Home Blog Page 769

১৫দিন ধৰি গাওঁবাসীয়ে গা-ধোবা নাই

মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ এটি গাঁৱত ভয়ংকৰ পৰিস্থিতি । প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত শুকাই গৈছে কুঁৱা-নদীৰ পানী । খাবলৈ নাই পানী, পানীৰ অভাৱত ১৫ দিনে গা ধুৱ পৰা নাই গাওঁবাসীয়ে । এটুপি পানীৰ বাবে ওৰে দিন শাৰী পাতিও পোৱা নাই প্ৰয়োজনীয় পানী ।দুই-এটা কুঁৱাৰ পৰা সামান্য পৰিমানকৈ ওলোৱা লেতেৰা-বোকাময়, বিষাক্ত পানীক লৈয়ো হেতাওঁপৰা । গাওঁবাসীয়ে বিশুদ্ধ খোবা পানী সংগ্ৰহ কৰাৰ বাবে ২/৩কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগে ৷ ফলত এক হাহাকাৰ আৰু যমৰ যাতনা পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে গাওঁ খনত । ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ দলনিগাঁৱত অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উৎকট গৰমত গাওঁ খনত থকা কুঁৱা আৰু নদীৰ পানী শুকাই গৈছে । পাহাৰীয়া অঞ্চলটোত কুঁৱা আৰু নদীৰ পানীয়ে এক মাত্ৰ ভৰসা । তেনে স্থলত পানী শুকাই যোৱাৰ ফলত গাঁৱত হাহাকাৰ অৱস্থা হৈছে । গাঁৱৰ ৮খন কুঁৱাৰ ভিতৰত দুই-এটা কুঁৱাত ২-৩ ঘন্টা মূৰে-মূৰে সামান্য পৰিমানকৈ লেতেৰা-বোকাময় পানী জমা হয় । সেই বিষাক্ত পানীৰ বাবে এইদৰে হেতাওঁপৰা লাগে । প্ৰয়োজনীয় কামখিনি কৰিবৰ বাবে এইদৰে পানীৰ বাবে শাৰী পাতিও বিমুখ হ’বলগীয়া হয় । গাওঁ খনৰ ওচৰতে থকা নদীৰ পানীও শুকাই মৰুভূমি সদৃশ হৈ আছে । ফলত দলনিগাঁৱৰ ৰাইজ উপায়হীন হৈ পৰিছে । ভাত ৰান্ধিবলৈ সামান্য পৰিমানকৈ ওলোৱা লেতেৰা-বোকাময় পানীয়ে ফিল্টাৰ কৰি ব্যৱহাৰ কৰে । পানীৰ অভাৱত গাওঁ খনৰ লোকসকলে আজি প্ৰায় ১৫ দিনে গা- ধুব পৰা নাই । গাঁৱখনত চৰকাৰৰ “হৰ ঘৰ নল ,হৰ ঘৰ জল” আঁচনিৰ জলজীৱনেও এতিয়ালৈ ঢুকি পাবলৈ সক্ষম হোৱা নাই । স্থানীয় বিধায়ক চৰন বড়ো, বিটিআৰ চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈ দলনিগাঁৱৰ ৰাইজৰ খবৰ লবলৈ আহৰি নাই । গাওঁ খনত বিশুদ্ধ খোৱা পানীৰ বাবে শীঘ্ৰেই ব্যৱস্থা কৰিবলৈ বিটিআৰ চৰকাৰ,অসম চৰকাৰক অনুৰোধ ৰাইজৰ ।

চাৰিচকীয়া বাহনত হেলমেট নিপিন্ধাৰ বাবে জৰিমনা ১০০০ টকা ! মহকুমা আৰক্ষী বিষয়াৰ ওচৰত লিখিত অভিযোগ ভুক্তভোগীৰ…

👉🏻 চাৰিচকীয়া বাহনত হেলমেত নিপিন্ধাৰ বাবে জৰিমনা 1000 টকা ।
👉🏻 সাংবাদিকক মিছা চালান প্ৰেৰণ কৰি বিপদত আৰক্ষী।
👉🏻 মহকুমা আৰক্ষী বিষয়াৰ ওচৰত লিখিত অভিযোগ ভুক্তভোগীৰ

👉🏻 আদালতৰ কাষ চপাৰ চিন্তা ভুক্তভোগীৰ ।

নাজিৰাৰ এজন সাংবাদিকৰ ( AS04-M 6524 ) চাৰি চকীয়া গাড়ী নাজিৰাৰ ঘৰত থকাৰ সময়তে আহিল এখন আচৰিত চালান চন্তক থানাৰ পৰা। যে বাহন চলাওটে হেলমেট নিপিন্ধাৰ বাবে 1000 টকা জৰিমনা।
এই আচৰিত ঘটনাটো সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰা আমোলাপট্টি নিবাসী সাংবাদিক নয়নমণি ভৰদ্বাজ ফুকনৰ । নিজ বাসভৱনৰ গেৰেজত থকা সময়তে চন্তক থানাৰ পৰা যোৱা কালি সন্ধিয়া এখন ই চালান আহে যে
Riding without helmet by both driver and Pillion ( 194D ) [ Fine 1000 ]


আজি লৈকে উক্ত গাড়ী খন চন্তক দিশত চলাই যোৱাই নাই ভোক্তভোগিয়ে । উক্ত ই চালান খন প্ৰেৰণ কৰিছিল চন্তক থানাৰ পৰা ধনজিত ডেকা নামৰ কোনো আৰক্ষী বিষয়াই। চালান খনত নাছিল বাহনৰ এখনো ফটো। কাৰণ চালান খন আছিল মিছা, এই অভিযোগ ভোক্তভোগীৰ। উক্ত বিষয়টো সম্পৰ্কে নাজিৰাৰ মহকুমা আৰক্ষী বিষয়াক তৎকালীন ভাবে অৱগত কৰে নয়নমণি ভৰদ্বাজ ফুকনে ।

এনে ধৰণৰ ভুল যাতে অনাগত দিনত আন কোনো আৰক্ষীয়ে নকৰে সেই ভাবি নাজিৰা মহকুমা আৰক্ষী বিষয়াক চন্তক থানাৰ ধনজিত ডেকাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিলে নয়নমণি ভৰদ্বাজ ফুকনে । সাধাৰণ জনতা হয়তো এনেকৈ সমস্যাৰ সন্মুখীন হয় কাণ্ড-জ্ঞানহীন কিছুমান আৰক্ষীৰ বাবে। নাজিৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়াই ধনজিত ডেকাৰ বিষয়ে কি ব্যৱস্থা লয় সেয়া লক্ষ্যনীয় হ’ব অনাগত দিনত।

জবকাৰ্ডে কাল হ’ল বিলাসীপাৰা হাজাৰিপাৰাৰ তিনি যুৱকৰ…

ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত ফুটকিবাৰী গাওঁ পঞ্চায়তৰ পঞ্চায়ত সদস্যা আঞ্জুমা বেগমৰ স্বামী খালেক আলী পুৱা ৮ মান বজাত কহিনুৰ ইছলামৰ ঘৈনিয়েকৰ জৱ কাৰ্ডৰ উপাৰ্জিত ধন বিচোৰাত বেংকৰ পাচবুকত টকা নোসোমোৱাৰ বাবে টকা দিব নোৱাৰাৰ ফলত জৱকাৰ্ডৰ গৰাকীৰ স্বামী কহিনুৰ ইছলামৰ লগত তৰ্ক যুদ্ধ লাগি প্ৰানে মৰাৰ ভাবুকি দি ঘৰ লৈ আহে পঞ্চায়ত সদস্যাৰ স্বামী খালেক আলী। এই খিনি লৈ ঠিকে আছিল। খন্তেক সময় পিছতে আনুমানিক পুৱা ৯ মান বজাত কহিনুৰ ইছলাম লক্ষীগঞ্জ অবস্থিত নিজ দোকান লৈ আহি থাকোঁতে খালেক আৰু তাৰ নিজ পুত্ৰ ইমদাদুল আৰু তাৰ পৰিয়ালৰ লোকে কহিনুৰ ইছলামক আগছি ধৰি অপুৰ্জ পৰিমাণে চোকা অস্ত্ৰৰে পেটত আঘাত কৰি প্ৰানে মৰাৰ চেষ্টা চলায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

চোকা অস্ত্ৰ পেটত সুমুৱাই দিয়াৰ লগে লগে কহিনুৰ ইছলাম মাটিত বাগৰি পৰে আৰু সেই সুযোগতে খালেক নামৰ ব্যক্তি গৰাকীৰ পুত্ৰ ইমদাদুলে হেলমেটেৰে মৰিয়াই মৰিয়াই শেষ পৰ্যায়লৈ লৈ যায় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।এই দূৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলী লৈ লৰ মাৰে কহিনুৰ ইছলাম সৰু ভায়েক ৰফিকুল ইছলাম। খালেকৰ পুত্ৰ ইমদাদুলে সেই একে চোকা অস্ত্ৰৰে ৰফিকুলৰ শৰীৰত আঘাত কৰে যদিও ভিতৰত প্ৰবেশ নকৰাৰ ফলত জীবন ৰক্ষা পৰে। আচৰিত কথা এই যে সমগ্ৰ ঘটনা অজ্ঞাত কহিনুৰ ইছলামৰ তৃতীয়

ভায়েক ইছলাম ছফিকুল ইছলাম এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ওচৰতে থকা এখন মেকাৰৰ দোকানত নিজৰ মটৰচাইকেল খন মেৰামতি কৰাৰ বাবে ৰখাৰ লগে লগে খালেকৰ পুত্ৰ ইমদাদুলৰ হাতত থকা বাইকৰ টায়াৰ খোলা ৰোড ডাল দেখা পাই তাৰ হাতৰ পৰা কাঢ়ি লৈ খালেকৰ মাকৰ হাততে দি ঘৰ লৈ লৈ যোৱাৰ বাবে অনুৰোধ জনায়। সেই সময় লৈকে কহিনুৰ ইছলাম ভায়েক ছফিকুলে নাযানে যে পৰি থকা যুৱক দুজনে তেওঁৰেই নিজৰ ভায়েক। সেই সুযোগতে আকস্মিক ভাবে খালেক আলীয়ে সেই হাতত থকা চোকা অস্ত্ৰৰে ছফিকুলক আঘাত কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সম্প্ৰতি তিনি জন ভায়েক ককায়েক কোকৰাঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাৰ ভিতৰত প্ৰথম আঘাতপ্ৰাপ্ত কহিনুৰ ইছলামৰ অবস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম আৰক্ষীক কোনো প্ৰকাৰে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে কোৰযোৰে অনুৰোধ কৰিছে।

বিৰোধী আঞ্চলিক শক্তিৰ মিত্ৰতাৰ গুৰি ধৰিব অজিত কুমাৰ ভূঞাই! বিধায়ক অখিল গগৈৰ ‘মিলন সূত্ৰ’ক লৈ সন্দিহান লুৰিণজ্যোতি…

চৰ্চা চলাৰ দৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নহয়, জাতীয় দলৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বতহে আগন্তুক সময়ত অসমত বিৰোধী আঞ্চলিক শক্তি সমূহ একত্ৰিত হ’ব৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কৰা মন্তব্যই ইয়াৰ ইংগিত দিছে ৷ লুৰীণজ্যোতি গগৈৰ মন্তব্যই স্পষ্ট কৰি দিছে যে বিধায়ক অখিল গগৈৰ “ মিলন সুত্ৰ” ক লৈ তেওঁ সন্দিহান হৈ পৰিছে৷ উল্লেখ্য, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হোৱাৰ পোষকতা কৰিছিল। এই উদ্দেশ্যে লুৰীণজ্যোতি গগৈ, অজিত ভূঞা আৰু অখিল গগৈৰ মাজত কেইবাবাৰো বৈঠকো অনুষ্ঠিত হৈ গৈছে৷ কেইবাখনো বৈঠকত অংশগ্রহণ কৰিছিল। অখিল গগৈয়ে নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক দুয়োটা দল একলগ হোৱাৰো প্ৰস্তাৱ দিছিল।

নিৰ্বাচনৰ ভোটগ্রহণৰ পাছতে এই প্রক্রিয়া ত্বৰান্বিত হৈছে আৰু দুয়োটা পক্ষ এই লৈ কিছু দূৰ আগবঢ়াও পৰিলক্ষিত হৈছে। অখিল গগৈৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত অনুষ্ঠিত দলৰ এক কৰ্মনিৰ্ধাৰণত ৰাজ্যৰ আঞ্চলিক ৰাজনীতি শক্তিশালীকৰণৰ ক্ষেত্ৰত এক উমৈহতীয়া মঞ্চ গঠনৰ বাবেও ঐক্যমতত উপনীত হয়। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বাৰম্বাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একগোট হোৱাৰ কথা কৈ আহিলেও শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দুয়োটা দল একত্রিতকৰণৰ বিপৰীতে ৰাজ্যৰ জাতীয়তাবাদী ভাবাপন্ন আঞ্চলিক ৰাজনৈতিক দলসমূহ একেখন মঞ্চতে সমবেত হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লুৰীণজ্যোতি গগৈয়ে কয় যে এটা শক্তিশালী ৰাজনৈতিক মঞ্চ গঠনৰ জৰিয়তেহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাব। ৰাজ্যৰ আঞ্চলিক ভাবাপন্ন কিন্তু বিভিন্ন আদর্শগত চিন্তা-চেতনা থকা ৰাজনৈতিক দলসমূহে একলগ হোৱাৰ ক্ষেত্ৰত কিছুমান সমস্যা থাকে। সেয়েহে সকলো আঞ্চলিক ৰাজনৈতিক দল একগোট হোৱাতকৈ একেখন মঞ্চৰ অধীনলৈ আহি জাতীয়তাবাদী শক্তিক অধিক শক্তিশালী কৰাটো বাঞ্ছনীয়। অসমত আঞ্চলিক ৰাজনৈতিক শক্তি কেৱল দুই গগৈৰ ওপৰতে নিৰ্ভৰ নকৰে বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে আৰু কয় যে অসমত আহোম, কছাৰী, তিৱা, মিচিং, ৰাভা আদি বিভিন্ন ধৰণৰ জাতি-জনগোষ্ঠী আছে আৰু এইসকলক লৈহে অসমৰ জাতীয়তাবাদী চিন্তাটো গঢ় লৈ উঠিছে।

এই সন্দর্ভত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একেখন মঞ্চৰ অধীনলৈ আনি শক্তিশালী কৰাৰ যি প্ৰস্তাৱ আগবঢ়াইছে, সেই প্রস্তাৱ বিজ্ঞানসন্মত আৰু বাস্তৱসন্মত। গতিকে অজিত ভূঞাৰ প্ৰস্তাৱৰ আধাৰতে আমি আগবঢ়াটো উচিত। উল্লেখ কৰিব পাৰি যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰিকৰণ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰস্তাৱ দাঙি ধৰি ৰাইজৰ দল একত্ৰিকৰণক লৈ সন্মত আৰু এতিয়া বল অসম জাতীয় পৰিষদৰ ক’ৰ্টত বুলি মন্তব্য কৰিছিল। যদিহে অসম জাতীয় পৰিষদ এই লৈ সন্মত হয়, তেনেহ’লে এটা নতুন ৰাজনৈতিক দলৰ জৰিয়তে বিজেপিবিৰোধী অৱস্থান শক্তিশালী কৰিব পৰা যাব। অখিল গগৈৰ এই মন্তব্যৰ পাছতে আজি লুৰীণজ্যোতি গগৈয়ে অখিল গগৈৰ এই প্ৰস্তাৱৰ বিপৰীতে ৰাইজৰ সৰু-বৰ সকলো আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিত বিশ্বাস কৰা দলক লৈ এখন উমৈহতীয়া মঞ্চৰ পোষকতা কৰে।

চাপৰ ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ! একেটা পৰিয়ালৰে বহু কেইজন লোক আঘাতপ্ৰাপ্ত…

চাপৰ ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট । সীমা বিবাদক লৈ দুই ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা । মাৰপিটৰ ফলত একেটা পৰিয়ালৰে বহু কেইজন লোক আঘাতপ্ৰাপ্ত হয় ।

আঘাতপ্ৰাপ্ত হোৱা লোককেইজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় ।

আঘাতপ্ৰাপ্ত লোকসকল ক্ৰমে আব্দুল খালেক,আচাদুল ইছলাম,চামিদুল ইছলাম আৰু সহিদুল ইছলাম ।

ইয়াৰে সহিদুল ইছলাম নামৰ যুৱকজনৰ অৱস্থা গুৰুতৰ হোৱাত বঙাইগাঁওলৈ প্ৰেৰণ কৰে

উক্ত ঘটনা সন্ধৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

এডাল প্ৰকাণ্ড ঐশ্বৰিক শিলিখা গছ চাবলৈ ভক্তই ভিৰ কৰিছে শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰত…

এডাল প্ৰকাণ্ড ঐশ্বৰিক শিলিখা গছে আৱৰি ৰাখিছে মৈৰাবাৰীৰ শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰৰ মণিকূট। মৈৰাবাৰীত অৱস্থিত শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰৰ মণিকূটৰ গাতে লাগি থকা এডাল শিলিখা গছ। শিলিখা গছডালৰ বয়স প্ৰায় দুশ বছৰ। গছ ডাল আজিৰ দিনত সকলো ভক্তপ্ৰাণ লোকৰ কৌতুহলৰ কাৰণ হৈ পৰিছে।

কিয়নো আজিৰ পৰা চাৰি বছৰ পূৰ্বে গছডাল মৃতপ্ৰায় অৱস্থাত আছিল। অঞ্চলটোৰ লোকে বহু চেষ্টা কৰিও গছডালক জীয়াই তুলিবলৈ সক্ষম হোৱা নাছিল। যদিও ভগৱানৰ ঐশ্বৰিক কৃপা আৰু একাংশ প্ৰকৃতিপ্ৰেমী লোকৰ প্ৰচেষ্টাত গছডালে পুনৰ প্ৰাণ পাই উঠিছে বুলি বিশ্বাস ৰাইজৰ। গছডাল চাবলৈ এতিয়া ভিৰ কৰিছে ভক্তগণে।

আনহাতে মৈৰাবাৰীৰ শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰত থকা অন্যান্য গছবোৰকো সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।

চিলাপথাৰত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ চেঙাজান আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন…

অসমৰ অন্যতম হিন্দু-বাঙালী জনগোষ্ঠীৰ জাতীয় সংগঠন বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ চিলাপথাৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। চেঙাজান বজাৰত পৌৰহিতৰ মন্ত্ৰচাৰণ আয়তিৰ উৰুলিৰে এক উখল-মাখল পৰিৱেশৰ মাজত অধিৱেশন স্থলীত স্থাপন কৰা হয় লাইখুঁটা।

অহা ৮ আৰু ৯ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা অধিৱেশনত হিন্দু বাঙালী সকলৰ জলন্ত-সমস্যা ডি ভোটাৰ, ভুমি পট্টা, বিদেশী সমস্যাৰ উপৰিও জোনাই সমষ্টিৰ বানবিদস্ত চেঙাজান অঞ্চলৰ বান-গৰাখহনীয়া ওপৰত বেছি গুৰুত্ব আৰোপ কৰি মুকলি সভাত আলোচনা কৰা হব। অধিৱেশনৰ মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল সংগঠনক আমন্ত্ৰণ কৰা জনোৱা হ’ব। অধিৱেশনখনি সাফল্য মণ্ডিত কৰিবলৈ সকলো ৰাইজক সহযোগিতাত আগবঢ়ায় নিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে।

গুৱাহাটীৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত ব্যতিক্ৰমী ৰূপত কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন…

সনাতন হিন্দু ধৰ্ম-দৰ্শন, সভ্যতা-সংস্কৃতি আৰু মান-মৰ্যাদাৰ হেতু প্ৰতি পল কাম কৰি থকা অসমৰ অগ্ৰণী সংগঠন “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ ২৬ মে’ৰ দিনা অসম সাহিত্য সভাৰ গুৱাহাটীৰ “জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদন”ত এক ব্যতিক্ৰমী ৰূপত “প্ৰতিষ্ঠা দিৱস” পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস বুলি হাজাৰ হাজাৰ কাৰ্যকৰ্তাক একগোট কৰি এক বৃহৎ অধিৱেশন পাতি অসমৰ ৰাইজক আমাৰ সাংগঠনিক শক্তি দেখুৱালে অসম তথা সনাতন সমাজৰ কোনো ফল নধৰে; যদি তাৰ পৰা আমি সমাজলৈ কোনো ধৰণৰ প্ৰগতিশীল বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰোঁ। আজি নিতৌ সংগঠনৰ জন্ম হৈছে। নিতৌ মৰিছে। কিন্তু, সমস্যা সমূহ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বাঢ়িছেহে। গতিকে, কুটুম্ব সুৰক্ষা পৰিষদ-এ সদায় নিজকে সমাজৰ বিষয় সমূহৰ প্ৰতি দায়বদ্ধ বুলি প্ৰমাণ কৰি আহিছে। আমাৰ বাবে ধৰ্ম আৰু সমাজ প্ৰথম আৰু প্ৰধান। গতিকে, আমি গতানুগতিক সাংগঠনিক অধিবেশন বা তেনেধৰণৰ কাৰ্যক্ৰমৰ বিপৰীতে বৰ্তমান সময়ত আমাৰ সমাজক “তন্ত্ৰ-মন্ত্ৰ”ৰ নামত বিপথে পৰিচালিত কৰি আমাক অন্ধকাৰ লৈ পৰ্যৱসিত কৰা এক অতি গুৰুত্বপূৰ্ণ বিষয় তন্ত্ৰ সাধনাৰ ওপৰত আমি অসমৰ বিশেষজ্ঞ সমূহৰ সৈতে আলোচনা কৰি এক ইতিবাচক দিক নিৰ্ণয়ৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।” পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি সত্য ৰঞ্জন বৰাই এইদৰে কয়।

“প্ৰাচীন কামৰূপৰ তন্ত্ৰ সাধনা আৰু আজিৰ অসম” শীৰ্ষক ২৬ মে’ৰ দিনা হৈ যোৱা সভা খনত বিষয়বস্তু বিশেষজ্ঞ হিচাপে উপস্থিত থাকে আচাৰ্য শ্ৰী ৰোহিনী বল্লভ গোস্বামী, মা কামাখ্যা শক্তিপীঠৰ অনন্য উপাসক-তন্ত্ৰ সাধক শ্ৰীতাৰিণী প্ৰসাদ শৰ্মা, কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ৰ বেদান্ত দৰ্শন বিভাগৰ অধ্যাপক শ্ৰীসুনিতী বল্লভ গোস্বামী, মা কামাখ্যা শক্তিপীঠৰ সৰু দলৈ শ্ৰীহিমাদ্ৰী শৰ্মা আৰু মায়ং তন্ত্ৰ গৱেষক শ্ৰী লুকেন্দ্ৰ হাজৰিকা। উক্ত সভাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় শতাধিক জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে আৰু আলোচনাত প্ৰত্যক্ষ ভাৱে অংশগ্ৰহণ কৰে আৰু প্ৰতিগৰাকী লোকেই আজিৰ সময়ত অতিকৈ প্ৰাসংগিক হৈ পৰা আলোচনা সভা খনি আয়োজন কৰাৰ হেতু কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাক ভূঁয়সী প্ৰশংসা কৰে। উক্ত সভাত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা “তন্ত্ৰ-মন্ত্ৰ বিধেয়ক” প্ৰসংগত বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অনাগত দিনত তন্ত্ৰ সাধনাৰ ধাৰা বৈজ্ঞানিক ভিত্তিত আগুৱাই নিবলৈ আৰু বজাৰত উপলব্ধ তান্ত্ৰিকৰ বেশত থকা লুলুপ আততায়ী সমূহৰ পৰা সাধাৰণ জনতাক মুক্ত কৰিবলৈ বিশেষ কাৰ্যপদ্ধতি নিৰ্ধাৰণৰ হেতু এখনি আহ্বায়ক সমিতি গঠন কৰা হয়। অসম চৰকাৰৰ “তন্ত্ৰ-মন্ত্ৰ” বিষয়ক আইনৰ ওপৰত সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে যদি “তন্ত্ৰ-মন্ত্ৰ” কৰা মানেই অপৰাধ হয়; তেনে হ’লে মা কামাখ্যা মন্দিৰ বন্ধ কৰি দিব লাগিব; কোনো ধৰণৰ পূজা-যজ্ঞ আদি আয়োজন কৰিব নোৱাৰিব; সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনৰ যি বৈদিক সিদ্ধান্ত সেই সিদ্ধান্ত সমূহ নোহোৱা কৰি পেলাব লাগিব; ঋগ্বেদৰ দৰে বিজ্ঞানৰ সমল গ্ৰন্থ পৰ্যন্ত আমি নোহোৱা কৰি পেলাব লাগিব। গতিকে, এনে কথা চূড়ান্ত অজ্ঞানতা আৰু সনাতন হিন্দু ধৰ্ম-দৰ্শনৰ চূড়ান্ত পৰিপন্থী। “চৰকাৰে কোনোবাই তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা বেয়া কাম কৰিছে, সমাজ অহিত কাম কৰিছে, তেনে লোকক শাস্তি দিয়ক। আমাৰ ক’বলগীয়া নাই। কিন্তু, “তন্ত্ৰ-মন্ত্ৰ” এই শব্দ কি প্ৰয়োগ কৰিলে সেই বিষয়ত স্পষ্টকৈ উল্লেখ কৰিব লাগে আৰু খুব সোনকালে সেই শব্দ আইনখনৰ পৰা বাতিল কৰি অন্য শব্দ প্ৰয়োগ কৰক।” আলোচনা সভাত নিজৰ বক্তব্যত এইদৰে কয় আচাৰ্য শ্ৰী ৰোহিনী বল্লভ গোস্বামীয়ে।


অধ্যাপক শ্ৰী সুনীতি বল্লভ গোস্বামী এই প্ৰসংগত কয় যে — “তন্ত্ৰ-মন্ত্ৰ”ৰ তাৎপৰ্য নীতি নিৰ্ধাৰণ কৰা সকলে হয়তো বুজি পোৱা নাই। গতিকে, তেখেত সকলে জগতৰ কল্যাণকাৰী বিষয়বোৰ যোগ্য জনৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। তন্ত্ৰ শব্দ ইমান তৰল নহয়। তন্ত্ৰ মানে এক কথাত ব্যৱস্থা। যেনেকৈ গণতন্ত্ৰ, সমাজতন্ত্ৰ ইত্যাদি। মন্ত্ৰ মানে হ’ল শব্দৰ মনন কৰা। গতিকে, এই কথাবোৰৰ তাৎপৰ্য চৰকাৰে উপলব্ধি কৰক আৰু বিক্ষিপ্ত ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে দুষ্ট লোকক শাস্তি দিবলৈ কিবা আইন কৰে কৰক। আমাৰ তাত ক’বলগীয়া নাই। কিন্তু “তন্ত্ৰ-মন্ত্ৰ” ৰ প্ৰয়োগ ভুল হৈছে; সেয়া তেওঁলোকে পুনৰ বিবেচনা কৰি শুদ্ধ কৰক।”

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ “জয়ন্ত কুমাৰ-লখিমী বৰুৱা” প্ৰেক্ষাগৃহত আয়োজিত সভাত বৰ্তমান সময়ত হকে-বিহকে সমাজত নিজকে “তন্ত্ৰ সম্ৰাট” “সিদ্ধ গুৰু” আদি বিভিন্ন বিশেষণেৰে নিজকে পৰিচয় কৰোৱাই সাধাৰণ জনতাক কু-পথলৈ নি নষ্ট কৰা বিষয়টো খুব গভীৰ ভাৱে আলোচিত হয়। আজি বিগত কিছু বছৰৰ পৰা হোৱাই নোহাৱাই নিজকে কালী সাধক, তন্ত্ৰ সাধক বুলি ৰিচয় দি দোকান খুলি জনতাক প্ৰবঞ্চনা কৰি থকা স্বাৰ্থপৰ লোক সকলৰ প্ৰতি আজিৰ সভা যথেষ্ট কঠোৰ হয় আৰু অনাগত দিনত যাতে এইধৰণৰ কোনো দুষ্ট লোকে সমাজ নষ্ট কৰাৰ লগতে তন্ত্ৰ-মন্ত্ৰক কলুষিত কৰিব নোৱাৰে; সেই সমস্ত বিষয় সমূহ পৰ্যবেক্ষণ কৰিবলৈ এখনি আহ্বায়ক সমিতি গঠন কৰা হয়। উক্ত সমিতি খনে পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ভুক্তভোগী সমূহৰ লগতে নিজকে তন্ত্ৰ-মন্ত্ৰৰ সাধক, বিশেষজ্ঞ, সম্ৰাট আদি বুলি পৰিচয় দিয়া লোক সকল, জ্যোতিষী সমূহ, বিশেষজ্ঞ-সংগঠক সমূহক লৈ এখনি পূৰ্ণাংগ পৰ্যবেক্ষণ সমিতি জনকল্যাণৰ হেতু গঠন কৰিব।

২৬ মে’ ৰ দিনা গঠন হোৱা সভা খনত গঠন হোৱা আহ্বায়ক সমিতি খন এনেধৰণৰ:-

উপদেষ্টা:
আচাৰ্য শ্ৰী ৰোহিনী বল্লভ গোস্বামী।

আহ্বায়ক:
শ্ৰীতাৰিণী প্ৰসাদ শৰ্মা, তন্ত্ৰ সাধক -উপাসক, মা কামাখ্যা শক্তিপীঠ।

সহ-আহ্বায়ক: শ্ৰীহিমাদ্ৰী শৰ্মা, সৰু দলৈ, মা কামাখ্যা শক্তিপীঠ।

সদস্য সকল:
জ্যোতিৰ্ময় শৰ্মা
পবিত্ৰ শৰ্মা
ধীৰাজ ভট্টাচাৰ্য্য, উমানন্দ
মুনিন হুজুৰী
বিবেক মিশ্ৰ
ধ্যানবিদ বিকে দাস
গৌৰী ৰাজখোৱা (সদস্য সচিব//সমন্বয়ৰক্ষক)
জ্যোতিৰ্ময়ী দেৱী
পংকজ দেৱ শৰ্মা

সভাৰ শেষত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই কয় যে তন্ত্ৰ-মন্ত্ৰ শীৰ্ষক আইনখনক লৈ সভাৰ আলোচনা পৰিষদে অসমৰ মুখ্যমন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ আৰু মুখ্য সচিব লৈ অনতিপলমে প্ৰেৰণ কৰিব। তেওঁ লগতে কয় যে মা কালী মহাকালী, মা কামাখ্যা আৰু মায়ঙৰ তন্ত্ৰ-মন্ত্ৰৰ নামত বজাৰত দোকান খোলা সকল সাৱধান।। আপোনোকে নিজকে “তন্ত্ৰ সম্ৰাট, সিদ্ধ পুৰুষ, সিদ্ধ বাবা” আদি হোৱাৰ প্ৰমাণ আমাৰ আগত প্ৰতিষ্ঠা কৰিব লাগিব। অন্যথা, দোকান বন্ধ কৰিব লাগিব। সভাত কুটুম্ব সুৰক্ষা পৰিষদৰ সাধাৰণ সম্পাদক দিহানামৰ গুৰু অমিয়া নেওগ কলিতা, উপ-সভাপতি শ্ৰী ৰাধা দেৱী, পৰিষদৰ নগাঁও, মৰিগাঁও, বৰপেটা, গুৱাহাটী, কামৰূপ, শিৱসাগৰ, গোৱালপাৰা, দৰং, নলবাৰী আদি জিলাৰ প্ৰতিনিধি সকলৰ লগতে অসমৰ বিভিন্ন ঠাইৰ শতাধিক জ্যেষ্ঠ-যোগ্য লোকে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে পৰিষদৰ “সূত্ৰধাৰ” শীৰ্ষক কাৰ্যক্ৰম, পৰিষদৰ বঁটা প্ৰদান আদিৰ লগতে বিগত বছৰ সমূহৰ কাৰ্যক্ৰমৰ ওপৰত এক সুন্দৰ বৰ্ণনা সভাপতি সত্য ৰঞ্জন বৰাই সমূহৰ আগত তুলি ধৰে।

গাজাত ৰকেট নিক্ষেপেৰে প্ৰতিশোধ ল’লে ইজৰাইলে ! নিহত ৩৫গৰাকী পেলেষ্টাইনী…

Smoke rises following an Israeli airstrike, in Gaza City, Saturday, Oct. 7, 2023. The militant Hamas rulers of the Gaza Strip carried out an unprecedented, multi-front attack on Israel at daybreak Saturday, firing thousands of rockets as dozens of Hamas fighters infiltrated the heavily fortified border in several locations by air, land, and sea, killing dozens and stunning the country. Palestinian health officials reported scores of deaths from Israeli airstrikes in Gaza. (AP Photo/Fatima Shbair)

ইজৰাইল বাহিনীৰ আক্ৰমণত গাজাত নিহত ৩৫গৰাকী পেলেষ্টাইনী
হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলৰ প্ৰত্যাক্ৰমণ
গাজাত ৰকেট নিক্ষেপেৰে প্ৰতিশোধ ল’লে ইজৰাইলে


পুৱতি নিশা গাজাত আক্ৰমণ ইজৰাইল বাহিনীৰ
মিছাইল আক্রমণত নিহত ৩৫ গৰাকী পেলেষ্টাইনী

Smoke rises following an Israeli airstrike, in Gaza City, Saturday, Oct. 7, 2023. The militant Hamas rulers of the Gaza Strip carried out an unprecedented, multi-front attack on Israel at daybreak Saturday, firing thousands of rockets as dozens of Hamas fighters infiltrated the heavily fortified border in several locations by air, land, and sea, killing dozens and stunning the country. Palestinian health officials reported scores of deaths from Israeli airstrikes in Gaza. (AP Photo/Fatima Shbair)


মৃতসকলৰ ভিতৰত আছিল মহিলা আৰু শিশুও
আহত হৈছে ১২ জনতকৈও অধিক লোক

কালঘূৰ্ণী ৰেমালঃ সংহাৰ চলাব বংগ, অসমত! ব্যাপক সতৰ্কতা, বহু বিমান বাতিল; সাজু কৰি ৰখা হৈছে এনডিআৰএফ বাহিনী…

আকৌ আহিছে এক কালঘূৰ্ণী। পশ্চিমবংগৰ উপকূলৰ দিশে তীব্ৰ গতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ ৰেমাল। এই বাতৰি আপুনি পঢ়ি থকা সময়ত বংগত ৰেমালে সংহাৰৰ সৃষ্টি কৰিব। ইতিমধ্যে বংগৰ চৰকাৰে ৰেমালৰ আগমনৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। অসম , বংগ আদি ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। ত্ৰিপুৰাৰ লগতে উত্তৰ-পূৱৰ কেইখনমান ৰাজ্যতো বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, ঘূৰ্ণীবতাহ ‘ৰেমাল’ দেওবাৰে পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে। এনে পৰিপ্ৰেক্ষিতত উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। ঘূৰ্ণীবতাহ ‘ৰেমাল’ ৰ ফলত বাংলাদেশ আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে।

অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ মতে উত্তৰ আৰু ইয়াৰ কাষৰীয়া পূব-মধ্য বংগোপ সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ ‘ৰেমাল’ তীব্ৰতৰ হৈ পৰিছে। কৃষ্ণনগৰ- কৰিমপুৰ ৰাজ্যিক ঘাইপথ ৰেমালৰ ঘূৰ্ণীবতাহৰ ফলত পথত পৰি থকা গছ-গছনি আবদ্ধ হৈ পৰে। বিদ্যুৎ পৰিবাহী তাঁৰত পৰি গছ। বেটাই অঞ্চলৰ এটা অংশত বিদ্যুৎ সেৱা বিচ্ছিন্ন হোৱাৰ বাবে বিদ্যুৎ সেৱা বন্ধ হৈ পৰে। দুৰ্যোগৰ মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে নদিয়া জিলাত এটা কন্ট্ৰল ৰুম মুকলি কৰিছে। নম্বৰ ০৩৪৭২২৫২১০৬ লগতে ৭৫৪৮৯৭৫৩০৩। ডব্লিউ বি এছ ই ডি চি এলেও কণ্ট্ৰল ৰুম মুকলি কৰে। তেওঁলোকৰ নম্বৰ হৈছে ০৩৪৭২-২৫১১৫০। বতৰ বিজ্ঞান বিভাগৰ মতে, ই প্ৰায় উত্তৰদিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ২৬ মে’ৰ পুৱাৰ ভিতৰত উত্তৰ-পশ্চিম আৰু ইয়াৰ কাষৰীয়া উত্তৰ-পূব বংগোপ সাগৰৰ ওপৰত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হ’ব ৷ এই ঘূৰ্ণীবতাহে সাগৰীয় দ্বীপ আৰু খেপুপাৰাৰ মাজত বাংলাদেশ আৰু ইয়াৰ কাষৰীয়া পশ্চিমবংগ উপকূল অতিক্ৰম কৰিব । ২৬ মে’ৰ মাজনিশালৈ ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১১০-১২০ কিল’মিটাৰত পৰিণত হ’ব।

পূব-মধ্য বংগোপ সাগৰৰ ওপৰত চৰম পৰ্যায়ত উপনীত হোৱাত যোৱা ৬ ঘণ্টাত প্ৰতি ঘণ্টাত ১২ কিল’মিটাৰ বেগত প্ৰায় উত্তৰ দিশে আগবাঢ়িছে । ২৫ মে’ৰ সন্ধিয়া ৫.৩০ বজাত উত্তৰ আৰু কাষৰীয়া পূব মধ্য বংগোপ সাগৰৰ চাৰিওফালে ই কেন্দ্ৰীভূত হৈছিল। আইএমডিৰ মতে ঘূৰ্ণীবতাহ তীব্ৰতৰ হ’ব যাৰ ফলত প্ৰভাৱিত অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ, তীব্ৰ বতাহ আৰু ধুমুহাৰ প্ৰকোপ দেখা যাব। ইফালে, কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই শনিবাৰে ঘূৰ্ণীবতাহ ৰেমালৰ বাবে ২১ ঘণ্টাৰ বাবে বিমান পৰিচালনা স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ২৬ মে’ৰ ১২ বজাৰ পৰা ২৭ মে’ত ভাৰতীয় সময় মতে পুৱা ৯ বজালৈ বিমান পৰিচালনা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে কলকাতাত তীব্ৰ বতাহ আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।ঘূৰ্ণীবতাহ ৰেমালে পশ্চিমবংগৰ উপকূলীয় অঞ্চলত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত এন ডি আৰ এফৰ পৰিদৰ্শক জাহিৰ আব্বাছে কয় যে, তেওঁলোক ঘূৰ্ণীবতাহৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। তেওঁ লগতে কয় যে যদি ঘূৰ্ণীবতাহে প্ৰৱেশ কৰে সকলো ধৰণৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ এনডিআৰএফ সাজু। প্ৰভাৱিত হ’ব পৰা অঞ্চলবোৰ হৈছে পশ্চিমবংগ, উপকূলীয় বাংলাদেশ, ত্ৰিপুৰা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ আন কিছু অংশ। কৰ্তৃপক্ষই এই অঞ্চলসমূহৰ বাসিন্দাসকলক ২৬ মে’ৰ পৰা আৰম্ভ হ’ব পৰা প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, ঘূৰ্ণীবতাহ ‘ৰেমাল’ৰ বাবে বৰ্তমানৰ সতৰ্কবাণী ২৮ মে’ লৈকে কাৰ্যকৰী হৈ আছে, কিন্তু পৰিস্থিতিৰ প্ৰয়োজন হ’লে এই সময় বাঢ়িব পাৰে ।পশ্চিমবংগৰ উপকূলৰ দিশে তীব্ৰ গতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ ৰেমাল। প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ । ত্ৰিপুৰাৰ লগতে উত্তৰ-পূৱৰ কেইখনমান ৰাজ্যতো বৰষুণৰ সম্ভাৱনা।

বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, ঘূৰ্ণীবতাহ ‘ৰেমাল’ দেওবাৰে পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ পিছতে সংহাৰ চলাব। এনে পৰিপ্ৰেক্ষিতত উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। ঘূৰ্ণীবতাহ ‘ৰেমাল’ ৰ ফলত বাংলাদেশ আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে। অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ মতে উত্তৰ আৰু ইয়াৰ কাষৰীয়া পূব-মধ্য বংগোপ সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ ‘ৰেমাল’ তীব্ৰতৰ হৈ পৰিছে। কৃষ্ণনগৰ- কৰিমপুৰ ৰাজ্যিক ঘাইপথ ৰেমালৰ ঘূৰ্ণীবতাহৰ ফলত পথত পৰি থকা গছ-গছনি আবদ্ধ হৈ পৰে। বিদ্যুৎ পৰিবাহী গছ বাগৰি পৰিছে। বেটাই অঞ্চলৰ এটা অংশত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰে। দুৰ্যোগৰ মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে নদিয়া জিলাত এটা কন্ট্ৰল ৰুম মুকলি কৰিছে। নম্বৰ ০৩৪৭২২৫২১০৬ লগতে ৭৫৪৮৯৭৫৩০৩। ডব্লিউ বি এছ ই ডি চি এলেও কণ্ট্ৰল ৰুম মুকলি কৰে। তেওঁলোকৰ নম্বৰ হৈছে ০৩৪৭২-২৫১১৫০। ২৬ মে’ৰ মাজনিশালৈ ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১১০-১২০ কিল’মিটাৰত পৰিণত হ’ব। পূব-মধ্য বংগোপ সাগৰৰ ওপৰত চৰম পৰ্যায়ত উপনীত হোৱাত যোৱা ৬ ঘণ্টাত প্ৰতি ঘণ্টাত ১২ কিল’মিটাৰ বেগত প্ৰায় উত্তৰ দিশে আগবাঢ়িছে। ২৫ মে’ৰ সন্ধিয়া ৫.৩০ বজাত উত্তৰ আৰু কাষৰীয়া পূব মধ্য বংগোপ সাগৰৰ চাৰিওফালে ই কেন্দ্ৰীভূত হৈছিল। আইএমডিৰ মতে ঘূৰ্ণীবতাহ তীব্ৰতৰ হ’ব যাৰ ফলত প্ৰভাৱিত অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ, তীব্ৰ বতাহ আৰু ধুমুহাৰ প্ৰকোপ দেখা যাব।

ইফালে, কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই শনিবাৰে ঘূৰ্ণীবতাহ ৰেমালৰ বাবে ২১ ঘণ্টাৰ বাবে বিমানৰ চলাচল স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ২৬ মে’ৰ ১২ বজাৰ পৰা ২৭ মে’ত ভাৰতীয় সময় মতে পুৱা ৯ বজালৈ বিমান পৰিচালনা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে কলকাতাত তীব্ৰ বতাহ আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।ঘূৰ্ণীবতাহ ৰেমালে পশ্চিমবংগৰ উপকূলীয় অঞ্চলত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত এন ডি আৰ এফৰ পৰিদৰ্শক জাহিৰ আব্বাছে কয় যে, তেওঁলোক ঘূৰ্ণীবতাহৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। তেওঁ লগতে কয় যে যদি ঘূৰ্ণীবতাহে প্ৰৱেশ কৰে সকলো ধৰণৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ এনডিআৰএফ সাজু। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, ঘূৰ্ণীবতাহ ‘ৰেমাল’ৰ বাবে বৰ্তমানৰ সতৰ্কবাণী ২৮ মে’ লৈকে কাৰ্যকৰী হৈ থাকিব, কিন্তু পৰিস্থিতিৰ প্ৰয়োজন হ’লে এই সময় বাঢ়িব পাৰে।