Home Blog Page 926

আই পি এলত ভাল প্ৰৰ্দশনৰ পিছত টি-২০ বিশ্বকাপৰ সাম্ভাৱ্য দলত ৰিয়ান পৰাগৰ নাম…

আই পি এলত ভাল প্ৰৰ্দশন ৰিয়ান পৰাগৰ । টি-২০ বিশ্বকাপৰ সাম্ভাৱ্য দলত ৰিয়ান পৰাগৰ নাম ।

নীলা জাৰ্চীত ৰিয়ানক দেখাৰ সপোন পূৰণ হ’ব পাৰে অসমবাসীৰ ।

ধাৰাবাহিক ভাৱে উন্নত প্ৰদৰ্শন অব্যাহত ৰিয়ান পৰাগৰ ।

মাৰ্ঘেৰিটাত লুৰীণজ্যোতি গগৈৰ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ…

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ তথা মিত্ৰশক্তিৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ হৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই। অখিল গগৈয়ে লেখাপানী হাচক গাঁৱৰ লগতে ইনথেমত দুখনকৈ নিৰ্বাচনীৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ দল আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ বিজেপিৰ আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক আক্ৰমণৰ লক্ষ্য কৰি লয়। গগৈয়ে কয় যে সোনোৱাল সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হৈয়ে একোডাল কৰিব নোৱাৰিলে বুলি কটাক্ষ কৰে। অখিল গগৈয়ে” কা ” এক কলা আইন বুলি কোৱা লগতে ই অসমীয়া জাতি মাটি ভেটি বিপদাপন্ন কৰিব বুলি কয়। লুৰীণজ্যোতি গগৈক জাহাজৰ চিহ্নত ভোট দি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়যুক্ত কৰিব বাবে তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। অখিল গগৈৰ সৈতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক সঞ্জয় দেৱে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি যুটীয়া সম্পাদক ৰাহুল ছেত্ৰীসহ বহ সংখ্যক নেতা কৰ্মী।

বসন্ত কালত ভাইৰাছজনিত ৰোগ প্ৰতিৰোধৰ বাবে কেঁচা হালধি খোৱাৰ আৰম্ভ কৰক…

প্ৰসাধন আৰু ৰান্ধনীশালৰ ব্যৱহাৰৰ বাহিৰেও হালধিৰ আন এটা পৰিচয় আছে, ইয়াৰ ঔষধি গুণৰ বাবে। স্বাস্থ্যৰ যত্ন ল’বলৈ হালধি অতি উপযোগী উপাদান। বিশেষকৈ বসন্ত কালত কেঁচা হালধি বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধ কৰাত সহায় কৰে। পাচনতন্ত্ৰৰ সমস্যাত ভুগি থকা লোকৰ বাবে হালদি অতি উপকাৰী। কেঁচা হালধিয়ে হজম শক্তি বৃদ্ধি কৰি হজম শক্তিত সহায় কৰে। কেঁচা হালধিৰ প্ৰধান উপাদান হ’ল কাৰকুমিন, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰে। কেঁচা হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট হোৱাৰ বাবে খাদ্যনলীক বিভিন্ন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেঁচা হালধিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইনচুলিন হৰম’নৰ ফলপ্ৰসূতা বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও হালধিৰ বেক্টেৰিয়া বিৰোধী গুণে দাঁতবোৰক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত কৰি ৰাখে, যাৰ ফলত দাঁতবোৰ মজবুত হৈ পৰে।

কিন্তু বহুতে খালী পেটত কেঁচা হালধি খাবলৈ মন নকৰে। কেঁচা হালধি বিভিন্ন ধৰণে গ্ৰহণ কৰিব শৰীৰ সবল কৰি ৰাখিব পাৰি।

কেঁচা হালধি একাপ গাখীৰত মিহলাই ভালদৰে উতলাই লওক। তাত অলপ মৌ মিহলাই লওক, তাৰ পিছত খাওক।

হালধি আৰু আদা এটা পাত্ৰত পানীত পাঁচ মিনিট উতলাই লওক। মিশ্ৰণটো চেকি লৈ নেমুৰ ৰস আৰু মৌ দিব। এই পানীয় গৰমে সেৱন কৰিব লাগে।

এটা ডাঙৰ গিলাচত কেঁচা হালধি, নেমুৰ ৰস, চাট মছলা আৰু অলপ মৌ মিহলাই লওক। গৰমৰ দিনত বৰফৰ সৈতে এই ঠাণ্ডা স্বাস্থ্যকৰ পানীয় উপভোগ কৰক।

গৰম পানী একাপত অলপ হালধি আৰু গ্ৰীণ টিৰ সৈতে দুমিনিটমান ৰাখিব। ইয়াৰ পিছত চেকি লওক আৰু গৰমে গৰমে খাওক।

এটা কল, কেঁচা হলধি, দৈ, দালচেনিৰ গুৰি আৰু অলপ মৌ মিহলাই এটা ব্লেণ্ডাৰত মিহলাই স্মুদি বনাব। বৰফৰ সৈতে এই পানীয় পৰিৱেশন কৰক।

প্ৰেমৰ প্ৰতীক গোলাপ ফুলৰ ঔষধি গুণৰ বিষয়ে জানক…

গোলাপ ফুল

  • নাকশিৰা ৰোগত নাকেৰে তেজ ওলালে গোলাপ জলত ২০ টা কিচমিচ মিলাই খালে তেজ পৰা বন্ধ হয়।
  • ওঁঠ ফটা বা ক’লা পৰিলে গোলাপৰ পাহি পিহি তাত গ্লিচাৰিন মিলাই ৩/৪ বাৰকৈ ওঁঠত লগাব লাগে।
  • মুখৰ ভিতৰত ছাল ছিগা ৰোগত গোলাপ ফুলৰ ক্বাথেৰে মুখ কুলকুলিয়াব লাগে।
  • কানৰ বিষ হ’লে গোলাপ ফুলৰ ৰস ছেকি কানত দিলে ভাল হয়।

  • চকুৰ অসুখ হ’লে বা চকুৰ জ্যোতি বঢ়াবলৈ গোলাপ ফুলৰ ৰস ২ টোপ পুৱা সন্ধ্যা চকুৰ কোণত দিব লাগে।
  • শৰীৰৰ দুৰ্গন্ধ বা দুৰ্গন্ধযুক্ত ঘাম ওলালে ১ বাল্টি পানীত ১০ গ্ৰাম গোলাপ ফুল আৰু এটা নেমু চেপি সেই পানীৰে গা ধুব লাগে।
  • ৰাতি টোপনী নহা অনিদ্ৰা ৰোগত পানীত গোলাপ জল মিলাই গা ধুব লাগে আৰু গাৰুত গোলাপৰ সুগন্ধি(পাৰফিউম) ছটিয়াই শুব লাগে।
  • গৰমৰ বাবে হাত ভৰিৰ তলুৱা জ্বলা পোৰা কৰিলে গোলাপ ফুলৰ চৰবৎ বনাই খাব লাগে আৰু গোলাপ জলত চন্দন গুৰি মিহলাই হাত ভৰিৰ তলুৱাত লেপ দিব লাগে।

  • দাঁতেৰে তেজ পূঁজ ওলোৱা, মুখেৰে দুৰ্গন্ধ ওলোৱা ৰোগত গুলপীয়া ৰঙৰ গোলাপৰ পাহি মুখেৰে চোবাই থাকিব লাগে।
  • যকৃৎ/লিভাৰৰ দোষত বিষ হ’লে বুকুৰ ওপৰত গোলাপ ফুল বটি ভৰণ দিব লাগে।
  • শৌচ কঠিন হ’লে গোলাপ ফুলৰ ৰস খালে খোলা হয়।
  • বমি হ’লে গোলাপৰ কলিৰ চৰবৎ বনাই খাব লাগে।

বিয়াৰ পূৰ্বে নাৰ্চাৰী স্কুলত পঢ়ুৱাই প্ৰতিমাহে ৮০০ টকা দৰমহা পাইছিল নীতা আম্বানীয়ে…

নীতা আম্বানী কোন নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। বহুতে হয়তো নাজানে, নীতা আম্বানীয়ে ৰিলায়েন্সৰ পৰাও দৰমহা পায়। খবৰ অনুসৰি, প্ৰতিমাহে প্ৰায় ২ কোটি টকা দৰমহা এতিয়া নীতাৰ বেংক একাউণ্টত জমা হয়। নীতাৰ জীৱনৰ প্ৰথম দৰমহা কিমান আছিল জানেনে। কোটিপতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী। কিন্তু এই পাৰিবাৰিক পৰিচয় থকাৰ পিছতো নীতা আম্বানীৰ এক সুকীয়া পৰিচয়। নীতা ৰিলায়েন্সৰ অধ্যক্ষ। তেওঁ ‘ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়’ৰ মুৰব্বী। মুম্বাই ইণ্ডিয়ানছৰ স্বতাধিকাৰী নীতা। কেৱল পৰিয়ালতে নহয়, পৰিয়ালৰ ব্যৱসায়তো নীতাই অৰিহণা যোগাইছে। বিয়াৰ আগতে অৱশ্যে নীতা নাচ-গানত ব্যস্ত আছিল নীতা। ধীৰুভাই আম্বানীয়ে নৱৰাত্ৰিত নীতাৰ ভাৰতনট্যম নৃত্য দেখি বোৱাৰী হিচাপে বাছি লৈছিল নীতাক। তেতিয়া নীতা বিয়াৰ বাবে একেবাৰেই সাজু নাছিল। মাত্ৰ নৃত্যৰ লগত থাকিব বিচাৰিছিল। পিছলৈ অৱশ্যে হ’বলগীয়া শহুৰেকৰ জোৰত বিয়াত বহিল। আম্বানী পৰিয়ালৰ নীতা নৃত্যক লৈ কোনো সমস্যা নাছিল। কিন্তু বিয়াৰ পিছত নীতাই নিজৰ মনটো পৰিয়ালটোক দিলে।


অৱশ্যে নৃত্য এৰাৰ পিছত নীতাই নিজকে আন কামত ব্যস্ত কৰি ৰাখিল। তিনিটা সন্তান ডাঙৰ-দীঘল কৰিলে। লাহে লাহে পৰিয়ালৰ ব্যৱসায়ত যোগদান কৰিলে। নীতাই চম্ভালি থকা দায়িত্বৰ বাবে আন কাৰোবাক নিযুক্তি দিলে বহুত টকা উপাৰ্জন হ’ব পাৰে। কিন্তু বহুতে হয়তো নাজানে যে নীতাইও দৰমহা পায়। খবৰ অনুসৰি, প্ৰতিমাহে প্ৰায় ২ কোটি টকা দৰমহা এতিয়া নীতাৰ বেংক একাউণ্টত জমা হয়। নীতাৰ প্ৰথম দৰমহা কিমান আছিল জানেনে আপোনালোকে।


বিয়াৰ আগতে নীতাই নৃত্যৰ বাহিৰেও নাৰ্চাৰী স্কুলত পঢ়ুৱাইছিল। আগতে তেওঁ মুম্বাইৰ ‘ছান ফ্লাৱাৰ’ নামৰ স্কুল এখনত কৰিছিল। আগতে তাৰ পৰাই মাহে ৮০০ টকা দৰমহা পাইছিল। নীতাই এক সাক্ষাৎকাৰত নিজৰ মুখত এই কথা কৈছিল। বিয়াৰ পিছতো নীতাৰ স্কুলত পঢ়াব বিচাৰিছিল। কিন্তু তেওঁক কোৱা হ’ল যে ৮০০ টকীয়া চাকৰি এটা অম্বানীৰ পত্নীৰ বাবে উপযুক্ত নহয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বন্যপ্ৰাণীৰ আক্ৰমণত নিহত এজন বনকর্মী…


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন
বন্যপ্ৰাণীৰ আক্ৰমণত নিহত এজন বনকর্মী


নিহত বনকৰ্মীজনৰ নাম অপু মমিন
গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন


আহত জোনমণি ৰাভা
জোনমণি ৰাভাক হাস্পতালত ভর্তি

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৌগাঁৱৰ কৰ্দৈ ৰিজৰ্ট…

বহিঃৰাজ্যৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৌগাঁৱৰ কৰ্দৈ ৰিজৰ্ট।

দৈনিক শ শ পৰ্যটকে ভিৰ কৰেহি প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু আনন্দ আৰু প্ৰশান্তি ল’বৰ বাবে।

ওদালগুৰি জিলাৰ টংলা চহৰৰ নিকটবৰ্তী মৌগাঁৱত যুৱ ব্যৱসায়ি জয়ন্ত বণিয়াৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে মৌগাঁৱৰ কৰ্দৈ ৰিজৰ্ট।

ননৈ পৰিয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু আনন্দ উপভোগৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰন্য হৈ পৰে কৰ্দৈ ৰিজৰ্টৰ চৌপাশ।

বানপানী, বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু; ২৫০ৰো অধিক জীৱ-জন্তুৰ মৃত্যু…

আফগানিস্তান আৰু পাকিস্তানত বানপানী, বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু; ২৫০ৰো অধিক জীৱ-জন্তুৰ মৃত্যু হয়।

প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আফগানিস্তানৰ ৩৩জন আৰু পাকিস্তানৰ ২৪জন লোক আছে। পাকিস্তানত সৰ্বাধিক লোকৰ মৃত্যু হৈছে পঞ্জাৱ প্ৰদেশত। দুয়োখন দেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আফগানিস্তান আৰু পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু হৈছে। একে সময়তে দুয়োখন দেশতে হাজাৰৰো অধিক ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে ২৫০ টাতকৈও অধিক জীৱ-জন্তুৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

ট্ৰেডমিলৰ বাবে হাজাৰ হাজাৰ লোক আহত হয়, মমতা বেনাৰ্জীও আঘাতপ্ৰাপ্ত হৈছে; নিৰাপত্তাৰ বাবে মনত ৰাখক এই সমূহ কথা…

ফিট হৈ থাকিবলৈ ট্ৰেডমিল ৱৰ্কআউট সমগ্ৰ বিশ্বতে বিখ্যাত। কিন্তু ই কেৱল শৰীৰৰ উপকাৰ কৰাই নহয়, সুৰক্ষাৰ প্ৰতি লক্ষ্য নাৰাখিলে ক্ষতিও কৰিব পাৰে। এই ৱৰ্কআউটৰ ফলত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও আহত হৈছে। ট্ৰেডমিল হৈছে এটা অতি বিখ্যাত ফিটনেছ সঁজুলি যিয়ে ঘৰৰ ভিতৰত শাৰীৰিক কাৰ্য্যকলাপৰ সুবিধা প্ৰদান কৰে। কিন্তু ই বিপদজনকো হ’ব পাৰে। আমেৰিকাৰ কনজিউমাৰ প্ৰডাক্ট ছেফটি কমিছনৰ তথ্য অনুসৰি ট্ৰেডমিলৰ দ্বাৰা আন যিকোনো ব্যায়ামৰ সঁজুলিতকৈ অধিক লোক আহত হয়।

ফেডাৰেল সংস্থাটোৰ এগৰাকী মুখপাত্ৰই চিএনএনক জনোৱা মতে, ২০১৯ চনত ট্ৰেডমিলৰ সৈতে জড়িত ২২ হাজাৰতকৈ অধিক লোকৰ আঘাতৰ খবৰ পোৱা গৈছে। আপোনালোকক কওঁ যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা মাহত অৰ্থাৎ মাৰ্চ মাহত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ট্ৰেডমিলত ৱৰ্কআউট কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হৈছিল। এনে পৰিস্থিতিত যদি আপুনিও ট্ৰেডমিলত খোজ কাঢ়ে, তেন্তে ইয়াত উল্লেখ কৰা সুৰক্ষাৰ ব্যৱস্থাসমূহ নিশ্চয়কৈ মনত ৰাখিব-

১/ লাহে লাহে আৰম্ভ কৰক

বিশেষকৈ নতুন হ’লে তীব্ৰ বেগত খোজ কাঢ়িবলৈ খৰখেদা নকৰিব। লাহে লাহে খোজ কাঢ়িবলৈ আৰম্ভ কৰক আৰু লাহে লাহে গতি বৃদ্ধি কৰক।

২) হেণ্ডৰেলবোৰ ধৰি ৰাখক

যদি আপুনি ট্ৰেডমিলত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা পায়, তেন্তে প্ৰথমতে হেণ্ডেলৰ সহায় লওক। যেতিয়া আপুনি আত্মবিশ্বাসী অনুভৱ কৰে, তেতিয়া লাহে লাহে হেণ্ডেলটো এৰি দিব।

৩/ উপযুক্ত জোতা পিন্ধক

খোজ কঢ়াৰ ভাল জোতা পিন্ধক। ইয়াৰ ফলত ভৰিৰ গোৰোহা মোচোকা খোৱাৰ সম্ভাৱনা কম হয়।

৪/ সদায় সজাগ হৈ থাকক

ট্ৰেডমিলত খোজ কঢ়াৰ সময়ত কিতাপ পঢ়া বা ফোনত কথা পতা এৰক। আপোনাৰ সম্পূৰ্ণ মনোযোগ মেচিনটোৰ ওপৰত ৰাখক।

৫/ জৰুৰীকালীন বন্ধ বুটামটো জানি লওক

যদি ট্ৰেডমিলত খোজ কাঢ়ি থাকোঁতে হঠাতে ৰ’বলগীয়া হয়, তেন্তে জৰুৰীকালীন বন্ধ বুটামটো টিপিবলৈ নাপাহৰিব

৬/ হাইড্ৰেটেড হৈ থাকক

ব্যায়ামৰ আগতে, ব্যায়ামৰ সময়ত আৰু পিছত পানী খাই থাকিব। ডিহাইড্ৰেচনৰ ফলত মূৰ ঘূৰোৱাৰ সম্ভাৱনা কম।

৭/ গতিৰ যত্ন লওক

আপোনাৰ শৰীৰৰ গতি অনুসৰি ট্ৰেডমিলৰ গতি নিৰ্ধাৰণ কৰক। বেছি বেগেৰে বা বেছি লেহেমীয়া, দুয়োটা বেয়া অভ্যাস।

তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা…

Blazing fire flame black and white for background and abstract


তিনিচুকীয়াত ভয়ংকৰ ঘটনা ।তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা
বাগিচাৰ মাজতে দুর্বৃত্তই জীৱন্তে জ্বলালে এজন লোকক ।


ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে অর্ধদগ্ধ মৃতদেহ
বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়

Blazing fire flame black and white for background and abstract


ঘটনাক লৈ তিনিচুকীয়া আৰক্ষীৰ তদন্ত আৰম্ভ