Home Blog Page 918

টুপামাৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ সহ ৪ জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

টুপামাৰী আৰক্ষীৰ বৃহৎ সফলতা, নিশা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ সহ ৪ জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলা অভিযানত ৭১ টাকৈ নিচাজাতীয় দ্ৰব্য কফ চিৰাপৰ বটল জব্দ কৰাৰ লগতে দুখনকৈ বাইক আৰু ৫ টাকৈ মোবাইল ফোনো জব্দ কৰে।

আৰক্ষীৰ জালত পৰে ক্ৰমে…টুপামাৰী গাঁৱৰ নুৰ আলম, ৰবিউল হুছেইন, ৰঙ্গেশ্বৰী পাম গাঁৱৰ সুৰুজ জামাল আৰু ৰঙ্গেশ্বৰী গাঁৱৰ নজৰুল ইছলাম ধৃত নিচাজাতীয় কফ চিৰাপ সৰবৰাহকাৰী কেইজনে দীৰ্ঘদিনৰে পৰা টুপামাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমুহত নিৰ্বিঘ্নে চলাই গৈছিল নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা ।

টুপামাৰী আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে লগতে টুপামাৰী অঞ্চলটোক ড্ৰাগছ মুক্ত কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নেতৃত্বত প্ৰচাৰ কাৰ্যসূচী…

ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নেতৃত্বত ব্যাপকভাৱে চলি আছে প্ৰচাৰ কাৰ্যসূচী। আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাকুমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক লোকৰ উপস্থিতিত এখন প্ৰচাৰ সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

এই সভাখনত পাঁচশতকৈও অধিক লোকে আম আদমি পাৰ্টীত যোগদান কৰে। এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত ঢৌ বৈছে আম আদমি পাৰ্টীৰ।

ঝাড়ুৰে বিজেপিক এফালৰ পৰা চাফা কৰিবলৈ আমি ওলাই আহিছোঁ। অসমীয়াৰ আৱেগক লৈ কুটিল ৰাজনীতি কৰে বিজেপিয়ে,ৰাইজ সাৱধান।ক’লা-বগা,হিন্দু-মুছলমানৰ ৰাজনীতিৰ মেৰপাকত নপৰিব তিনিচুকীয়াত AAPৰ জনসভাত হুংকাৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

গোসাইগাঁৱৰ ‘কানেক্সন পয়েন্ট একাডেমী’ৰ অনন্য নজিৰ ! ৪৩ গৰাকী যুৱক -যুৱতীয়ে লাভ কৰিলে Five star hotelত কৰ্ম সংস্থাপন…

গোসাইগাঁৱৰ ‘কানেক্সন পয়েন্ট একাডেমী’ৰ অনন্য নজিৰঃ
৪৩ গৰাকী যুৱক -যুৱতীয়ে লাভ কৰিলে Five star hotelত কৰ্ম সংস্থাপনঃ

যি সময়ত কৰ্মসংস্থাপনৰ অভাৱত নিবনুৱা যুৱক যুৱতী সকলে চৰম উৎকন্ঠা আৰু উদ্বিগ্নতাৰ মাজত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। ঠিক তেনে সময়ত অলপতে শ্রীৰামপুৰত স্হাপন হোৱা কানেক্সন পয়েন্ট একাডেমী নামৰ বেচৰকাৰী সংস্থাটোৱে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৪৩ গৰাকী কৈ যুৱক-যুৱতীয়ে এইটো প্ৰতিষ্ঠানত ছমাহৰ প্ৰশিক্ষণৰ জৰিয়তে নিজকে দক্ষতাসম্পন্ন গঢ়ি তুলিবলৈ সক্ষম হয়।

প্ৰশিক্ষিত সেই সকল যুৱক যুৱতীয়ে যোগ্যতাৰ ভিত্তিত দেশৰ বিভিন্ন অঞ্চলৰ পঞ্চ তাৰকা যুক্ত হোটেলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কেইবা মাহ আগতে প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালিকা তথা প্ৰাক্তন বিমান সেৱিকা মুনমুন সিংহ চৌধুৰী এই প্ৰতিষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে শ্ৰীৰামপুৰ সমষ্টিৰ এম চিএলএ সজল কুমাৰ সিংহক ল’গ ধৰি বিস্তাৰিত অৱগত কৰে। সজল সিংহই অতিকৈ পিছপৰা সীমান্ত অঞ্চলৰ নিবনুৱা যুৱক- যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকুলি হোৱাৰ বিষয়ে জানিব পাৰি যথেষ্ট আগ্ৰহ দেখুৱাই শ্ৰীৰামপুৰত এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয় স্থাপনৰ সক্রিয় পদক্ষেপ গ্ৰহণ কৰে।

সজল সিংহৰ হস্তক্ষেপত গঢ়ি উঠা কানেক্সন পয়েন্ট একাডেমীত অঞ্চলৰ যুৱক- যুৱতীক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দি পাৰদৰ্শী কৰি কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন অঞ্চলৰ পঞ্চ তাৰকা যুক্ত হোটেলত ৰিচিপশ্যনিষ্ট হিচাপে নিযুক্তি লাভ কৰা সকলক আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠানটোৰ পৰা বিদায় জনাই তেওঁলোকৰ অভিভাৱকৰ উপস্থিতিত সজল ফাউণ্ডেছনৰ মুখ্য পৰিচালন সঞ্চালক সজল কুমাৰ সিংহই নিযুক্তি পত্ৰ সমূহ যুৱক যুৱতীৰ হাতত তুলি দি তেওঁলোকৰ ভৱিষ্যত মংগল কামনা কৰে ।

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাৰ ধেমধেমাত উদ্ধাৰ মাৰনাস্ত্ৰ…

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাৰ ধেমধেমাত উদ্ধাৰ মাৰনাস্ত্ৰ |

আৰক্ষীৰ অভিযানত ৫ জাঁই কৈ সজীৱ গুলি সহ জব্দ 7.65 এম এম পিষ্টল |

নিশা আৰক্ষীৰ অভিযানত পিষ্টল সহ আটক এজন যুৱক

আটকাধীন যুৱক জন হাফিজুদ্দিন সেখ বুলি জানিব পৰা গৈছে |

যুৱকজনৰ কৱলৰ পৰা আৰক্ষীয়ে জব্দ কৰে AS16 D – 9138 নম্বৰ হুণ্ডাই ছেন্ট্ৰ’ বাহন |

যুৱক জনৰ ঘৰ ফকিৰাগ্ৰামত |

আটকাধীন যুৱক জন কোনো সন্ত্ৰাসবাদী নে ডকাইতি কাণ্ডৰ সৈতে জড়িত সেয়া পোহৰলৈ অহা নাই |

আৰক্ষীৰ তদন্ত অব্যাহত |

অৰুণাচলৰ ঠাইৰ নাম সলনি কৰাৰ বাবে চীনক সমালোচনা কিৰেন ৰিজ্জুৰ ! বিনিময়ত ৬০ টা তিব্বত স্থানৰ নাম সলনি কৰাৰ প্ৰস্তাৱ অসমৰ মুখ্যমন্ত্ৰীৰ…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে ভাৰতে চীনৰ তিব্বতী অঞ্চলৰ ৬০ টা স্থানৰ নাম সলনি কৰি টিট ফৰ টেট এক্সাৰচাইজ কৰিব লাগে, আনহাতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে চীনৰ এই দাবীয়ে “ভূমিৰ বাস্তৱতা আৰু ঐতিহাসিক তথ্য সলনি নকৰে”।

শেহতীয়াকৈ বেইজিঙে অৰুণাচল প্ৰদেশৰ ৩০ খন ঠাইৰ নাম চীনা ভাষাত সলনি কৰি এখন মানচিত্ৰ উলিয়াইছে।

অৰুণাচলৰ ঠাইৰ নাম সলনি কৰাৰ বাবে চীনে কৰা ‘অৰ্থহীন প্ৰচেষ্টা’ ভাৰতে দৃঢ়তাৰে নাকচ কৰিছে

‘ভাৰত চৰকাৰক মোৰ অনুৰোধ যে আমি চীনৰ তিব্বতী অঞ্চলৰ ৬০টা ভৌগোলিক নাম দিব লাগে। ই সদায় টিট ফৰ টেট হ’ব লাগে কিন্তু মই মন্তব্য দিব নিবিচাৰো কাৰণ ই ভাৰত চৰকাৰৰ নীতিগত সিদ্ধান্ত, কিন্তু যদি তেওঁলোকে ৩০ৰ নাম লয় তেন্তে আমি ৬০ৰ নাম লওঁ।’ কেন্দ্ৰীয়ত বিজেপিৰ নিৰ্বাচনী বৈঠকৰ পিছত সাংবাদিকৰ আগত অসমৰ মুখ্যমন্ত্ৰীই এইদৰে কয় অসমৰ কাৰ্বি আংলং।

Chinese military behind galvan plot

তেওঁৰ অৰুণাচল প্ৰদেশৰ সমকক্ষ পেমা খাণ্ডুৱে চীনৰ মানচিত্ৰখনক “চীনৰ পৰা আন এক ছলনা” বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

‘ভাৰতৰ গৌৰৱান্বিত নাগৰিক আৰু অৰুণাচল প্ৰদেশৰ বাসিন্দা হোৱাৰ বাবে অৰুণাচল প্ৰদেশৰ ভিতৰৰ ঠাইৰ নামকৰণৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছো যিটো ভাৰতৰ এক অবিচ্ছেদ্য অবিচ্ছেদ্য অংগ হৈ আহিছে। অৰুণাচল প্ৰদেশৰ গৌৰৱান্বিত নাগৰিক আৰু দেশপ্ৰেমিকসকলে এনে ঠাট্টা-মস্কৰাক নাকচ কৰিছে।’-এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে।

৩০ মাৰ্চত খাণ্ডুই বিনা প্ৰতিদ্বন্দ্বিতাৰে মুক্ত বিধানসভাৰ আসনত জয়লাভ কৰে। বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ আন ৯ গৰাকী প্ৰাৰ্থীয়েও নিজ নিজ আসনত জয়লাভ কৰে।

১৯ এপ্ৰিলত নিৰ্বাচনলৈ যোৱা অৰুণাচল পশ্চিম সংসদীয় সমষ্টিটো ধৰি ৰাখিবলৈ বিচৰা পৃথিৱী বিজ্ঞান আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী কিৰেন ৰিজিজুৱেও নিজৰ গৃহ ৰাজ্যত চীনৰ “অবৈধভাৱে মানক ভৌগোলিক নাম”ক গৰিহণা দিয়ে।

“চীনে সকলো ভিত্তিহীন দাবী কৰি আহিছে কিন্তু ইয়াৰ ফলত স্থল বাস্তৱতা আৰু ‘ঐতিহাসিক তথ্য’ সলনি নহ’ব। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু সকলো মানদণ্ড আৰু সংজ্ঞাৰে অৰুণাচলৰ জনসাধাৰণ পৰম দেশপ্ৰেমিক ভাৰতীয়।’

৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ’ল টাইৱান…

  • ২৫ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী ভূমিকম্প
  • টাইৱানত উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছুনামীৰ আশংকা

  • টাইৱানৰ লগতে জাপান ফিলিপাইনছতো ছুনামীৰ আশংকা

  • ৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ’ল টাইৱান। ফলত টাইৱানৰ একাধিক অঞ্চলত বিস্তৰ ক্ষতিৰ খবৰ পোৱা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে বিভিন্ন ভিডিঅ’।

FICCI মহিলা সংস্থাৰ নতুন সভাপতিৰ পদত নিৰ্বাচিত হ’ল জয়শ্ৰী দাস বাৰ্মা…

FICCI মহিলা সংস্থাৰ নতুন সভাপতিৰ পদত নিৰ্বাচিত হ’ল জয়শ্ৰী দাস বাৰ্মা

FICCI FLO নৰ্থ ইষ্ট চেপ্তাৰৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয় শ্বেতা জিন্দাল

আগন্তুক ২০২৪-২৫ বৰ্ষৰ বাবে দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি মহিলা নেতৃত্বাধীন আৰু মহিলাকেন্দ্ৰিক ব্যৱসায়িক চেম্বাৰ FICCI FLO লেডিজ অৰ্গেনাইজেশ্যন (এফএলঅ’)ৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে জয়শ্ৰী দাস বাৰ্মাই। কৰ্পৰেট আৰু উদ্যোগ খণ্ডত বিগত ২৫ বছৰীয়া যাত্ৰাত জয়শ্ৰী দাস ভাৰ্মাই এক বৈচিত্ৰময় পেছাদাৰীৰ ভূমিকা পালন কৰি আহিছে। উল্লেখ্য যে, তেওঁ উত্তৰ-পূব ভাৰতৰ বাবে ইজৰাইলৰ সন্মানীয় কনছুলৰ পদত অধিষ্ঠিত হোৱাৰ লগতে কাপ্ৰো মেনেজমেণ্ট ছলিউচনছ প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা, তদুপৰি তেওঁৰ প্যান-ইণ্ডিয়া উদ্যোগী এইচ আৰ কনছালটিং কোম্পানীৰ তেওঁ সহ-প্ৰমোটাৰ।


উত্তৰ-পূব ভাৰতত ইজৰাইলৰ সন্মানীয় কনছুল হিচাপে জয়শ্ৰী দাস ভাৰ্মাই ভাৰত আৰু ইজৰাইলৰ মাজত কৌশলগত সম্পৰ্ক আগুৱাই নিয়া আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ সমগ্ৰ আঠখন উত্তৰ পূব ৰাজ্যতে কৃষি, জল, তথ্য-প্ৰযুক্তি, প্ৰযুক্তি, স্বাস্থ্য, উদ্ভাৱন, পৰ্যটন আৰু বাণিজ্য আদি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তেওঁ কয়, “মই FICCI FLO ৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে নেতৃত্ব দিবলৈ সন্মানিত হৈছো। ”সামূহিক দৃষ্টিভংগী, ২০২৪-২৫ বৰ্ষৰ বাবে সহযোগিতামূলক কাৰ্য্য”- বিষয়বস্তুৰ অধীনত আমাৰ প্ৰচেষ্টা হৈছে বহনক্ষম অগ্ৰগতিৰ বাবে উৎসৰ্গিত এক শক্তিশালী, অন্তৰ্ভুক্ত সম্প্ৰদায় গঢ়ি তোলা, ব্যক্তিগত বৃদ্ধিৰ পোষকতা কৰা, আৰু প্ৰভাৱশালী পৰিৱৰ্তনক প্ৰেৰণা যোগোৱা,” ।

নতুন দিল্লীৰ FICCI হাউচত অনুষ্ঠিত এক অনুষ্ঠানত FICCI FLO উত্তৰ-পূব চেপ্তাৰৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে শ্ৰীমতী শ্বেতা জিন্দালে। শ্বেতা জিন্দল গুৱাহাটীৰ এগৰাকী আগশাৰীৰ উদ্যোগী মহিলা । ইয়াৰ উপৰিও বেচৰকাৰী সংস্থা আৰ্ট অৱ লিভিঙৰ জ্যেষ্ঠ শিক্ষক। তেখেতে এটা হেপিনেছ চেণ্টাৰ চলাই নিয়াৰ উপৰিও তেওঁ এগৰাকী পেছাদাৰী আৰ্ট কিউৰেটৰ আৰু তেওঁৰ নিজাকৈ এটা আৰ্ট গেলেৰী আছে। য’ত তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত কলাৰ হস্তশিল্প আৰু আচবাবসমূহ ৰাখে।
২০২৪-২৫ চনৰ কাৰ্যকালৰ বাবে একাধিক অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে, যিয়ে FLO ক মহিলা সবলীকৰণৰ লক্ষ্যৰ দিশত আৰু অধিক আগবাঢ়ি যোৱাত সহায় কৰিব। এই অনুষ্ঠানসমূহে বিভিন্ন খণ্ডৰ মহিলাসকলৰ বাবে নেটৱৰ্কিং, দক্ষতা বিকাশ, আৰু উদ্যোগীকৰণ বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

ছাত্ৰী সকললৈ সুখবৰ ! কলেজত অধ্যয়ন কৰা ছাত্ৰীসকলে পাব ২৫ হাজাৰ টকা…


কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ। এতিয়াৰে পৰা ২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ। অকল সেইয়াই নহয় নামভৰ্তিও সম্পূৰ্ণ বিনামূলীয়া হব ছাত্ৰী সকলৰ। এতিয়াৰে পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীৰ একাউন্টত ১০ হাজাৰ টকা, ডিগ্ৰীলৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ১২ হাজাৰ পাঁচশ টকা আৰু বিশ্ববিদ্যালয়লৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ সুমুৱাই দিব চৰকাৰে।


বৰপথাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক প্ৰচাৰ সভাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।


নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে টেঙানিবাসীৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো এখনকৈ ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাচা জয়ী হব বুলিও মন্তব্য কৰে।

মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন ‘বি’ ৰ সুপ্ৰভাৱ…

গৱেষকৰ অধ্যয়নৰ পৰা জনা যায় যে বিবিধ ফলৰ তুলনাত খেজুৰত পুষ্টিদ্ৰব্য অধিক নাথাকে। কিন্তু যিকেইবিধ পুষ্টিদ্ৰব্য থাকে, সেয়া সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। খেজুৰত অধিক পৰিমাণৰ শৰ্কৰা থাকে বাবেই খাবলৈ অধিক সুস্বাদু হয়। ইয়াৰ গুণসমূহ এনেধৰণৰ-

  • খেজুৰত অধিক পৰিমাণে আঁহযুক্ত পদাৰ্থ থাকে বাবেই কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে খেজুৰ ভক্ষণ কৰিলে পেট সম্পূৰ্ণ খোলোচা হৈ যায় আৰু পেটৰ অন্যান্য অসুখো নিৰাময় কৰে।
  • খেজুৰে কলাইটিছ, ক’ল’ন কেন্সাৰক প্ৰতিহত কৰিব পাৰে।
  • মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন বি য়ে সুপ্ৰভাৱ পেলায়।
  • খেজুৰত উপলব্ধ মেগনেছিয়ামে হৃদপিণ্ডৰ বিভিন্ন অসুখ, বহুদিনীয়া পুৰণি বাতবিষ, ডায়েৰীয়া আৰু পুষ্টিদ্ৰব্যৰ অভাৱত ঘটা ৰক্তহীনতা ৰোগত বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিয়ে।

  • খেজুৰৰ মেগনেছিয়ামে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ অথবা দেহত দেখা দিয়া উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপলৈ অৱনমিত কৰাত বিশেষ অৰিহণা যোগায়।
  • এদল গৱেষকৰ মতে, হৃদৰোগীয়ে যদি নিতৌ ১০০ মি:গ্ৰা: খেজুৰ ভক্ষণ কৰে তেনেহ’লে তেওঁ হাৰ্টষ্ট্ৰোকৰ বিপদ ৯ শতাংশ কমাব পাৰে।
  • আন এদল গৱেষকৰ অধ্যয়নত ধৰা পৰিছে যে গৰ্ভৱতী মহিলাই যদি নিতৌ খেজুৰ খোৱাৰ অভ্যাস কৰে, তেনেহ’লে তেওঁ প্ৰাকৃতিকভাৱেই সন্তান প্ৰসৱ কৰাৰ ক্ষমতা লাভ কৰে।

ৰাসায়নিক বিশ্লেষণ কৰি গৱেষকে ১০০ গ্ৰাম খেজুৰত পোৱা বিভিন্ন পুষ্টিকৰ উপাদানসমূহ এনেধৰণৰ-

আঁহযুক্ত পদাৰ্থ- ৬.৭ গ্ৰাম

মেংগানিজ- ০.৩ মি:গ্ৰা:

পটাছিয়াম- ৬৯৬ মি:গ্ৰা:

মেগনেছিয়াম- ৫৪ মি:গ্ৰা:

কপাৰ- ০.৪ মি:গ্ৰা:

ভিটামিন বি- ০.২ মি:গ্ৰা:

শৰ্কৰা- ৬৬.৫ গ্ৰা:

বহু হাজাৰ বছৰ পূৰ্বৰ পৰাই ইৰাক, আৰৱ, উত্তৰ আফ্ৰিকাৰ উপৰিও আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়া, অৰিজোনা, ফ্লৰিডাত খেজুৰৰ খেতি কৰা হৈছিল। কৃষি বিশেষজ্ঞৰ মতে, খেজুৰ পুলি ৰোপণ কৰাৰ ৪-৮ বছৰৰ পৰাহে খেজুৰৰ ফল আশা কৰা হয়। বাণিজ্যিক দিশত অৱশ্যে ৭-১০ বছৰৰ অন্তত খেজুৰৰ ফল পাৰি আনি বজাৰত উলিয়াই দিয়া হয়।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী

কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ।২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ

কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ। এতিয়াৰে পৰা ২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ।অকল সেইয়াই নহয় নামভৰ্তিও সম্পূৰ্ণ বিনামূলীয়া হব ছাত্ৰী সকলৰ।এতিয়াৰে পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীৰ একাউন্টত ১০ হাজাৰ টকা, ডিগ্ৰীলৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ১২ হাজাৰ পাঁচশ টকা আৰু বিশ্ববিদ্যালয়লৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ সুমুৱাই দিব চৰকাৰে।


আজি বৰপথাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক প্ৰচাৰ সভাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।


নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে টেঙানিবাসীৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো এখনকৈ ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাচা জয়ী হব বুলিও মন্তব্য কৰে।