Home Blog Page 857

ভোট দিলেই লাভ কৰিব জেলেপী ,চাওমিন মানচুৰিয়ান আৰু আইচক্ৰীম…

মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা প্ৰশাসনে ভোটগ্ৰহণৰ সময়ত ভোটাৰক বিশেষ ‘পুৰস্কাৰ’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰক পুৱা ভোট দিবলৈ যাওঁতে আইচক্ৰীম দিয়া হ’ব৷তাকো বিনামূলীয়া।

খাদ্যৰ তালিকাত পোহা, জেলেপীৰ লগতে চাওমিন, মানচুৰিয়ান আদিও আছে। কিন্তু বিনামূলীয়া খাদ্য লাভৰ বাবে বিশেষ চৰ্ত আছে।

ইন্দোৰ, মধ্যপ্ৰদেশত ১৩ মে’ত ভোটদান কৰিব।এইবাৰ ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে বিশেষ উপহাৰ।

গৰমত কেকোঁৰা চুলিৰ কেনেকৈ যত্ন ল’ব? জানি লওক কেইটামান সহজ উপায়ৰ বিষয়ে…

ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই আপোনাৰ কেকোঁৰা চুলিকোছা যত্ন ল’ব। ভাবিছে চাগে, কেনেকৈ? শীতকাল-গ্রীষ্মকালত কেকোঁৰা চুলিৰ বাবে মানুহ চিন্তাত পৰে৷ বহু লোকে পুৱা কামলৈ যোৱাৰ আগতে দৈনিক শ্বেম্পু কৰে। কিয়নো তিতা চুলিৰে বাহিৰলৈ ওলাই গ’লে চুলি কাউৰীৰ বাহৰ দৰে নহয়! বতাহত উৰি থকা চুলিৰ অৱস্থা এনেকুৱা হৈ পৰে যে এনে চুলি চম্ভালিবলৈ টান।



গ্ৰীষ্মকালত ঘাম ওলোৱাৰ বাবে সেই সমস্যা আৰু বাঢ়ি যায়। চুলি সৰা সমস্যা আৰম্ভ হয় জটিলতাৰ পৰা। কেকোঁৰা চুলি যিমান ধুনীয়া, যত্ন লোৱাটোও ঠিক তেনেকুৱাই কঠিন! অৱশ্যে ব্যস্ততাৰ মাজতো কেকোঁৰা চুলিৰ যত্ন লোৱাটো সম্ভৱ। জানো আহক-


প্ৰথমতে চুলিখিনি ভালদৰে শ্বেম্পু কৰক।

দ্বিতীয়তে কণ্ডিচনাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।

তৃতীয়তে তিতা চুলিত ‘Curl Cream’ লগাব। তাৰ পিছত হাতেৰে চুলিখিনি ‘স্ক্ৰাঞ্চ’ কৰক। শেষত জেল ব্যৱহাৰ কৰি চুলিখিনি চেট কৰিব।

তিতা চুলি কেতিয়াও ফণিৰে নফণিয়াব। ড্ৰাইয়াৰেৰে শুকুৱাব নালাগে, ফেনৰ তলতো শুকুৱাব নালাগে বা ৰ’দত শুকুৱাব নালাগে।

দিনটোৰ ভিতৰত বহুতে বিভিন্ন কামত ইমানেই ব্যস্ত থাকে যে কেকোঁৰা চুলিৰ যত্ন ল’বলৈ সময়ে নাপায়।

গতিকে কোকোঁৰা চুলিৰগৰাকীয়ে এই টিপছ সমূহ গ্ৰহণ কৰিব পাৰে।


কমলপুৰৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে এটকাও পইচা ! ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ ২শতাধিক ই ৰিক্সা চালকৰ…

বিজেপিৰ মিটিংত ভাড়া কৰি নিয়া ই ৰিক্সাই নাপালে ভাড়া ।

500 টকাকৈ দিম বুলি ভাড়া কৰিছিল প্ৰায় 200 খন ই ৰিক্সা ।

কমলপুৰৰ দগাওত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় ২০০ খন ই ৰিক্সা ।

কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে এটকাও পইচা ।

সেয়ে ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে ২শতাধিক ই ৰিক্সা চালকে ।

প্ৰাপ্য ধন নাপালে পৰিবেশ উত্তাল কৰাৰ হুংকাৰ ই ৰিক্সা চালকৰ

হ’বা তুমি বিজয়ী কাৰ্যসূচী সফলভাৱে সমাপ্ত…

পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ১৩৭৩ নং গৰেমাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ত বৰপেটা শিক্ষা বিভাগৰ উদ্ভাৱনীমূলক অনুষ্ঠান “হ’বা তুমি বিজয়ী : এক প্ৰেৰণামূলক যাত্ৰা” সকলো প্ৰতিযোগিতা তথা অনুষ্ঠান সফলভাৱে সমাপ্ত হয়। উল্লেখ্য যে বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যে তথা তেওঁলোকক সকলো দিশতে প্ৰেৰণা দিয়াৰ বাবে “হ’বা তুমি বিজয়ী : এক প্ৰেৰণামূলক যাত্ৰা” নামৰ এক উদ্ভাৱনীমূলক অনুষ্ঠান অনুষ্ঠিত হৈ আছে। অনুষ্ঠানটোৰ মূল পৰিকল্পনাকাৰী বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস। ইতিমধ্যে যোৱা ১২ এপ্ৰিল তাৰিখৰ পৰাই সকলো বিদ্যালয়তে বিদ্যালয় পৰ্য্যায়ত “হ’বা তুমি বিজয়ী”ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈ গৈছে আৰু পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়সমূহৰ বিজয়ী প্ৰতিযোগী তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি মণ্ডল পৰ্য্যায়ত কুইজ, বক্তৃতা, আবৃত্তি, নৃত্য, সংগীত, যোগ আৰু দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

আনহাতে সমল কেন্দ্ৰটোৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আজি শ্ৰেণীকোঠাত পাঠ্যপুথিৰ সৈতে সংগতি থকা FLN Meterial বা TLM ব্যৱহাৰ কৰি তৈয়াৰ কৰা Video ৰ প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, চিত্ৰনাট্যৰ প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ শেষত সকলো বিজয়ী প্ৰতিযোগীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তৰু দাসে জনোৱা মতে আজিৰ পৰা বৰপেটা জিলাৰ সকলো মণ্ডল সমল কেন্দ্ৰতে মণ্ডল ভিত্তিক “হ’বা তুমি বিজয়ী”ৰ প্ৰতিযোগিতাসমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক‌ শিক্ষয়িত্ৰীসকলৰ মাজত অনুষ্ঠিত হ’ব আৰু এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে অহা ৩০ এপ্ৰিলৰ পৰা খণ্ড পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব। ঠিক তেনেদৰে খণ্ড পৰ্য্যায়ৰ বিজয়ী প্ৰতিযোগীসকলে জিলা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া “হ’বা তুমি বিজয়ী”ৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব। আজিৰ অনুষ্ঠানৰ শেষত অনুষ্ঠিত সভাত উপস্থিত সকলোৱে “হ’বা তুমি বিজয়ী” অনুষ্ঠানৰ ভূয়সী প্ৰশংসা কৰে আৰু এই অনুষ্ঠান শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাত যথেষ্ট সহায়ক হ’ব বুলি কয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তৰু দাসৰ বিহু নৃত্যৰে অনুষ্ঠানটোৰ সফল সামৰণি সমাপ্তি ঘটে।

গৰমৰ দিনত চৰ্মৰোগৰ পৰা হাত সাৰিবলৈ নিমপাত সিজোৱা পানীৰে ঘা ধুব লাগে…

সৰু সৰু ধুনীয়া পাতেৰে নিম গছ সকলোৱে চিনি পায়। নিম গছ বেছ ওখ হৈ উঠে আৰু বেছিভাগ গৃহস্থই পদুলি মুখত বা ঘৰৰ চৌহদত যত্নেৰে ৰোৱে। কাৰণ এই গছৰ বতাহ স্বাস্থ্যৰ বাবে ভাল। ইয়াৰ শাস্ত্ৰীয় নাম নিন্ব, পিচুৰ্মদ। এই গছৰ পাত আৰু চাল দৰবত ব্যৱহাৰ হয়।

গুণাগুণ

নিম পাত অগ্নিদীপক, শীতবীৰ্য্য আৰু বায়ুনাশক। কফ, ক্ৰিমি, পিত্ত, বমি আৰু অৰুচি আদিৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ্য। নিম পাত চকুৰ কাৰণে ভাল।চৰ্মৰোগত নিমপাত সিজোৱা পানীৰে ঘা ধুব লাগে। পেটত ক্ৰিমি বাঢ়িলে এক অনা পৰিমাণৰ নিম গছৰ বাকলি চূৰ্ণ সৈন্ধৱ লৱণৰ লগত এসপ্তাহ খালে শৌচৰ লগত ক্ৰিমি নিৰ্গত হয়। বসন্ত কালত নিম পাত খোৱা অতি প্ৰয়োজন। ই বসন্তৰ প্ৰতিষেধক প্ৰতিদিনে এক তোলা নিম পাতৰ কোৱাথ মৌৰ লগত একেলগে তিনিদিন খালে যিকোনো কাহৰ উপশম হয়।

পিত্তজনীত যিকোনো অসুখত নিম পাতৰ কোৱাথ বা নিম ছালৰ কোৱাথ এসপ্তাহ প্ৰতিদিনে এক তোলাকৈ খালে অসুখ দূৰীভূত হয়। ফোঁহা পকি ফাটি গ’লে গৰুৰ ঘিউৰ লগত নিম পাত বটি গৰম কৰি ফোহাত লগালে পুঁজ সম্পূৰ্ণলৈ বাহিৰ ওলাই যায় আৰু ফোঁহা শুকাই। গৰম কালত হোৱা ঘা নিম পাত সিজোৱা পানীৰে ধুলে ঘা পকি সোনকালে শুকাই যায়। নিমপাত সদায় পুৱা ঠাণ্ডা পানীৰে দুটাকৈ খালে চৰ্মৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়াৰ তিতা ৰস উচ্চবীৰ্য সমন্ধিত আৰু লঘু।

আজিৰ বুলিয়ন বজাৰত সোণ আৰু ৰূপৰ দাম জানি ক্ৰয়ৰ সিদ্ধান্ত ল’ব পাৰিব…

আজিৰ বুলিয়ন বজাৰত সোণ আৰু ৰূপৰ দাম জানি ক্ৰয়ৰ সিদ্ধান্ত ল’ব পাৰিব। কিন্তু একেৰাহে কেইবাদিনো সোণ-ৰূপে অভিলেখ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু সোণ ক্ৰয় কৰাটো অতি কঠিন হৈ পৰিছে। বিয়াৰ বতৰ এতিয়াও চলি আছে আৰু সোণ-ৰূপৰ গহনা বজাৰ কৰাৰ চাহিদা। এনে পৰিস্থিতিত গহনা তৈয়াৰ কৰাটো মানুহৰ বাবে ব্যয়বহুল চুক্তি হিচাপে প্ৰমাণিত হৈছে। আজিৰ সোণ-ৰূপৰ হাৰৰ কথা ক’বলৈ গ’লে বুলিয়ন বজাৰত উত্থান দেখা গৈছে আৰু ফ্যুচাৰ বজাৰত বিশেষ গতিবিধি নহয়।

বৰ্তমান এমচিএক্স অৰ্থাৎ মাল্টি ক’ম’ডিটি এক্সচেঞ্জত সোণৰ জুন ৯১ টকা বৃদ্ধি পাই ৭১১২০ টকা হৈছে আৰু আজি ই প্ৰতি ১০ গ্ৰামত ৭০৯৭১ টকা পৰ্যন্ত হ্ৰাস পাইছিল।

আজি এমচিএক্সত ৰূপৰ মূল্যও সামান্য বৃদ্ধি হোৱা দেখা গৈছে আৰু ৪৩ টকা বৃদ্ধিৰে প্ৰতি শ্বেয়াৰৰ মূল্য ৮০৭২১ টকাত ব্যৱসায় কৰা হৈছে। আজিৰ ব্যৱসায়ত ই ৮০৬০৮ টকালৈকে নামি গৈছিল।

সোণৰ হাৰ ক’ত কিমান জানক…
দিল্লীঃ ২৪ কেৰেট সোণৰ মূল্য ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৮০০ টকা
মুম্বাইঃ ২৪ কেৰেট সোণৰ মূল্য ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৬৫০ টকা
চেন্নাইঃ ২৪ কেৰেট সোণৰ মূল্য ৩২০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭৩৪২০ টকা
কলকাতাঃ ২৪ কেৰেটৰ সোণ ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৬৫০ টকা
আহমেদাবাদঃ ২৪ কেৰেটৰ সোণ ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৭০০ টকা
বেংগালুৰুঃ ২৪ কেৰেট সোণৰ মূল্য ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৬৫০ টকা
চণ্ডীগড়ঃ ২৪ কেৰেটৰ সোণ ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৮০০ টকা
হায়দৰাবাদঃ ২৪ কেৰেটৰ সোণ ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৬৫০ টকা
লক্ষ্ণৌঃ ২৪ কেৰেট সোণৰ মূল্য ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৮০০ টকা
পাটনাঃ ২৪ কেৰেট সোণৰ মূল্য ৪৯০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭২৭০০ টকা

বিহাৰত নিৰ্বাচনী হিংসাত পাটনাৰ পুনপুনত JD(U)ৰ যুৱনেতা সৌৰভ কুমাৰক গুলীয়াই হত্যা…

বিহাৰত নিৰ্বাচনী হিংসাৰ চৰম পৰ্যায়। পাটনাৰ পুনপুনত JD(U)ৰ নেতাক গুলীয়াই হত্যা।

নিহত JD(U)ৰ যুৱনেতা সৌৰভ কুমাৰ। বাইকেৰে আহি সৌৰভ কুমাৰক গুলীচালনা ৪ দুৰ্বৃত্তৰ।

দুটাকৈ গুলী লাগে সৌৰভ কুমাৰৰ মূৰত। পুৱতিনিশা সংঘটিত এই ভয়ংকৰ ঘটনা।

গৰমত এই ৫ বিধ পানীয়ই শৰীৰৰ প্ৰতিটো কোণ পৰিষ্কাৰ কৰিব, লগতে শৰীৰৰ হ’ব বিষমুক্ত…

শৰীৰক মাজে মাজে বিষমুক্তকৰণৰ প্ৰয়োজন হয়। আচলতে প্ৰদূষিত পৰিৱেশত বাস কৰা আৰু খাদ্যাভ্যাসৰ দুৰ্বলতাৰ বাবে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিবলৈ আৰম্ভ কৰে আৰু এজন ব্যক্তি অসুস্থ হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। এনে পৰিস্থিতিত শৰীৰে সঠিকভাৱে কাম কৰিবলৈ বিষমুক্তকৰণৰ প্ৰয়োজন হয়। যদিও ইয়াৰ বাবে ঔষধ পোৱা যায়, তথাপিও ইয়াক স্বাভাৱিকভাৱে কৰিব পাৰি। এই লেখাটোত আমি আপোনালোকক এনেধৰণৰ গ্ৰীষ্মকালীন পানীয়ৰ বিষয়ে জনাম যিয়ে শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে আৰু লগতে বিষমুক্ত কৰাত সহায় কৰে-

ৰাতিপুৱা খালী পেটত প্ৰথমে পান কৰিব ধনীয়া পানী। শৰীৰত জমা হোৱা অতিৰিক্ত পানী আঁতৰাবলৈ ই প্ৰাকৃতিক প্ৰস্ৰাৱক হিচাপে কাম কৰে। ইয়াৰ উপৰিও ই শৰীৰত ইনচুলিন উৎপাদনত সহায় কৰে আৰু যকৃতৰ স্বাস্থ্য বৃদ্ধি কৰে যিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এন চি বি আইত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ধনীয়াত এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, কেন্সাৰ প্ৰতিৰোধ আৰু ইয়াৰ বৃদ্ধি লেহেমীয়া কৰাত সহায়ক।

তিয়হ, পদিনা, আদা, নেমু, ই এক শক্তিশালী ডিটক্স পানীয় কাৰণ ইয়াত একেলগে কাম কৰা বহু উপাদান থাকে। আদা এবিধ শিপা যিয়ে পাচনত সহায় কৰে আৰু আপোনাৰ পেট পৰিষ্কাৰ কৰে। নেমুয়ে আপোনাৰ শৰীৰক ক্ষাৰকীয় কৰি তোলাত সহায় কৰে যদিও পদিনাই আপোনাৰ ব্যৱস্থাটো পৰিষ্কাৰ কৰে।

ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, প্ৰদাহ কমায় আৰু ইনচুলিনৰ মাত্ৰাত সহায় কৰে। ইয়াক পানী আৰু নেমুৰ ৰসৰ সৈতে মিহলাই শৰীৰক বিষমুক্ত আৰু পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে পাচনত সহায় কৰে আৰু পি এইচৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰে।

জিৰাৰ পানীৰ মিশ্ৰণ গ্ৰহণে আপোনাৰ শৰীৰক বিষমুক্ত কৰাত সহায় কৰিব পাৰে, ইয়াৰ পৰা সকলো বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব পাৰে।


কৃষ্ণাইত কেৰাচিন তেল চুৰি চক্ৰ উৎখাত ! আৰক্ষীৰ জালত হাব্ৰাঘাটৰ ৰফিজুল ইছলাম…

কৃষ্ণাইত কেৰাচিন তেল চুৰি চক্ৰ উৎখাত।

আৰক্ষীৰ জালত হাব্ৰাঘাটৰ ৰফিজুল ইছলাম। দীৰ্ঘদিনে ইছলামে চলাই আহিছিল কেৰাচিন তেলৰ ক’লা বেহা।

টেংকাৰ, পিকআপ ভানত সৰবৰাহ কৰি আহিছিল কেৰাচিন তেল ।

চৰাইদেউত তীব্ৰ বেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু…

চৰাইদেউত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ সোণাৰি পৰা শিৱসাগৰ অভিমুখে এ এছ ০৪ এ চি ৬৪৯১ নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ’

গাড়ী খুন্দাৰ ফলত মৃত্যু হয় মহিলাগৰাকীৰ ৷

নিহত মহিলাগৰাকী এঙেৰা হাবিগাৱঁৰ চুচিলা মূড়া বুলি জানিব পৰা গৈছে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি বলেৰ’ বাহনখনৰ চালকজন পলাতক অৱস্থাত আছে৷