Home Blog Page 872

২৬ এপ্ৰিলৰ পিছত হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ নিৰ্দেশ জিলা আয়ুক্তৰ…

২৬ এপ্ৰিলৰ পিছত হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

আইন উলঙ্ঘাকাৰী উদণ্ড বাইক চালকক গাঁওৰক্ষী বাহিনীৰ সহায়ত চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব মৰিগাঁও আৰক্ষীয়ে

ই-ৰিক্সা চালকে ল’ব লাগিব অনুজ্ঞাপত্ৰ

মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনত বৰ্ধিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে যোৱা মাহত জিলাখনত সংঘটিত পথ দুৰ্ঘটনাৰ ৮০ শতাংশই মটৰ চাইকেল দুৰ্ঘটনা হোৱাৰ বিষয়টোক লৈ ব্যাপক উদ্বিগ্নতা প্ৰকাশ কৰে। তেওঁ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় অৰ্থাৎ অহা ২৬ এপ্ৰিলৰ ভোটগ্ৰহণৰ পিছতেই জিলাখনত দুচকীয়া বাহনৰ গৰাকী আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বাবে ব্যাপক অভিযান চলাবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে। তেওঁ কয় যে দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহী দুয়োজনেই হেলমেট পৰিধান নকৰিলে জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জিলাখনৰ প্ৰতিটো স্থানতেই এই অভিযান কঠোৰভাৱে চলাবলৈ তেওঁ নিৰ্দেশ দিয়ে। লগতে ই-ৰিক্সাসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে চালকসকলে অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক কৰাৰ বাবেও সভাত আলোচনা কৰা হয়। নিৰ্বাচনৰ পিছতেই আৰক্ষী আৰু পৰিবহণ বিভাগক এইক্ষেত্ৰত যুটীয়াভাৱে অভিযান চলাবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে যোৱা মাহত জিলাখনত ২২ টা পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু আৰু ১৭ জন লোক আহত হোৱা বিষয়টো উত্থাপন কৰি এইক্ষেত্ৰত বিশেষকৈ মটৰ চাইকেলৰ তীব্ৰ গতি মূল কাৰণ বুলি উল্লেখ কৰে। তেওঁ লগতে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ বাবেই দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হৈছে বুলি মন্তব্য কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীয়ে গ্ৰামাঞ্চলসমূহত গাঁওৰক্ষী বাহিনীৰ সহায় লৈ উদণ্ড বাইক চালকৰ তথ্য সংগ্ৰহ কৰি আইনী ব্যৱস্থা গ্ৰহণৰো পৰিকল্পনা কৰিছে। নিৰ্বাচনৰ পিছতেই এনে বাইক চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

সভাত জিলা আয়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) বিভাগক কেতবোৰ উপপথত গতি নিয়ন্ত্ৰক লগোৱাৰ লগতে গুৰুত্বপূৰ্ণ পথসমূহত উপযুক্ত আৰু আকৰ্ষণীয় চাইনেজৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক মাহত দুবাৰ অনুষ্ঠিত কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। সভাত জাগীৰোডত নিৰ্মীয়মান পথ অভাৰব্ৰীজ (ROB)ৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ ফলত সৃষ্টি হোৱা তীব্ৰ যান-যঁত আৰু বাৰিষা পানী জমা হোৱাৰ আশংকাৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰা অৱগত কৰোৱা হয় যে কাইলৈ ৰেলৱেৰ সৈতে প্ৰাধিকৰণৰ এটা যুটীয়া পৰিদৰ্শনৰ পিছতেই পথ অভাৰব্ৰীজখনৰ নিৰ্মাণৰ বাকী কামখিনি পুনৰ আৰম্ভ কৰা হ’ব। বাৰিষাৰ পূৰ্বে অহা এমাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। আজিৰ সভাত লোকনিৰ্মাণ পথ বিভাগৰ অধীক্ষক অভিযন্তা গোবিন্দ সিং, কাৰ্যবাহী অভিযন্তা ইস্তিয়াক আহমেদ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।

বিকাশ বৰুৱাৰ অভিশাপ গল্পটি : পুৱা ঘৰৰ পৰা অফিচলৈ বুলি ওলাওতেই মায়ে পিছপিনৰ পৰা মাত লগালে…

পুৱা ঘৰৰ পৰা অফিচলৈ বুলি ওলাওতেই মায়ে পিছপিনৰ পৰা মাত লগালে, ৰক্তিমক মেডিকেলৰ পৰা ঘুৰাই পঠালে খৱৰটো পাৱনে, পাৰিলে সময় উলিয়াই খৱৰ এটা লবি। মাৰ কথাত হ’ব বুলি কৈয়ে মই অফিচলৈ বুলি ওলাই গ’লো। ৰক্তিমৰ অসুখ হোৱা প্ৰায় এবছৰ মানেই হ’ল। হঠাৎ এদিন পেটত অসহ্য বিষৰ অনুভৱ কৰাত চহৰৰ নাৰ্চিংহোমত ভৰ্তি কৰে। চিকিৎসকে পৰীক্ষা নিৰীক্ষা অন্তত উন্নত চিকিৎসা বাবে ৰক্তিমক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।ডিব্ৰুগড়ৰ চিকিৎসালয়ৰ চিকিৎসকে সুক্ষ্ম পৰ্যবেক্ষণ কৰি জানিবলৈ দিয়ে যে ৰক্তিমৰ দুয়োটা কিডনি ৬০ শতাংশ বিকল হৈছে। অতি শীঘ্ৰে অপাৰেচন কৰি কিডনি টাণ্চপ্লেন কৰাব লাগিব। কিডনি টাণ্চপ্লেনৰ বাবে ৰোগীক অসমৰ বাহিৰলৈ নিব লাগিব।এই অপাৰেচনটো অতি ব্যয়বহুল। অপাৰেচনটো বাবে প্ৰায় ২০ পৰা ২৫ লাখ টকা খৰচ হ’ব। চিকিৎসক ড০ বড়াৰ মুখৰ পৰা এই বিষয়ে জানিব ৰক্তিমৰ পত্নী কাৱেৰী মুৰত যেন সৰগহে ভাগি পৰিল। ৰক্তিম কাৱেৰী হঁতৰ দৰে সাধাৰণ পৰীয়ালৰ বাবে ইমান টকা যোগাৰ কৰাটো একেবাৰে অসম্ভৱ কথা। গোটেই জীৱনটো সঞ্চয় কৰিলেও ইমান টকা সঞ্চয় কৰিব নোৱাৰে। কাৱেৰীয়ে এই বিষয়ে চিকিৎসক ড০ বড়াক জনালে। চিকিৎসক ড০ বড়াই ডায়েলাইচিছ কৰিও বহু বছৰ ৰোগী সুস্থ হৈ থাকিব পাৰিব বুলি জাহ্নৱীক জানিবলৈ দিয়ে। কিন্ত ৰক্তিমৰ পত্নী অনুসন্ধিৎসু মনটোৱে বাৰে বাৰে আমনি কৰি থকাত তাই চিকিৎসক ড০ বড়াক সুধিয়েই পেলালে ডায়েলাইচিছ কৰি থাকিলে কিমান দিনলৈ ৰোগী জীয়াই থাকিব পাৰিব? তাই কথা শুনি চিকিৎসক ড০ বড়াই কাৱেৰীৰ অৱস্থাটো প্ৰত্যক্ষ কৰি কলে একো চিন্তা কৰিব নেলাগে, কেৱল খোৱা লোৱা ক্ষেত্ৰত কিছু সাৱধানতা ললে চিন্তা বিশেষ কাৰণ নাই। কাৱেৰীয়ে চিকিৎসক ড০ বড়াৰ কথাত প্ৰতীয়ন যাৱ পৰা নাই, যিহেতু তাই অন্য মুখত শুনিবলৈ পাইছিল কিডনি ৰোগীসকলক ডায়েলাইচিছ কৰা পিছত বেছিদিন জীয়াই নাথাকে। এসপ্তাহমান চিকিৎসালয়ত থকা পিছত চিকিৎসকে ৰক্তিমক চিকিৎসালয়ৰ পৰা অৱ্যাহতি দিয়ে।খোৱা বোৱা ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাখিনি বিষয়েও ৰক্তিম আৰু কাৱেৰীক ড০ বড়াই বুজাই দিয়া লগতে ৬ মাহৰ মূৰে মূৰে ডায়েলাইচিছ কৰি থাকিব লাগিব বুলিও পৰামৰ্শ দিয়ে। ৰক্তিমৰ পৰীয়াল বুলিবলৈ বৰ্তমান পত্নী কাৱেৰী আৰু একমাত্ৰ ৭ বছৰীয়া কন্যা পৰীস্মিতা।

চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ আহি কিছুদিন চিকিৎসকৰ পৰামৰ্শ মতে চলিবলৈ আৰম্ভ কৰে। কিন্তু কিছুদিন পাৰ হোৱা পিছতে ৰক্তিমে পুনৰ এক বেপেৰুৱা ষ্টাইলৰ জীৱন প্ৰণালী আৰম্ভ কৰি দিলে। লগৰ সমনীয়া লগত নিশা এপৰলৈকে মদ মাংস খাবলৈ ধৰিলে। ডিঙি টেটু গুৰিলৈকে মদ এহোপা গিলি নিশা পলমকৈ ঘৰলৈ অহাটো তাৰ এক অভ্যাসত পৰিণত হৈ পৰিল। কাৱেৰীয়ে এই বিষয়ে কিবা সুধিলেই পত্নীৰ লগত কাজিয়া কৰাটো ৰক্তিমৰ বাবে নিত্য নৈমিত্তিক ঘটনা হৈ পৰিল। অত্যাধিক মদ মাংস সেৱনৰ লগতে নিতৌ টোপনি খতি কৰা বাবে ৰক্তিমৰ স্বাস্থ্য পুনৰ বেয়া পিনে ঢাল খালে। পত্নী কাৱেৰীৰে একমাত্ৰ ৭ বছৰীয়া কন্যা পৰীস্মিতা বাবে এনে আত্মঘাতী অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ বাৰাম্বাৰ কোৱা পিছতো ৰক্তিমে কাৱেৰী কথাত কোনো কাণসাৰ নিদিলে। বাধা দিলে বৰং ৰক্তিমে নিশা নিশা আৰু বেছিকৈহে মদ মাংস খাবলৈ ধৰিলে। ৰক্তিমৰ এন স্বভাৱৰ বাবে অভিভাৱক বোৰে নিজৰ সন্তানক টিউচন পঠাবলৈ বাদ দিলে। পৰীয়াল পাহপাল দিয়াত অসুবিধা হবলৈ ধৰিলে।মাদ্ৰক দ্ৰব্য আৰু বদ অভ্যাসৰ বশৱৰ্তী হৈ ৬ মাহ নৌহওঁতেই ৰক্তিম পুনৰ চিকিৎসালয়ত ভৰ্তি হব লগীয়া হল।চিকিৎসকে ততাতৈয়াকৈ ডায়েলাইচিছ কৰি ৰক্তিমক সুস্থ কৰি তোলাৰ চেষ্টা চলাই। ডায়েলাইচিছ কৰাৰ পিছত কিছু সুস্থ হৈ উঠাত এদিনৰ পিছতে চিকিৎসালয়ৰ পৰা ৰক্তিমক চিকিৎসালয়ৰ পৰা যাৱলৈ দিয়ে। এইবাৰো চিকিৎসক ড০ বড়াই চিকিৎসকৰ পৰামৰ্শসমূহ আখৰে আখৰে পালন কৰিবলৈ ৰক্তিমক বুজনি দিবলৈ ধৰিলে। পুনৰ মদ মাংস আৰু টোপনি খতি কৰিলে পৰিণাম যে ভয়াৱহ হ’ব সেই কথাও সঁকিয়াই দিলে। চিকিৎসক বড়াই ৰক্তিমৰ পত্নী কাৱেৰীকো ৰক্তিমক কু-অভ্যাস সমূহৰ পৰা আঁতৰাই ৰাখিব বাবে অনুৰোধ কৰে। এইবাৰ ৰক্তিমে চিকিৎসকৰ লগতে পত্নী কাৱেৰীক পুনৰ মদ মাংস নোখোৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে।চিকিৎসক ড০ বড়াই কাৱেৰী নিজৰ চেম্বাৰলৈ মাতি কয় ৰক্তিমৰ কিডনি দ্ৰুত গতিত সংক্ৰমণ হ’বলৈ ধৰিছে, পাৰিলে অতি শীঘ্ৰে এবাৰ অসমৰ বাহিৰলৈ নি চিকিৎসা কৰাবলৈ পৰামৰ্শ দিয়ে। কিডনি টাঞ্চপ্লেন নকৰিলে ৰক্তিম দুবছৰতকৈ বেছিদিন জীয়াই নাথাকিব বুলিও সঁকিয়াই দিয়ে। যদি চিকিৎসকৰ পৰামৰ্শ নেমানে তেন্তে কি হ’ব মই নকলেও আপুনি বুজি পাইছেই বুলি কয়। চিকিৎসক ড০ বড়াৰ কথা শুনি চিকিৎসালয়তে কাৱেৰী দুচকুৱেদি দুধাৰি চকুলো বৈ আহিল। ৰক্তিমৰ অৱিহনে কি কৰিব কলৈ যাব একো ভাবিব নোৱাৰা হৈ পৰিল।ৰক্তিমৰ আজিৰ এই অৱস্থাটো বাৱে তাই নিজকে দোষী দোষী যেন ভাৱ হ’ল।

ৰক্তিম আৰু কাৱেৰী একেখন কলেজতে একেলগে পঢ়িছিল। কলেজত পঢ়ি থাকোঁতেই দুয়োৰে চিনাকি হৈছিল আৰু এই চিনাকিয়ে এদিন প্ৰেমলৈ সলনি হৈছিল, সেই প্ৰেমেই এদিন পৰিয়ালৰ সকলো বাধা অতিক্ৰম কৰি দুয়ো পবিত্ৰ বিবাহ বান্ধোনত আৱদ্ধ হৈ পৰে।ৰক্তিমৰ দেউতাক প্ৰভাত বৰুৱা কৃষি বিভাগৰ এজন উচ্চ প্ৰদস্থ বিষয়া আছিল।এগৰাকী উচ্চ প্ৰদস্থ চৰকাৰী বিষয়া হৈয়ো অতি ৰক্ষণশীল মনৰ ব্যক্তি আছিল প্ৰভাত বৰুৱা। একমাত্ৰ পুত্ৰ ৰক্তিমে কাৱেৰীক বিয়া পতাতো সংৰক্ষণশীল প্ৰভাত বৰুৱাই কেতিয়াও বিছৰা নাছিল। নিজৰ সম্প্ৰদায়ৰ নোহোৱা বাবেই প্ৰভাত বৰুৱাই ৰক্তিমৰ সিদ্ধান্তক মানি ল’ব পৰা নাছিল।ইফালে ৰক্তিমো নিজৰ সিদ্ধান্তত অটল আছিল। সি কাৱেৰী বাহিৰে আন কোনো ছোৱালী লগত বিয়াত নবহে বুলি ঘৰত স্পষ্ট ভাৱে জনাই দিছিল। একমাত্ৰ পুত্ৰৰ এনে সিদ্ধান্তত প্ৰভাত বৰুৱা অতি মৰ্মাহত হৈছিল। ৰক্তিমৰ মাতৃ প্ৰভাৱতীয়ে গিৰিয়েক প্ৰভাত বৰুৱা আৰু পুত্ৰ ৰক্তিমক বুজাবলৈ চেষ্টা কৰিও সৈমান কৰিব পৰা নাছিল। পিতা পুত্ৰ দুয়ো নিজৰ মতত আকোৰগোজ হৈ থাকে। প্ৰভাত বৰুৱাই পুুত্ৰ ৰক্তিমক জনাই দিয়ে যে বংশ মান মৰ্যদা লাঘৱ কৰি যদি সি কাৱেৰীক বিয়া পাতে তেন্তে তাক তাজ্যপুত্ৰ কৰিব। পিতৃৰ এনে কঠোৰ সিদ্ধান্তৰ পিছতো ৰক্তিমে নিজৰ সিদ্ধান্ত সলনি নকৰিলে। আনকি কাৱেৰীয়ে ৰক্তিমক নিজৰ পিতৃ-মাতৃ সিদ্ধান্ত মানি ল’বলৈ অনুৰোধ কৰিলে। কিন্তু ৰক্তিমে কাৰো কথা নুশুনিলে।পিতৃ মাতৃৰ মতৰ বিপৰীতে সি চহৰৰ এটি শিৱ মন্দিৰতে এদিন ভগৱানক সাক্ষী কৰি কাৱেৰীক বিয়া পাতিলে।বিয়া পিছতে দুয়ো ৰক্তিমৰ মাক দেউতাকৰ আশীৰ্বাদ ল’বলৈ বুলি ঘৰলৈ গৈছিল, কিন্তু ৰক্ষণশীল আকোৰগোজ স্বভাৱৰ প্ৰভাত বৰুৱাই ৰক্তিম আৰু কাৱেৰী এই বিবাহক স্বীকৃতি নিদিলে। ইয়াৰ বিপৰীতে ৰক্তিম কাৱেৰীক গালি শপনি দি ঘৰৰ পৰা খেদাই পঠাই। প্ৰভাৱ বৰুৱাই কাৱেৰীক কয় তই যেনেদৰে আমাৰ একমাত্ৰ সন্তানক আমাক দূখ দি আমাৰ পৰা আঁতৰাই নিলি ইয়াৰ বাবে তইয়ো কোনো দিনে সুখী হ’ব নোৱাৰিবি। ৰক্তিমৰ এনে সিদ্ধান্ত বাবে প্ৰভাত বৰুৱাই নিজৰ কথা মতেই আইনগত ভাৱে ৰক্তিমক নিজৰ সকলো স্থাৱৰ অস্থাৱৰ সম্পত্তি পৰা বঞ্চিত কৰাৰ লগতে ৰক্তিমক তাজ্যপুত্ৰ হিচাপে ঘোষণা কৰিলে। জীৱিত কালত বা মৃত্যু পিছতো এজন পুত্ৰ হিচাপে ৰক্তিমৰ কোনো অধিকাৰ নাথাকিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।ৰক্তিম আৰু কাৱেৰীয়ে কেইদিনমান চহৰৰ হোটেলতে কটালে।লগৰ ল’ৰা দুজনমানৰ সহযোগত যেনেতেনে চহৰখনতে এটা ভাৰাঘৰৰ যোগাৰ কৰি ললে। সিহঁতে এনেকৈয়ে যুগ্মজীৱন পাতনি মেলে।ৰক্তিমৰ লগৰ অনুপমে ৰক্তিমৰ বাবে কেইটামান টিউচনৰো ব্যৱস্থা কৰি দিলে।এনেকৈয়ে সিহঁতৰ যুগ্মজীৱন ৰথখন চলিবলৈ ধৰিলে। লাহে লাহে দিনবোৰ অতিবাহিত হ’বলৈ ধৰিলে।কোনো দিনে অভাৱ অনুভৱ নকৰা ৰক্তিমে প্ৰথমবাৰলৈ অভাৱ কি বস্তু বুজি উঠিছিল।পিতৃয়ে সকলো সম্পৰ্ক ত্যাগ কৰাৰ পিছত দুৱেলা দুমুঠি ভাতৰ ভাৱেও হাহাকাৰ কৰিব লগীয়া অৱস্থা হ’ল সিহঁতৰ। কাৱেৰী হঁতৰ পৰীয়ালটোও আৰ্থিক ভাৱে অতি সবল নাছিল। কোনো মতেহে কাৱেৰী পিতৃ ধনেশ্বৰে দুজনী ছোৱালীয়ে সৈতে চাৰিজনীয়া পৰিয়ালটো পোহ-পাল দিছিল।গতিকে ৰক্তিম কাৱেৰী হঁতক সহায় কৰাৰ কথা ভাৱিবই নোৱাৰি।মৰম চেনেহ থাকিলে লঘুণে ভোকে থাকিব পাৰি এই কথাষাৰ সিহঁতৰ লগতো যেন সঁচা প্ৰমাণিত হ’বলৈ ধৰিলে। সুখে দুখে দিন মাহ পাৰ হৈ গৈ থাকিল। কিন্তু দিন বাগৰাৰ লগে লগে কথাবোৰ যেন সলনি হ’বলৈ ধৰিলে। সিহঁতৰ মাজত প্ৰথমে থকা মৰম চেনেহবোৰ হ্ৰাস পাবলৈ ধৰিলে।দুয়োটাৰে দুয়োটাক সৰু সৰু কথাতে কেটেৰা জেঙেৰা মাৰিবলৈ ধৰিলে। দুয়োৰে মাজত বাঢ়ি আহিবলৈ ধৰিলে ব্যৱধান। পৰীস্মিতা জন্ম পিছত যেন সিহঁতৰ মাজৰ ব্যৱধান আৰু বাঢ়িবলৈ ধৰিলে। সংসাৰ বাঢ়ি অহা লগে লগে অভাৱ পৰিমাণো বাঢ়িবলৈ ধৰিলে।ৰক্তিমে অভাৱৰ কথা পাহৰি থাকিবলৈ মদ মাংসক নিজৰ সংগী কৰি ললে। কিন্তু ইয়াৰ ফলত সংসাৰত অশান্তি পৰিমাণ কমক চাৰি বাঢ়িহে গ’ল।নিশা এপৰলৈকে মদ মাংস খায় ঘৰলৈ অহাটো তাৰ এটা নিত্য নৈমিত্তিক অভ্যাসত পৰিণত হ’বলৈ ধৰিলে। প্ৰতি দিনেই নিশা ঘৰলৈ আহি সামান্য কথাতে হুলস্থূল কৰাৰ পিছত ৰাতিপুৱা আজিৰ পৰা এনে নহয় বুলি কাৱেৰীক কথা দিয়ে যদিও নিশা হলে পুনৰ সকলো পাহৰি যায়। কিডনি ৰোগত আক্ৰান্ত হোৱাৰ পিছতো ৰক্তিমৰ এই অভ্যাস সলনি নহল। ৰক্তিমক চিকিৎসালয়ৰ পৰা ডাইলোচিচ কৰি লৈ অহা হয়। ৰক্তিমে ঘৰলৈ আহি এইবাৰ পুনৰ মদ মাংস নেখাওঁ বুলি কাৱেৰীক কথা দিয়ে।কাৱেৰীক দিয়া কথামতেই সি মদ মাংস পৰা আঁতৰি থকিবলৈ অপ্ৰাণ চেষ্টা কৰিলে। এনেকৈয়ে কিছুদিন পাৰ হল।সন্ধিয়া টিউচনৰ পৰা সোনকালে আহি জীয়েক পৰীস্মিতা লগত সময়বোৰ অতিবাহিত কৰিবলৈ ধৰিলে।হাঁহি হাঁহি জীয়াই থাকিবলৈ অপ্ৰাণ চেষ্টা কৰে যদিও নিশা বিচনাখনত পৰিলেই চিন্তাই তাক হেঁচা মাৰি ধৰে। নেভাবোঁ বুলি ভাৱিলেও ভৱিষ্যতৰ চিন্তাই মুৰটোত দোলা দিয়েহি। কেতিয়াবা কেতিয়াবা সি ভাৱে মাক দেউতাকৰ অন্তৰত দুখ দিয়া বাৱেই সিহঁতক ভগৱানে আজি এনে দুখ দিছে।পত্নী আৰু জীয়েক পৰীস্মিতা ভৱিষ্যতৰ কথা মনত আহিলেই তাৰ মনটো হতাশাৰে আগুৰি ধৰে।হতাশাৰ পৰা পলাবলৈ সি যে চেষ্টা নাই কৰা তেনেকুৱাও নহয়। জীৱনৰ লগত যুঁজি জয়ী হ’বলৈ বৰ্তমান সি নিজকে অপৰাগ যেন অনুভৱ কৰে। তেতিয়াই সি নিৰাশাত ভোগে। ৰক্তিমৰ একাংশ বন্ধু বৰ্গই তাক এনে মূহুৰ্তত প্ৰেৰণা দিয়া সলনি তাক যেন বিপথেহে পৰিচালিত কৰে। পত্নী আগত তাৰ যিবোৰ বন্ধুয়ে তাক মদ মাংস পৰা আঁতৰাই ৰখা কথা কয় সেইবোৰেই সন্ধিয়া হলে তাক মদৰ গিলাচহে আগবঢ়াই দিয়ে।সি যে কাৱেৰী বা জীয়েক পৰীস্মিতাক ভাল নেপায় তেনেও নহয়। আন দহজনৰ দৰে সিও পত্নী আৰু জীয়েকক অসম্ভৱ ভাল পায়। সিহঁতৰ বাবে একো এটা কৰি যাব নোৱাৰা বাবেই সি মানসিক অন্তদণ্ডত ভোগে। তেতিয়াই বিচাৰি লয় জীৱনৰ পৰা পলায়নৰ পথ।পলায়নৰ আত্মগ্লানিৰ পৰা নিজকে মুক্ত কৰিবলৈকে নেখাওঁ বুলি পত্নী কন্যা মুৰত হাত থৈ শপত খাইয়ো পুনৰ মদৰ গিলাচত হাত দিয়ে।ৰক্তিম মোতকৈ তিনি বছৰ মান সৰু যদিও লগৰ দৰেই আছিল। মোক অৱশ্যে সি ককায়েকৰ দৰে সন্মানো কৰে। মই তাক লগ পালে ইমানকৈ মদ নেখাবলৈ কওঁ, তেতিয়া সি মোক কয় মই মদ কিয় খাওঁ, নেখাই কি কৰিম কওঁক? যাৰ সন্মূখ এটা আন্ধাৰ ভৱিষ্যত যিমান চেষ্টা কৰিলেও মোৰ সন্মুখৰ পৰা আন্ধাৰ নাঁতৰে।আনে মাথোঁ মই মদ খোৱাটো দেখা পায় মোৰ অন্তৰৰ দূখবোৰ দেখা নেপায়। বেলেগেটো মোৰ কথা বুজি নেপায় আপুনিটো মোৰ সকলো কথা জানে। তাৰ কথাত মই কি উত্তৰ দিম ভাবি নেপাওঁ। তথাপিও কওঁ জীৱন মৃত্যু সকলো ভগৱানৰ ইচ্ছা! কোনেও নেজানে কাৰ কাৰ কেতিয়া কি হয়। জন্ম লভিলে এদিন সকলোৱে মৃত্যু হবই।

জীয়াই থকা কেইদিন ফুৰ্তিত জীয়াই থাকিব লাগে। তেতিয়া সি শেতা হাঁহি এটা মাৰি কয় মৰণৰ ক্ষণ গণি গণি কেনেকৈ জীয়াই থকা আনন্দ উপভোগ কৰিব পাৰি মই নেজানো দাদা। সন্ধিয়া অফিচৰ পৰা আহিয়েই চাহ একাপ খাই ৰক্তিমৰ খৱৰ এটা কৰিবলৈ সিহঁতৰ ভৰাঘৰলৈ গলোঁ।মই পুণে পুণে ভিতৰলৈ সোমাই গ’লো, বিছনাখনতে পৰি আছিল। মোক দেখি শয্যাপাশৰ পৰাই শেতা হাঁহি এটিৰে সম্ভাষণ জনালে। আজি তাৰ দেহাত একেবাৰে শকতি নাই, মুখৰ মাতো অস্পষ্ট।মোক কাষত দেখি সি যেন কিছু সাহক পোৱা যেন পালে।নীৰব অশ্রুৰ ভাষাৰেই আজি সি মোক কিবা যেন ক’ব খুজিছে, মই ওচৰ চাপি মোৰ হাতখনে তাৰ হাতখন লাহেকৈ খামোচি ধৰিলোঁ। সিও মোৰ হাতখন তাৰ দেহৰ সমষ্ট শক্তিৰে খামুচি ধৰিবলৈ চেষ্টা কৰিলে। তাহানিৰ সেই ৰঙিয়াল মুখনিৰ ৰহণ যেন আজি যেন কেনিবা হেৰাই গ’ল। তাৰ সন্মুখত যেন আজি কালমৃত্যুৱে কিৰিলি পাৰি নাচিছে।সকলো চকুৰ সন্মুখত দেখিও একোকে কৰিব নোৱাৰোঁ মই,মোৰ নিজকে বৰ অসহায় যেন লাগিল।তাক দেখি এনে ভাৱ হ’ল জীৱনে যেন মৰণৰ স’তে শেষ সংগ্রাম কৰিছে।ৰক্তিমৰ নিজৰ মৃত্যু বাবে কোনো ভয় নাই সেইয়া মই বুজি পাওঁ, পত্নী-পুত্রৰ কি হ’ব সিহঁতক কোনে নিৰাপত্তা দিব সেই চিন্তাৰে তাক যেন খুলি খুলি খাবলৈ ধৰিছে। বহু সময় মই মৌনহৈ মাথোঁ তাৰ হাতত হাত খামুচি ধৰি থাকিলোঁ। মৌন ক্ষণবোৰে মৌন ভাৱে আর্ত্তনাদ কৰি উঠিছে। মোৰ মন মগজুত এক বিষাদৰ যন্ত্ৰণাই হেচাঁ মাৰি ধৰিছে ।এনেতে ৰক্তিমৰ পত্নী কোঠাটোলৈ সোমাই আহি ভালনে মোক সুধিলে, মোৰ সেমেকি উঠা চকুজুৰি লুকুৱাই ৰাখি মিচিকিয়া হাঁহি এটা মাৰি কলোঁ ভালেই আছোঁ।পৰীস্মিতা ক’ত আছে বুলি প্ৰশ্ন কৰিলোঁ, আইতাকৰ ঘৰত আছে বুলি কাবেৰীয়ে কলে। তাইয়ো ওচৰতে থকা চকী এখনত বহি পৰিল।কাৱেৰীয়ে কলে তিনি মাহমান হ’ল বিষত কেৱল কেঁকাই থাকে, অলপো টোপনি যাব পৰা নাই।আপোনাক দেখিহে কেঁকাই থকা নাই নহলে অনবৰতে বিষত কেঁকাই থাকে। মই ৰক্তিমৰ হাতখন পিহি দিলোঁ।সি হয়তো টোপনি যাৱলৈ চেষ্টা কৰিছে।মই তাক আমনি কৰিব বিচৰা নাই, সি শুৱলৈ বিচাৰিছে শুৱক। কোন মূহুৰ্ত্তত ৰক্তিমৰ আত্মাই দেহাৰ মোহ এৰি অজান দেশলৈ গতি কৰিব কোনে জানে।বহু চেষ্টা কৰিও মই মোৰ চকুলোৰ ধৰি ৰাখিব পৰা নাই,নিগৰি আহিছে চকুলো। মোৰ অৱস্থাটো দেখি কাৱেৰী কোঠাটো পৰা বাহিৰলৈ ওলাই গ’ল। অনিচ্ছা স্বত্বেও কষ্ট ভোগ কৰি থকাতকৈ ৰক্তিমৰ আত্মাই যেন পৰমাত্মাত বিলীন হওঁক তাকে কামনা কৰিলোঁ।লক্ষ্য কৰিলোঁ ৰক্তিম ঘোৰ টোপনিত লালকাল দিলে। মোৰ মন মগজুত বাৰে বাৰে এটা কথাই পাকঘূৰণি দিবলৈ ধৰিলে,কাৰ দোষৰ বাবে ৰক্তিম কাৱেৰীয়ে এই শাস্তি ভোগ কৰিব লগীয়া হ’ল। ৰক্তিম কাৱেৰী নিজৰ কৰ্মফল নে পিতৃৰ মাতৃৰ অভিশাপ। আনে যি কলেও মই ৰক্তিমৰ পিতৃ প্ৰভাত বৰুৱাক ক্ষমা কৰিব পৰা নাই আৰু হয়তো কেতিয়াওঁ নোৱাৰিম। ৰক্তিম কাৱেৰীয়ে কোনো পাপ কৰা নাছিল দুয়োৰে দুয়োকে অন্তৰেৰে ভাল পাইছিল। বিয়া কৰোৱাটোৱেই সিহঁতৰ অপৰাধ আছিল নেকি? ভগৱানেও সঁচা হৃদয়ৰে ভাল পোৱা ৰক্তিম কাৱেৰী কথা এবাৰো নাভাৱিলে। মনৰ মাজত অসংখ্য প্ৰশ্নই দোলা দিবলৈ ধৰিলে।ৰক্তিমে বহু দিনৰ পিছত আজি যেন শান্তিৰে টোপনি গৈছে, সি সাৰ পাব বুলি ভাৱিয়েই লাহেকৈ মোৰ হাতখন তাৰ হাতৰ পৰা আঁতৰাই আনিলোঁ। কাৱেৰীক মাত এষাৰ দি লাহেকৈ সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। দেখিলোঁ কাৱেৰী দুচকুতো চকুলো ধাৰ। যাওঁ বুলি সিহঁতৰ ঘৰৰ পৰা ওলাই আহি কেতিয়ানো নিজৰ ঘৰৰ পদুলি পালোহি গমেই নাপালোঁ।মনৰ মাজত এতিয়াও যেন এটি শব্দই আমনি কৰি আছে অভিশাপ।

ধুপধৰাৰ আমবাৰীত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত বাৰ্ষিক পূজাৰ সামৰণি…

গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত ধুপধৰাৰ আমবাৰীস্থ ঐতিয্য মণ্ডিত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত সাত দিনিয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে বাৰ্ষিক পূজা মহোৎসৱ আৰু মেলা অনুষ্ঠিত কৰা হৈছে । ধৰ্মীয় পৰম্পৰাগত ৰীতি নীতিৰে যোৱা ১৩ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত পূজাৰ আজি সামৰণি। আজি ৰাতিপুৱাৰ পৰাই বৃহত্তৰ ধুপধৰা আমবাৰী অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ ভক্তই হাতে হাতে নৈৱেদ্য দিবলৈ দুধকোঁৱৰ দেৱালয়ত আশীৰ্বাদ বিচাৰি ভিৰ কৰিছে দেৱালয়ত ।

পূজা পৰিচালনা সমিতি তথা আমবাৰী গাওঁ উন্নয়ন সমিতিৰ সভাপতি বেণুধৰ ৰায়, উপ সভাপতি চন্দন কুমাৰ ৰায়, আৰু সাধাৰণ সম্পাদক জ্যোতিষ ৰায়ে জনোৱা মতে আজি ৰাতিপুৱা ৭:৩০ বজাত পূজা আৰম্ভ আৰু বিগ্ৰহ দৰ্শন, ১১ বজাত দুধকোঁৱৰ দেৱালয়ত মহিলা সকলৰ দ্বাৰা নাম কীৰ্তন, বিয়লি ৩ বজাত অনিল কুমাৰ ৰায় উন্মোচন কৰে সাংস্কৃতিক অনুষ্ঠান আৰু বিয়ল ৪ একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

পূজা আৰু মেলা কাৰ্যসূচী সমূহ নিকা আৰু শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰাত সহায় কৰে ভক্তি ৰায়, শ্যামা চৰন পাটোৱাৰী,ভূৱন পাটোৱাৰী, তৰুণ চন্দ্ৰ ৰায়,গনেশ ৰায়,দ্বীৰেন্দ্ৰ পাটোৱাৰী,হৰকুমাৰ দাস, মহেন্দ্ৰ ৰাভা,কৰ্মেশ্বৰ ৰায়,অমিয় কুমাৰ ৰায়, অনিল কুমাৰ ৰায় আৰু গোবিন্দ কলিতাৰ উপৰিও দুধ কোঁৱৰ দেৱালয়ৰ পূজা আৰু মেলা পৰিচালনা সমিতিৰ প্ৰত্যেক জন বিষয়ববীয়াই। কাৰ্যসূচী সমূহত সহায় সহযোগিতা আগবঢ়োৱা ধৰ্ম প্ৰান ৰাইজক ধন্যবাদ জ্ঞাপন কৰৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে পূজা পৰিচালনা সমিতিয়ে।

গৰ্ভাৱস্থাতো আৰাম কৰিবলৈ সময় নাই দীপিকা পাডুকনৰ! একচন শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী, অনুৰাগী চিন্তিত…

ছেপ্টেম্বৰ মাহত মাতৃ হ’ব বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে। কিন্তু গৰ্ভাৱস্থাত জিৰণি ল’বলৈ ইচ্ছুক নহয় অভিনেত্ৰীগৰাকী। ৰোহিত শ্বেট্টীৰ নতুন ছবি ‘সিংহাম নিচান’ৰ চেটত শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী ।

এই ছবিখনত দীপিকাই আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে। বিগত বৰ্ষৰ অক্টোবৰ মাহত অভিনেত্ৰীগৰাকীৰ চৰিত্ৰৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছিল। এইবাৰ আৰক্ষীৰ পোছাক পৰিধান কৰি শ্বুটিং ফ্ল’ৰত উপস্থিত হ’ল দীপিকা। শ্বুটিঙস্থলীৰ ছবি ভাইৰেল হৈছে দীপিকাৰ।

আনহাতে অভিনেত্ৰীগৰাকীয়ে ঘৰতে কাপোৰো চিলাই কৰিছে।


৯৮ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ পিছত কেনে আছে শিল্পা শ্বেট্টী…

বৃহস্পতিবাৰে ইডিয়ে অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰৰ প্ৰায় ৯৮ কোটি টকাৰ সম্পত্তি জব্দ কৰে। ধন সৰবৰাহৰ প্ৰতিৰোধ আইন বা পিএমএলএ আইন ২০০২ৰ অধীনত কেইবাটাও সম্পত্তি জব্দ কৰা হৈছে। সম্পত্তিৰ তালিকাত আছে পুনেৰ ৰাজ কুন্দ্ৰাৰ বাংলো, জুহুত শিল্পা শ্বেট্টীৰ ফ্লেট। ইয়াৰ উপৰিও ৰাজ কুন্দ্ৰাৰ নামত ৰখা ইকুইটি শ্বেয়াৰ আছে। ২০২১ চনত অভিনেত্ৰীগৰাকীৰ স্বামী ৰাজ পৰ্ণ কেলেংকাৰীত জড়িত হৈ পৰিছিল। সেই সময়ত শিল্পাৰ স্বামীয়ে বহুদিন জেলত থাকিব লগা হৈছিল। কিছুদিন আগতে ৰাজে জেলৰ জীৱনৰ কাহিনী পৰ্দাতো উত্থাপন কৰিছিল। ইফালে শিল্পা আৰু স্বামীৰ পুনৰ বিপদত পৰিছে।


এই ঘটনাৰ পিছত বহু লোক চিন্তিত হৈ পৰিছিল। প্ৰশ্ন সৃষ্টি হৈছিল, অভিনেত্ৰীগৰাকী বৰ্তমান কেনে আছে? অৱশেষত শিল্পাই মৌনতা ভাঙিলে। তেওঁৰ স্থিতিৰ কথা ক’লে। ইনষ্টাগ্ৰামত এটা পোষ্টত শিল্পই লিখিছে, “অসন্মানিত হ’লে শান্ত হ’বলৈ শিকক আৰু বিচলিত নহ’ব, তাৰ কিছু সময়ৰ পিছতে ছাই বাবাৰ ছবি থকা আন এটা পোষ্টত লিখিছে, “ব্যক্তিগত জীৱনত এনে উত্থান-পতনৰ পিছতো আশ্ৰয় লওক।”

নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে শোকাৱহ ঘটনা ৰাইজৰ দলৰ সদস্যাৰ…

শিৱসাগৰত সংঘটিত হৈছে শোকাৱহ ঘটনা।

নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে হাৰ্ট এটেক হৈ মৃত্যু ৰাইজৰ দলৰ সদস্যাৰ।

ৰাইজৰ দলৰ সক্ৰিয় সদস্যা আছিল মৃত সংগীতা গগৈ।

আমাৰ শিৱসাগৰ সমষ্টিৰ বানমুখ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ জ্যেষ্ঠ কৰ্মী দীপক গগৈৰ পত্নী দলৰ সক্ৰিয় সদস্যা সংগীতা গগৈ ক্ষন্তেক সময়ৰ পূৰ্বে ৰাইজৰ দলৰ অফিচত বহি থকা অৱস্থাত হাৰ্ট এটেক হৈ মৃত্যু হয়।তেখেতক শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হ’মলৈ অনা হৈছিল যদিও তাৰ পূৰ্বে মৃত্যু হয়। সংগীতা গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

নদুৱাৰ সমষ্টিৰ পাঁচমাইলৰ ২১৬ নং ভোট কেন্দ্রত উত্তেজনা…




নদুৱাৰ সমষ্টিৰ পাঁচমাইলৰ ২১৬ নং ভোট কেন্দ্রত উত্তেজনা
কংগ্রেছক ভোেট দিবলৈ প্ৰৰোচিত কৰাক লৈ উত্তপ্ত পৰিস্থিতি


কংগ্রেছক ভোট দিবলৈ দুজন কংগ্ৰেছীৰ
প্ৰৰোচনা


বহু সময় ধৰি ভোট কেন্দ্রটোত বন্ধ হৈ পৰে ভোটদান
ভোটাৰৰ অভিযোগৰ ভিত্তিত দুয়োজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

আজি বিশ্ব যকৃত দিৱসঃ যকৃতৰ ৰোগৰ বাবে আপুনি ভয় কৰে নেকি? এই ৫ টা বস্তু আপোনাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই পেলাওক…

বৰ্তমান সময়ত যকৃতৰ সমস্যা এটা সাধাৰণ কথা হৈ পৰিছে। এনে পৰিস্থিতিত আপোনাৰ নিজৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে মানুহৰ বহু ধৰণৰ ৰোগ দেখা যায়। প্ৰতি বছৰে ১৯ এপ্ৰিলত বিশ্ব যকৃত দিৱস পালন কৰা হয়। বৰ্তমান সময়ত চৰ্বিযুক্ত যকৃতৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে বেয়া খাদ্যাভ্যাস।

যদি আপুনি যকৃতৰ লগত জড়িত সমস্যাৰ পৰা সুৰক্ষিত থাকিব বিচাৰে তেন্তে আপুনি সুৰা পৰিহাৰ কৰিব লগতে বেছিকৈ চেনি খোৱাৰ পৰা বিৰত থাকিব লাগে। অত্যধিক পৰিমাণৰ চেনি গ্ৰহণে লিভাৰ সম্পৰ্কীয় আন বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ভজা খাদ্যও বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ লিভাৰৰ ক্ষতি হয় আৰু আপুনি ফেটি লিভাৰৰ দৰে সমস্যাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যকৃতৰ সমস্যাৰ লগতে ওজন বৃদ্ধিৰ দৰে সমস্যাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

বহুতে খাদ্যত অত্যধিক নিমখ ব্যৱহাৰ কৰে, কিন্তু নিমখে আপোনাৰ যকৃতৰ বহুত ক্ষতি কৰে। যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিমখ পৰিহাৰ কৰিব লাগে।

ব্ৰেড, ভাত আৰু পাস্তাও আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। যদি আপুনি লিভাৰৰ সমস্যাত ভুগিছে ​​তেন্তে এইসমূহ খাদ্য পৰিহাৰ কৰিব পাৰে।

লোকসভা নিৰ্বাচনৰ মাজতে ছত্তীশগড়ৰ বিজাপুৰত IED বিস্ফোৰণ…



ছত্তীশগড়ৰ বিজাপুৰত IED বিস্ফোৰণ
লোকসভা নিৰ্বাচনৰ মাজতে ছত্তীশগড়ৰ বিজাপুৰত IED বিস্ফোৰণ


বিস্ফোৰণত গুৰুতৰভাৱে আহত CRPFৰ এজন সহকাৰী অধিনায়ক
নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত আছিল CRPFৰ সহঃ অধিনায়কজন


বিজাপুৰৰ চিখা গাঁৱত সংঘটিত হৈছে এই ঘটনা




আলু-পুৰী, আম-মিঠাই বেছিকৈ খোৱাৰ অভিযাগ কেজৰিৱালৰ বিৰুদ্ধে…

অৰবিন্দ কেজৰিৱালৰ ডায়েট চাৰ্টঃ চিকিৎসাৰ ভিত্তিত জামিন লাভৰ বাবে এতিয়া অৰবিন্দ কেজৰিৱালে ইচ্ছাকৃতভাৱে চেনিৰ মাত্ৰা বৃদ্ধি কৰিছে বুলি ইডিৰ অভিযোগ। তিহাৰ জেলত থকা অৱস্থাত মিঠা খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আলু-পুৰী, আম-মিঠাই, পোহা, ৰোটি, শাক-পাচলি, দালি আৰু ভাত বেছিকৈ খাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৰবিন্দ কেজৰিৱালৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আজি ৰাউছ এভিনিউ আদালতত শুনানি গ্ৰহণ কৰা হ’ব। তিহাৰ কাৰাগাৰত বন্দী হৈ থকা কেজৰিৱালৰ খাদ্যাভ্যাসৰ সৈতে জড়িত প্ৰথমটো গোচৰ। দ্বিতীয়টো গোচৰ গ্ৰেপ্তাৰৰ পূৰ্বে ইডিয়ে প্ৰেৰণ কৰা চমন সন্দৰ্ভত। পূৰ্বে কথা কওঁতে কেজৰিৱালে নিয়মীয়াকৈ চেকআপ কৰিবলৈ চিকিৎসকক আবেদন জনাইছিল। পৰৱৰ্তী শুনানিত ইডিৰ অধিবক্তাই কৈছিল যে অৰবিন্দ কেজৰিৱালক ঘৰতে ৰন্ধা খাদ্য দিয়াৰ বাবে চেনিৰ মাত্ৰা বৃদ্ধি পাইছে। এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই কৈছে যে চিকিৎসকৰ নিৰ্দেশ অনুসৰি তেওঁক ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ দিয়া হৈছে। ইয়াৰ পিছতে আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনৰ পৰা কেজৰিৱালৰ ডায়েট চাৰ্ট বিচাৰিছে। আজি দুপৰীয়া ২ বজাত এই সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব।


উল্লেখযোগ্য যে দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত তিহাৰত দাখিল কৰা কেজৰিৱালে চুগাৰৰ মাত্ৰাক লৈ উদ্বেগ প্ৰকাশ কৰি চিকিৎসকৰ সৈতে নিয়মীয়া পৰামৰ্শৰ বাবে আবেদন জনাইছিল। ইয়াৰ পিছত দিল্লী আদালতে ইডিক ১৮ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ কৈছিল।

দ্বিতীয়টো গোচৰৰ কথা ক’বলৈ গ’লে কেজৰিৱালে সোধা-পোছাৰ বাবে জাৰি কৰা চমনত হাজিৰ নোহোৱাৰ বাবে ইডিয়ে আদালতত দুখনকৈ অভিযোগ দাখিল কৰিছিল। এইটো তদন্তকাৰী সংস্থাৰ চমন অমান্য কৰাৰ গোচৰ (আই পি চি ১৭৪)। গ্ৰেপ্তাৰৰ পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছিল।