Home Blog Page 925

মাৰ্ঘেৰিটাত ভালুকৰ মুক্ত বিচৰণ…

মাৰ্ঘেৰিটাত ভালুকৰ মুক্ত বিচৰণ। আজি পুৱা ভাগতেই নামদাং অঞ্চলত এটা ভালুকে তীব্ৰ আতংক সৃষ্টি কৰে।স্থানীয় ৰাইজে পুৱা ভাগত লেখাপানী বনাআঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত নামদাং গফফিল্ড অঞ্চলৰ টিলা লাইনত এটা ভালুক বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰে।

ভালুক ওলোৱা বুলি জানিব পাৰি স্থানীয় ৰাইজৰ মাজত আটংকৰ সৃষ্টি হোৱা উপৰিও ভালুকটো চাবলৈ ৰাইজৰ মাজত উৎসুকতা সৃষ্টি হয়। মানুহৰ সমাগম হোৱাত পিছত ভালুকটো ওচৰতে থকা এজোপা গছত আশ্ৰয় লয়।অঞ্চলটো একাংশ সচেতন লোকে এই বিষয়ে জানিব পাৰি বন্য ভালুকটো নিৰাপত্তা বাবে লেখাপানী বন আঞ্চলিক কাৰ্যলয়ত খবৰ দিয়ে। ইতিমধ্যে লেখাপানী বনাআঞ্চলিক বন বিষয়াসহ এটা দল উক্ত স্থানত উপস্থিত হৈ ভালুকটো ৰাইজৰ সহযোগত বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে…

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে?

আন মহিলাৰ দৰে গৰ্ভৱতী মহিলা এগৰাকীও যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰে।

এনে ৰোগৰ ফলত গৰ্ভৱতী মহিলা আৰু শিশুটিৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিব পাৰে?

গৰ্ভৱতী হওঁক বা নহওঁক সকলো মহিলাৰ ওপৰত যৌন সংক্ৰমণজনিত ৰোগে সমান প্ৰভাৱ পেলায়। এই ৰোগবোৰৰ ফলত জৰায়ু আৰু আন অংশত কেঞ্চাৰ, অবিৰতভাৱে হেপাটাইটিছ হোৱা, শ্ৰোণীৰ ৰোগ, অনুৰ্বৰতা আদিৰ লগতে নানা ধৰণৰ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত এনে ধৰণৰ ৰোগৰ কোনো স্পষ্ট লক্ষণ বা উপসৰ্গই দেখা নিদিয়ে। এনে ৰোগৰ সংক্ৰমণ হোৱা গৰ্ভৱতী মহিলাৰ সময়ৰ আগতেই প্ৰসৱ বেদনা আৰম্ভ হোৱা, ভ্ৰুণৰ চাৰিওফালে থকা আৱৰণ অসময়ত ছিঙি যোৱা বা ফাটি যোৱা, প্ৰসৱৰ পাছত জৰায়ুত সংক্ৰমণ হোৱা আদিৰ দৰে জটিলতা হব পাৰে। যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলাৰ প্ৰসৱৰ আগতে, প্ৰসৱৰ সময়ত বা শিশু জন্মৰ পাছত শিশুলৈ এই সংক্ৰমণ হব পাৰে। কিছুমান এনে ৰোগ(যেনে চিফিলিছ)ত জৰায়ুৰ ফুল পাৰ হৈ ভ্ৰুণক সংক্ৰমণ কৰে। আনবোৰ ৰোগ(যেনে, গনৰিয়া, ক্লামিডিয়া, হেপাটাইটিছ-বি আৰু যৌনাংগত হোৱা হাৰপিছ)এ প্ৰসৱৰ সময়ত মাকৰ গাৰ পৰা শিশুলৈ এই সংক্ৰমণ হয়। এইচ আই ভি এনে এটা ভাইৰাছ যিয়ে, ফুল ভেদ কৰি ভ্ৰুণক সংক্ৰামিত কৰাৰ উপৰিও মাকৰ গাখীৰৰ মাধ্যমেৰেও সংক্ৰমণ কৰিব পাৰে। এনে সংক্ৰামক ৰোগৰ অতি ভয়াংকৰ প্ৰভাৱ হ’ল-মৃত শিশুৰ জন্ম, অস্বাভাৱিক ভাৱে কম ওজনৰ শিশুৰ জন্ম, চকুৰ সংক্ৰমণ, নিউমোনিয়া, শিশুৰ তেজত সংক্ৰমণ, স্নায়ুৰ ক্ষতি(যেনে, মগজুৰ ক্ষতি, সমন্বয় বিহীন হাত ভৰিৰ লৰচৰ, অন্ধত্ব, বধিৰতা, হেপাটাইটিছ, মেনিনজাইটিছ, অবিৰত যকৃতৰ ৰোগ, চিৰচিছ)।

গৰ্ভৱতী মহিলাসকলক যৌন সংক্ৰামক ৰোগৰ পৰীক্ষা কৰা উচিত নে?

গৰ্ভধাৰণ কৰাৰ পাছত প্ৰথমবাৰ চিকিৎসকক দেখুৱাৰ সময়তেই মহিলাগৰাকীক যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষাবোৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এইবোৰ হ’ল-

• ক্লামোডিয়া।

• গনৰিয়া।

• হেপাটাইটিছ-বি।

• হেপাটাইটিছ-চি।

• এইচ আই ভি।

• ছিফিলিছ।

গৰ্ভাৱস্থাত যৌন সংক্ৰামক ৰোগৰ চিকিৎসা কৰাব পৰা যায় নে?

গৰ্ভাৱস্থাত ক্লামোডিয়া, গনৰিয়া, ছিফিলিছ, ট্ৰাইক’মনাছ আৰু বেক্টেৰিয়েল ভাজাইন’ছিছৰ চিকিৎসা আৰু নিৰাময় এণ্টিবায়টিক ঔষধেৰে কৰিব পৰা যায়। যৌনাংগৰ হাৰপিছ, এইচ আই ভিৰ দৰে যৌন সংক্ৰমণৰ চিকিৎসা কৰা সম্ভৱ নহয়। অৱশ্যে সংক্ৰামক প্ৰতিৰোধৰ চিকিৎসা কৰি ইয়াৰ লক্ষণ আৰু উপসৰ্গবোৰ কমাব পৰা যায়। যিবোৰ মহিলাৰ প্ৰসৱৰ সময়ত যোনীত হাৰপিছৰ ঘাঁ থাকে-তেনে মহিলাক চিজাৰিয়ান কৰি প্ৰসৱ কৰোৱাব লাগে। এনে কৰিলে শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। কিছুমান এইচ আই ভি সংক্ৰমিত মহিলাৰ ক্ষেত্ৰতো অপাৰেছন কৰি প্ৰসৱ কৰোৱাব পৰা যায়। হেপাটাইটিছ-বি ৰ বিজাণু নাপালেও গৰ্ভাৱস্থাত এই ৰোগৰ প্ৰতিষেধক দিব লাগে।

এনে সংক্ৰমণৰ পৰা মহিলাসকলে নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰে?

যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথকা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।

উৎস: আইএনডিজি দল

কাপোৰৰ যত্নঃ কাপোৰ ধোৱাৰ সময়ত ৫টা নিয়ম মানি চলক…

গৰমৰ দিনত কাপোৰৰ অতিৰিক্ত যত্নৰ প্ৰয়োজন। এই বতৰত কপাহী কাপোৰৰ যত্ন কেনেকৈ ল’ব জানেনে? গৰমৰ দিনত কপাহী কাপোৰৰ বাহিৰে আন একো পিন্ধিবলৈ মন নাযায়। নৱবৰ্ষ উদযাপন হওক বা ফাংচন হওক, এনে অনুষ্ঠানবোৰত পিন্ধি যাবলৈ কপাহী কাপোৰেই আটাইতকৈ আৰামদায়ক। কিন্তু উপযুক্ত যত্নৰ অভাৱত কাপোৰৰ ৰং শেঁতা পৰিব পাৰে। এই বতৰত কপাহী কাপোৰৰ যত্ন কেনেকৈ ল’ব, জানো আহক-


১) কপাহী কাপোৰ ধোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বহুতৰে কাপোৰ গৰম পানীত কিছু সময় তিয়াই থৈ তাৰ পিছত ধোৱাৰ অভ্যাস আছে। পৰাপক্ষত কপাহী কাপোৰ গৰম পানীত নুধুব, এনে কৰিলে কাপোৰৰ ৰং যাব পাৰে। সদায় কপাহী কাপোৰ ধোৱাৰ সময়ত ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে।

২) কপাহী কাপোৰ ধোৱা হ’লে চাবোনৰ লগত ভিনেগাৰ একাপ মিহলাই লওক। ই কপাহী কাপোৰৰ উজ্জ্বলতা নষ্ট নকৰে। কাপোৰৰ গোন্ধো আহিব।

৩) ৰ’দত কেতিয়াও কপাহী কাপোৰ শুকুৱাব নালাগে। ইয়াৰ ফলত কাপোৰৰ ৰং যাব পাৰে। কপাহী কাপোৰ শুকুৱাবলৈ বেছি সময় নালাগে।

৪) বহুতো কপাহী কাপোৰ প্ৰথমবাৰ ধুলেই ৰং সলনি হয়। এনে অৱস্থাত প্ৰথমবাৰৰ বাবে ধোৱাৰ সময়ত কপাহী কাপোৰবোৰ নিমখীয়া পানীত কিছু সময় তিয়াই থ’ব লাগে। তাৰ পিছত চাবোনেৰে ধুব।

৫) কপাহী কাপোৰ ধোৱাৰ সময়ত কাপোৰবোৰ ওলোটাই লৈ তাৰ পিছত চাবোনেৰে ধুব। এই নিয়ম মানি চলিলে কাপোৰৰ ৰং বহুদিনলৈকে থাকিব।

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন…

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অঘটন। অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন। মুজাফৰ নগৰৰ এখন বজাৰত সংঘটিত হৈছে এই ঘটনা। মুজাফৰ নগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়, “সন্ধিয়া ৫:৩০ বজাত এই কমপ্লেক্সটো পৰি যোৱাৰ খবৰ পোৱা গৈছিল ‘এইটো এটা দুমহলীয়া কমপ্লেক্স ।

এই সন্দৰ্ভত কোৱাৰ সময়ত মুজাফৰ নগৰত জিলা দণ্ডাধীশ অৰবিন্দ মল্লাপ্পা বাংগাৰীয়ে পূৰ্বে কয় যে, “জনসাথত এটা অট্টালিকা ভাঙি ২২-২৫ জন লোক আবদ্ধ হৈ পৰিছিল উদ্ধাৰ অভিযানৰ বাবে ইয়াত সমগ্ৰ প্ৰশাসন উপস্থিত আছে।”

যোৱা মাহত এক অসংলগ্ন ঘটনাত কলকাতাৰ গাৰ্ডেন ৰিচ এলেকাত এটা অট্টালিকা ভাঙি কমেও বাৰজন লোকৰ মৃত্যু হৈছিল। ২০২২ চনৰ ডিচেম্বৰৰ পৰা নিৰ্মাণ হৈ থকা এই ভৱনটোত ১৬টা এপাৰ্টমেণ্ট আছিল, প্ৰতিটোৰ আকাৰ আছিল ৫০০ বৰ্গফুট। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিল্ডাৰ আৰু মাটিৰ মালিকক গ্ৰেপ্তাৰ কৰে।

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী…

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে এই ৰায়।

ভাৰ্চুৱেলী শুনানি গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক।

ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰচাৰৰ স্বাৰ্থত দাখিল কৰিছিল বিশেষ ছুটীৰ আবেদন।

উভয়পক্ষৰ শুনানিৰ অন্তত EDলৈ জাননী জাৰি ন্যায়ালয়ৰ।

২৪ এপ্ৰিলৰ ভিতৰত উত্তৰ প্ৰদানৰ বাবে EDক নিৰ্দেশ ন্যায়ালয়ৰ।

২৭ এপ্ৰিলত EDৰ উত্তৰৰ প্ৰত্যুত্তৰ দিব লাগিব কেজৰিৱালে।

২৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব চূড়ান্ত শুনানি।

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত !  ৰোহিত গোডাৰাৰ নিৰ্দেশমতে গুলীচালনাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা…

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ সদস্য।

আৰক্ষীৰ তথ্য়ত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্তই ঘটনা সংঘটিত কৰা পাছতে মুম্বাই চহৰৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল। অন্য়হাতে উক্ত ঘটনাৰ দায়িত্ব লোৱা ফেচবুক পেজটোৰ IPকানাডাৰ বুলি জানিব পৰা গৈছে।

অনমোল বিষ্ণোই নামৰ এটা ফেচবুক পেজে উক্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই পোষ্টটো শ্বেয়াৰ কৰা সংক্ৰান্তত VPNৰ সহায় লোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ, বিবেক ভোট দিয়াৰ আহ্বান ভোটাৰক…

সমগ্ৰ দেশৰ  লগতে অসমৰ ১২ নং লখিমপুৰ লোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলে  নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত মূল যুঁজখন হ’ব তৃণমূল কংগ্ৰেছ, বিজেপি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাজত ৷ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ আৰু বিজেপি দলক অতিক্ৰম কৰি তৃণমূল কংগ্ৰেছ দলে নিজৰ প্ৰচাৰ অভিযান তীব্ৰৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে ধেমাজি জিলাৰ গোগামুখৰ লঠিয়া গাঁৱৰ বিশিষ্ট যুৱ নেতা, যুৱ সমাজকৰ্মী তথা সফল ব্যৱসায়ী ঘনকান্ত চুতীয়াক ৷ উচ্চ শিক্ষিত যুৱক ঘনকান্ত চুতীয়াই লখিমপুৰ লোক সমষ্টিৰ অন্তৰ্গত ৯ খন বিধানসভা সমষ্টিত নিজৰ প্ৰচাৰ কাৰ্যসূচী জোৰদাৰ কৰি তোলাই নহয় ভোটাৰ ৰাইজৰো বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ধেমাজি, ডুমডুমা, শদিয়া, লখিমপুৰ, নাওবৈচা, জোনাই, ঢকুৱাখনা, ৰঙানদী, চিচিবৰগাঁও বিধানসভা সমষ্টিত ঘনকান্ত চুতীয়াই ইতিমধ্যে মাৰাথান নিৰ্বাচনী  প্ৰচাৰ চলাইছে ৷

নিৰ্বাচনী সভাবোৰত বিজেপি-কংগ্ৰেছ সৃষ্ট বৃহৎ নদীবান্ধসমূহৰ নিৰ্মাণ বন্ধ কৰিবলৈ সাংসদত বলিষ্ঠভাৱে উত্থাপন কৰিব  বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ পূৰ্বৰে পৰা জনজাতিৰ মৰ্যাদা লাভ কৰি অহা অসমৰ জনজাতি সকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰতো সাংসদত দাবী উত্থাপন কৰিব বুলি তেওঁ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে ৷ একেদৰে লখিমপুৰ লোকসভা সমষ্টিৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ বিধ্বস্ত বাট-পথসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে ৷ 

সম্প্ৰতি লখিমপুৰ লোকসভা সমষ্টিত বিজেপি বিৰোধী ঢৌৱে গাঁৱে গাঁৱে কোবাই যোৱাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ স্বেচ্ছাচাৰীতা আৰু দুৰ্বলতাৰ বাবে পাইকাৰী হাৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে দল ত্যাগ কৰি আছে ৷ এনে সুবৰ্ণ সুযোগ গ্ৰহণ কৰিয়ে যুৱ নেতা ঘনকান্ত চুতীয়াই গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ তীব্ৰৰ কৰিছে আৰু পদত্যাগী কংগ্ৰেছ নেতা-কৰ্মী আৰু বিজেপি দলৰ প্ৰতি মোহভংগ ঘটা কৰ্মীসকলক আকোঁৱালী লৈ সুন্দৰভাৱে তৃণমূল কংগ্ৰেছ দলক আগুৱাই নিছে ৷ কংগ্ৰেছ দলৰ নিস্তেজ নিৰ্বাচনী প্ৰচাৰে তৃণমূল কংগ্ৰেছ দলক লখিমপুৰ লোকসভা সমষ্টিত  সুবিধাজনক স্থিতিলৈ আগুৱাই নিছে ৷ উল্লেখনীয় যে, স্নাতকোত্তৰ শিক্ষিত যুৱ সমাজকৰ্মী ঘনকান্ত চুতীয়াৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ ওপৰত সুন্দৰকৈ দখল আছে ৷ অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ উপৰিও মিচিং, বড়ো, মণিপুৰী, খাছী, বাংলা ভাষা সলসলীয়াকৈ ক’ব পাৰে ৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই লখিমপুৰ লোকসভা সমষ্টিৰ এশ এবুৰি সমস্যা আৰু ইয়াৰ সমাধানক লৈ এখনি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে আৰু উক্ত ইস্তাহাৰ ভোটাৰ ৰাইজক অৰ্পণ কৰিও ভোটাৰ ৰাইজ মন আকৃষ্ট কৰিছে ৷  যুৱ নেতা ঘনকান্ত বিজেপি-কংগ্ৰেছৰ ধনবল-বাহুবলত ভুল নাযায় সকলো  ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে ৷

গৰমৰ দিনত এইদৰে ৰান্ধি খাওক মাছৰ আঞ্জা! অসমীয়া নৱবৰ্ষত শিকি লওক মাছৰ ৰন্ধন প্ৰণালী…

মাছৰ আঞ্জা বুলি ক’লেই নিশ্চয় সকলোৰে লোভ লাগে, নহয়নে? মাছৰ টেঙা আঞ্জা আৰু প্ৰিয় নহয় জানো। মাছ আপুনি মনৰ পছন্দ অনুসৰি সোৱাদ লগাকৈ ৰান্ধি খাব পাৰে। যিহেতু এতিয়া গৰমৰ দিন আহিল গতিকে মাছ অলপ বেলেগ সোৱাদ লগাকৈ খাব মন যায় নহয় জানো। আহকচোন জানো গৰমৰ দিনত মাছ কেনেকৈ ৰান্ধি খাব পাৰি-


আম বা থেকেৰা কাটি নিমখীয়া পানীত তিয়াই ৰ’দত শুকুৱাই ৰাখেনে। অসমীয়া সমাজত এনেদৰে আম বা থেকেৰা ৰখাৰ পৰম্পৰা আছে। আম বা থেকেৰা কাটি শুকুৱাই মাটিৰ কলহত ৰাখিলে বছৰ বছৰ ধৰি ভাল হৈ থাকে। আপুনি এই আম বা থেকেৰাই মাছ, চাটনি বা দাইল বনাব পাৰে। এইদৰে ৰন্ধা মাছৰ টেঙা আঞ্জাখন অতি সোৱাদ লগা হয়।


নৱবৰ্ষত বনাব পৰা গ্ৰীষ্মকালীন এটা মাছৰ ৰেচিপি হৈছে-

৪ টুকুৰা ৰৌ মাছ

২ চামুচ সৰিয়হৰ পেষ্ট

১/২ চামুচ পাঞ্চফোৰণ

২ টা শুকান জলকীয়া

শুকান আম খোজ অনুসৰি টেহা সোৱাকৈ

৬-৮ টুকুৰা কুমলীয়া ৰঙালাও

২-৩ টা কেঁচা জলকীয়া

সোৱাদ অনুসৰি নিমখ

সামান্য হালধি

প্ৰয়োজন অনুসৰি সৰিয়হৰ তেল

পদ্ধতি:

আম নিমখৰ পানীত এবাৰ ধুই একাপ পানীত তিয়াই থব।

মাছত নিমখ আৰু হালদি লগাই তেলত লাহে লাহে ভাজিব।

কেৰাহীত তেল গৰম কৰি পাঞ্চফোৰন আৰু শুকান জসকীয়া দিব, গোন্ধ ওলালে কুমলীয়া ৰঙালাও দিব। নিমখ-হালদি দি আধা ভাজিব।

একাপ পানীত সৰিয়হৰ গুটি উতলাই কেৰাহীত ঢালি দিব। ঢাকি ৰান্ধি থাকিব, শেষত তিয়াই থোৱা আমৰ টুকুৰা কেইটা দিব। খন্তেক পিছতে জুইৰ পৰা নমাই ৰাখিব আৰু ঠাণ্ডা হ’লেই পৰিৱেশন কৰিব।

১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা ! নির্বাচন আয়োগে বিবৃতি যোগে জনালে এই তথ্য…


৭৫ বছৰীয়া ইতিহাসত নজিৰবিহীন ঘটনা। ১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা
১৩ এপ্রিললৈ দেশত নগদ ধনসহ ৪,৬৫৮.১৬ কোটি টকা মূল্যৰ সামগ্রী জব্দ


ইয়াৰে নগদ ধন জব্দ ৩৯৫.৩৯ কোটি টকা । প্রায় ৪৮৯.৩১ কোটি টকা মূল্যৰ অবৈধ সুৰা জব্দ
২,০৬৮.৮৫ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ । ৫৬২.১০ কোটি টকা মূল্যৰ সোণকে ধৰি মূল্যৱান সামগ্রী জব্দ ।


১,১৪২.৪৯ কোটি টকা মূল্যৰ অন্যান্য সামগ্রী জব্দ । নির্বাচন আয়োগে বিবৃতিযোগে জনালে এই তথ্য
দেশত ২০১৯ত জব্দ হৈছিল ধনসহ ৩,৪৭৫ কোটি টকা মূল্যৰ সামগ্ৰী

ৰঙালী বিহুৰ উছাহৰ মাজতে মৰিয়নিৰ নকছাৰিৰ নাগিনীজন চাহ বাগিচাত উত্তাল প্ৰতিবাদ…

অসমৰ বাপুতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিনাই মৰিয়নীৰ নাগিনিজান চাহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। বাগিচা খনৰ শ্ৰমিকে লাভ কৰা নাই বিগত দুটা পষেকৰ দৰমহা।

জালিংগা টি কোম্পানীৰ অধীনত আছে বাগিছাখন।পূৰ্ৱে অসম চাহ নিগমৰ অধিনৰ আছিল বাগিচা খন। শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰাত ব্যৰ্থ কোম্পানীটো। জালিংগা টি কোম্পানী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ। শীঘ্ৰে প্ৰাপ্ৰ্য মজুৰি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী শ্ৰমিকৰ।ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ ক্ষোভিত চাহ শ্ৰমিকৰ বিজেপি চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ।