুখীন হৈছিল৷ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে মনিকা বৰগোহাঁইয়ে সাংবাদিকক জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনৰ গৃহসমূহ সম্পূৰ্ণ কৰাত গুৰুত্ব প্ৰদান কৰাৰ উপৰি বৰ্তমান সময়ত ক’ভিড-১৯য়ে যি মহামাৰী ৰূপ ধাৰণ কৰিছে এই ক্ষেত্ৰত ৰাইজক সজাগ সচেতন কৰি যোদ্ধাৰ ভূমিকা পালন কৰিব বুলি জানিব দিয়ে৷

মঙলদৈত ক’ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈত ক'ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈ

ৰাজ্যত বহিঃৰাজ্যৰ পৰা নিতৌ শ শ লোকৰ গৃহমুখী আগমণ ঘটাৰ  লগে লগে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ দৰঙৰ গৃহমুখী লোকসকলৰ সফল কোৱাৰাণ্টাইনৰ বাবে অধিক তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত আয়োজিত এক জৰুৰী সভাত জিলাৰ ক’ভিড-১৯ ৰ দায়িত্বৰত তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই জিলাখনৰ নতুন নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বেলিকা আৱশ্যকীয় সা-সুবিধাসমূহৰ বুজ লয়৷ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া তথা খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে স্বাস্থ্য, জনস্বাস্হ্য কাৰিকৰী, শিক্ষা আদি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকা এই সভাত মন্ত্ৰীজনে সকলোকে ক’ভিড-১৯ৰ বিপক্ষে যুঁজাৰ বেলিকা নিজ নিজ কৰ্তব্য সুচাৰুৰূপে সমাপন কৰিবলৈ আহ্বান জনায়৷ আনহাতে, পুৱাৰ ভাগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় আন এখন গুৰুত্বপূৰ্ণ সভা। ছিপাঝাৰ, মঙলদৈ, দলগাঁও তথা কলাইগাঁৱৰ বিধায়কসকল ক্ৰমে বিনন্দ শইকীয়া, গুৰুজ্যোতি দাস, ইলিয়াছ আলী, মহেশ্বৰ বড়ো, জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা,  আৰক্ষী অধীক্ষক অমৃত ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেণ মালাকাৰ, অতিৰিক্ত উপায়ুক্ত,  চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াসকলৰ উপৰি স্বাস্থ্য, জনস্বাস্থ্য, শিক্ষা, তথ্য আৰু জনসংযোগ বিষয়া আদি উপস্থিত থকা এই সভাত জিলাখনৰ সম্ভাব্য ক’ভিড-১৯ ৰ সংক্ৰমণৰ লগত যুঁজিবলৈ সমষ্টি পৰ্য্যায়ত, গাঁও পঞ্চায়ত, ৱাৰ্ড পৰ্যায়ত তিনিখনকৈ হোম কোৱাৰেণ্টাইন ব্যৱস্থাপনা কমিটি গঠন কৰি পৃথক পৃথক ৰণকৌশল প্ৰস্তুত কৰা হয়। সভাত ভাষণ দি উপায়ুক্তজনে কয়, “এতিয়া আমি পূৰ্ণ পৰ্যায়ত সাজু হ’বৰ সময় হ’ল। এই কুক্ষণত আমি প্ৰত্যেকেই সমুখ সমৰৰ ৰণুৱা। এতিয়াৰে পৰা সভা-সমিতি পাতি বিষয়াবৰ্গসকলক বহাই ৰাখি পৰাপক্ষত সময় অপচয় কৰিবলৈ আৰু সময় নাই। আশা কৰিছোঁ সকলোৱে নিজৰ দায়িত্বসমহ বুজি ৰণক্ষেত্ৰত আগুৱাই সফল ভূমিকা পালন কৰিব।” ইয়াৰ পিছতে উপায়ুক্তজনে বিধায়ক, আৰক্ষী অধীক্ষক আদিক নিজ হাতে পোছাকত লগাই দিয়ে একোটাকৈ বেজ৷ ‘মই গৰ্বিত ক’ৰোনা যুঁজাৰু ৰূপে’ বুলি লিপিবদ্ধ থকা এই বেজটো লগাই দি উপায়ুক্তজনে সকলোকে ক’ৰোনা যুঁজত শংকিত নহৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰে৷