Home Blog Page 832

অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…

Businessman analysis stock chart in crisis covid-19 for investment in stockmarket and finance business planning selective stock for Stockmarket crash and Financial crisis

শুকুৰবাৰে ঘৰুৱা বজাৰত ৭৩২.৯৬ পইণ্ট (০.৯৮ শতাংশ) লোকচানৰ সৈতে ৭৩,৮৭৮.১৫ পইণ্টত বন্ধ হয়। একেদৰে নিফটি ১৭২.৩৫ পইণ্ট (০.৭৬ শতাংশ) হ্ৰাস পাই ২২,৪৭৫.৮৫ পইণ্টত থিয় দিছে। কিন্তু গোটেই সপ্তাহটো বজাৰখন মৃদু লাভত থাকিল। সাপ্তাহিক ভিত্তিত চেন্সেক্স ১৪৭.৯৯ পইণ্ট (০.২০ শতাংশ) আৰু নিফটি ৫৫.৯ পইণ্ট (০.২৪ শতাংশ) বৃদ্ধি পাইছে।

Businessman analysis stock chart in crisis covid-19 for investment in stockmarket and finance business planning selective stock for Stockmarket crash and Financial crisis

ড° ৰেড্ডীজ লেবৰেটৰীজ, হিৰো মট’কৰ্প, লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি), ভাৰত পেট্ৰলিয়াম কৰ্প লিমিটেড (বিপিচিএল), হিন্দুস্তান পেট্ৰলিয়াম, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), আইচাৰ মটৰ্ছকে ধৰি বহু ডাঙৰ কোম্পানীৰ ফলাফল আহিব আৰু টাটা মটৰ্ছৰ নাম। সপ্তাহটোৰ ভিতৰত ৩টা মেইনবৰ্ড আইপিঅ’কে ধৰি ৯টা নতুন ৰাজহুৱা অফাৰ আৰম্ভ কৰা হৈছে। অৰ্থাৎ অহা ৫ দিনলৈ বজাৰত তীব্ৰ কাৰ্যকলাপ হ’ব।

বৃহৎ বিনিয়োগকাৰীৰ মনোভাৱ এনেকুৱা
যোৱা সপ্তাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ২,১১৫ কোটি টকা বিক্ৰী কৰাৰ বিপৰীতে ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰী ২,১২১ কোটি টকাৰ নিকা ক্ৰেতা আছিল। নতুন সপ্তাহত বিনিয়োগকাৰীৰ মনোভাৱৰ ফলত বজাৰখন প্ৰভাৱিত হ’ব পাৰে। বিদেশী শ্বেয়াৰ বজাৰ, খাৰুৱা তেল আৰু ডলাৰৰ উঠা-নমাই ঘৰুৱা বজাৰতো প্ৰভাৱ পেলাব পাৰে।

আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…

শুকুৰবাৰে পুৱা ৰায়বৰেলীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাহুলে তেওঁৰ নাম ঘোষণা কৰিছিল। ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃ ছোনিয়া গান্ধী, ভগ্নী প্ৰিয়ংকা, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰাৰ সৈতে ৰায়বৰেলীত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উৰা মাৰিছিল। আমেথি এৰি ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত তেওঁ শনিবাৰে প্ৰথমবাৰৰ বাবে মুখ খোলে। ৰায়বৰেলীক তেওঁৰ ‘পৰিয়ালৰ কৰ্মস্থান’ বুলি অভিহিত কৰি ৰাহুলে এক্স-হেণ্ডেলত এটা হিন্দীতে পোষ্ট লিখিছে, “ৰায়বৰেলীৰ পৰা মনোনয়ন দিয়াটো মোৰ বাবে এক আৱেগিক মুহূৰ্ত আছিল! মোৰ মায়ে মোক বিশ্বাস কৰে আৰু মোক পৰিয়ালৰ কামৰ দায়িত্ব অৰ্পন কৰি মোক সেৱা কৰাৰ সুযোগ দিছে।’’

ৰাহুলে কয় “আমেঠি আৰু ৰায়বৰেলী মোৰ বাবে বেলেগ নহয়। দুয়োটা সমষ্টিৰ মানুহ মোৰ পৰিয়াল আৰু মই সুখী যে কিশোৰী লালজী (আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী, কিশোৰীলাল শৰ্মা), যি বিগত ৪০ বছৰ ধৰি সমষ্টিটোত সেৱা আগবঢ়াই আহিছে, তেওঁ আমেথিৰ পৰা দলটোক প্ৰতিনিধিত্ব কৰিব।’’ উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বৰেলী লোকসভা সমষ্টিত ২০ মে’ত নিৰ্বাচন অনুষ্ঠিত হ’ব। মনোনয়ন দাখিলৰ বাবে ৩ মে’ অন্তিম দিন আছিল। নিৰ্বাচনৰ দুসপ্তাহ পূৰ্বে ৰায়বৰেলী আৰু আমেথিৰ ভোটাৰসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, “অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজত আমাৰ প্ৰিয়জনৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছো। মই বিশ্বাস কৰোঁ যে সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে এই যুঁজত আপোনালোক সকলোৱে মোৰ সৈতে থিয় দিব।’’ ৰাহুলে ২০১৯ চনত আমেথিত পৰাজিত হ’লেও কেৰালাৰ ৱায়ানাডত জয়ী হৈছিল। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আমেথিৰ সলনি ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়কলৈ বিজেপি সমালোচনা মুখৰ হৈ আছে। ৰাহুল গান্ধী ২০০৪ চনৰ পৰা একেৰাহে তিনিবাৰ আমেঠিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। অৱশ্যে ২০১৯ চনত তেওঁ বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰ ভোটত আসনখন হেৰুৱাইছিল।

ৰাহুল গান্ধীৰ নাম ঘোষণা হোৱাৰ কেইঘণ্টামানপিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্গাপুৰৰ এক ৰেলীত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক তেওঁৰ “পলায়নবাদী মানসিকতা”ৰ বাবে সমালোচনা কৰিছিল। মোদীয়ে দাবী কৰিছিল যে ৰাহুলে পৰাজয়ৰ ভয়ত এখন নতুন আসন বিচাৰি আছে। মোদীয়ে কৈছিল “কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে আমেথিত পৰাজয় স্বীকাৰ কৰিছে।’’ বিজেপিৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৈছিল, “ৰায়বৰেলীৰ পৰা ৰাহুলৰ প্ৰাৰ্থিত্ব অধিকাৰৰ প্ৰশ্ন নহয়, কৰ্তব্য আৰু দায়িত্বৰ প্ৰশ্ন।

খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…

ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ঘোষণা কৰা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰিছে কানাডা আৰক্ষীয়ে ।অভিযোগ অৱশ্যে ভাৰতে বাৰে বাৰে অস্বীকাৰ কৰি আহিছে । 2023 চনৰ ছেপ্টেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কানাডাক অৱগত কৰিছিল যে ভাৰত চৰকাৰে নিজ্জাৰৰ হত্যাৰ দৰে এনে কাৰ্যত লিপ্ত হোৱাটো ভাৰত চৰকাৰৰ নীতি নহয় ৷

এক সংবাদমেলত আৰ চি এম পিৰ সহকাৰী আয়ুক্ত ডেভিদ টেবৌলে নিজ্জাৰ হত্যাকাণ্ডৰ তদন্তৰ সক্ৰিয় প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত চৰকাৰ আৰু এই হত্যাকাণ্ডৰ মাজত সম্ভাব্য সম্পৰ্ক সন্দৰ্ভত চোৰাংচোৱা তদন্তৰ কথা প্ৰকাশ কৰাৰ পাচতে নিজ্জাৰ হত্যাকাণ্ডৰ ফলত কানাডা আৰু ভাৰতৰ মাজত কূটনৈতিক উত্তেজনাৰ সৃষ্টি হয় ।

এই হত্যাকাণ্ডৰ পাচতে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ উত্থাপন কৰিছিল যে এই হত্যাকাণ্ডত ভাৰত চৰকাৰৰ হাত আছে ৷ অৱশ্যে এই দাবী ভাৰতে অস্বীকাৰ কৰিছিল আৰু ইয়াৰ ফলত কানাডা আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছিল ।

অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী

অসমৰ ১ লাখ জনসাধাৰণক পৱিত্ৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যালৈ লৈ যাম৷

চৰকাৰী খৰচত লৈ যাব অসমৰ ১ লাখ মানুহক ৰাম মন্দিৰ দেখুৱাবলৈ।

এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে মন্ত্ৰী গৰাকীয়ে কয়-ৰাম মন্দিৰ চাই বুজি পাওক যে কেনেকৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৫০০ বছৰৰ পিছত ৰাম মন্দিৰ বনাই দিলে আমাক।

এক নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে এই মন্তব্য ৰাখে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…

আলিয়া ভাটৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায় বচ্চন, ৰণবীৰ কাপুৰ – বলীউডৰ তাৰকাসকলৰ ‘ভাল নাম’ সকলোৱে জানে কিন্তু তেওঁলোকৰ ঘৰত মতা নাম বহুতে নাজানে। আজি আপোনালোকক জনাম বলীউদৰ তাৰকাসকলক মৰমতে মতা নাম সমূহৰ বিষয়ে-


বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যা ৰাহা কাপুৰে ছবিক চাৰিওপালে বিয়পি পৰিছে। অৱশ্যে বহুতে নাজানে ৰাহাৰ পিতৃক মৰমেৰে কি নামেৰে মতা হয়। ৰণবীৰৰ ঘনিষ্ঠ বন্ধুসকলে অভিনেতাজনক আৰ কে বুলি কয়। আনহাতে কাপুৰ পৰিয়ালৰ লোকে ৰণবীৰক মৰমেৰে ৰেমণ্ড বুলি মাতে।
আলিয়া ভতৰো এটি মৰমলগা নাম আছে। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে অভিনেত্ৰীগৰাকীক আলু বুলি মাতে।

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছক কিশোৰী অৱস্থাত ঘনিষ্ঠ বন্ধুসকলে মৰমেৰে কালু বুলি মাতিছিল।

জনপ্ৰিয় অভিনেতা বৰুণ ধাৱনক বন্ধু-বান্ধৱীয়ে পাপ্পু বুলি মাতে।

বচ্চন পৰিয়ালৰ বোৱাৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক তেওঁৰ ঘনিষ্ঠ বন্ধুৱে গুল্লু বুলি মাতে।

অভিনেত্ৰী অনুষ্কা শৰ্মাক নুক্ষী বুলি তেওঁলোকৰ পৰিয়ালৰ লোকে মাতে।

বলীউডৰ অভিনেতা হৃতিক ৰোশনক মৰমেৰে দুগ্গু বুলি কয়। অৱশ্যে অভিনেতাজনক এই নামেৰে মাতে কেৱল তেওঁৰ ঘনিষ্ঠ লোকে।

কাপুৰ পৰিয়ালৰ দুই কন্যা কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ খানক বি বুলি মাতে জানেনে। কৰীনাৰ নাম বেব’ আৰু কৰিশ্মাৰ নাম লোলো।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…

জম্মু-কাশ্মীৰত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ। পুঞ্চৰ ছুৰনকোট অঞ্চলত বায়ুসেনাৰ দুখন বাহনলৈ ধাৰাসাৰ গুলীবৰ্ষণ। আক্ৰমণত ৩টাকৈ সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ।

আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে সেনা জোৱানে আক্ৰমকাৰীৰ সন্ধান অভিযান চলায়। ইয়াৰোপৰি সেনাৰ বিশেষ বাহিনীসহ জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা দল উক্ত এলেকাত মোতায়ন কৰা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ বৰ্ষৰ ২১ ডিচেম্বৰত জম্মু-কাশমীৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনাত ৫জন সেৱা জোৱান ছহিদ হৈছিল।

বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!

আমেৰিকাৰ পেনচিলভেনিয়াৰ এগৰাকী ৪১ বছৰীয়া নাৰ্ছ হিথাৰ প্ৰেছক হত্যাৰ তিনিটা গোচৰ আৰু হত্যাৰ চেষ্টাৰ ১৯ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক ৩৮০- ৭৬০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। দৰাচলতে নাৰ্চ গৰাকীৰ অপৰাধ ইমানেই গুৰুতৰ বুলি আদালতে অনুভৱ কৰিছিল যে তেওঁক ৭৬০ বছৰৰ কাৰাবাস দিয়ে। ইয়াৰ অৰ্থে এবাৰ কাৰাগাৰত সোমোৱাৰ পিছত জীয়াই থকালৈকে তেওঁ আৰু কোনো দিনেই কাৰাগাৰৰ পৰা ওলাব নোৱাৰিব। অভিযোগ অনুসৰি আমেৰিকাৰ এইগৰাকী নাৰ্চে কেইবাজনো ৰোগীক হত্যা কৰাৰ চেষ্টা চলাইছিল।তেওঁ বহু ৰোগীক অপ্ৰয়োজনীয়ভাবে বা অত্যধিক মাত্ৰাত ইনচুলিন দিছিল। ফলত বহু ৰোগীৰ মৃত্যু ঘটিছিল। ২০২০ ৰ পৰা ২০২৩ চনৰ ভিতৰত পাঁচখন স্বাস্থ্যকেন্দ্ৰত তেওঁ কমেও ১৭ জন ৰোগীৰ মৃত্যুৰ বাবে দায়ী বুলি প্ৰমাণ পোৱা গৈছে।

প্ৰেছডিৰ বিৰুদ্ধে ২২ জন ৰোগীক অত্যধিক ইনচুলিনৰ পালি দিয়াৰ অভিযোগ উঠিছিল,তেওঁলোকৰ ভিতৰত কিছুমানৰ ডায়েবেটিচ নাছিলেই। বেছিভাগ ৰোগীৰ ইনচুলিন গ্ৰহণ কৰাৰ পিছত মৃত্যু হৈছিল। ভুক্তভোগীসকলৰ বয়স ৪৩ ৰ পৰা ১০৪ বছৰৰ ভিতৰত আছিল। নাৰ্চগৰাকীৰ বিৰুদ্ধে তদন্তটো যোৱা বছৰৰ মে’ মাহত আৰম্ভ হৈছিল। নাৰ্চগৰাকীৰ আচৰণক সহকৰ্মীসকলেও সমালোচনা কৰিছিল। সহকৰ্মীসকলে প্ৰকাশ কৰা মতে নাৰ্চগৰাকীয়ে ৰোগীসকলক ঘৃণাৰে চাইছিল আৰু প্ৰায়ে তেওঁলোকৰ বিষয়ে কটু মন্তব্য কৰিছিল। বিচাৰৰ সময়ত প্ৰেছডিয়ে আদালতত দোষ স্বীকাৰ কৰিছে। প্ৰেছডিৰ অধিবক্তাই সুধিছিল যে তেওঁ কিয় দোষ স্বীকাৰ কৰিছে? প্ৰেছডিয়ে উত্তৰ দিছিল, “কাৰণ মই দোষী।”

হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…

হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী। After Dark নামৰ এখন বাৰৰ স্বত্বাধিকাৰী আব্দুল ৰজ্জাক।

বাৰখন আৰম্ভৰ সময়ত ভিন্ন ব্যৱসায়ীক অংশীদাৰ বনাই ধন সংগ্ৰহ ।

সম্প্ৰতি বাৰখন বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছিল আব্দুলে। তাৰ পাছতে আব্দুলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত গোচৰ ব্যৱসায়ীসকলৰ।

৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যজুৰি অব্যাহত আছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰে বিজয় সংকল্প সমাবেশ। গুৱাহাটীৰ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ সভাত। ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। এখনৰ পাছত আন এখন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে জনতাক বিজেপি প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনাই গৈছে। চানমাৰী খেলপথাৰত বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে বিধায়ক অতুল বৰা ,নব দলে, কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়া আদি ব্যক্তিসকল। সভাত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতত জনতাৰ সৈতে নৃত্য কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় – মোৰ দিনত অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই। যোৱা তিনি বছৰত অসমত আন্দোলন নাই , বন্ধ নাই , গুলীৰ শব্দ নাই। কংগ্ৰেছৰ পঞ্চমৃত ধূতি, লুঙী , সূতা , কম্বল, আঠুৱা।

এই বছৰত ৫০ হাজাৰ যুৱক- যুৱতীক নিযুক্তি প্ৰদান কৰা হব। বসুন্ধৰাৰ জৰিয়তে ২ বছৰত গুৱাহাটীৰ সকলো খিলঞ্জীয়া লোকক ভূমি আবন্টন কৰা হব। ৫০ হাজাৰ চাকৰি ওলাব , ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিব। গুৱাহাটীবাসীক ভোট দান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়যে গুৱাহাটীৰ লোকে ভোট দিবলৈ নাহে। বন্ধৰ দিন বুলি ঘৰতে থাকে। তেওঁ সকলোকে ৰ’দ বৰষুণ নেওচি ভোট দান কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আগতে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ চলিছিল । কিন্তু মোদীৰ চৰকাৰ হোৱাৰ পিছত পাকিস্তানক প্ৰত্যুত্তৰ দিলে। বৰ্তমান সন্ত্ৰাসবাদী আক্ৰমণ নাই। কংগ্ৰেছে পাকিস্তানক মৰম কৰে বাবে প্ৰত্যুত্তৰ দিব পৰা নাছিল। ৰাজ্য চৰকাৰে ১লাখ লোকক ৰাম মন্দিৰ দৰ্শনৰ বাবে নিব বুলিও তেওঁ কয়। মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণসকলৰ নামভৰ্তি বিনামূলীয়া হ’ব। এক টকাও দিব নালাগে এডমিছনত। ৫০ হাজাৰ চাকৰিত ১৫ হাজাৰ সংৰক্ষিত থাকিব ছোৱালীৰ বাবে।ডিগ্ৰী পঢ়া ছোৱালীয়ে প্ৰতিবছৰে ১২,৫০০ টকাকৈ পাব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।

তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…

স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্র প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনৰ পর্যায় অনুসৰি ভোটগ্রহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্রাই ডে’ ঘোষণা কৰিছে। এই অনুসৰি অহা ৭ মে’ত তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ক্ষেত্ৰত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে ড্রাই ডে’ ঘোষণা কৰা হৈছে। কোনো সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে পুনৰ নিৰ্বাচনৰ ক্ষেত্রতো ভোটগ্রহণ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্রাই ডে’ প্রযোজ্য হ’ব। আনহাতে, ৪ জুনত ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পর্যন্ত সমগ্র দিনটো ড্রাই ডে’ বাহাল থাকিব।


ড্রাই ডে’ ঘোষণা হোৱা সময়খিনিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তৰ্ভূক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্রী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নির্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্রতিষ্ঠানত এই ড্রাই ডে’ৰ সময়ছোৱাত মদ বিক্রী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব। তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আবকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীন ভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।শান্তিপূর্ণ, মুক্ত আৰু সফল নির্বাচন অনুষ্ঠিত কৰাতো নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে।