Home Blog Page 3424

ক’ৰোনাৰ সন্ত্ৰাসৰ সময়তেই ‘কা’ আন্দোলনৰ শ্বহীদ টীয়কৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ

'কা' আন্দোলনৰ প্ৰথম শ্বহীদ টীয়কৰ বনাই অঞ্চলৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত হয় ।

টীয়ক

ক’ৰোনাৰ সন্ত্ৰাসৰ সময়ত ‘কা’ আন্দোলনৰ প্ৰথম শ্বহীদ টীয়কৰ বনাই অঞ্চলৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে। ছাত্ৰ সন্থা সদায় ৰাইজৰ লগত আছে আৰু ‘কা’ আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালৰ কাষত সকলো সময়তে থিয় দিব বুলি মন্তব্য আগবঢ়ায়। লগতে কোনো কাৰণতে এইসকল শ্বহীদৰ ত্যাগ অথলে যাবলৈ নিদিয়ে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখযোগ্য যে ক’ৰোনা যিদৰে সমগ্ৰ বিশ্বৰ বাবে এতিয়া ভয়াবহ হৈ পৰিছে ঠিক একেদৰেই ‘কা’ও অসমৰ বাবে ক’ৰোনাৰ দৰে অনাগত দিনত ভয়াবহতাৰ সৃষ্টি কৰিব বুলি কৈ যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে ‘কা’ বাতিল কৰিবই লাগিব বুলি দাবী জনায়। উক্ত সময়ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈ, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিতোপন চাংমাই, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক পংকজ প্ৰতীম হাজৰিকা, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, টীয়ক আছুৰ দীপাংকৰ বেজবৰা, ৰূপক সৰকাৰ, বিতোপন পুদ্দাৰ তথা টীয়ক আৰু শিমলুগুৰি মৌজা আছুৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ  উপস্থিত থাকে।

ছোৱাইন ফ্লুৰ সময়তে নাজিৰাৰ ৰাজপথত গাহৰিৰ মুক্ত বিচৰণ : গান্ধাৰীৰ ভূমিকাত প্ৰশাসন

নাজিৰা

ক’ৰোনা মহামাৰীৰ প্ৰাৰ্দুভাৱে দেশবাসীক আতঙ্কিত কৰি সহস্ৰজনৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ছোৱাইন ফ্লুত বহুতো গাহৰিৰ মৃত্যু ঘটাৰ বাবে মানুহৰ গালৈ এই ৰোগ সংক্ৰমিত হোৱাৰ আশঙ্কাত  চৰকাৰে অন্য স্থানৰ লগতে শিৱসাগৰ জিলাতো গাহৰিৰ ক্ৰয় বিক্ৰয় আৰু মুক্ত বিচৰণত বাধা নিষেধ আৰোপ কৰিছে যদিও খোদ নাজিৰা নগৰতেই অবাধভাৱে জাকে জাকে গাহৰিৰ মুক্ত বিচৰণে চৰকাৰী নিষেধাজ্ঞাক ভূলুণ্ঠিত কৰাহে পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে কিছুবছৰৰ পূৰ্বে গাহৰিৰ পৰা সংক্ৰমিত হোৱা এনে চুৱাইন ফ্লু ৰোগে মহামাৰীৰ ৰূপ লোৱাত অসমত  বহুতো লোকৰ মৃত্যু হৈছিল আৰু বৰ্তমান অসমত গাহৰিৰ দেহত পুনৰ এই ৰোগে দেখা দিয়াত সতৰ্কতামূলক ব্যৱস্থা ৰূপে ৰাজ্য চৰকাৰে গাহৰিৰ ক্ৰয় বিক্ৰয় আৰু মুক্ত বিচৰণত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কিন্ত প্ৰশাসনৰ চকুৰ আগতে নিতৌ  নিশা দহ মান বজাৰ পৰা পুৱতি নিশাৰ লৈকে  নাজিৰা নগৰৰ মাজ মজিয়াত তথা নাট্য মন্দিৰ, চিকিৎসালয়, বিদ্যালয় আদিৰ আশে পাশে, নগৰখনৰ ডাষ্টবিন  আৰু ৰাজপথত কোনোবা লোকৰ পোহনীয়া গাহৰিৰ অবাধ বিচৰণে জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ ইতিপূৰ্বে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত আফ্ৰিকান ছোৱাইন ফ্লুত মৃত্যু হোৱা গাহৰি দিখৌ, দিচাং ইত্যাদি নদীত পেলাই দিয়াকলৈও এক বিতৰ্কৰ সূচনা হৈছিল৷ বিশেষজ্ঞ তথা চৰকাৰৰ নিৰ্দেশনা মতে এনে ৰোগত মৃত্যু হোৱা গাহৰিৰ দেহ কমেও ছফুট দকৈ মাটিৰ গাঁত খান্দি ওপৰত বিজাণুনাশৰ বাবে ব্লিচিং পাউদাৰ দি পুতিব লাগে যদিও বহু গাহৰিপালকে এই নিৰ্দেশ নামানি নদীত মৃত গাহৰি পেলাই দিয়াটো বিপদজনক হৈ পৰিছে৷ ক’ৰোনা মহামাৰীয়ে দেশৰ জনজীৱন বিপৰ্যস্থ কৰি তোলাৰ সময়ত গাহৰিৰ মুক্ত বিচৰণৰ দ্বাৰা যাতে আকৌ পুনৰ ভয়াবহ ছোৱাইন ফ্লুৰ আগমন নঘটে তাৰ প্ৰতি নাজিৰা পৌৰসভাৰ লগতে মহকুমা প্ৰশাসন অধিক সতৰ্ক হৈ শীঘ্ৰেই গাহৰিৰ এনে মুক্ত বিচৰণ ৰোধ কৰাটো  অতি প্ৰয়োজন হৈ পৰিছে ৷ কিন্তু এই ক্ষেত্ৰত নাজিৰা পৌৰ প্ৰশাসন কৰ্তৃপক্ষই গান্ধাৰীৰ ভূমিকা পালন কৰাত নগৰখনত জনগণৰ মাজত সৰৱ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

মানুহে ম’হেই মাৰি শেষ কৰিব পৰা নাই ভাইৰাছ ক’ত মাৰিব পাৰিব : শিলাদিত্য দেৱ

যমুনামুখৰ বহিঃৰাজ্যৰ মানুহ হোজাইত ৰখাটোক লৈ অসন্তুষ্টি বিধায়ক শিলাদিত্যৰ৷

লংকা 

যমুনামুখৰ বহিঃৰাজ্যৰ মানুহ হোজাইত ৰখাটোক লৈ অসন্তুষ্টি বিধায়ক শিলাদিত্যৰ ৷ ম‌ই অনুমতি নিদিও ডৱকা আৰু যমুনামূখৰ মানুহখিনি হোজাইত আনি সোমোৱাই দিয়াটো। বিধায়ক শিলাদিত্য‌ই আজি হোজাই চহৰত থকা কোৱাৰেণ্টাইন শিবিৰ পৰ্যবেক্ষণ কৰি সাংবাদিকৰ লগত হোৱা  এক আছুতীয়া সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ কৰে যে বহিঃৰাজ্যৰ পৰা মানুহ অহা আৰম্ভ হৈছে৷ যেতিয়া হোজাইৰ কথা আহে, হোজাইৰ সমষ্টি নামো হোজাই, হোজাই জিলাৰ নামো হোজাই, তেতিয়া কোনোৱাই ক’ৰ বুলি সুধিলে  সাধাৰণতে হোজাই বুলি কয়। তেতিয়া সকলো মানুহক হোজাইলৈ লয় অনা হয়। সেই কাৰণে ভিৰটো হোজাই চহৰে বেছিকৈ ল’ব লগা হৈছে। হোজাই চহৰৰ অধিকাংশ হোটেল বজাৰৰ মাজত। এই ক্ষেত্ৰত বজাৰৰ মানুহে অলমমান অসন্তুষ্টিও প্ৰকাশ কৰি আছে৷ ঘৰৰ ওচৰৰ মানুহক ঘৰৰ কাষতেই কোৱাৰেণ্টাইন কৰিব লাগে অন্ততঃ তেওঁলোকে মনত সন্তোষ্ঠি পাই থাকিব। গোটেই মানুহখিনি যদি হোজাইত অনাত লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক গৰাকীৰ৷  গ্ৰুপ হিচাপে অহা সকলক এটা ঠাইত দি দিলেই হ’ল। তেওঁ আৰু কয় যে  মানৱ জাতি জন্ম লোৱাৰ পৰা আমি মহৰ কামোৰ খাই জীয়াই আছো৷ মানুহে ম’হেই মাৰিব পৰা নাই যেতিয়া ক’ত ভাইৰাছ মাৰিব পাৰিব। সেইকাৰণে আমি ভাইৰাছৰ লগত জীয়াব থাকিব লাগিব৷ সংগ্ৰাম কৰি জীয়াব লাগিব।  মোৰ পৰামৰ্শ হ’ল যে অতি সোনকালে নিৰ্জান ঠাইত থকা কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ মানুহ ৰাখিব লাগে। কাৰণ অন্ততঃ বজাৰখন বাছিব। বহিঃৰাজ্যৰ পৰা অহা মানুহ সমষ্টি অনুসৰি ভাগ কৰিব লাগে। যমুনামূখৰ মানুহ হোজাইত ৰখাক লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক শিলাদিত্যৰ। বৰ্তমানটো হোজাইৰ অসমৰ দ্বিতীয় ক’ৰোনা পজিটিভৰ সংখ্যা ভিত্তিত দ্বিতীয়ত স্হান আছে৷ কিন্তু যমুনামূখৰ বহিঃৰাজ্যত থকা মানুহখিনি আহিলেতো হোজাই অসমৰ প্ৰথম স্হান আহি পৰিব পাৰে। ম‌ই অনুমতি নিদিও ডৱকা আৰু যমুনামুখৰ বহিঃৰাজ্যৰ মানুহখিনি হোজাইত আনি সোমোৱাই দিয়াতো৷

নগাঁৱৰ বটদ্ৰৱাত কোৱাৰেণ্টেইন অৱস্থাত থকা এজনৰ দেহত কোভিড ১৯ পজিটিভ

নগাঁও

নগাঁও জিলাত নতুনকৈ ক’ৰোণাত আক্ৰান্ত হৈছে আন এগৰাকী ।নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী গৰাকীৰ নাম নাজিবুল হুছেইন। বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টেইনত  হৈ থকা অৱস্থাত নাজিবুলৰ দেহত ক’ভিড ১৯ৰ অবস্হিতি ধৰা পৰে। চেন্নাইৰ পৰা অসমলৈ আহিছিল নাজিবুল। কোৱাৰেণ্টেইনত থকা অৱস্থাতে নাজিবুলৰ ক’ৰোনা ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। নাজিবুলক চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়তে ভৰ্ত্তি কৰা হ’ব। আজি ড° হিমন্তবিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল নগাঁৱৰ ক’ভিড হাস্পতালখন। এই চিকিৎসালয়খনৰ প্ৰথম গৰাকী ৰোগী হ’ব নাজিবুল হুছেইন।

অসমৰ ঐশ্বৰ্য সম্পদ ৰাজি – অনা-অসমীয়াক গতোৱাত কাৰ লাভ !

লক্ষী প্ৰসাদ ডেকা

ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৰ্থনীতি কিমান টনকীয়াল আৰু উদ্যোগ ,অনুষ্ঠান-প্ৰতিষ্ঠান ,বা    বানিজ্য , পৰ্যটন আদি কিমান উন্নত লগতে কোন দিশত আগুৱাই গৈছে । তাক দ’কৈ পৰ্যালোচনা কৰিলে সকলোবোৰ গম পোৱা যাব ।অসমত কি নাই অসমৰ মাটি সোন,পলসুৱা ,প্ৰাকৃতিক সম্পদ ৰাজি ঐশ্বৰ্য বিভূতিয়ে পৰিপূৰ্ণ ।অসমত যিমান ধৰণৰ সম্পদৰে ভৰপুৰ সেইবোৰ সৎ ব্যৱহাৰ আৰু তাৰ লগত জড়িত ব্যৱসায় ভিত্তিত উদ্যোগ অনুষ্ঠান- প্ৰতিষ্ঠান লগতে পৰ্যটন আদিত সঠিক নিয়োজিত হয়, নিশ্চয় অৰ্থনীতি দিশত হাহাকাৰ কৰিব লগীয়া নহব চাগে ! কৰ্ম সংস্থাপনৰ বাবে যুৱক-যুৱতী সকলে হাহাকাৰ কৰি অন্যান্য ৰাজ্যলৈ ঢাপলি মেলিব নেলাগিব নিশ্চয় ।আজি অসমৰ নদ-নদী পৰ্বত-পাহাৰ , প্ৰাকৃতিক সম্পদ ৰাজি আদি প্ৰচুৰ পৰিমানে থাকিলেও ইয়াত বস-বাস কৰা জনগণ আৰু চৰকাৰ আদিয়ে সদিচ্ছা আগ্ৰহ আদি নথকা যেন অনুমান হয় ।মাথো নিজৰ স্বাৰ্থ, সুবিধা আৰু মুনাফাৰ বাবেই যেন চিৰ বিনন্দীয়া প্ৰাকৃতিক সম্পদ ৰাজি ধ্বংস যজ্ঞ কৰিছে তেনে অনুমান হয় ।

বৰ্তমান সমগ্ৰ বিশ্বত ক’ভিড-১৯ কৰ’নাৰ মহা আতংকই সকলো দিশত জন-জীৱন স্তদ্ধ ,জীৱন-জীৱিকাকে আদি কৰি সকলো ক্ষেত্ৰত মানুহৰ হাহাকাৰ  । ফলত বিশ্ব-দেশ আৰু ৰাজ্য সমূহৰ অৰ্থনীতিত ব্যাপক প্ৰভাব পৰিছে ।কিয়নো অৰ্থনীতিয়ে হল চালিকা শক্তি অৰ্থনীতি টনকীয়া নহলে উন্নয়ন প্ৰগতি আৰু বিকাশ সম্ভৱ নহয় ।বিশেষকৈ আমাৰ দৰে উন্নয়শীল দেশ সমূহৰ অৱস্থা কোন দিশে ধাৱিত হব কল্পনা অতীত ।দেশৰ অৰ্থনীতি মোকা-বিলা কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে ।যি কোনো উপায়েৰে অৰ্থনীতি দিশত আগুৱাই নিব লাগে ,লাগিলে দেশৰ মূল্যবান সন্পদ ৰাজ্যৰ স্বাভিমান তথা জনসাধাৰণৰ অনিষ্ট ,চৰম অসুবিধা হওঁক ।মুঠতে ৰাজহ আৰু অৰ্থনীতিৰ সকাহ কৰিব লাগে । ইয়াক লৈ নানা প্ৰতিবাদ ,আন্দোলন আদি কৰিলেও কৰক ।মুঠতে যি কোনো প্ৰকাৰে অৰ্থনীতি সবল কৰি তুলিব লাগে ।কৰ’নাৰ পাছত দেশ-ৰাজ্যৰ জনগণৰ অৱস্থা কি হব ভাবিলে আচৰিত লাগে ।ক’ভিড-১৯ নোহোৱা হলেও মানুহৰ আৰ্থিক অভাব অনাটন অন্ন, বস্ত্ৰ ,বাসস্থান আদিৰ অভাবৰ সংখ্যা সৰ্বাধিক ।যি নেকি মানুহে নিতৌ হাহাকাৰ কৰিব লগীয়া পৰিৱেশে বিৰাজ কৰিছিল ।এতিয়া তাতে আকৌ অৰ্থনীতি আদি ক্ষেত্ৰত মহা সংকট তেনে স্থলত কি হব ।

দেশৰ অৰ্থনীতি মোকা-বিলা কৰিবলৈ অ’এন জি চিয়ে অসমকে ধৰি দেশৰ মুঠ ৪৯ খন প্ৰান্তীয় তৈল আৰু গেছ ক্ষেত্ৰ আদি ব্যক্তিগত কোম্পানীৰ হাতত অতি সংগোপনে গতাই দিয়াৰ এক তথ্য পোহৰলৈ আহিছে ।অ’এন জি চি অসম সম্পদৰ আঠখন তৈল ক্ষেত্ৰ ব্যক্তিগত কোম্পানীক চমজাই দি অত্যাধিক উৎপাদনৰ দ্ধাৰা লাভৰ পৰিকল্পনা কৰিছে । অধিক উৎপাদনৰ লক্ষ্যৰে অসমৰ সম্পদৰ ডিমুৱাল ,চাংমাই গাঁও ,চফ্ৰাই ,পানীদিহিং ,দিচাংমুখ ,সোণাৰি আৰু নাহৰবাৰী আদি তৈলক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে ওড়িশাৰ “ষ্টেভ ড’ৰছ লিমিটেড আৰু দুৰ্গান্ত অইল এণ্ড গেছ নামৰ কোম্পানী দুটাক গতাই দিছে ।এই তৈল ক্ষেত্ৰ সমূহৰ ভিতৰত ডিমুৱাল তৈলক্ষেত্ৰ আজিও  অ’এন জি চি য়ে সম্পদৰ উৎপাদন অব্যাহত ৰাখিছে ।অন্যহাতে অসম নবীকৰণ প্ৰকল্প (এ আৰ পি) ৰ সৰ্ব বৃহৎ পুঁজি বিনিয়োগ কৰি ডিমুৱাল তৈল ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন আৰু উৎপাদন মুখী আদি কৰি নানা নিৰ্মান কাৰ্য অ’ এন জি চি অসম সম্পদে সম্পন্ন কৰিছে ।তদুপৰি দিচাংমুখ ,পানীদিহিং তৈল ক্ষেত্ৰ দুখন তেল ,গেছ উৎপাদনৰ সম্ভাৱনা পূৰ্ণ বুলি ইতিম্যে অ’ এন জি চি ৰ বিভিন্ন অন্ষেষণত প্ৰকাশ পাইছে ।বৰ্তমান সময়ত বৃহৎ প্ৰশ্ন হৈছে অসমৰ লগতে খিলঞ্জীয়া অসমীয়াই নানান সময়ত অ’এন জি চি অসম সম্পদৰ তৈল ক্ষেত্ৰ সমূহ ব্যক্তিগত কৰণৰ ওপৰত চৰম  বিৰোধিতা কৰি বিগত সময়ত নানা অভিযোগ দাখিল কৰি আন্দোলন ,প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো কিয় ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ পথ ললে ।অতি উল্লেখ যোগ্য বিষয় যে পানীদিহিং আৰি দিচাংমুখ ৰ তৈল ক্ষেত্ৰ ভাৰতৰ শীৰ্ষ ৰাজনৈতিক নেতা ওড়িশাস্থিত কোম্পানীক প্ৰদান কৰিছে ।যি সময়ত নেকি অ’ এন জি চি ৰ সম্পদৰ সামাজিক দায়বদ্ধতা  শিতানত বিনিয়োগ বন্ধ কৰা বুলি অসম সম্পদৰ পৰা জানিব পৰা গৈছে ।তেনে সময়তে থলগিৰি খিলঞ্জীয়া অসমীয়া ব্যক্তি কৰ্মৰত হৈ থকাৰ লগতে এই সমূহ তৈল ক্ষেত্ৰ আৰু গেছ সমূহৰ পৰা উৎপাদনৰ বিপৰীতে অসম চৰকাৰে যথেষ্ট ৰয়েল্টী লাভ কৰি আহিছে ।তেনে সময়তে অ’এন জি চি কেন্দ্ৰীয় নেতৃ বৃন্দই অৰ্থাৎ শীৰ্ষ কৰ্তৃপক্ষই কিয় ব্যক্তিগত কোম্পানীৰ হাতত গতাই অসমৰ থলগিৰি খিলঞ্জীয়াক ভাতে মৰাৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰ কৰা নাইনে ? বা কৰিলে ,কৰিছে !  মানি লৈছো দেশ-ৰাজ্য অৰ্থনীতি বিধস্ত ।হয়তু অৰ্থনীতিৰ জোৰা টাপলি মাৰিবলৈকে কৰিছে ।কিন্তু সেই বুলি তৈলক্ষেত্ৰ ,গেছৰ প্ৰকল্প সমূহ ব্যক্তিগত কোম্পানীক গতাই দিব ।ইয়াক গতাই নিদি  অধিক উন্নত পৰ্যায়লৈ নিয়ক  বা অধিক উৎপাদনৰ সু ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিব নোৱাৰেনে !  নিজা ববীযাকৈ , কিন্তু তাকে নকৰে এই ক্ষেত্ৰত আগ্ৰহ -সদিচ্ছা নাই ।মাথোন পুঁজি পতি গোষ্ঠী ,বহুজাতিক কোম্পানী আৰু বনিক গোষ্ঠী আদিক সন্তোষ্ট কৰাত ব্যস্ত ।

দেশৰ অৰ্থনীতি সবল কৰাত উদ্দেশ্যেই সামাজিক আন্তঃগাঁথনি উন্নয়নৰ বাবেও কেতবোৰ নতুন নতুন ঘোষনা কৰে ,কেন্দ্ৰীয় মাননীয় বিত্ত মন্ত্ৰীয়ে ।চিকিৎসালয় ,স্কুল আদিৰ দৰে সামাজিক অনুষ্ঠান -প্ৰতিষ্ঠান বোৰৰ প্ৰতি ব্যক্তিগত বিনিয়োগ কাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে চৰকাৰে “ভায়েবিলিটি গেপ ফাণ্ডি ” ( ভি জি এফ ) ৰ পৰিবৰ্তন কৰা হৈছে ।ঠিক একেদৰে তৃতীয় বৃহৎ কয়লা ভাণ্ডাৰ  ভাৰত বৰ্ষত আছে ইয়াৰে অসমৰ কয়লা উৎকৃষ্ট ।৫০ টা কয়লা খণ্ডৰ নতুন খনিৰো নিলাম কৰা আৰু বিদুৎ বিতৰণ কোম্পানী বোৰ ব্যক্তিগত কৰণৰ আদিৰ কথাৰো অৱগত কৰে সংবাদ মেলত ।তদুপৰি বিভিন্ন শক্তিশালী উদ্যোগ ,অনুষ্ঠান-প্ৰতিষ্ঠান আদিও ব্যক্তিগত কৰণ কৰি কৰ সংগ্ৰহ তথা দেশৰ অৰ্থনীতি শক্তিশালী কৰা চিন্তা চৰ্চা কৰি ইতিমধ্যেই ব্যক্তিগত কৰণৰ সিদ্ধান্ত লৈছে । কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব পূৰ্ণ বিভাগ সমূহৰ কৰ্মচাৰী সমূহ ভি আৰ এচ নতুবা চাতাই অভিযান কৰিছে  ।ফলত কিমান সংখ্যক লোক কৰ্মবিমুখ হব ঠিকনা বিহীন ।এই ক্ষেত্ৰত পুনৰ আন্দোলন ,প্ৰতিবাদ নহবনে ? ইতিমধ্যেই কিছু কিছু বিভাগে ল’ক ডাউনৰ  মাজতো আন্দোলন , প্ৰতিবাদ আদিৰ দিন ঘোষনা কৰিছে ।বিদুৎ বিভাগৰ শক্তি বিতৰণ কোম্পানী অসম শাখা বিজুলী  ভৱনেও আন্দোলন প্ৰতিবাদৰ দিন ঘোষনা কৰিছে ।ইয়াৰ মূলতে ব্যক্তিগত কৰণত সকলো বাধা আৰু প্ৰতিবাদ সাব্যস্ত ।কিন্তু কেন্দ্ৰ -ৰাজ্য চৰকাৰ সমূহে পুঁজি পতি গোষ্ঠী ,বনিক আৰু বহুজাতিক কোম্পানী আদিক তোষামোদ ,সন্তোষ্ট কৰিবলৈ হতকাৰী সিদ্ধান্তবোৰ লৈছে ।ৰাজ্যখৰ অৰ্থনীতি দিশত একেবাৰে উন্নত নহয় ।অথচ প্ৰচুৰ পৰিমানে কেঁচামাল ,সম্পদ আদি থকা স্বত্বেও ইয়াত সৰু-বৰ প্ৰকল্প আদিৰ অভাব ।এইটো ঠিক যে ,পূৰ্বৰ তুলনাত অসমত সৰু -বৰ প্ৰকল্প আদিয়ে উজ্বলি উঠিছে ।স্থানীয় উদ্যোগী সকলে অধীৰ আগ্ৰহেৰে ইতিমধ্যেই শিক্ষিত যুৱক -যুৱতীয়ে চৰকাৰী চাকৰি বাদ দি সৰু বৰ উদ্যোগী আদিৰ মনোভাৱ লৈ হাতে কামে আগবাঢ়িছে ।তাৰ বাস্তৱ উদাহৰণ অসমৰ চুকে কোনে বহুত নিবনুৱা যুৱক -যুৱতী ,ব্যক্তি আদিয়ে কামবোৰ আৰম্ভ কৰি আগবাঢ়িছে ।ইয়াত চৰকাৰে যথেষ্ট পৰিমানৰ মূলধন ,প্ৰশিক্ষণ ,সুপৰিকল্পনা কৰা উপৰিও বজাৰ আদিৰো ব্যৱস্থা কৰিব লাগিব ।তেতিয়া নিশ্চয় অধিক আগবাঢ়িব ।কিন্তু এইবোৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদি ইয়াক কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ চিন্তা চৰ্চাতহে মগ্ন ।মুঠতে স্থানীয় উদ্যোগী তথা আগ্ৰহী ব্যক্তিক ভাতে মৰা চিন্তাত ব্যস্ত ।কিয়নো বনিক ,পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে চৰকাৰৰ মূৰৰ্বী সকল আৰু বাধ্য হৈ বৰঞ্চ ৰাজ্য-দেশৰ ঐশ্বৰ্য পূৰ্ণ সম্পদ ৰাজি বিক্ৰী কৰি বাঃবাঃ লৈ জয় গান গাইছে  ।মাথোন সেইবোৰক তৈলমন্দন নহয়নে  !

অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰাকৃতিক সম্পদ আৰু সাংস্কৃতিক আদিৰ ক্ষেত্ৰত অতি চহকী । বিশেষকৈ অসমৰ  সম্পদ আৰু কৃষ্টি -সাংস্কৃতিক আদিৰ বাবে বিশ্ব বিখ্যাত ।এইবোৰ চাবলৈ দেশ- বিদেশৰ  পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু অসম অন্যতম ।অসমত যথেষ্ট পৰিমানৰ দেশ-বিদেশৰ পৰ্যটনৰ স্থলী আছে ।আমি বিশ্ব ঐতিৰ্য স্থলী কাজিৰঙাক কৈছো যদিও অসমত আৰু নানা স্থলী নথকা নহয় ।এইবোৰতো সৰ্বাধিক গুৰুত্ব দিব লাগিব ।কিয়নো ৰাজহ সংগ্ৰহ তথা অৰ্থনীতিৰ মান উন্নত কৰাত পৰ্যটনে যথেষ্ট অৰিহনা আগবঢ়াই আহিছে ।তাৰ উদাহৰণ ভাৰত বৰ্ষৰ অন্যতম জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰ “কেৰালা” ৰাজ্যখনে কিমান ধৰণে ৰাজহ আৰু অৰ্থনীতিত আগবঢ়া নকলেও হব ।অসমত সম্ভাৱনাময় ক্ষেত্ৰ থকা স্বত্বেও ইয়াৰ ওপৰত উন্নত চিন্তা চৰ্চা আৰু গুৰুত্ব নিদিয়া ফলতো অসম পিছপৰি থাকিব লগীয়া পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে ।সেয়ে অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ যথেষ্ট পৰ্যটন ক্ষেত্ৰ আদি নথকা নহয় ।বিশেষকৈ অসম এক প্ৰকাৰ প্ৰকৃতি ৰাণী সাদৰি জীয়ৰী অসমত কি নাই সকলো আছে ।ইয়াৰ সম্পদ মাটি, পানী আদিয়ে হল প্ৰকৃত মূলধন ।ইয়াক সৎ ব্যৱহাৰ কৰিলে নিশ্চয় অৰ্থনীতিৰ অৰ্থনীতি পথাৰ খনত যথেষ্ট সকাহ আৰু উন্নত নিশ্চয় হব ।সেয়ে ঐতিৰ্য পূৰ্ণ যাউতি যুগীয়া সম্পদ ,মাটি ,পানী আদি অনা-অসমীয়া, বিদেশী বনিক ,পুঁজিপতি গোষ্ঠী আদিৰ হাতত গতাই নিদি থলুৱা শিক্ষিত যুৱক-যুৱতী আৰু থলগিৰি খিলঞ্জীয়াক উন্নত প্ৰশিক্ষণ লগতে মূলধন বিনিয়োগ কৰি সুন্দৰৰ পৰা অধিক সুন্দৰতালৈ নিয়াত অধিক আগ্ৰহেৰে কামবোৰ কৰক ।তেতিয়া নিশ্চয় সকলো সমস্যাৰে অন্ত নপৰিবনে ? কিন্তু তাকে নকৰি  অসমৰ সম্পদৰাজি এপদ এপদকৈ অৰ্থাৎ এদেও দুদেও কৈ লোটা  নিয়া চলেৰে অনা- অসমীয়া, বিদেশী ,বনিক গোষ্ঠী আদিক গতোৱাতহে ব্যস্ত  ।শেহতীয়াকৈ দিহিং পাটকাই যাক সৰ্ববৃহৎ বৰ্ষাৰণ্য বা পূবৰ আমাজান বুলি কয় অথচ সেই অভৰাণ্যক কয়লা খননৰ বাবে গতাইছে ।যত কিন্তু বিভিন্ন প্ৰজাতি চৰাই- চিৰিকতি,অৰ্কিড ,স্তন্য প্ৰাণী ,সোনালী বান্দৰ ,হলৌ বান্দৰকে আদি কৰি বিখ্যাত অভয়াৰণ্য খন গতোৱা ফলত কিমান বিস্তৰ ক্ষতি হব ঠিকনা বিহীন ।দিহিংপাটকাই থলগিৰি খিলঞ্জীয়াৰ হৃদপিণ্ড স্বৰূপ । ইয়াক বিনিষ্ট কৰা মানে কি হব পাৰে সকলোৱে এবাৰ গভীৰ ভাবে ভাবক ।এই বৰ্ষাৰণ্যত গড়ে প্ৰায় ৪০০০ কিঃমিঃ বৰষুণ হোৱা উপৰি প্ৰায় ১২০ বিধ দুস্প্ৰাপ্য অৰ্কিড ,৫০ বিধ স্তন্য প্ৰাণী ,৬০ বিধ প্ৰজাতি সাপ ,১৫ বিধ জেঠী ৩৫০ বিধ ভিন্ন ৰঙী পখিলা ,কেইবা বিধ প্ৰজাতিৰ কাছ লগতে বহু পৰিমানৰ প্ৰাণীৰ ৰম্যভূমি ।তদুপৰি ৪০০ শৰো অধিক নানা চৰাইৰ বাবে বিলুপ্ত পথলৈ অতিক্ৰম কৰিব ।সেয়ে  ইয়াৰ খনন কাৰ্যৰ অনুমতি বাতিল কৰক ।আমাক কয়লা নালাগে,লাগে আমাক প্ৰচুৰ পৰিমানে অক্সিজেন ,গছ থাকিলে  ,মানুহ তথা জীৱ কুল জীয়াই থাকিব সুস্থিৰ ভাবে ।  প্ৰকৃতিও এক নতুন ৰূপত গতি লব  ।আজি সকলোৱে ঐক্যবদ্ধ ভাবে চিৰ ঐতিহ্য ,,চিৰ বিনন্দীয়া দিহিং পাটকাইক ৰক্ষা কৰা সময় ।ইয়াকে নকৰিলে আমাৰ  যাউতি যুগীয়া ঐতিহ্যক ম্লান নকৰিবনে……… ! 

লেখকৰ ফোন নং- ৯৪০১৬৭৮২০৩  ।

টিংখাঙত কেন্সাৰ আক্ৰান্ত কৃষকৰ মৃত্যু

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ গেলেকী গাঁৱৰ এগৰাকী খেতিয়ক ৰঙেধৰ শইকীয়াৰ (৪৭) আজি বিয়লি নিজা বাসগৃহত মৃত্যু হয়। দীৰ্ঘদিন ধৰি তেওঁ  কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসাধীন অৱস্থাত আছিল। জানিব পৰা মতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালকে ধৰি ৰাজ্যৰ কেবাখনো চিকিৎসা কৰিছিল। মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ-কন্যাসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। সন্ধিয়া স্থানীয় গাঁওবাসীয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

চাপৰমুখ ৰে’ল ষ্টেচনত আবদ্ধ বহিঃৰাজ্যৰ পৰা অহা ডিমা হাচাও জিলাৰ যাত্ৰী : প্ৰশাসনৰ গাফিলতি

নগাঁও

বহিংৰাজ্যৰ পৰা ৰে’লযোগে অসমলৈ ঘূৰি অহা যাত্ৰীসকলক সংশ্লিষ্ট ৰে’ল ষ্টেচনৰ পৰা নিজ গৃহ জিলালৈ আনিবৰ বাবে অসমৰ প্ৰায়বোৰ জিলা প্ৰশাসনে বাছৰ ব্যৱস্থা কৰিছে। যাত্ৰীসকল ৰে’লেৰে আহি পোৱাৰ পাছত স্বাস্থ্য পৰীক্ষাৰ অন্তত বাছেৰে নিজ নিজ জিলাৰ নিৰ্দিষ্ট স্হানলৈ লৈ যোৱা হয়। এই ক্ষেত্ৰত ডিমা-হাচাও জিলা প্ৰশাসনৰ অনীহাৰ এক ছবি পৰিস্ফুট হৈছে। যাৰ ফলশ্ৰুতিত বহিঃৰাজ্যৰ পৰা ডিমা হাচাওলৈ ঘূৰি অহা ভালেসংখ্যক যাত্ৰী আজি নগাঁৱৰ চাপৰমুখ ৰেল ষ্টেচনত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়। বহিঃৰাজ্যৰ পৰা চাপৰমুখ ৰে’ল ষ্টেচনত উপস্থিত হোৱা নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ যাত্ৰীসকলক সংশ্লিষ্ট জিলাসমূহৰ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ অন্তত নিজ জিলালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে যদিও ডিমা হাচাও জিলা প্ৰশাসনে এই ক্ষেত্ৰত চৰম গাফিলতি কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত দীঘলীয়া ৰে’ল যাত্ৰা কৰি ঘূৰি অহা ডিমা হাচাও জিলাৰ যাত্ৰীসকলে জীয়াতু ভুগিব লগা হৈছে। আজি দিনৰ ১১ বজাত চেন্নাইৰ পৰা ডিমা হাচাওলৈ অহা যাত্ৰীসকলক বৰ্তমান বাতৰি লিখাৰ পৰলৈকে উভতাই নিয়াৰ ব্যৱস্থা কৰা নাই ডিমা-হাচাও জিলা প্ৰশাসনে। ফলস্বৰূপে ৰে’লৱে প্লেটফৰ্মতে অনাহাৰে প্ৰায় ১০ৰ পৰা ১২ ঘণ্টা সময় যাত্ৰীসকলে পাৰ কৰিব লগা হৈছে। ডিমা হাচাও জিলা প্ৰশাসনে জিলাখনৰ যাত্ৰীসকলৰ প্ৰতি কৰা আচৰণক লৈ যাত্ৰীসকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে৷

বিধায়ক পদ্ম হাজৰিকাক “কৰ্মযোগী” উপাধি প্ৰদান ৷ “ৰক্তদাতা” স্বেচ্ছাসেৱী সংগঠণে প্ৰদান কৰিলে এই সন্মান ৷

বিধায়ক পদ্ম হাজৰিকাক “কৰ্মযোগী” উপাধি প্ৰদান

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট 

ক’ৰোনাৰ ভয়াবহ সংকটৰ সময়ত সমষ্টিত তাৎক্ষণিকভাৱে লোৱা ভুমিকা আৰু কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সুচনা কৰিবলৈ অহৰহ প্ৰচেষ্টা হাতত লোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক  “কৰ্মযোগী” উপাধিৰে বিভূষিত কৰিলে “ৰক্তদাতা” নামৰ স্বেচ্ছাসেৱী সংগঠণে৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত  “ৰক্তদাতা”ৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে বিধায়কগৰাকীক এই সন্মানৰে বিভূষিত কৰে৷কন্যকাৰ জৰিয়তে বিধায়কগৰাকীয়ে সমষ্টিৰ  নিবনুৱা যুৱক যুৱতীসকলক কৃষি কাৰ্য্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱক যুৱতীসকলো অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে৷ইয়াৰোপৰি নিবনুৱা যুৱক যুৱতীসকলক সু-সংগঠিত ৰূপত একত্ৰিত কৰি কন্যকাৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে৷অন্যহাতে কৰ’নাৰ ভয়াবহতাৰ সময়ত সমষ্টিটোত বহি:ৰাজ্যপৰা উভতি অহা যুৱক যুৱতীসকলক পৰিয়ালৰ সদস্যৰ দৰেই ৰাখিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে বিধায়কগৰাকীক৷থলুৱা যুৱক যুৱতীসকলে পথাৰ আৰু বজাৰ দখল কৰাৰ দিশত বিশেষভাৱে উদ্যোগ লোৱা তথা বিধায়কগৰাকীয়ে সকলো দিশতে দেখুওৱা কৰ্মস্পৃহাৰ বাবেই এইদৰে “কৰ্মযোগী” উপাধীৰে বিভূষিত কৰা হ’ল বুলি জানিব দিয়ে ৰক্তদাতাৰ ভাৰপ্ৰাপ্ত সভাপতি কৌস্তুভ বৰা আৰু সাধাৰণ সম্পাদক পৱন কুমাৰ নাথে৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা এই “কৰ্মযোগী” উপাধি সম্বলিত মানপত্ৰৰ লগতে গামোছা,শৰাই,,মাস্ক আৰু চেনিটাইজৰো প্ৰদান কৰে ৰক্তদাতা স্বেচ্ছাসেৱী সংগঠণটিয়ে৷স্বেচ্ছাসেৱী সংগঠণটোৱে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰি বিধায়ক হাজৰিকাই কয় যে ৰাইজৰ আশীৰ্বাদ,ৰাইজৰ স্বীকৃতিয়ে নিশ্চয়কৈ ভৱিষ্যতৰ দিনত কাম কৰি যোৱাত সাহস,প্ৰেৰণা আৰু মনোবল বৃদ্ধি কৰিব৷ৰক্তদাতাৰ এই সন্মান লাভ কৰি মোৰ মনোবল বৃদ্ধি পাইছে কিয়নো ৰক্তদাতাই কৰা সামাজিক কামকাজসমুহৰ সৈতে মোৰ কামকাজৰো যথেষ্ট মিল দেখা পাইছো৷এইসময়ত আমি কৰ্মৰ জৰিয়তে বিপ্লৱৰ সুচনা কৰিব লাগিব৷মহামাৰী কৰ’নাক প্ৰতিহত কৰিবই লাগিব৷সেই যুঁজখনত ৰক্তদাতাৰ যি কৰ্মৰাজী সেয়া প্ৰশংসনীয় বুলিও কয় বিধায়ক পদ্ম হাজৰিকাই৷উল্লেখ্য যে ৰক্তদাতাই বিগত সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত তেজৰ সমস্যাত পৰা ৰোগীক তেজৰ যোগান ধৰি সহায় কৰি অহাৰ লগতে কৰ’না মহামাৰীৰ সংকটৰ সময়খিনতো শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ৰাইজ তথা জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলক মাস্ক-চেনিটাইজাৰ বিতৰণ,ৰাইজক সজাগ সচেতন কৰিবৰ বাবে চৰকাৰী নীতি নিয়ম সম্বলিত দেৱাল পোষ্টাৰিংৰ লগতে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনসমাগম স্থান,অফিচ কাছাৰীত ঔষধযুক্ত পানীৰে চেনিটাইজ কৰি আহিছে৷আজিও সংগঠণটিয়ে জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান পোহাৰ,বেংক,চিকিৎসালয় আদিত চেনিটাইজ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত মৃত ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ ।

অস্তিত্বৰ যুঁজত বাঘটোৰ মৃত‍্যুৰ সন্দেহ ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ

দৈনন্দিন বাৰ্তা সেৱা, কলিয়াবৰ

 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ এটা ঢেকীয়াপটীয়া বাঘ। শুক্ৰবাৰে পুৱা উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ জনতা বন শিবিৰ এলেকাত উদ্ধাৰ হয় বাঘৰ মৃতদেহটো।প্ৰায় দুইবছৰীয়া বয়সৰ ঢেকীয়াপটীয়া বাঘটোৰ মৃত্যু আন বাঘৰে অস্তিত্বৰ যুঁজত মৃত্যু হোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ সূত্ৰত প্ৰকাশ। ঘটনাস্থলীতে  মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰাৰ পিছতে দাহ কৰা হয় মৃত বাঘটো।

দেশৰ সম্পদ বিক্ৰীৰ তীব্ৰ প্ৰতিবাদ ৰেল শ্ৰমিকৰ ।

দেশৰ সম্পদ আৰু শিল্প সমূহ পুঁজিপতি গোষ্ঠিক গতাই দিয়া কাৰ্যৰ বিৰোধীতাৰে ৰে'ল শ্ৰমিক সকলেও আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে |

তিনিচুকীয়া

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা কৰ্তন, শ্ৰম আইন বিলুপ্তিকৰণ,কামৰ সময় আঠ ঘন্টাৰ পৰা বাৰ ঘন্টালৈ বৃদ্ধি আৰু দেশৰ সম্পদ আৰু শিল্প সমূহ পুঁজিপতি গোষ্ঠিক গতাই দিয়া কাৰ্যৰ বিৰোধীতাৰে ৰে’ল শ্ৰমিক সকলেও আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | চেন্ট্ৰেল ট্ৰেড ইউনিয়ন সমূহৰ আহৱান ক্ৰমে সমগ্ৰ দেশতে পালন কৰা প্ৰতিবাদী কাৰ্যসূচী এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও বিস্তৃত ৰূপত পালন কৰে বুলি কেন্দ্ৰীয় নেতা পুলক গগৈয়ে প্ৰকাশ কৰিছে | এই সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ কনভেনৰ দায়িত্বত থকা ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে এক প্ৰেছ বাৰ্তাত কয় যে দেশৰ সভ্যতা সংস্কৃতি আৰু অৰ্থনীতিৰ হকে কাম কৰা ৰে’ল শ্ৰমিক সকল আন্দোলন কৰিবলৈ ৰাজপথলৈ আহিব লগা হৈছে কাৰণ “মে দেশ নেহি বিকনে ডুংগা” বুলি কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ তৈলক্ষেত্র,ৰে’ল শিল্প,বিমান পৰিবহন,কয়লা খনি,বেংক,টেলিকম বিভাগ আদি লাভজনক উদ্যোগ সমূহ এফালৰ পৰা পুঁজিপতি গোষ্ঠিৰ হাতত পানীৰ দৰত বিক্ৰী কৰি দিছে | ইয়াৰ ফলত শ্ৰমিক সকলৰ ভৱিষ্যতলৈ নামি আহিছে ঘোৰ অমানিশা |  ক’ভিড-19 কোৰোনা ভাইৰাচৰ মহামাৰীত দেশবাসী আতংকিত হৈ থকা সময়তে   সম্পদ আৰু শিল্প সমূহ এফালৰ পৰা ব্যক্তিগত খণ্ডৰ হাতত    গতাই যোৱা কাৰ্যৰ  বিৰোধীতাৰে  শ্ৰমিক সংগঠন বিলাকে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | কোৰোনা ভাইৰাচ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে বলবত কৰি ৰখা লকডাউনৰ পৰিপ্ৰেক্ষিতত সামাজিক দুৰত্ব বৰ্তাই ৰাখি ফেচ মাস্ক পৰিধান কৰি নিজ নিজ কৰ্মস্থলিতে নিজৰ কৰ্তব্য সম্পাদন কৰা লগতে ৰে’ল শ্ৰমিক সকলে দাবী সম্বলিত প্লে-কাৰ্ড আৰু ইউনিয়নৰ পতাকা প্ৰদৰ্শন কৰি অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰে বুলি প্ৰেছ বাৰ্তাটোত শ্ৰমিক নেতা গৰাকীয়ে প্ৰকাশ কৰিছে | এই প্ৰতিবাদী কাৰ্যসূচী এন এফ ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ লিডু,তিনিচুকীয়া,নিউ তিনিচুকীয়া,ডিব্ৰুগড়,শিমলুগুৰি,মৰিয়নি আৰু ফৰকাটিঙৰ উপৰিও লামডিং,বদৰপুৰ,শিলচৰ,আগৰতলা,ধৰ্মনগৰ,ৰঙিয়া,ৰঙাপাৰা,উত্তৰ লক্ষীমপুৰ,বঙাইগাঁও,আলিপুৰদুৱাৰ,নিউজলপাইগুৰি,শিলিগুৰি,কাটিহাৰ আদিত ৰূপায়ন কৰা হয় ।