উল্লেখযোগ্য যে অসম জাতীয় পৰিষদে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অকল ডিব্ৰুগড় সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ দলৰ সভাপতি তথা জনপ্ৰিয় যুৱ নেতা লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে৷ গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰতি ইণ্ডিয়া মর্চাৰ সহযোগী দলসমূহক লৈ অসমত গঠিত বিৰোধী ঐক্যমঞ্চই সমৰ্থন আগবঢ়াইছে৷ সেয়েহে নিৰ্বাচনী ইস্তাহাৰখনত দলটোৱে আগবঢ়োৱা প্ৰতিশ্ৰুতি বা সংকল্পসমূহ মূলতঃ ডিব্ৰুগড় লোকসভা সমষ্টিক কেন্দ্ৰ কৰিহে আগবঢ়োৱা হৈছে৷
নিৰ্বাচনী ইস্তাহাৰখনত কোৱা হৈছে যে দলৰ প্ৰাৰ্থীগৰাকী সাংসদ নিৰ্বাচিত হ’লে অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা জনগোষ্ঠীসমূহৰ ভাষিক তথা সাংস্কৃতিক অস্তিত্ব তথা ঐতিহ্য সুৰক্ষাৰ প্ৰসঙ্গ অগ্ৰাধিকাৰ ভিত্তিত সংসদকে ধৰি সকলো প্ৰয়োজনীয় মঞ্চত উত্থাপনৰ লগতে সেইসমূহ ৰূপায়নৰ পক্ষত দিল্লীত জনমত গঠন কৰিব৷
মায়ং পবিতৰা সাহিত্য উৎসৱত কথাসূৰ্য উপাধিৰে সন্মানিত হ’ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা । বিশিষ্ট শিল্পী ড° দীনেশ বৈশ্য, শিল্পী ৰাণু বৈশ্য, সাংবাদিক ভৱেশ দাস, কবি বিপুল শৰ্মা , দৰং জিলা সাহিত্য সভাৰ সভাপতি চহিৰ উদ্দিন বাৰভূঞা, কবি ৰুদ্ৰ সিংহ মটক, নতুন দৌৰঙ্গ বাৰ্তাৰ সম্পাদক শংকৰ কাকতি, ঔপন্যাসিক ৰুণা লাইলা, কবি-গীতিকাৰ আব্দুল মালিক, অধ্যাপক মণিৰূপা মিশ্ৰ, অধ্যাপক চাৰুপ্ৰভা চলিহা আদি বহু বিশিষ্ট লেখক-শিল্পীৰ উপস্থিতিত প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱাক কালি এই উপাধি প্ৰদান কৰে আজিৰ কবিতা আৰু মেজাংকৰী প্ৰকাশনে । প্ৰকাশনৰ হৈ স্মাৰক আৰু প্ৰশস্তি পত্ৰপ্ৰদান কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক, বিশিষ্ট সাহিত্যিক জয়ন্তমাধৱ বৰা আৰু নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহই । জাপি, জাতীয় বস্ত্ৰ আৰু চেলেং প্ৰদান কৰে বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী মৃণ্ময়কুমাৰ নাথ, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ আৰু আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাই । উপাধি গ্ৰহণ কৰি ৰাজখোৱাই এয়া তেওঁৰ বাবে এক বিশেষ স্বীকৃতি বুলি উল্লেখ কৰে ।
তেওঁ কয় যে এগৰাকী সাহিত্যকৰ্মী আৰু অনাতাঁৰ কেন্দ্ৰৰ ঘোষক হিচাপে দীৰ্ঘ দিন ধৰি আগবঢ়াই অহা সেৱাৰ বাবেই হয়তো আজি তেওঁলৈ মেজাংকৰী প্ৰকাশনে এই সন্মান আগবঢ়াইছে । তাৰকাৰণে তেওঁ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱা অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ প্ৰধান সম্পাদক আছিল । পুৰুষদীপ্ত মিঠা কণ্ঠ আৰু স্পষ্ট কঠনশৈলীৰে সুন্দৰকৈ অনুষ্ঠানৰ আঁত ধৰা, মনোমুগ্ধকৰভাৱে ভাষণ দিয়া , আবৃত্তি কৰা আদি বিভিন্ন গুণৰ বাবে বিভিন্ন সময়ত প্ৰশংসিত হোৱা ৰাজখোৱা এজন কবি, গল্পকাৰ আৰু প্ৰবন্ধকাৰ । ‘জোনাকৰ সপোনত হৃদয়ৰ গান’ তেওঁৰ কবিতাপুথি ।
‘নিৰ্বাচিত কবিতা আলোচনা’, ‘ভিন্ন প্ৰসঙ্গ’, ‘বিহঙ্গম দৃষ্টিৰে সাহিত্যৰ পাঠ আলোচনা’, ‘কলং হাৰিয়াৰ এটি সেউজীয়া উপত্যকা’ আদি তেওঁৰ অন্যান্য সৃষ্টি । ‘কলংপাৰ’, ‘শিল্পী যজ্ঞ বেজবৰুৱাৰ গীত আৰু কবিতা’, ‘মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ অস্থিবজ্ৰ আৰু অন্যান্য’ , ‘মলিন বৰাৰ গীত আৰু কবিতা’ আদি তেওঁৰ সম্পাদিত গ্ৰন্থ । আকাশবাণী নগাঁও কেন্দ্ৰৰ অস্থায়ী ঘোষক ৰাজখোৱাই এটা সময়ত ৰাষ্ট্ৰভাষা বিশাৰদ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু কৃষ্ণ বৰা বি এড কলেজতো শিক্ষকতা কৰিছিল । সন্মান প্ৰদান অনুষ্ঠানত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীনেশ বৈশ্যক জীৱনজোৰা সাধনা বঁটা , সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত বৰাক সাহিত্য বৈভৱ বঁটা প্ৰদান কৰা হয় । লগতে আজিৰ কবিতাকে আদি কৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানৰ পিছত ডাঃ মৃণ্ময়কুমাৰ নাথৰ সঞ্চালনাত অৰ্ধ শতাধিক কবিৰ অংশগ্ৰহণেৰে কবিমেল অনুষ্ঠিত হয় ।
ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত যোৱা ৬ এপ্ৰিলত সমগ্ৰ এছিয়াত ভাৰতীয় জ্ঞান উন্মোচন কৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলন (ইউনিকা ২০২৪)ৰ কাৰ্য্যসূচীৰ উন্মোচন অনুষ্ঠানটি সফল ভাবে সম্পন্ন হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ৰাজীৱ আহুজা, সন্মানীয় অতিথি হিচাপে দিগন্ত বিশ্ব শৰ্মা, সন্মিলনৰ উপদেষ্টা ড° সুব্ৰকমল দত্ত, ভাৰতীয় জ্ঞান ব্যৱস্থাৰ কেন্দ্ৰৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিত, আই আই টি গুৱাহাটী, আৰু ইউনিকা ২০২৪ৰ সাংগঠনিক সম্পাদক অধ্যাপক ললিত এম পাণ্ডে উপস্থিত থাকে। গুৱাহাটী আই আই টিত অহা ৩অক্তোৱৰৰ পৰা ৫ অক্টোবৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা “ইউৰিকা ২০২৪” আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ কাৰ্য্যসূচীৰ উন্মোচন কৰি দিয়া ভাষণত অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই কয়, “ভাৰত জ্ঞানৰ আধাৰত বিশ্ব গুৰু হৈ আহিছে।
ভাৰতীয় জ্ঞান সমগ্ৰ মানৱ সমাজৰ উন্নতিৰ বাবে। কানাদ আৰু ভাস্কৰাচাৰ্যৰ দৰে ভাৰতীয় বিজ্ঞানীয়ে পশ্চিমীয়া বিজ্ঞানীৰ বহু আগতেই প্ৰকৃতিৰ বহু গোপনীয়তা উন্মোচন কৰিছে। আমি অৰ্থাৎ ভাৰতেই সমগ্ৰ বিশ্বক সংখ্যা ব্যৱস্থাৰ জ্ঞান দিবলৈ সক্ষম হৈছো। পাইথাগোৰাছ উপপাদ্য নামেৰে জনাজাত বস্তুটো বোধায়ানে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰে আমি আমাৰ হেৰুৱা ঐতিহ্য লাভ কৰিব পাৰো। নতুন শিক্ষা নীতি এন ই পি ২০২০ত উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰাচীন জ্ঞানৰ সৈতে সংযোগ স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। ভগৱানে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সকলোকে ২৪ ঘণ্টা সময় দিছে। জীৱনত সফল হ’বলৈ হলে এই ২৪ ঘণ্টাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব লাগিব বুলিও ৰাজ্যপাল গৰাকীয়ে লগতে কয়। ৰাজ্যপাল গৰাকীয়ে আৰু কয় যে, “প্ৰতিজন ব্যক্তিৰ এক বৃহৎ সম্ভাৱনা আৰু প্ৰতিভা আছে” তাক আমি অন্বেষণ কৰি উলিয়াই আনিব লাগিব। ভাৰতীয় জ্ঞানৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰাটো গুৱাহাটীৰ আই আই টিৰ এক বৃহৎ পদক্ষেপ, য’ত এছিয়াৰ আন দেশৰ পৰাও প্ৰতিনিধি উপস্থিত থাকিব।সভাত আই আই টি গুৱাহাটীৰ সঞ্চালক তথা ইউনিকা ২০২৪ৰ পৃষ্ঠপোষক অধ্যাপক ৰাজীৱ আহুজাই ভাৰতক বিশ্ব গুৰু হিচাপে স্থান দিয়াৰ ক্ষেত্ৰত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। এই প্ৰচেষ্টাত আই আই টি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানসমূহে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাক তেওঁ গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ চৰিত্ৰ বিকাশ আৰু মানসিক সুস্থতাৰ পোষকতাত ভাৰতীয় জ্ঞান পৰম্পৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।আই আই টি গুৱাহাটীৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰৰ মুৰব্বী তথা ইউনিকা ২০২৪ৰ অধ্যক্ষ অধ্যাপক উদয় এছ দীক্ষিতে প্ৰকাশ কৰে যে, “আই আই টি গুৱাহাটীৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰই ভাৰতীয় জ্ঞানৰ বিভিন্ন দিশত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
আমি ২০২৪ চনৰ অক্টোবৰ মাহত UNIKAA নামৰ এখন বৃহৎ সন্মিলনৰ আয়োজন কৰিবলৈ আগবাঢ়ি আহিছোঁ। ভাৰত যুগ যুগ ধৰি বিশ্ব গুৰু হৈ আহিছে, আৰু আমাৰ পৰম্পৰাগত পদ্ধতিত গভীৰ প্ৰাচীন প্ৰজ্ঞা আছে যিয়ে আধুনিক যুগত সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। “ইউনিকা ২০২৪” সাংগঠনিক সম্পাদক অধ্যাপক ললিত এম পাণ্ডেই সন্মিলনৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰি এই সন্মিলনৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই “ইউনিক ২০২৪” যুটীয়া সাংগঠনিক সম্পাদক তথা আই আই টি ৰোপাৰৰ অধ্যাপক পাউণ্ডাৰিকে। উল্লেখযোগ্য যে ২০২৪ চনৰ ৩ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ইউনিকা ২০২৪ৰ লক্ষ্য হৈছে সামগ্ৰিক স্বাস্থ্য, সাংস্কৃতিক ঐতিহ্য, আৰু আধ্যাত্মিক আখ্যানক সামৰি ভাৰতীয় জ্ঞানৰ প্ৰসাৰৰ বিষয়ে অন্বেষণ কৰা।