Home Blog Page 3369

খাৰুপেটীয়াত পদপথত বহা পাচলি বজাৰত আৰক্ষীৰ অভিযান

খাৰুপেটীয়াত পদপথত বহা পাচলি বজাৰত আৰক্ষীৰ অভিযান

খাৰুপেটীয়া

দৰঙৰ খাৰুপেটীয়াৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত পাচলি অনন্য দিনৰ দৰে বুধবাৰেও   খাৰুপেটীয়া নগৰৰ সমীপৱৰ্তী খেতাৰশ্বৰ গাঁৱৰ জি এন বি ৰোডৰ দুয়োকাষে পদপথত বহা বজাৰলৈ  বিক্ৰীৰ বাবে আনে। বিগত এসপ্তাহ ধৰি চলি থকা  উক্ত পদপথৰ বজাৰত সমাগত ঘটে বহু কৃষক তথা বেপাৰীৰ৷ বিভিন্ন ধৰণৰ পাচলি আৰু মাছৰে ভৰি পৰা বজাৰখনত সমাগত ঘটে বহু গ্ৰাহকৰ। উক্ত বজাৰখনত  বুধবাৰে  পুৱাতে কাৰ্যবাহী দণ্ডাধীশৰ  নেতৃত্বত খাৰুপেটীয়া আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে হঠাতে অভিযান  চলাই পহু খেদা দিয়ে বেপাৰী আৰু স্থানীয় গ্ৰাহকসকলক। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লাঠিৰ কোবৰ ভয়ত পদ পথতে পাচলি, মাছ, দগা-পাল্লাসকলো এৰি পলায়ন কৰে দৰিদ্ৰ কৃষক সকল। আনকি মাছ পাছলি বিক্ৰী কৰা নগদ ধনো এৰি পলাবলৈ বাধ্য হয় কৃষক আৰু বেপাৰীসকল। ফলত পদপথত পৰি থকা কুইন্টলে কুইন্টলে পাছলি আৰু সৰু-ডাঙৰ মাছ প্ৰশাসনে পৌৰ কৰ্মীৰ সহায়ত ড্ৰাম্পিং গ্ৰাউণ্ডত পেলাই ট্ৰেক্টৰৰ  সহায়ত নষ্ট কৰে হাজাৰ হাজাৰ টকাৰ মাছ আৰু পাছলি৷ ইয়াৰ ফলত শতাধিক কৃষকৰ লগতে মাছ আৰু পাছলি ব্যবসায়ীৰ লোকচান  হয় হাজাৰ হাজাৰ  টকা৷ আৰক্ষী প্ৰশাসনৰ এনে পদক্ষেপক লৈ দিশহাৰা হৈ পৰিছে কৃষকসকল৷

টিংখাঙত আশা কৰ্মীৰ শোকাৱহ মৃত্যু, গভীৰ শোক

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাঙত বুধবাৰে পুৱা এগৰাকী আশা কৰ্মীয়ে অতি শোকাৱহভাৱে মৃত্যুক সাৱতি ল’ব লগা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণী মতে টিংখাঙৰ দুই নং চপাতলি গাঁৱৰ সৰবৰহী মহিলা তথা স্বাস্থ্য বিভাগত নিয়োজিত আশা কৰ্মী পূৰ্ণিমা গগৈয়ে ঘৰৰ পিছফালে থকা এটা পৰিত্যক্ত নাদত জাৱৰ পেলাবলৈ গৈ মৃত্যুক সাৱতি লয়। যোৱা নিশা বৰষুণ হোৱাৰ বাবে নাদটোত কিছু পৰিমাণৰ পানী হৈছিল। আন দিনাৰ দৰে পুৱা জাৱৰ পেলাবলৈ গৈ অসাৱধানবশতঃ নাদটোত মহিলাগৰাকী পৰি যায়। পৰিয়ালৰ লোকে মহিলাগৰাকীক বিচাৰ খোচাৰ কৰি বহু পলমকৈ নাদটোত মহিলাগৰাকী পৰি থকাৰ প্ৰত্যক্ষ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে। জানিব পৰা মতে মহিলাগৰাকী মৃৰ্গী ৰোগত যোৱা কিছুদিন ধৰি আক্ৰান্ত হৈ আছিল।গতিকে মহিলাগৰাকী নাদটোত পৰি পানীত ডুব যোৱাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়াল তথা স্থানীয়লোকে প্ৰকাশ কৰিছে। অৱশ্যে মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যায়ল হাস্পতাললৈ প্ৰেৰণ কৰিছে। মহিলাগৰাকীৰ শোকাবহ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মহিলাগৰাকীয়ে স্বামী কেনেউ গগৈসহ দুই পুত্ৰ কন্যা আৰু বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

নগাঁৱত বিদুৎ বিভাগৰ অবিবেচকী কাণ্ড : এমাহত বিল আহিল ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা

নগাঁও

সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শেহতীয়া এক কৰ্মকাণ্ডক লৈ সৰৱ চৰ্চা চলিছে নগাঁৱত। বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডই   বিভাগটোৰ প্ৰতি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।  বিশেষকৈ লকডাউনৰ সময়ছোৱাত বিভাগটোৰ কৰ্মচাৰীসকলৰ পালমৰা স্বভাৱৰ বাবেই বৰ্তমান নগাঁৱৰ বহু লোকে লাভ কৰিছে বিসংগতিপূৰ্ণ বিল। নগাঁও চহৰৰ লক্ষীনগৰৰ এছ এন শইকীয়া নামৰ ব্যক্তিগৰাকীলৈ বিদ্যুৎ বিভাগে ভুলকৈ প্ৰস্তুত কৰা এখন বিল প্ৰেৰণ কৰিছিল। বিভাগটোৱে প্ৰদান কৰাত বিলত ৫০৯ ইউনিটৰ বিপৰীতে ৩০০০ টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু শইকীয়াৰ ঘৰৰ মিটাৰত থকা অনুসৰি সেইমাহত মাত্ৰ ১০৭ ইউনিটহে হৈছিল। সেয়ে শইকীয়াই শক্তি বিভাগৰ উত্তৰ হয়বৰগাঁৱৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে। শইকীয়াৰ অভিযোগৰ পিছতে বিদ্যুৎ বিভাগে শুদ্ধ বিল পঠিওৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সেই বিল আদায় দিয়াৰ প্ৰয়োজন নাই বুলিও জনায়। কিন্তু বুধবাৰে পুৱা বিদ্যুৎ বিভাগে শুধৰাই পঠিওৱা বিল চাই শইকীয়াৰ চকু কপালত উঠে। কাৰণ নতুন বিল অনুসৰি শক্তি বিভাগে ৯৯৯৯৯ ইউনিটৰ বিপৰীতে এমাহত ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা আদায় দিয়াৰ নিৰ্দেশ দিয়ে শইকীয়াক। এই বিল পোৱাৰ পিছতেই শক্তি বিভাগৰ প্ৰতি খৰ্গহস্ত হৈ পৰে অভিজিৎ শইকীয়া। পূৰ্বৰ ৩০০০ টকাৰ ভুল বিল শুদ্ধ কৰিবলৈ গৈ ৭৭ লাখ টকাৰ বিল লাভ কৰাৰ পিছত স্বাভাৱিকতেই হতভম্ব হৈ পৰে গ্ৰাহকজন। একেদৰে চামগুৰি শক্তি বিভাগেও যথেষ্ট লোকক ভুলকৈ উচ্চহাৰত বিল প্ৰদান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যোৱা ৪ মাহে পুৰণিগুদাম বৰপানীগাঁৱৰ মৃত চন্দ্ৰকমল বৰাৰ নামত থকা বিদ্যুৎ সংযোগৰ বিপৰীতে বিল নহাত অভিযোগ দিছিল তেঁওৰ পত্নী বিনু বৰাই। সেই অভিযোগৰ পিছতেই চামগুৰি শক্তি বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ বিসংগতিপূৰ্ণভাৱে ১৬ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰে। একেদৰেই নগাঁৱৰ পানীগাঁও চাৰিআলিৰ প্ৰৱাল শৰ্মা নামৰ ব্যক্তিগৰাকীকো বিদ্যুৎ বিভাগে এমাহৰ বিলৰ বাবদ ১ লাখ ৬৭ হাজাৰ টকাৰ বিল আদায় দিয়াৰ নিৰ্দেশ দিছে। এইদৰেই বিভাগটোৰ কৰ্মচাৰী সকলৰ অৰ্কমণ্যতা আৰু নাভূত-নাশ্ৰুত কাণ্ডই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে নগঞা ৰাইজক।

গুৱাহাটীৰ কৰ’না হটস্পট ফাঁচিবজাৰ । মংৰু ছাহানীৰ জৰিয়তে আক্ৰান্ত ১৫ জন। ৰাজ্যত কৰ’নাক্ৰান্ত বাঢ়িল ৮০ লৈ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

অসমৰ ব্যৱসায়ৰ ৰাজধানী ফাঁচিবজাৰ হ’লগৈ কৰ’না সংক্ৰমনৰো মুখ্যস্থান।দুদিনৰ পুৰ্বে হোটেলৰ কৰ্মচাৰী তথা যোৱা ৫ মে’ত উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহিছিল মংৰু ছাহানী।এতিয়া এইজনৰ জৰিয়তে কৰ’না বিয়পিল ১৫ জনলৈ।আৰু কেবাজনৰো ফলাফল পাবলৈ আছে।এই ১৫ জনৰ জৰিয়তে কিমানলৈ সংক্ৰমণ হ’ল সেই তথ্য পোহৰলৈ আহিবলৈ বাকী আছে।উল্লেখ্য যে গুৱাহাটীত মনিষ তিব্ৰিৱাল,দীপিকা নাথ, বৰদা দাস, দেবৰাজ আচাৰ্য, ডাঃ দীপা ডেকা আৰু ডাঃ লিথিকেশ ডি এছৰ পিছত ফাঁচিবজাৰৰ মংৰু ছাহানী হৈছিল আক্ৰান্ত।মংৰুৰ সংস্পৰ্শলৈ অহা ৪৯ জনক কোৱাৰেন্টাইন কৰা হৈছে আৰু ইয়াৰে ১৫ জনৰহে ফলাফল ওলাইছে।মংৰুৰ সংস্পৰ্শলৈ অহা ৰিক্সাচালক,অটো চালক, আদিৰ অনেকৰ পৰীক্ষা কৰা হোৱা নাই। গতিকে অতি ভয়ংকৰ ক্ষণত উপনীত হৈছে গুৱাহাটী মহানগৰী।।।।

দিল্লীৰ পৰা আহিল ৪ বাছ শিক্ষাৰ্থী, ৰে’লেৰে ১২০০ যাত্ৰী, ষ্টেচনত তৎপৰ আৰক্ষী-চিকিৎসাকৰ্মী। ৰোগী কঢ়িয়াই চেন্নাইৰ পৰাও আহিল বিশেষ ৰেলগাড়ী। কোটাফেৰৎ ছাত্ৰীৰ গুৰুতৰ অভিযোগ।

  দৈনন্দিন বাৰ্তা প্ৰতিবেদন

ধাৰাবাহিক ভাবে আহি আছে অসমলৈ বহিৰাজ্যত আবদ্ধসকল। অহা ২৪ ঘন্টাত কমেও তিনিহাজাৰজন সোমাব অসমত।উল্লেখ্য যে চাৰিখন বাছত বিয়লি গুৱাহাটী পালেহি ১২০ জন ছাত্ৰ-ছাত্ৰী আৰু সহায়কাৰীসকল।দিল্লীৰ ভিন ভিন বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল এইসকল।আজি সন্ধিয়া দিল্লীৰ পৰা বাৰশ যাত্ৰীসহ ৰাজধানী এক্সপ্ৰেছ নামৰ ৰেলগাড়ীখন প্ৰবেশ কৰিব অসমত।নিউজলপাইগুৰি পাৰহৈ কোকৰাঝাৰ,গুৱাহাটী,লামডিং,ডিমাপুৰ,মৰিয়নী হৈ উপস্থিত হ’বগৈ ডিব্ৰুগড়ত।অহা এসপ্তাহলৈ প্ৰতিদিনে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলিব যাত্ৰীবাহী ৰেল।একেদে ৰোগী, আত্মীয় আৰু আন একাংশক লৈ আজি অসম সোমাব চেন্নাইৰ পৰা অহা আন এখন বিশেষ ৰেলগাড়ী।ইয়াত ৪৬০ জন অসমৰ লোক আহিছে।এনেকৈ কেতিয়াবা বাছ,ব্যক্তিগত বাহন,আৰু কেতিয়াবা ৰেলৰ জৰিয়তে অসমলৈ আহি আছে লকডাউনত আবদ্ধ সকল।অসমত উপস্থিত হোৱাৰ লগে লগে আৰক্ষী,চিকিৎসাকৰ্মী আদি তৎপৰ হৈ আছে।প্ৰথমতে আস্থানত স্ক্ৰীনিং,স্বাস্থ্যপৰীক্ষা,কোৱাৰেন্টাইন আদি সকলো পদক্ষেপলৈ সাজু হৈ আছে।গুৱাহাটীত হোটেল ৰেডিছন ব্লু, হোটেল প্ৰগতিমেনৰ ,সৰুসজাই চেন্টাৰ আদিত কোৱাৰেন্টাইন কৰা হ’ব।ইফালে এপষেকৰ পূৰ্বে ৰাজস্থানৰ কোটাৰ পৰা অহা প্ৰায় চাৰিশ শিক্ষাৰ্থীৰ অধিকাংশ মুক্তহৈ ঘৰলৈ গ’ল।কিন্তু হোটেল বন্দনাত থকা একাংশ ছাত্ৰীক আবদ্ধ কৰি ৰাখি অযথা হোটেলৰ বিল বৃদ্ধি কৰিব খোজাৰ অভিযোগ আনিছে ভুক্তভোগী ছাত্ৰীয়ে।সামাজিক দূৰত্ব উলংঘা কৰা,লেতেৰা পৰিবেশ আদিত তেওঁলোকক আবদ্ধ কৰি ৰখাৰ লগতে স্বাস্ব্য পৰীক্ষাৰ প্ৰতিবেদন নহা কাৰ্যত এইসকল ক্ষুব্ধ হৈ পৰিছে। সেয়ে বিষয়টো হস্তক্ষেপৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে।।

ডুমডুমাত দিল্লীৰ বস্কনেট এন্ড আইডা-ৰ খাদ্য সামগ্ৰী বিতৰণ

ডুমডুমা

 দিল্লীস্থ বস্কনেট এন্ড আইডা নামৰ সংগঠনটোৱে মাৰেলী ইন্ডিয়াৰ সহযোগত বুধবাৰে লকডাউনত বিধস্ত ডুমডুমা চহৰৰ ২৫ টা পৰিয়ালক একোটা গধুৰ খাদ্য সামগ্ৰীৰ টোপোলা দি সহায় কৰাত ডুমডুমাবাসী ৰাইজে সংগঠন দুটাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে৷ ডুমডুমা নাট্য মন্দিৰ প্ৰাংগণলৈ ফাদাৰ নবৰ নিজে আহি আনুষ্ঠানিকভাৱে এইবোৰ বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয়ভাৱে এছ টি চি পি ৱাই নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মীসকল ক্ৰমে ৰমেশ গোস্বামী, গীতা গোস্বামী, ডাঃ আচমা গজনৱী, চম্পা ৰাও মোহন, চিত্ৰা হাজৰিকা আৰু ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অৰ্জুন বৰুৱাই সহযোগিতা আগবঢ়ায়৷

মৰিগাঁৱত ভূৱা সাংবাদিক আটক

মৰিগাঁৱত ভূৱা সাংবাদিক আটক

লাহৰিঘাট

মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীয়ে ফাৰুক আহমেদ নামৰ এজন স্বয়ংভূ সাংবাদিকক আটক কৰে৷ ভূৱা সাংবাদিকটোৱে নিজে এখন নিউজ টুডে নামৰ  সংবাদ মধ্যমৰ নাম দি ফেচবুক পেজৰ সংবাদ মাধ্যমৰ স্বয়ংভূ সাংবাদিক বুলি নিজে নিজৰ প্ৰেছ কাৰ্ড বনাই লৈছিল৷ মিকিৰভেটা আৰক্ষীয়ে ইতিমধ্যে ধৃত ভূৱা সাংবাদিকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লৈছে৷

নাজিৰা গেলেকীত লকডাউনে জুৰুলা কৰিছে কেঁ‌চা চাহ পাত ব্যৱসায়ীক : অসমৰ কেঁচা চাহ পাত ব্যৱসায়ীক নগালেণ্ডত প্ৰৱেশ নিষিদ্ধ

নাজিৰা

 বিগত প্ৰায় কেইবাদিনো ধৰি দেশত চলি আছে প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনত আৰ্থিক দিশত লোকচানৰ দিশে কেঁ‌চা চাহপাত ব্যৱসায়ীৰ। নাজিৰাৰ গেলেকী অঞ্চলৰ বাসিন্দা প্ৰধান জীৱিকা কেঁ‌চা চাহপাত সংগ্ৰহ কৰি যোগান ধৰা। কিন্তু লকডাউনত কেঁ‌চা চাহ পাত ব্যৱসায়ত অধিক লোকচানৰ সন্মুখীন হৈছে গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীসকল। প্ৰায় দহ বছৰ ধৰি গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীয়ে নাগালেণ্ড মুককচাং জিলাৰ অন্তৰ্গত লুচাইপানী, এনাকী আৰু কানছাং বস্তিৰ নগা লোকসকলৰ চাহ বাগান লিজত লৈ কেঁ‌চা চাহ পাত সংগ্ৰহ কৰি গেলেকীৰ বিভিন্ন চাহপাতৰ উদ্যোগৰ যোগান ধৰি আহিছিল। প্ৰতি বছৰৰ দৰে এইবছৰো বাগান লিজত লোৱাৰ হেতু আগধন হিচাপে কেইবাজনো কেঁ‌চা চাহপাত  ব্যৱসায়ীয়ে প্ৰায় ৮০লাখ টকা নগা লোকসকলক আদায় দিছিল। কিন্তু দেশত চলি থকা লকডাউনৰ পৰিস্থিতিৰ বাবে নাগালেণ্ডত গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নাগালেণ্ড চৰকাৰে। তাৰ ফলত বিমোৰত পৰিছে গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীসকল। কিয়নো চাহপাত উদ্যোগসমূহৰ পৰা চাহপাত দিয়াৰ চুক্তি কৰি ৮০ লাখ টকা আগধন লোৱাৰ বাবে চাহপাতৰ উদ্যোগ সমূহে চাহপাতৰ বাবে হেঁ‌চা প্ৰয়োগ কৰিছে। কিন্তু এতিয়া উপায়হীন এই সকল কেঁ‌চা চাহপাত ব্যৱসায়ী।আনফালে লকডাউনৰ সময়ত নাগালেণ্ডৰ পৰা গেলেকীৰ ভিন্ন অঞ্চললৈ এটা বৃহৎ চিণ্ডিকেটৰ মাজেৰে দৈনিক সৰবৰাহ হৈ আহিছে কয়লা আৰু পান। তেনেস্থলত কিয় মুটা অংকৰ আগধন লৈও নিত্য ব্যৱহাৰ্য্য চাহপাত নাগালেণ্ডৰ পৰা গেলেকীলৈ সৰবৰাহ কৰাত বন্ধ কৰি দিছে ইয়াকে লৈ বিমূৰত পৰিছে৷

বোকাজানত উত্তেজনা : চিকিৎসকে সংঘটিত কৰিলে যৌন নিৰ্যাতনৰ ঘটনা

বোকাজান

যি সময়ত বিশ্বৰ চিকিৎসক সমাজে দিনে নিশাই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখি ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে চৰম যুঁজত অৱতীৰ্ণ হৈ পৰি মানৱ সমাজৰ বাবে ঈশ্বৰৰ ট্ৰানকৰ্তা সদৃশ ৰূপ লৈছে তেনে সময়তে বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰৰ এগৰাকী পশু ৰূপী চিকিৎসকৰ দ্বাৰা চিকিৎসালয়খনত সংঘটিত হৈছে এক যৌন নিৰ্যাতনৰ ঘটনা৷ চিকিৎসালয়খনৰ হোমি’অপেথিক চিকিৎসক শুকানজান দুমুখীয়াৰ নিবাসী ড° চেখ হাচান আব্দুল কাদাৰীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷ তাৎপৰ্যপূৰ্ণভাৱে চিকিৎসালয়খনতে কৰ্মৰত এগৰাকী জ্যেষ্ঠ নাৰ্ছৰ ভতিজী নিৰ্যাতিতা কিশোৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁ চাইনাচাটিছ ৰোগত ভুগি থকাত দীর্ঘদিন ধৰি হোমি’অ চিকিৎসকগৰাকীৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি তেওঁ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰি আছিল। ঔষধ শেষ হোৱাত বুধবাৰে পুনৰ কিশোৰীগৰাকীয়ে চিকিৎসকজনৰ চেম্বাৰত গৈ তেওঁক লগ কৰি নতুনকৈ ঔষধ আনিবলৈ যায়। সেই সময়ত চিকিৎসালয়খনৰ মূল গৃহৰ পৰা আঁতৰত থকা হোমি’অ চিকিৎসকজনৰ আছুতীয়া কক্ষ আৰু কক্ষৰ বাহিৰত কোনো নথকাৰ সুযোগ লৈ চিকিৎসকজনে কিশোৰীগৰাকীক পুনৰ শৰীৰ পৰীক্ষা কৰিব লাগিব বুলি কৈ পৰীক্ষা কৰাৰ চলেৰে চিকিৎসকজনে হঠাৎ তেওঁ গোপন অঙ্গত স্পর্শ কৰাৰ লগতে অদ্ভুত আচৰণ কৰিবলৈ ধৰে বুলি কিশোৰীগৰাকীয়ে উল্লেখ কৰে। উক্ত সময়ত চিকিৎসালয়খনৰ দুগৰাকী কৈ চাফাই কৰ্মী উপস্থিত হৈ চিকিৎসকজনৰ কক্ষত ছেনিটাইজাৰ কৰিবলৈ আহিছিল যদিও চিকিৎসকজনে তেওঁলোকক ধমকিৰে আঁতৰাই পঠায়৷ তেনে পৰিস্থিতিত কিশোৰীগৰাকীয়ে কিংকৰ্তব্যবিমূঢ় বিমূঢ় হৈ ভয়ত চিঞৰ বাখৰ লগোৱাত  চিকিৎসালয়খনৰ মূল কেন্দ্ৰত থকা একাংশ চিকিৎসা কৰ্মী আৰু ৰাইজ দৌৰি আহি কিশোৰীগৰাকীক উদ্ধাৰ কৰে। এই ঘটনা নিমিষতে সমগ্ৰ চিকিৎসালয়খনত ৰাষ্ট্ৰ হৈ পৰাত চিকিৎসা কৰ্মী আৰু তাত থকা ৰোগীসকলৰ মাজত হুলস্থুল লাগে।পৰৱৰ্তী সময়ত একাংশই চিকিৎসকজনক তেওঁৰ কক্ষৰ পৰা উলিয়াই আনি লপাথপা দি বোকাজান আৰক্ষীক খবৰ দিয়াত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে নিৰ্যাতিতা কিশোৰীগৰাকীক শৰীৰ পৰীক্ষা কৰাই তেওঁ জবান বন্দী লয় আৰু অভিযুক্ত চিকিৎসক শেখ হাচান আব্দুল কাদাৰীয়াক আটক কৰি সোধা পোছাৰ বাবে থানালৈ লৈ যায়। উল্লেখযোগ্য যে এই হোমি’অ চিকিৎসকজন পূৰ্বতে বকলীয়াঘাটত কৰ্মৰত হৈ আছিল আৰু তাত থকা অৱস্থাতো এনে একাধিক ঘটনাত তেওঁ নাম সাঙোৰ খাই পৰিছিল বুলি চিকিৎসালয়খনত এই ঘটনাৰ সময়ত উপস্থিত থকা একাংশই সাংবাদিকক জানিবলৈ দিয়ে৷

পঞ্চভূতত বিলিন হ’ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তী

পঞ্চভূতত বিলিনহৈ গ'ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তীৰ নশ্বৰ দেহ

ডিৰাক সীমান্ত

পঞ্চভূতত বিলিনহৈ গ’ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তীৰ নশ্বৰ দেহ৷ ২০১৫ চনত স্থাপন হোৱা বৰডিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ আছিল তেওঁ৷ শেহতীয়াকৈ বাৰ্ধক্যজনিত কাৰণত চিকিৎসকৰ কাষ চাপিছিল যদিও ৮১বছৰ বয়সীয়া এই গুৰুজনাই বুধবাৰে হাৰ মানিব লগা হ’ল নিয়তিৰ ওচৰত৷ এই শোক বাৰ্তাটো চৌদিশে বিয়পি পৰাত সত্ৰত ভিৰ কৰেহি আত্মীয় স্বজন আৰু ভকত বৃন্দই৷ শেষত ধৰ্মীয় নীতি অনুসৰি পৰম্পৰা ৰক্ষা কৰি গায় বায়নৰ মাজেৰে গুৰুজনাক চন্দন পুষ্পৰে সজ্জিত চিতাৰ কাঠত তুলি জনোৱা হয় অন্তিম শ্ৰদ্ধা৷ গুৰুজনাক মুখাগ্নী কৰে পুত্ৰ জগত মহন্তই৷ এতিয়া শোকাকুল সত্ৰ চৌপাশ৷