Home Blog Page 900

সমষ্টি দখলৰ বাবে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ অংক…

দৰং-ওদালগুৰি লোকসভা সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। এই লোকসভা সমষ্টিটোত এইবাৰ বিজেপি,কংগ্রেছ আৰু বিপিএফ মাজত হৈছে তিনিকোণীয়া যুঁজ।

একেৰাহে পঞ্চমবাৰৰ বাবে এই সমষ্টিটো দখলৰ চেষ্টা চলাইছে বিজেপিয়ে।

সমষ্টি দখলৰ বাবে কংগ্ৰেছৰ অংক কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ ।

ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি…

অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচন ।মহকুমা বিষয়া ( অসামৰিক) আৰু ৰঙিয়া নির্বাচনী বিষয়াৰ কার্যালয়ত টোল-ফ্রী নম্বৰ ১৯৫০ আৰু মোবাইল নম্বৰ ৮৮৭৬০-৮০৪১৯ৰ জৰিয়তে

জনসাধাৰণৰ যিকোনো সমস্যা সমাধানৰ বাবে যিকোনো সময়ৰ বাবে নিয়ন্ত্রণ কক্ষ আৰু অভিযোগ নিৰাময় ব্যৱস্থা সক্ৰিয় কৰা হৈছে। মুঠ ৪৭৬টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। যাৰ ২৫২টা ভোটকেন্দ্র ৩১নং ৰঙিয়া বিধানসভা

সমষ্টিৰ অন্তর্গত আৰু ২২৪টা ভোটকেন্দ্র ৩২নং কমলপুৰ বিধানসভাৰ সমষ্টি অন্তর্গত হোৱাৰ লগতে ২৬২টা কেন্দ্রত কৰা হ’ব ৱেবকাষ্টিং ।

নিৰ্বাচনৰ মাজতে মণিপুৰত ভয়ংকৰ বিস্ফোৰণ…

নিৰ্বাচনৰ মাজতে মণিপুৰত ভয়ংকৰ বিস্ফোৰণ
বোমাৰে উৰুৱাই দিয়া হ’ল থংগাইবি দলং


নিশা ১২ বজাত সংঘটিত হয় বোমা বিস্ফোৰণটো
২নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰমেইনা-লাইখা সংযোগী দলঙত বিস্ফোৰণ


কুকি অধ্যুষিত অঞ্চলটোত অব্যাহত আছে প্রচণ্ড গুলীয়াগুলী
নাগালেণ্ড আৰু মণিপুৰৰ মাজত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যাতায়াত

বাঘবৰৰ মন্দিয়া আৰক্ষী চকীত লকআপৰ ভিতৰত অভিযুক্তৰ ৰহস্যজনক মৃত্যু…

বাঘবৰৰ মন্দিয়া আৰক্ষী চকীত লকআপৰ ভিতৰত অভিযুক্তৰ ৰহস্যজনক মৃত্যু।

SBIৰ CSPত চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত কৰিছিল আটক কৰিছিল বৰদলনীৰ লুৎফৰ ৰহমান ওৰফে ৰিংকুক।

আৰক্ষী চকীৰ লকআপৰ ভিতৰতে ৰহস্যজনকভাৱে মৃত্যু লুৎফৰৰ। ইয়াৰ পাছতে থানা ঘেৰাও কৰি প্ৰতিবাদ দল-সংগঠনৰ।

গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক…

গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক।

কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক।

মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো।

একলাখটকীয়া দৰমহাৰ চাকৰিৰ ত্যাগ কৰি, ১১ বছৰীয়া কন্যাৰ সৈতে সন্ন্যাস গ্ৰহণ

ৰাজস্থানৰ প্ৰতাপগড়ত এগৰাকী মাতৃয়ে তেওঁৰ ১১ বছৰীয়া কন্যাৰ সৈতে সাংসাৰিক জীৱন ত্যাগ কৰি আৰু সন্ন্যাসী জীৱন গ্ৰহণ কৰিছে। দুয়োগৰাকীয়ে সাংসাৰিক জীৱন ত্যাগ কৰি দীক্ষা লৈছে। মাতৃ প্ৰীতি বেনৰ বয়স ৪০ বছৰ, আনহাতে কন্যা চাৰাৰ বয়স মাত্ৰ ১১ বছৰ। প্ৰীতি বেন আৰু চাৰাই ছোটি সাদৰীত আয়োজিত কাৰ্যসূচীত বহুতো সাধ্বীৰ উপস্থিতিত দীক্ষা গ্ৰহণ কৰিছে। প্ৰীতি বেনে কৈছে যে এবছৰ পূৰ্বে তেওঁ কন্যাৰ সৈতে ধৰ্মীয় ভাষণ শুনিবলৈ গৈছিল। জীৱনৰ পৰা প্ৰলোভন আদি এৰি দিয়াৰ ধাৰণাটো তেতিয়াই আহিছিল। প্ৰীতি বেন এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী। তেওঁৰ দৰমহা মাহে এক লাখ টকা। প্ৰথমে তেওঁৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু পিছলৈ গোটেই পৰিয়ালটোৱে মাতৃ আৰু কন্যাৰ ভক্তিৰ পথ অনুসৰণ কৰাৰ অভিপ্ৰায়ত সন্মত হয়।

কিছুদিন পূৰ্বে গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ ২০০ কোটি টকাৰ সম্পত্তি দান কৰি সন্ন্যাস গ্ৰহণ গ্ৰহণ কৰিছিল। ধনী ব্যৱসায়ীজনৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ এজন জৈনধৰ্মী লোক । ভৱেশ আৰু তেওঁৰ পত্নীয়ে এক অনুষ্ঠানক তেওঁলোকৰ সম্পূৰ্ণ সম্পত্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ আগতে ২০২২ চনত দম্পতীহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰই জৈনধৰ্মীসকলৰ সান্নিয়া ছত্ৰলৈ গৈছিল।

তেওঁলোকে তেওঁলোকৰ কন্যা আৰু পুত্ৰৰ কৰ্মত অনুপ্ৰাণিত হৈ সকলো সম্পত্তি দান কৰাৰ সিদ্ধান্ত লয়।ভবেশ গুজৰাটৰ হিম্মতনগৰৰ এজন ব্যৱসায়ী। তেওঁ নিৰ্মাণখণ্ডৰ ব্যৱসায়ৰ সৈতে জড়িত । তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। তেওঁ সেই সকলো সম্পত্তি দান কৰিব । তেওঁলোক দুয়োএতিয়া সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিব। তেওঁলোকে সম্পত্তি দান কৰাৰ আনুষ্ঠানিকতা ২২ এপ্ৰিলত সম্পন্ন কৰাৰ কথা আছে।

সেই দিনাৰ পৰাই ভৱেশ আৰু তেওঁৰ পত্নীয়ে সকলো সাংসাৰিক সম্পৰ্ক ছিন্ন কৰিব। তেওঁলোকে বস্তুবাদী চিন্তাধাৰাও এৰিব পেলাব । দীক্ষা লোৱাৰ পিছত তেওঁলোকে সমগ্ৰ ভাৰতত খালি ভৰিৰে ভ্ৰমণ কৰিব আৰু কেৱল ভিক্ষা কৰি জীয়াই থাকিব । জৈন ধৰ্মত দীক্ষাৰ অৰ্থ হৈছে বিলাসিতা পৰিহাৰ কৰা।যোৱা বছৰ, গুজৰাটৰ এজন কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে একে ধৰণৰ পদক্ষেপ লৈছিল।

ইয়াৰ পূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ধনী ব্যৱসায়ী সুমিত ৰাঠৌৰ আৰু পত্নী অনামিকাই ১০০ কোটি টকাৰ সম্পত্তি দান কৰি সংবাদ শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ তিনি বছৰীয়া ছোৱালীজনীক ককা-আইতাকৰ সৈতে এৰি তেওঁলোকে ভিক্ষাৰ পাত্ৰ লৈ ৰাস্তাত নামিছিল ।

গ্ৰাম্য অঞ্চলৰ এখন বিদ্যালয়ৰ সফলতা, ১৯ গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ,এজনে ডিষ্ট্ৰিংচন, দুজনে ষ্টাৰ


সদ্য ঘোষিত ৰহাৰ এখন গ্ৰামাঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ৰ ফলাফলে অঞ্চল বাসীক দিছে আনন্দ। ১৯৬৬ চনতে স্থাপন কৰা দীঘলদৰি কাকতি গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৯ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এজনে ডিষ্ট্ৰংচন আৰু দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ সহ উৰ্ত্তীণ হৈছে। উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ।

গ্ৰামাঞ্চলত স্থাপন হোৱা বিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ পৰা সকলো ৰেকৰ্ড ভংগ কৰি সৰ্বোচ্চ ফলাফলে বিদ্যালয় খনৰ শিক্ষক- ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে সন্তূষ্টি প্ৰকাশ কৰে ।আজি বিদ্যালয় খনত এক উৎসৱ মুখৰ পৰিবেশত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰাও কৃতকাৰ্য হোৱা ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰাক্তন শিক্ষক, শিক্ষয়িত্ৰী, পৰিচালনা আৰু উন্নয়ন সমিতিৰ লগতে ৰহা ৰিজনেন্স বিদ্যাপীঠৰ ৰেক্টৰকে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে ।

বেলেন’ বাহনেৰে গৰু চুৰ কৰিবলৈ আহি কলিয়াবৰত গৰুচোৰৰ বিলৈ

কলিয়াবৰৰ শালনা চাহ বাগিচাৰ লেংটেঙত নিশা উত্তপ্ত পৰিস্থিতি। বিলাসী বাহনত গৰু চুৰি কৰি ৰাইজৰ ৰোষত গৰু চোৰৰ দল। উত্তেজিত লোকে ভাঙিলে বিলাসী কিয়া আৰু বেলেন’ বাহন। ৰাইজৰ প্ৰহাৰত আহত দুজন গৰুচোৰ।
সোমবাৰে নিশা কলিয়াবৰৰ শালনা আৰক্ষী চকীৰ অধীনস্থ ২ নং হাচপানীৰ মাজলী গড় নামৰ মহিলা গৰাকীৰ ঘৰৰ পৰা ৫টাকৈ গৰু চুৰি কৰি উধাও হ’বলৈ লওঁতেই স্থানীয় লোকে গম পায় পিছ লয় গৰু চোৰৰ দলৰ।

স্থানীয় ৰাইজৰ খেদাত বিলাসী বাহনৰে তীৱ্ৰ গতিত পলাবলৈ চেষ্টা কৰোতেই লেংটেং চাহ বাগিচাৰ শালবাৰীত বিপৰীত দিশৰ পৰা আহি থকা এখন খালী মালবাহী বাহনত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় কিয়া বাহনখন। লগে-লগে কিয়া বাহনখনৰ পৰা চোৰকেইটা ওলাই পলাবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় দুটা গৰু চোৰক। উত্তেজিত ৰাইজে ধ্বংসপ্ৰাপ্ত কৰে এই এছ ০৩ এ কে ৫১৫৭ নম্বৰৰ কিয়া (KIA) বাহনখন। একে সময়তে গৰু চুৰি কৰি অনা এখন নম্বৰ প্লেট বিহীন বেলেন’ বাহনৰো ক্ষতিসাধন কৰে ৰাইজে। কিন্তু পলাই সাৰে বেলেনোখনত অহা গৰু চোৰৰ দলৰ কেইবাজনো সদস্য।

কিয়া বাহনখনৰ পৰা ২টা আৰু বেলেনো বাহনখনৰ পৰা ৩টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে, উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত হোৱা গৰু চোৰ দুটাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ধৃত গৰু চোৰ দুটা বৰঘাট চামগুৰিৰ বাহাৰুল ইছলাম আৰু কনুৱামাৰীৰ চৰিফুল ইছলাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

সুৰেশ বৰা মাটিৰ মানুহ প্ৰদ্যুত বৰদলৈ চাহাব মানুহ: হিমন্ত বিশ্ব শৰ্মা

নগাঁও লোকসভা সমষ্টিৰ জুৰীয়াত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লোকসভা সমষ্টিটো বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে । ৰে’ল গাড়ীৰ আগত যদি মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থাকে লগত যদি সুৰেশ বৰা থাকে উন্নয়নৰ ৰেলগাড়ীখন ১২০ কিলোমিটাৰ গতিত দৌৰিব কিন্তু পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন থাকে কাম হ’ব নেকি বুলি মূখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰশ্ন কৰে।

বিশ সহস্ৰাধিৰ ভোটাৰ ৰাইজ উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়- কংগ্ৰেছে এটা সময়ত কৈছিল মোদী যদি প্ৰধান মন্ত্ৰী হয় দেশত নামাজ, ঈদ বন্ধ হৈ যাব । এতিয়া দেশত নামাজ, ঈদ বন্ধ হৈছে নেকি? সুৰেশ বৰা হৈছে মাটিৰ মানুহ প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাব মানুহ । তেওঁ লণ্ডন ইংলেণ্ডত নিৰ্বাচন খেলাৰহে যোগ্য বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । গড়াখহনীয়াত মাটি ভেটি হেৰুওৱা সকলো মানুহে মাটিৰ পট্টা পাব । ইয়াকে কয় মোদী কা গেৰাণ্টি মামা কা ৱাৰেণ্টি । প্ৰদ্যুৎ বৰদলৈয়ে ভাবে অসমৰ মানুহ পাগল হৈছে ।

টেঙা আমতো মানুহে বহুত বাৰ খালে এই বাৰ মিঠা আমৰ সোৱাদ লওক। প্ৰদ্যুৎ বৰদলৈয়ে তিনিমাহ ধৰি মোৰ লগত যোগাযোগ কৰিছিল বিজেপিৰ টিকট বিচাৰি । প্ৰদ্যুৎ বৰদলৈয়ে জিকিলেও বিজেপিলৈ গুচি যাব গতিকে পিছফালৰ পৰা ভোট দিয়াতকৈ চিধা বিজেপিত ভোট দিয়ক । কংগ্ৰেছৰ দিনত অঙ্গনবাদী চাকৰিৰ বাবেও ৫ লাখ টকা ঘোচ দিব লাগিছিল কিন্তু বিজেপিৰ দিনত দালালি কমি গৈছে আৰু ৰাইজে বিনা পইছাত চাকৰি পাইছে । নিৰ্বাচনৰ পিছতে জুৰীয়া অঞ্চলৰ সকলো পথৰ উন্নতিকৰণ কৰি যাতায়ত ব্যৱস্থা সুগম কৰি তোলাৰো আস্বাস প্ৰদান কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে । জুৰীয়াৰ বিশাল নিৰ্বাচনী সভাখনত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক উন্নয়নৰ চমক দেখুৱাই মঞ্চত নাচি নাচি ৰাইজক নচোৱাই বি. জে. পি. প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ভোট বিচাৰিলে ।

কংগ্ৰেছে ৰাইজৰ কাম কৰিব নোৱাৰি ভয় খোৱাই সংখ্যালঘু ৰাইজৰ ভোট বিচাৰে বুলি মূখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । কংগ্ৰেছৰ দিনত অৰুনোদয় আঁচনি দিছিল নেকি বুলি প্ৰশ্ন কৰি বি জে পি প্ৰাৰ্থী গৰাকী জয়ী হ’লে ৰূপহীহাটৰ ৰেচন কাৰ্ড থকা সকলো মহিলাই অৰুনোদই পাব বুলি সভাত মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । ৰূপহীহাটৰ সুতিৰপাৰত এখন ক’ল্ডষ্টৰেজ, জুৰীয়া উন্নত মানৰ চিকিৎসালয় আৰু এখন ষ্টেডিয়াম আৰু চহৰাঞ্চলত মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত ৰাইজ উৎফুল্লিত হৈ পৰা দেখা যায় ।

তদূপৰি নিৰ্বাচনৰ পিছত মটৰ চাইকেলেৰে জুৰীয়া অঞ্চলত পৰিভ্ৰমণ কৰি বিধ্বস্ত ৰাস্তা-ঘাট শীঘ্ৰেই নিৰ্মাণ কৰাৰ ব্যাপক উন্নয়নৰ চমকৰে মূখ্যমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণ প্ৰদান কৰে । সভাত নগাঁও জিলা বি. জে. পি. সভাপতি অভিজিত কুমাৰ নাথ বিধায়ক জিতু গোস্বামী, প্ৰাৰ্থী সুৰেশ বৰা, বিজেপি নেত্ৰী ছালমা জেছমিন, বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নাজিৰ হুছেইন, পাচমণ্ডা মঞ্চৰ ৰাজ্যিক সভাপতি আবুল হুছেইন, যুৱনেতা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী আনোৱাৰ হুছেইন (ডন), প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান, অসম গণ পৰিষদৰ ৰূপহীহাট বিধান পৰিষদৰ সভাপতি জাকিৰ হুছেইন, নগাঁও জিলা সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে ।

মেট্ৰিকত ধনশিৰি মহকুমাৰ শীৰ্ষস্থান দৰ্শিতা দত্তক আপকু’ৰ সম্বৰ্ধনা

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ বৰপাভজান গাঁৱৰ নিৱাসী অপূৰ্ব দত্ত আৰু ৰিজুমণি দত্তৰ কন্যা দৰ্শিতা দত্তই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধনশিৰি মহকুমাৰ ভিতৰত ৫৬৭ নম্বৰ লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰি মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনে।

অসমৰ সাংবাদিক সকলৰ অন্যতম সংগঠন আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু’ৰ ধনশিৰি মহকুমা সমিতিৰ এটা প্ৰতিনিধি দল দৰ্শিতা দত্তৰ বাসগৃহত উপস্থিতি হৈ দৰ্শিতাক ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত আপকু’ৰ প্ৰতিনিধি দলটোৱে দৰ্শিতাৰ পিতৃ মাতৃকো শুভেচ্ছা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত আপকু’ ধনশিৰি মহকুমা সমিতিৰ সভাপতি তুলসী চুতীয়া, সম্পাদক অনুজ বৰা, প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ মহন্ত, বিপুল শৰ্মা, কোষাধক্ষ্য বিবেকানন্দ দত্ত আৰু কাৰ্যনিৰ্বাহক সদস্য দেৱাশীষ শৰ্মা উপস্থিত থাকে।অনুষ্ঠানত ধনশিৰি মহকুমাৰ বিশিষ্ট সমাজকৰ্মী ভুৱন দত্ত, সাংস্কৃতিক কৰ্মী তৰুণ শৰ্মা উপস্থিত আছিল।