Home Blog Page 864

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহ যাত্ৰী কঢ়িওৱা গাড়ী ! ৪ জন নিহত…

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহযাত্ৰী কঢ়িওৱা গাড়ী , ৪ জন নিহত

উত্তৰাখণ্ডত বিয়াৰ পৰা আঠজন লোকে এখন গাড়ীৰে ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু তেওঁলোকৰ মাজৰে চাৰিগৰাকীয়ে ঘৰ গৈ নাপালে।উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় । বিবাহযাত্ৰীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰাৰৰ ফলতে চাৰিগৰাকী লোক নিহত হয়। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। তেওঁলোকক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে।


সোমবাৰে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনত আঠজন লোকে এখন বিয়াৰ পৰা উভতি আহি আছিল। গাড়ীখনে এণ্ডোলি অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰায় ২০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰে। ঘটনাস্থলীতে চাৰিজন লোকৰ মৃত্যু হয়।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকসকলেও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে । আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এএছআই সুন্দৰ সিং ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ তদাৰকী কৰিছে। দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলে সংবাদ মাধ্যমককয় যে আহতসকলক স্থানীয় লোকৰ সহায়ত খাদৰ পৰা উদ্ধাৰ কৰা হৈছে। মৃতদেহবোৰো উদ্ধাৰ কৰা হৈছে।

এইবাৰ সাংবাদিকৰ ৰূপত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা ! সাংবাদিকক ওলোটাই সুধিলে কেবাটাও প্ৰশ্ন…

এইবাৰ সাংবাদিকৰ ৰূপত ভবেশ কলিতা ।

সাংবাদিকৰ পৰা ওলোটাই ললে byte ।

সাংবাদিকক প্ৰশ্নৰ উত্তৰ দি দি এইবাৰ নিজে সাংবাদিকক প্ৰশ্ন সুধিলে ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে ।

ৰঙিয়াত এজন সাংবাদিকক সুধিলে কেবাটাও প্ৰশ্ন ।

এই দৃশ্যই যথেষ্ট আমোদ দিছে দৰ্শকক ।

এম ডি এইচ এভাৰেষ্ট মচলাত কীটনাশক ! ছিংগাপুৰৰ পিছত হংকঙেও নিষিদ্ধ কৰিলে এম ডি এইচ এভাৰেষ্ট মচলাৰ বিক্ৰী…

Food regulators in both Hong Kong and Singapore have directed vendors to remove the banned products from shelves

এম.ডি.এইচ এভাৰেষ্ট মচলাত পোৱা গৈছে কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড । এই কথা ধৰা পৰাৰ পিছতে হংকঙে জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ মচলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ছিংগাপুৰেও তেনে মচলাত ইথিলিন অক্সাইডৰ উপস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল। হংকঙৰ খাদ্য সুৰক্ষা কেন্দ্ৰই ৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীৰ সময়তে এমডিএইচ গোটৰ পৰা তিনিবিধ মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি পোৱা গৈছে – সেইবোৰ হৈছে মাদ্ৰাজ কাৰী পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু কাৰী পাউডাৰ।

চি.এফ.এছ.-এ তিনিটা ৰিটেইল আউটলেটৰ পৰা সেই মচলাসমূহৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল। নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে নমুনাবোৰত এবিধ কীটনাশক, ইথিলিন অক্সাইড আছিল। চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক এনে ঘটনাৰ বিষয়ে অৱগত কৰিছে আৰু তেওঁলোকক সেই মচলাসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এভাৰেষ্ট গ্ৰুপৰ ফিছ কাৰী মচলাতো কীটনাশক থকাৰ কথা প্ৰমাণ হৈছে। কৰ্কট ৰোগৰ বিষয়ে গৱেষণা কৰা আন্তৰ্জাতিক সংস্থাই গ্ৰুপ ১ কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতিব পাৰে বুলি কোৱা হৈছে। এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ছিংগাপুৰে এভাৰেষ্টৰ মচলা বিক্ৰী নিষিদ্ধ কৰিছে। ২০২৩ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এভাৰেষ্টৰ বহু মচলা নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল।

কংগ্ৰেছে দেশৰ মাতৃ আৰু ভগ্নীসকলৰ মঙ্গলসূত্ৰ কাঢ়ি নি মুছলমানক দিব! প্ৰধানমন্ত্ৰী মোদীৰ বিস্ফোৰক মন্তব্য

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ মতে কংগ্ৰেছে মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ কাঢ়ি লৈ অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা এনে মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীয়ে প্ৰধানমন্ত্ৰীক দেশৰ বহুতো সমস্যাৰ পৰা মনোযোগ আঁতৰাবলৈ বিভাজনমূলক ৰাজনীতি বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
২০০৬ চনত মোদীয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্তব্যক সমালোচনা কৰিছিল। মোদীয়ে কয় “যেতিয়া কংগ্ৰেছ শাসনত আছিল, কোৱা হৈছিল যে মুছলমানসকলৰ প্ৰথমে দেশৰ সম্পদৰ অধিকাৰ আছে। অৰ্থাৎ পৰিয়ালত অধিক সন্তান থকা সকলৰ মাজত দেশৰ সম্পদ বিতৰণ কৰা হ’ব। দেশৰ সম্পদ অনুপ্ৰৱেশকাৰীসকলক হস্তান্তৰ কৰা হ’ব। কংগ্ৰেছৰ ইস্তাহাৰ অনুসৰি, মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ গণনা কৰা হ’ব আৰু সম্পদ বিতৰণ কৰা হ’ব। মনমোহন সিং চৰকাৰে কৈছে যে মুছলমানসকলৰ দেশৰ সম্পদৰ অধিকাৰ আছে। এনে পৰিস্থিতিত আপোনাৰ মঙ্গলসূত্ৰও বাদ নপৰিব।”

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোদীৰ এনে তৰল মন্তব্যক কংগ্ৰেছে তীব্ৰ নিন্দা আৰম্ভ কৰিছে। এক্স-হেণ্ডেলত ৰাহুল গান্ধীয়ে কয়, “প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত মোদী হতাশ হৈ পৰিছে। সেইকাৰণে তেওঁ বিভ্ৰান্তিকৰ কথা কৈ মানুহৰ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে। কিন্তু দেশৰ মানুহে সকলো সমস্যাৰ কথা মনত ৰাখিয়েই ভোট দিব” । এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েও মোদীক সমালোচনা কৰিছে । ৱাইচিয়ে কয় “প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ মুছলমানসকলক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰিছে । দৰাচলতে, মোদীয়ে ২০০২ চনৰ পৰা মুছলমানসকলক অত্যাচাৰ কৰি ভোট লাভ কৰি আহিছে। তেওঁৰ কাৰ্যকালত, সকলো সম্পদ কোটিপতি বন্ধুৰ হাতলৈ গৈছে। “অৱশ্যে, বিজেপিয়ে বিৰোধীৰ সমালোচনাক ওফৰাই দিবলৈ ২০০৬ চনত মনমোহন সিঙৰ ভাষণৰ এটা ভিডিঅ’ মুকলি কৰিছে। বিজেপিৰ মতে, প্ৰধানমন্ত্ৰীয়ে এনে অভিযোগ অনাৰ বাবে বিৰোধী এতিয়া বিপদত পৰিছে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল…

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল।

কোকৰাঝাৰত ১গৰাকী, ধুবুৰীত ৪গৰাকী আৰু বৰপেটাত ১গৰাকী,

গুৱাহাটী সমষ্টিত ২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়।

৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস উদযাপন মডাৰ্ণ ইংলিছ স্কুলৰ…

সেইজী ধৰণীলৈ আকুণ্ঠ ভালপোৱা প্ৰদৰ্শনেৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক ধুনীয়া ধৰণীলৈ নামি অহা সংকটবোৰ উপলব্ধি কৰোৱাৰ উদ্দেশ্যে আজি নিজৰ চৌহদতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস উদযাপন কৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনে এই দিৱস উদযাপন উপলক্ষ্যে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতাৰ আয়োজন কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ এই বিশেষ অনুষ্ঠানত ৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

মন কৰিবলগীয়া যে, পূৰ্বেও এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি পৰিৱেশ সজাগতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ পথ গ্ৰহণ কৰি আহিছে মডাৰ্ণ ইংলিছ স্কুলে। চিত্ৰাংকণ প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতা আদি প্ৰতিযোগিতা আৰু কাৰ্যসূচীৰ জৰিয়তে ধুনীয়া ধৰণীলৈ নামি অহা জৰুৰী পৰিৱেশজনিত সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে মডাৰ্ণ ইংলিছ স্কুলে। উল্লেখ্য যে, সক্ৰিয় ব্যৱস্থাসমূহক প্ৰেৰণা যোগোৱা আৰু এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে সামূহিক প্ৰচেষ্টাক প্ৰসাৰিত কৰাত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

‘এয়া দুৰ্নীতিগ্ৰস্ত, গুণ্ডা আৰু অপৰাধীৰ চৰকাৰ’: পশ্চিম বংগত টিএমচিক তীব্ৰ সমালোচনা ৰাজনাথ সিঙৰ…

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজানাথ সিঙে বংগৰ মাটিতে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। সিঙে দাবী কৰে যে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ দিনত গুণ্ডা, দুৰ্নীতিগ্ৰস্ত আৰু অপৰাধীবিলাকৰ ৰাজ চলিছে লোকসভা নিৰ্বাচনৰ মাজতে পশ্চিম বংগৰ মালদাত এক ৰেলত সিঙে টিএমচিৰ শাসনক সমালোচনা কৰে আৰু দলটোৱে ৰাজ্যখনৰ বাবে কি কৰিছে বুলি প্ৰশ্ন কৰে। “টিএমচি চৰকাৰ ৰাজ্যখনত দীৰ্ঘদিন ধৰি শাসনত আছে। যদি কোনোবাই সুধিছে যে দলটোৱে ৰাজ্যখনৰ বাবে কি কৰিছে, ৰাইজে ক’ব যে ধন দাবী, অপৰাধী আৰু দুৰ্নীতিগ্ৰস্তসকলে ইয়াত ৰাজ কৰিছে,” ৰাজনাথ সিঙে কয়।

“সকলো চৰকাৰী কাম টিএমচি কৰ্মীসকলক দিয়া হয়… ৰাজ্যখনত কোনো আইন-শৃংখলা নাই। ৰাজ্যখন কেনেদৰে আগবাঢ়িব? যদি এখন ৰাজ্যত আইন-শৃংখলা দুৰ্বল অৱস্থাত থাকে , উন্নয়ন কেতিয়াও হ’ব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীৰ শাসনত আমি দেখুৱাইছো যে যদি কোনো দলে উন্নয়ন সাধন কৰে, তেন্তে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি,” তেওঁ লগতে কয়। তেওঁ ভাৰতৰ বৰ্ধিত বিশ্বব্যাপী মৰ্যাদা আৰু অৰ্থনৈতিক বিকাশৰ বিষয়ত আলোকপাত কৰি কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্প। সিঙে কয় “বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা বিশ্বব্যাপী ভাৰতৰ মৰ্যাদা বৃদ্ধি পাইছে। আগতে, আমি স্বীকৃতি পোৱা নাছিলো,এতিয়া পাইছো।”

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৮ সংখ্যক মৃত্যু তিথি পালন…

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি ২৮ সংখ্যক মৃত্যু বাৰ্ষিকী নাজিৰাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। পুৱা প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিস্থ সংহতি স্থলত পুষ্পমাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জলনেৰে কাৰ্যসূচীৰ পাতনি মেলে প্ৰয়াত শইকীয়াৰ সহধৰ্মীনি তথা প্ৰাক্তন মন্ত্ৰী ডঃ হেম প্ৰভা শইকীয়া আৰু জ্যেষ্ঠ পুত্ৰ তথা অসম বিধান সভাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

সংহতি স্থলত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পিছতে প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নাজিৰাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰৱাহৰ উদ্যোগত আৰু নাজিৰা শিক্ষা খণ্ডৰ খটখটি মণ্ডল সমল কেন্দ্ৰৰ সহযোগত ৩২৮ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত সমল কেন্দ্ৰটোৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, সাধু কোৱা আৰু স্মৃতি পৰীক্ষা প্ৰতিযোগিতা অনুষ্ঠিত হয়।শেষত প্ৰাক্তন মন্ত্ৰী ডঃ হেম প্ৰভা শইকীয়াৰ উপস্থিতিত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে।

বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! শিশুক স্কুলৰ টিফিনত কি দিব, দুপৰীয়া কি খোৱাব, সন্ধিয়া টিউচনলৈ যোৱাৰ পূৰ্বে কি খোৱাব

প্ৰতিদিনে বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা। আনহাতে এই গৰমত প্ৰতিদিনে শিশুসকলে য়াব লাগে বিদ্যালয়লৈ।
যদিও ৰাজ্য চৰকাৰে গৰমৰ বাবে বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধৰ দিন আগবঢ়াই আনিছে, তথাপিও ব্যক্তিগত বিদ্যালয়সমূহ এতিয়াও খোলা আছে। এই গৰমত শিশুসকলক কেনেকৈ সুস্থ কৰি ৰাখিব। গৰমত অত্যধিক ঘাম, বমি বা ডায়েৰিয়া, শৰীৰৰ পৰা অতিৰিক্ত পানী ক্ষয় হয়। এনে পৰিস্থিতিত শিশুৱে সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰৱণতা বেছি। এই সময়ত শিশুটিক সুস্থ কৰি ৰাখিবলৈ অভিভাৱকসকলে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে। শিশুক স্কুলৰ টিফিন কি দিব লাগে, দুপৰীয়া কি খাব লাগে, সন্ধিয়া টিউচনলৈ যোৱাৰ আগতে কি খাব লাগে জানো আহক এই সমূহৰ বিষয়ে-


এই সময়ছোৱাত বেছিভাগ শিশুৱে পানীৰ সমস্যাত ভোগে। অভিভাৱকসকলে সেই দিশত অধিক মনোযোগ দিয়া উচিত। এই সময়ত ল’ৰা-ছোৱালীয়ে দিনটোত ডেৰ-দুই-তিনি লিটাৰ পানী খোৱাব লাগে। সহজে হজম হোৱা খাদ্য খুৱাব লাগে। এই সময়ত শিশুক জোৰকৈ খুৱাব নালাগে।

শিশুক অলপ অলপকৈ খুৱাব লাগে। এই সময়ত শিশুক ৰেষ্টুৰেণ্টৰ খাদ্য বা ভজা খাদ্য দিব নালাগে। বহু শিশুৱে ঘৰতে বনোৱা খাদ্য খাব নিবিচাৰে, এনে ক্ষেত্ৰত অভিভাৱকে টিফিনত অলপ তেল আৰু মছলা দি ঘৰতে বনোৱা খাদ্য পৰিবেশন কৰাব লাগে। তেনে ক্ষেত্ৰত স্বাস্থ্যকৰ আৰু সুস্বাদু ৰেচিপিৰ সহায় ল’ব পাৰে।

গ্ৰীষ্মকালত শিশুৰ দৈনন্দিন আহাৰ কেনেকুৱা হ’ব লাগে জানেনে-

১) ৰাতিপুৱা সাৰ পোৱাৰ পিছত এগিলাচ খুৱাব লাগে।

২) স্কুললৈ পঠোৱাৰ আগতে কোনো ধৰণৰ তেলীয়া আৰু টেঙা খাদ্য শিশুক দিব নালাগে। এনে অৱস্থাত ভাত, গাখীৰ-কুঁহিয়াৰৰ, নেমুৰ পানী, দৈ, সিজোৱা কণী, সিজোৱা আলু খোৱাব পাৰে।

৩)এটা নহয়, দুটা পানীৰ বটল স্কুললৈ দি পঠিয়াব লাগে। এটাত পানী দিব আৰু আনটোত গ্লুক’জ পানী দিব।

৪) ফল দৈনিক টিফিনত দিব। টিফিন ৰোল, চাওমিনৰ দৰে ভজা খাদ্য পৰিবেশন কৰিবলৈ দিব নালাগে। এই ক্ষেত্ৰত পোলাও, উপমা, ঘৰতে বনোৱা চেণ্ডুইচ দিব পাৰে।

৫) ঘৰলৈ উভতি অহাৰ পিছত পাতলীয়া খাদ্য দিব লাগে। খাদ্য খোৱাৰ পিছত এবাটি দৈ খাবলৈ দিব।

৬) সন্ধিয়া আহাৰ যেনে চেমোলিনা, মাখানা দিব পাৰে।

৭) ঘৰতে বনোৱা চাউল, দাইল, শাক-পাচলি, মাছ বা কুকুৰাৰ মাংস ৰাতি খুৱাব পাৰি।


মঙলদৈত পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ…

মঙলদৈত এচিড আক্ৰমণৰ ঘটনা
পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ


শুই থকা অৱস্থাতে পত্নীক এডিচেৰে আক্রমণ আখতাৰ হুছেইনৰ
ৰাজপথতে নিজ ভাতৃকো এচিড নিক্ষেপ কৰে আখতাৰ হুছেইনে


এচিড আক্রমণত আহত আখতাৰ হুছেইনৰ ভাতৃ ৰফিকুল হুছেইনো
পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিতৰ সন্দেহ