Home Blog Page 902

কামৰূপ জিলাত ভোটাৰ সজাগতাৰ বাবে বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন…

আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰ সজাগতা বৃদ্ধি আৰু ভোটদান প্ৰক্ৰিয়াত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লী আৰু অধ্যাপক পৰমেশ্বৰ কে. আয়াৰে আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন কৰে। ভোটাদাতাসকলৰ মাজত, বিশেষকৈ এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰিলগীয়া ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়াৰ সৈতে সুপৰিচিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ সহযোগিতাত এই বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপ প্ৰস্তুত কৰি উলিওৱা ইছে।আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন কৰি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কয় যে কেতবোৰ পিছপৰা তথা দুৰ্গম এলেকাত বিভিন্ন কাৰণত ভোটদাতাসকলে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰিবলৈ দ্বিধাবোধ কৰা দেখা যায়। এই প্ৰতিৰূপ ইউনিটসমূহে এনে ভোটদাতাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি আৰু ভোটদান প্ৰক্ৰিয়াত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক ফলপ্ৰসূ সজাগতাৰ আহিলা ৰূপে কাম কৰিব। ভাৰতীয় নিৰ্বাচন আয়োগে ভোটদানত ব্যৱহাৰ কৰা বেলট ইউনিটৰ আৰ্হিত প্ৰস্তত কৰি উলিওৱা বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপত প্ৰতীকীৰূপত প্ৰাৰ্থীৰ নাম আৰু চিহ্ন উল্লেখ কৰা হৈছে।

এটা মোবাইলৰ সম আকাৰত প্ৰস্তুত কৰি উলিওৱা এই ইউনিট সমূহ পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰে নিৰ্মিত কৰা হৈছে যাতে নিৰ্বাচনৰ পিছত এইসমূহ আন সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই অভিনৱ পদক্ষেপে দেশত ৩ডি মুদ্ৰণ প্ৰযুক্তি জনপ্ৰিয় কৰি তুলি দেশখনক ইয়াৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলিও আশা কৰা হৈছে। জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে ভোটাৰ সজাগতাৰ বাবে ভাবি উলিওৱা এই অভিনৱ প্ৰতিৰূপ বেলট ইউনিট আই আই টিৰ ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক ড০ অজিত কুমাৰৰ নেতৃত্বত গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰস্তুত কৰি বাস্তৱ ৰূপ দিছে। উল্লেখ্য যে এই ইউনিট সমূহ FDM (Fused Deposition Modeling) প্ৰযুক্তিৰ সহায়ৰে আৰু বহনক্ষম আৰু জৈৱ-অনুকূল পলী লেক্টিক এচিদৰ ব্যৱহাৰৰে প্ৰস্তত কৰা হৈছে। ড° কুমাৰে কয় যে এই সমগ্ৰ ধাৰণাটো ২৪ ঘণ্টাৰ ভিতৰতে বিকশিত কৰা হৈছিল আৰু প্ৰতিটো ইউনিট তেওঁৰ ইলেক্ট্ৰনিক সামগ্ৰী ডিজাইন বিভাগৰ ছাত্ৰ-ছাত্ৰী জয়েশ বিশ্বকৰ্মা, দক্স শৰ্মা, সৰিত ৰাজৰ সহযোগিতাত ৩-৪ ঘণ্টা সময়ৰ ভিতৰত মুদ্ৰণ কৰি উলিওৱা হৈছে। উল্লেখ্য যে এই ৩ ডি প্ৰতিৰূপ বেলট ইউনিটত প্ৰতীকীৰূপত প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ উল্লেখ থকাৰ লগতে কোনো প্ৰাৰ্থীৰ বিপৰীতে থকা বুটামত টিপিলে প্ৰকৃত বেলট ইউনিটৰ দৰে এক শব্দৰো সৃষ্টি হয়।


আইআইটি-গুৱাহাটীৰ জনসম্পৰ্ক, ব্ৰেণ্ডিং আৰু ৰেংকিঙৰ ডীন অধ্যাপক পৰমেশ্বৰ কে আয়াৰে ৩ডি মুদ্ৰণৰ ক্ষেত্ৰত সাম্ভাব্য প্ৰযুক্তিগত উত্তৰণৰ লগতে জিলা প্ৰশাসনৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢায়। বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপে ভোটদাতাৰ মাজত নিৰ্বাচনী সজাগতা বৃদ্ধিৰ লগতে উদ্ভাৱনীমূলক প্ৰযুক্তিৰে ভৱিষ্যতে নাগৰিকৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ বৃদ্ধিৰ দিশত ন ন ব্যৱস্থা প্ৰৱৰ্তনৰ বাট মুকলি কৰিছে। “বেলট ইউনিটৰ আৰ্হিত প্ৰস্তুত কৰি উলিওৱা ৩ ডি প্ৰতিৰূপ ইউনিট ব্যৱহাৰ কৰি মই ভোটদান কৰাৰ দৰে অনুভৱ কৰিছো । মই এতিয়া অধিক আত্মবিশ্বাসেৰে ৭ মে’ত ভোটদান কৰিবলৈ যাব পাৰিম”, এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ সাজু হোৱা জ্যোতিকা দাসে আজি এইদৰে কয়। “যদিও মই পূৰ্বে ভোটদান কৰিছো, কিন্তু বহুদিনৰ ব্যৱধানৰ পিছত আজি এই বেলট ইউনিটত ভোটদান কৰি মই নিজকে ভোটদান প্ৰক্ৰিয়াৰ সৈতে পুনৰ পৰিচিত কৰাৰ সুযোগ লাভ কৰিলো”। কামৰূপ জিলা প্ৰশাসন আৰু আই আই টি গুৱাহাটীৰ এই যৌথ প্ৰচেষ্টাই প্ৰযুক্তিগত, সৰ্বাংগীন আৰু তথ্যভিত্তিক নিৰ্বাচনী পদ্ধতিৰ প্ৰতি দায়বদ্ধতাক সূচায়। উদ্বোধনী অনুষ্ঠানত কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত আৰু পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ ন’ডেল বিষয়া সুশান্ত কুমাৰ দত্ত, কামৰূপ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিথিংগা দৈমাৰী, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) আৰু SVEEP কোষৰ সহকাৰী বিষয়া সোমা ৰয় উপস্থিত থাকে।

কিতাপঃ নিসংগ সময়ৰ নিৰলস সংগী, বিশ্ব গ্ৰন্থ দিৱসৰ শুভেচ্ছাৰে…

মানুহ সামাজিক প্ৰাণী হিচাপে প্ৰতি মুহূর্তত সমাজৰ লগত জড়িত হৈ থাকিবলগীয়া হয়। ব্যক্তিৰ পৰা সমাজৰ সৃষ্টি হয় অৰ্থাৎ পুৰণি কালৰে পৰাই মিলিজুলি সমাজ পাতি মানুহ সভ্য কিম্বা জীৱশ্ৰেষ্ঠ হিচাপে জীয়াই আছে। আমি আটায়ে অৱগত যে, মগজুৰ বিকাশেই অন্য প্ৰাণীৰ পৰা মানুহক শ্ৰেষ্ঠত্ব দিছে। পৃথিৱীৰ প্ৰতিজন মানুহে একে বুলি ক’ব নোৱাৰোঁ তাৰ কাৰণো হয়তো মগজুৰ তাৰতম্য বুলি ক’ব পাৰি।


Education is a life long process of development– John Dew অৰ্থাৎ শিক্ষা হ’ল জীৱন ব্যাপি চলা এটি অন্তহীন প্ৰক্ৰিয়া। জন্মৰ পৰা মৃত্যুলৈকে মানুহ শিক্ষাৰ দ্ধাৰা প্ৰভাৱিত। ইজনে সিজনৰ পৰা,নজনাজনে জনাজনৰ পৰা, আনুষ্ঠানিক, অনানুষ্ঠানিক দেখি, শুনি, পঢ়ি, ব্যবহাৰ কৰি ইত্যাদিৰ সহায়ত শিক্ষা সম্ভৱ। বিশেষকৈ পুথি অধ্যয়নৰ দ্ধাৰা জীৱনৰ প্ৰকৃত জ্ঞান অর্জন কৰা সম্ভৱ। মহান মহান ব্যাক্তিসকলৰ পুথি বা গ্ৰন্থ সমুহত সঞ্চিত হৈ আছে জ্ঞানৰ ভাণ্ডাৰ। সেই জ্ঞান অর্জনৰ বাবে জীৱশ্ৰেষ্ঠৰ কিতাপ অধ্যয়নৰ বিকল্প নাই।


আমাৰ প্ৰকৃত বন্ধু গ্ৰন্থ হোৱা উচিত কিয়নো বন্ধু মৃত্যু পর্যন্ত সহযোগিতা হিচাপে থাকিব লাগে। অথবা আমাৰ আপোনজনৰ কথাকে ক’ব পাৰি, তেওঁলোক জানো গোটেই জীৱনৰ বাবে আপোন হৈ থাকিব পাৰে? কিন্তু আমি যদি মহৎ গ্ৰন্থ বোৰক প্ৰকৃত বন্ধু হিচাপে লৈ আগবাঢ়ো হয়তো সেইবোৰে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব পাৰে। মৰিও অমৰ হোৱা সকলৰ জ্ঞান সমুহ পঢ়ি গৈ থাকিলে লগতে নিজৰ জীৱনতো সাধ্য অনুসাৰে ব্যবহাৰ কৰিলে এদিন হলেও সেই ব্যক্তি সকলৰ পৰা কিছু হ’লেও নীতি আদৰ্শ,দৰ্শন আদিবোৰ অনুকৰণ হ’ব। কিতাপ হ’ল অশিক্ষাৰ বিৰুদ্ধে, অজ্ঞানতাৰ বিৰুদ্ধে, অসহিষ্ণুতাৰ বিৰুদ্ধে, কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামৰ অস্ত্ৰ। যদিও জীৱন কেৱল কিতাপকেন্দ্ৰিক হ’ব নোৱাৰে, তথাপি জীৱনক জানিবলৈ, জীৱনক বুজিবলৈ, জীৱনৰ অভিজ্ঞতাৰ তাৎপৰ্য উন্মোচন কৰিবলৈ কিতাপৰ বিকল্প নাই, কাৰণ কিতাপে ব্যক্তিৰ মাজেৰে সমষ্টিৰ অভিজ্ঞতাকে প্ৰতিফলিত কৰে। এখন কিতাপ এজন মাত্ৰ লেখকৰ ৰচনা হ’লেও লেখকজনো যিহেতু এখন সমাজৰে এগৰাকী সদস্য, সেয়েহে সামাজিক জীৱনৰ বিভিন্ন পৰিঘটনাৰ সম্ভেদ কিতাপখনে পাঠকক দিয়ে। According to Grabe William and L. Fredrika (2002), the category of purpose for reading includes are: reading to search for simple information, reading to skim quickly, reading to learn from text, reading to integrate information, reading to write, reading to critique texts and reading for general comprehension.অৰ্থাৎ গ্ৰেব উইলিয়াম আৰু এল ফ্ৰেড্ৰিকা (2002)ৰ মতে, পঢ়াৰ উদ্দেশ্যৰ শ্ৰেণীটোত অন্তৰ্ভুক্ত আছে: সৰল তথ্য বিচাৰিবলৈ পঢ়া, সোনকালে স্কিম কৰিবলৈ পঢ়া, পাঠৰ পৰা শিকিবলৈ পঢ়া, তথ্য একত্ৰিত কৰিবলৈ পঢ়া, লিখিবলৈ পঢ়া, সমালোচনা মূলক পাঠ পঢ়া আৰু সাধাৰণ বুজাবুজিৰ বাবে পঢ়া।


প্ৰথিতযশা সাহিত্যিক সত্যনাথ বৰাদেৱে উল্লেখ কৰা বচনবোৰে পুথি অধ্যয়নৰ প্ৰয়োজনীয়তা সাৱলীল ৰূপে তাৎপর্য বহন কৰে —
পুথি অধ্যয়নৰ জৰিয়তে দূৰৰ মানিক হাততে পোৱা যায় | আমাৰ পৰা চুৰ কৰিব নোৱাৰা কথা খিনিয়েই হৈছে জ্ঞান | পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। আনে থুপাই থোৱা ধন হাতত পৰিলে আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িলেই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ।সংসাৰত উদ্‌গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ বিকল্প নাই।
কিতাপ পঢ়িলে মানুহৰ মন-মগজুৰ বিকাশ ঘটে ,বৌদ্ধিক ক্ষমতা বৃদ্ধি হয়, । পুথি অধ্যয়ন অবিহনে মানুহ মহান হ’ব নোৱাৰে, নোৱাৰে প্ৰকৃত মানুহ হৈ জীয়াই থাকিব। ঘহি থাকিলে শিলো ক্ষয় হয় সেইদৰে পঢ়ি থাকিলে আৰু ইয়াৰ অভ্যাস গঢ়ি তুলিলে ভাল ফল পোৱা যায়। এখন ভাল কিতাপ আমাৰ পৰম বন্ধু হ’ব পাৰে । শব্দৰ ভাণ্ডাৰ বঢ়াবলৈ,যতি চিন্হ,সঠিক উচ্চাৰণ,বিশেষ ভাষাৰ জ্ঞান বৃদ্ধি,অৱসৰ সময়ৰ উচিত ব্যবহাৰ,বাক্যৰ গাঁঠনি ইত্যাদি শিকিবলৈ কিতাপ পঢ়াৰ বিকল্প নাই। অৱশ্যে সৎ আৰু অসৎ বন্ধুৰ দৰে কিতাপ এখন সৎ আৰু অসৎ থাকিব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। ভাল কিতাপ এখনে মনলৈ প্ৰশান্তিৰ লগতে বিমল আনন্দ কঢ়িয়াই আনে । মনৰ পৰা বদ অভ্যাসবোৰ আঁতৰাই জীৱন গঢ়াত সহায় কৰে। ব্যক্তিগত জীৱনৰ পৰিৱৰ্তনৰ ওপৰিও সমাজৰ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱিত কৰে। এখন ভাল কিতাপে জীৱনক সুন্দৰকৈ সজাবলৈ প্ৰেৰণা দিয়ে । কিতাপ এখনৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে সাহস, মনৰ দৃঢ়তা বৃদ্ধি কৰাৰ লগতে জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি কৰে। আদৰ্শ পুথি এখনে উপলব্ধি কৰায় জীৱনৰ প্ৰকৃত মাদকতা।


শিশুসকলক উপযোগী সাধু কিতাপ পঢ়িবলৈ দিলে সিহঁতে ভাবিবলৈ শিকে । প্ৰখৰ হয় চিন্তাশক্তি,বৃদ্ধি হয় বুদ্ধি, গঢ়ি উঠে এটি সু-অভ্যাস। পঢ়াৰ প্ৰতি ধাউতি বাঢ়ি যায়। অৱসৰ সময়ৰ সঠিক ব্যবহাৰ হয়। মানুহে মানুহ হিচাপে আৰু জীৱশ্ৰেষ্ঠ হিচাপে উন্নতিৰ শিখৰত থিয় হ’বলৈ গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই । কিছু উপকাৰ তলত দিয়া হ’ল—
১) জ্ঞান শক্তিশালী কৰে।
২)কথিত আৰু লিখিত শব্দৰ মাজত সংযোগ গঢ়ি তোলে।
৩) শক্তিশালী শব্দভাণ্ডাৰ বিকশিত কৰে।
৪) মনোযোগৰ ম্যাদ বৃদ্ধি কৰে।
৫) অৱসৰ সময়ৰ সৎ ব্যবহাৰ হয়।
৬) শক্তিশালী আৱেগ অন্বেষণ কৰাৰ এক সুৰক্ষিত উপায় প্ৰদান কৰে।
৭) উপভোগ প্ৰদান কৰে।
৮) পঢ়নে মগজুৰ ব্যায়াম কৰাত সহায় কৰে।
৯) পঢ়া হৈছে এক প্ৰকাৰ বিনামূলীয়া মনোৰঞ্জন ।
১০)পঢ়াৰ ফলত মনোযোগ আৰু মনোযোগ দিয়াৰ সামৰ্থ্য উন্নত হয়।
১১)সাধাৰণ জ্ঞান বৃদ্ধি কৰে। …
১২) ই এটা অনুপ্ৰেৰণামূলক। …
১৩)পঢ়াৰ ফলত মানসিক চাপ হ্ৰাস হয়।
১৪) কু-অভ্যাস ত্যাগ আৰু সু-অভ্যাস গঢ়ি উঠে।
১৫) অতি সহজতে নজনা কথা জানিব পাৰি।
১৬) ই আমাক অধিক ইতিবাচক অনুভৱ কৰায়। ইত্যাদি।
গন্থ অধ্যয়ন আধুনিক যুগত চিন্তনীয় বিষয় হৈ পৰিছে বিশেষকৈ ম’বাইল, ইন্টাৰনেটৰ বহুল ব্যবহাৰ ফলত। অৱশ্যে সামাজিক মাধ্যম সমূহে গ্ৰন্থ অধ্যয়ন সহজসাধ্য কৰিছে যদিও অন্যান্য আমোদজনক আৰু অশ্লীলতাৰ ব্যাপক উপস্থাপনে কিছু হলেও মানৱ সমাজক আঘাত হানিছে। গোটেই বিশ্বক এখনি যেন গাঁৱত পৰিণত কৰা ইন্টাৰনেটৰ অত্যাধিক ব্যবহাৰৰ ফলত গ্ৰন্থ অধ্যয়নৰ পৰিমাণ হ্রাস হ’বলৈ ধৰিছে যিটো সভ্যতা বিকাশেৰ কিছু হলেও অন্তৰায়ৰ সৃষ্টি কৰিছে।
এইটোও ঠিক যে, যদিহে আমি শ্ৰেষ্ঠ জীৱ হিচাপে ইন্টাৰনেটৰ সঠিক ব্যবহাৰ কৰোঁ, উপকৃত দুগুণে বৃদ্ধি হ’ব। আমি অৱসৰ সময় মহৎ গ্ৰন্থ অধ্যয়ন কৰিব লাগে আৰু নৱপ্ৰজন্মকো অনুপ্রাণিত কৰিব লাগে। According to APJ Abdul kalam,”Books become permanent companions. Sometimes, they are born before us; they guide us during our life journey and continue for many generations.” অৰ্থাৎ কিতাপবোৰ স্থায়ী সংগী হৈ পৰে। কেতিয়াবা, তেওঁলোক আমাৰ আগত জন্ম হয়; তেওঁলোকে আমাৰ জীৱন যাত্ৰাৰ সময়ত আমাক পথ প্ৰদৰ্শন কৰে আৰু বহু প্ৰজন্মধৰি অব্যাহত ৰাখে।


লেখকঃ বাহাৰুল ইছলাম (শিক্ষক)

অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ খেলুৱৈ দয়াল বসুমতাৰীৰ দুৰৱস্থা…

অসমৰ ভলীবল জগতত বৰ্তমান খেলি থকা লিফটাৰ সমূহৰ ভিতৰত দয়াল বসুমতাৰী এজন অন্যতম শ্ৰেষ্ঠ লিফটাৰ। যাৰ দুহাতৰ যাদুত প্ৰাণ পাই উঠে ভলীবলৰ খেলপথাৰ। স্মেচাৰক চকু মুদি ভলীবলটো স্মেচ কৰাৰ বাবে সজাই পৰাই দিয়াটোৱে হৈছে তেওঁৰ মুখ্য কাম। স্মেচাৰক বলটো স্মেচ কৰাৰ বাবে মিডিয়াম বা চৰ্ট বলটো হাতত লগাই দিব পৰা এক বিশেষ কলাৰ বাবে তেওঁ সৰ্বজন বিদিত। যাৰ বাবে অসমৰ স্মেচাৰ সকলে তেওঁক লিফটাৰ হিচাপে পাবলৈ আশা পালি থাকে। ভলীবল খেলত লিফটাৰৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ। লিফটাৰৰ ওপৰতে গোটেই খেলখন নিৰ্ভৰ কৰে। ভলীবলৰ জোখাৰে তেওঁ অলপ চাপৰ যদিও তেওঁ নিজৰ ইচ্ছাশক্তিৰ ওপৰত প্ৰৱল বিশ্বাসী, অদম্য সাহস, ধৈৰ্য্য একাগ্ৰতাৰ বাবে সেই অভাৱ পূৰণ কৰি গৈ আছে আৰু প্ৰায় আমন্ত্ৰণ মূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত আজুৰি আনিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। তেওঁৰ জন্ম হৈছিল ৩০-১১-২০৯৭ চনত বাস্কা জিলাৰ পূব খাগ্ৰাবাৰীত। দেউতাকৰ নাম লোহিত বসুমতাৰী আৰু মাকৰ নাম বিজয়া বসুমতাৰী।

২০১২ চনত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ গিৰীশ তালুকদাৰৰ তত্বাৱধানত দয়ালে ভলীবলৰ আদি পাঠ গ্ৰহণ কৰি পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে। ২০১৩ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ মৰিগাঁওত অনুষ্ঠিত হোৱা ২৭ সংখ্যক আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ইয়াৰ সুবাদতে তেওঁ ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৪১ সংখ্যক জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ২০১৫ চনৰ ৮ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ বিহাৰত অনুষ্ঠিত হোৱা ৪২ সংখ্যক জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ২০১৬ চনৰ পৰা তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ হৈ অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ আশা অসম ৰাজ্যিক বিদ্যুত পৰিষদত স্থায়ী সংস্থাপনৰ সুবিধা কৰি লৈ নিজৰ লগতে পৰিয়ালক পোহপাল দিবলৈ সক্ষম হ’ব।

কিন্তু বিগত প্ৰায় ৮ বছৰ ধৰি অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ হৈ নিজৰ সৰ্বস্ব উজাৰি দি প্ৰতিযোগিতা সমূহত চেম্পিয়ন অথবা ৰানাৰ্চ আপাৰ খিতাপ অৰ্জন কৰি আহিছে যদিও আজিলৈ তেওঁলোকে অসম ৰাজ্যিক বিদ্যুত পৰিষদত চাকৰিৰ মকৰলৰ সুবিধা পোৱা নাই। দয়াল বসুমতাৰীৰ দেউতাকে কিবাকৈ দিন হাজিৰা কৰি ঘৰখন পোহপাল দি আছে। বেমাৰে জুৰুলা কৰা মানুহজনৰ এতিয়া আৰু হাজিৰা কৰিবলৈ দেহত শক্তি নোহোৱা হৈছে। গতিকে পৰিয়ালবৰ্গই দয়াল বসুমতাৰীৰ মুখলৈ চাই আছে। যদিহে দয়ালৰ স্থায়ী কৰ্ম সংস্থাপন নহয় তেতিয়াহ’লে পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হবগৈ। বৰ্তমান দয়াল বসুমতাৰীৰ লগতে বিদ্যুত পৰিষদ দলৰ হৈ খেলি আছে আব্দুল বাতেন, ধ্ৰৱজ্যোতি বড়ো, জুলীয়াচ আলী, অমৰ বড়ো, অৰিন্দম দৈমাৰী, মানস প্ৰতীম হালৈ, মেহেদি আলম, জোৱানশ্বৰ ব্ৰহ্ম, কংকন ৰয়, বনমালী ডেকা আৰু প্ৰশান্ত ভূঞা। আটাইকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ। দীৰ্ঘ দিন ধৰি এওঁলোক অসম ৰাজ্যিক বিদ্যুত পৰিষদ দললৈ সেৱা আগবঢ়াই আহিছে। গতিকে সময় থাকোতেই খেলুৱৈ সকলক কৰ্ম সংস্থাপন দিয়াৰ বাবে বিভাগীয় কৰ্ত্তৃপক্ষক আহ্বান জনাইছে সচেতন ক্ৰীড়া প্ৰেমীয়ে।

আম খোৱাৰ পূৰ্বে পানীত কিয় তিয়াই ৰাখিব লাগে? আম পানীত কিমান দেৰি তিয়াই ৰাখিব জানি লওক…

পকা আম খাবলৈ যিমানেই মন নকৰক কিয়, খোৱাৰ পূৰ্বে সদায় কিছু সময় পানীত তিয়াই থ’ব লাগে আম। মিঠা পকা আম গৰমৰ বতৰৰ খাবলৈ বৰ সোৱাদ। কেৱল পকা আমৰ সোৱাদ ল’বলৈহে বেছিভাগ মানুহেই গৰমৰ দিনবোৰলৈ যেন অপেক্ষা কৰে। কিন্তু আচহুৱা কথাটো হ’ল আম খোৱাৰ আগতে পানীত তিয়াই থ’ব লাগে, ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। আম পানীত তিয়াই ৰখাটো কিয় প্ৰয়োজন আৰু আম কিমান দেৰি পানীত ৰাখিব লাগে জানো আহক-

আয়ুৰ্বেদ বিশেষজ্ঞসকলে পকা আম খোৱাৰ আগতে ১ৰ পৰা ২ ঘণ্টা বিশুদ্ধ পানীত তিয়াই ৰাখিবলৈ পৰামৰ্শ দিয়ে। কিন্তু যদি সময়ৰ অভাৱ হয় তেন্তে আম ২০-৩০ মিনিট পানীত ৰখাৰ পিছতো খাব পাৰি।


আম পানীত তিয়াই থ’লে আমত থকা অতিৰিক্ত ফাইটিক এচিড আঁতৰি যায়। ই এক প্ৰকাৰৰ এন্টি-নিউট্ৰিয়েণ্ট যিয়ে শৰীৰে কিছুমান খনিজ পদাৰ্থ যেনে আইৰণ, জিংক, কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ শোষণ কৰাত বাধা দিয়ে যাৰ ফলত খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে।

তিয়াই থোৱা আম খোৱাটোৱেও ব্ৰণ, ছালৰ সমস্যা, মূৰৰ বিষ, কোষ্ঠকাঠিন্য আৰু অন্যান্য স্বাস্থ্য সমস্যা ৰোধ কৰাত সহায় কৰে।


CAAক লৈ পুনৰ সৰৱ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ…

‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছোঁ CAA বলৱৎ হ’বই। ৩ বছৰৰ ভিতৰত সকলো নাগৰিকে ন্যায় পাব’।

‘কংগ্ৰেছে দেশবাসীক ভুল পথেৰে পৰিচালিত কৰিছে’। CAAক লৈ পুনৰ সৰৱ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

CAA সন্দৰ্ভত কংগ্ৰেছ নেতা পি চিদাম্বৰমক প্ৰত্যাক্ৰমণ গৃহমন্ত্ৰীৰ।

উচ্চ হাৰত মুদ্ৰাস্ফীতিৰ ফলত অতিষ্ঠ হৈছে ৰাজ্যবাসী – আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী…

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ

উচ্চ হাৰত মুদ্ৰাস্ফীতিৰ ফলত অতিষ্ঠ হৈছে ৰাজ্যবাসী-ডাঃ ভবেন চৌধুৰী

ৰাষ্ট্ৰীয় হাৰতকৈও উৰ্দ্ধগামী অসমৰ মুদ্ৰাস্ফীতিৰ হাৰ

ৰাজ্যত আলুৰ দাম বৃদ্ধিৰ বিপৰীতে ন্যূনতম মূল্য নাপাই কৃষকৰ আত্মহত্যা

“শেহতীয়া ভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৮০০ বিধতকৈ অধিক জীৱন দায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ সংকট কঢ়িয়াই আনিছে । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰ। বজাৰত সকলো বস্তুৰ দাম উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। বজাৰত প্ৰতি কিঃগ্ৰাঃ আলুৰ দাম একে কোবে ৩০ টকাৰ পৰা ৪০ টকা হৈছে। কিঃগ্ৰাঃত ১০ টকাকৈ বৃদ্ধি পাইছে। বিপৰীতে বৰপেটা ৰোডত এজন আলু খেতিয়কে বজাৰত আলুৰ ন্যূনতম দাম নাপাই আত্মহত্যা কৰিবলগীয়া হৈছে। নুৰ মহম্মদ নামৰ এজন কৃষকে ২৫ লক্ষাধিক টকা ঋণ লৈ ৭০ বিঘা মাটিত আলু খেতি কৰিছিল। কৃষকৰ হাতৰ পৰা আলু বনিয়াৰ হাতলৈ যোৱাৰ পাছতে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আলুৰ দাম। ” আজি আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে।

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আপ, অসমৰ সভাপতি ডাঃ চৌধুৰীয়ে কয়-” শেহতীয়া ভাৱে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত মাহত ৪.৯ % লৈ বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় মুদ্ৰাস্ফীতিৰ হাৰ। আনহাতে শেহতীয়া তথ্য অনুসৰি দেশৰ ১৩ খন ৰাজ্যত মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈও বেছি। অসমত এই হাৰ ৬.১% বৃদ্ধিৰে দ্বিতীয় স্থানত আছে । উৰিষ্যাৰ পাছতে মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত অসমৰ স্থান। ফলত প্ৰতিদিনেই বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ” এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

ইয়াৰ বিপৰীতে দিল্লীৰ চৰকাৰৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সফলতাৰ বিষয়ে উল্লেখ কৰি দলৰ নেতাগৰাকীয়ে কয় যে আম আদমি পাৰ্টীয়ে চৰকাৰ চলোৱা দিল্লীত মুদ্ৰাস্ফীতিৰ হাৰ ২.৩ শতাংশ। লক্ষ্যণীয় ভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে বিনামূলীয়াকৈ প্ৰাথমিক শিক্ষা, স্বাস্থ্য সেৱা, মহিলাৰ বাছ সেৱা, বিনামূলীয়া বিদ্যুত আৰু পানী যোগানৰ ব্যৱস্থাৰ বাবেই মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈও নিম্নস্তৰত ৰাখিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ কল্যাণকামী নীতিৰ পৰা অসম চৰকাৰে শিক্ষা গ্ৰহণ কৰক। ” এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ তথা জীৱন দায়িনী ঔষধৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়। সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ সৈতে জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু পুনম গগৈয়েও ৰাজ্যৰ এই জ্বলন্ত বিষয়সমূহৰ ওপৰত বক্তব্য উপস্থাপন কৰে।

বিবাহিত জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু মোবাইল ফোন! মোবাইলক নহয়, সংগীক সময় দিয়ক…

সম্পৰ্কক ভালে ৰাখিবলৈ হ’লে কিছুমান কথা মনত ৰাখিব লাগিব। পতী-পত্নীৰ সম্পৰ্ক ভালে ৰাখিবলৈ কিছুমান নিয়ম মানি চলিব লাগিব। ইজনে সিজনৰ প্ৰতি মৰম, আৱেগ সলনি কেতিয়াবা উদাসীনতা, ভুল বুজাবুজিৰ সৃষ্টি হয়, প্ৰেম যেন ক’ৰবাত নোহোৱা হৈ যায়। সময়ৰ লগে লগে ইজনে সিজনৰ প্ৰতি ইগো গঢ় লৈ উঠে, আকৰ্ষণ কমি যায়।এই সকলোবোৰ সমস্যাৰ লগে লগে অস্থিৰতাও আহি পৰে। মত বিৰোধৰ পৰা সৰু সৰু শব্দইও বিশৃংখলতাৰ সৃষ্টি কৰে জীৱনটোত। ভিতৰত যিমানেই প্ৰেম আছে, প্ৰকাশভংগীৰ অভাৱেই মূল চাবিকাঠি হৈ পৰে। কিন্তু এই পৰিস্থিতিৰ পৰাই সম্পৰ্কটো শক্তিশালী কৰিব লাগিব। কেনেকৈ আমি আমাৰ আপোন মানুহৰ লগত সম্পৰ্ক ভালে ৰাখিম জানো আহক-


সময়ঃ এতিয়া আমি আমাৰ সংগীতকৈ আমাৰ ফোনটোৰ লগত বেছি সময় কটাওঁ। অফিচৰ পৰা ঘৰলৈ উভতি আহি ফোনটোৰ লগত ব্যস্ত থাকোঁ! সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ এটা কাৰণ হ’ল ইজনে সিজনক সময় নিদিয়া। দৈনন্দিন কাৰ্যবোৰ ইজনে সিজনৰ লগত ভাগ-বতৰা কৰা, ইজনে সিজনৰ কথাক গুৰুত্ব দিয়া – এই সকলোবোৰতে আপোনাৰ সংগীক চিনি পোৱাৰ চাবিকাঠি নিহিত হৈ থাকে। গতিকে আপোনাৰ সংগীৰ বাবে দিনটোৰ কিছু সময় ৰাখক আৰু সেই সময়ছোৱাত ফোনটো চাইলেণ্ট মোডত ৰাখক।

ৰোমাঞ্চঃ ইজনে সিজনৰ মনত কি চলি আছে সেয়া জনাটো অতি প্ৰয়োজনীয়। কিন্তু সংগীক সুখী কৰাৰ পথ বিচাৰিব লাগিব। প্ৰেমে যথেষ্ট নহয়। কেতিয়াবা মৰম দেখুৱাব লগা হয়। আপোনাৰ সংগীক সৰু সৰু চাৰপ্ৰাইজ দিয়ক, সংগীক প্ৰশংসা কৰক, কেতিয়াবা একেলগে ওলাই যোৱা এই কামবোৰক আপোনালোকক সুখত ৰাখিব।

কৃতজ্ঞতাঃ সম্পৰ্ক হ’ল সংগীৰ উত্থান-পতনৰ মাজেৰে ইজনে সিজনৰ কাষত থকা। কিন্তু বহু সময়ত আমি আমাৰ সংগীক ধন্যবাদ নিদিওঁ। আপোনজনক শব্দৰে ধন্যবাদ জনোৱাৰ প্ৰয়োজন নাই। কিন্তু কেতিয়াবা এই শব্দটোৱে সন্মুখৰ মানুহজনক ভাল অনুভৱ কৰাব পাৰে। কেতিয়াবা তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো শব্দৰে প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ।

একেলগে কাম কৰকঃ ইজনে সিজনৰ লগত সময় কটাবলৈ সুযোগ বিচাৰক। একেলগে ঘৰুৱা কাম কৰিব পাৰে। আপুনি দেখিব যে সম্পৰ্কৰ জটিলতা বহুত কমিছে। কেৱল ঘৰুৱা কামেই নহয়, ইজনে সিজনৰ লগত সময় কটাবলৈও আপুনি শাৰীৰিক ব্যায়াম কৰিব পাৰে, একেলগে সাঁতুৰিব পাৰে। নহ’লে ৰাতি অলপ খোজ কাঢ়িব পাৰি। যিমানেই ইজনে সিজনৰ ওচৰত থাকিব সিমানেই ভুল বুজাবুজি কম হ’ব।

পুৰণি বিবাদ পাহৰি যোৱাঃ কোনো পুৰণি বিষয় বা বিবাদক কাজিয়ালৈ টানি নিব নালাগে। একেলগে থাকিব বিচাৰিলে তৰ্ক-বিতৰ্ক হ’ব। কিন্তু ৰাতি তৰ্ক-বিতৰ্কই শুই নাযাব। ভালপোৱাজনৰ সৰু সৰু ভুলবোৰ ক্ষমা কৰিব। অতীতৰ বিবাদবোৰ বাৰে বাৰে উত্থাপন কৰিলে কেতিয়াও সুখী নহ’ব।

দাউদী বহৰা ধৰ্মগুৰু চৈয়দনা চাইফুদ্দিনৰ গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

দাউদী বহৰা ৰায়ঃ চৈয়দনা মুফাদ্দাল ছৈফুদ্দিন গোচৰত বম্বে উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায় । চৈয়দনা তাহেৰ ফখৰুদ্দিনৰ আবেদন নাকচ কৰিছে আদালতে। চৈয়দনা তাহেৰ ফখৰুদ্দিনে বম্বে উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল,  চৈয়দনা মুফাদ্দাল চৈফুদ্দিনক দাউদী বহৰা সম্প্ৰদায়ৰ ধৰ্মগুৰু হিচাপে নিযুক্তি দিয়াত আপত্তি জনাইছিল।

এই আৱেদন নাকচ কৰি বোম্বাই উচ্চ ন্যায়ালয়ে ৰায় দিছে যে চৈয়দনা চাইফুদ্দিন ধৰ্মীয় গুৰু হৈ থাকিব লাগে। বম্বে উচ্চ ন্যায়ালয়ে দাউদী বহৰা জনগোষ্ঠীৰ ৫৩ সংখ্যক ধৰ্মগুৰু চৈয়দনা মুফাদ্দাল ছাইফুদ্দিনৰ নিযুক্তিক সমৰ্থন জনাইছে। ন্যায়াধীশ গৌতম পেটেলৰ একক বিচাৰপীঠে কয় যে আদালতে “কেৱল প্ৰমাণৰ বিষয়ত সিদ্ধান্ত লৈছে আৰু বিশ্বাসৰ বিষয়ত নহয়” বুলি পিটিআইয়ে প্ৰকাশ কৰিছে।

২০১৬ চনত কুতুবুদ্দিনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তাহিৰ ফখৰুদ্দিনে তেওঁৰ পিতৃয়ে ক্ষমতা দিয়া বুলি দাবী কৰি গোচৰটো গ্ৰহণ কৰে। এই গোচৰত ছৈয়ুদ্দিনক চৈয়দনা হিচাপে কৰ্তব্য পালন কৰাত বাধা দিবলৈ আদালতক দাবী জনায়। “কুতুবুদ্দিনে তেওঁৰ গোচৰত দাবী কৰিছিল যে তেওঁৰ ভাতৃ বুৰহানুদ্দিনে তেওঁক মাজুন (দ্বিতীয় কমাণ্ড) হিচাপে নিযুক্তি দিছিল।”

ফখৰুদ্দিনে দাবী কৰিছিল যে “তেওঁৰ পিতৃয়ে তেওঁক মৃত্যুৰ পূৰ্বে এই পদত নিযুক্তি দিছিল।” গোচৰটো খাৰিজ কৰি ন্যায়াধীশ পেটেলে কয় যে, “মই কোনো ধৰণৰ অস্থিৰতা নিবিচাৰো। মই ৰায়দানক যিমান পাৰি নিৰপেক্ষ কৰি ৰাখিছো। মই কেৱল প্ৰমাণৰ বিষয়তহে সিদ্ধান্ত লৈছো, বিশ্বাসৰ বিষয়ত নহয়।”

চৈয়দনা মুফাদ্দাল ছাইফুদ্দিন কোন?

চৈয়দনা মুফাদ্দাল ছাইফুদ্দিন ৫৩ সংখ্যক আল-দাই আল-মুটলাক আৰু বৰ্তমান বিশ্বব্যাপী দাউদী বহৰা সম্প্ৰদায়ৰ নেতা। চৈয়দনা চাইফুদ্দিনে সমগ্ৰ বিশ্বতে তেওঁৰ অনুগামীসকলক পথ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ বিশ্বাস, সংস্কৃতি আৰু ঐতিহ্যৰ ওচৰলৈ লৈ যায়।

ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স-নিফটি প্ৰবল উত্থানৰ সৈতে মুকলি…

ভাৰতীয় ষ্টক মাৰ্কেটত বুলিছ ট্ৰেণ্ড ঘূৰি আহিছে আৰু আজি চেন্সেক্স-নিফটি প্ৰবল উত্থানৰ সৈতে মুকলি হয়। ভাৰতৰ অস্থিৰতা সূচকাংক ইণ্ডিয়া ভিক্স আজি সৰ্বকালৰ নিম্নতম স্তৰত আছে আৰু বজাৰত এই বুলিছ গতিবেগ অব্যাহত আছে। নিফটি বেংকত ভাল উত্থান ঘটিছে আৰু ই ৪৮ হাজাৰৰ স্তৰৰ ওপৰত ব্যৱসায় কৰি আছে।

বিএছইৰ চেন্সেক্স ৪০০.৩২ পইণ্ট বা ০.৫৪ শতাংশ বৃদ্ধিৰে ৭৪,০৪৮ পইণ্ট আৰু এনএছইৰ নিফটি ১১০.৬৫ পইণ্ট বা ০.৫০ শতাংশ বৃদ্ধিৰে ২২,৪৪৭ৰ স্তৰত মুকলি হৈছে।

বিএছইৰ বজাৰ মূলধন ৩৯৯.৪৪ লাখ কোটি টকালৈ আহিছে আৰু বৃদ্ধি পাই ৪০০ লাখ কোটি টকালৈ লৈ গৈছে। বৰ্তমান বিএছইত ২৯৬৬ টা শ্বেয়াৰৰ ব্যৱসায় চলি আছে, ইয়াৰে ২০৪০ টা শ্বেয়াৰ বৃদ্ধি পাইছে। ৮২৮টা শ্বেয়াৰৰ ব্যৱসায় হ্ৰাস পোৱাৰ লগে লগে আৰু ৯৮টা শ্বেয়াৰৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱসায় হোৱা দেখা গৈছে।

বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৪টা ষ্টক বৃদ্ধি আৰু ৬টা ষ্টক হ্ৰাস পাইছে। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত ভাৰতী এয়াৰটেলৰ ১.৭৩ শতাংশ আৰু এইচ চি এল টেকৰ ১.৩৭ শতাংশ বৃদ্ধি। এইবোৰৰ বাহিৰেও এনটিপিচি, বাজাজ ফিনচাৰ্ভ, কোটক মহিন্দ্ৰা বেংক আৰু টাইটানৰ শ্বেয়াৰ বৃদ্ধি পোৱা দেখা গৈছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত আছে এল এণ্ড টি, পাৱাৰ গ্ৰীড, এক্সিছ বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, আইচিআইচিআই বেংক আৰু ইণ্ডাছইণ্ড বেংক।

এন এছ ইৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৩৩টা শ্বেয়াৰে শক্তি দেখুৱাইছে আৰু ১৬টা শ্বেয়াৰে হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। ১ টা ষ্টক কোনো পৰিৱৰ্তন নোহোৱাকৈ ট্ৰেডিং হৈ আছে। নিফটিৰ শীৰ্ষ লাভকাৰীৰ ভিতৰত ভাৰতী এয়াৰটেল আগবাঢ়ি আছে আৰু ১.৭৩ শতাংশ বৃদ্ধি পাইছে। এইচ চি এল টেলৰ ১.২৯ শতাংশ বৃদ্ধি আৰু টাটা মটৰ্ছে ১.০৭ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰিছে। নিফটিৰ হ্ৰাস পোৱা ষ্টকৰ ভিতৰত হিণ্ডালকো প্ৰায় এক শতাংশ হ্ৰাস পাইছে। এইচ ডি এফ চি লাইফ, পাৱাৰগ্ৰিড, টাটা কনজিউমাৰ্ছ আৰু ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ লগে লগে ব্যৱসায় চলি আছে।

ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ দেহাৱসান…

ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ সোমবাৰে নিশা অকাল বিয়োগ ঘটে৷বাক্সা জিলাৰ মুছলপুৰত ১৯৬৮ চনত জন্ম লাভ কৰি বৰ্তমান ৰঙিয়াৰ স্থায়ী বাসিন্দা ড° ডেকাৰ মৃত্যুত সমগ্ৰ ৰঙিয়াত শোকৰ ছাঁ

পেলায়। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা অধ্যাপকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী,পুত্ৰ আৰু কন্যাক এৰি থৈ যায়৷ 

ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত অতি জনপ্ৰিয় শিক্ষকজনে সদা হাস্যবদনে সকলো ন্যস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷