Home Blog Page 861

অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ খেলুৱৈ দয়াল বসুমতাৰীৰ দুৰৱস্থা…

অসমৰ ভলীবল জগতত বৰ্তমান খেলি থকা লিফটাৰ সমূহৰ ভিতৰত দয়াল বসুমতাৰী এজন অন্যতম শ্ৰেষ্ঠ লিফটাৰ। যাৰ দুহাতৰ যাদুত প্ৰাণ পাই উঠে ভলীবলৰ খেলপথাৰ। স্মেচাৰক চকু মুদি ভলীবলটো স্মেচ কৰাৰ বাবে সজাই পৰাই দিয়াটোৱে হৈছে তেওঁৰ মুখ্য কাম। স্মেচাৰক বলটো স্মেচ কৰাৰ বাবে মিডিয়াম বা চৰ্ট বলটো হাতত লগাই দিব পৰা এক বিশেষ কলাৰ বাবে তেওঁ সৰ্বজন বিদিত। যাৰ বাবে অসমৰ স্মেচাৰ সকলে তেওঁক লিফটাৰ হিচাপে পাবলৈ আশা পালি থাকে। ভলীবল খেলত লিফটাৰৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ। লিফটাৰৰ ওপৰতে গোটেই খেলখন নিৰ্ভৰ কৰে। ভলীবলৰ জোখাৰে তেওঁ অলপ চাপৰ যদিও তেওঁ নিজৰ ইচ্ছাশক্তিৰ ওপৰত প্ৰৱল বিশ্বাসী, অদম্য সাহস, ধৈৰ্য্য একাগ্ৰতাৰ বাবে সেই অভাৱ পূৰণ কৰি গৈ আছে আৰু প্ৰায় আমন্ত্ৰণ মূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত আজুৰি আনিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। তেওঁৰ জন্ম হৈছিল ৩০-১১-২০৯৭ চনত বাস্কা জিলাৰ পূব খাগ্ৰাবাৰীত। দেউতাকৰ নাম লোহিত বসুমতাৰী আৰু মাকৰ নাম বিজয়া বসুমতাৰী।

২০১২ চনত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ গিৰীশ তালুকদাৰৰ তত্বাৱধানত দয়ালে ভলীবলৰ আদি পাঠ গ্ৰহণ কৰি পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে। ২০১৩ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ মৰিগাঁওত অনুষ্ঠিত হোৱা ২৭ সংখ্যক আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ইয়াৰ সুবাদতে তেওঁ ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৪১ সংখ্যক জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ২০১৫ চনৰ ৮ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ বিহাৰত অনুষ্ঠিত হোৱা ৪২ সংখ্যক জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ২০১৬ চনৰ পৰা তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ হৈ অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ আশা অসম ৰাজ্যিক বিদ্যুত পৰিষদত স্থায়ী সংস্থাপনৰ সুবিধা কৰি লৈ নিজৰ লগতে পৰিয়ালক পোহপাল দিবলৈ সক্ষম হ’ব।

কিন্তু বিগত প্ৰায় ৮ বছৰ ধৰি অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ হৈ নিজৰ সৰ্বস্ব উজাৰি দি প্ৰতিযোগিতা সমূহত চেম্পিয়ন অথবা ৰানাৰ্চ আপাৰ খিতাপ অৰ্জন কৰি আহিছে যদিও আজিলৈ তেওঁলোকে অসম ৰাজ্যিক বিদ্যুত পৰিষদত চাকৰিৰ মকৰলৰ সুবিধা পোৱা নাই। দয়াল বসুমতাৰীৰ দেউতাকে কিবাকৈ দিন হাজিৰা কৰি ঘৰখন পোহপাল দি আছে। বেমাৰে জুৰুলা কৰা মানুহজনৰ এতিয়া আৰু হাজিৰা কৰিবলৈ দেহত শক্তি নোহোৱা হৈছে। গতিকে পৰিয়ালবৰ্গই দয়াল বসুমতাৰীৰ মুখলৈ চাই আছে। যদিহে দয়ালৰ স্থায়ী কৰ্ম সংস্থাপন নহয় তেতিয়াহ’লে পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হবগৈ। বৰ্তমান দয়াল বসুমতাৰীৰ লগতে বিদ্যুত পৰিষদ দলৰ হৈ খেলি আছে আব্দুল বাতেন, ধ্ৰৱজ্যোতি বড়ো, জুলীয়াচ আলী, অমৰ বড়ো, অৰিন্দম দৈমাৰী, মানস প্ৰতীম হালৈ, মেহেদি আলম, জোৱানশ্বৰ ব্ৰহ্ম, কংকন ৰয়, বনমালী ডেকা আৰু প্ৰশান্ত ভূঞা। আটাইকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ। দীৰ্ঘ দিন ধৰি এওঁলোক অসম ৰাজ্যিক বিদ্যুত পৰিষদ দললৈ সেৱা আগবঢ়াই আহিছে। গতিকে সময় থাকোতেই খেলুৱৈ সকলক কৰ্ম সংস্থাপন দিয়াৰ বাবে বিভাগীয় কৰ্ত্তৃপক্ষক আহ্বান জনাইছে সচেতন ক্ৰীড়া প্ৰেমীয়ে।

আম খোৱাৰ পূৰ্বে পানীত কিয় তিয়াই ৰাখিব লাগে? আম পানীত কিমান দেৰি তিয়াই ৰাখিব জানি লওক…

পকা আম খাবলৈ যিমানেই মন নকৰক কিয়, খোৱাৰ পূৰ্বে সদায় কিছু সময় পানীত তিয়াই থ’ব লাগে আম। মিঠা পকা আম গৰমৰ বতৰৰ খাবলৈ বৰ সোৱাদ। কেৱল পকা আমৰ সোৱাদ ল’বলৈহে বেছিভাগ মানুহেই গৰমৰ দিনবোৰলৈ যেন অপেক্ষা কৰে। কিন্তু আচহুৱা কথাটো হ’ল আম খোৱাৰ আগতে পানীত তিয়াই থ’ব লাগে, ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। আম পানীত তিয়াই ৰখাটো কিয় প্ৰয়োজন আৰু আম কিমান দেৰি পানীত ৰাখিব লাগে জানো আহক-

আয়ুৰ্বেদ বিশেষজ্ঞসকলে পকা আম খোৱাৰ আগতে ১ৰ পৰা ২ ঘণ্টা বিশুদ্ধ পানীত তিয়াই ৰাখিবলৈ পৰামৰ্শ দিয়ে। কিন্তু যদি সময়ৰ অভাৱ হয় তেন্তে আম ২০-৩০ মিনিট পানীত ৰখাৰ পিছতো খাব পাৰি।


আম পানীত তিয়াই থ’লে আমত থকা অতিৰিক্ত ফাইটিক এচিড আঁতৰি যায়। ই এক প্ৰকাৰৰ এন্টি-নিউট্ৰিয়েণ্ট যিয়ে শৰীৰে কিছুমান খনিজ পদাৰ্থ যেনে আইৰণ, জিংক, কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ শোষণ কৰাত বাধা দিয়ে যাৰ ফলত খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে।

তিয়াই থোৱা আম খোৱাটোৱেও ব্ৰণ, ছালৰ সমস্যা, মূৰৰ বিষ, কোষ্ঠকাঠিন্য আৰু অন্যান্য স্বাস্থ্য সমস্যা ৰোধ কৰাত সহায় কৰে।


CAAক লৈ পুনৰ সৰৱ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ…

‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছোঁ CAA বলৱৎ হ’বই। ৩ বছৰৰ ভিতৰত সকলো নাগৰিকে ন্যায় পাব’।

‘কংগ্ৰেছে দেশবাসীক ভুল পথেৰে পৰিচালিত কৰিছে’। CAAক লৈ পুনৰ সৰৱ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

CAA সন্দৰ্ভত কংগ্ৰেছ নেতা পি চিদাম্বৰমক প্ৰত্যাক্ৰমণ গৃহমন্ত্ৰীৰ।

উচ্চ হাৰত মুদ্ৰাস্ফীতিৰ ফলত অতিষ্ঠ হৈছে ৰাজ্যবাসী – আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী…

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ

উচ্চ হাৰত মুদ্ৰাস্ফীতিৰ ফলত অতিষ্ঠ হৈছে ৰাজ্যবাসী-ডাঃ ভবেন চৌধুৰী

ৰাষ্ট্ৰীয় হাৰতকৈও উৰ্দ্ধগামী অসমৰ মুদ্ৰাস্ফীতিৰ হাৰ

ৰাজ্যত আলুৰ দাম বৃদ্ধিৰ বিপৰীতে ন্যূনতম মূল্য নাপাই কৃষকৰ আত্মহত্যা

“শেহতীয়া ভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৮০০ বিধতকৈ অধিক জীৱন দায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ সংকট কঢ়িয়াই আনিছে । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰ। বজাৰত সকলো বস্তুৰ দাম উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। বজাৰত প্ৰতি কিঃগ্ৰাঃ আলুৰ দাম একে কোবে ৩০ টকাৰ পৰা ৪০ টকা হৈছে। কিঃগ্ৰাঃত ১০ টকাকৈ বৃদ্ধি পাইছে। বিপৰীতে বৰপেটা ৰোডত এজন আলু খেতিয়কে বজাৰত আলুৰ ন্যূনতম দাম নাপাই আত্মহত্যা কৰিবলগীয়া হৈছে। নুৰ মহম্মদ নামৰ এজন কৃষকে ২৫ লক্ষাধিক টকা ঋণ লৈ ৭০ বিঘা মাটিত আলু খেতি কৰিছিল। কৃষকৰ হাতৰ পৰা আলু বনিয়াৰ হাতলৈ যোৱাৰ পাছতে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আলুৰ দাম। ” আজি আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে।

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আপ, অসমৰ সভাপতি ডাঃ চৌধুৰীয়ে কয়-” শেহতীয়া ভাৱে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত মাহত ৪.৯ % লৈ বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় মুদ্ৰাস্ফীতিৰ হাৰ। আনহাতে শেহতীয়া তথ্য অনুসৰি দেশৰ ১৩ খন ৰাজ্যত মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈও বেছি। অসমত এই হাৰ ৬.১% বৃদ্ধিৰে দ্বিতীয় স্থানত আছে । উৰিষ্যাৰ পাছতে মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত অসমৰ স্থান। ফলত প্ৰতিদিনেই বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ” এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

ইয়াৰ বিপৰীতে দিল্লীৰ চৰকাৰৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সফলতাৰ বিষয়ে উল্লেখ কৰি দলৰ নেতাগৰাকীয়ে কয় যে আম আদমি পাৰ্টীয়ে চৰকাৰ চলোৱা দিল্লীত মুদ্ৰাস্ফীতিৰ হাৰ ২.৩ শতাংশ। লক্ষ্যণীয় ভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে বিনামূলীয়াকৈ প্ৰাথমিক শিক্ষা, স্বাস্থ্য সেৱা, মহিলাৰ বাছ সেৱা, বিনামূলীয়া বিদ্যুত আৰু পানী যোগানৰ ব্যৱস্থাৰ বাবেই মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈও নিম্নস্তৰত ৰাখিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ কল্যাণকামী নীতিৰ পৰা অসম চৰকাৰে শিক্ষা গ্ৰহণ কৰক। ” এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ তথা জীৱন দায়িনী ঔষধৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়। সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ সৈতে জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু পুনম গগৈয়েও ৰাজ্যৰ এই জ্বলন্ত বিষয়সমূহৰ ওপৰত বক্তব্য উপস্থাপন কৰে।

বিবাহিত জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু মোবাইল ফোন! মোবাইলক নহয়, সংগীক সময় দিয়ক…

সম্পৰ্কক ভালে ৰাখিবলৈ হ’লে কিছুমান কথা মনত ৰাখিব লাগিব। পতী-পত্নীৰ সম্পৰ্ক ভালে ৰাখিবলৈ কিছুমান নিয়ম মানি চলিব লাগিব। ইজনে সিজনৰ প্ৰতি মৰম, আৱেগ সলনি কেতিয়াবা উদাসীনতা, ভুল বুজাবুজিৰ সৃষ্টি হয়, প্ৰেম যেন ক’ৰবাত নোহোৱা হৈ যায়। সময়ৰ লগে লগে ইজনে সিজনৰ প্ৰতি ইগো গঢ় লৈ উঠে, আকৰ্ষণ কমি যায়।এই সকলোবোৰ সমস্যাৰ লগে লগে অস্থিৰতাও আহি পৰে। মত বিৰোধৰ পৰা সৰু সৰু শব্দইও বিশৃংখলতাৰ সৃষ্টি কৰে জীৱনটোত। ভিতৰত যিমানেই প্ৰেম আছে, প্ৰকাশভংগীৰ অভাৱেই মূল চাবিকাঠি হৈ পৰে। কিন্তু এই পৰিস্থিতিৰ পৰাই সম্পৰ্কটো শক্তিশালী কৰিব লাগিব। কেনেকৈ আমি আমাৰ আপোন মানুহৰ লগত সম্পৰ্ক ভালে ৰাখিম জানো আহক-


সময়ঃ এতিয়া আমি আমাৰ সংগীতকৈ আমাৰ ফোনটোৰ লগত বেছি সময় কটাওঁ। অফিচৰ পৰা ঘৰলৈ উভতি আহি ফোনটোৰ লগত ব্যস্ত থাকোঁ! সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ এটা কাৰণ হ’ল ইজনে সিজনক সময় নিদিয়া। দৈনন্দিন কাৰ্যবোৰ ইজনে সিজনৰ লগত ভাগ-বতৰা কৰা, ইজনে সিজনৰ কথাক গুৰুত্ব দিয়া – এই সকলোবোৰতে আপোনাৰ সংগীক চিনি পোৱাৰ চাবিকাঠি নিহিত হৈ থাকে। গতিকে আপোনাৰ সংগীৰ বাবে দিনটোৰ কিছু সময় ৰাখক আৰু সেই সময়ছোৱাত ফোনটো চাইলেণ্ট মোডত ৰাখক।

ৰোমাঞ্চঃ ইজনে সিজনৰ মনত কি চলি আছে সেয়া জনাটো অতি প্ৰয়োজনীয়। কিন্তু সংগীক সুখী কৰাৰ পথ বিচাৰিব লাগিব। প্ৰেমে যথেষ্ট নহয়। কেতিয়াবা মৰম দেখুৱাব লগা হয়। আপোনাৰ সংগীক সৰু সৰু চাৰপ্ৰাইজ দিয়ক, সংগীক প্ৰশংসা কৰক, কেতিয়াবা একেলগে ওলাই যোৱা এই কামবোৰক আপোনালোকক সুখত ৰাখিব।

কৃতজ্ঞতাঃ সম্পৰ্ক হ’ল সংগীৰ উত্থান-পতনৰ মাজেৰে ইজনে সিজনৰ কাষত থকা। কিন্তু বহু সময়ত আমি আমাৰ সংগীক ধন্যবাদ নিদিওঁ। আপোনজনক শব্দৰে ধন্যবাদ জনোৱাৰ প্ৰয়োজন নাই। কিন্তু কেতিয়াবা এই শব্দটোৱে সন্মুখৰ মানুহজনক ভাল অনুভৱ কৰাব পাৰে। কেতিয়াবা তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো শব্দৰে প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ।

একেলগে কাম কৰকঃ ইজনে সিজনৰ লগত সময় কটাবলৈ সুযোগ বিচাৰক। একেলগে ঘৰুৱা কাম কৰিব পাৰে। আপুনি দেখিব যে সম্পৰ্কৰ জটিলতা বহুত কমিছে। কেৱল ঘৰুৱা কামেই নহয়, ইজনে সিজনৰ লগত সময় কটাবলৈও আপুনি শাৰীৰিক ব্যায়াম কৰিব পাৰে, একেলগে সাঁতুৰিব পাৰে। নহ’লে ৰাতি অলপ খোজ কাঢ়িব পাৰি। যিমানেই ইজনে সিজনৰ ওচৰত থাকিব সিমানেই ভুল বুজাবুজি কম হ’ব।

পুৰণি বিবাদ পাহৰি যোৱাঃ কোনো পুৰণি বিষয় বা বিবাদক কাজিয়ালৈ টানি নিব নালাগে। একেলগে থাকিব বিচাৰিলে তৰ্ক-বিতৰ্ক হ’ব। কিন্তু ৰাতি তৰ্ক-বিতৰ্কই শুই নাযাব। ভালপোৱাজনৰ সৰু সৰু ভুলবোৰ ক্ষমা কৰিব। অতীতৰ বিবাদবোৰ বাৰে বাৰে উত্থাপন কৰিলে কেতিয়াও সুখী নহ’ব।

দাউদী বহৰা ধৰ্মগুৰু চৈয়দনা চাইফুদ্দিনৰ গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

দাউদী বহৰা ৰায়ঃ চৈয়দনা মুফাদ্দাল ছৈফুদ্দিন গোচৰত বম্বে উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায় । চৈয়দনা তাহেৰ ফখৰুদ্দিনৰ আবেদন নাকচ কৰিছে আদালতে। চৈয়দনা তাহেৰ ফখৰুদ্দিনে বম্বে উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল,  চৈয়দনা মুফাদ্দাল চৈফুদ্দিনক দাউদী বহৰা সম্প্ৰদায়ৰ ধৰ্মগুৰু হিচাপে নিযুক্তি দিয়াত আপত্তি জনাইছিল।

এই আৱেদন নাকচ কৰি বোম্বাই উচ্চ ন্যায়ালয়ে ৰায় দিছে যে চৈয়দনা চাইফুদ্দিন ধৰ্মীয় গুৰু হৈ থাকিব লাগে। বম্বে উচ্চ ন্যায়ালয়ে দাউদী বহৰা জনগোষ্ঠীৰ ৫৩ সংখ্যক ধৰ্মগুৰু চৈয়দনা মুফাদ্দাল ছাইফুদ্দিনৰ নিযুক্তিক সমৰ্থন জনাইছে। ন্যায়াধীশ গৌতম পেটেলৰ একক বিচাৰপীঠে কয় যে আদালতে “কেৱল প্ৰমাণৰ বিষয়ত সিদ্ধান্ত লৈছে আৰু বিশ্বাসৰ বিষয়ত নহয়” বুলি পিটিআইয়ে প্ৰকাশ কৰিছে।

২০১৬ চনত কুতুবুদ্দিনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তাহিৰ ফখৰুদ্দিনে তেওঁৰ পিতৃয়ে ক্ষমতা দিয়া বুলি দাবী কৰি গোচৰটো গ্ৰহণ কৰে। এই গোচৰত ছৈয়ুদ্দিনক চৈয়দনা হিচাপে কৰ্তব্য পালন কৰাত বাধা দিবলৈ আদালতক দাবী জনায়। “কুতুবুদ্দিনে তেওঁৰ গোচৰত দাবী কৰিছিল যে তেওঁৰ ভাতৃ বুৰহানুদ্দিনে তেওঁক মাজুন (দ্বিতীয় কমাণ্ড) হিচাপে নিযুক্তি দিছিল।”

ফখৰুদ্দিনে দাবী কৰিছিল যে “তেওঁৰ পিতৃয়ে তেওঁক মৃত্যুৰ পূৰ্বে এই পদত নিযুক্তি দিছিল।” গোচৰটো খাৰিজ কৰি ন্যায়াধীশ পেটেলে কয় যে, “মই কোনো ধৰণৰ অস্থিৰতা নিবিচাৰো। মই ৰায়দানক যিমান পাৰি নিৰপেক্ষ কৰি ৰাখিছো। মই কেৱল প্ৰমাণৰ বিষয়তহে সিদ্ধান্ত লৈছো, বিশ্বাসৰ বিষয়ত নহয়।”

চৈয়দনা মুফাদ্দাল ছাইফুদ্দিন কোন?

চৈয়দনা মুফাদ্দাল ছাইফুদ্দিন ৫৩ সংখ্যক আল-দাই আল-মুটলাক আৰু বৰ্তমান বিশ্বব্যাপী দাউদী বহৰা সম্প্ৰদায়ৰ নেতা। চৈয়দনা চাইফুদ্দিনে সমগ্ৰ বিশ্বতে তেওঁৰ অনুগামীসকলক পথ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ বিশ্বাস, সংস্কৃতি আৰু ঐতিহ্যৰ ওচৰলৈ লৈ যায়।

ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স-নিফটি প্ৰবল উত্থানৰ সৈতে মুকলি…

ভাৰতীয় ষ্টক মাৰ্কেটত বুলিছ ট্ৰেণ্ড ঘূৰি আহিছে আৰু আজি চেন্সেক্স-নিফটি প্ৰবল উত্থানৰ সৈতে মুকলি হয়। ভাৰতৰ অস্থিৰতা সূচকাংক ইণ্ডিয়া ভিক্স আজি সৰ্বকালৰ নিম্নতম স্তৰত আছে আৰু বজাৰত এই বুলিছ গতিবেগ অব্যাহত আছে। নিফটি বেংকত ভাল উত্থান ঘটিছে আৰু ই ৪৮ হাজাৰৰ স্তৰৰ ওপৰত ব্যৱসায় কৰি আছে।

বিএছইৰ চেন্সেক্স ৪০০.৩২ পইণ্ট বা ০.৫৪ শতাংশ বৃদ্ধিৰে ৭৪,০৪৮ পইণ্ট আৰু এনএছইৰ নিফটি ১১০.৬৫ পইণ্ট বা ০.৫০ শতাংশ বৃদ্ধিৰে ২২,৪৪৭ৰ স্তৰত মুকলি হৈছে।

বিএছইৰ বজাৰ মূলধন ৩৯৯.৪৪ লাখ কোটি টকালৈ আহিছে আৰু বৃদ্ধি পাই ৪০০ লাখ কোটি টকালৈ লৈ গৈছে। বৰ্তমান বিএছইত ২৯৬৬ টা শ্বেয়াৰৰ ব্যৱসায় চলি আছে, ইয়াৰে ২০৪০ টা শ্বেয়াৰ বৃদ্ধি পাইছে। ৮২৮টা শ্বেয়াৰৰ ব্যৱসায় হ্ৰাস পোৱাৰ লগে লগে আৰু ৯৮টা শ্বেয়াৰৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱসায় হোৱা দেখা গৈছে।

বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৪টা ষ্টক বৃদ্ধি আৰু ৬টা ষ্টক হ্ৰাস পাইছে। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত ভাৰতী এয়াৰটেলৰ ১.৭৩ শতাংশ আৰু এইচ চি এল টেকৰ ১.৩৭ শতাংশ বৃদ্ধি। এইবোৰৰ বাহিৰেও এনটিপিচি, বাজাজ ফিনচাৰ্ভ, কোটক মহিন্দ্ৰা বেংক আৰু টাইটানৰ শ্বেয়াৰ বৃদ্ধি পোৱা দেখা গৈছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত আছে এল এণ্ড টি, পাৱাৰ গ্ৰীড, এক্সিছ বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, আইচিআইচিআই বেংক আৰু ইণ্ডাছইণ্ড বেংক।

এন এছ ইৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৩৩টা শ্বেয়াৰে শক্তি দেখুৱাইছে আৰু ১৬টা শ্বেয়াৰে হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। ১ টা ষ্টক কোনো পৰিৱৰ্তন নোহোৱাকৈ ট্ৰেডিং হৈ আছে। নিফটিৰ শীৰ্ষ লাভকাৰীৰ ভিতৰত ভাৰতী এয়াৰটেল আগবাঢ়ি আছে আৰু ১.৭৩ শতাংশ বৃদ্ধি পাইছে। এইচ চি এল টেলৰ ১.২৯ শতাংশ বৃদ্ধি আৰু টাটা মটৰ্ছে ১.০৭ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰিছে। নিফটিৰ হ্ৰাস পোৱা ষ্টকৰ ভিতৰত হিণ্ডালকো প্ৰায় এক শতাংশ হ্ৰাস পাইছে। এইচ ডি এফ চি লাইফ, পাৱাৰগ্ৰিড, টাটা কনজিউমাৰ্ছ আৰু ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ লগে লগে ব্যৱসায় চলি আছে।

ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ দেহাৱসান…

ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ সোমবাৰে নিশা অকাল বিয়োগ ঘটে৷বাক্সা জিলাৰ মুছলপুৰত ১৯৬৮ চনত জন্ম লাভ কৰি বৰ্তমান ৰঙিয়াৰ স্থায়ী বাসিন্দা ড° ডেকাৰ মৃত্যুত সমগ্ৰ ৰঙিয়াত শোকৰ ছাঁ

পেলায়। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা অধ্যাপকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী,পুত্ৰ আৰু কন্যাক এৰি থৈ যায়৷ 

ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত অতি জনপ্ৰিয় শিক্ষকজনে সদা হাস্যবদনে সকলো ন্যস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷

আমিনগাঁৱৰ ডালদাত ভয়াৱহ পথ দুৰ্ঘটনাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ সংঘৰ্ষ…

আমিনগাঁৱৰ ডালদাত ভয়াৱহ পথ দুৰ্ঘটনা ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ সংঘৰ্ষ ।

সংঘৰ্ষৰ পাছতে দাউদাউকৈ জ্বলি উঠিল দুয়োখন ট্ৰাক ।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত ৰঙিয়া অভিমুখী গোম ভৰ্তী AS 01 NC 9355 নম্বৰ ট্ৰাকখন ।

CG 04 PP 1905 নম্বৰৰ আনখন ট্ৰাকৰ কেবিনটো ভস্মীভূত হয় ।

এই অগ্নিকাণ্ডৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দুই তিনিখন দোকানটো অগ্নি সংযোগ হয় ।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনকৈ বাহনেৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা ।

বৰ্তমানলৈকে জুই নিৰ্বাপন কৰাৰ অপ্ৰান চেষ্টা চলাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে ।

কথমপি প্ৰান ৰক্ষা পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ লোক ।

অগ্নিকাণ্ডৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজটৰ সৃষ্টি হৈছে ।

APSCৰ পৰীক্ষা কেলেংকাৰিৰ অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT…


অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT
প্ৰসংগ: APSCৰ পৰীক্ষা কেলেংকাৰি
অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT


গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেঁচাত তদন্তৰ খতিয়ান দিলে SITয়ে
বন্ধ খামৰ ভিতৰত
জমা SITৰ
তদন্তৰ খতিয়ান ন্যায়ালয়ত


নিৰ্ধাৰিত সময় উকলাৰ পাছতো তদন্ত শেষ
কৰিব পৰা নাই SITয়ে
যাক লৈ ন্যায়ালয়ত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল SIT