Home Blog Page 830

“দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…

পশ্চিম দৰং তথা ছিপাঝাৰ সমষ্টিৰ কটাহীত এখন বাঁহৰ দলং প্ৰায় দুই বছৰৰো অধিক দিন মেৰামতি নকৰা বাতৰি ‘দৈনন্দিন বাৰ্তা’ত যোৱা এপ্ৰিলত ফটোসহ প্ৰকাশ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে ১০ দিনতে নিৰ্মাণ কৰি দিলে কালভাৰ্ট সহ পথ। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে এখন বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত কৰিব লগাত ক্ষোভিত হৈ পৰিছিল। শাসনাধিষ্ঠিত জনপ্ৰতিনিধিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিছিল অঞ্চলটোৰ পুৰুষ- মহিলাই ৷

২০২২ বৰ্ষৰ জুন মাহত হোৱা প্ৰলয়ংকৰী বানে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ সৰাবাৰী, গংগাপুখুৰী, বুঢ়াখাট, কটাহী গাওঁত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা পথ আৰু দলং প্ৰায় দুই বছৰে বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাত এখন ভঙা বাহৰ দলঙেৰে অঞ্চলটোৰ ৰাইজে অব্যাহত ৰাখিছিল যাতায়ত ৷ বিগত দুই বছৰ ধৰি কটাহীবাসী ৰাইজে জীয়াতু ভুগি স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ কাকুটি মিনটি কৰিও মেৰামতি নকৰাত উপায়ন্তৰ হৈ ৰাইজে বাঁহেৰে দলং এখন নিৰ্মান কৰি যাতায়ত কৰে যদিও প্ৰতিবছৰে বানপানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন ৷

কন কন ছাত্ৰছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখিন হোৱাৰ উপৰিও অঞ্চলটিলৈ যাব পৰা নাছিল জৰুৰীকালীন সেৱাৰ বাহন। এই সমস্ত বাতৰি ‘দৈনন্দিন বাৰ্তা’ত প্ৰকাশ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে বাঁহৰ দলঙৰ ঠাইত কালভাৰ্ট সহ পথ নিৰ্মাণ কৰি যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ সুচল হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ।

এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…

স্বৰাজোত্তৰ পয়সত্তৰটা বছৰৰ পাছতো বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ আহিছে ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চমকঙ অঞ্চল। বৃটিছৰ দিনৰে পৰা জনবসতিপূৰ্ণ ঐতিহাসিক চমকঙ অঞ্চলৰ যাতায়ত, কৃষি, স্বাস্থ্য, জলসিঞ্চন, পশুচিকিৎসা আদি এশএবুৰি সমস্যাৰ আজিও আশু সমাধান হৈ নুঠিল। চমকং অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও সুচল নহয়। চিমেন চাপৰি কলেজ তিনিআলিৰ পৰা চমকং হৈ চেঙাজান ফেৰীঘাট সংযোগী পিএমজিএছৱাই পথত সংযোগ হোৱা প্ৰায়বোৰ পথেই জৰাজীৰ্ণ।আনহাতে পথবোৰত থকা নলা-নৈৰ ওপৰত দলং,কালভাৰ্ট নিৰ্মাণ নোহোৱাত চমকঙবাসী ৰাইজে বছৰ বছৰ ধৰি দুৰ্বিষহভাৱে যাতায়ত কৰি আহিছে।চমকং বজাৰৰ পৰা বৰুৱাবালি সংযোগী পথৰ মৰা চিমেন নৈৰ ওপৰত দলং নিৰ্মাণ নোহোৱাৰ ফলত বাৰিষাৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী, সৰ্বসাধাৰণ পথটোৰে ৰাইজে কষ্টকৰ যাতায়ত কৰিব লগা হৈ আহিছে দীৰ্ঘ বছৰ ধৰি।

চমকং বড়ো গাঁৱৰ পৰা ব্ৰহ্মপুৰ তিনিআলি সংযোগী পথছোৱা আজিও অতি শোচনীয়।পথছোৱা বাৰিষা খৰালি সকলো সময়তে জৰ্জৰিত হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ যাতায়তৰ বাবে অনুপযোগী হৈ আহিছে। চিমেন চাপৰি চমকং সংযোগী পিএমজিএছৱাই পথৰ পৰা ১ নং বেজগুৰী হৈ ২ নং বেজগুৰী সংযোগী পথ,থাইগিৰগুৰীৰ পৰা চমকং বড়ো হৈ ডামবুক সংযোগী পথ, লকলুং গাঁৱৰ পৰা ২ নং টাদুনীয়া সংযোগী পথ,চমকং চেঙাজান ফেৰীঘাট সংযোগী পিএমজিএছৱাই পথৰ পৰা ব্ৰহ্মপুৰ,বিঞ্চুপুৰ,বিলপাৰ,মাজগাঁও হৈ ৰামনলা সংযোগী পথ,মটং তিনিআলিৰ পৰা ব্যাশবাৰী,লামাজান মিচিং গাওঁ হৈ নিলখীয়া সংযোগী পথ,ডিমৰুগুৰী মিচিং গাঁৱৰ পৰা লামাজান বৃহস্পতি বজাৰ সংযোগী পথ,চিলিমপুৰ তিনিআলিৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথ,নাৰায়ণপুৰ ৰাভা তিনিআলিৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথ, কাজিৰঙাৰ পৰা নাৰায়ণপুৰ হাজং গাঁৱৰ হৈ চিলিমপুৰ সংযোগী পথ,সোনাপুৰ বড়ো গাঁৱৰ পৰা কাজিৰঙা সংযোগী পথ কেইটা আজিও পকীকৰণ হোৱা নাই আৰু পথসমূহৰ মাজত থকা নলা,নৈ,জানজুৰিৰ

ওপৰত নিৰ্মাণ হোৱা নাই কোনো দলঙৰ ব্যৱস্থা।যাৰফলত বছৰৰ সৰহভাগ সময়তে চমকঙৰ গ্ৰাম্যঞ্চলৰ ৰাইজে কষ্টকৰ যাতায়ত কৰিবলগীয়া হৈ আহিছে। অতি পুৰণি অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ চমকঙ অঞ্চলত দুখন স্বাস্থ্য উপকেন্দ্ৰ থকাৰ বাহিৰে আন কোনো চিকিৎসালয় প্ৰতিষ্ঠা নোহোৱাটো অতি পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে।উল্লেখযোগ্য যে কৃষি জীৱিকাৰ ওপৰতে নিৰ্ভৰশীল চমকঙৰ খেতিপথাৰত কোনো জলসিঞ্চনৰ আঁচনি আজিকোপতি চৰকাৰে হাতত লোৱা নাই। আজিও চমকঙৰ কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকৰ্ম কৰি আহিব লগা হৈছে।আনহাতে কৃষিজীৱী ৰাইজে পশুপালন কৰি আয় উপাৰ্জনৰ দ্বাৰা পৰিয়াল পোহপাল দি অহা চমকঙত বৰ্তমানলৈকে পশুচিকিৎসা বিভাগৰ কোনো প্ৰতিষ্ঠান প্ৰতিষ্ঠা হোৱা নাই।যাৰফলত গৰু,গাহৰি,ছাগলী, হাঁহ, কুকুৰা আদি পশুধন পালনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে কৃষক ৰাইজে।এনেবোৰ এশএবুৰি সমস্যাৰে জৰ্জৰিত চমকঙৰ জলন্ত সমস্যাৰ আশু সমাধান কৰি অঞ্চলৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ অঞ্চলবাসী গঞা ৰাইজে বিজেপি মিত্ৰজোঁটৰ চৰকাৰলৈ দাবী জনাইছে।

দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…

গুৱাহাটী মহানগৰীৰ পূৱ দিশত অৱস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত ৪ মেত প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হোৱা বাৰ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বদ্ধনা জনোৱাৰ উদেশ্যে এক সম্বদ্ধনা সভা লগতে শিক্ষক-আভিভাৱক সভাৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আঁত ধৰা সভাখনৰ আৰম্ভণিতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ লগতে জেষ্ঠ বাদ্যযন্ত্ৰ শিল্গী ধীৰাজ সিংক বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বদ্ধনা জনোৱা হয় । প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত সাত গৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক অনুদান প্ৰদান কৰে নুনমাটি শিৱম নগৰৰ বাসিন্দাভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰয়াত অনিমা শৰ্মাৰ সুযোগ্য স্বামী দিলীপ শৰ্মাই ।

সম্বদ্ধনা সভাত উপস্থিত থাকি লেখক তথা সমাজ সংগঠক ভৱেন চন্দ্ৰ দাসে উপস্থিত অভিভাৱক ছাত্ৰ-ছাত্ৰীক উদেশ্যি অভিৰোচন মূলক বক্তৃত্বা প্ৰদান কৰে ।ভৱেন চন্দ্ৰ দাসৰ লগতে লেখক বিজু বৰাই যৌথভাৱে আগবঢ়োৱা অৰ্থসাহাৰ্যৰে সদ্য মেট্ৰিক উত্তীৰ্ণ বাৰ গৰাকী ছাত্ৰ-ছাত্ৰীক ইংৰাজী-অসমীয়া অভিধান ৰ লগতে একোখনকৈ ডায়েৰী আৰু কলম প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকি নুমলীগড় ৰিফাইনেৰী অভিযন্ত্ৰা বিষয়া অনিল ডেকাই ছাত্ৰ-ছাত্ৰীয়ে যাতে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে উৎসাহিত কৰিবলৈ শিক্ষাৰ্থীৰ বাবে বঁটা ঘোষণা কৰে । চৰকাৰী বিদ্যালয়ৰ এক গুৰুতৰ সমস্যা হৈছে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি অনুষ্ঠানত উপস্থিত থাকি লেখক-সাংবাদিক উৎপল শইকীয়াই এই সমস্যা সমাধানৰ বাবে বৰ্ষটোৰ ভিতৰত সৰহ দিন উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে । শিক্ষা বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক নাৰায়ণ শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ গণিতভীতি দূৰীকৰণৰ বাবে বিভিন্ন কৌশল অৱগত কৰাৰ লগতে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে ।

বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা আমচং চাহ বাগানৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক সুভাষ ৰামদেয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ এই অঞ্চলৰ পৰা পূৰ্বতে দুই তিনিগৰাকীহে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ পৰা বাৰ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বাবে তেখেতে গৌৰৱ অনুভৱ কৰে । ২০২২ বৰ্ষত ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা বিদ্যালয়খনত এই বৰ্ষত ২১৫ গৰাকীলৈ বৃদ্ধি হৈছে । ছাত্ৰ-ছাত্ৰী বহিবৰ বাবে পৰ্যাপ্ত ডেস্ক-বেঞ্চৰ অভাৱ সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ একতাৰ আবেদন মৰ্মে সম্বদ্ধনা সভাত উপস্থিত থকা ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া দিলীপ শৰ্মাই তেখেতৰ প্ৰয়াত সহধৰ্মিনী অনিমা শৰ্মা স্মৃতি ন্যাসৰ পৰা প্ৰয়োজনীয় ফাৰ্নিচাৰ আৰু ডেস্ক-বেঞ্চ কিনিবৰ বাবেএকলাখ টকাৰ অনুদান আগবঢ়ায় । দিলীপ শৰ্মাদেৱে তেখেতৰ বক্তব্যত উল্লেখ কৰে যে মানৱ সম্পদ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মাতৃসকলে সেয়েহে শিক্ষক-অভিভাৱক সভাত উপস্থিত থকা মাতৃসকলক সজাগ কৰাৰ উদেশ্যে চলিত শিক্ষাবৰ্ষৰ পৰা দুজন শ্ৰেষ্ঠ মাতৃক নিৰ্বাচন কৰি বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে । প্ৰায় ডেৰ শতাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সম্বদ্ধনা সভাখনত শিক্ষক ক্ৰমান্বয়ে ৰাতুল বৰা, দিলীপ পাল, যদুমনি দিহীঙিয়া, বৰ্ণালী তালুকদাৰ , মুনমী বৰুৱা, কুলদীপ শেনচোৱা, দামোদৰ লহকৰ আৰু কামদেৱ কৰ্মকাৰে বিগত দুটা বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ আৰুকৰ্মৰ বিষয়ে অৱগত কৰে ।

প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…

কয়াকুছিৰ কবি-বন্ধু শ্বৰীফুল ইছলামৰ সৈতে কবিতা বিষয়ক এক আড্ডাত তেখেতে খ্যাতিমান কবি নীলিম কুমাৰৰ প্ৰসংগ টানি আনে। কয়াকুছি গ্ৰন্থ মেলাত কবিজনাই এবাৰ পদদূলি দিছিল। সেই সময়ত এক সুন্দৰ ঘটনা ঘটে। এগৰাকী শিক্ষকে হেনো নীলিম কুমাৰক কৈছিলঃ আগতে আমি স্কুলত থাকোঁতে কবিতা পঢ়িছিলোঁ। তেতিয়াৰ কবিতা বুজি পাইছিলোঁ। সহজ-সৰল আছিল। এতিয়া বুজি নাপাওঁ। পঢ়াও নহয়। নীলিম কুমাৰেও ইয়াৰ সুন্দৰ উত্তৰ দিছিল। তেখেতৰ উত্তৰৰ সাৰাংশ হ’ব এনেধৰণৰঃ আমি বিদ্যালয়-মহাবিদ্যালয়ত পঢ়োঁতে পাঠ্যবোৰ প্ৰথমৰ পৰা উচ্চ শ্ৰেণীলৈ ক্ৰমে টান হৈ গৈ থাকে। স্নাতকোত্তৰ শ্ৰেণীত সন্নিবিষ্ট কবিতা কিছুমানৰ লগত প্ৰাথমিক বা মজলীয়া বিদ্যালয়ৰ পাঠ বা কবিতা একে নহয়। গতিকে কোনো ব্যক্তিয়ে কবিতা বুজি নোপোৱাৰ অৰ্থ এইটোৱে যে তেখেতে এতিয়ালৈ প্ৰাথমিক বা হাই স্কুলতে সীমাবদ্ধ হৈ আছে। মূল কথালৈ যোৱাৰ আগমুহূৰ্তত এটা ঘটনাৰ কথা মনত পৰিছে। বহু বছৰ আগতে বৰপেটাৰ আগমন্দিয়া অঞ্চলত বেচৰকাৰী বিদ্যালয়ত শিক্ষকতাৰ কাম কৰিছিলোঁ। পাঠদান চলি থাকোঁতে কথা প্ৰসংগত সূৰ্য ঘূৰে বুলি কওঁ। কথাটো ছাত্ৰ-ছাত্ৰীয়ে মানি ল’বলৈ টান পালে। তেওঁলোকে সূৰ্য অস্থিৰ বুলি পঢ়ি আহিছে। অলপ খোকোজা লাগিবই পাৰে। তেওঁলোকৰ কোনোবা এজনে গৈ অধ্যক্ষক লগালে। ছাৰে এই সাধাৰণ কথা এটাও নাজানে। সূৰ্য কেনেকৈ ঘূৰিব ? সূৰ্য অস্থিৰ। অধ্যক্ষগৰাকীয়ে মোক মাতি নি ক’লে আপুনি ছাত্ৰ-ছাত্ৰীক ভুল শিকায় কিয় ? মই তেখেতক জনালোঁ যে বিশ্ব-ব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ যিয়েই হওক স্থিৰ থাকিব নোৱাৰে; অস্থিৰহে।

বেচৰকাৰী বিদ্যালয়খনৰ বাকী শিক্ষক-শিক্ষয়িত্ৰীসকলেও মোৰ কথা মানি নললে। মই কিবাকিবি প্ৰমাণ দিলোঁ। কাম নহ’ল। এদিন অধ্যক্ষগৰাকীয়ে বাহিৰা মানুহ এজনৰ সমুখত পঞ্চম-ষষ্ঠমানৰ কিতাপ পঢ়িব ক’লে। কিয়নো এই শ্ৰেণীসমূহত আছে সূৰ্য অস্থিৰ, নুঘূৰে কথাষাৰ। অথচ আমি জানো, সূৰ্যই নিজ কক্ষপথত হাতিপটী তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৪ হাজাৰৰ পৰা ২৬ হাজাৰ আলোকবৰ্ষ দূৰত্বত থাকি কেন্দ্ৰক পৰিক্ৰম কৰি থাকে। সূৰ্যক এবাৰ পৰিক্ৰম কৰোঁতে প্ৰায় ২২৫ৰ পৰা ২৫০ মিলিয়ন বছৰ লাগে (এক গেলেটিক বা তাৰকাৰাজ্যিক বৰ্ষ)। সূৰ্যৰ কক্ষীয় গতিবেগ হ’ল ২২০ূয-২০ কিমিযছে, কিন্তু শেহতীয়া গণনা মতে ই ২৫২ কিমিযছে। ই প্ৰায় ১১৯০ বছৰত ১ আলোকবৰ্ষ বা ৭ বছৰত এক সৌৰবৰ্ষৰ সমকক্ষ। যিহেতু cosmic background radiation (CMB) আপেক্ষিকভাৱে আমাৰ তাৰকাৰাজ্যখন হাইড্ৰা (hydra)ৰ দিশত ৫৫০ কিমিযছে গতি কৰি আছে। গতিকে সূৰ্যৰ CMBৰ আপেক্ষিকভাৱে সামগ্ৰিক বেগ crater বা leoৰ দিশত ৩৭০ কিমিযছে হ’ব। মোৰ কবি বন্ধু শ্বৰীফুলৰ কথা মনত পৰি কি ভাবিছে, বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে পঞ্চম-ষষ্ঠমানতে সীমাবদ্ধ হৈ আছে ? আমি কেতিয়াবা কিবা পঢ়িলে লেখাটো কোনটো বয়সৰ উপযোগীকৈ লিখা সেই সেইটোও ভবা উচিত। এতিয়া আমাৰ মূল আলোচনালৈ যোৱা যাওক। প্ৰশংসাৰ এক অদ্ভুত শক্তি আছে। এই কথা স্বীকাৰ নকৰি নোৱাৰি। প্ৰশংসাৰ নেতিবাচক দিশ এই লেখাত আলোচনা কৰা হ’ব। সম্প্ৰতি আধুনিকতাৰ ঢৌত মানুহে দিনটো ইণ্টাৰনেটৰ জগতত থাকি ভাল পায় অথবা সামাজিক পৰিৱেশৰ পৰা আঁতৰি আহি আছে। এগৰাকী ব্যক্তিয়ে কৰিবলৈ লোৱা কামৰ খুঁত উলিওৱা অথবা কামটোৰ ফলাফল শূন্য বা বেয়া হ’ব পাৰে বুলিয়েই নিৰাশ হ’বনে ? কোনোবাই কামটো অশুদ্ধ বুলি ক’লেই অশুদ্ধ হৈ যাবনে ? অথবা কোনোৱে ভুল ধৰি নিদিলে (ইতিবাচক) ভুল-শুদ্ধ বুজি পোৱাত বহু সময়ত অসুবিধা হয়। হাই স্কুলত থাকোঁতে মোৰ বন্ধু হানিফে প্ৰায়ে কৈছিলঃ “যেতিয়ালৈ মানুহে বেয়া ক’ব, তেতিয়ালৈ ভাবিব লাগিব আমি ঠিক পথতেই আছোঁ।” মানুহে এতিয়াও আনৰ ভাল দেখিব নোৱাৰে। বিশেষকৈ গাঁৱলীয়া পৰিৱেশত আজিও এইটো পৰম্পৰা প্ৰচলিত। গাঁৱৰ ইঘৰে-সিঘৰে কি কৰিলে, কিহেৰে ভাত খালে, কি মাছ আনিলে, কোন দিনা কি ৰুব সকলো কথা সকলোৱে জানে। যাৰ বাবে গাঁৱত শত্ৰুতাও বেছি আছে। মোৰ কথা চহকী স্বভাৱটোৰ বাবেই বেছি বেছি কথা কৈ দিওঁ। হয়তো কাৰোবাৰ আমনিও লাগে। যি কি নহওক, মূল কথালৈ আহোঁ।

এবাৰ কিশোৰ ছোৱালী এজনীক লগ পাওঁ। তাইৰ মাজত সৃষ্টিশীল গুণটো চকুত পৰে। বক্তৃতা, আবৃত্তিৰ অনুশীলন কৰে। ভাল বক্তাও হ’ব পাৰিব বুলি মোৰ বিশ্বাসো হয়। তাই অলপ-চলপ সাহিত্য চৰ্চা কৰে বুলিও জানোঁ। এদিন প্ৰসংগক্ৰমে তাইলৈ হীৰেন ভট্টাচাৰ্যৰ ‘প্ৰতীক্ষা’ কবিতাটি পঠিয়ালোঁ। মোক আচৰিত কৰি দি পিছদিনা ৰাতিপুৱা কবিতাটি আবৃত্তি কৰি পঠিয়াই দিলে। কৰ্ম ব্যস্ততাত আবেলিমানতেহে শুনিলোঁ। ইয়াৰ পাছতে ‘ইউটিউব’ৰ পৰা একেটা কবিতাৰ আবৃত্তিৰ দুটামান লিংক পঠিয়াই দিওঁ আৰু তলত লিখিলোঁ ‘স্পষ্ট উচ্চাৰণ’। আকৌ কামত ব্যস্ত হৈ পৰোঁ। কিছুসময় পাছত চাওঁ তাইৰ কেইবাটাও মেছেজ। দুটামান মেছেজৰ সংশোধনী ৰূপ উল্লেখ কৰি আপোনালোককো ইয়াৰ সোৱাদ দিওঁঞ্জ “……. মোৰ উচ্চাৰণত ভুল নেকি ? সকলো সময়তে সঠিক উচ্চাৰণ কৰাৰ প্ৰয়াস কৰোঁ। প্ৰতিযোগিতা থাকিলে আবৃত্তি কৰি পুৰস্কাৰ পোৱাৰ লগতে বহু উচ্চ পৰ্যায়ৰ মানুহৰ পৰা মই উচ্চাৰণৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছোঁ। কিবা এটা আশা-অনুপ্ৰেৰণা দিব পাৰিলেহেঁতেন।” আৰু এষাৰ কথা কোৱাৰ প্ৰয়োজনবোধ কৰিছোঁ যে তাই জুনিয়ৰ কলেজ এখনৰ অধ্যক্ষ এগৰাকীৰ কথা উল্লেখ কৰি কৈছে যে ভাষণৰ ৰজাই তেখেতক প্ৰশংসা কৰিছে। ইয়াৰ লগতে প্ৰশংসাৰ যাদুকৰী শক্তিৰ কথা আমেৰিকান লেখক ডেল কাৰ্ণেগীৰ কিতাপত পঢ়াৰ কথাও কয়। তাই আৰু বহুত কিবাকিবি কৈছিল। বিষয়টো তাইক বুজাবলৈ এটা বাস্তৱ গল্প কৈছিলোঁ। গল্পটো আপোনালোকলৈও আগবঢ়ালোঁঞ্জ তেতিয়া বৰপেটাৰ এম চি কলেজত উচ্চতৰ মাধ্যমিকত পঢ়ি আছোঁ। এগৰাকী কবিৰ লগত মোৰ প্ৰায়ে লগ হয়। আমাৰ মাজত কবিতা-সাহিত্য, কিতাপৰ বিষয়ে বিবিধ আলোচনা হয়। এদিনাখন দাদাই (কবি গৰাকী) ক’লে— তোৰ কবিতাখিনি লৈ আহিবি, পঢ়ি চাম, কিনো লিখিছা ? মই বহুত আনন্দিত হৈছিলোঁ। প্ৰায় এশ কবিতা পিছদিনাই পঢ়িব দিলোঁ। মোক ক’লে, পঢ়োঁতে সময় লাগিব। কেইদিনমান পাছত আহিবি। এদিন গ’লোঁ। দাদাই আচৰিত কৰি দি ক’লে— “এটা লেখাও কবিতা হোৱা নাই।” এটি লেখা বোলে কবিতা হৈ আছে। সেইদিনাও মই নিৰাশ হোৱা নাছিলোঁ। সেইদিনা যদি দাদাই ক’লেহেঁতেনঞ্জ সুন্দৰ। লিখি থাকা। বহুত ভাল হৈছে। তেতিয়া হ’লে মোৰ বাবে বিৰাট ক্ষতি হ’লহেঁতেন। সিদিনাই বুজিছিলোঁ কোনো মানুহকে প্ৰাপ্যতকৈ বেছি প্ৰশংসা কৰা অনুচিত। অন্যথায়, কবিতা বুজি নোপোৱা শিক্ষকগৰাকী আৰু মই শিক্ষকতা কৰা উল্লেখিত বিদ্যালয়খনৰ অধ্যক্ষৰ দৰে হাইস্কুলতে সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনাই অধিক।

ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…

ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন
পুনৰ ৰাহুলকলৈ বিতৰ্ক। ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়! তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। এই দাবী জনাই নিৰ্বাচন আয়োগৰ কাষ চাপিছে অনিৰুদ্ধ প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে। অভিযোগকাৰী লোকজনে দাবী কৰিছে যে ৰাহুল কেৱল এজন বিদেশী নাগৰিকেই নহয় , তেওঁ মোদী উপাধিৰ গোচৰতো দণ্ডিত হৈছে। সেয়েহে আইনীভাৱে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই।

অনিৰুদ্ধ প্ৰতাপ সিঙৰ অধিবক্তা অশোক পাণ্ডেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে কয় “ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়। ২০০৬ চনত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁ এজন ব্ৰিটিছ নাগৰিক। এজন ব্ৰিটিছ নাগৰিকে ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

কেৱল এয়াই নহয়, অধিবক্তাজনে দাবী কৰে যে ৰাহুল গান্ধীক এটা অপৰাধমূলক গোচৰত দুবছৰৰ শাস্তি বিহা হৈছে। মোদী উপাধি মানহানিৰ গোচৰত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। যদিও উচ্চতম ন্যায়ালয়ে শাস্তি স্থগিত ৰাখিছে, ন্যায়ালয়ে ক’তো কোৱা নাছিল যে ৰাহুলে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সেয়েহে তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। অনিৰুদ্ধ প্ৰতাপ সিঙক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক পাণ্ডেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ কৰিছে।

কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…

ড০ বুলজিৎ বুঢ়াগোহাঁই


কালি অসম ডনবস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত‌ আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতাৰ ওপৰত এখন সভা অনুষ্ঠিত হয়। সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৰাজ্যৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনবস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মূৰব্বী ড০ বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক কমলদীপ কলিতা। আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থকা কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষয়িত্ৰী মমী গায়ন দাসে আৰু আঁতধৰে শিক্ষয়িত্ৰী ড০ আকাশী বৰুৱাই।

কৰ্মশালাখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকি ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থী সকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য বাণিজ্য বা বৃত্তিমুখী শাখাত শিক্ষা লাভ কৰি নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে শিক্ষাৰ্থী সকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি সেই বিষয়ে বহলাই ব্যাখ্যা কৰে। ড০ বুঢ়াগোহাঁইয়ে তেওঁৰ ভাষণত আৰু কয় যে কামৰ কোনো সৰু বৰ নাই। আই টি আইৰ বিভিন্ন ট্ৰেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰমৰ বিষয়েও ড০ বুঢ়াগোহাঁইয়ে আলোচনা কৰে।

তেওঁ প্ৰতিদিনে বাতৰি কাকত পঢ়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষা তথা নিযুক্তি বাবে আয়োজন কৰা সাক্ষাৎকাৰ সমূহত সাধাৰণ জ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰে। ড০ বুঢ়াগোহাঁইয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে আৰু প্ৰতি শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগৱঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।আন এগৰাকী সমল ব্যক্তি কমলদীপ কলিতাই শিক্ষাৰ্থী সকলক নিজৰ কেৰিয়াৰত এটা লক্ষ্য থকাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। তেওঁ প্ৰযুক্তি ভিত্তিত শিক্ষণৰ ব্যৱহাৰৰ বিষয়েও ব্যাখ্যা কৰে আৰু শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশত ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়েও অৱগত কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা পূৰবী ভৰালীয়ে।

ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…

দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ধেমাজিৰ অন্যতম বিহু সন্মিলন ২৬ সংখ্যক লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি কালি পুৱতি নিশা সামৰণি পৰে ৷ উদযাপন সমিতিৰ উপসভাপতি ৰজনী গগৈৰ পৰিচালনাত পুৱা সামূহিক চাফাইৰে প্ৰথম দিনৰ কাৰ্যসূচী পাতনি মেলা হয় । পুৱা ৯ বজাত এক উচৱমুখৰ পৰিবেশৰ মাজত বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তোষেশ্বৰ বৰগোহাঁয়ে ৷ ইপিনে সমান্তৰালভাৱে স্হায়ী সমিতিৰ পতাকা উত্তোলন কৰে স্হায়ী সমিতিৰ সভাপতি কুঞ্জজ্যোতি বাইলুঙে ৷ উদযাপন সমিতিৰ যুটীয়া সম্পাদক দেবজিত বৰগোহাঁই আৰু পুলেন্দ্ৰ বুঢ়াগোহাঁয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতে বৃক্ষপুলি ৰোপণ কৰে কাৰ্যকৰী সভাপতি ৰাতুল দিহিঙীয়াই ৷ পৰম্পৰাগত কণী যুঁজ উদ্বোধন কৰে উপসভাপতি কামেশ্বৰ গগৈয়ে ৷

ছাত্ৰ _ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেলধেমালি প্ৰতিযোগিতাৰ পিছতে বিহুতলী উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেন গগৈয়ে ৷ ইফালে আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা সৰু বিহুৱতী প্ৰতিযোগিতাত লাভলী সোনোৱাল আৰু মাৰচিলীনা দুৱৰাই যুটীয়াভাৱে প্ৰথমস্হান , প্ৰিয়াংশ্ৰী দত্ত , টুহিনা গগৈয়ে দ্বিতীয় স্হান , দৰথি ফুকন , পূবালী চুতীয়াই তৃতীয় স্হান লাভ কৰে ৷ নিশালৈ অনুষ্ঠিত হোৱা জেংবিহু প্ৰতিযোগিতাত তিনিচুকীয়াৰ বৰ্হমথুৰি আৰু ঘিলামৰা আঞ্চলিক জেংবিহু দলে যুটীয়াভাৱে প্ৰথমস্হান , বৰদলনি মেজাংকৰি আৰু ধেমাজি জোনাকী জেংবিহু দলে দ্বিতীয়স্হান অধিকাৰ কৰে ৷ ইফালে প্ৰাক্তন সম্পাদক ডিম্বেশ্বৰ গগৈয়ে পৰিচালনা কৰা সামূহিক চাফাইৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ দুপৰীয়া ১ বজাত মহিলাৰ মাজত পুৰণি খেলধেমালি প্ৰতিযোগিতা সম্পন্ন হয় ৷ আবেলি ৪ বজাত কেইবাটাও জনগোষ্ঠীয়ে জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰে ৷

সন্ধিয়া ৭ বজাত উদযাপন সমিতিৰ সভাপতি তোষেশ্বৰ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত স্হায়ী সমিতিৰ সভাপতি কুঞ্জজ্যোতি বাইলুঙে আদৰণি ভাষণত লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ২৬ বছৰীয়া ইতিহাসৰ বিষয়ে আলোকপাত কৰে ৷ সভাত লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি _ সম্পাদকসকলৰ লগতে ২৬ সংখ্যক বিহু সন্মিলনৰ দাতাসকলক উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ ইপিনে নিশা ৯ বজাত আৰম্ভ হোৱা প্ৰবীন গগৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াখনি উদ্বোধন কৰে সদৌ তাই আহোম ছাত্ৰ সন্হাৰ উপসভাপতি মনোজ গগৈয়ে ৷ উল্লেখযোগ্য যে সাংস্কৃতিক সন্ধিয়াত ৰিমঝিম সাংস্কৃতিক গোষ্ঠী , ভেহপৰা গাঁও টাই বিহু দল , লাচিত নগৰ জেংবিহু দলৰ অনুষ্ঠানৰ পিছতে জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই আগবঢ়োৱা গীতৰ শৰাইৰে প্ৰতিকুল বতৰকো নেওচি পুৱতি নিশালৈকে উপস্হিত থকা হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷

বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…

ড০ অঞ্জনা গোস্বামী

বৰ্তমান পৃথিৱীত প্লাষ্টিক অবিহনে জীৱন ধাৰণৰ কথা অনুভৱ কৰিব নোৱাৰা নিচিনা হৈ পৰিছে। ৰাতিপুৱা শুই উঠি টুথব্ৰাচডাল হাতত লৈ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু ৰাতি মুখত ক্ৰীম অকণমান সানি বিচনাৰ কাষত পানী বটলটো থৈ দিনটোৰ কাৰ্যসূচী সমাপ্ত কৰি নিদ্ৰা দেৱীৰ আশ্ৰয় লয়। পুৱা ব্যৱহাৰ কৰা টুথব্ৰাচডালো প্লাষ্টিকৰ, ক্ৰীম থোৱা টেমাটোও প্লাষ্টিকৰ আৰু কাষৰ পানী বটলটোও প্লাষ্টিকৰ। প্লাষ্টিকৰ বিষয়ে লিখিবলৈ লোৱা কলমটোও প্লাষ্টিকৰ। আমাৰ দৈনন্দিন জীৱনত নিত্য ব্যৱহাৰ্য সৰহভাগ সামগ্ৰী প্লাষ্টিকৰে নিৰ্মিত। প্লাষ্টিক উদ্ভাৱন কৰিছিল ১৯০৭ চনত লিউ হেনডিèক বেকলেণ্ড নামৰ বেলজিয়ামত জন্মগ্ৰহণ কৰা আমেৰিকা নিবাসী বিজ্ঞানী এজনে নিউইয়ৰ্ক চহৰত। সেয়েহে প্ৰথমে প্লাষ্টিকক বেক্‌লাইট নামে জনা গৈছিল। মানুহৰ কল্যাণৰ বাবে তেওঁ এই প্লাষ্টিক উদ্ভাৱন কৰে। ইয়াক সহজে তৈয়াৰ কৰিব পৰা গুণ লগতে উৎপাদনৰ খৰচ কম হোৱা বাবে দামো কম আৰু অদ্ৰৱণীয় গুণৰ কাৰণে পৃথিৱীৰ সকলো লোকৰ বাবে ই গ্ৰহণীয় হৈ পৰিল। ফলস্বৰূপে পানীৰ পাইপ, গাড়ী মটৰ, জাহাজ, উৰাজাহাজ, যুদ্ধৰ সঁজুলি, শিশুৰ পুতলা, ঘৰুৱা আচবাব — চৰিয়া, মগ, কাপোৰ মেলা ৰচি সকলোতে এই প্লাষ্টিক নামটো সোমাই পৰিল। কণ কণ ছাত্ৰ-ছাত্ৰীৰ ফলিখনো প্লাষ্টিকেৰেহে নিৰ্মিত। আনহে নালাগে চিকিৎসালয়ৰ সামগ্ৰীও প্লাষ্টিকেৰে নিৰ্মাণ কৰা হয়। বজাৰলৈ যাওঁতেও ঘৰৰ পৰা হাতত কপাহী অথবা মৰাপাটৰ মোনাটো নিবলৈ এৰি প্লাষ্টিকৰ, যাক আমি পলিথিন মোনা বুলি কওঁ সেইটোহে বস্তু অনাত ব্যৱহাৰ হ’বলৈ ধৰিলে। আগতে বিয়া সবাহত কলপাত, মাটিৰ পাত্ৰ আদি ব্যৱহাৰ কৰিছিল। কিন্তু Disposible প্লাষ্টিক ব্যৱহাৰ কৰাৰ ফলত কিছুমান গাঁও অঞ্চলত গঢ়ি উঠা কুটীৰ শিল্প ক্ৰমান্বয়ে বিলুপ্ত হৈ গ’ল। মৰাপাটৰ বেগ নেদেখাই হ’ল। আমি সৰু থাকোতে মা, আইতাহঁতে কাপোৰ ফাটিলে, যেনে বিচনা চাদৰ অথবা লংপেণ্ট আদিৰে বজাৰ কৰা মোনা চিলাই দিছিল। বৰ্তমান তেনে মোনা দেখাই নাযায়। বজাৰলৈ সহজে হাতৰ মুঠিত ল’ব পৰা, অসমীয়া পাটৰ কাপোৰৰ উদাহৰণ দিওঁতে ব্যৱহাৰ কৰা যোজনা ফাকিৰ দৰে অৰ্থাৎ, “ছাঁতে শুকুৱা মুঠিতে লুকুৱা” যাক আমি পলিথিনৰ মোনা বুলি কওঁ সেইবিলাকতহে বস্তু ভৰাই আনো।


১৯০০ চনত জাৰ্মান বিজ্ঞানী হনচ্‌ ভন্‌ পেচমেনে প্ৰথমে পলিথিনৰ উদ্ভাৱন কৰে যদিও কাৰ্যক্ষেত্ৰত ই ব্যৱহাৰৰ উপযোগী নহ’ল। ১৯৩৩ চনৰ ২৭ মাৰ্চ তাৰিখে ইংলণ্ডৰ এৰিক ফচেট (Eric Fawcett) আৰু ৰেজিনাল্ড গিবচন্‌ (Reginald Gibsan) নামৰ দুজন বিজ্ঞানীয়ে আকস্মিকভাৱে পলিথিন উদ্ভাৱন কৰে। মানৱ জাতিৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰা এই উদ্ভাৱনে সৃষ্টিকৰ্তাৰ বিন্দনীয়া সৃষ্টিত বিভিন্ন দিশত প্ৰভাৱ পেলাবলৈ ধৰিলে। পলিথিনৰ দেখাত ইতিবাচক হস্ৰম্যাদী দিশ আছে যদিও ইয়াৰ নেতিবাচক প্ৰভাৱ দীৰ্ঘম্যাদী। আমাৰ জ্ঞাতে বা অজ্ঞাতে পলিথিনে পৰিৱেশৰ ক্ষিতী, অপ, ত্যেজ, মৰুৎ, ব্যোম এই পাঁচটি দিশেই প্ৰদূষিত কৰে। প্লাষ্টিক অথবা পলিথিন অদ্ৰৱণীয় আৰু অপচনিয়। মাটিত পেলালে মাটিৰ উৰ্বৰতা নাশ হয়। ব্যৱহাৰৰ অনুপযোগী বস্তুবিলাক আমি য’তে ততে পেলাই দিও অথবা গোটাই পুৰি পেলাওঁ। ভগা-চিগা টেমা, পুতলা, গাড়ীৰ সঁজুলি, পলিথিনৰ মোনা, ফ্ৰিজ, ম’বাইল ফোনৰ সামগ্ৰী, টুথ ব্ৰাচ, কলম ইত্যাদি য’তে ততে পেলোৱাৰ ফলত মাটিখিনি প্ৰদূষিত হয়। কাৰণ এই সামগ্ৰীসমূহ পচি নাযায়। জ্বলাই দিলেও তাৰ বিষাক্ত ধোৱাঁই বায়ু প্ৰদূষিত কৰি আমাৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে। নদী বা জলাশয় আদিত পেলাই দিলে এনে আৱৰ্জনা গোটখাই কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। গুৱাহাটীৰ ভৰলু অথবা বাহিনী নদী, নগাঁৱৰ কলং নদীৰ এনে প্ৰদূষণৰ ফলস্বৰূপে চহৰ দুখনত এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। তাৰোপৰি ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন স্থানৰ এনে সমস্যা আমি মাজে মাজে বাতৰি কাকতত পাই থাকো। ফলস্বৰূপে খজুৱতি, পেটৰ বেমাৰ, টাইফড আদিকে কৰি বিভিন্ন ৰোগে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। সাগৰ-মহাসাগৰত পেলাই দিয়া এনে অদ্ৰৱণীয় সামগ্ৰীসমূহৰ বাবে সাগৰৰ বহুতো মূল্যৱান জলচৰ প্ৰাণীৰ মৃত্যুৰ কাৰণ হৈ পৰিছে আৰু পৃথিৱীৰ পৰা বহুতো প্ৰাণী বিলুপ্তও হৈছে। বিজ্ঞানীসকলে সাগৰীয় প্ৰাণীৰ ওপৰত কৰা গৱেষণাত তিমিকে আদি কৰি বিভিন্ন জলজ প্ৰাণীৰ দেহত প্লাষ্টিকৰ সূক্ষ্ম কণা ধৰা পেলাইছে। সেইবাবে সাগৰীয় মাছ খোৱাৰ ফলত মানুহ আৰু অন্যান্য প্ৰাণীৰ দেহতো প্লাষ্টিকৰ কণিকা পোৱা গৈছে। গাখীৰ, মাছ, মাংস আদি এনে মোনাত অনাৰ ফলত তাৰ ভয়াৱহ প্ৰভাৱে জীৱজগতত যথেষ্ট ক্ষতি কৰিছে। প্ৰতি মিনিটত পৃথিৱীৰ মানুহে প্ৰায় এক নিযুত প্লাষ্টিকৰ বটল কিনে। এক সমীক্ষাত দেখা গৈছে যে, ২০৫০ চনত সাগৰত মাছতকৈ প্লাষ্টিকহে বৃদ্ধি পাব। আনহে নালাগে মহিলাৰ জৰায়ুতো বিজ্ঞানীসকলে গৱেষণা কৰি প্লাষ্টিক কণিকা ধৰা পেলাইছে, যাৰ ফলত ভৱিষ্যতৰ শিশুসকলৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনাই প্ৰকট।

চিকিৎসালয়ৰ চৌহদত চেলাইনৰ বটল, পাইপ, বেজী, দৰৱৰ বাকচ, পনীয়া ঔষধৰ বটল আদিয়ে পৰিৱেশ বিনষ্ট কৰিছে। হিমালয় পৰ্বতৰ ওপৰতো এই প্লাষ্টিকৰ দ’মৰে ভৰি পৰিছে। ২০১৬ চনৰ পৰা প্ৰদীপ চঙৱান নামৰ এজন ব্যক্তিৰ সহযোগত গঢ়ি উঠা এটা NGO ই পৰ্যটক আৰু তীৰ্থযাত্ৰীয়ে পেলাই থৈ যোৱা প্লাষ্টিক জাৱৰবিলাক প্ৰতিবছৰৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে পৰিষ্কাৰ কৰি এক সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে। প্ৰকৃতিৰ বাবে চঙৱান এক মূল্যৱান মানৱ সম্পদ। ৰাতিপুৱা জগিং কৰি যাওঁতে ৰাস্তাৰ প্লাষ্টিক বুটলি ২০১৭ চনৰ পৰা প্লগাৰ আন্দোলনৰ যোগেদি ধৰিত্ৰী আইক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰা যুৱ প্ৰকৃতিবিদ ৰিপু দমন বেভলি্‌ বসুন্ধৰাৰ এক সুহদ বান্ধৱ। পৃথিৱীৰ সৰহভাগ দেশেই তেওঁৰ সমৰ্থক। ভাৰতবৰ্ষতো এই কাৰ্যৰ সমৰ্থন জনাই বহুতেই স্বচ্ছ ভাৰত অভিযানত যোগ দিয়ে। বৰ্তমান Plogman of India বুলি জনা ৰিপু দমনে বিভিন্ন দেশী-বিদেশী বঁটা পাবলৈকো সক্ষম হৈছে। পৃথিৱীৰ উপৰি মহাকাশতো আৱৰ্জনাৰে ভৰি পৰিছে। ১৯৫৭ চনৰ ৪ অক্টোবৰত ছোভিয়েট দেশে “Sputnic 1” পঠোৱাৰ পৰা এতিয়ালৈ প্ৰায় দুহেজাৰ (২০০০) ওপৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ পঠোৱা হৈছে। তাৰে কিছুমান অকামিলা বা বেয়া হোৱাৰ ফলত মহাকাশতো জাৱৰে ভৰি পৰিছে। ২০১৪ চনত মহাকাশ আৱৰ্জনাৰ ফলত কৃত্ৰিম উপগ্ৰহৰ বাবে তিনিবাৰকৈ ঠাই সলাব লগা হৈছে। এই জাৱৰবোৰৰো সৰহভাগ প্লাষ্টিকৰে। এই আৱৰ্জনাই পৃথিৱীলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। বিশ্বৰ মহাকাশ গৱেষকসকলে ইয়াৰপৰা নিস্তাৰ পাবলৈ লগতে বিশ্বব্ৰহ্মাণ্ডক ৰক্ষা কৰিবলৈ গৱেষণা চলাই আছে। প্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে। পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই এই ক্ষেত্ৰত সজাগ হোৱা প্ৰয়োজন। পলিথিনৰ মোনাৰ ঠাইত কাপোৰ, কাগজ অথবা মৰাপাটৰ মোনা ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিকৰ পাত্ৰৰ ঠাইত কাঁচ, চিনামাটি, ধাতু, কাগজৰ বাচন, তামোলৰ ঢকুৱাৰ পাত্ৰ, ঘৰত অথবা বিয়া-বাৰু উৎসৱ আদিত ব্যৱহাৰ কৰিব পাৰি।

এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বহুতো আইন প্ৰণয়ন কৰিছে। বিভিন্ন দিৱস সজাগতাৰ বাবে উদ্‌যাপন কৰা হয়। উদাহৰণস্বৰূপে— আন্তঃৰাষ্ট্ৰীয় উপকুল পৰিষ্কাৰ দিৱস (Internetional coastal clean up day) প্ৰত্যেক বছৰ ছেপ্তেম্বৰৰ তৃতীয় শনিবাৰত পালন কৰা হয়। প্ৰতি বছৰেই দেখা পোৱা গৈছে যে, প্লাষ্টিক নলী (straw) প্লাষ্টিক বটল আৰু সাফৰ, খাদ্য মেৰিওৱা প্লাষ্টিকৰ বন্ধনী ইত্যাদি সাগৰৰ পাৰত আৰু পানীত ভৰি থাকে। ইয়াৰ ফলত সাগৰীয় পৰিৱেশ প্ৰদূষিত হোৱাৰ উপৰি সাগৰীয় প্ৰাণীৰ ক্ষতি সাধন কৰিছে। মুঠতে বিশ্বৰ ১৯১খন দেশে এই উপকূল পৰিস্কাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰত্যেক বছৰে কমেও ৮ মিলিয়ন টন প্লাষ্টিকেৰে তৈয়াৰী বস্তু সাগৰত পোৱা যায়। তাৰোপৰি ধৰিত্ৰী দিৱসতো এনে পৰিৱেশ সংৰক্ষণ আৰু পৰিষ্কাৰৰ কাৰ্যসূচী লোৱা হয়। ২০১৯ চনৰ ‘ধৰিত্ৰী দিৱস’ৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱাত গঙ্গা নদীৰ পৰা ১০,০০০ কিলোগ্ৰাম প্লাষ্টিক আৱৰ্জনা নিষ্কাষণ কৰা হয়। কাৰণ পৱিত্ৰ গঙ্গাজল এতিয়া প্লাষ্টিকৰ কণিকাৰে ভৰি পৰিছে।
বিদ্যালয়ৰ পাঠ্যক্ৰমতো ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবৰ বাবে পৰিৱেশ শিক্ষা ভাৰতৰ ১৯৮৬ চনতে ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ কৰিছিল। ২০০৩ চনৰ পৰা ভাৰতবৰ্ষত পৰিৱেশ শিক্ষা বিদ্যালয়ত বাধ্যতামূলক বিষয় হিচাবে অন্তৰ্ভুক্ত কৰিছে। য’ত প্লাষ্টিক বস্তু বৰ্জনৰ কথা উল্লেখ আছে। বহুতো ৰাষ্ট্ৰই পেলনীয়া প্লাষ্টিক বিভিন্ন উপায়ে পুনৰ ব্যৱহাৰৰ উপযোগী কৰিছে। তাৰোপৰি পেলনীয়া প্লাষ্টিক ৰখা ঠাইবিলাকত আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি গাড়ী ৰখা ঠাই অথবা ফুলনি, শিশুৰ পাৰ্ক আদি তৈয়াৰ কৰিছে। গুৱাহাটী আই. আই. টিৰ কেইজনমান বিজ্ঞানীয়ে পেলনীয়া প্লাষ্টিক সামগ্ৰীৰে ৰাস্তাঘাট নিৰ্মাণৰ গৱেষণা কৰি আছে আৰু কিছু পৰিমাণে সফলতাও অৰ্জন কৰিছে। তাৰোপৰি শব্দ নিয়ন্ত্ৰিত কোঠা তৈয়াৰ কৰা ক্ষেত্ৰতো পেলনীয়া প্লাষ্টিক ব্যৱহাৰৰ গৱেষণা চলি আছে। ব্যৱহৃত বটল আৰু বাচনবিলাকত ফুল ৰুই সৌন্দৰ্য বৰ্ধনো কৰিব পাৰি, হ’লেও আমি পৰিৱেশ, স্বাস্থ্য আৰু আমাৰ ধৰিত্ৰী আইক ৰক্ষা কৰিবলৈ হ’লে প্লাষ্টিক বস্তু বৰ্জন কৰা প্ৰয়োজন। কাঠ, বাহ অথবা অন্যান্য প্ৰকৃতিজাত সামগ্ৰীৰে ঘৰুৱা আচবাব, খেলাৰ সামগ্ৰী আৰু দৈনন্দিন প্ৰয়োজনীয় বস্তুসমূহ নিৰ্মাণত গুৰুত্ব দিয়া প্ৰয়োজন, নহ’লে অদূৰ ভৱিষ্যতে প্লাষ্টিক সামগ্ৰীয়ে আমাৰ সেউজী ধৰণীলৈ অশনি সংকেত কঢ়িয়াই আনিব। Blue Planet নামৰ দূৰদৰ্শনৰ ২০০১ আৰু ২০১৭ চনৰ চিৰিয়েল দুখনে সাগৰত প্ৰাণী আৰু পৃথিৱীক বচাবলৈ প্লাষ্টিক বৰ্জনৰ কথাই কৈছে। পুনৰ ইয়াৰ তৃতীয়খন চিৰিয়েল কিছু দীঘলকৈ উলিয়াবৰ বাবে কাম চলি আছে।
২০১১ চনৰ পৰা জুলাই মাহটো Plastic Free মাহ আৰু ৩ জুলাই Plastic Bag Free দিন হিচাবে অষ্ট্ৰেলিয়াই আৰম্ভ কৰিছে। ২০১৭ চনত যুক্তৰাষ্ট্ৰৰ বাৰ্ক্‌লেই এই জুলাই মাহটো আন্তঃৰাষ্ট্ৰীয় Plastic Free Month হিচাপে উদ্‌যাপন কৰিবলৈ চেষ্টা চলায়। ২০২২ চনৰ ৩ জুলাই দিনটো সমগ্ৰ বিশ্বতে প্লাষ্টিক মোনা মুক্ত দিৱস হিচাপে (Plastic Free Day) হিচাপে পালন কৰা হৈছে। এইবছৰ ২০২৪ চনৰ ধৰিত্ৰী দিৱসত অৰ্থাৎ ২২ এপ্ৰিলৰ দিনটোৰ বিষয় হৈছে— Planet vs Plastics. প্লাষ্টিকে যে কিদৰে আই ধৰিত্ৰীক প্ৰদূষিত কৰিছে তাৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা। কিন্তু দেখা পোৱা গৈছে যে মানুহে হাতে হাতে প্লাষ্টিকৰ মোনা লৈ ফুৰিছে। জনসাধাৰণ সচেতন আৰু চৰকাৰ এইক্ষেত্ৰত কঠোৰ নহ’লে প্লাষ্টিক কেতিয়াও আঁতৰাব নোৱাৰে। শেষত আমি “দেহি মে দদাতি তে” মই দিলেহে মোক দিব, অৰ্থাৎ সুন্দৰ ধৰণীক আমি সুন্দৰকৈ ৰাখিবলৈ সুন্দৰখিনি দিব লাগিব যাতে আই মাতৃ পৃথিৱীৰ কোনো জীৱই কষ্ট নাপায় তেতিয়াহে ধৰিত্ৰী আইয়ে আমাক সুৰক্ষিত কৰি ৰাখিব।

এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভৱেশ কলিতাই…

আগন্তুক লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত বাক্সা জিলাৰ বিজনীত এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়ী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত ’বিজয় সংকল্প সমাৱেশ’ত অংশগ্ৰহণ কৰি উপস্থিত জনসাধাৰণক সম্বোধন কৰে ভৱেশ কলিতাই ৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ প্ৰতি বিজনীবাসী ৰাইজৰ অপাৰ মৰম আৰু আশীৰ্বাদ দেখি সঁচাকৈ আপ্লুত হয় ভৱেশ কলিতা ৷

উক্ত জনসভাত বিজনীবাসী ৰাইজক এখন বিকশিত কোকৰাঝাৰ আৰু বিকশিত অসম নিৰ্মাণৰ স্বাৰ্থত ৭ মে’ৰ দিনটোত সকলোৱে ওলাই আহি ‘টেক্টৰ’ ছবিত বিপুল ভোট প্ৰদান কৰি শ্ৰী জয়ন্ত বসুমতাৰীক বৃহৎ বিজয় কৰি তুলিবলৈ আহ্বান জনাই ভৱেশ কলিতাই ।

২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী…

কিছু সময়ৰ পূৰ্বে ৰাজধানী দিল্লীত অনুভূত হয় মৃদু ভূমিকম্প।

৪.১৯ বজাত ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী।

কিন্তু অতি কম তীব্ৰতাৰ বাবে অতি কম সংখ্যক লোকেহে উপলব্ধি কৰিব পাৰিছিল ভূমিকম্পৰ কম্পন।