Home Blog Page 3376

দিহিং পাটকাইত মুক্ত খনন : তথ্য জনা অধিকাৰ আইনৰ কাষ চাপিল পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী

দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুক্ত খনন

দেওপানী

শেহতীয়াকৈ উজনি অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুক্ত খননৰ অনুমোদন জনোৱাৰ পিছতেই সোচ্ছাৰ হৈ পৰিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী৷ পৰিৱেশকৰ্মী গোস্বামী সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তথ্য জনা অধিকাৰ আইনত আবেদন দাখিল কৰে৷ গোস্বামীয়ে আৰটিআইৰ জৰিয়তে জানিব বিচৰা অনুসৰি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত বনাঞ্চলত মুকলিকৈ কয়লা খনন কৰিবলৈ লোৱাৰ সন্দৰ্ভত চলিত বৰ্ষৰ ৭ এপ্ৰিলত অনুষ্ঠিত বৈঠকত পৰিষদে পূৰ্বতে গঠন কৰি দিয়া সনিতিখনৰ অধ্যক্ষ ৰমন সুকুমাৰে দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিলিপি, পৰিষদে গঠন কৰি দিয়া সমিতিখনে প্ৰতিলিপি দাখিল কৰাৰ পূৰ্বে দিহিং পাটকাইত স্বজমীন জৰীপৰ প্ৰতিবেদনৰ প্ৰতিলিপি আৰু সেই জৰীপৰ কালচোৱাত সমিতিখনৰ কোন কোন বিষয়ববীয়া উপস্থিত আছিল সেইসকলৰ সম্পূৰ্ণ পৰিচয় বিচৰাৰ লগতে ২০১৮-২০ বৰ্ষৰ ৰাজ্যিক বন্যপ্ৰাণী উপদেষ্টা পৰিষদৰ বিষয় ববীয়াসকলৰ সম্পূৰ্ণ পৰিচয় আৰু পৰিষদে উক্ত বৰ্ষত কেইখন বৈঠক অনুষ্ঠিত কৰিছিল সেই সন্দৰ্ভত সবিশেষ বিচাৰি তথ্য জনা অধিকাৰ আইন-২০০৫ ৰ ভিত্তিত আবেদন জনায়৷

দুচকীয়া, চাৰিচকীয়া ব্যক্তিগত বাহনৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰাৰ সিদ্ধান্ত শিৱসাগৰ জিলা প্ৰশাসনৰ : ৯ মে’ৰ পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা

শিৱসাগৰ

 সমগ্র বিশ্বজোৰা ভয়াবহতা সৃষ্টি কৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ সময়ছোৱাত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্র জিলাতে সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ লগতে জনসমাগম ৰোধ কৰাৰ ক্ষেত্ৰত তীক্ষ্ম দৃষ্টি ৰাখি আহিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও কিছুসংখ্যক ৰাইজে লকডাউনৰ সময়ছোৱাত অনাহকত ব্যক্তিগত বাহনৰে যাতায়াত কৰি ব্যাপক যান-জঁট আৰু জনসমাগমৰ সৃষ্টি কৰা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিহত কৰাৰ অত্যাৱশ্যকীয় সামাজিক দূৰত্ব বজাই ৰখা নীতিৰ প্ৰতি একাংশ ৰাইজে প্ৰদৰ্শন কৰা এই উদাসীনতাৰ মানসিকতা প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জানিবলৈ দিয়া মতে জনসমাগম ৰোধ কৰাৰ বাবে তথা ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহনসমূহ চলাচলৰ ক্ষেত্ৰত অহা ৯ মে’ৰ পৰা ১৭ মে’ তাৰিখলৈ প্ৰৱৰ্তন হ’ব যুগ্ম-অযুগ্ম নীতি। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত শনিবাৰে উপায়ুক্ত কাৰ্যালয়ত আৰক্ষী আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই নীতি অনুসৰি অহা ৯ মে’ তাৰিখে পঞ্জীয়ন ফলকৰ শেষৰ অযুগ্ম নম্বৰ থকা দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহনসমূহ চলাব পাৰিব আৰু তাৰ পিছৰ দিনা যুগ্ম নম্বৰৰ বাহন চলাব পাৰিব৷ ঠিক সেইদৰে এদিন অযুগ্ম আৰু এদিন যুগ্মকৈ পৰৱৰ্ত্তী ১৭ মে’ তাৰিখলৈকে এই প্ৰক্ৰিয়া চলি থাকিব। অৱশ্যে, চৰকাৰী যান-বাহন, পৰিচয় পত্ৰসহ কৰ্মস্থলীলৈ অহা চাকৰিজীৱীসকল, আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী, অগ্নি আৰু আপাতকালীন সেৱা, জৰুৰীকালীন সেৱাত নিয়োজিত অনুমতিপ্ৰাপ্ত বাহন আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত লোকসকলৰ বাহন, এম্বুলেন্স, সাংবাদিকৰ বাহন আদি যুগ্ম-অযুগ্ম নীতিৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। ব্যক্তিগত বাহনৰ ক্ষেত্ৰত জাৰি কৰা এই যুগ্ম-অযুগ্মৰ নীতি অমান্য কৰা সকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা উপায়ুক্তই সদৰি কৰে।

ডবকাত পুনৰ সাংবাদিকক হত্যাৰ ভাবুকি ৷

ডবকাৰ জ্যেষ্ঠ সাংবাদিক আব্দুল হান্নান তালুকদাৰক হত্যাৰ ভাবুকি দুবৃত্তৰ ৷

ফোনযোগে হত্যাৰ ভাবুকি প্ৰদান কৰে দুবৃত্তই ৷

9137147727 নম্বৰৰ পৰা ফোনকৰি দিয়ে ভাবুকি ৷

এডোখৰ ভূমিৰ বাতৰি পৰিবেশন কৰিবলৈ গৈছিল সাংবাদিক গৰাকী ৷

বাতৰি প্ৰকাশ হোৱাৰ পুৰ্বেই ভাবুকি দিয়ে দুৰ্বৃত্তই ৷

ডবকাৰ ফৰিদ প্ৰফেছাৰ নামৰ এজন লোকৰ ওচৰত ক্ষমা নিবিচাৰিলে শীঘ্ৰে হত্যাৰ ভাবুকি দিয়ে দুৰ্বৃত্তটোৱে ৷

হত্যাৰ ভাবুকি পাই আতংকিত হৈ পৰিছে সাংবাদিক জনৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ ৷

নিৰাপত্তাহিনতাত ভূগিছে সাংবাদিক গৰাকী ৷

ঘটনা সংক্ৰান্তত ইতিমধ্যেই ডবকা থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক গৰাকীয়ে ৷

উল্লেখযোগ্য যে হোজাই জিলাখনত পুৰ্বেও হত্যা কৰা হৈছে বহু সাংবাদিকক ৷
এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকা অঞ্চলত ৷

দিখৌ নদীত পুনৰ উটি আহিছে মৃত গাহৰি : ভয়াবহ প্ৰদূষণ পানী আৰু নদীপৰীয়া অঞ্চল

নাজিৰা

মহামাৰী ক’ৰ’ণা ভাইৰাছৰ আতংক সমগ্র বিশ্বত বিৰাজ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ প্ৰান্তে প্ৰান্তে আফ্ৰিকান ছোৱাইন ফিভাৰত ব্যাপক হাৰত পোহনীয়া গাহৰিৰ অকাল মৃত্যু হোৱা ঘটনাই সমস্যাত পেলাইছে গাহৰি পালকসকলক। ইতিমধ্যে শিৱসাগৰ জিলাখনৰ নাজিৰা মহকুমাৰ সোন্দৰ পুখুৰী, বিহুবৰ, লক্ষ্মীজান, চণ্টক, বগীচাপৰী, বৰমিচিংগাঁও, দিচাংমুখৰ সমীপৰ বলমা, আলিছিগা পমুৱা, অফলা, মাজৰবাৰী, লিগিৰীবাৰী, চৰাইপৰা, মামন গড়ভগা, লেপাই-চোমনি, জোলাটূপ, দীঘলদৰিয়লি, ডিমৌমুখ আদি বিভিন্ন গাঁৱত বিগত মাহধৰি পোহনীয়া গাহৰিৰ আফ্ৰিকান ছহৱাইন ফিভাৰত আক্ৰান্ত হৈ ব্যাপক হাৰত মৃত্যু হোৱাৰ বিষয়ে জানিব পৰা গৈছিল যদিও শনৎ পুৱাৰে পৰা পুনৰ দিখৌ নদীত গাহৰিৰ মৃতদেহ উটি অহা ঘটনাই এই ৰোগে জিলাখনৰ আন আন ঠাইলৈও বিস্তাৰিত হোৱাৰ ইংগিত বহন কৰিছে। উল্লেখযোগ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিবোৰ গাহৰি পালক সকলে ছফুট দ’ গাত খান্দি পুতি নেপেনাই দিখৌ, দিচাং, ব্ৰহ্মপুত্ৰ নদীকে ধৰি জান-জুৰি আদিত পেলাই দিয়াৰ ফলত ইয়াৰ জলপৃষ্ঠৰ লগতে সমীপৰ অঞ্চলসমূহ ভয়াবহ প্ৰদূষণৰ সন্মুখীন হৈছে। নদী আৰু জান-জুৰিৰ কাষৰীয়া অঞ্চলৰ জনগণ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। মৃত গাহৰিৰ দূৰ্গন্ধই পৰিৱেশ বিনষ্ট কৰাৰ লগতে ইয়াৰ পানী দূষিত হৈ পৰাত নদীৰ পানী সেৱন কৰা, গা ধোৱা আৰু বিভিন্ন কামকাজত সেই পানী ব্যৱহাৰ কৰা নদীপৰীয়া ৰাইজে বিষয়টো সন্দৰ্ভত জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, জল বিভাগ তথা সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি এক সু ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে নিবেদন জনাইছে৷

তথ্য জনাৰ অধিকাৰ আইন উলংঘা শিৱসাগৰ বন বিভাগৰ

শিৱসাগৰ

বিভিন্ন সময়ত শিৱসাগৰ বন বিভাগৰ ইটোৰ পাছত সিটো দুনীতি অনিয়মৰ বাতৰি প্ৰকাশ পাই অহাৰ ফলশ্ৰুতিত তথা ভয়াবহ দুনীতি উন্নোচিত হোৱাৰ সম্ভাৱনা ভয় খাইছে শিৱসাগৰ বন বিভাগ।উল্লেখযোগ‍্য যে শিৱসাগৰৰ ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সাংবাদিক ফিৰোজ খানে বিগত ৩০ জানুৱাৰী ৩ ফেব্ৰুৱাৰী আৰু ৫ ফেব্ৰুৱাৰী তাৰিখে তিনিখনকৈ আৰটিআই আবেদন শিৱসাগৰ বন বিভাগক কৰিছিল যদিও বৰ্তমান আজিৰ পৰ্য‍ন্ত  আবেদনকাৰীক তথ‍্য যোগান ধৰিবলৈ সক্ষম নহ’ল। ইয়াৰ পৰা স্পষ্ট হৈছে যে বিভাগটোত এশ এবুৰি দুৰ্নীতি, অনিয়মে ভৰি পৰিছে৷ গতিকে এই দুৰ্নীতি ধাকিবলৈ তথ্যজনাৰ অধিকাৰ আইন ২০০৫ক এইবাৰ বুঢ়া আঙুলি দেখুৱাবলৈ অলপো কেৰেপ কৰা নাই শিৱসাগৰ জিলা বন বিভাগৰ কাৰ্যালয়ে। গতিকে এই সন্দৰ্ভত আইন অমান্য কৰা শিৱসাগৰ বন বিভাগৰ কাৰ্যালয়ৰ উপৰত বিভাগীয় ‌আইন প্ৰণয়ন বিষয়াই বা চৰকাৰে কি ব‍্যৱস্থা ল’ব, ই সচেতন মহলৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে৷

ডুবাইত ক’ভিড-১৯ত আক্ৰান্ত অসমৰ যুৱক : লংকাৰ ফুলতলিৰ যুৱকক লৈ উদ্বিগ্ন পৰিয়াল

লংকা

দেশজুৰি ক’ভিড-১৯ৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি অহাৰ সময়তে সুদুৰ ডুবাইত এইবাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে অসমৰ যুৱক৷ আক্ৰান্ত যুৱকজন হৈছে লংকাৰ ফুলতলিৰ নজমুল হক৷ নজমুল হকৰ পৰিয়ালৰ লোকে সদৰি কৰিছে নজমুল হক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নজমুল হকৰ শাৰীৰিক অৱস্থা সম্পূৰ্ণ সুস্থ আৰু ডুবাইত তেওঁ চিকিৎসাধীন অৱস্থাত আছে৷ ডুবাইৰ পৰা ফোন যোগে নজমুলে পৰিয়ালৰ লোকক এই কথা জনাই তেওঁক লৈ আতংকিত নহ’বলৈ সকলোকে আহ্বান জনাইছে৷ পৰিয়ালৰ লোকে সদৰি কৰা মতে নজমুল হক বিগত তিনি বছৰ ধৰি কৰ্মসূত্ৰে ডুবাইত আছে৷ চলিত বৰ্ষৰ ফেব্ৰুবাৰী মাহৰ প্ৰথম সপ্তাহত তেওঁ নিজ গৃহলৈ আহি পুনৰ কৰ্মস্থলী ডুবাইলৈ ঘূৰি গৈছিল৷  সম্প্ৰতি ডুবাই চৰকাৰে তেওঁক উন্নত চিকিৎসা প্ৰদান কৰাত তেওঁ পূৰ্বতকৈ সুস্থ বুলি জনাইছে পৰিয়ালৰ লোকে৷ উল্লেখযোগ্য যে এই ঘটনাক লৈ হোজাই জিলাত ক’ৰ’ণা প্ৰৱেশ ঘটা ছ’যিয়েল মিডিয়াত একাংশই পোষ্ট দি আতংকৰ পৰিবেশ সৃষ্টি কৰিছিল৷

উদীয়মান যুৱক ভাৰ্গৱ বনিয়াৰ মৃত্যুত বাইহাটাত শোকৰ ছাঁ

বাইহাটা চাৰিআলিৰ উদীয়মান যুৱক ভাৰ্গৱ বনিয়া (২৮)ৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷

বাইহাটা চাৰিআলি

বাইহাটা চাৰিআলিৰ উদীয়মান যুৱক তথা কেৰম খেলুৱৈ ভাৰ্গৱ বনিয়া (২৮)ৰ হৃদ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা গুৱাহাটী জিএনআৰচ হাস্পতালত মৃত্যু হয়৷ উচ্চ ৰক্তচাপজনিত কাৰণত হাৰ্ট ষ্ট্ৰোক হোৱাত তিনি দিনৰ আগেয়ে ভাৰ্গৱক হাস্পতালত ভৰ্ত্তি কৰাইছিল পৰিয়ালৰ লোকে৷ স্থানীয় এটি কোম্পানীত কৰ্মৰত উদীয়মান যুৱকজনৰ মৃত্যুত বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত শোকৰ ছাঁ পৰিছে৷ বাইহাটা চাৰিআলিৰ অন্তৰ্গত আগডলা গাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা সুদক্ষ ফটোগ্ৰাফাৰ সম্বৰু বনিয়াৰ একমাত্ৰ সন্তান ভাৰ্গৱৰ মৃত্যুত সাংস্কৃতিক অনুষ্ঠান প্ৰবাহন, বাইহাটা চাৰিআলি প্ৰেছ ক্লাব, সাহিত্য সভা, কামৰূপ জিলা কেৰম সন্থা আদি অনুস্থান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পিতৃ, মাতৃ আৰু একমাত্ৰ ভগ্নীক এই সংসাৰত এৰি থৈ যায়৷

খোৱাঙত চোৰাং তেলৰ ঘাটি উচ্ছেদ

খোৱাঙত চোৰাং তেলৰ ঘাটি উচ্ছেদ

খোৱাং

ডিব্ৰুগড় জিলাৰ খোৱাং শেনচোৱা পুখুৰীত শুকুৰবাৰে চোৰাং তেলৰ এক বৃহৎ ঘাটি আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এক অভিযানত এই ঘাটি উচ্ছেদ কৰে৷ অভিযান কালত বিকি সোণোৱাল নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় পাঁ‌চ হাজাৰ লিটাৰ ডিজেলসহ কেইবাটাও তেলৰ ড্ৰাম জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ চকুত ধুলি দি এই অসাধু ব্যৱসায়ীজনে দীৰ্ঘ দিনৰ পৰা এই ব্যৱসায় চলাই আহিছিল  এক গোপন সূত্ৰৰ পম খেদি অতিৰিক্ত আৰক্ষী অধীক্ষজনে ব্যৱসায়ীজনৰ ঘৰৰ পৰা এই সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে চোৰাং তেলৰ এই ৰমৰমীয়া ব্যৱসায় চলাই থকা বিকি সোণোৱাল বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে৷ খোৱাং আৰক্ষীয়ে ইতিমধ্যে ডিজেলৰ লগতে ড্ৰামবোৰ জব্দ কৰি চোৰাং তেলৰ ব্যৱসায়ী বিকিৰ সন্ধানত নামি পৰিছে৷ উল্লেখ্য যে চোৰাং তেলৰ ব্যৱসায়ীজনে মুক্তভাৱে এই ব্যৱসায়ত নামি পৰি বৃহত্তৰ শেনচোৱা পুখুৰী অঞ্চলত তেল যোগান ধৰি আহিছিল। এই ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিলেই চোৰাং তেলৰ এই বৃহৎ চক্ৰটোৰ লগত আৰু কোন কোন লোক জড়িত হৈ আছে উলাই পৰিব বুলি ৰাইজে মত পোষণ কৰিছে৷

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো

 দেশজুৰি ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈ থকাৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ বকোত উদ্ধাৰ হয় নগদ ধনসহ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী। শুকুৰবাৰে আবেলি বকো আৰক্ষী থানা আৰু বকো বজাৰৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহোৱা আৰক্ষীৰ পহৰা চকীত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অবৈধ ড্ৰাগছ সৰবৰাহকাৰী অসাধু ব্যৱসায়ী দুজন। তালাচী চকীৰ ঘটনাস্থলীত জানিব পৰা মতে গোৱালপাৰা জিলাৰ ময়লা পথাৰৰ হজৰত শ্বেখৰ দুই পুত্ৰ ছানোৱাৰ হুছেইন আৰু আব্দুল্লা শ্বেখ নামৰ অসাধু ব্যৱসায়ী দুজনে এ এছ ০১ ডি টি – ৬৬৪৬ নম্বৰৰ এল্টো কে ১০ ভি এক্স আই ছিৰিজৰ মাৰুতি গাড়ীৰে গুৱাহাটীৰ পৰা গোৱালপাৰা জিলা অভিমুখে আহিছিল। উল্লেখ্য যে এক গোপন সূত্ৰৰ পম খেদি বকো থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে পহৰা চকীত উক্ত গাড়ীখন ৰখায় আৰু তালাচী চলায়। আৰক্ষীৰ তালাচীত কথা বতৰাত সন্দেহ হোৱাত গাড়ীৰ ভিতৰত থকা বেগত ওলাই তিনি লাখ চৈধ্য হাজাৰ টকাসহ এক কিলো দুশ পয়সত্তৰ গ্ৰাম ড্ৰাগছৰ লগতে ভিন্ন প্ৰকাৰৰ ঔষধ আৰু টেৱলেট। ইফালে মুঠ ৩৭ টা পেকেটত বাৰ হাজাৰটা টেবলেট থকা বুলি জানিবলৈ দিয়ে ধৃত ব্যৱসায়ী দুজনে। আৰক্ষী সূত্ৰে জানিব পৰা মতে উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষ্য টকা। আনহাতে গাড়ীত উত্তেজক ঔষধ আৰু সাধাৰণ টেবলেট কিছুমানৰ লগত অন্যান্য সামগ্ৰীও পোৱা গৈছে। বকোত ড্ৰাগছ সৰবৰাহকাৰী অসাধু ব্যৱসায়ী আটক হোৱা খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পিংকী দত্ত, ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতী গগৈসহ স্থানীয় প্ৰশাসনৰ লোক। 

ডিজুভেলীৰ প্ৰান্তীয় অঞ্চলত অ’পেন ড’ৰ অসমৰ সাহায্য বিতৰণ

কলিয়াবৰ

লকডাউনত উপাৰ্জনহীন হৈ কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ একাংশ শ্ৰমজীৱী লোকে বনৰীয়া আলু-কচু খাই ভোক নিবাৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অসহায় লোকসকলৰ কাষত ঠিয় দিয়ে কলিয়াবৰৰ এটি আগশাৰীৰ বেচৰকাৰী সংস্থা অ’পেন ড’ৰ অসমৰ সদস্যসকল। নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী পাহাৰৰ নামনিৰ প্ৰান্তীয় অঞ্চলত অৱস্থিত ডিজুভেলী চাহ বাগিচাৰ ২৩ নং খণ্ডৰ অৰ্ধ শতাধিক শ্ৰমজীৱী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে। উল্লেখ্য যে পঞ্চায়ত কৰ্মীৰ দুৰ্নীতি-অনিয়মৰ বাবে আঞ্জুকপানী গাঁও পঞ্চায়তৰ এলেকাধীন পিছপৰা অঞ্চলটোৰ লোকসকলে চৰকাৰী-বেচৰকাৰী সাহায্যৰ অভাৱত অনাহাৰে-অৰ্ধাহাৰে দিন পাৰ কৰাৰ লগতে পাহাৰীয়া আলু-কচুৰে ভোক নিবাৰণ কৰি আহিছিল অসম চাহ নিগমৰ অধীনস্থ বাগিচাখনৰ প্ৰান্তীয় অঞ্চলটোৰ বাসিন্দাসকলে। লকডাউনৰ প্ৰভাৱত খাদ্য সংকটত পৰা শ্ৰমজীৱী লোকসকলক চাউল, ডাইল, আটা, আলু, পিঁয়াজ আদি খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চাবোনকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীও বিৰতণ কৰে সংস্থাটোৱে। বেচৰকাৰী সংস্থাটোৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কলিয়াবৰ মহকুমা প্ৰশাসনেও।