Home Blog Page 901

উজনিত উজ্বলিল দৰঙৰ জেং বিহু দল…

অকল নামনি বা মধ্য অসমতে নহয়, দৰঙৰ সমন্বয় আঞ্চলিক মহিলা সমাজৰ জেং বিহু দলটি উজনিতো উজলি উঠিছে। জানিব পৰা মতে, যোৱা ২০ এপ্ৰিলত যোৰহাটৰ স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত সদৌ অসম সাত বিহু উদযাপন সমিতিৰ দ্বাৰা অনুষ্ঠিত জেং বিহু প্ৰতিযোগিতাত দৰঙৰ সমন্বয় আঞ্চলিক মহিলা সমাজৰ দলটোৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।

এনেদৰে দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা দলটোৰ শিল্লী সকল হৈছে ক্ৰমে- পিংকি হাজৰিকা, কুইন হাজৰিকা, শেৱালী ডেকা, মহাশ্বেতা দেৱী, জিণ্টি শইকীয়া, সোণতৰা বৰুৱা, বিনিতা চহৰীয়া, চিন্ময়ী হাজৰিকা, ক্ষীৰদা বৰুৱা, লভিতা ডেকা, অনামিকা ডেকা,

ভিতালী বৰুৱা, অম্বালিকা ডেকা, জোনালী ডেকা, নিজৰা ডেকা। উল্লেখ্য যে, এই দলটোৱে দুবছৰ ধৰি বিভিন্ন মঞ্চত বঁটা বুটলিবলৈ সক্ষম হৈছে।

ভোটগ্ৰহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্ৰাই ডে’ ! দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত ২৪ এপ্ৰিলৰ সন্ধিয়াৰে পৰা প্ৰযোজ্য হ’ব ড্ৰাই ডে’…

স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন
সমষ্টিসমূহত নিৰ্বাচনৰ পৰ্যায় অনুসৰি ভোটগ্ৰহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্ৰাই ডে’ ঘোষণা কৰিছে। এই অনুসৰি অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিৰ
ক্ষেত্ৰত ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।


কোনো সমষ্টিত পুণৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে পুনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো ভোটগ্ৰহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব। আনহাতে, ৪ জুন তাৰিখে ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সমগ্ৰ দিনটো ড্ৰাই ডে’ বাহাল থাকিব। ড্ৰাই ডে’ ঘোষণা হোৱা সময়খিনিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তৰ্ভূক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্ৰব্য মজুতকৰণ, সুৰা বিক্ৰী, মাদক দ্ৰব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বাবাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্ৰতিষ্ঠানত এই ড্ৰাই ডে’ৰ সময়ছোৱাত মদ বিক্ৰী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব। তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৱকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীন ভাৱে মাদক দ্ৰব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দেশত শান্তিপূৰ্ণ, মুক্ত আৰু সফল নিৰ্বাচন অনুষ্ঠিত কৰাতো নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনত ঘৰীয়ালৰ চকুপানী টুকে : মন্ত্ৰী পীযুষ হাজৰিকা…

ৰহাত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। আজি ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ৰহাৰ দক্ষিনপাট, হাতীচোং, মনিপুৰটোপ, মাগুৰগাঁও, গেৰজাইপাম আদিত ব্যাপক প্ৰচাৰ চলাই। পুৱা মৰিগাঁও সমষ্টিৰ প্ৰচাৰ আৰম্ভ কৰা মন্ত্ৰী হাজৰিকাই দক্ষিণপাটৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কয় – প্ৰদ্যুৎ বৰদলৈ অকমন্য লোক। মাৰ্ঘেৰিটাৰ আহি নগাঁৱত ভাড়াঘৰ আৰু হোটেলত থাকি নিৰ্বাচনত উঠিছে আৰু জয়ী হৈ ভুমিকিও নাপাৰে। তেনে প্ৰাৰ্থীক ভোট দি লাভ নাই। নিবাৰ্চনৰ সময়ত ৰাইজৰ কাষলৈ আহি ঘৰীয়ালৰ চকুপানী টুকে। সভাত অখিল গগৈক সতৰ্ক কৰি কয়-


মুছলমানৰ ভোট নালাগে বুলি কোৱা পীয়ুষ- হিমন্তই এতিয়া মুছলমানৰ শৰণাপন্ন হৈছে বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ বিৰুদ্ধে পীয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া যিহেতু আমি উন্নয়ন সকলোৱে কৰিছোঁ, গতিকে সকলোৱে পৰা ভোট বিচাৰিছো ৷ বিজেপিলৈ মুছলমানৰ সহাৰি দেখি ভয়ত কম্পমান হৈ লেপৰ তলত সোমাব লগা হৈছে লুৰিণ, অখিল ৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে পীয়ুষ হাজৰিকাক লৈ লিখা কবিতাক অকমণ্য কবি আখ্যা পীয়ুষ হাজৰীকাৰ। সকলো কবি নহয় ৰাজনৈতিকভাৱে কেইজনমান অকমণ্য কবিয়ে লিখা কবিতাক কোনেও গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আনহাতে বিয়লি ৰহাৰ মাগুৰগাৱত অনুষ্ঠিত এখন বিজেপিৰ অংশগ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই । লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুত্বত ৰহা ব্লক কংগ্ৰেছত বৃহৎ খহনীয়া। ৰহা ব্লক কংগ্ৰেছ আৰু কঠিয়াতলী ব্লক কংগ্ৰেছত মোক্ষম আঘাত হানি ৰহা ব্লক কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ ওচৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ৰহা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনাৰ্দন শইকীয়া,মাগুৰগাও পঞ্চায়তৰ সভাপতি মাইনুল হক, ৰহা যুৱ কংগ্ৰেছৰ সভাপতি ক্ষীৰোদ লস্কৰ, প্ৰাক্তন আঞ্চলিক সদস্য নজৰুল হক, কংগ্ৰেছ দলৰ প্ৰবীণ নেতা ওমৰ আলী, কঠিয়াতলী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ওমৰ আলী মোক্তাৰ হুছেইন, আব্দুল কালাম আদিৰ নেতৃত্বত ছয় শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। ছয় শতাধিক কংগ্ৰেছ নেতা কৰ্মীৰ যোগদানৰ ফলত ৰহা ব্লক কংগ্ৰেছ শূণ্য হ’ব বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।

লোকসভা নিৰ্বাচনৰ প্ৰচাত নামিল ‘ৰামচন্দ্ৰ’, কাষত ‘সীতা আৰু লক্ষ্মণ’…

লোকসভা নিৰ্বাচনৰ প্ৰচাত নামিল ‘ৰামচন্দ্ৰ’, কাষত ‘সীতা আৰু লক্ষ্মণ’

লোকসভা নিৰ্বাচনৰ প্ৰচাত নামিল ‘ৰামচন্দ্ৰ’। বিজেপি প্ৰাৰ্থী অৰুণ গোভিলক সৰু পৰ্দাত ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। সীতা আৰু লক্ষ্মণ আছিল ক্ৰমে দীপিকা চিখালিয়া আৰু সুনীল লাহৰী। ৰামৰ চৰিত্ৰটোৱে অৰুণ গোভিলক জনপ্ৰিয় কৰি তুলিছিল। এতিয়া ঘটনাক্ৰম সলনি হৈছে। সৰু পৰ্দাৰ ‘ৰামচন্দ্ৰ’ই লোকসভা নিৰ্বাচনত জয়ী হ’ব বিচাৰে। গতিকে ‘সীতা’ আৰু ‘লক্ষ্মণ’ ক লগত লৈ তেওঁ হাত জোৰ কৰি মানুহৰ আদালতত হাজিৰ হৈছে। দৰ্শকৰ মনত অৰুণ গোভিলৰ উজ্জ্বল উপস্থিতি এতিয়াও ৰামৰ অৱতাৰৰ ৰূপতে আছে। ভাৰতীয় জনতা পাৰ্টীয়ে মীৰাটত ভোটৰ ৰণ অতিক্ৰম কৰাৰ দায়িত্ব অভিনেতাজনৰ কান্ধতে অৰ্পণ কৰিছে।

দায়িত্ব পোৱাৰ পিছত অৰুণ প্ৰচাৰৰ ক্ষেত্ৰত নামি পৰিছে। বিৰোধীৰ এটা অংশই গোভিলে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ বিষয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ কৰিছে । কেৱল এয়াই নহয়, মীৰাটৰ পল্লৱপুৰমত প্ৰচাৰ চলাই থকা সময়ত অৰুণ গোভিলে প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হৈছে। অঞ্চলটোৰ বাসিন্দাসকলে ‘গো বেক’ শ্লোগানেৰে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।অৱশ্যে, অৰুণে এইবোৰ প্ৰতিবাদলৈ কেৰেপ কৰা নাই। তেওঁ ৰাইজৰ পৰা ভাল সঁহাৰি পোৱা বুলি দাবী কৰিছে।

জ্যেষ্ঠসকলেও তেওঁৰ মূৰত হাত থৈ তেওঁক আশীৰ্বাদ দিছে। এইবাৰ দীপিকা চিখালিয়া আৰু সুনীল লাহৰী তেওঁৰ কাষত থিয় হৈছে।ইয়াৰ পূৰ্বে ৰাম মন্দিৰৰ উদ্বোধনৰ সময়ত ৰাম, সীতা আৰু লক্ষ্মণে একেলগে খোজকাঢ়ি অযোধ্যা চহৰত প্ৰৱেশ কৰিছিল। দৰ্শকৰ চকু আনন্দৰ চকুপানীৰে ভৰি পৰিছিল। । ৰাজনীতিৰ লগতে, অৰুণ গোভিলে ছবিৰ বাবেও কাম কৰি আছে। তেওঁক পুনৰ ‘ৰামায়ণ’ত দেখা যাব। এইবাৰ তেওঁ নীৰজ পাণ্ডেৰ দ্বাৰা পৰিচালিত ছবিখনত দশৰথৰ চৰিত্ৰত অভিনয় কৰিছে। দৰ্শকসকলে এই ছবিখনত ৰণবীৰ কাপুৰক ৰাম চন্দ্ৰৰ চৰিত্ৰত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

মাজুলীত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিন গাৰ্গৰ আন এক বিতৰ্কিত মন্তব্য…

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আন এক বিতৰ্কিত মন্তব্য এইবাৰ শিল্পীগৰাকী চৰ্চালৈ আহিছে শ্ৰীকৃষ্ণকলৈ কৰা এক মন্তব্যৰ বাবে। মাজুলীত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিনে কয় – শ্ৰীকৃষ্ণ ভগৱান নহয় , মানুহ । পুবেৰুণ কলা পৰিষদৰ পৃষ্ঠপোষকতাত তিনিদিনীয়াকৈ গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত জুবিনে এনেদৰে কয়। অনুষ্ঠানটোৰ অন্তিম দিনা জুবিন গাৰ্গক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল আৰু এই অনুষ্তেঠানতে ওঁক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে ‘সংগীত সিন্ধু’ উপাধি প্ৰদান কৰিছিল।


অৱশ্যে, গাৰ্গে তেওঁৰ ভাষণত কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে । জুবিন গাৰ্গে সত্ৰধিকাৰসকলক ঐশ্বৰিক ব্যক্তি বুলি উল্লেখ কৰাৰ ধাৰণাক সমালোচনা কৰি কয়, “সাধাৰণ মানুহে সত্ৰধিকাৰসকলক প্ৰভু বুলি কয়। এয়া সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য কথা নহয়। কৃষ্ণ এজন পুৰুষ (মানুহ), কেতিয়াও ঈশ্বৰ নাছিল।”

ছ’চিয়েল মিডিয়াত জুবিন গাৰ্গৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মাজুলীৰ বহুলোকে জুবিন গাৰ্গৰ এনে আচৰণক সমালোচনা কৰিছে। এই ঘটনাই জুবিন গাৰ্গক পুনৰ সমালোচনাৰ মালৈ ঠেলি দিছে। বহুতে বিশিষ্ট ব্যক্তিসকলৰ দায়িত্ব আৰু আচৰণৰ বিষয়ে আলোচনাৰ কৰিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ বিহু সন্মিলনৰ দৰে গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ সময়ত জুবিন গাৰ্গে কৰা এনে মন্তব্যক বহুতে সহজভাবে ল’ব পৰা নাই।

সুস্থ আৰু এক সুন্দৰ মানসিক স্বাস্থ্যৰ প্ৰথম আৰু একমাত্ৰ উপাদানেই হৈছে মানসিক শান্তি : ৰিপণ জামান…

মানসিক শান্তিৰ ( mental peace)
ৰিপণ জামান
সুস্থ আৰু এক সুন্দৰ মানসিক স্বাস্থ্যৰ প্ৰথম আৰু একমাত্ৰ উপাদানেই হৈছে মানসিক শান্তি৷মানসিক শান্তিৰ অৱিহনে যিকোনো মুহূৰ্তত মানুহ এজনৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু জীৱনলৈ বিপৰ্যয় নামি আহিব পাৰে৷আপোনাৰ মনটোত যেতিয়া মানসিক শান্তি থাকিব তেতিয়াহে আপোনাৰ মনটো শান্ত থাকিব৷সুস্থ ভাবেই সকলো চিন্তা কৰিব পাৰিব,সঠিক সিদ্ধান্ত লব পাৰিব৷ আপুনি নিজকে সুস্থ আৰু সতেজ অনুভৱ কৰিব আৰু এক যোগাত্মক চিন্তা চৰ্চাৰ মাজেৰে জীৱনটোক আগুৱাই নিবলৈ সক্ষম হব,আপোনাৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাত আপোনাৰ সহজ হব৷ আৰু যদিহে আপোনাৰ এই মানসিক শান্তিৰ অভাৱ ঘটে মনটো আপোনাৰ অশান্ত হৈ পৰিব,অশান্ত মনটোক টেনছন আৰু stress এ হেচা মাৰি ধৰিব৷ জানেইতো stress মানেই ডায়েবেটিছ,হাই প্ৰেছাৰ,
বিভিন্ন ধৰণৰ হাৰ্টৰ সমস্যা আদিৰ আগমন হোৱাৰ সম্ভাৱনা আৰু ইয়াৰ এটায়ো যদি আপোনাক পায় তেনেহলে আপোনাৰ জীয়াই থকাৰ শেষ আনন্দ কনো কাঢ়ি নিব৷ আৰু এটা কথা ৪০ ৰ উৰ্দ্ধৰ মানুহ খিনিয়ে গাধৰ দৰে সংসাৰৰ বোজা পিঠিতলৈ তেওঁলোকে

ঘোঁৰাৰ দৰে দৌৰি ফুৰিবলগীয়া হৈছে ফলত তেওঁলোকৰ ওপৰত এই stressটো অত্যন্ত বেছিকৈ পৰে৷ গতিকে তেওঁলোকে মাজে সময়ে কেতিয়াবা এই বোজা পিঠিৰ পৰা নমাই মুক্ত বিহংগৰ দৰে ক’ৰবাত অকণমান জিৰণিৰ মাজেৰে হলেও মনটোক এই stress ৰ পৰা মুক্ত কৰাটো খুবেই প্ৰয়োজন৷ তাৰো পৰি anxiety আৰু depression তো আছেই৷মানসিক শান্তিৰ অভাৱত যিকোনো মুহূৰ্তত আপোনাৰ এই anxiety হব পাৰে বা যদি কিবাকৈ depressionৰ কবলত পৰে আপোনাৰ মানসিক স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাটা খাটাং৷ তেতিয়া কিন্ত জীৱনটোতেই হৈ যাব পাৰে খেলিমেলি৷ গতিকে মানসিক শান্তিৰ ওপৰত আমি সকলোৱে গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজন আৰু ইায়ক পাবলৈও যৎপৰোনাস্তি চেষ্টা আমি কৰিব লাগে যিহেতু এটা সুস্থ আৰু সুন্দৰ জীৱন আামৰ সকলোৰে কাম্য আৰু মানসিক অৱিহনে তেনে জীৱন লাভ কৰাটো অসম্ভৱ ৷গতিকে বুজিলেই নহয় মানসিক শান্তিৰ আমাক কিমান প্ৰযোজন৷ এই শান্তি কিন্ত বিভিন্ন জনে বিভিন্ন ধৰণে বিভিন্ন ঠাইত পাব পাৰে৷ য’তেই নাপাওক কিয় আপুনি কিন্ত ইয়াক পাবলৈ কৰাৰ চেষ্টা কৰিবই লাগিব৷ মানসিক শান্তিৰ উৎস সকলোৰে ক্ষেত্ৰত ভিন ভিন হলেও এটা ক্ষেত্ৰত কিন্ত সকলোৰে প্ৰায় একেই হয় সেইটো হ’ল নিস্বাৰ্থ ভাবে যদি আপুনি কিবা এটা ভাল কাম কৰিব পাৰে বা কাৰোবাক নিঃস্বাৰ্থ ভাবে সহায় কৰিব পাৰে তেতিয়া চাব আপুনি মনটোতে আপুনি কব নোৱাৰাকৈয়ে এক বুজাব নোৱাৰা শান্তি অনুভৱ কৰিব৷ ঠিক যিটো শান্তি মইও পাইছিলোঁ আজি কেইদিনমান আগতে৷ আচলতে সামাজিক মাধ্যমত তেওঁলোকৰ কাৰ্যসূচী দেখি কৌতূহল বশতঃ যোৱা বছৰ গৈছিলোঁ তালৈ স্ব চক্ষুৰে চাবলৈ৷আৰু সেইযে এক আকৰ্ষণ হ’ল সেই আকৰ্ষণে এইবছৰো দুবাৰমান তালৈ টানি নিছিল৷ গুৱাহাটী ভঙাগড় মেডিকেল কলেজৰ সন্মুখত ৰাজপথত ৰেইনড্ৰ’প নামৰ সংগঠন এটাৰ কেইজনমান উচ্চ শিক্ষিত যুৱকে ওৰেটো নিশা উজাগৰে থাকি মহৰ কামোৰ খাই যোৱাটো ৰমজান মাহত ছেহেৰি বা ৰাতিৰ সাজ আহাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰাৰ কাৰ্যসূচী হাতত লৈছিল৷নিতৌ ৫০০/৬০০ মানুহৰ মাজত এই আহাৰ বিতৰণ হৈছিল৷ দীঘলীয়া শাৰি পাতি ৰাতি এটা বজাৰ পৰাই মানুহে অপেক্ষা কৰিছিল নীৰৱে৷মন কৰিছিলোঁ এটা কথা লাইনত থিয় হৈ থকা পায়জামা পাঞ্জাৱী পিন্ধা দীঘল দাড়িৰে সৈতে মূৰত টুপি থকা মানুজনে কাকো সোধা নাছিল এই ভাত আঞ্জা কোনে বনাইছে বা শিৰত সেন্দূৰ লৈ ভাতসাঁজৰ বাবে ৰৈ থকা মানুহ গৰাকীয়েও বিলনীয়া সকলৰ জাতপাত ধৰ্মৰ কথা জানিব বিচৰা নাছিল৷ সকলোৱে মাথো নীৰৱে আহাৰ গ্ৰহণ কৰিছিল আৰু তৃপ্তিৰ হাঁহি এটা মাৰি তাৰ পৰা আতৰি গৈছিল৷ হয়তো খাই বৈ উঠাৰ পাছত তেওঁলোকৰ অজানিতে কৰ্মকৰ্তা সকলৰ প্ৰতি আশীৰ্বাদ এটা মনৰ পৰা ওলাই আহিছিল৷ সচা কথা কবলৈ হলে তাত বনাইছিল হিন্দুৱে বিলাইছিল মুছলমানে আৰু খাইছিল এজাক মানুহে তাত হিন্দু নাছিল মুছলমানো নাছিল৷তাত আছিল মেডিকেল কলেজৰ ৰোগী সকলৰ লগত থকা তেওঁলোকৰ আত্মীয় স্বজন,পদ পথৰ বাসীন্দা সকল,ৰাতিৰ গাড়ীচালক সকল,বিভিন্ন ধৰণৰ সুৰক্ষা কৰ্মী সকল ইত্যাদি৷

সচাই ভোকে কোনো জাতপাত ধৰ্মৰ বিচাৰ নকৰে,ভোকে মাথো বিচাৰে এমুঠ অন্ন৷সেই অন্নই এই সকল যুৱকে ইমান কষ্টৰ মাজেৰে যে বিতৰণ কৰিছে ইয়াতেই তেওঁলোকৰ মহানুভৱতাৰ পৰিচয় পোৱা যায়৷ কোনোধৰণৰ পুলিচ কৰ্মচাৰীৰ সহায় নোলোৱাকৈ শ শ মানুহৰ মাজত ইমান সুন্দৰকৈ কোনোধৰণৰ বিশৃংখলতাৰ সৃষ্টি নোহোৱাকৈ, অতি শান্তিপূৰ্ণ ভাবে এই কাৰ্যসূচী যে প্ৰতিদিনে কেনেকৈ যে সমাপ্ত হৈছিল,ভাবিলেই আচৰিত লাগে৷হয়তো সকলোৱে মিলিজুলি এনেকৈয়ে নীৰৱে একসুৰে গাইছিল মানৱতাৰ গীত,বিলাই দিছিল চৌদিশে সম্প্ৰীতিৰ বাণী৷ সেইবাবেই এয়া সম্ভৱ হৈ উঠিছিল৷এক অপুৰ্ব দৃশ্য, ভাল লগা দৃশ্য যাক নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ সমাজখনে, দেশখনে আজি ইয়াকেইতো বিচাৰে৷এনেকুৱা এটা পৰিৱেশত কাৰ বাৰু মনটো ভাল নালাগিব? ইয়াৰ আকৰ্ষণতেই দুৰ দুৰণিৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে বহুতেই আহি ইয়াৰ অংশীদাৰ হয় আৰু সহযোগ কৰি মানসিক তৃপ্তি লাভ কৰে৷ মইও তাকেই বিচাৰি তালৈ গৈছিলোঁ আৰু তাত মই যিকন সহযোগ কৰিছিলোঁ নিঃসন্দেহে সেয়া ৰামে সীতাক উদ্ধাৰ কৰিবলৈ সাগৰত সেতু বনোৱা সময়ত কেৰ্কেটুৱাই কৰা সাহায়তকৈও নগণ্য আছিল৷ কিন্ত এই নগণ্য সহযোগৰ বিনিময়ত যি শান্তি পালো সেয়া কিন্ত আজিও অমূল্য হৈ থাকিল৷ইয়াৰ বাবে নিঃসন্দেহে ৰেইনড্ৰ’পৰ কৰ্মকৰ্তা সকল ধন্যবাদৰ পাত্ৰ৷ কথা হ’ল সফলতাৰ পিছে পিছে দৌৰি থাকক কোনো কথা নাই কিয়নো সফলতাৰ উচ্চ শিখৰত যাবলৈ সকলোৱে চেষ্টা কৰে আৰু কৰাটো স্বাভাৱিক৷ কিন্ত তাকে কৰিবলৈ যাওঁতে সোৱেঁ বাওঁৱে নাচাই দিন ৰাতি অকল ঘোঁৰাৰ দৰে দৌৰি থাকিলে অত্যাধিক মানসিক চাপৰ (Stress)বাবে কম সময়ৰ ভিতৰতে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে আৰু পিছলে শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰো সম্ভাৱনা থাকে৷অৱশ্যে এই stress বা মানসিক হেচা কমাবলৈ আপুনি যোগা ,ধ্যান বা বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম আদিৰ সহায় লব পাৰে বা লগ বন্ধুৰ সৈতে হাঁহি ধেমালিৰ মাজেৰে সময় অকন পাৰ কৰিব পাৰিলেও Stress কম হয়৷গতিকে নিজকে যন্ত্ৰ নসজাই মাজেসময়ে মনটোৰ লগত শৰীৰটোকো জিৰণি দিব৷ অকণমান কষ্ট হলেও মনটোৱে ভালপোৱা ধনাত্মক কামবোৰ কৰিবলৈ চেষ্টা কৰিবচোন৷ চাব মনটোত এক শান্তি অনুভৱ কৰিব আৰু আপোনাৰ মানসিক স্বাস্থ্যও তেতিয়া ভালে থাকিব৷

গৰমৰ দিনত নিজৰ শৰীৰটো যতনৰে ৰাখিবলৈ তিয়হৰ ডিটক্স পানী খাবলৈ আৰম্ভ কৰক…

যিহেতু গৰম দিন নিচেই কাষ চাপি আহিছে, সেয়েহে আমি গৰমৰ দিনত নিজৰ শৰীৰটো যতনৰে কেনেকৈ ৰাখিম সেয়াও জানি থোৱা খুবেই প্ৰয়োজনীয়।হাইড্ৰেট হৈ থাকিব হ’লে আমি পানী খাব লাগিব। পানীৰ সৈতে তিয়হ যোগ কৰি তিয়হৰ ডিটক্স পানী তৈয়াৰ কৰি খাব পাৰিলে অত্যাধিক লাভৱান হ’বলৈ পাৰোঁ। কাৰণ তিয়হে আমাক ভিতৰৰ পৰা হাইড্ৰেট কৰি ৰাখিব পাৰে। হাইড্ৰেচনৰ উপৰিও তিয়হৰ ডিটক্স পানীয়ে আমাক ভিন্ন ধৰণৰ স্বাস্থ্য লাভালাভ প্ৰদান কৰে। উক্ত প্ৰবন্ধটোৰ জৰিয়তে জানো আহক তিয়হৰ ডিটক্স পানীৰ স্বাস্থ্যজনিত উপকাৰিতা সমূহ-

  • তিয়ঁহ  ডিটক্স পানীয়ে প্ৰদাহ হ্ৰাস কৰিব পাৰে।
  • তিয়ঁহ  ডিটক্স পানীয়ে শৰীৰৰ পি.এইচ. স্তৰ সন্তুলিত কৰাত সহায় কৰিব পাৰে।তিয়ঁহৰ ডিটক্স পানীয়ে ছালৰ স্বাস্থ্য বৃদ্ধি কৰে। তিয়ঁহৰ পানী হাইড্ৰেটিং হয় আৰু ছালৰ বৰণ আৰু গাঁথনি উন্নত কৰাত সহায় কৰিব পাৰে।
  • তিয়ঁহৰ ডিটক্স পানী এক প্ৰাকৃতিক মূত্ৰনাশক। ই প্ৰস্ৰাৱ উৎপাদন বৃদ্ধি কৰিব পাৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই অনাত সহায় কৰিব পাৰে।

  • তিয়ঁহৰ ডিটক্স পানীয়ে হজম সমৰ্থন কৰে। তিয়ঁহৰ পানীয়ে হজম কৰাত সহায় কৰিব পাৰে আৰু ফুলা হ্ৰাস কৰিব পাৰে।  
  • তিয়ঁহৰ ডিটক্স পানীয়ে ইয়াৰ এণ্টিঅক্সিডেণ্ট ৰ বাবে ক্ষতিকাৰক মুক্ত ৰেডিকেল নিষ্ক্ৰিয় কৰাত সহায় কৰিব পাৰে। তিয়ঁহৰ ডিটক্স পানীয়ে হাইড্ৰেটেড ৰখাত সহায় কৰে, যি সামগ্ৰিক স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়।
  • ই চেনীযুক্ত পানীয় সলনি এক কম কেলৰিৰ বিকল্প, যাৰ ফলত ই ওজন নিয়ন্ত্ৰণৰ বাবে উপযুক্ত হয়।
  • তিয়ঁহৰ ডিটক্স পানী পুষ্টিৰে সমৃদ্ধ, তিয়ঁহত ভিটামিন আৰু খনিজ যেনে ভিটামিন কে, ভিটামিন চি, পটাছিয়াম আৰু মেগনেছিয়াম থাকে।

বিয়াঘৰত ডিজেই পছন্দৰ সংগীত নবজোৱাৰ বাবেই কইনাৰ পিতৃক প্ৰহাৰ কৰিলে আত্মীয়ই…

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিয়া ঘৰত সকলোৱে আনন্দ মনেৰে নাচিছিল । বিয়াত ডিজেও আছিল। কিন্তু কইনাঘৰৰ মানুহে ভাবিবই পৰা কৰা নাছিল যে সেই ডিজেই কাল হ’ব। বিয়া ঘৰত ডিজেই নানা ধৰণৰ সংগীত বজাইছিল। কইনাৰ আত্মীয় একাংশই ডিজেই বজোৱা সংগীত ভালপোৱা নাছিল। এই কথাকলৈয়ে তেওঁলোকে কইনাৰ দেউতাকৰ সৈতে তৰ্কত লিপ্ত হৈছিল। এটা সময়ত সেই তৰ্কই হতাহতিৰ ৰূপ লৈছিল। একাংশ আত্মীয়ই কইনাৰ দেউতাকক গুৰুলা গুৰুলকৈ পিটিছিল। গুৰুতৰ ভাবে আহত হৈছিল কইনাৰ পিতৃ। অৱশেষত প্ৰহাৰৰ সন্মুখীন হোৱা কইনাৰ পিতৃৰ মৃত্যু ঘটে।

এই শোকাৱহ ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ আগ্ৰাত । বিয়া ঘৰত বহু মানুহৰ সমাগম ঘটিছিল। খোৱাই খাইছিল, নচাই নাচিছিল। কিন্তু তাৰ মাজতে ডিজেই ভাল গীত নবজোৱাৰ কাৰণে কইনাৰ পিতৃৰ ওপৰত জঁপিয়াই পৰে একাংশ লোক। কইনা ঘৰৰ লোকে প্ৰকাশ কৰা মতে বিয়াৰ বাবে এজন ডিজে মতা হৈছিল। এটাৰ পিছত এটা গান বজোৱা হৈছিল। কিন্তু একাংশ সমবেত লোক ডিজিৰ গান ভাল পোৱা নাছিল। তেওঁলোকে কইনাৰ দেউতাকক গান সলনি কৰিবলৈ অনুৰোধ কৰিছিল। তাতেই সমস্যাৰ আৰম্ভনি হৈছিল।অভিযুক্ত আত্মীয়সকলে গানক লৈ কইনাৰ দেউতাকৰ সৈতে তৰ্ক কৰিছিল। পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছিল। আৰু আত্মীয়ৰ প্ৰহাৰত কইনাৰ দেউতাক গুৰুতৰভাৱে আহত হৈছিল। অৱশেষ, তেওঁ প্ৰাণ হেৰুৱাইছিল। অভিযুক্তসকলে লগে লগে বিয়াৰ ঘৰৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। কইনাৰ পৰিয়ালে ফতেহাবাদ আৰক্ষী থানাত কমেও সাতজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা বিচাৰিব লাগিব, ৰামদেৱক পুনৰ নিৰ্দেশ উ চ্চতম ন্যায়ালয়ৰ…

বিপদ আঁতৰা নাই বাবা ৰামদেৱৰ। কোভিডৰ দৰবৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা ৰামদেৱক পুনৰ তিৰস্কাৰ কৰিলে আদালতে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয়-বাতৰি কাকতৰ গোটেই পৃষ্ঠাজুৰি যিমান ডাঙৰকৈ দৰবৰ বিজ্ঞাপন দিছিল। আপুনি ইমান ডাঙৰকৈ ক্ষমা বিচাৰিলেনে? বাতৰি কাকতৰ চুকত ক্ষমা বিচাৰি সৰুকৈ বিজ্ঞাপন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে যোগ গুৰু ৰামদেৱক ভৰ্ৎসনা কৰিছে। একে সময়তে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ৰামদেৱৰ এনেধৰণৰ ক্ষমা প্ৰাৰ্থনা নাকচ কৰা হৈছে। কিয়নো ৰামদেৱৰ এনে ক্ষমা প্ৰাৰ্থনা একেবাৰে আন্তৰিক নাছিল।ইয়াৰ পূৰ্বে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ৰামদেৱে আদালতৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ ক্ষমা বিচৰাৰ ধৰণটো মানি লোৱা নাই। আদালতৰ নিৰ্দেশত ৰামদেৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। মঙলবাৰে শুনানিৰ সময়ত ৰামদেৱৰ পৰামৰ্শদাতাই কয় যে যোগ গুৰুজনে ক্ষমা বিচাৰি ৬৭ খন বাতৰি কাকতত জাননী প্ৰকাশ কৰিছে। ইয়াৰ বাবে মুঠ ১০ লাখ টকাও খৰচ কৰা হৈছে। ৰামদেৱ আৰু তেওঁৰ সহায়ক আচাৰ্য বালকৃষ্ণয়ো আদালতত ক্ষমা বিচাৰিছিল। কিন্তু এনে ঘোষণাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ সুৰ একেবাৰে কোমল হোৱা নাছিল। ন্যায়াধীশ হিমা কোহলীয়ে সোধে , “ৰামদেৱৰ ক্ষমা প্ৰাৰ্থনা অতি স্পষ্টকৈ কৰা হৈছে নে? পতঞ্জলিৰ ক্ষমা প্ৰাৰ্থনাৰ জাননী বাতৰি কাকতৰ পৃষ্ঠাত ডাঙৰ আখৰত প্ৰকাশ কৰা হৈছেনে? যিমানেই টকা খৰচ নহওঁক, আমি এই বিষয়ত গুৰুত্ব নিদিওঁ। মঙলবাৰে শুনানিৰ কেইঘণ্টামান আগতে ৰামদেৱে বাতৰি কাকতত ক্ষমা বিচাৰি জাননী জাৰি প্ৰকাশ কৰিছিল । তেওঁ লগতে প্ৰতিশ্ৰুতি দিছিল যে ভৱিষ্যতে এনে ভুল নহ’ব।

ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ ! আজিৰে পৰা মুকলি ‘দর্পন’ প’র্টেল…


চলিত শিক্ষাবর্ষতো অনলাইন পদ্ধতিৰে হ’ব নামভৰ্তি
ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ
আজিৰে পৰা মুকলি হৈছে ‘দর্পন’ প’র্টেল


নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন ২ মে’
৫ মে’ৰ মাজনিশা প্রকাশ পাব মেধাৰ তালিকা
৬ৰ পৰা ৮ মে’ৰ ভিতৰত নিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠান


৯-১০ মে’ত অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব নামভর্তি পক্রিয়া
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই নির্দেশনা