Home Blog Page 784

Cannes Film Festivalত অভিনেত্ৰী আইমী বৰুৱা…

তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দি অভিনেত্ৰী আইমী বৰুৱাই ক’লে-

তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ। দুশ বছৰীয়া পুৰনি আৰ্হিৰ ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু,অসমীয়া গামোছা, ৰিহাৰেআৰু খোপাত কপৌফুলেৰে Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাবটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হ’লোঁ। এইদৰে সামাজিক মাধ্যমত মনৰ অনুভৱ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে দ্বিতীয় দিনাও অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা গ’ল অতি সুন্দৰ ৰূপত-

ফটো সমূহ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিলে- Cannes Film Festivalত আদিত্যমে ডিজাইন কৰা শাৰী।

তৃতীয়ল দিনাও অতি সুন্দৰ সাজসজ্জাত দেখাবলৈ পোৱা গ’ল অভিনেত্ৰীগৰাকীক।

কচুৱাত নগাঁও জিলাৰ আমছুৰ সম্বৰ্ধনা অনুষ্ঠান…

মংগলবাৰে নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছুৰ)নগাঁও জিলা সমিতিৰ উদ্যোগত কচুৱা, লংজাপ আৰু চানখোলা আঞ্চলিকৰ সহযোগত সদ্যঘোষিত অসম উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছয় শতাধিক ছাত্ৰ -ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে এক সম্বধৰ্না অনুষ্ঠান অনুস্থিত হয়। নগাঁও জিলাৰ আমছুৰ সভাপতি আব্দুল নুৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত আমছুৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু কেইজন নেতা উপস্থিত থাকি ছাত্ৰ -ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ -ছাত্ৰী সকলৰ আদৰ্শৰে আগবাঢ়ি যাবৰ বাবে আহ্বান কৰে।

আজিৰ সভাখনত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, উপ সভাপতি মুশ্বাৰফ হুছেইন কবিৰ,নগাঁও জিলা আমছুৰ সাধাৰন সম্পাদক আশ্ৰাফুল হুছেইন কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান, কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাছান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা গগন তালুকদাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ চি আৰ চি চি মতিউৰ ৰহমান, হবিবুৰ ৰহমান,আব্দুল কালাম, সমাজকৰ্মী জহুৰ আলী, লুটুমাৰীপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বকুল নাথ হোজাই জিলা আমছুৰ উপদেষ্ট মনোৱাৰ হুছেইন, মৰিগাঁও জিলা আমছুৰ উপদেষ্টা, জহিৰুল ইছলামৰ লগতে চানখোলা আঞ্চলিকৰ সভাপতি সম্পাদককে ধৰি কচুৱা, লংজাপ আৰু চানখোলাৰ সদস্যবৃন্দ উপস্থিত থাকে।

IPL ২০২৪ৰ দ্বিতীয়খন প্লেঅফ মেচত ৰাজস্থান ৰয়েলছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু…

আজি IPL ২০২৪ৰ দ্বিতীয়খন প্লেঅফ মেচত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু।

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।

আনহাতে কালি IPL ২০২৪ৰ প্ৰথমখন প্লেঅফ মেচত QUALIFIER 1ত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি IPL ২০২৪ৰ ফাইনেলত প্ৰৱেশ কলকাতা নাইট ৰাইডাৰ্ছ।

লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা

দুটা শাখাতেই লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী স্কুল শ্ৰেষ্ঠ

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰ ডি মটৰ প্ৰাঃলিঃৰ ডিলাৰৰ উদ্যোগত আজি বিভিন্ন স্কুলৰ ৮৪ জন ছাত্র ছাত্রী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাৰুতী চুজুকী কোম্পানীয়ে নতুন মডেলৰ চুইপ লঞ্চ কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে বিশেষ আমন্ত্রিত অতিথি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰক্ষী বিষয়া জিতেন্দ্র সিঙে। তেখেতৰ লগত সহযোগ কৰে লাহৰীঘাট আৰ ডি মটৰ, ডিলাৰৰ ইনচার্জ আয়েজ আলী ওৰফে ধনে। অনুষ্ঠানটিত আমন্ত্রিত অতিথি হিচাপে মৰিগাঁও জিলা মেনেজাৰ তপন দাস, এচ এম মুক্তাজ আহমেদ, টি এল ইন্দ্ৰ কমল ডেকা, টি এল নীলোৎপল দেবনাথৰ লগতে ডিলাৰৰ ষ্টাফ মেম্বাৰ সকল, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক সকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক মকবুল হুছেইন, চোৰহাব আলী, লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ অধ্যক্ষ চোলমান আলী, ডিলাৰৰ ভুমি দাতা লোকমান হেকিমৰ উপৰিও বহু স্হানীয় গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।

প্ৰতিযোগিতাত মুঠ ৭৪ গৰাকী ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰিছিল যদিও বিচাৰকৰ মূল্যায়নৰ ভিত্তিতে দুটা শাখাত অনুযায়ী ৬ জন ক্ৰমে গ্ৰোপ এ প্ৰথম লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ মিথিশৰ বৰমহেলা, দ্বিতীয় মৰিয়ম মেহবুবা আৰু তৃতীয় স্হানত জেফৰীন চুলতানা, একেই দৰে গ্ৰোপ বিতো লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ প্রথম ৰীফা তামান্না জান্নাত , দ্বিতীয় তানিয়া আহমেদ আৰু তৃতীয় স্থানত জিয়াদ আহমেদক বঁটা প্ৰদান কৰা হয়। বঁটা হিচাপে বিজয়ী ছাত্র ছাত্রী সকলক এখনকৈ মানপত্র, ট্ৰফী, আৰ ডি মটৰ প্ৰাঃলিঃ নাম থকা ফ্লাক্স প্ৰদান কৰা হয়। অৱশ্যে বিজয়ী নোহোৱা প্ৰতিযোগী সকলকো নিচুকনি বঁটা হিচাপে এখনকৈ ফ্লাক্স প্ৰদান কৰা হয়।

চিত্ৰাংকণ প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্বত আছিল লাহৰীঘাট প্ৰাঃ বিঃৰ সহকাৰী শিক্ষক মৃণাল কলিতাৰ লগতে চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ আৰু তিনি গৰাকী শিক্ষক। বঁটা প্ৰদান অনুষ্ঠানত আটাইকেইটা স্হানতে বঁটা লাভ কৰে লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ছাত্র ছাত্রী সকলে।যিহেতু নতুন মডেলৰ গাড়ী লঞ্চ কৰাৰ উদ্দেশ্যে অনুষ্ঠানটিৰ আয়োজন কৰিছিল সেইহেতু আজি আনুষ্ঠানিক ভাবে দাতিয়ালবড়ী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাইনুল হক চৌধুৰীয়ে এটা মাৰুতী চুজুকী গাড়ী বুক কৰে ।

ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন

গৰ্ভাৱস্থাত মহিলাসকলে সন্মুখীন হোৱা জটিল সমস্যা ” প্ৰিএক্লেমছিয়া” সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২২ মে’ ত পালন কৰা হয় “বিশ্ব প্ৰিএক্লেমছিয়া দিৱস” । এনে সমস্যাই গা কৰি উঠিলে গৰ্ভৱতী মহিলাগৰাকীৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে আন অংগ – প্ৰত্যংগৰ ক্ষতি সাধন কৰে। আনকি এনে সমস্যাই গা কৰি উঠাৰ ফলত বিশ্বত প্ৰতি মিনিটত বহুতো গৰ্ভৱতী মহিলাৰ মৃত্যু পৰ্যন্ত হয়। এনে জটিল সমস্যাৰ পৰা হাত সাৰিবলৈ সোনকালে পৰীক্ষা কৰি ৰোগ নিৰ্ণয় কৰাৰ লগতে এই সম্পৰ্কে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ সম্পৰ্কে অৱগত কৰোৱাৰ উদ্দেশ্যে এই দিৱসৰ আয়োজন কৰি অহা হৈছে । তাৰেই পৰিপ্ৰেক্ষিতত ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰে কাইলৈ এই দিৱস পালন কৰিব ওলাইছে। নৰ্থ ইষ্ট চেপ্টাৰৰ সভাপতি ডা: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ডাঃ জিনা বৰদলৈয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে কয় যে এই দিৱসৰ জৰিয়তে গৰ্ভধাৰণ কৰিবৰ বাবে প্ৰস্তুত মহিলা, স্বাস্থ্যকৰ্মী আৰু ৰাইজক এই ৰোগৰ পৰা হ’ব পৰা শংকা আৰু কোনবোৰ কাৰণৰ বাবে এই ৰোগ হ’ব পাৰে সেইবিষয়ে সচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ অন্যতম উদ্দেশ্য বুলি উল্লেখ কৰিছে । এনে সচেতনতা আৰু সজাগতা সৃষ্টিৰে গৰ্ভধাৰণৰ পূৰ্বে নিশ্চিত কৰা, প্ৰাৰম্ভিক পৰ্যায়তে পৰীক্ষা কৰা আৰু এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰা হৈছে।


বিশ্বৰ ৫-৮% গৰ্ভৱতী মহিলাই প্ৰিএক্লেমছিয়াত আক্ৰান্ত হয়। এই ৰোগত প্ৰসূতি আৰু নৱজাতকৰ জটিলতা আৰু মৃত্যুৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। গৰ্ভধাৰণৰ ২০ সপ্তাহ পিছত হঠাতে এনে সমস্যাই গা কৰি উঠিব পাৰে। যদিহে উপযুক্ত চিকিৎসা কৰা নহয় তেতিয়াহ’লে মাতৃ আৰু সন্তানৰ বাবে বিপদ হ’ব পাৰে। এই ৰোগে গা কৰি উঠিলে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে প্রশ্ৰাৱৰ লগত প্ৰ’টিন ,প্ৰচন্ড মুৰৰ বিষ , দৃষ্টি শক্তি সলনি হয় আৰু পেটৰ ওপৰৰ ফালে বিষ হোৱা আদি লক্ষণে দেখা দিয়ে। যদিহে এনে সমস্যাই দেখা দিয়ে তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে স্বাস্থ্যকৰ্মীৰ সৈতে যোগাযোগ ৰক্ষা কৰিব লাগে। ‘ বিশ্ব প্ৰিএক্লেমছিয়া দিৱস ‘ উপলক্ষে ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰে স্বাস্থ্য বৃত্তিৰে জড়িত সকলোৰে লগতে সমাজৰ প্ৰতি গৰাকী লোককে এই সম্পৰ্কে হোৱা শেহতীয়া গৱেষণা আৰু চিকিৎসাৰ ক্ষেত্ৰত হোৱা আধুনিক চিকিৎসা সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰিবলৈ কৈছে। ইয়াৰ লগতে প্ৰসূতি মাতৃৰ স্বাস্থ্য সেৱা নিশ্চিত কৰা তেওঁলোকে যাতে উপযুক্ত যতন লাভ কৰিব পাৰে তাৰবাবে গুৰুত্ব আৰোপ কৰিবলৈ আঁচনি প্ৰস্তুত কৰা সকলক ছ’চাইটিয়ে এই দিৱসৰ জৰিয়তে আহ্বান জনাইছে।

অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…

অসমত এতিয়া আটাইতকৈ জটিল সমস্যাটো হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ সমস্যা। সৰ্বত্ৰ জ্বলিছে মূল্যবৃদ্ধিৰ জুই। এই জুই নিৰ্বাপনৰ ব্যৱস্থা যেন এতিয়া কাৰো হাতত নাই। চৰকাৰৰো নাই। নহ’লেনো প্ৰতিদিনে বয়-বস্তুৰ মূল্যবৃদ্ধি হৈ থকাৰ পিছতো কাৰো গাৰ নোম এডালকে লৰা নাই। অৱশ্যে এই মূল্যবৃদ্ধিকো জয় কৰিব পৰা হৈ গৈছে আমাৰ অসমীয়া মানুহে। কাৰণ আমি দেখি আহিছো, যি হাৰত অসমত মৃল্যবৃদ্ধি হৈ গৈ আছে সেই ক্ষেত্ৰত সকলো নীৰৱ, কাৰো যেন গাতেই লগা নাই। এই বিষয়ক লৈ কোনেও মূৰ গৰম কৰাৰো প্ৰয়োজনবোধ কৰা নাই। যেন বস্তু মূল্য যিমানে বাঢ়ে বাঢ়ক। তাতনো কি আহে যায়। অসম এতিয়া উন্নতিৰ পথত। এতিয়া মূূল্যবৃদ্ধিৰ বাবে কাৰো অন্তৰত জুই নজ্বলে। কাৰণ এতিয়া আমাৰ একোৰে অভাৱ নাই। কেৱল ঘৰতে শুই-বহি খাই থাকিলেই হ’ল। এতিয়ানো আমাৰ কিহৰ অভাৱ। যদিও শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম, গেছ চিলিণ্ডাৰ, চাউল, দাইল, মিঠাতেল, অন্যান্য ঘৰুৱা সামগ্ৰী, পেট্ৰ’ল-ডিজেল, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে তথাপি আমি বিনামূলীয়াকৈ চাউল পাইছো, বিনামূলীয়াকৈ ঘৰ পাইছো, হোৰাহোৰে বেংকত টকা সোমায়ে আছে আৰু যে কত কি আঁচনি। ইফালেতো সকলো মহিলা লাখপতি হ’বই। আৰুণো আমাক কি লাগিছে। সকলো ফালে কেৱল সুখেই সুখ, আনন্দই আনন্দ। জয়জয়-ময়ময় অৱস্থা। এতিয়া এনে হৈছেগৈ যে আমাৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰখনৰো যেন আৰু আমাৰ প্ৰয়োজন নোহোৱা হ’ব, যেনেদৰে নানা চমক সৃষ্টি কৰি ব’বলৈ লৈছে ‘আঁচনি’ নামৰ বিশাল নৈখন। গতিকে আমাৰ সকলো ফালে সুখেই সুখ। ভৱিষ্যতে যি হয় হৈ থাকক, তাক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজনেইবা কি। আমাক বৰ্তমানটোহে লাগে। সেয়ে খাঅ’ পিঅ’ মজ কৰ’।


বৰ দুখৰ কথা যে আমাৰ এই সুবিধাবাদী চৰিত্ৰটোৰ কাৰণেই এদিন সুযোগ লৈছিল ব্ৰিটিছসকলে। তেওঁলোকে ভালদৰেই জানিছিল আমাৰ এই অসমীয়া জাতিটোৰ দুৰ্বলতা কোনখিনিত। সেয়ে তেওঁলোক অসমলৈ আহিয়েই অসমৰ চুকে-কোণে প্ৰচলন কৰিছিল ‘কানি’ নামৰ বৰবিহৰ। অসমীয়া মানুহে ইয়াকে ব্ৰিটিছসকলৰ বৰদান বুলি গ্ৰহণ কৰি কেৱল এতিয়াৰ দৰে সকলো বাদ দি কেৱল কানি খোৱাত নিমজ্জিত হৈ পৰিল। কানি খাই খাই গৌৰৱোজ্জ্বল অসমীয়া জাতি হৈ পৰিল ‘কানীয়া’, ‘সোৰোপা’, ‘এলেহুৱা’। ইফালে কানি খুৱাই চতুৰ ব্ৰিটিছসকলে আমাৰ পৰা কাঢ়ি ল’লে আৰ্থিক, মানসিক, নৈতিক আৰু স্বাৱলম্বী হোৱাৰ মাসিকতা আদি। এনেদৰেই স্বাধীন-স্বাভিমানী অসমীয়া এদিন হৈ পৰিল পৰাধীন, পৰমুখাপেক্ষী, দুৰ্বল-নিশকটীয়া অসমীয়া জাতি। কিন্তু তাতনো কাৰ কি আহে-যায়। সকলো মতলীয়া কানিৰ ৰাগীত। আৰু ব্ৰিটিছসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ এপদ এপদকৈ লুটি নিলে আমাৰ সকলো আনকি স্বাধীনতাও। তেতিয়াই অসমীয়াৰ পিঠিত এটা মোহৰ লাগিল- ‘কানীয়া অসমীয়া’ বুলি।
ঠিক একেদৰে এতিয়া আকৌ সকলো আন এক নিচাত হাবুডুবু খাই কানীয়া, ধোদ, অকৰ্মণ্য বিভূষণেৰে বিভূষিত হ’বলৈ গৈ আছে বীৰ লাচিত-মূলাগাভৰুৰ বংশধৰসকল। এতিয়াৰ অসমীয়াৰ এই নিচা হ’ল আঁচনিৰ নিচা। বৰ্তমান আমাৰ একাংশক এই আঁচনিৰ নিচাই এনেদৰে গাত ধৰিছে, বিশেষকৈ একাংশ মহিলাৰ যে ঘৰত থাকিবলৈয়ে সময় নোহোৱা হৈছে। পুৱাই ওলাই যায় বিভিন্ন আঁচনিৰ পিছত। ঘৰত সময় দিবলৈও তেওঁলোকৰ সময় নোহোৱা অৱস্থা। ল’ৰা-ছোৱালীৰ যত্ন লোৱা, খুৱাই-বুৱাই স্কুললৈ পঠিওৱা, স্বামীৰ যত্ন লোৱা আদিতো দূৰৰে কথা। গতিকে আজিৰ মানুহে মূল্যবৃদ্ধিৰ কথা বা ৰাজ্যখনৰ আৰু ক’ত কি ঘটি আছে সেইবোৰত মন-কাণ দিবলৈ অৱকাশেই নাই।
বৰ্তমান অসম মুলুকত অবাধ হাৰত মদৰ প্ৰচলন হৈছে। চহৰৰ প্ৰতিটো চেণ্টাৰতে এখন হ’লেও মদৰ বিপণী খোলা হৈছে, খুলিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ মূল কাৰণেই হৈছে ৰাজহ। আটাইতকৈ ৰাজহ সংগ্ৰহ হোৱা সামগ্ৰী বিধেই হ’ল সুৰা বা মদ। সেয়ে চৰকাৰক এতিয়া প্ৰয়োজন ৰাজহৰ। যেনেকৈয়ে নহওক, যিদৰেই নহওক, লাগে কেৱল ৰাজহ। বৰ্তমান মদ নহ’লে কোনো অনুষ্ঠানেই অনুষ্ঠিত নহয় অসমত। বিয়া, বিহু, পূজা-পাৰ্বণ আনকি মৃতকৰ সৎকাৰ কৰিবলৈ যোৱাৰ সময়তো মদ লাগিবই। আৰু এটা কথা— মদৰ প্ৰয়োজন নাই ক’ত? খুব স্ফূৰ্তিতো প্ৰয়োজন হয় মদৰ, দুখতো সংগী মদ, কেতিয়াবা অকলে থাকিলেও লাগে মদ, বন্ধু-বান্ধৱ আহিলেও মূল প্ৰয়োজনীয় বস্তুটোৱেই হ’ল মদ। কোনোবা মৰিলেও লাগে মদ আৰু কোনোবা জন্মিলেও প্ৰয়োজন হয় মদৰ। মুঠতে মদ এনে এবিধ বস্তু, যাক নহ’লে একো কথাই নহয় বা একো কামেই নহয়। গতিকে সুবিধাটো ইয়াতেই। হয়তো ভবা হ’ল মদৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰিব পাৰা যায়। সেয়ে সকলো ফালে মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ’ল। এতিয়া তিনিআলি, চাৰিআলি, চ’কে-বজাৰে উভৈনদী মদৰ বিপণী। এনেদৰেই আকৌ যেন প্ৰচলিত কৰা হ’ল ব্ৰিটিছৰ সময়ৰ পৰিৱেশ। ব্ৰিটিছে অসমীয়া মানুহৰ মাজত প্ৰচলন কৰিছিল ‘কানি’ আৰু আজি অবাধে প্ৰচলন কৰা হৈছে সুৰা। কানিৰ ৰাগিত সেই সময়ৰ অসমীয়া হৈছিল ‘কানীয়া’ আৰু আজিৰ অসমীয়া হৈছে ‘মদাহী’। বদনাম কিন্তু একেটাই। তেতিয়া ব্ৰিটিছে শাসনৰ সুবিধাৰ বাবে প্ৰচলন কৰিছিল কানিৰ আৰু আজি প্ৰচলন কৰা হৈছে মদৰ। কেৱল ৰাজহ বৃদ্ধিৰ বাবেই চ’কে-বজাৰে, অলিয়ে-গলিয়ে মদৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি শেহতীয়াকৈ প্ৰতিখন বিপণীকে এক নিৰ্দিষ্ট পৰিমাণত সুৰা বিক্ৰী কৰিবলৈ দিয়া আজব নিৰ্দেশনাই সকলোৰে চকু কপালত তুলিছে। এই নিৰ্দেশনা অনুসৰি আবকাৰী বিভাগে ২০২৪-২৫ বৰ্ষত বিলাতী সুৰা, বীয়েৰ বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে জিলা আবকাৰী অধীক্ষকসকললৈ নিৰ্দেশ জাৰি কৰাৰ খবৰে হতচকিত কৰি তুলিছে সচেতন মহলক।

সেই নিৰ্দেশনা অনুসৰি ২০২৪-২৫ বৰ্ষটোৰ বাবে সুৰা বিক্ৰীৰ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে- ১.৬১ কোটি কাৰ্টন। আনহাতে, বীয়েৰ বিক্ৰীৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ১.২১ কোটি কাৰ্টন। পূৰ্বে সুৰা আৰু বীয়েৰ বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছিল ক্ৰমে ১.৪৭ কোটি কাৰ্টন আৰু ১ কোটি কাৰ্টন। আবকাৰী বিভাগৰ এই নিৰ্দিষ্ট লক্ষ্য পূৰাবৰ বাবে এতিয়া মহানগৰীত থকা সুৰাৰ বিপণীসমূহে প্ৰতি মাহত সুৰা বিক্ৰী কৰিব লাগিব ৪,৫০০ লিটাৰ আৰু বীয়েৰ বিক্ৰী কৰিব লাগিব ৩,৩১০ লিটাৰকৈ। এই কথা সংবাদ মাধ্যমত প্ৰকাশ হৈছে যদিও অৱশ্যে এই কথা অস্বীকাৰ কৰিছে বিভাগীয়ভাৱে। কিন্তু শেহতীয়াকৈ পুনৰ অসমত ২০৩খন নতুন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ দি আকৌ যে সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ ওলাইছে সেয়া সত্য। এইবোৰ কৰা হৈছে কেৱল ৰাজহ সংগ্ৰহৰ একমাত্ৰ লক্ষ্য হিচাপে লৈ। মুঠতে আমাৰ ৰাজ্যখনৰ সকলো ফালে এতিয়া কেৱল সুৰাৰ বন্যা। ঋণত পোত গৈ থকা চৰকাৰখনে এনে ব্যৱস্থা কৰিবই লাগিব, কাৰণ যেনেকে নহওক ৰাজহ বৃদ্ধি হ’বই লাগিব। কিন্তু ৰাজহ ফাঁকিৰে ৰাজ্যখনত অবৈধ বেহা চলাই থকা প্ৰতিষ্ঠান, ব্যক্তিক নিয়ন্ত্ৰণ কৰি সেই উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নকৰি বা সেই অবৈধ ব্যৱসায় আদি বন্ধ নকৰি বা তাৰ পৰা ৰাজহ সংগ্ৰহৰ উপযুক্ত ব্যৱস্থা নকৰি সুৰাৰ দৰে স্বাস্থ্য আৰু ব্যক্তিগত জীৱনৰ লগতে সামাজিক শৃংখলা হানিকৰ মাৰাত্মক বৰবিহ বিধৰ প্ৰচলনত গুৰুত্ব আৰোপ কৰি ‘খাল খান্দি ঘঁৰিয়াল পোহা’ৰ দৰে কথা হোৱা নাইনে বাৰু ? ড্ৰাগ্‌ছ, মাদক দ্ৰব্যৰ কবলৰ পৰা আজিৰ যুৱ-প্ৰজন্মক ৰক্ষা কৰাৰ কথা কৈ আনফালে চৰকাৰেই যদি দোকানে-বজাৰে, তিনিআলি-চাৰিআলি, বাটে-ঘাটে সুৰাৰ ব্যৱসায়ৰ অনুমোদন জনাই একাংশক উৎসাহিত কৰিবলৈ লয় তেনে এয়া নিশ্চয় দুমুখীয়া নীতিয়েই হ’ব। ঘৰৰ পৰা ওলায়েই যদি মদৰ দোকানখন পাই তেনে কোনে বাৰু মন সামৰিব পাৰিব সুৰা সেৱনৰ পৰা। গতিকে দিনে দিনে বৃদ্ধি হৈ গৈ আছে সুৰাসক্ত লোকৰ সংখ্যা, আজিৰ যুৱ-প্ৰজন্মৰ যুৱক-যুৱতীৰ সংখ্যা। দিনে দিনে সংঘটিত হৈ আহিছে অনাকাংক্ষিত দুৰ্ঘটনা, হত্যা, হিংসা, পাৰিবাৰিক অশান্তি আদি। যাৰ প্ৰধান উৎসই হৈছে মদ। আৰু এনেবোৰ কাৰণতে যাক আমি নতুন প্ৰজন্মৰ যুৱক-যুৱতী বুলি সকলোতে অগ্ৰাধিকাৰ দি আহিছো তেওঁলোকৰ মাজতে আজি মানৱীয় প্ৰমূল্য, সামাজিক শিষ্টাচাৰ, দায়বদ্ধতা, আত্মীয়তাবোধ আদি মানৱীয় গুণবোৰৰ অভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ বহু কাৰণৰ ভিতৰত মাদকদ্ৰব্য, ড্ৰাগ্‌ছ আদিয়েই প্ৰধান। বহু ঘৰ-সংসাৰ নিমিষতে চাৰখাৰ হৈ গৈছে একমাত্ৰ সুৰাপানৰ ফলতে। বহু যুৱকৰ দুৰ্ঘটনা আদিত পতিত হৈ অকালতে জীৱন বন্তি নুমাব লগা হৈছে এই মদ নামৰ বৰবিহৰ বাবেই। ইমানৰ পিছতো চৰকাৰে এই বৰবিহ মদৰ ক্ষেত্ৰত অকল ৰাজহ সংগ্ৰহৰ নামতে ইমান শিথিল হ’লে এদিন যে ইয়াৰ পৰিণাম ভয়াৱহ নহ’ব তাক কোনে ন-দি ক’ব পাৰিব। ‘কানীয়া অসমীয়া’ বুলি ব্ৰিটিছে মোহৰ মাৰি থৈ যোৱা অসমীয়াক আকৌ ‘মদাহী অসমীয়া’ অবিধাৰে কলুষিত নকৰিব। এয়া সকলোৰে ওচৰত আৱেদন। জাতিটোক জীয়াই থাকিবলৈ দিয়ক ৰাজহাড় পোন কৰি। ড্ৰাগ্‌ছমুক্ত অসম গঢ়াসকলে সুৰামুক্ত আন্দোলনো গঢ়ি তোলক। গণ-চেতনা গঢ়ি তোলক জনসাধাৰণেও। তেনে কৰিলেহে অসম ‘অসম’ হৈ জীয়াই থাকিব বিশ্ব দৰবাৰত।
ফোন ঃ ৭৮৯৬১-৩৭২৬৪

এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…

সম্প্ৰতি বজাৰত এখন ফুলাম গামোচাৰ দৰ কিমান হ’ব পাৰে? থলুৱা শিপিনীৰ দ্বাৰা বৈ দিয়া ফুলাম গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হব পাৰে নে? অবিশ্বাস্য যদিও সত্য! দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত সোমবাৰে এখন ফুলাম থলুৱা গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হয়। দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচা খন স্হানীয় যুৱক তথা অভিযন্তা ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত শৰ্মাৰ মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। ৰাকেশ শৰ্মা দৰঙৰ বিদ্যুৎ বিভাগৰ অৱসৰ কৰ্মচাৰী দিনেশ্বৰ শৰ্মাৰ পুত্ৰ আৰু সু-চিকিৎসক ডাঃ দুৰ্গা শৰ্মাৰ ভতিজা আৰু সম্প্ৰতি অভিযন্তা হিচাবে কৰ্মৰত। লক্ষনীয় যে, ডাঁহী অৰ্জুনতল বিষ্ণুমন্দিৰৰ বিষ্ণু হোম আৰু জেঠমহীয়া ৰাইজৰ সবাহকলৈ প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুস্হিত কৰি আহিছে।

প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাবে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামত এৰি দিয়া হয়। এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্হানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়। বিগতবৰ্ষতো এনে দেৱবস্ত্ৰৰূপী ফুলাম গামোচা দুই লাখৰোধিক মূল্যত নিলাম হৈছিল। স্থানীয় ৰাইজে নিলামযোগে লাভ কৰা ধন মণিকূট নিৰ্মানত ব্যৱহাৰ কৰাৰ সংকল্প লৈ এই নিলামৰ আয়োজন কৰি আহিছে। দেৱবস্ত্ৰ নিলাম প্ৰক্ৰিয়া ২০১০/১১ চন মানৰে পৰা আৰম্ভ হৈছিল। ইতিপূৰ্বে এই নিলামৰ ধন ব্যৱহাৰ কৰি মন্দিৰৰ মূলচোৱা দুমহলীয়াকৈ নিৰ্মান কৰাৰ পাছত পুনৰ দুমহলীয়া মণিকূট নিৰ্মানাৰ্থে জমা কৰা হৈছে। এইবছৰ মঙলদৈ কলেজৰ অধ্যক্ষ কমলা কান্ত বৰাই মুকলি কৰা কাৰ্যসূচীত অৱসৰী অধ্যাপক পৰেশ শৰ্মাৰ সঞ্চালনা কৰাৰ লগতে দেৱবস্ত্ৰ নিলাম প্ৰক্ৰিয়াত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক হিমাংশু ডেকা, সভাপতি হৰিদেৱ শৰ্মা, পূৰ্বৰ সভাপতি খীতেশ্বৰ শৰ্মাৰ লগতে খঙি ডেকা সহ ভিন্নজনে সহায় সহযোগ কৰে। কাৰ্যসূচীৰ আঁতধৰে যুৱ সমাজসেৱী হিৰণ্য ডেকাই।

তাৎপৰ্যপূৰ্ণ যে, নিলাম প্ৰক্ৰিয়াত ১৭ জনকৈ লোকে ১ লাখ ৭৫ হাজাৰলৈ আগবাঢ়ে যদিও ৰাকেশ শৰ্মাই পোনে পোনে ২ লাখ ৫ হাজাৰ টকাত অন্তিম ডাক দি দেৱবস্ত্ৰ অৰ্জন কৰে। মন্দিৰ পৰিচালনা সমিতিয়ে এক মাংগলিক কাৰ্যসূচীৰে ১১ দিনৰ অন্তত ডাঁহীৰ ৰাকেশ শৰ্মাৰ পৰিয়ালৰ হাতত বিশেষভাৱে অৰ্পন কৰিব। মনকৰিবলগীয়া যে, প্ৰয়াত অণিৰাম শৰ্মাৰ স্মৃতিত মঙলদৈ বৰজামগুৰিৰ হেমন্ত কুমাৰ শৰ্মা আৰু পৰিয়ালবৰ্গই এইবাৰৰ দেৱবস্ত্ৰৰূপী ফুলাম গামোচা খন মন্দিৰ পৰিচালনা সমিতিলৈ আগবঢ়াইছিল।

এনাজৰীৰ বান্ধোন, তুমি আৰু মই……

যিদিনাই এই ধৰাৰ বুকুত কাৰোবাৰ পৰশ পাই জীৱনৰ প্ৰথম কান্দোনটো ওলাইছিল, সিদিনাই গঢ়ি তুলিছিলোঁ এটি সম্বন্ধ, এডাল এনাজৰী! হয়, এডাল এনাজৰীৰ বান্ধোন মোৰ প্ৰকৃতি আইৰ সৈতে,ধৰিত্ৰীৰ সৈতে! তেতিয়া জনা নাছিলোঁ কিমান কটকটীয়া হব পাৰে এই এনাজৰী। এপল দুপলকৈ দিন বাগৰিল, মাহ বাগৰিল, বছৰ বাগৰিল। কিন্তু সেই এনাজৰীৰ বান্ধোনে আজিও মোক নিৰাপত্তা দিছে, মোক সাহস দিছে জীৱন যুঁজত আগবাঢ়ি যাবলৈ।জীৱনপথেদি  মই যিমানেই আগবাঢ়িছোঁ, সিমানেই যেন আটোম-টোকাৰিকৈ বান্ধিব খুজিছে মোক এই এনাজৰীৰে।ই নিজৰ বান্ধোনৰ মেৰপাক বঢ়াইছে! জন্মৰ পিছত ‘মা’ ‌ৰ কোলাত মই যি নিৰাপত্তা পালোঁ, সিয়েই শিকালে মোক এনাজৰীৰ বান্ধোন আৰু তাৰ শকতিৰ কথা। এনাজৰীৰ শাখাই মেৰিয়াই ধৰিলে মোক মাৰ সৈতে, দেউতাৰ সৈতে আৰু ঘৰৰ প্ৰতিজন  সদস্যৰ সৈতে। নিজকে বহুত নিৰাপদ যেন লাগিল মোৰ। জন্মতে অকলে আহিলোঁ কি হ’ল,এতিয়াতো মোৰ লগত কেৱল ধৰিত্ৰী আইয়েই নহয়,আছে আন বহুতো। লাহে লাহে সোমাই পৰিলোঁ এখনি সমাজত। এজন নহয়, দুজন নহয়,বহুজনৰ সৈতে চিনাকি হলোঁ আৰু  গঢ়ি তুলিলোঁ এক এনাজৰীৰ বান্ধোন। এখন চহৰৰ পৰা সিখন চহৰ, এখন ৰাজ্যৰপৰা আন এখন ৰাজ্য, এনেকৈয়েই  ঘূৰি আছোঁ জীৱনপথত। বিশ্বাসৰ বলতেই গঢ়িছোঁ এক বান্ধোন প্ৰতিজনৰ সৈতে।

তোমাৰ বাৰু মনত আছেনে মোক প্ৰথম লগ পোৱাৰ কথা,মোৰ সৈতে চিনাকী হোৱাৰ কথা?তোমাৰ মনত নাথাকিলেও মোৰ এনাজৰীৰ বান্ধোনৰ আলফুল জৰীৰে বুকুৰ মৰমৰ মাজত সাৱটি ৰাখিছোঁ তোমাক। মনত আছে তোমাৰ উজ্বল নয়নজুৰি, মিচিকীয়া হাঁহিটি আৰু সেই খঙত উফন্দি উঠা মুখখনিৰ কথা। মোৰ হাঁহিৰ বাবে যে তুমি হাঁহিছিলা, মোৰ মনে মনে থকা স্বভাৱটোৰ বাবে যে কেতিয়াবা খঙ কৰিছিলা,মনত আছেনে বাৰু তোমাৰ? তুমিয়েই কোৱা নাছিলা জানোঁ জীৱনত সত্যৰ পথত থাকি আগবাঢ়ি যাবলৈ….মোৰ আধালিখা  সপোনবোৰক সময়ত বাস্তৱত পৰিণত কৰিবলৈ! তুমি কৈছিলা ধমৰ্ৰ নামত ভেদাভেদ নকৰিবলৈ, সকলোকে আপোন বুলি ভাবিবলৈ। অলপো ইফাল সিফাল কৰা নাই কিন্তু মই। তুমিতো জানা মোৰ বাবে যতেই সত্য আৰু বিশ্বাস, তাতেই মোৰ ধৰ্ম । মানৱীয় প্ৰমূল্যক জীয়াই ৰখাই মোৰ ইচ্ছা। তোমাৰ বিশ্বাস,তোমাৰ প্ৰেৰণাক লগত লৈ আগবাঢ়ি আছোঁ মই। ভূলতো নাভাবিবা তোমাৰ অবৰ্তমানত কেতিয়াবা বিচলিত হ’ম বুলি। তুমিতো জানাই মোৰ ইচ্ছা-অনিচ্ছাৰ কথা,মোৰ সংকল্পৰ কথা । একেই আছে মোৰ সকলো,মাথোঁ বাঢ়িছে মোৰ এনাজৰীৰ শাখা। তুমিয়েইতো কৈছিলা এনাজৰী যিমানেই মজবুত কৰিব পাৰিম,সিমানেই সুখী হ’ম বুলি। আজি তাকেই কৰি আছোঁ মই, সহস্ৰজনক বিশ্বাসৰ বলত নিকপকপীয়াকৈ ৰাখিব খুজিছোঁ মোৰ সেই এনাজৰীৰ বান্ধোনত। মোৰ মনত মৰম আৰু বিশ্বাসৰ স্থান ক’ত, তোমাক দুনাই ক’ব নালাগে নিশ্চয়!

তুমি জানানে কেতিয়াবা কোনোবাই মোৰ ওপৰত বিৰক্ত হৈছে, আনকি মোৰ অনুপস্থিতিত ঠাট্টা কৰিছে। সেইবোৰ জানিও মই  পিছে আনৰ দৰেই বান্ধি ৰাখিছোঁ তেওঁক মোৰ এনাজৰীৰে। তুমিয়েইতো কৈছিলা আনে কি ভাবে ভাবক, কিন্তু কাৰোবাক বেয়া বুলি ভবাটো ভূল, বৰঞ্চ তেওঁক সন্মান কৰিব বিচৰাটোৱেই লক্ষ্য হোৱা উচিত। মইও তাকেই কৰিছোঁ,এৰিব খুজিও এৰা নাই এইচাম লোকক। তুমি চিন্তা নকৰিবা, মোৰ এনাজৰীয়ে কাকো বাদ নিদিয়ে অথবা কাকো সোলোকাই নিদিয়ে। মোৰ এনাজৰীৰ বান্ধোন সোলোক ঢোলোক হ’লেই তোমাক কাষত বিচাৰিম মই,আহিবানে বাৰু তুমি? তুমি নাহিলেও এটি মৰমৰ টোপোলাকে পঠিয়াবাচোন…য’ত থাকিব তোমাৰ  দুহাতৰ সুকোমল পৰশ, আশা- আকাংক্ষা আৰু হিয়াৰ নিভাঁজ প্ৰেমৰ ৰংবোৰ….।

  লেখক-ঋতুপৱন  গগৈ

অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…

অসমত এতিয়া আটাইতকৈ জটিল সমস্যাটো হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ সমস্যা। সৰ্বত্ৰ জ্বলিছে মূল্যবৃদ্ধিৰ জুই, এই জুই নিৰ্বাপনৰ ব্যৱস্থা যেন এতিয়া কাৰো হাতত নাই। চৰকাৰৰো নাই, নহ’লেনো প্ৰতিদিনে বয়-বস্তুৰ মূল্যবৃদ্ধি হৈ থকাৰ পিছতো কাৰো গাৰ নোম এডালকে লৰা নাই। অৱশ্যে এই মূল্যবৃদ্ধিকো জয় কৰিব পৰা হৈ গৈছে আমাৰ অসমীয়া মানুহে। কাৰণ আমি দেখি আহিছো, যি হাৰত অসমত মৃল্যবৃদ্ধি হৈ গৈ আছে সেই ক্ষেত্ৰত সকলো নীৰৱ, কাৰো যেন গাতেই লগা নাই। এই বিষয়ক লৈ কোনেও মূৰ গৰম কৰাৰো প্ৰয়োজনবোধ কৰা নাই। যেন বস্তু মূল্য যিমানে বাঢ়ে বাঢ়ক। তাতনো কি আহে যায়! অসম এতিয়া উন্নতিৰ পথত। এতিয়া মূূল্যবৃদ্ধিৰ বাবে কাৰো অন্তৰত জুই নজ্বলে। কাৰণ এতিয়া আমাৰ একোৰে অভাৱ নাই। কেৱল ঘৰতে শুই-বহি খাই থাকিলেই হ’ল। এতিয়ানো আমাৰ কিহৰ অভাৱ। যদিও শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম, গেছ চিলিণ্ডাৰ, চাউল, দাইল, মিঠাতেল, অন্যান্য ঘৰুৱা সামগ্ৰী, পেট্ৰ’ল-ডিজেল, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে তথাপি আমি বিনামূলীয়াকৈ চাউল পাইছো, বিনামূলীয়াকৈ ঘৰ পাইছো, হোৰাহোৰে বেংকত টকা সোমায়ে আছে আৰু যে কত কি আঁচনি। ইফালেতো সকলো মহিলা লাখপতি হ’বই। আৰুণো আমাক কি লাগিছে।

সকলো ফালে কেৱল সুখেই সুখ, আনন্দই আনন্দ, জয়জয়-ময়ময় অৱস্থা। এতিয়া এনে হৈছেগৈ যে আমাৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰখনৰো যেন আৰু আমাৰ প্ৰয়োজন নোহোৱা হ’ব, যেনেদৰে নানা চমক সৃষ্টি কৰি ব’বলৈ লৈছে ‘আঁচনি’ নামৰ বিশাল নৈখন। গতিকে আমাৰ সকলো ফালে সুখেই সুখ। ভৱিষ্যতে যি হয় হৈ থাকক, তাক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজনেইবা কি। আমাক বৰ্তমানটোহে লাগে। সেয়ে খাঅ’ পিঅ’ মজ কৰ’। বৰ দুখৰ কথা যে আমাৰ এই সুবিধাবাদী চৰিত্ৰটোৰ কাৰণেই এদিন সুযোগ লৈছিল ব্ৰিটিছসকলে। তেওঁলোকে ভালদৰেই জানিছিল আমাৰ এই অসমীয়া জাতিটোৰ দুৰ্বলতা কোনখিনিত। সেয়ে তেওঁলোক অসমলৈ আহিয়েই অসমৰ চুকে-কোণে প্ৰচলন কৰিছিল ‘কানি’ নামৰ বৰবিহৰ। অসমীয়া মানুহে ইয়াকে ব্ৰিটিছসকলৰ বৰদান বুলি গ্ৰহণ কৰি কেৱল এতিয়াৰ দৰে সকলো বাদ দি কেৱল কানি খোৱাত নিমজ্জিত হৈ পৰিল। কানি খাই খাই গৌৰৱোজ্জ্বল অসমীয়া জাতি হৈ পৰিল ‘কানীয়া’, ‘সোৰোপা’, ‘এলেহুৱা’। ইফালে কানি খুৱাই চতুৰ ব্ৰিটিছসকলে আমাৰ পৰা কাঢ়ি ল’লে আৰ্থিক, মানসিক, নৈতিক আৰু স্বাৱলম্বী হোৱাৰ মাসিকতা আদি। এনেদৰেই স্বাধীন-স্বাভিমানী অসমীয়া এদিন হৈ পৰিল পৰাধীন, পৰমুখাপেক্ষী, দুৰ্বল-নিশকটীয়া অসমীয়া জাতি। কিন্তু তাতনো কাৰ কি আহে-যায়। সকলো মতলীয়া কানিৰ ৰাগীত। আৰু ব্ৰিটিছসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ এপদ এপদকৈ লুটি নিলে আমাৰ সকলো আনকি স্বাধীনতাও। তেতিয়াই অসমীয়াৰ পিঠিত এটা মোহৰ লাগিল- ‘কানীয়া অসমীয়া’ বুলি।


ঠিক একেদৰে এতিয়া আকৌ সকলো আন এক নিচাত হাবুডুবু খাই কানীয়া, ধোদ, অকৰ্মণ্য বিভূষণেৰে বিভূষিত হ’বলৈ গৈ আছে বীৰ লাচিত-মূলাগাভৰুৰ বংশধৰসকল। এতিয়াৰ অসমীয়াৰ এই নিচা হ’ল আঁচনিৰ নিচা। বৰ্তমান আমাৰ একাংশক এই আঁচনিৰ নিচাই এনেদৰে গাত ধৰিছে, বিশেষকৈ একাংশ মহিলাৰ যে ঘৰত থাকিবলৈয়ে সময় নোহোৱা হৈছে। পুৱাই ওলাই যায় বিভিন্ন আঁচনিৰ পিছত। ঘৰত সময় দিবলৈও তেওঁলোকৰ সময় নোহোৱা অৱস্থা। ল’ৰা-ছোৱালীৰ যত্ন লোৱা, খুৱাই-বুৱাই স্কুললৈ পঠিওৱা, স্বামীৰ যত্ন লোৱা আদিতো দূৰৰে কথা। গতিকে আজিৰ মানুহে মূল্যবৃদ্ধিৰ কথা বা ৰাজ্যখনৰ আৰু ক’ত কি ঘটি আছে সেইবোৰত মন-কাণ দিবলৈ অৱকাশেই নাই।


বৰ্তমান অসম মুলুকত অবাধ হাৰত মদৰ প্ৰচলন হৈছে। চহৰৰ প্ৰতিটো চেণ্টাৰতে এখন হ’লেও মদৰ বিপণী খোলা হৈছে, খুলিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ মূল কাৰণেই হৈছে ৰাজহ। আটাইতকৈ ৰাজহ সংগ্ৰহ হোৱা সামগ্ৰী বিধেই হ’ল সুৰা বা মদ। সেয়ে চৰকাৰক এতিয়া প্ৰয়োজন ৰাজহৰ। যেনেকৈয়ে নহওক, যিদৰেই নহওক, লাগে কেৱল ৰাজহ। বৰ্তমান মদ নহ’লে কোনো অনুষ্ঠানেই অনুষ্ঠিত নহয় অসমত। বিয়া, বিহু, পূজা-পাৰ্বণ আনকি মৃতকৰ সৎকাৰ কৰিবলৈ যোৱাৰ সময়তো মদ লাগিবই। আৰু এটা কথা— মদৰ প্ৰয়োজন নাই ক’ত? খুব স্ফূৰ্তিতো প্ৰয়োজন হয় মদৰ, দুখতো সংগী মদ, কেতিয়াবা অকলে থাকিলেও লাগে মদ, বন্ধু-বান্ধৱ আহিলেও মূল প্ৰয়োজনীয় বস্তুটোৱেই হ’ল মদ। কোনোবা মৰিলেও লাগে মদ আৰু কোনোবা জন্মিলেও প্ৰয়োজন হয় মদৰ। মুঠতে মদ এনে এবিধ বস্তু, যাক নহ’লে একো কথাই নহয় বা একো কামেই নহয়। গতিকে সুবিধাটো ইয়াতেই। হয়তো ভবা হ’ল মদৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰিব পাৰা যায়। সেয়ে সকলো ফালে মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ’ল। এতিয়া তিনিআলি, চাৰিআলি, চ’কে-বজাৰে উভৈনদী মদৰ বিপণী। এনেদৰেই আকৌ যেন প্ৰচলিত কৰা হ’ল ব্ৰিটিছৰ সময়ৰ পৰিৱেশ। ব্ৰিটিছে অসমীয়া মানুহৰ মাজত প্ৰচলন কৰিছিল ‘কানি’ আৰু আজি অবাধে প্ৰচলন কৰা হৈছে সুৰা। কানিৰ ৰাগিত সেই সময়ৰ অসমীয়া হৈছিল ‘কানীয়া’ আৰু আজিৰ অসমীয়া হৈছে ‘মদাহী’। বদনাম কিন্তু একেটাই। তেতিয়া ব্ৰিটিছে শাসনৰ সুবিধাৰ বাবে প্ৰচলন কৰিছিল কানিৰ আৰু আজি প্ৰচলন কৰা হৈছে মদৰ। কেৱল ৰাজহ বৃদ্ধিৰ বাবেই চ’কে-বজাৰে, অলিয়ে-গলিয়ে মদৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি শেহতীয়াকৈ প্ৰতিখন বিপণীকে এক নিৰ্দিষ্ট পৰিমাণত সুৰা বিক্ৰী কৰিবলৈ দিয়া আজব নিৰ্দেশনাই সকলোৰে চকু কপালত তুলিছে। এই নিৰ্দেশনা অনুসৰি আবকাৰী বিভাগে ২০২৪-২৫ বৰ্ষত বিলাতী সুৰা, বীয়েৰ বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে জিলা আবকাৰী অধীক্ষকসকললৈ নিৰ্দেশ জাৰি কৰাৰ খবৰে হতচকিত কৰি তুলিছে সচেতন মহলক। সেই নিৰ্দেশনা অনুসৰি ২০২৪-২৫ বৰ্ষটোৰ বাবে সুৰা বিক্ৰীৰ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে- ১.৬১ কোটি কাৰ্টন।

আনহাতে, বীয়েৰ বিক্ৰীৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ১.২১ কোটি কাৰ্টন। পূৰ্বে সুৰা আৰু বীয়েৰ বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছিল ক্ৰমে ১.৪৭ কোটি কাৰ্টন আৰু ১ কোটি কাৰ্টন। আবকাৰী বিভাগৰ এই নিৰ্দিষ্ট লক্ষ্য পূৰাবৰ বাবে এতিয়া মহানগৰীত থকা সুৰাৰ বিপণীসমূহে প্ৰতি মাহত সুৰা বিক্ৰী কৰিব লাগিব ৪,৫০০ লিটাৰ আৰু বীয়েৰ বিক্ৰী কৰিব লাগিব ৩,৩১০ লিটাৰকৈ। এই কথা সংবাদ মাধ্যমত প্ৰকাশ হৈছে যদিও অৱশ্যে এই কথা অস্বীকাৰ কৰিছে বিভাগীয়ভাৱে। কিন্তু শেহতীয়াকৈ পুনৰ অসমত ২০৩খন নতুন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ দি আকৌ যে সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ ওলাইছে সেয়া সত্য। এইবোৰ কৰা হৈছে কেৱল ৰাজহ সংগ্ৰহৰ একমাত্ৰ লক্ষ্য হিচাপে লৈ। মুঠতে আমাৰ ৰাজ্যখনৰ সকলো ফালে এতিয়া কেৱল সুৰাৰ বন্যা। ঋণত পোত গৈ থকা চৰকাৰখনে এনে ব্যৱস্থা কৰিবই লাগিব, কাৰণ যেনেকে নহওক ৰাজহ বৃদ্ধি হ’বই লাগিব। কিন্তু ৰাজহ ফাঁকিৰে ৰাজ্যখনত অবৈধ বেহা চলাই থকা প্ৰতিষ্ঠান, ব্যক্তিক নিয়ন্ত্ৰণ কৰি সেই উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নকৰি বা সেই অবৈধ ব্যৱসায় আদি বন্ধ নকৰি বা তাৰ পৰা ৰাজহ সংগ্ৰহৰ উপযুক্ত ব্যৱস্থা নকৰি সুৰাৰ দৰে স্বাস্থ্য আৰু ব্যক্তিগত জীৱনৰ লগতে সামাজিক শৃংখলা হানিকৰ মাৰাত্মক বৰবিহ বিধৰ প্ৰচলনত গুৰুত্ব আৰোপ কৰি ‘খাল খান্দি ঘঁৰিয়াল পোহা’ৰ দৰে কথা হোৱা নাইনে বাৰু ? ড্ৰাগ্‌ছ, মাদক দ্ৰব্যৰ কবলৰ পৰা আজিৰ যুৱ-প্ৰজন্মক ৰক্ষা কৰাৰ কথা কৈ আনফালে চৰকাৰেই যদি দোকানে-বজাৰে, তিনিআলি-চাৰিআলি, বাটে-ঘাটে সুৰাৰ ব্যৱসায়ৰ অনুমোদন জনাই একাংশক উৎসাহিত কৰিবলৈ লয় তেনে এয়া নিশ্চয় দুমুখীয়া নীতিয়েই হ’ব। ঘৰৰ পৰা ওলায়েই যদি মদৰ দোকানখন পাই তেনে কোনে বাৰু মন সামৰিব পাৰিব সুৰা সেৱনৰ পৰা। গতিকে দিনে দিনে বৃদ্ধি হৈ গৈ আছে সুৰাসক্ত লোকৰ সংখ্যা, আজিৰ যুৱ-প্ৰজন্মৰ যুৱক-যুৱতীৰ সংখ্যা। দিনে দিনে সংঘটিত হৈ আহিছে অনাকাংক্ষিত দুৰ্ঘটনা, হত্যা, হিংসা, পাৰিবাৰিক অশান্তি আদি। যাৰ প্ৰধান উৎসই হৈছে মদ। আৰু এনেবোৰ কাৰণতে যাক আমি নতুন প্ৰজন্মৰ যুৱক-যুৱতী বুলি সকলোতে অগ্ৰাধিকাৰ দি আহিছো তেওঁলোকৰ মাজতে আজি মানৱীয় প্ৰমূল্য, সামাজিক শিষ্টাচাৰ, দায়বদ্ধতা, আত্মীয়তাবোধ আদি মানৱীয় গুণবোৰৰ অভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ বহু কাৰণৰ ভিতৰত মাদকদ্ৰব্য, ড্ৰাগ্‌ছ আদিয়েই প্ৰধান। বহু ঘৰ-সংসাৰ নিমিষতে চাৰখাৰ হৈ গৈছে একমাত্ৰ সুৰাপানৰ ফলতে।

বহু যুৱকৰ দুৰ্ঘটনা আদিত পতিত হৈ অকালতে জীৱন বন্তি নুমাব লগা হৈছে এই মদ নামৰ বৰবিহৰ বাবেই। ইমানৰ পিছতো চৰকাৰে এই বৰবিহ মদৰ ক্ষেত্ৰত অকল ৰাজহ সংগ্ৰহৰ নামতে ইমান শিথিল হ’লে এদিন যে ইয়াৰ পৰিণাম ভয়াৱহ নহ’ব তাক কোনে ন-দি ক’ব পাৰিব। ‘কানীয়া অসমীয়া’ বুলি ব্ৰিটিছে মোহৰ মাৰি থৈ যোৱা অসমীয়াক আকৌ ‘মদাহী অসমীয়া’ অবিধাৰে কলুষিত নকৰিব। এয়া সকলোৰে ওচৰত আৱেদন। জাতিটোক জীয়াই থাকিবলৈ দিয়ক ৰাজহাড় পোন কৰি। ড্ৰাগ্‌ছমুক্ত অসম গঢ়াসকলে সুৰামুক্ত আন্দোলনো গঢ়ি তোলক। গণ-চেতনা গঢ়ি তোলক জনসাধাৰণেও। তেনে কৰিলেহে অসম ‘অসম’ হৈ জীয়াই থাকিব বিশ্ব দৰবাৰত।

লেখকঃ ভূপেন মহন্ত

ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…

প্ৰতিজন ব্যক্তিয়ে জীৱনত সুখৰ পিছত দৌৰি ফুৰে। নিজ কৰ্মৰ সফলতাৰ যোগেদি জীৱনলৈ সুখ আহে আৰু এই সফলতাৰ বাবে প্ৰয়োজনীয় হৈ পৰে ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱ। জীৱনত সফলতা আৰু ধৈৰ্যশীলতাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে । মানুহে যিকোনো এটা বিষয়ত হাত ফুৰাই একেবাৰতে সফলতাৰ মুখ দেখিব বুলি ডাঠি কব নোৱাৰে। জীৱনত বিফলতা আহিবই আৰু ইয়াৰ সৈতে সহবাস কৰি থাকিবলৈ মানুহ ধৈৰ্যশীল হোৱাটো দৰকাৰ। ধৈৰ্যশীলতাই মনত সাহস দি বিফলতাৰ পৰা আহৰণ কৰা শিক্ষাৰে সফলতাৰ সৈতে হাত মিলাব বিচাৰে। মানুহ যিমানেই ধৈৰ্যশীল হ’ব, সিমানেই সফলতাৰ সংস্পৰ্শত জীৱন উপভোগ কৰিব পাৰিব।

জীৱনে ধৈৰ্যশীলতাৰ আশ্ৰয়ত যিদৰে সফলতাৰ মুখ দেখিব ধৰে,সহনশীলতাৰ বাবে ই পৰিতৃপ্তি লাভ কৰে। অতীজৰে পৰা বহুজনে সহনশীলতাৰ কৰ্মৰাজিয়ে মানৱ সভ্যতাৰ বিকাশ সাধন কৰি ইতিহাস ৰচি থৈ গৈছে। ইয়াৰ জৰিয়তে আমাক এই শিক্ষা দি গৈছে যে আমি সহনশীল মনোভাৱেৰে যথোচিত ভাৱে নিজ কৰ্ম কৰি ইতৰ প্ৰাণীৰ পৰা পৃথক হৈ জীৱশ্ৰেষ্ঠৰ পৰিচয় অক্ষুন্ন ৰাখিবলৈ সদাপ্ৰস্তুত হ’ব লাগে। এই ধাৰা অটুট ৰাখিব পাৰিলেহে আমিবোৰে মানৱীয় প্ৰমূল্যক জীয়াই ৰাখিব পাৰিম। ব্যক্তিৰ সহনশীলতাই নিজৰ উদাৰতাৰ চিনাকি দিয়ে আৰু জীৱনৰ সুন্দৰতাক উপলব্ধি কৰিবলৈ সময় দিয়ে। অন্যথা জীৱনে পদে পদে সংঘাতৰ মুখামুখি হৈ উত্তেজিত হৈ পৰে আৰু এক পংগু জীৱনৰ সৈতে চিনাকি হ’ব ধৰে।

জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা বৃদ্ধাৱস্থালৈকে ব্যক্তিৰ বাবে ধৈৰ্য আৰু সহনশীলতাৰ প্ৰয়োজনীয়তা আছে। অধৈৰ্য মন বিচলিত হৈ বিপদত পৰে আৰু ঘনে ঘনে নিজৰ লগতে সমাজৰ আন লোকৰো ক্ষতি সাধন কৰিব ধৰে। ব্যক্তিৰ মানসিক শান্তিৰ লগতে সমাজৰ শান্তি বজাই ৰাখিবলৈ আমাক ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱ লাগে।পৃথিৱীৰ মহান ব্যক্তি সকলৰ জীৱন দৰ্শনে আমাক ধৈৰ্য আৰু সহনশীলতাৰ যোগেদি কৃতকাৰ্য হবলৈ শিকায়। পুৰণি কালত ঋষি মুনি সকলে তপ জপ কৰি কিদৰে নিজৰ মন মগজুক ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱেৰে পুষ্ট কৰি তুলিছিল,তাৰ কাহিনী আমাৰ হাতত আজিও বিদ্যমান। ধ্যান আৰু যোগ সাধনাৰ ফলত এতিয়াও বহুজনে মনৰ সুস্থিৰতা আনি সমাজৰ প্ৰগতিত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে অৰিহণা আগবঢ়াইছে।

আজি মানৱ সভ্যতাৰ বিকাশত আমি বহুখিনি আগবাঢ়ি গৈছোঁ যদিও সমাজৰ পৰিস্থিতি চাই একেষাৰে কব পাৰি যে মানুহে ধৈৰ্য আৰু সহনশীলতাক বিদায় দিবলৈ উদ্যত হৈছে। কোনেও কাৰোৰ কথা শুনিবলৈ ধৈৰ্য নোহোৱা হৈছে আৰু সৰু সৰু কথাতেই অতিষ্ঠ হৈ মানসিক ভাৰসাম্যতা হেৰুৱাব ধৰিছে। উদাহৰণ স্বৰূপে, প্ৰায়েই ট্টেফিক পইণ্টত ৰওঁতে গ্ৰীণ লাইট জ্বলি উঠাৰ লগে লগেই গাড়ীৰ হৰ্ণ বজোৱা অধৈৰ্য মানুহখিনিৰ কথাই মনটো চিন্তিত কৰি  তোলে। এইকথা সকলোৰে জ্ঞাত যে আজিৰ ব্যস্ত যুগত প্ৰতিজন মানুহেই অত্যন্ত ব্যস্ততাৰে দিন কটাবলগীয়া হৈছে, অথচ এচাম মানুহ জোখতকৈ যেন অধিক ব্যস্ত হৈ এনেদৰে অধৈৰ্য হৈ পৰিছে। এইসকলে বাৰু নিজৰ সন্তানক ধৈৰ্য আৰু সহনশীলতাৰ পাঠ পঢ়াবলৈ সক্ষম হ’বনে? বৰ্তমান যলৈকে যোৱা যায়, তাতেই এইচাম মানুহৰ সাক্ষাৎ হয়। ধৈৰ্যবিহীনতাৰ পোকে যেন এওঁলোকৰ মন মগজুত কিলবিলাই থাকে আৰু তাৰ ফলস্বৰূপে মনৰ উচপিচনিয়ে কেতিয়াও লগ নেৰে।

এই কথা নিশ্চয়কৈ উনুকিয়াব লাগিব যে ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীক ধৈৰ্য আৰু সহনশীলতাৰ প্ৰতীক বুলি মানি অহা হৈছে। নাৰীৰ দয়া মমতাৰ সৈতে ধৈৰ্য আৰু সহনশীলতা খাপ খাই পৰে আৰু ইয়েই নাৰীৰ মানসিকতাৰ শোভাৱৰ্ধন কৰে। পিছে আজিৰ দিন এনেদৰে পৰিৱৰ্তিত হ’ব ধৰিছে যে এচাম নাৰীয়ে মনৰ পৰা ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱক একাষৰীয়া কৰি আধুনিকতাৰ সোঁতত উটি ভাঁহি যাব ধৰিছে। ইয়াৰ ফলতেই সমাজত আজি বিবাহ বিচ্ছেদ, পৰকীয়া প্ৰেম আদিকে ধৰি নানা ধৰণৰ নাৰী নিৰ্যাতনৰ ঘটনা দিনকদিনে বাঢ়িব ধৰিছে। এচাম নাৰীৰ অতপালিৰ কোবত সমগ্ৰ নাৰী  জাতিয়ে বদনাম ভুগিছে আৰু সমাজত নাৰীৰ প্ৰতি থকা সন্মান অৱনমিত হ’ব ধৰিছে। ক’তনো কি কেণা লাগিল তাকে ভাবি সচেতন মহলৰ চকু কপালত উঠিছে। মাতৃৰূপা নাৰীৰ এই অৱস্থাই সমাজৰ অৱক্ষয়ত অৰিহণা যোগাইছে। গতিকে ইয়াৰ পৰিত্ৰাণৰ বাবে আমি কঁকালত টঙালি বন্ধাৰ সময় হ’ল, নহলে ইতিহাসৰ বুকুত আমিবোৰ হাঁহিয়াতৰ পাত্ৰ হবলৈ হয়তো আৰু বেছি দিন নালাগিব।

জীৱন সুন্দৰ ভাৱে পৰিচালিত কৰিবলৈ যিদৰে ধৈৰ্য আৰু সহনশীলতাৰ আৱশ্যকতা আছে,আমি বসবাস কৰা সমাজখন সুস্থভাৱে ৰাখিবলৈও ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ৷ জীৱনে নাহাঁহিলে ব্যক্তিয়ে কান্দিব আৰু সমাজে নাহাঁহিলে মানৱীয় সভ্যতাই কান্দিব। আমি জীৱশ্ৰেষ্ঠৰ লেবেল লগাই বুকু ফিন্দাই থাকিলেই নহ’ব, সভ্যতাৰ প্ৰগতিত আউল লগোৱা ৰিপুসমূহ অতি সোনকালে ধবংস কৰিবলৈ আগবাঢ়ি আহিব লাগিব। নহলে ইতিহাসৰ সাক্ষীত ভৱিষ্যতে কিৰিলি পাৰি হাঁহিব আৰু আমি চকু মুদা কুলি হৈ বহি থাকিব লাগিব। আমাৰ আশাবাদী মনে ইয়াকে বিচাৰে যে ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে সকলোৰে জীৱন সুন্দৰ হওঁক, সুন্দৰতাই সমাজৰ সুস্থতাক আঁকোৱালি লওঁক আৰু জীৱনে নিজৰ সোণোৱালী সময় উপভোগ কৰক।

লেখকঃ ঋতুপৱন গগৈ