Home Blog Page 859

ন্যায় পাবনে পংখীয়ে? পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আটাছুৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ, নিষ্ঠুৰ নীতিকেশ দাসক ফাঁচীৰ দাবী…

সামাজিক ৰীতি নীতিয়ে আজিৰ পৰা ছমাহৰ পূর্বে বিবাহ পাশত আৱদ্ধ হোৱা পিছতে পংখী সন্দিকৈক দানৱৰূপী নিষ্ঠুৰ স্বামীয়ে গাৰ পৰা মাহ শালধীৰ গোন্ধ নাযাঁওতেই অতি বৰ্বৰোচিত অত্যাচাৰত জীৱন বন্তি নুমোৱাই পেলোৱা  মেধাবী ছাত্ৰী গৰাকী হত্যাৰ ন্যায় বিচাৰি আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত  নিতাইপুখুৰী আৰু ডিমৌবাসী ৰাইজৰ সহযোগত ডিমৌ চাৰিআলিৰ মাজমজিয়াত দিনৰ বাৰ বজাৰপৰা একবজালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰায় দুই শতাধিকৰো অধিক পুৰুষ-মহিলাই হাতে হাতে প্লে-কাৰ্ড লৈ পংখী সন্দিকৈ হত্যাকাৰীক  ফাঁচি দিয়ক , হত্যাকাৰী নীতিকেশ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰক , ধনৰ বিনিময়ত অপৰাধী পক্ষ লোৱা আৰক্ষী বিষয়াক বৰ্খাস্ত কৰক , আমাক ন্যায় লাগিবই ,সমগ্র ঘটনা চিবিআইৰ দ্বাৰা তদন্ত কৰক, নাৰীৰ জীৱন সুৰক্ষা কৰক আদি একাধিক শ্লোগানাৰে ডিমৌৰ আকাশ বতাহ উত্তাল কৰি তোলে৷ আটাছু নেতা সুমিত কুমাৰ সন্দিকৈয়ে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্রীয় সভাপতি বসন্ত গগৈয়ে কয় যে এই ন্যায় প্ৰক্ৰিয়াত চূড়ান্ত গাফিলতি হৈছে৷হত্যাকাণ্ডটোক আত্মহত্যাৰ ৰূপ দিয়া হৈছে৷ দুখীয়া পৰিয়ালটোক ন্যায়ৰপৰা বঞ্চিত কৰা হৈছে৷ নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু উপ-আৰক্ষী অধিক্ষক দ্ৰোণকান্ত দেউৰীয়ে গোটেই ঘটনাটোক বৃহৎ ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছে বুলিও গুৰুত্বৰ অভিযোগ উঠিছে৷ যাৰবাবে আটাছু ক্ষুণ্ণ হৈ পৰিছে৷ আটাছু সভাপতি জনে গোটেই ঘটনাটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ হস্তক্ষেপ কামনা কৰাৰ লগতে দোষী আৰক্ষী বিষয়া দুজনক চাকৰিৰপৰা নিলম্বন কৰিবলৈ দাবী জনায়৷

আনহাতে মূল অভিযুক্ত নীতিকেশ দাসক চাকৰিৰপৰা নিলম্বন কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনায়৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈয়ে পংখী সন্দিকৈ হত্যাকাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ দোষী যাতে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে তাক নজৰ দিবলৈ দাবী জনায়৷প্ৰদেশ কংগ্ৰেছৰ সম্পাদকজনে এইক্ষেত্ৰত মূল অভিযুক্তৰ আত্মীয় আৰক্ষীৰ লগত সু-সম্পৰ্ক থকাৰ সুবাদত ঘটনা অন্য দিশত নিব পাৰে বুলিও অভিযোগ কৰে৷অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি যাদৱ গগৈয়ে নীতিকেশ দাস নামৰ শিক্ষকৰূপী অপৰাধীটোৱে  পৰিকল্পিতভাৱে পংখী  সন্দিকৈক হত্যা কৰিছে বুলি মন্তব্য কৰে৷নেতাজনে এইক্ষেত্ৰত দোষীক ফাৰ্ষ্টটেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷আনহাতে মুখ্যমন্ত্ৰী আৰু ডিজিপক ঘটনাটো গুৰুত্ব সহকাৰে লৈ দোষীক ফাঁচী দিবলৈ দাবী জনায়৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্হিত হোৱা মৃত পংখী সন্দিকৈৰ ভগ্নী ময়ুৰী সন্দিকৈয়ে নামৰূপ থানাৰ আৰক্ষী বিষয়া জনৰ শ্ৰুতলিপি অনুসৰি  আত্মহত্যা বুলি এজাহাৰত লিখিবলৈ বাধ্য কৰা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে৷মোৰ বায়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলিও  কয়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰে পংখী সন্দিকৈ হত্যা অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি চিবিআইৰ তদন্ত কৰিবলৈ দাবী জনায়৷ইফালে প্ৰায় এক ঘণ্টা জোৰা প্ৰতিবাদৰ অন্তত আটাছু শিৱসাগৰ জিলা সভাপতি অখিল আহোম , কাৰ্যকৰী সভাপতি তপন চেতিয়া , যুটীয়া সম্পাদক দেৱজিৎ চাংমাই আৰু পাৰ্থ গগৈ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ দণ্ডাধীশ বৰ্ণালী হাতীৱাৰা হাতত অৰ্পণ কৰে৷স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ নিতাইপুখুৰী দুৱৰিছিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ উচ্চ শিক্ষিতা কন্যা পংখী সন্দিকৈক চৰাইদেউ জিলাৰ সাপেখাঁতী ১নং কঠীয়া খুন্দা নিবাসী নীতিকেশ দাস পৰিকল্পিতভাৱে হত্যা কৰি এক জঘন্য কাণ্ড সংঘটিত কৰিলে৷শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত আত্মনিয়োগ হৈ সমাজ গঢ়াৰ পণ লোৱা শিক্ষকৰূপী এই দানৱজনৰ বিৰুদ্ধে এক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷

আনহাতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা  স্মাৰকপত্ৰত উল্লেখ কৰা তিনিটা দাবী ক্ৰমে হত্যাকাৰী নীতিকেশ দাসক অতিশীঘ্ৰে চাকৰিৰপৰা বৰ্খাস্ত কৰি ফাষ্টটেক আদালতত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান, নামৰূপ থানাৰ তদন্তকাৰী বিষয়া নীলকমল বৰুৱা, উপ আৰক্ষী অধীক্ষক দ্ৰোণকান্ত দেউৰীয়ে ধনৰ বিনিময়ত হত্যাকাৰী পক্ষ লৈ হত্যাকাণ্ডটোক আত্মহত্যা ৰূপ  দিবলৈ কৰা যত্নক গৰিহনা দি দুই আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা আৰু তৃতীয়তে পংখী সন্দিকৈ দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী সাহাৰ্য দিবলৈ দাবী জনায়৷ইফালে সাতদিনৰ ভিতৰত দাবীসমূহ পূৰণ ন’হলে ৰাইজৰ সহযোগত শিৱসাগৰ জিলা বন্ধ  আৰু পিছৰ পৰ্যায়ত অসম বন্ধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলি স্মাৰকপত্ৰত উল্লেখ কৰে৷ স্মাৰকপত্ৰৰ প্ৰতিলিপি অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰদান কৰা হয়৷ আজি প্ৰতিবাদী কাৰ্যসূচীত পংখী সন্দিকৈৰ পিতৃ ভৈৰৱ সন্দিকৈ, মাতৃ দিপীকা সন্দিকৈ, সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ সমন্বয়ক জীনা বৰুৱা বৰা মুখ্য সমন্বয়ক মন্ত্ৰী বৰাকে ধৰি একাধিক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে৷

উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত পুনৰ আৰম্ভ ফেৰী সেৱা…

উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যোৱা তিনি দিন ধৰি বন্ধ হৈ থকা ফেৰী সেৱা বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হয়। মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী হঠাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা তিনিদিন ধৰি বন্ধ হৈ আছিল।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাত আৰু ফেৰী ঘাটৰ ৰেম্প সমূহ নিৰ্মাণ হৈ উঠাৰ বাবে বৃহস্পতিবাৰৰ পৰা পুনৰ ফেৰী আৰম্ভ হয়। তিনিদিন ধৰি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ফেৰী সেৱা ব্যাহত হৈ থকাৰ বাবে চৰম আহুকালৰ সন্মুখীন হোৱা ফেৰী যাত্ৰী সকলে আজি ফেৰী সেৱা আৰম্ভ হোৱাত স্বস্তিৰ নিশ্বাস পেলায়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…

নাৰায়ণপুৰ অঞ্চলৰ ১নং চৰাইদলনি গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি জিতেন বৰাৰ যোৱা ৮মে’, বুধবাৰে দিনৰ দুই বজাত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে৷
গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাধৱপুৰস্থিত নাৰায়ণপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মময় জীৱনৰ পাতনি মেলা প্ৰয়াত জিতেন বৰাই মাধৱদেৱ মহাবিদ্যালয়(বৰ্তমানৰ মাধৱদেৱ বিশ্ববিদ্যালয়)ৰ কাৰ্য্যালয়ত নিযুক্তি লাভ কৰি শেষত কাৰ্যালয়-অধিক্ষক হিচাবে কৰ্মৰত হৈ ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল৷ প্ৰয়াত বৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ উত্তৰ-পশ্চিম নাৰায়ণপুৰ আঞ্চলিক শাখাৰ একেৰাহে দুটা কাৰ্যকাল(৪বছৰ)ৰ সভাপতি, বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু বহুবোৰ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নী, পো-বোৱাৰী আৰু এগৰাকী কন্যাক এই সংসাৰত এৰি থৈ যায়৷

বৰাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পশ্চিম নাৰায়ণপুৰ আঞ্চলিক শাখা, বৈষ্ণৱপুৰ শাখা, পশ্চিম নাৰায়ণপুৰ শাখা সাহিত্য সভা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু বিভিন্ন সামাজিক দল সংগঠনে বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত জামুগুৰিহাটৰ মূঢ়াদল গাঁৱৰ মেধাৱী ছাত্ৰী ভৰ্ষিতা বৰা জুয়ে পোৰা সোণ হৈ জিলিকি উঠিল৷জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী ভৰ্ষিতা বৰাই ৯১ শতাংশ নম্বৰৰে ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

শৈশৱতে পিতৃহাৰা হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ভৰ্ষিতাৰ অন্য সহপাঠীৰ দৰে নাছিল এখন পঢ়া টেবুল; নাই এটি থকাৰ বাবে ভাল গৃহ৷দৰিদ্ৰতাক প্ৰত্যাহবান হিচাপে গ্ৰহণ কৰা ভৰ্ষিতাৰ মাতৃ মণি বৰা আৰু পেহীয়েকে অতি কষ্টৰে কোমল ধান সিজাই ৰ’দত শুকুৱাই চাউল বিক্ৰী কৰা আৰু তাঁতৰ শালত বোৱা গামোছা আৰু চাদৰ বিক্ৰী কৰা টকাৰেই ভৰ্ষিতাৰ পঢ়াৰ খৰছ বহণ কৰি আহিছিল৷অসমীয়াত ৯১,ইংৰাজীত ৮৫,ৰাজনীতি বিজ্ঞানত ৯৬,ভূগোলত ৯৩,অৰ্থনীতিত ৭৭ আৰু স্বদেশ অধ্যয়নত ৮৯ নম্বৰৰে ৫ টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰা ভৰ্ষিতাই অৰ্থনীতি বিভাগক মূল বিষয় হিচাপে লৈ উচ্চশিক্ষা লাভ কৰাৰ মন মেলিছে৷ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়তে নামভৰ্তি কৰি অধ্যয়ণৰ মন মেলা ভৰ্ষিতাৰ এই সফলতাই গৌৰাম্বিত কৰিছে সমগ্ৰ অঞ্চলবাসীক৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…

দৈন্যতাৰ বাধা নেওচি কলা শাখাত সৰ্বাধিক ৮৯.২০ শতাংশৰে জিলিকি উঠিল ভীবিকা দাস, ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত অৱতীৰ্ণ হোৱা ১৩১ জন ছাত্ৰ-ছাত্ৰীৰ ১০০ শতাংশই উত্তীৰ্ণ হৈ ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে সমগ্ৰ ঢলপুৰ অঞ্চললৈ কঢ়িয়াই আনিছে শিক্ষাৰ ক্ষেত্ৰত অন্য এক আলোড়ন। মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৬১ জন ইয়াৰে ভিতৰত ১৭ জন ষ্টাৰ নম্বৰ সহ, ৫১ জন দ্বিতীয় বিভাগত আৰু ২ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সৰ্বাধিক ৮৯.২০ শতাংশ লাভ কৰা মেধাবী ছাত্ৰী ভীবিকা দাসে নিজৰ লগতে ঘৰৰ পোহ পাল দিবলৈ সপ্তাহৰ প্ৰতি দেওবাৰে মাক দেউতাকৰ লগত বাঁহৰ বেতৰ সঁজুলি প্ৰস্তুতকৰণত ব্যস্ত থাকে।

আত্মবিশ্বাস, কঠোৰ অধ্যয়নৰ আৰু দৃঢ় মনোবলৰ অধিকাৰী ভীবিকা দাসে পুনৰ মানৱ সমাজৰ ইতিহাসত প্ৰমাণ কৰি দেখুৱালে যে লক্ষ্য স্থিৰ আৰু একাগ্ৰচিত্ৰে অধ্যয়ন কৰিলে পৰীক্ষাত উপযুক্ত নম্বৰ লাভ কৰিব পাৰি। ইংৰাজীত ৮৪, অসমীয়া ৮৬, শিক্ষাত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৩, স্বদেশ অধ্যয়নত ৮৯ আৰু ঐচ্ছিক হিন্দীত ৭৭ নম্বৰ লাভ কৰা ভীবিকা দাসে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে।

আর্থিকভাৱে দৰিদ্ৰ ছাত্ৰী গৰাকীক বিদ্যালয়ৰ অধ্যক্ষ সত্যৰঞ্জন বৰা, উপাধ্যক্ষ ৰিপুল দত্ত, বিষয় শিক্ষক চুনীল দলে আৰু মণ্ডল কেন্দ্ৰ সমন্বয়ক শ্ৰীমন্ত হাজৰিকাই ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক ফলাফল আৰু দৈন্যতাৰ বাধা নেওচি বিদ্যালয়ৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰা ভীবিকা দাসৰ ফলাফলত সমগ্ৰ ঢলপুৰ মৌজাৰ শৈক্ষিক মহললৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা।

পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…

পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল। একোগৰাকী শিক্ষাৰ্থীয়ে ভাল ফলাফল লাভ কৰাৰ পিছতে যি দৰে ঘৰে-পৰে আনন্দৰ লহৰ বয়, ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য আজি পৰিলক্ষিত হয় ৰমেন বিশ্বাস নামৰ মেধাবী ছাত্র এজনৰ গৃহত। দৰাচলতে, যোৱা ৫ মে’ত নগাঁৱত “নীট” পৰীক্ষা দি পিতৃ তথা কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নাৰায়ণ বিশ্বাসৰ সৈতে মেধাৱী পুত্ৰ ৰমেন বিশ্বাস ঘৰলৈ আহি থকা অৱস্থাত পানীখাইটিত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছিল।

আজি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সেইগৰাকী ৰমেন বিশ্বাসেই বিজ্ঞান শাখাত পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ খবৰ পাই ঘৰখনত আনন্দৰ বিপৰীতে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়। ৰমেনে অধ্যয়ন কৰা নগাঁৱৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই ৰমেনবিহীন ঘৰখনলৈ আহি মেধাৱী ছাত্ৰজনৰ ভবিষ্যতৰ আশাৰ বন্তি গছি নিৰ্বাপিত হোৱাত গভীৰ শোক প্ৰকাশ কৰে।

ৰমেনৰ আশা আছিল আই আই টি পঢ়াৰ আৰু সেই আশাৰে ‘নীট’ পৰীক্ষাত অবতীৰ্ণ হৈছিল। কিন্তু কাল অমানিশাই অকালতে কাঢ়ি নিলে ছাত্রগৰাকীক আৰু পৰিয়ালটোৰো সকলো আশা নিৰ্বাপিত হ’ল। পিতৃ-মাতৃৰ বুকু উদং কৰি অকালতে মৃত্যুবৰণ কৰা ৰমেন বিশ্বাসৰ আজি ঘোষিত ফলাফল লাভ কৰি পুনৰ অঞ্চলটোত কান্দোনৰ ৰোল উঠিল। এতিয়া আৰু ৰমেনৰ ফলাফল সুধিবলৈ কোনোৱে নাহে। পিতৃ নাৰায়ণ বিশ্বাস আৰু মাতৃ অনুপমা চৰকাৰে পুত্ৰৰ ফটোখন বুকুত বান্ধি লৈ কান্দোনত ভাগি পৰিছে। এজন অতি নম্ৰ স্বভাৱৰ প্ৰতিভাবান যুৱকক অকালতে হেৰুওৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…


সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ঈৰ্সনীয় সফলতা পাবলৈ সক্ষম হৈছে।কলা বিজ্ঞান আৰু বানিজ্য তিনিওটা শাখাতে বিদ্যালয়খনৰ আটাইগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে।বিজ্ঞান শাখাত মুঠ ১১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ৭গৰাকী ছাত্ৰ – ছাত্ৰীয়ে ডিষ্টিংচন পোৱাৰ বিপৰীতে ৩৫ জনে ষ্টাৰ মুঠ ৯৪জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।আনফালে কলা শাখাত মুঠ ৬৪জন ছাত্ৰ-ছাত্ৰীয়ে চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ৪জনে ডিষ্টিংচন পোৱাৰ বিপৰীতে ১০জনে ষ্টাৰ মুঠ ৪৪জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

আকৌ বানিজ্য শাখাত ১৬গৰাকী ছাত্ৰ -ছাত্ৰীৰ ৫গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।সামগ্ৰিক ভাৱে বিদ্যালয়ৰ উত্তীৰ্ণৰ শতকৰা হাৰ ১০০ শতাংশ।বিদ্যালয়খনৰ ১৯২জন ছাত্ৰ -ছাত্ৰীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে।

আজিৰ ফলাফলত পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ ৯৫ ৰ বিপৰীতে ৩১গৰাকীয়ে লেটাৰ সংখ্যা লাভ কৰে।একেদৰে ৰাসায়ন বিজ্ঞানত সৰ্বোচ্চ ৯৮ পোৱাৰ বিপৰীতে মুঠ ২৮জনে লেটাৰ সংখ্যা লাভ কৰে।

বিদ্যালয়ৰ আজিৰ ফলাফলে প্ৰমাণ কৰিলে যে কোচ্ছিংত পঢ়িলেও বোৰ্ডৰ ফলাফল ভাল কৰিব পাৰি।অতি সম্প্ৰতি নীট আৰু জে ই ই কোচ্ছিঙৰ বাবে বহু অভিভাৱকে বিভিন্ন সমস্যাত থকাৰ সময়ত ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুল সহায়ক হ’ব পাৰে।

উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…

বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত নিম্ন স্থানত আছে ওদালগুৰি জিলা। জিলাখনত ২০২৪বৰ্ষৰ উৰ্ত্তীণৰ হাৰ ৭৯.৭০শতাংশ। জিলাখত অৱতীৰ্ণ হোৱা মুঠ ৮০৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬৪০গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ হৈছে।

উৰ্ত্তীণৰ হাৰত কলা শাখাত নিম্ন স্থানত আছে কাছাৰ জিলা। জিলাখনত ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সৰ্বমুঠ ৮৮৭৯ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৬৫৭৯গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ হৈছে।

উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰত ধুবুৰী জিলা সৰ্বনিম্ন স্থানত। ধুবুৰীত উৰ্ত্তীণৰ হাৰ ৬১.৩৮শতাংশ। জিলাখনত মুঠ ১৪৫গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ ৮৯গৰাকী উৰ্ত্তীণ হৈছে।

ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…

গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব৷ সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব ৷

ইফালে, গুৱাহাটীত হ’বলগা এই মেচ দুখনৰ বাবে স্থানীয় অনুৰাগীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজস্থান ৰয়েলছে কাইলৈৰ পৰা বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামৰ কাষতে থকা ছাউথ পইণ্ট স্কুলতো আন এটা টিকট কাউণ্টাৰ মুকলি কৰিব৷ উল্লেখ্য যে ছাউথ পইণ্ট স্কুলতে ৰাজস্থান ৰয়েলছৰ তাৰকা অসম গৌৰৱ সন্তান ৰিয়ান পৰাগে শিক্ষা গ্ৰহণ কৰিছিল৷ সেয়ে এই কাউণ্টাৰত দুয়োখন মেচৰ সকলো শ্ৰেণীৰ টিকট অনুৰাগীৰ বাবে উপলদ্ধ হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে যি বিশেষ টিকট মুকলি কৰিছে সেয়াও ৰিয়ান সমৰ্থকক পাঁচশ টকাৰ ৰেহাই মুল্যতে দিয়া হ’ব ৷

উল্লেখ্য যে আই পি এলৰ একমাত্ৰ দল হিচাপে ৰাজস্থান ৰয়েলছে ছাত্ৰ-ছাত্ৰীক ৰেহাই মুল্যত টিকট দিয়াৰ সিদ্ধান্ত লৈছে৷ সেয়াও কেবল গুৱাহাটীৰ মেচ দুখনৰ বাবেহে এই ব্যৱস্থা দলটোৱে হাতত লৈছে৷ টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ যদিও গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকট মুকলি কৰিছে৷ কাইলৈৰ পৰা অহা ১৯ মে’লৈ দিনৰ ১২ বজাৰ পৰা নিশা আঠ বজালৈ ছাউথ পইণ্ট স্কুলৰ টিকট কাউণ্টাৰ মুকলি থাকিব৷ অৱশ্যে মেচ দুখনৰ যি কম সংখ্যক টিকট বিক্ৰি হ’বলৈ বাকী আছে সেয়া শেষ হ’লে কাউণ্টাৰটো ১৯ মে’ৰ পূৰ্বেই বন্ধ কৰা হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত সম্প্ৰতি মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো ক্ৰয় কৰিব পাৰিব৷

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে ৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল এটা ছিজনতে নহয়, সমগ্ৰ বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে স্বাভাৱিকতে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব৷’

চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা এঘাৰখন মেচৰ আঠখনতে জয়লাভ কৰি ৰাজস্থান ৰয়েলছ ১৬ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে৷ অহা বাৰ মে’ত ৰয়েলছে চেপক ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ এই মেচ খেলিয়েই ৰাজস্থান ৰয়েলছ গুৱাহাটীলৈ আহিব ছিজনৰ অন্তিম দুখন খেলত অংশ লোৱাৰ বাবে৷ কাৰ্যতঃ গুৱাহাটীৰ মেচেই নিৰ্ণয় কৰিব ৰয়েলছৰ শীৰ্ষস্থান তথা প্লে-অফৰ যোগ্যতা৷

উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা, ভূ-বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মী…

উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা ।

উত্তীৰ্ণৰ হাৰ হিচাপত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা ।

শিক্ষানুষ্ঠান সমূহত উৎসৱমুখৰ পৰিৱেশ ।

নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মীয়ে আজি ফলাফল ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ভূ বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম।

পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাই কোনো শীৰ্ষ স্থান।

উত্তীৰ্ণৰ হাৰ হিচাপত বাণিজ্য শাখাত প্ৰথম স্থান আৰু বাণিজ্য শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা।

কলা শাখা উত্তীৰ্ণ হাৰ 95·91%, বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰ 97·60% আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ ৯৭·৪২%।

শিৱসাগৰ জিলাৰ ফলাফলক লৈ সন্তষ্টি ব্যক্ত কৰিলে বিদ্যালয়সমূহৰ পৰিদৰ্শক দেবজ্যোতি গগৈয়ে।