Home Blog Page 883

কম বয়সত উচ্চ ৰক্তচাপ বৃদ্ধিৰ কাৰণ…

চকুৰে ধোঁৱা-কোঁৱা দেখা, মূৰৰ বিষ, অনবৰতে ভাগৰ লাগি থকা- এইসমূহ উচ্চ ৰক্তচাপৰ লক্ষণ। আজিকালি অতি কম বয়সীয়া যুৱক-যুৱতীও এই ৰোগৰ চিকাৰ হ’ব লগা হৈছে। আগেয়ে কম বয়সত উচ্চ ৰক্তচাপ হোৱাৰ কোনো সম্ভাৱনাই নাছিল। আমাৰ দেশত এসময়ত কেৱল এক চতুৰ্থাংশ বয়ষ্ক ব্যক্তিহে এই ৰোগত আক্ৰান্ত হৈছিল।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ এণ্ড ইনষ্টিটিউট অৱ হোম ইক’নমিক্সৰ দ্বাৰা প্ৰকাশিত ৰিপ’ৰ্টত যুৱ ব্যক্তিসকলৰ মাজত দ্ৰুত হাৰত বাঢ়ি অহা এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ কেইটামান উপায় আগবঢ়াইছে।

ৱৰ্লড হেলথ অৰ্গেনাইজেচন, অৰ্থাৎ WHOৱেও উল্লেখ কৰিছে যে ব্যক্তিয়ে ৰক্তচাপক যত্ন্সহকাৰে নিয়ন্ত্ৰণত ৰাখিব পৰাটোৱে মহত্ত্বপূৰ্ণ কথা।

WHOৰ মতে, যিসকলে উচ্চ ৰক্তচাপত ভুগিছে তেওঁলোকৰ আধাভাগৰহে চিকিৎসা ফলপ্ৰসূ হৈছে। আনহাতে বাকী আধাভাগ ৰোগীয়েই ৰক্তচাপৰ ফলত মৰণক সাবটি ল’ব লগা হৈছে।

উচ্চ ৰক্তচাপক ‘চাইলেন্ট কিলাৰ’ বুলি ক’ব পাৰি। এই ৰোগৰ কাৰণ সম্পৰ্কে আজিও সঠিক ধাৰণা কৰিব পৰা হোৱা নাই। আনহাতে সম্পূৰ্ণৰূপে নিৰ্মূল কৰাও সম্ভৱ হৈ উঠা নাই, কিয়নো ব্যক্তিৰ স্বাভাৱিকতেই যদি সামান্য পৰিমাণে ৰক্তচাপ বাঢ়ে তথাপি শৰীৰত তাৰ কোনো লক্ষন স্পষ্ট নহয়।

আনুষংগিক কিছুমান লক্ষণ যেনে- নিদ্ৰাহীনতা, মূৰৰ বিষ ইত্যাদি যে ৰক্তচাপৰ মূল কাৰণ সেই কথাও ন-দি ক’ব নোৱাৰি।

বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি, কেৱল নিয়ন্ত্ৰণ কৰিবহে পাৰি, যাতে আনুষংগিক কেতবোৰ ৰোগ, যেনে-

হৃদৰোগ,
মূত্ৰ বিকাৰ,
দৃষ্টিহীনতা অথবা মস্তিষ্কৰ বিকাৰ আদি আশংকা দূৰ হয়।
পিছে চিকিৎসা লোৱাত পলম হ’লে হিতে বিপৰীতে হ’বও পাৰে। তদুপৰি শুদ্ধ ৰূপত চিকিৎসা লৈ নিয়মিত ঔষধ খোৱাৰ লগত অন্যান্য কিছুমান বিষয়ৰ প্ৰতিও ব্যক্তি সজাগ থাকিব লাগে।

ৰক্তচাপ বৃদ্ধিৰ কাৰণ –
সময়মতে আহাৰ গ্ৰহণ নকৰা।
চিগাৰেট, মদ, ক’লড ড্ৰিংক অধিক সেৱন কৰা।
সময়মতে শুবলৈ নোযোৱা আৰু একে সময়তে শুই নুঠা, হতাশা।
মেদবহুলতা।
কৰ্মহীন জীৱন।
উপৰিউক্ত বিষয়সমূহৰ ক্ষেত্ৰত নিজৰ পৰিৱৰ্তন আনিব নোৱাৰিলে কেৱল ঔষধৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়।

কি কৰিব?
বয়সৰ তুলনাত যদি আপোনাৰ ওজন বাঢ়িছে, তেনেহ’লে ওজন কমোৱাৰ যত্ন কৰক, কিয়নো মেদবহুলতাই উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা ২-৫ গুণে বঢ়ায়।
ব্যায়াম কৰিব। (কোনো ব্যায়াম বিশেষজ্ঞৰ পৰামৰ্শ লৈ) দিনে ৪-৫ কিলোমিটাৰ খোজ কাঢ়িব।
দৈনিক আহাৰত চৰ্বিযুক্ত খাদ্য বিসৰ্জন দিয়ক।
আঁহজাতীয় খাদ্য সৰহকৈ খাব।
দিনটোৰ ভিতৰত কেৱল ছয় গ্ৰামতকৈ বেছি নিমখ নাখাব।
চিগাৰেট আৰু মদ এৰি দিয়ক।
উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীসকলৰ কাৰণে সকলোতকৈ উত্তম উপায় হৈছে বিশুদ্ধ বায়ু সেৱন কৰা আৰু হতাশা বৰ্জন কৰা। কিয়নো হতাশাই শৰীৰত তেজ চলাচলৰ গতি বৃদ্ধি কৰে, ফলত ৰক্তচাপ বাঢ়ি যায় আৰু হৃদৰোগ আশংকা প্ৰবল হয়।
মনোবিজ্ঞানীসকলে হতাশা নিৰ্মূল কৰাৰ এটা সুন্দৰ উপায় আগবঢ়াইছে: যদি এই কথা স্বীকাৰ কৰি ল’বলৈ শিকে যে আপুনি যিকোনো পৰিৱেশ অথবা সকলো বিষয়তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব অথবা সকলো বিষয়তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে, তেন্তে আপুনি নিজৰ মনক পৰিস্থিতি অনুসাৰে পৰিচালিত কৰক। এনে কৰিলে হতাশা দূৰ হ’ব আৰু ৰক্তচাপো নিয়ন্ত্ৰিত হ’ব।

মানসিক সফূৰ্তি অটুট ৰাখিবলৈ সহজ-সৰল আসন কৰা যুগুত। আৰম্ভণিতে পাঁচ-দহ মিনিটৰ শৱাসন কৰক, যাৰ দ্বাৰা হতাশামুক্ত হ’ব পৰা যায়।

প্ৰাণায়াম কৰিব, যিয়ে আপোনাৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া স্বাভাৱিক কৰি ৰাখিব।

ৰক্তচাপ সম্পৰ্কে ভুল ধাৰণা –
ব্যায়াম কৰিলে ৰক্তচাপ বাঢ়ি গৈ বিপদৰ আশংকা হয়-

ব্যায়াম কৰাৰ মুহূৰ্তত ৰক্তচাপ বাঢ়ে যদিও ব্যায়ামৰ পাছত কেইমিনিটমানৰ ভিতৰতে দৈহিক স্থিতি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে।

নিয়মিত ব্যায়ামৰ সুপ্ৰভাৱ ৪-৬ মাহৰ ভিতৰতে দেখা যায়।

কম পৰিমাণে চিগাৰেট আৰু মদ্যপান কৰা উচিত-

প্ৰকৃততে চিগাৰেট আৰু মদ দুয়োবিধেই ৰক্তচাপৰ ঘোৰ শত্ৰুহে।

ৰোগীয়ে কম ছ’ডিয়ামযুক্ত নিমখ ইচ্ছানুসৰি খাব পাৰে-

বজাৰত উপলব্ধ ছ’ডিয়ামযুক্ত নিমখত ছ’ডিয়াম ক্ল’ৰাইডৰ সলনি কিছু পৰিমাণে পটাছিয়াম ক্ল’ৰাইড মিহলি হৈ থাকে। গতিকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই নিমখ সেৱন নকৰিব।

কিয়নো অতিৰিক্ত পটাছিয়ামৰ পৰিমাণ আপোনাৰ উচ্চ ৰক্তচাপৰ ঔষধবিধৰ অনুকূলে হোৱা উচিত।

লেখিকা: ডাঃ ৰীণা দেৱী

চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

চাপৰৰ বহলপুৰত মৰ্মান্তিক ঘটনা। চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ। মৃত যুৱক গৰাকী বহলপুৰ বৰপাৰা ২য় খণ্ড গাঁৱৰ বাসিন্দা যোগেশ্বৰ ৰায় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিয়লি ভাগত চম্পাৱতী নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় যুৱকজন।


যুৱকজনক কিছু সময় পিছত বহলপুৰ শেগুনঝাৰী স্থিত চম্পাৱতী নৈত ওপঙি থকা অৱস্থাৰ পৰা ৰাইজে উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ যোগেদি চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ আহে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে, ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে।

নিউ আৰ্ট প্লেয়াৰ্ছৰ ৰঙালীৰ ওলগ…

গুৱাহাটীৰ আগশাৰীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছে প্ৰতিবছৰে ৰঙালী বিহুৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ ভাবে আগবঢ়োৱা সেৱাৰ বাবে কেইগৰাকীমান জেষ্ঠ ব্যক্তিক ওলগ আৰু সম্ভাষণ জনাই আহিছে৷ এই পৰম্পৰা ৰক্ষা কৰি এই বছৰৰ পহিলা ব’হাগত নিউ আৰ্ট প্লেয়াৰ্ছে এক কাৰ্যসূচীৰ জৰিয়তে ক্ৰমে যশস্বী নাট পৰিচালক আৰু সংগীত নাটক অকাডেমী ৰত্ন বঁটাপ্ৰাপক দুলাল ৰয়, বিশিষ্ট কবি আৰু সাংস্কৃতিক সংগঠক ৰমেন কলিতা, সাহিত্যিক আৰু বিশিষ্ট অনুবাদক নিশুতি মজুমদাৰ, বিশিষ্ট বনচাই আৰু কাঠ খোদাই শিল্পী লাবু সেনাপতি, বিশিষ্টা সঙ্গীত শিল্পী নিলীমা খাতুন, বিশিষ্ট অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক মিৰেল কুদ্দুচৰ বাসভৱনলৈ গৈ ৰঙালীৰ ওলগ আৰু সম্ভাষণ জনায়৷

সম্ভাষণ গ্ৰহণ কৰি প্ৰতিগৰাকী ব্যক্তিয়েই নিউ আৰ্ট প্লেয়াৰ্ছৰ এনেধৰণৰ কাৰ্য্যসূচীৰ ভূয়সী প্ৰসংশা কৰে আৰু এই সন্মানৰ বাবে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে৷ এই সম্বৰ্ধনা কাৰ্যসূচীত নিউ আৰ্ট প্লেয়াৰ্ছৰহৈ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য, উপসভাপতি পুলক গোস্বামী, কোষাধ্যক্ষ কল্যাণ কুমাৰ দাস আৰু লগতে সংঘৰ জেষ্ঠ সদস্য নয়ন প্ৰসাদ আৰু উৎপল গোস্বামীয়ে প্ৰতিনিধিত্ব কৰে৷

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰজাৰ শাখা সাহিত্য সভাৰ সাধাৰণ সভাত নতুন সমিতি গঠন…

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰজাৰ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিখন নতুনকৈ গঠন কৰা হয়। এই উদ্দেশ্যে সিদিনা বৰজাৰ হাইস্কুলত অঞ্চলটোৰ বহু সংখ্যক সাহিত্যানুৰাগী লোকৰ উপস্থিতিত শাখাখনৰ সভাপতি ধীৰেন চন্দ্ৰ হালৈৰ সভাপতিত্বত সাধাৰণ সভা এখন সম্পন্ন হয়।

সভাত লক্ষী কলিতাক সভাপতি, দিলীপ কুমাৰ হালৈক উপ সভাপতি, ৰমেন কলিতাক সম্পাদক, বিশাল কলিতাক সহকাৰী সম্পাদক, মাধৱ কলিতাক পত্রিকা সম্পাদক, ধ্ৰুৱজ্যোতি হালৈক কোষাধ্যক্ষ, জিতু কলিতা, উদয় চন্দ্র কলিতা, ভূপেন চন্দ্র কলিতা, প্রভাত হালৈ,

ৰমেশ হালৈ, ধীৰাজ কলিতা আৰু পৱিত্ৰ হালৈক কার্যনির্বাহক সদস্য; ডাঃ দিনো ঠাকুৰীয়া, জয় চৰণ কলিতা, উমেশ কলিতা, বসন্ত কলিতা, কণিকা তালুকদাৰক মনোনীত সদস্য আকৌ ডঃ সুনীল কুমাৰ শর্মা, সত্যনাথ কলিতা, ধীৰেন চন্দ্ৰ হালৈ, যোগেন হালৈ, সোণেশ্বৰ ডেকাক আমন্ত্ৰিত সদস্য হিচাপে মনোনীত কৰা হয়।

উদুলি মুদুলি পৰিৱেশঃ মাজবাটৰ খুছুৰাবাৰীত ঘৰে ঘৰে বৈশাগু…

আনবৰ্ষৰ দৰে এইবাৰো ওদালগুৰি জিলাৰ মাজবাটৰ খুছুৰাবাৰী বড়ো জনগোষ্ঠীয় গাওঁত ৰংজালী বৈশাগু পালনত উদুলি মুদুলি পৰিৱেশ। গাঁও খনৰ যুৱক-যুৱতী, ডেকা-গাভৰু, বৃদ্ধ সকলোৱে ওলাই আহি ঘৰে ঘৰে গৈ বৈশাগু পালন কৰাৰ লগতে জ্যেষ্ঠ জনক সেৱা কৰি আশীর্বাদ লোৱা দেখা যায়। ডেকা-বুঢ়া সকলো আনন্দত মতলীয়া মাদাল, চিফুং, ছেৰ্জাৰ শব্দত।


ভাতৃত্ববোধৰ এনাজৰিৰে সকলো জাতি-ধৰ্মৰ লোকসকল সুখ শান্তিৰে থকাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হৈছে বুলি গাঁও পৰিচালনা সমিতিৰ সম্পাদক মুনো বসুমতাৰীয়ে জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত গাঁও পৰিচালনা সমিতিৰ উপদেষ্টা কালিচৰন বসুমতাৰী, প্ৰদীপ দৈমাৰী, বিহুৰাম দৈমাৰী, ৰাজেন্দ্ৰ বসুমতাৰী আদিয়ে অংশগ্রহণ কৰে।

দেৰগাঁৱৰ ৰঙামাটি তিনিআলিত সমাজকৰ্মী দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত নামঘৰৰ তোৰণ উন্মোচন…

আজি প্ৰয়াত সমাজকৰ্মী দণ্ডেশ্বৰ হাজৰিকাৰ ১৭তম মৃত্যু বাৰ্ষিকী লগত সংগতি ৰাখি ৰঙামাটি শেনছোৱা বৰ নামঘৰৰ মূল তোৰণ ৰঙামাটি ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত বিশিষ্ট সমাজসেৱক প্ৰয়াত দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত ৰঙামাটি শেনচোৱা বৰ নামঘৰৰ এখন স্মৃতি তোৰণ উন্মোচন কৰা হয়।

প্ৰয়াত দন্দেশ্বৰ হাজৰিকাৰ দুই পুত্ৰ ৰাজীৱ হাজৰিকা আৰু সঞ্জীৱ হাজৰিকাৰ লগতে পৰিয়াল বৰ্গই পিতৃৰ স্মৃতিত নিৰ্মান কৰা তোৰণখন আজি পুৱা উন্মোচন কৰে এক শৰণ ভাগৱতী সমাজৰ উপাচাৰ্য্য অজিত দাসদেৱে। তোৰণ উন্মোচনৰ পূৰ্বে জ্যোতি দাস দেৱে দন্দেশ্বৰ হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে। অনুস্থানৰ পুৱাৰে পৰা নাম প্ৰসংগ গায়ন- বায়নেৰে আধাত্মিক পৰিবেশে বিৰাজ কৰে অনুস্থানতিত ৰঙামাটি অঞ্চলৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰায় শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকি অনুষ্ঠান ভাগিৰ সৌষ্ঠভ বৃদ্ধি কৰে।

বঙাইগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ! যুৱকক হত্যা কৰি মৃতদেহ পেলালে মানাহ নৈত…

বঙাইগাঁৱৰ মাণিকপুৰত চাঞ্চল্যকৰ ঘটনা

যুৱকক হত্যা কৰি মৃতদেহ পেলালে মানাহ নৈত

২নং দেওতাৰীত সংঘটিত এই নৃশংস হত্যাকাণ্ড


ফুলুহাৰ আলীক অচিনাক্ত দুর্বৃত্তৰ হত্যা
বর্তমানলৈ জানিব পৰা হোৱা নাই হত্যাকাণ্ডৰ কাৰণ

মাৰ্ঘেৰিটাত ভালুকৰ মুক্ত বিচৰণ…

মাৰ্ঘেৰিটাত ভালুকৰ মুক্ত বিচৰণ। আজি পুৱা ভাগতেই নামদাং অঞ্চলত এটা ভালুকে তীব্ৰ আতংক সৃষ্টি কৰে।স্থানীয় ৰাইজে পুৱা ভাগত লেখাপানী বনাআঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত নামদাং গফফিল্ড অঞ্চলৰ টিলা লাইনত এটা ভালুক বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰে।

ভালুক ওলোৱা বুলি জানিব পাৰি স্থানীয় ৰাইজৰ মাজত আটংকৰ সৃষ্টি হোৱা উপৰিও ভালুকটো চাবলৈ ৰাইজৰ মাজত উৎসুকতা সৃষ্টি হয়। মানুহৰ সমাগম হোৱাত পিছত ভালুকটো ওচৰতে থকা এজোপা গছত আশ্ৰয় লয়।অঞ্চলটো একাংশ সচেতন লোকে এই বিষয়ে জানিব পাৰি বন্য ভালুকটো নিৰাপত্তা বাবে লেখাপানী বন আঞ্চলিক কাৰ্যলয়ত খবৰ দিয়ে। ইতিমধ্যে লেখাপানী বনাআঞ্চলিক বন বিষয়াসহ এটা দল উক্ত স্থানত উপস্থিত হৈ ভালুকটো ৰাইজৰ সহযোগত বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে…

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে?

আন মহিলাৰ দৰে গৰ্ভৱতী মহিলা এগৰাকীও যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰে।

এনে ৰোগৰ ফলত গৰ্ভৱতী মহিলা আৰু শিশুটিৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিব পাৰে?

গৰ্ভৱতী হওঁক বা নহওঁক সকলো মহিলাৰ ওপৰত যৌন সংক্ৰমণজনিত ৰোগে সমান প্ৰভাৱ পেলায়। এই ৰোগবোৰৰ ফলত জৰায়ু আৰু আন অংশত কেঞ্চাৰ, অবিৰতভাৱে হেপাটাইটিছ হোৱা, শ্ৰোণীৰ ৰোগ, অনুৰ্বৰতা আদিৰ লগতে নানা ধৰণৰ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত এনে ধৰণৰ ৰোগৰ কোনো স্পষ্ট লক্ষণ বা উপসৰ্গই দেখা নিদিয়ে। এনে ৰোগৰ সংক্ৰমণ হোৱা গৰ্ভৱতী মহিলাৰ সময়ৰ আগতেই প্ৰসৱ বেদনা আৰম্ভ হোৱা, ভ্ৰুণৰ চাৰিওফালে থকা আৱৰণ অসময়ত ছিঙি যোৱা বা ফাটি যোৱা, প্ৰসৱৰ পাছত জৰায়ুত সংক্ৰমণ হোৱা আদিৰ দৰে জটিলতা হব পাৰে। যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলাৰ প্ৰসৱৰ আগতে, প্ৰসৱৰ সময়ত বা শিশু জন্মৰ পাছত শিশুলৈ এই সংক্ৰমণ হব পাৰে। কিছুমান এনে ৰোগ(যেনে চিফিলিছ)ত জৰায়ুৰ ফুল পাৰ হৈ ভ্ৰুণক সংক্ৰমণ কৰে। আনবোৰ ৰোগ(যেনে, গনৰিয়া, ক্লামিডিয়া, হেপাটাইটিছ-বি আৰু যৌনাংগত হোৱা হাৰপিছ)এ প্ৰসৱৰ সময়ত মাকৰ গাৰ পৰা শিশুলৈ এই সংক্ৰমণ হয়। এইচ আই ভি এনে এটা ভাইৰাছ যিয়ে, ফুল ভেদ কৰি ভ্ৰুণক সংক্ৰামিত কৰাৰ উপৰিও মাকৰ গাখীৰৰ মাধ্যমেৰেও সংক্ৰমণ কৰিব পাৰে। এনে সংক্ৰামক ৰোগৰ অতি ভয়াংকৰ প্ৰভাৱ হ’ল-মৃত শিশুৰ জন্ম, অস্বাভাৱিক ভাৱে কম ওজনৰ শিশুৰ জন্ম, চকুৰ সংক্ৰমণ, নিউমোনিয়া, শিশুৰ তেজত সংক্ৰমণ, স্নায়ুৰ ক্ষতি(যেনে, মগজুৰ ক্ষতি, সমন্বয় বিহীন হাত ভৰিৰ লৰচৰ, অন্ধত্ব, বধিৰতা, হেপাটাইটিছ, মেনিনজাইটিছ, অবিৰত যকৃতৰ ৰোগ, চিৰচিছ)।

গৰ্ভৱতী মহিলাসকলক যৌন সংক্ৰামক ৰোগৰ পৰীক্ষা কৰা উচিত নে?

গৰ্ভধাৰণ কৰাৰ পাছত প্ৰথমবাৰ চিকিৎসকক দেখুৱাৰ সময়তেই মহিলাগৰাকীক যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষাবোৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এইবোৰ হ’ল-

• ক্লামোডিয়া।

• গনৰিয়া।

• হেপাটাইটিছ-বি।

• হেপাটাইটিছ-চি।

• এইচ আই ভি।

• ছিফিলিছ।

গৰ্ভাৱস্থাত যৌন সংক্ৰামক ৰোগৰ চিকিৎসা কৰাব পৰা যায় নে?

গৰ্ভাৱস্থাত ক্লামোডিয়া, গনৰিয়া, ছিফিলিছ, ট্ৰাইক’মনাছ আৰু বেক্টেৰিয়েল ভাজাইন’ছিছৰ চিকিৎসা আৰু নিৰাময় এণ্টিবায়টিক ঔষধেৰে কৰিব পৰা যায়। যৌনাংগৰ হাৰপিছ, এইচ আই ভিৰ দৰে যৌন সংক্ৰমণৰ চিকিৎসা কৰা সম্ভৱ নহয়। অৱশ্যে সংক্ৰামক প্ৰতিৰোধৰ চিকিৎসা কৰি ইয়াৰ লক্ষণ আৰু উপসৰ্গবোৰ কমাব পৰা যায়। যিবোৰ মহিলাৰ প্ৰসৱৰ সময়ত যোনীত হাৰপিছৰ ঘাঁ থাকে-তেনে মহিলাক চিজাৰিয়ান কৰি প্ৰসৱ কৰোৱাব লাগে। এনে কৰিলে শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। কিছুমান এইচ আই ভি সংক্ৰমিত মহিলাৰ ক্ষেত্ৰতো অপাৰেছন কৰি প্ৰসৱ কৰোৱাব পৰা যায়। হেপাটাইটিছ-বি ৰ বিজাণু নাপালেও গৰ্ভাৱস্থাত এই ৰোগৰ প্ৰতিষেধক দিব লাগে।

এনে সংক্ৰমণৰ পৰা মহিলাসকলে নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰে?

যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথকা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।

উৎস: আইএনডিজি দল

কাপোৰৰ যত্নঃ কাপোৰ ধোৱাৰ সময়ত ৫টা নিয়ম মানি চলক…

গৰমৰ দিনত কাপোৰৰ অতিৰিক্ত যত্নৰ প্ৰয়োজন। এই বতৰত কপাহী কাপোৰৰ যত্ন কেনেকৈ ল’ব জানেনে? গৰমৰ দিনত কপাহী কাপোৰৰ বাহিৰে আন একো পিন্ধিবলৈ মন নাযায়। নৱবৰ্ষ উদযাপন হওক বা ফাংচন হওক, এনে অনুষ্ঠানবোৰত পিন্ধি যাবলৈ কপাহী কাপোৰেই আটাইতকৈ আৰামদায়ক। কিন্তু উপযুক্ত যত্নৰ অভাৱত কাপোৰৰ ৰং শেঁতা পৰিব পাৰে। এই বতৰত কপাহী কাপোৰৰ যত্ন কেনেকৈ ল’ব, জানো আহক-


১) কপাহী কাপোৰ ধোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বহুতৰে কাপোৰ গৰম পানীত কিছু সময় তিয়াই থৈ তাৰ পিছত ধোৱাৰ অভ্যাস আছে। পৰাপক্ষত কপাহী কাপোৰ গৰম পানীত নুধুব, এনে কৰিলে কাপোৰৰ ৰং যাব পাৰে। সদায় কপাহী কাপোৰ ধোৱাৰ সময়ত ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে।

২) কপাহী কাপোৰ ধোৱা হ’লে চাবোনৰ লগত ভিনেগাৰ একাপ মিহলাই লওক। ই কপাহী কাপোৰৰ উজ্জ্বলতা নষ্ট নকৰে। কাপোৰৰ গোন্ধো আহিব।

৩) ৰ’দত কেতিয়াও কপাহী কাপোৰ শুকুৱাব নালাগে। ইয়াৰ ফলত কাপোৰৰ ৰং যাব পাৰে। কপাহী কাপোৰ শুকুৱাবলৈ বেছি সময় নালাগে।

৪) বহুতো কপাহী কাপোৰ প্ৰথমবাৰ ধুলেই ৰং সলনি হয়। এনে অৱস্থাত প্ৰথমবাৰৰ বাবে ধোৱাৰ সময়ত কপাহী কাপোৰবোৰ নিমখীয়া পানীত কিছু সময় তিয়াই থ’ব লাগে। তাৰ পিছত চাবোনেৰে ধুব।

৫) কপাহী কাপোৰ ধোৱাৰ সময়ত কাপোৰবোৰ ওলোটাই লৈ তাৰ পিছত চাবোনেৰে ধুব। এই নিয়ম মানি চলিলে কাপোৰৰ ৰং বহুদিনলৈকে থাকিব।