Home Blog Page 842

ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…

স্বাস্থ্যকৰ হাওঁফাওঁৰ খাদ্য তালিকা: বৃদ্ধি পোৱা প্ৰদূষণ আৰু সংক্ৰমণৰ মাজত হাওঁফাওঁৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। আৰু ব্যায়াম এৰিলেই যথেষ্ট নহয়, হাওঁফাওঁক বুষ্ট কৰা খাদ্যও গ্ৰহণ কৰাটো প্ৰয়োজনীয়, সেয়া ঠাণ্ডা হওক বা গৰম বতৰ হওক, মানুহ এজনক সকলো সময়তে সংক্ৰমণ আৰু প্ৰদূষণেৰে আগুৰি থাকে। এনে পৰিস্থিতিত শ্বাস-প্ৰশ্বাসতন্ত্ৰই সৰ্বাধিক বিপদত পৰে কাৰণ বিষাক্ত পদাৰ্থ কেৱল উশাহ-নিশাহৰ জৰিয়তেহে শৰীৰলৈ যায়। যাৰ বাবে আৱৰ্জনাবোৰে প্ৰথমে আৰু দ্ৰুতগতিত হাওঁফাওঁৰে ভৰাই লয়। ইয়াৰ বাবে হাঁপানী, হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু টিবি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত হাওঁফাওঁৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰা ৭টা খাদ্য খোৱাৰ সময় আহি পৰিছে। ধূমপান পৰিহাৰ কৰা, প্ৰদূষিত অঞ্চলৰ পৰা আঁতৰি থকা আৰু নিয়মিতভাৱে ব্যায়াম কৰাৰ উপৰিও সঠিক খাদ্য খোৱাটোৱেও স্বাস্থ্যসন্মত হাওঁফাওঁৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে।

স্বাস্থ্যকৰ হাওঁফাওঁৰ খাদ্য সমূহ হৈছে-

জালুক হৈছে ভিটামিন চিৰ অন্যতম চহকী উৎস, যিটো পানীত দ্ৰৱীভূত পুষ্টিকৰ উপাদান যিয়ে আপোনাৰ শৰীৰত শক্তিশালী এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে, হাওঁফাওঁৰ স্বাস্থ্য উন্নত কৰে আৰু প্ৰদাহ হ্ৰাস কৰে।

হালধিৰ শক্তিশালী এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী প্ৰভাৱৰ বাবে প্ৰায়ে সামগ্ৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰা হয়। হালধিৰ প্ৰধান সক্ৰিয় উপাদান কাৰকুমিনে হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত কৰে।

আদাই হাওঁফাওঁৰ ক্ষতি হ্ৰাস কৰাৰ কাম কৰে আৰু হাইপাৰক্সিয়া আৰু প্ৰদাহৰ ফলত হাওঁফাওঁক ক্ষতিৰ পৰা ৰক্ষা কৰে।

কচু আৰু বন্ধাকবি আদি পাতৰ শাক-পাচলি কেৰটিনয়ড, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু ভিটামিনৰ এক উৎকৃষ্ট উৎস। এই পুষ্টিকৰ উপাদানসমূহৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট প্ৰভাৱ আছে, যিয়ে হাওঁফাওঁৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

আখৰোটত থকা ওমেগা-৩ ফেটি এচিডে এন্টি-ইনফ্লেমেটৰী হিচাপে কাম কৰে, সম্ভাৱনাময়ভাৱে হাওঁফাওঁৰ প্ৰদাহ হ্ৰাস কৰে আৰু আপোনাৰ উশাহ লোৱাৰ ক্ষমতা বৃদ্ধি কৰে।

নহৰুত এন্টি-ইনফ্লেমেটৰী যৌগ থাকে যিয়ে আপোনাৰ হাওঁফাওঁক সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। খাদ্যৰ লগতে ইয়াক সিজোৱাকৈ খোৱাৰ উপৰিও প্ৰতিদিনে পুৱা ১-২টা ক’লা পেটৰ কলি কেঁচাকৈ খোৱাটো অতি উপকাৰী বুলি বিবেচিত হয়।

দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…

দেশৰ বহু ইতিহাসৰ সাক্ষী হৈ ৰোৱা গডৰেজ কোম্পানী ১২৭ বছৰৰ পিছত দুভাগত বিভক্ত হ’ল। গডৰেজে ৰিয়েল এষ্টেটৰ পৰা আৰম্ভ কৰি আন বহু ব্যৱসায়ত জড়িত হৈ আছে। এতিয়া ১২৭ বছৰ পুৰণি গডৰেজ গ্ৰুপৰ ব্যৱসায় এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিল। গডৰেজ পৰিয়ালত এই বিভাজন সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰাৰ পিছত গোটটোৰ ব্যৱসায় বিভাজন হোৱাৰ কথা ঘোষণা কৰা হৈছে। গোটটোৰ ৫টা কোম্পানী ষ্টক মাৰ্কেটত তালিকাভুক্ত হৈছে আৰু ইয়াৰ ভিতৰত আছে গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এগ্ৰ’ভেট আৰু এষ্টেক লাইফ চাইন্সেছ।

এটা শ্বেয়াৰ দিয়া হ’ব ৮২ বছৰীয়া আদি গডৰেজ আৰু তেওঁৰ ৭৩ বছৰীয়া ভাতৃ নাদিৰ গডৰেজক। তালিকাভুক্ত নোহোৱা কোম্পানীসমূহ ৭৫ বছৰীয়া সম্পৰ্কীয় ভাতৃ জামছেদ আৰু তেওঁৰ ভগ্নী ৭৪ বছৰীয়া স্মিতাৰ হাতলৈ গৈছে। জামছেদ আৰু স্মিতাই তালিকাভুক্ত নোহোৱা কোম্পানী গডৰেজ এণ্ড বয়ছৰ মালিকীস্বত্ব লাভ কৰিব। আদিৰ পুত্ৰ পিৰোজশা গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কাৰ্যবাহী উপাধ্যক্ষ হ’ব। ২০২৬ চনৰ আগষ্ট মাহত নাদিৰ গডৰেজৰ ঠাইত অধ্যক্ষ হিচাপে নিযুক্তি দিব পিৰোজশা গডৰেজক। উল্লেখ্য ১৮৯৭ চনত ভাৰতৰ অৰ্থনৈতিক স্বাধীনতা গঢ়াত সহায় কৰিবলৈ গডৰেজ প্ৰতিষ্ঠা কৰা হৈছিল।

জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…

জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে৷

একে দিশৰে গৈ থকা ট্ৰাকৰ পিছফালে খুন্দিয়ালে তীব্ৰবেগী এএছ১২এই৭০৮৯ নম্বৰৰ য়ামাহা বাইকে৷

থিতাতে নিহত হয় মানচিৰি বালিজানৰ ৰেকিব আলি৷গুৰুতৰভাৱে আহত জেহেৰুল ইছলামক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…

সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত দোপত-দোপে আগুৱাই গৈছে। চীন-পাকিস্তানৰ পৰা আহি থকা প্ৰবল প্ৰত্যাহ্বানৰ মাজতে ভাৰতে ১ মে’ৰ দিনা ওড়িশাৰ আব্দুল কালাম দ্বীপৰ পৰা দীৰ্ঘ দূৰত্বৰ চুপাৰছ’নিক মিছাইল টৰ্পেডো (স্মাৰ্ট)ৰ সফল পৰীক্ষণ সম্পন্ন কৰে। নৌসেনাৰ ছাবমেৰিন যুদ্ধত এই মিছাইল বিধ এক মুখ্য অস্ত্ৰ হ’ব। এই মিছাইলে টৰ্পেডোৰ পেলোড হিচাপে কাম কৰিব।


মিছাইলটো ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা বিকশিত কৰা হৈছে। ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা মিছাইলটো সফলতাৰে পৰীক্ষণ কৰা হয়। গোটেই পৰীক্ষণটো ৰাডাৰ, , বিশেষ জাহাজ, ইলেক্ট্ৰ-অপ্টিক টেলিমেট্ৰি প্ৰণালী আদিৰ সহায়ত নিৰীক্ষণ কৰা হয়।

এই পৰীক্ষণৰসময়ত মিছাইলবিধৰ সম্পূৰ্ণ ক্ষমতাৰ কথা প্ৰমাণিত হয়। মিছাইল বিধে শত্ৰুৰ চাবমেৰিন ধ্বংস কৰিব পাৰিব। আশা কৰা হৈছে যে এই মিছাইলে ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি কৰিব। স্মাৰ্ট মিছাইল প্ৰণালীত বহু অত্যাধুনিক উপ-প্ৰণালী আছে। যাৰ ভিতৰত আছে ইলেক্ট্ৰ-মেকানিকেল একচুয়েটৰ প্ৰণালী অন্যতম। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মিছাইলবিধৰ সফল পৰীক্ষণৰ বাবে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক অভিনন্দন জনায়।

মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা

বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিলে। ইয়াৰ বাহিৰে আন একো কাম নকৰিলে। এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ লাবদাংগুৰিত বিজেপি, ইউ পি পি এল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ প্ৰচাৰ সভা সম্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত শান্তি ঘূৰি আহিছে, প্ৰগতি হৈছে। ইয়াত ভাতৃঘাটি সংঘৰ্ষ নাইকিয়া হৈ গৈছে। ইয়াত বোমা-বাৰুদৰ শব্দ আজি নাইকিয়া হৈ গৈছে। তেওঁ আৰু কয় যে এটা সময়ত বিটিআৰত এনেকুৱা পৰিৱেশ আছিল যে মানুহ আবেলি ৬ বজাৰ পিছত ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল। সেই সময়ত, কংগ্ৰেছ-বিপিএফৰ শাসন কালত আনকি মানুহে ঘৰত শুই থাকিবলৈও ভয় কৰিছিল, ৰাতি আহি কোন দুৰ্বৃত্তই হত্যালীলাৰ সৃষ্টি কৰে এই কথা কোনেও নাজানিছিল। এনেকুৱা পৰিৱেশৰ পৰা বিটিআৰক মুক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিটিআৰৰ শান্তি চুক্তিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে চকুৰ আগতে বিটিআৰত শান্তি চুক্তি হ’ল।

অসমত যি উগ্ৰপন্থীৰ সমস্যা আছিল, উগ্ৰপন্থীৰ সংগঠন আছিল সকলোকে আলোচনাৰ মাজলৈকে মাতি আনি শান্তি স্থায়ী কৰা হ’ল। মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় যে আজিৰ তাৰিখত বিটিআৰত এটাও উগ্ৰপন্থী সংগঠন আলোচনাৰ বাহিৰত থকা নাই, সকলোৱে আলোচনাত বহি শান্তিৰ বাবে কাম কৰিছে। এইদৰে আগতে কোনো চৰকাৰে কাম কৰা নাছিল। কেৱল সমস্যাসমূহ জীয়াই ৰাখিব খুজিছিল, উগ্ৰপন্থী সমস্যা জীয়াই ৰাখিব খুজিছিল। মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ মতলব নাছিল। কংগ্ৰেছৰ এটাই মতলব আছিল যে আমি ৰাজনীতি কৰিব লাগে আৰু নিৰ্বাচন জিকিব লাগে, মানুহ লাগিলে ধ্বংস হৈ যাওক, মানুহক ভয় খুৱাব লাগে। বিপিএফেও একেই আছিল। কংগ্ৰেছ আৰু বিপিএফৰ সময়ত ২০০৮ ওদালগুৰিত ৰায়ত হৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। ২০১২ চনত কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। এতিয়া কোকৰাঝাৰৰ ক’ৰবাৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি আহে নেকি, ক’ৰবাত গুলীৰ শব্দ শুনিছে নেকি বুলি সভাত মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে আমি এনেকুৱা আমি হ’বলৈ দিয়া নাই আৰু কেতিয়াও হ’বলৈ নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়ে।


ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু বিপিএফে এটা অপপ্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে। যিসকল মানুহৰ এতিয়ালৈকে মাটিৰ পট্টা নাই, তেওঁলোকক উচ্ছেদ কৰা হ’ব বুলি তেওঁলোকে উৰা বাতৰি উলিয়াইছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় কৰে যে বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ চৰকাৰে মিছন বসুমতী আঁচনিৰ যোগেদি এতিয়ালৈকে ১ লাখ ১৫ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। যিসকলে পট্টা পোৱা নাই তেওঁলোককো পৰ্যায়ক্ৰমে মাটিৰ পট্টা দিয়াৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, হাগ্ৰামা মহিলাৰীৰ বিপিএফ ১৭ শাসনত আছিল আৰু ১৭ বছৰত তেওঁলোকে মাত্ৰ ১৫ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিছিল বুলি মন্ত্ৰীগৰাকীয়ে কয়।


উচ্ছেদ কৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমীয়া খিলঞ্জীয়া মানুহক, ভাৰতীয় মানুহক কাৰো উচ্ছেদ কৰাৰ সাহস নাই। তেওঁ কয় যে আপোনালোক নিশ্চিন্ত থাকক আপোনালোক আমাৰ সহোদৰ, বুকুৰ আপোন, আপোনালোকক আমি কেতিয়ও বিপদত পৰিবলৈ নিদিওঁ।


আনহাতে, তেওঁ কয় যে বিটিআৰৰ যেতিয়া চুক্তি হৈছিল, সেই চুক্তি মতে অসম চৰকাৰৰ বিভাগসমূহে বিটিআৰত টকা দিব নোৱাৰে, কিয়নো বিটিআৰলৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা ডাইৰেক্ট টকা আহে। তৎসত্ত্বেও যোৱা তিনি বছৰত মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ বানপানী নিয়ন্ত্ৰণ, মথাউৰি মেৰামতিৰ বাবে জলসম্পদ বিভাগৰ অধীনত নিয়মৰ বাহিৰত গৈ ৪৫০ কোটি টকা মোকলাই দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মই মন্ত্ৰী হৈ নিয়ম ভাঙিছো। যদি বিটিআৰক সহায় কৰিব পাৰো, এনেকুৱা নিয়ম মই বাৰে বাৰে ভাঙিম বুলি তেওঁ দৃঢ়তাৰে কয়। তেওঁ আৰু কয় যে এইখন বিটিআৰত এতিয়া দুখনকৈ মেডিকেল কলেজ হ’ল। কংগ্ৰেছে ৬০ বছৰ চৰকাৰ চলাই অসমত মেডিকেল কলেজ নিৰ্মাণ কৰিছিল মাত্ৰ ৬ খন। কংগ্ৰেছৰ দিনত পৰ্যাপ্ত চিকিৎসক, হাস্পতালৰ সুবিধা নথকাৰ বাবে সেইখিনি সময়ত চিকিৎসা নাপাই বহু নীৰিহ মানুহ মৰিব লগা হৈছিল। সেয়ে তেওঁ কংগ্ৰেছক নীৰিহ মানুহৰ হত্যাকাৰী বুলি কোৱাৰ লগতে বিপিএফে যিহেতু সেই সময়ত কংগ্ৰেছৰ সৈতে একেলগে ১৫ বছৰ শাসনত আছিল, তেওঁলোকেও ইয়াৰ ভাগ ল’ব লাগিব বুলি কয়। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনালে। তেওঁ কয় যে মেডিকেল কলেজ নহ’লে আমি চিকিৎসক সৃষ্টি কৰিব নোৱাৰো। চিকিৎসক নহ’লে আমাৰ স্বাস্থ্য বেয়া হয়। এই চিকিৎসক সৃষ্টি কৰাৰ বাবে কংগ্ৰেছে কোনো ব্যৱস্থা নল’লে। যাৰ ফলত আজিৰ পৰা ৩ বছৰ আগলৈকে অসমত মাত্ৰ ৭২৬ গৰাকী চিকিৎসক বছৰত ওলাইছিল। কিন্তু আজিৰ তাৰিখত বছৰত ১৩৫০ গৰাকী চিকিৎসক ওলায় আৰু গোটেইকেইখন মেডিকেল কলেজ সম্পূৰ্ণ হ’লে অহা ৫ বছৰত অসম ২৫০০ চিকিৎসক বছৰত লাভ কৰিব আৰু গাঁৱে গাঁৱে চিকিৎসক আহিব বুলি তেওঁ ভাষণত প্ৰকাশ কৰে। এয়া সম্ভৱ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে বুলি তেওঁ কয়।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সভাত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে ব্যাখা দাঙি ধৰাৰ লগতে অৰুণোদয় আঁচনি, ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ, নিবনুৱাক চাকৰি দিয়া আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।


সভাত মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, ইউ পি পি এল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক টেক্টৰৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ বাৰাপেটাত আন এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। দুয়োখন সভাতে বিধায়ক মানৱ ডেকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…

ৰঙিয়া মৰাণজানত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । গুৱাহাটী অভিমুখী এখন এল পি জি কঢ়িওৱা বাহনে এজন

চাইকেল আৰোহিক মহতীয়াই নিয়াৰ ফলত ঘটনাস্থলীতে নিহত হয় চাইকেল আৰোহীজন । জানিব পৰা মতে চাইকেল আৰোহিজন ৰঙিয়া বড়িগোগৰ মিন্টু বৈশ্য বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া আৰক্ষী থানালৈ লৈ যায় ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ বৰপেটাৰোডৰ তিনি যুৱক নোখোজে। এগৰাকীৰ মৃত দেহ উদ্ধাৰ। ৰাজ সাহা নামৰ যুৱক গৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ। নিখোজে হোৱা যুৱক তিনিগৰাকী বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ ৰাজ সাহা, দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ।

তিনি গৰাকী বন্ধু মে’ দিৱসৰ বন্ধত নিজৰ AS15L5825 নম্বৰ hundai i10 বাহনেৰে মানাহ নদীত গা ধুবলৈ গৈছিল।ৰাতিপুৱা নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ৰাজ সাহা নামৰ যুৱক গৰাকীৰ মৃতদেহ৷ ৰাজ সাহা পেছাত ফটোগ্ৰাফাৰ আছিল।

জানিব পৰা মতে ৰাজ সাহা আৰু দ্বীপ সাহা দুই ভাতৃ আছিল। দ্বীপ সাহা পাঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী আছিল।আনহাতে অভিজিৎ কৰ্মকাৰ জুৱেলাৰীৰ কৰ্মচাৰী আছিল। উক্ত ঘটনাৰ পিছতেই বৰপেটাৰোডত এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ এতিয়াও নিখোজে হৈ আছে।

ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…

ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। নিহত লোকজন ত্ৰিপুৰাৰ ধলাই জিলাৰ দেৱৰাজ দেববাৰ্মা ।

গুৰুতৰভাৱে আহত যাত্ৰীসকলক SMCHত ভৰ্তি । একাংশ আহত ব্যক্তিক হাৰাংগাজাওলৈ প্ৰেৰণ।

ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 01 MC 0243।

৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…

অহা ৭ মে’ত অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠিত বিজেপি মিত্ৰদল অগপ আৰু ইউপিপিএলো। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ সমর্থনত বুধবাৰে সমষ্টিটোৰ অন্তৰ্গত সৰভোগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন বিশাল নিবাচনী সভা সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে এইবেলি ফণীভূষণ চৌধুৰীয়ে অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচনৰ কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, উজ্বলা গেছৰ সুবিধা, আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক সময়ত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাক অৰুণোদয় দিয়া হ’ব বুলি উল্লেখ কৰে।

তেওঁ কয় যে এই অৰুণোদয়ৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই মাহিলী ১২,৫০ টকাকৈ লাভ কৰিব। তেওঁ আৰু কয় যে ফণীভূষণ চৌধুৰীৰ নেতৃত্বত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাক অৰুণোদয় দিয়াৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ’ব। প্ৰথমে অৰুণোদয় লাভ কৰা মহিলাসকলে ৮৪০ টকা লাভ কৰিছিল, এই ধন ১৯ লাখ মহিলাই লাভ কৰিছিল। ইয়াৰ পিছত এই ধন বৃদ্ধি হৈ ১২৫০ টকা হ’ল আৰু অৰুণোদয় লাভ কৰা মহিলাৰ সংখ্যা বৰ্তমান ২৭ লাখলৈ বৃদ্ধি হ’ল।

তেওঁ কয় যে এইবাৰ আমি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিম। সভাত তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বাইদেউ কৰাৰ বাবে প্ৰথম বছৰত ১০ হাজাৰকৈ টকা দিয়াৰ কথা উল্লেখ কৰে আৰু এই ধন আগষ্ট মাহৰ ভিতৰত প্ৰত্যকৰে বেংক একাউণ্ট যোগে এই ধন দিয়া হ’ব তেওঁ বুলি কয়। ইয়াৰ পিছৰ বছৰত ২৫ হাজাৰ টকাকৈ মহিলাসকলে লাভ কৰিব বুলি তেওঁ কয়। আনহাতে, পুৰুষসকলৰ বাবেও চৰকাৰে আঁচনি অনাৰ কথা উল্লেখ কৰি প্ৰতিটো পৰিয়ালৰ মুৰব্বী ব্যক্তিক প্ৰধানমন্ত্ৰী জীৱন বীমা আঁচনি আৰু প্ৰধানমন্ত্ৰী দুৰ্ঘটনা বীমা আঁচনিৰ জৰিয়তে একোটাকৈ জীৱন বীমা আৰু দুৰ্ঘটনা বীমা কৰি দিয়াৰ কথাও উল্লেখ কৰে যাৰ প্ৰিমিয়াম অসম চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়। আনহাতে, ল’ৰাৰ দায়িত্ব মাক-বাপেকে আৰু ছোৱালীৰ দায়িত্ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা মামাই ল’ব বুলি মন্ত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে। তেওঁ কয় যে ছোৱালীসকলক আমি চাইকেল দিওঁ, স্কুটী দিওঁ, কিতাপ দিওঁ, ফ্ৰী এডমিচন দিওঁ- এইবিলাকতো দিয়ে আছো। ইয়াৰ উপৰি নিযুত মইনা আঁচনিৰ জৰিয়তে যিবিলাক ছোৱালীয়ে মেট্ৰিক পাছ কৰি উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিব তেওঁলোকক ১০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতকত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক ১২,৫০০ টকা আৰু যিসকলে স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত এডমিচন ল’ব তেওঁলোকক ২৫ হাজাৰ টকা দিয়াৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে।


ভাষণত মন্ত্ৰীগৰাকীয়ে ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এটা সময়ত অৰ্থাৎ কংগ্ৰেছৰ দিনত সাধাৰণ চাকৰি এটাৰ বাবে টকা দিব লাগিছিল, টকা দিলেহে চাকৰি পাইছিল। কিন্তু আজি সেই পৰিৱেশ নাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটকাও নিদিয়াকৈ চাকৰি পোৱাৰ পৰিৱেশ হ’ল। দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীয়ে আজি মেধাৰ ভিত্তিত চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে এইসমূহ সুবিধা লাভ কৰিবলৈ হ’লে, সুন্দৰভাৱে কামসূহ কৰিবলৈ হ’লে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিবই লাগিব বুলি তেওঁ মন্তব্য কৰে।


সৰভোগত অনুষ্ঠিত আন এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূঁয়সী প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ১০ বছৰ পূৰ্বে ভাৰতবৰ্ষত বহুকেইজন প্ৰধানমন্ত্ৰী আছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে আমাক গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল।


প্ৰধানমন্ত্ৰীগাৰীয়ে কোনো গুৰুত্বই পোৱা নাছিল। কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা, লণ্ডন, জাৰ্মানী, ৰাছিয়া য’লৈকে নাযাওক কিয়, তেওঁ সকলোতকৈ আগত জিলিকি থাকে আৰু আমি ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বুকুত আজি গোটেই ভাৰতবৰ্ষখনক উজলাই তুলিছে। তেওঁ আৰু কয় যে দুশ বছৰ শাসন কৰা ব্ৰিটিছক পিছ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। তেওঁ আৰু কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চীনক পিছ পেলাই ভাৰতক কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰিব পাৰি, তাৰ বাবে আমি কাম কৰিব লাগিব।


মন্ত্ৰীগৰাকীয়ে সৰভোগৰ বিশাল জনসভাত ভাষণ দাঙি ধৰি কয় যে বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। গতিকে তেওঁ সভাত উপস্থিত সকলোকে হাতীৰ ছবিত ভোট দি বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…

পঞ্জাৱ প্ৰদেশত বহু বছৰ ধৰি এই নিয়ম বলবৎ হৈ আহিছে। কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰাৰ বাবে ইয়াক কাৰ্যকৰী কৰা হৈছে। মঙলবাৰে পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজে বিবাহ অনুষ্ঠানত ‘এক খাদ্য’ নিয়ম কটকটীয়া কৰে। কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা কমাবলৈ ইয়াক কাৰ্যকৰী কৰা হৈছে। মুখ্যমন্ত্ৰী মৰিয়মৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰাদেশিক কেবিনেট অধিৱেশনত আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বহু বছৰ ধৰি এই নিয়ম প্ৰযোজ্য হৈ আহিছে। নাগৰিকৰ মাজত ধন-সম্পত্তিৰ প্ৰদৰ্শন হ্ৰাস কৰাৰ বাবে আৰু আৰ্থিক প্ৰত্যাহ্বানৰ মাজতো ব্যয়বহুল বিয়াৰ ভোজ নিক্ষেপ কৰাৰ বাধ্যবাধকতা দূৰ কৰিবলৈ এই আইনখন অনা হৈছিল।


প্ৰাদেশিক কৰ্তৃপক্ষই কেতিয়াবা স্থানীয় আৰু বিদেশী মুদ্ৰাৰ বিনিময় কৰি নিয়ম উলংঘা কৰা নাগৰিকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতিথিসকলক দামী খাদ্য পৰিবেশন কৰাইছিল।

প্ৰতিবেদন অনুসৰি, বিদ্যুৎ সংকটৰ ভয়াৱহতাৰ মাজত শক্তি ৰাহি কৰিবলৈ ফেডাৰেল কেবিনেটেও ২০২২ চনত ইছলামবাদত নিশা ১০ বজাৰ পিছত বিবাহ অনুষ্ঠান নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

আপোনালোকক জনাওঁ যে পাকিস্তানে দীৰ্ঘদিন ধৰি এক বৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হৈ আহিছে। দেশৰ অৱনতি ঘটা অৰ্থনীতি শক্তিশালী কৰাটো শ্বেহবাজ শ্বৰীফ চৰকাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা পুনৰবাৰ সহায়ৰ আশা কৰিছে শ্বৰীফে। এই সন্দৰ্ভত তেওঁ আই এম এফৰ মুৰব্বী ক্ৰীষ্টালিনা জৰ্জিভাক সাক্ষাৎ কৰে। এনেবোৰ কাৰণতে, কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰাৰ বাবেই এই নিয়ম কাৰ্যকৰী কৰা হৈছে।