Home Blog Page 3438

ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকলৈ কোৱাৰেণ্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকলৈ কোৱাৰেণ্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

মঙলদৈ

ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক চৰকাৰে নিজ মাতৃভূমিলৈ ঘূৰাই অনা আৰু লগতে তেওঁলোকক নিদিষ্ট দিন কোৱাৰেণ্টাইন কৰাৰ যি  ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ সমান্তৰালকৈ দৰং জিলাতো ৰাজ্যৰ বাহিৰৰ পৰা ঘূৰি অহা  লোকসকলক কোৱাৰেণ্টাইন কৰাৰ কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে সেই বিষয়ে আলোচনা কৰিবলৈ বুধবাৰে জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ছিপাঝাৰ, মঙলদৈ, কলাইগাঁও সমষ্টিৰ বিধায়ক ক্ৰমে বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস, মহেশ্বৰ বড়োৰ উপৰি আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলাখনত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা  ল’বলৈ স্বাস্থ্য বিভাগকে মুখ্য কৰি  জনস্বাস্হ্য কাৰিকৰী বিভাগ তথা আন আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ সভাত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই জানিবলৈ দিয়ে যে ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ পৰা প্ৰায় ৯ হাজাৰ লোকে জিলাখনলৈ ঘূৰি আহিবলৈ আবেদন জনাইছে৷ আহি পাবলগীয়া ৪ জন লোকক জনাৰামচৌকাৰ মডেল হাস্পতালত কোৱাৰেণ্টাইন কৰা হ’ব৷ প্ৰাৰম্ভিকতে জিলাখনৰ কোৱাৰেণ্টাইনৰ বাবে প্ৰস্তুত কৰা কেন্দ্ৰসমূহ হ’ল জৱাহৰ নবোদয় বিদ্যালয়, ধূলা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, মঙলদৈ মহাবিদ্যালয় ছাত্রী নিবাস, ছিপাঝাৰ মহাবিদ্যালয় ছাত্রী নিবাস, হোটেল সিদ্ধাৰ্থ পেলেচ, হোটেল মধুবন, খাৰখোৱা হোটেল, শ্যামলী হোটেল৷ আনহাতে, আন আন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ স্হাপনৰ আগতে সুবিধা-অসুবিধাসমূহ চালি-জাৰি চাবৰ বাবে বৃহস্পতিবাৰে উপায়ুক্তই বিভিন্ন বিদ্যালয়কে ধৰি বিভিন্ন স্থানসমূহ নিজে পৰিদৰ্শন কৰিব বুলি সভাত জানিবলৈ দিয়ে৷

লংকাৰ ১নং ৰেলগেটৰ সমীপত উৰণীয়া সেতু নিৰ্মাণ কামত মৰণফাণ্ড সদৃশ পৰিৱেশ

লংকা

 লকডাউনৰ সময়ত চৰকাৰে গ্রহণ কৰা কিছু  চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম থমকি ৰৈছিল যদিও লকডাউনত কিছু শিথিলতা অনাৰ পিছত আধৰুৱা কামসমূহ পূৰ্ণগতিত চলিছে। তাৰ সমান্তৰালভাৱে লংকাৰ ১নং ৰে’ল গেটৰ সমীপতো চলিছে উৰণীয়া সেতুৰ নিৰ্মানৰ কাম৷ কিন্তু উৰণীয়া সেতু নিৰ্মাণৰ কামৰ দায়িত্বত থকা কোম্পানীয়ে শ্ৰমিকক লগাই কাণ্ডজ্ঞানহীনভাৱে পথৰ মাজতেই প্ৰকাণ্ড গাঁত খান্দি চলাই আছে  প্ৰকাণ্ড পিলাৰৰ নিৰ্মাণৰ কাম৷ পুখুৰী সদৃশ গাঁত খান্দি পথটোত চলাই থকা হৈছে উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম৷ কিন্তু উক্ত পথৰ পৰিবৰ্তে যানবাহান যাতায়াতৰ বাবে সুচাৰু ৰূপে দিয়া হোৱা নাই বিকল্প পথ৷ নিৰ্মাণৰ কাম চলি থকা ডাঙৰ ডাঙৰ গাতৰ কাষেৰেই যাবলৈ দিয়া হৈছে যান-বাহন৷ মৰণফাণ্ড সদৃশ গাঁতৰ কাষত দিয়া হোৱা নাই কোনো নিৰাপত্তা তথা বেৰিকেত৷ ফলত যিকোনো সময়ত দূৰ্ঘটনাত পতিত হ’ব পাৰে বহুজনৰ৷ উল্লেখ যে উক্ত পথছোৱাদি লংকা চহৰৰ পৰা লংকাৰ পাশ্বৱৰ্তী বিভিন্ন অঞ্চল তথা লামডিঙলৈ আৰু ৰে’ল গেটৰ কিছু দূৰতে থকা লংকা চৰকাৰী প্ৰাথমিক স্বাস্ব্য কেন্দ্ৰলৈ ৰোগী লৈ  প্ৰত্যেক দিনাই শ শ খন যানবাহন অহা যোৱা কৰে৷ উৰণীয়া সেতু নিৰ্মাণ কোম্পানীৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে আৰু বিকল্প পথৰ ব্যৱস্হা নকৰাৰ বাবে বিগতো দিনটো কেইবাখনো ট্ৰাক, গাড়ী উক্ত পথেৰে যাতায়াত কৰাত দূৰ্ঘটনাগ্ৰস্ত‌ও হৈছে৷  অনতি পলমে  পথটো যাতায়াতৰ বাবে উপযোগী কৰি তুলিবলৈ ৰাইজে দাবী জনাইছে।

টিংখাঙত ৰক্তদানৰ শিবিৰ

টিংখাং

যোগগুৰু ৰবিশংকৰৰ জন্মদিনৰ লগত সংগতি ৰাখি বুধবাৰে টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদানৰ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত ৰক্তদান কৰে আৰ্ট লিভিঙৰ ২০জন স্বেচ্ছাসেৱকে৷ অসম চিকিৎসা মহবিদ্যলয়ৰ ব্লাড বেংকৰ কাউন্সিলাৰ চন্দ্ৰ প্ৰভা বৰুৱাৰ নেতৃত্বত ডাঃ ৰিতু শইকীয়া আৰু ডাঃ সুকন্যা গগৈ সহিতে সাতজনীয় টেকনিচিয়ান দলে ৰক্তদান সংগ্ৰহ কৰে৷ সম্পূৰ্ণ শাৰীৰিক দূৰত্ব আৰু পৰিচ্ছন্নতা প্ৰট’কল ৰক্ষা কৰি উপস্হিত থকা স্বেচ্ছসেৱকসকলক আৰ্ট অফ লিভিঙৰ কৰ্মযোগ গোটৰ ৰাজ্যিক পৰিষদৰ সদস্য শুভাকৰণ কোহাঞি শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰে৷

ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ বন্ধন বেংকৰ

ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ বন্ধন বেংকৰ

খাৰুপেটীয়া

 সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ক’ৰোনা ভাইৰাছে ত্ৰাস সৃষ্টি কৰিছে৷ তেনে ক্ষেত্ৰত আৰক্ষী, সেনা জোৱানসকলে দিন ৰাতি একাকাৰ কৰাৰ লগতে নিজৰ জীৱনকো তুচ্ছ কৰি নিজৰ কৰ্মত নিয়োজিত হৈ কৰ্ম কৰি গৈছে৷ লকডাউনৰ সময়ত সমাজৰ লগতে দেশক সুৰক্ষিত ৰক্ষাৰ্থে কৰ্মত ব্যস্ত থকা আৰক্ষীসকলৰ মাজত বিতৰণ কৰা হয় মাস্ক আৰু ছেনিটাইজাৰ৷ বিভিন্ন সামাজিক কামত জড়িত হৈ অহা বন্ধন বেংকৰ ধুলা শাখাই লকডাউনৰ মাজতে ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে। বুধবাৰে দিনৰ ভাগত বন্ধন বেংক ধুলা শাখাৰ প্ৰবন্ধক ডেভিছ কলিতা আঞ্চলিক প্ৰবন্ধক দ্বীপেন কলিতাৰ লগতে সহকৰ্মী সুৰেশ ডেকা আৰু নয়ন নাথৰ উপস্থিতিত ধুলা থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিৰ লগতে কেইবাজনো আৰক্ষী জোৱানক মাস্ক ,ছেনিটাইজাৰ প্ৰদান কৰাৰ লগতে আৰক্ষীক নিজৰ দায়িত্বত উৎসাহিত কৰিবলৈ গামোচাৰে সম্বৰ্ধনা জনায় বন্ধন বেংকৰ ধুলা শাখাৰ কৰ্মকৰ্তাই। আনহাতে বন্ধন বেংকৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে ধুলা আৰক্ষীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

খাৰুপেটীয়াত পদপথত বহা পাচলি বজাৰত আৰক্ষীৰ অভিযান

খাৰুপেটীয়াত পদপথত বহা পাচলি বজাৰত আৰক্ষীৰ অভিযান

খাৰুপেটীয়া

দৰঙৰ খাৰুপেটীয়াৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত পাচলি অনন্য দিনৰ দৰে বুধবাৰেও   খাৰুপেটীয়া নগৰৰ সমীপৱৰ্তী খেতাৰশ্বৰ গাঁৱৰ জি এন বি ৰোডৰ দুয়োকাষে পদপথত বহা বজাৰলৈ  বিক্ৰীৰ বাবে আনে। বিগত এসপ্তাহ ধৰি চলি থকা  উক্ত পদপথৰ বজাৰত সমাগত ঘটে বহু কৃষক তথা বেপাৰীৰ৷ বিভিন্ন ধৰণৰ পাচলি আৰু মাছৰে ভৰি পৰা বজাৰখনত সমাগত ঘটে বহু গ্ৰাহকৰ। উক্ত বজাৰখনত  বুধবাৰে  পুৱাতে কাৰ্যবাহী দণ্ডাধীশৰ  নেতৃত্বত খাৰুপেটীয়া আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে হঠাতে অভিযান  চলাই পহু খেদা দিয়ে বেপাৰী আৰু স্থানীয় গ্ৰাহকসকলক। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লাঠিৰ কোবৰ ভয়ত পদ পথতে পাচলি, মাছ, দগা-পাল্লাসকলো এৰি পলায়ন কৰে দৰিদ্ৰ কৃষক সকল। আনকি মাছ পাছলি বিক্ৰী কৰা নগদ ধনো এৰি পলাবলৈ বাধ্য হয় কৃষক আৰু বেপাৰীসকল। ফলত পদপথত পৰি থকা কুইন্টলে কুইন্টলে পাছলি আৰু সৰু-ডাঙৰ মাছ প্ৰশাসনে পৌৰ কৰ্মীৰ সহায়ত ড্ৰাম্পিং গ্ৰাউণ্ডত পেলাই ট্ৰেক্টৰৰ  সহায়ত নষ্ট কৰে হাজাৰ হাজাৰ টকাৰ মাছ আৰু পাছলি৷ ইয়াৰ ফলত শতাধিক কৃষকৰ লগতে মাছ আৰু পাছলি ব্যবসায়ীৰ লোকচান  হয় হাজাৰ হাজাৰ  টকা৷ আৰক্ষী প্ৰশাসনৰ এনে পদক্ষেপক লৈ দিশহাৰা হৈ পৰিছে কৃষকসকল৷

টিংখাঙত আশা কৰ্মীৰ শোকাৱহ মৃত্যু, গভীৰ শোক

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাঙত বুধবাৰে পুৱা এগৰাকী আশা কৰ্মীয়ে অতি শোকাৱহভাৱে মৃত্যুক সাৱতি ল’ব লগা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণী মতে টিংখাঙৰ দুই নং চপাতলি গাঁৱৰ সৰবৰহী মহিলা তথা স্বাস্থ্য বিভাগত নিয়োজিত আশা কৰ্মী পূৰ্ণিমা গগৈয়ে ঘৰৰ পিছফালে থকা এটা পৰিত্যক্ত নাদত জাৱৰ পেলাবলৈ গৈ মৃত্যুক সাৱতি লয়। যোৱা নিশা বৰষুণ হোৱাৰ বাবে নাদটোত কিছু পৰিমাণৰ পানী হৈছিল। আন দিনাৰ দৰে পুৱা জাৱৰ পেলাবলৈ গৈ অসাৱধানবশতঃ নাদটোত মহিলাগৰাকী পৰি যায়। পৰিয়ালৰ লোকে মহিলাগৰাকীক বিচাৰ খোচাৰ কৰি বহু পলমকৈ নাদটোত মহিলাগৰাকী পৰি থকাৰ প্ৰত্যক্ষ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে। জানিব পৰা মতে মহিলাগৰাকী মৃৰ্গী ৰোগত যোৱা কিছুদিন ধৰি আক্ৰান্ত হৈ আছিল।গতিকে মহিলাগৰাকী নাদটোত পৰি পানীত ডুব যোৱাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়াল তথা স্থানীয়লোকে প্ৰকাশ কৰিছে। অৱশ্যে মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যায়ল হাস্পতাললৈ প্ৰেৰণ কৰিছে। মহিলাগৰাকীৰ শোকাবহ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মহিলাগৰাকীয়ে স্বামী কেনেউ গগৈসহ দুই পুত্ৰ কন্যা আৰু বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

নগাঁৱত বিদুৎ বিভাগৰ অবিবেচকী কাণ্ড : এমাহত বিল আহিল ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা

নগাঁও

সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শেহতীয়া এক কৰ্মকাণ্ডক লৈ সৰৱ চৰ্চা চলিছে নগাঁৱত। বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডই   বিভাগটোৰ প্ৰতি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।  বিশেষকৈ লকডাউনৰ সময়ছোৱাত বিভাগটোৰ কৰ্মচাৰীসকলৰ পালমৰা স্বভাৱৰ বাবেই বৰ্তমান নগাঁৱৰ বহু লোকে লাভ কৰিছে বিসংগতিপূৰ্ণ বিল। নগাঁও চহৰৰ লক্ষীনগৰৰ এছ এন শইকীয়া নামৰ ব্যক্তিগৰাকীলৈ বিদ্যুৎ বিভাগে ভুলকৈ প্ৰস্তুত কৰা এখন বিল প্ৰেৰণ কৰিছিল। বিভাগটোৱে প্ৰদান কৰাত বিলত ৫০৯ ইউনিটৰ বিপৰীতে ৩০০০ টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু শইকীয়াৰ ঘৰৰ মিটাৰত থকা অনুসৰি সেইমাহত মাত্ৰ ১০৭ ইউনিটহে হৈছিল। সেয়ে শইকীয়াই শক্তি বিভাগৰ উত্তৰ হয়বৰগাঁৱৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে। শইকীয়াৰ অভিযোগৰ পিছতে বিদ্যুৎ বিভাগে শুদ্ধ বিল পঠিওৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সেই বিল আদায় দিয়াৰ প্ৰয়োজন নাই বুলিও জনায়। কিন্তু বুধবাৰে পুৱা বিদ্যুৎ বিভাগে শুধৰাই পঠিওৱা বিল চাই শইকীয়াৰ চকু কপালত উঠে। কাৰণ নতুন বিল অনুসৰি শক্তি বিভাগে ৯৯৯৯৯ ইউনিটৰ বিপৰীতে এমাহত ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা আদায় দিয়াৰ নিৰ্দেশ দিয়ে শইকীয়াক। এই বিল পোৱাৰ পিছতেই শক্তি বিভাগৰ প্ৰতি খৰ্গহস্ত হৈ পৰে অভিজিৎ শইকীয়া। পূৰ্বৰ ৩০০০ টকাৰ ভুল বিল শুদ্ধ কৰিবলৈ গৈ ৭৭ লাখ টকাৰ বিল লাভ কৰাৰ পিছত স্বাভাৱিকতেই হতভম্ব হৈ পৰে গ্ৰাহকজন। একেদৰে চামগুৰি শক্তি বিভাগেও যথেষ্ট লোকক ভুলকৈ উচ্চহাৰত বিল প্ৰদান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যোৱা ৪ মাহে পুৰণিগুদাম বৰপানীগাঁৱৰ মৃত চন্দ্ৰকমল বৰাৰ নামত থকা বিদ্যুৎ সংযোগৰ বিপৰীতে বিল নহাত অভিযোগ দিছিল তেঁওৰ পত্নী বিনু বৰাই। সেই অভিযোগৰ পিছতেই চামগুৰি শক্তি বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ বিসংগতিপূৰ্ণভাৱে ১৬ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰে। একেদৰেই নগাঁৱৰ পানীগাঁও চাৰিআলিৰ প্ৰৱাল শৰ্মা নামৰ ব্যক্তিগৰাকীকো বিদ্যুৎ বিভাগে এমাহৰ বিলৰ বাবদ ১ লাখ ৬৭ হাজাৰ টকাৰ বিল আদায় দিয়াৰ নিৰ্দেশ দিছে। এইদৰেই বিভাগটোৰ কৰ্মচাৰী সকলৰ অৰ্কমণ্যতা আৰু নাভূত-নাশ্ৰুত কাণ্ডই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে নগঞা ৰাইজক।

গুৱাহাটীৰ কৰ’না হটস্পট ফাঁচিবজাৰ । মংৰু ছাহানীৰ জৰিয়তে আক্ৰান্ত ১৫ জন। ৰাজ্যত কৰ’নাক্ৰান্ত বাঢ়িল ৮০ লৈ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

অসমৰ ব্যৱসায়ৰ ৰাজধানী ফাঁচিবজাৰ হ’লগৈ কৰ’না সংক্ৰমনৰো মুখ্যস্থান।দুদিনৰ পুৰ্বে হোটেলৰ কৰ্মচাৰী তথা যোৱা ৫ মে’ত উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহিছিল মংৰু ছাহানী।এতিয়া এইজনৰ জৰিয়তে কৰ’না বিয়পিল ১৫ জনলৈ।আৰু কেবাজনৰো ফলাফল পাবলৈ আছে।এই ১৫ জনৰ জৰিয়তে কিমানলৈ সংক্ৰমণ হ’ল সেই তথ্য পোহৰলৈ আহিবলৈ বাকী আছে।উল্লেখ্য যে গুৱাহাটীত মনিষ তিব্ৰিৱাল,দীপিকা নাথ, বৰদা দাস, দেবৰাজ আচাৰ্য, ডাঃ দীপা ডেকা আৰু ডাঃ লিথিকেশ ডি এছৰ পিছত ফাঁচিবজাৰৰ মংৰু ছাহানী হৈছিল আক্ৰান্ত।মংৰুৰ সংস্পৰ্শলৈ অহা ৪৯ জনক কোৱাৰেন্টাইন কৰা হৈছে আৰু ইয়াৰে ১৫ জনৰহে ফলাফল ওলাইছে।মংৰুৰ সংস্পৰ্শলৈ অহা ৰিক্সাচালক,অটো চালক, আদিৰ অনেকৰ পৰীক্ষা কৰা হোৱা নাই। গতিকে অতি ভয়ংকৰ ক্ষণত উপনীত হৈছে গুৱাহাটী মহানগৰী।।।।

দিল্লীৰ পৰা আহিল ৪ বাছ শিক্ষাৰ্থী, ৰে’লেৰে ১২০০ যাত্ৰী, ষ্টেচনত তৎপৰ আৰক্ষী-চিকিৎসাকৰ্মী। ৰোগী কঢ়িয়াই চেন্নাইৰ পৰাও আহিল বিশেষ ৰেলগাড়ী। কোটাফেৰৎ ছাত্ৰীৰ গুৰুতৰ অভিযোগ।

  দৈনন্দিন বাৰ্তা প্ৰতিবেদন

ধাৰাবাহিক ভাবে আহি আছে অসমলৈ বহিৰাজ্যত আবদ্ধসকল। অহা ২৪ ঘন্টাত কমেও তিনিহাজাৰজন সোমাব অসমত।উল্লেখ্য যে চাৰিখন বাছত বিয়লি গুৱাহাটী পালেহি ১২০ জন ছাত্ৰ-ছাত্ৰী আৰু সহায়কাৰীসকল।দিল্লীৰ ভিন ভিন বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল এইসকল।আজি সন্ধিয়া দিল্লীৰ পৰা বাৰশ যাত্ৰীসহ ৰাজধানী এক্সপ্ৰেছ নামৰ ৰেলগাড়ীখন প্ৰবেশ কৰিব অসমত।নিউজলপাইগুৰি পাৰহৈ কোকৰাঝাৰ,গুৱাহাটী,লামডিং,ডিমাপুৰ,মৰিয়নী হৈ উপস্থিত হ’বগৈ ডিব্ৰুগড়ত।অহা এসপ্তাহলৈ প্ৰতিদিনে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলিব যাত্ৰীবাহী ৰেল।একেদে ৰোগী, আত্মীয় আৰু আন একাংশক লৈ আজি অসম সোমাব চেন্নাইৰ পৰা অহা আন এখন বিশেষ ৰেলগাড়ী।ইয়াত ৪৬০ জন অসমৰ লোক আহিছে।এনেকৈ কেতিয়াবা বাছ,ব্যক্তিগত বাহন,আৰু কেতিয়াবা ৰেলৰ জৰিয়তে অসমলৈ আহি আছে লকডাউনত আবদ্ধ সকল।অসমত উপস্থিত হোৱাৰ লগে লগে আৰক্ষী,চিকিৎসাকৰ্মী আদি তৎপৰ হৈ আছে।প্ৰথমতে আস্থানত স্ক্ৰীনিং,স্বাস্থ্যপৰীক্ষা,কোৱাৰেন্টাইন আদি সকলো পদক্ষেপলৈ সাজু হৈ আছে।গুৱাহাটীত হোটেল ৰেডিছন ব্লু, হোটেল প্ৰগতিমেনৰ ,সৰুসজাই চেন্টাৰ আদিত কোৱাৰেন্টাইন কৰা হ’ব।ইফালে এপষেকৰ পূৰ্বে ৰাজস্থানৰ কোটাৰ পৰা অহা প্ৰায় চাৰিশ শিক্ষাৰ্থীৰ অধিকাংশ মুক্তহৈ ঘৰলৈ গ’ল।কিন্তু হোটেল বন্দনাত থকা একাংশ ছাত্ৰীক আবদ্ধ কৰি ৰাখি অযথা হোটেলৰ বিল বৃদ্ধি কৰিব খোজাৰ অভিযোগ আনিছে ভুক্তভোগী ছাত্ৰীয়ে।সামাজিক দূৰত্ব উলংঘা কৰা,লেতেৰা পৰিবেশ আদিত তেওঁলোকক আবদ্ধ কৰি ৰখাৰ লগতে স্বাস্ব্য পৰীক্ষাৰ প্ৰতিবেদন নহা কাৰ্যত এইসকল ক্ষুব্ধ হৈ পৰিছে। সেয়ে বিষয়টো হস্তক্ষেপৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে।।

ডুমডুমাত দিল্লীৰ বস্কনেট এন্ড আইডা-ৰ খাদ্য সামগ্ৰী বিতৰণ

ডুমডুমা

 দিল্লীস্থ বস্কনেট এন্ড আইডা নামৰ সংগঠনটোৱে মাৰেলী ইন্ডিয়াৰ সহযোগত বুধবাৰে লকডাউনত বিধস্ত ডুমডুমা চহৰৰ ২৫ টা পৰিয়ালক একোটা গধুৰ খাদ্য সামগ্ৰীৰ টোপোলা দি সহায় কৰাত ডুমডুমাবাসী ৰাইজে সংগঠন দুটাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে৷ ডুমডুমা নাট্য মন্দিৰ প্ৰাংগণলৈ ফাদাৰ নবৰ নিজে আহি আনুষ্ঠানিকভাৱে এইবোৰ বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয়ভাৱে এছ টি চি পি ৱাই নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মীসকল ক্ৰমে ৰমেশ গোস্বামী, গীতা গোস্বামী, ডাঃ আচমা গজনৱী, চম্পা ৰাও মোহন, চিত্ৰা হাজৰিকা আৰু ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অৰ্জুন বৰুৱাই সহযোগিতা আগবঢ়ায়৷