Home Blog Page 930

ড॰ নগেন শইকীয়ালৈ এছিয়াটিত ছ’চাইটীৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক…

সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্য অকাদেমি ফেল’ অধ্যাপক ড॰ নগেন শইকীয়াক কলকাতাৰ কাউন্সিল অৱ এছিয়াটিক ছ’চাইটীৰ তৰফৰ পৰা ২০২৩ চনৰ বাবে প্ৰফেছাৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক আগবঢ়াইছে৷ মেইলযোগে প্ৰেৰণ কৰা এক পত্ৰযোগে সাহিত্যিক গৰাকীক আনুষ্ঠানিকভাবে এই কথা জনাইছে সংগঠনটোৱে৷ চলিত বৰ্ষৰ অহা ৬ মে’ত কলকাতাৰ পাৰ্ক ষ্ট্ৰীটত থকা বিদ্যাসাগৰ ভৱনত সাহিত্যিক গৰাকীক এই সন্মান প্ৰদান কৰা হ’ব৷

উল্লেখ্য যে প্ৰফেছাৰ সুকুমাৰ সেন এজন বিখ্যাত ভাষা বিজ্ঞানী৷ তেখেতে অন্যান্য আধুনিক ভাষাৰ উপৰিও পালি প্ৰাকৃত আৰু সংস্কৃত পণ্ডিত আছিল৷ সুনীতি কুমাৰ চেটাৰ্জীৰ উত্তৰসুৰী সুকুমাৰ সেন কলকাতা বিশ্ববিদ্যালয়ৰ তুলনামূলক দৰ্শন বিভাগৰ অধ্যাপক আছিল৷ ১৯৮৪ চনত সুকুমাৰ সেনে এছিয়াটিক ছ’চাইটী লণ্ডনে আগবঢ়োৱা জুবিলী গ’ল্ড মেডেল লাভ কৰে৷ তেখেত এই পুৰস্কাৰ লাভ কৰা প্ৰথম গৰাকী এছিয়ান৷ ইয়াৰ উপৰিও তেওঁ ৰবীন্দ্ৰ পুৰস্কাৰ, আনন্দ পুৰস্কাৰ, বিদ্যাসাগৰ পুৰস্কাৰ, দেশীকোত্তম আৰু ভাৰত চৰকাৰৰ পদ্মবিভূষণ বঁটা লাভ কৰে৷ এছিয়াটিক ছ’চাইটীয়ে তেখেতৰ নামত এটি সোণৰ পদক বিশিষ্ট পণ্ডিত সকললৈ আগবঢ়াই আহিছে৷ এইবছৰ এই সন্মান লাভ কৰাৰ বাবে অসমৰ বিশিষ্ট সাহিত্যিক নগেন শইকীয়ালৈ ‘অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদ’ৰ সভাপতি তথা ডিব্ৰুগড় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাৰ লগতে বিভিন্নজনে সাহিত্যিক গৰীকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

মাজবাট বিধানসভা সমষ্টিৰ বৰঝাৰৰ গাঁও পঞ্চায়তৰ বুথে বুথে কন্ঠশিল্পী সীমান্ত শেখৰৰ নিৰ্বাচনী প্ৰচাৰ….

সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইত নিজৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দলীয় নেতৃবৃন্দ। ব্যতিক্ৰম নহয় বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টি। মঙ্গলবাৰে মাজবাট বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰীৰ দায়িত্বত থকা অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী সীমান্ত শেখৰে বৰঝাৰ গাওঁ পঞ্চায়তৰ বিভিন্ন বুথে বুথে গৈ ভাৰতীয় জনতা পাৰ্টীৰ পতাকা উত্তোলন কৰে আৰু সভা সমিতিত উপস্থিত হৈ ৰাইজৰ সৈতে মতবিনিময় কৰে। দলীয় কৰ্মী বৃন্দৰ উৎসাহ ঘৰে ঘৰে আৰু হাতে হাতে ভাৰতীয় জনতা পাৰ্টীৰ পতাকা চাই আনন্দিত হৈ পৰে কন্ঠ শিল্পী সীমান্ত শেখৰ আৰু কয় যে ঘৰৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টীৰ পতাকা লগোৱা ৰাইজ নিজ ইচ্ছাৰে যেতিয়া উৎসাহ উদ্দীপনাৰে ওলাই আহে ইয়াৰ অৰ্থ কি বুজায় মানে ভাৰতৰ স্বনামধন্য প্ৰধানমন্ত্ৰী আৰু কৰ্মপটু অসমৰ মূখ্যমন্ত্ৰীৰ কামত ৰাইজ পূৰ্ণ প্ৰকাৰে সন্তোষ্ঠী হৈছে।এই বাৰ মাজবাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ভোট শ্বিয়াৰ আগতকৈ বহু বৃদ্ধি হব।মাজবাট বিধানসভা সমষ্টিত আজি কেইবা দিন ধৰি চলা সভা সমিতিত ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা পাইছোঁ।

ৰাইজ এই বাৰ ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশ সমৰ্থন জনাইছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টীয়ে সহায় সহযোগিতা আগবঢ়াইছে। সংখ্যালঘু সাধাৰণ ভোটাৰ এই বাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে।ভাৰতীয় জনতা পাৰ্টীৰ শ্লোগান আৱকি বাৰ ৪০০ পাৰ যেন সম্ভৱ হৈ উঠিব আৰু দৃঢ় বিশ্বাস আছে ৰাইজ প্ৰতি। মঙ্গল বাৰে দিনজোৰা চলা এই নিৰ্বাচনী প্ৰচাৰত জনপ্ৰিয় কন্ঠ শিল্পী সীমান্ত শেখৰ লগত সঙ্গ দিয়ে ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰবিন দৈমাৰী,ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰাজু হাজৰিকা, দলগাওঁ বিধানসভা সমষ্টিৰ বিস্তাৰক প্ৰনৱ চৰকাৰ,দলীয় কৰ্মী স্বপন ৰাজবংশী,সুকুমাৰ ৰায়,নিখিল বিশ্বাস,সত্যৰঞ্জন বিশ্বাস,বিকাশ বিশ্বাস,ৰুহিদাস বিশ্বাস,মিথুন মণ্ডল,অমল মিত্ৰ,হিৰেন দাস,প্ৰকাশ ৰায়,পংকজ দাস,স্বপন দাস,বৰঝাৰ গাওঁ পঞ্চায়তৰ বিভিন্ন বুথৰ সভাপতি, সম্পাদক,সদস্য,সদস্যা স্থানীয় বিশিষ্ট গন্য মান্য ৰাইজ আৰু সাধাৰণ ভোটাৰ ।

ছয় এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে ‘পিংক প্ৰ’মিছ’ মেচ খেলিব ৰাজস্থান ৰয়েলছে…

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ অহা ছয় এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্ৰদ সহাৰিও পোৱা গৈছে৷ উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল-পিংক মেচডে কিট পিন্ধিব৷ দলটোৰ লক্ষ্য হ’ল ৰাজস্থানৰ গ্ৰাম্য অঞ্চলৰ সেই সকল মহিলাক সমৰ্থন কৰা যিয়ে প্ৰেৰণা হৈ সমাজত পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমি লৈছে লগতে নিজকে শক্তিশালী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিছে৷ ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্ৰয় কৰা প্ৰতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূৰ্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধন ছ’চিয়েল ইকুইটি আৰ্ম – ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনক দিয়া হ’ব৷

সেয়ে ৰাজস্থান ৰয়েলছে দলটোৰ সকলো অনুৰাগীক ৰাজস্থান তথা সমগ্ৰ ভাৰতত ইতিবাচক গ্ৰাম্য ৰূপান্তৰৰ দিশত অবিৰত যাত্ৰাৰে আগুৱাই যোৱা ক্ষমতাশালী মহিলাসকলক চেলুট আৰু সমৰ্থন কৰাৰ বাবে এই মেচলৈ আমন্ত্ৰণ জনাইছে৷ এই খেলখনত অংশগ্ৰহণ কৰা দৰ্শকে বিশেষ দিনত উপস্থিত থাকি ফাউণ্ডেশ্যনৰ কাম-কাজৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৰা বিভিন্ন কাৰ্যসূচীৰ বাস্তৱিক প্ৰতিফলন চোৱাৰো সুযোগ পাব৷ উল্লেখ্য যে ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনৰ জনমুখী কাৰ্যসূচী ‘ঔৰত হায় তো ভাৰত হায়’ৰ সামগ্ৰিক দৃষ্টিভংগীয়ে পানী সংৰক্ষন, সৌৰশক্তিৰ উন্নীতকৰণ আৰু মানসিক স্বাস্থ্যৰ সুবিধা প্ৰদানৰ দিশত ইতিবাচক পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ লগতে সমাজৰ বাধাসমূহ ভংগ কৰি মহিলাসকলক ক্ষমতাশালী কৰাৰ বিষয়ত অনুপ্ৰাণিত কৰিছে৷ ফাউণ্ডেচনে এতিয়ালৈকে প্ৰত্যক্ষ আৰু সজাগতাৰ জৰিয়তে ডেৰ কোটিতকৈ অধিক মহিলাৰ জীৱনত সফলতাৰে প্ৰভাৱ পেলাইছে৷ বিশেষ মেচখনত ৰাজস্থান ৰয়েলছে অল পিংক মেচডে কিট পৰিধান কৰি ৰাজস্থানৰ সাংস্কৃতিক পৰম্পৰাৰ চিনাকি গোলাপী ৰঙৰে মহিলাসকলৰ শক্তি আৰু ধৈয্যক প্ৰতিফলিত কৰে৷ এই সজীৱ ৰং পিন্ধি দলটোৱে ৰাজস্থানৰ মহিলাসকলৰ অদম্য মনোভাৱক গৌৰৱেৰে উদযাপন কৰিছে লগতে সামাজিক পৰিৱৰ্তন আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মানৰে চিহ্নিত কৰে৷

এইবাৰ ৰয়েলছে কিছুমান মহিলা হিতাধিকাৰীৰ অবিশ্বাস্য যাত্ৰাৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু লাখ লাখ দৰ্শকৰ সন্মুখত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক চেলুট জনাবলৈ এই বিশেষ জাৰ্চিৰ ডিজাইনত তেওঁলোকৰ নাম খোদিত কৰিছে৷ স্মৰ্তব্য যে এই মহিলাসকলে সৌৰশক্তি আৰু পানী সংৰক্ষণৰ ব্যৱহাৰৰ দিশত উল্লেখযোগ্য পৰিৱৰ্তনত অৰিহণা যোগাই স্থানীয় নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে৷ প্ৰতিটো নামেই সাহস, অধ্যৱসায় আৰু প্ৰতিকুলতাৰ ওপৰত জয়লাভৰ এটা এটা অনন্য কাহিনী৷

ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত ভূটানৰ ৰজা

গোলকগঞ্জৰ ভাৰত বাংলদেশ সীমান্তৰ সোনাহাটত ভূটানৰ ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুক।
অৰ্থনৈতিক আলোচনাৰ বাবে বাংলদেশ লৈ গৈছিল ভূটানৰ ৰজা গৰাকী। বাংলাদেশৰ কুৰিগ্ৰামৰ
পৰা আজি ১০০৯ নং গেটেৰে ভাৰতত প্ৰৱেশ কৰে তেখেতে।

সীমান্তততে গোলকগঞ্জ সীমান্ত শুল্ক বিভাগে সকলো নথিপত্ৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ সমান্তৰালকৈ ধুবুৰী
জিলা প্ৰশাসনে উষ্ম আদৰণি জনায় ভূটানৰ ৰজা গৰাকীক।

জানিব পৰা মতে, ২০২৩ চনত লণ্ডনত বাংলদেশ আৰু ভূটানৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই ভূটানৰ ৰজা-ৰাণীৰ সৈতে কুৰিগ্ৰামত বিশেষ বিত্তীয় স্থান স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল।

ভূটান ৰজাই এই কথাত সন্মতি প্ৰদান কৰাত ইতিমধ্যেই কুৰিগ্ৰাম-ভুৰুংগামাৰী পথৰ ধৰলা দলঙৰ পূৱত
কুৰিগ্ৰামৰ জিলা প্ৰশাসনে ১৩৩.৯২ একৰ ব্যক্তিগত ভূমি বাংলাদেশ অৰ্থনৈতিক মণ্ডল কৰ্তৃপক্ষক অৰ্পণ কৰিছে।

ভূটানৰ ৰজা জিগমে খেছাৰ ৱাংচুকে আজি কুৰিগ্ৰামস্থিত অৰ্থনৈতিক মণ্ডলৰ স্থান পৰিদৰ্শন কৰি সোনাহাট হৈ ভাৰতত প্ৰৱেশ কৰে।

সীমান্তত থকা সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়া, ধুবুৰী জিলা আয়ুক্তৰ সৈতে মত বিনিময় কৰে। মত বিনিময় কৰাৰ পিছত স্থল পথেৰে ভুটানলৈ যাত্ৰা কৰে।

নগাঁৱৰ কঢ়ালীগাঁৱৰ ‘ৰঙ্গালয়’ত ছয়খনকৈ নাট মঞ্চস্থ, ‘দ্য লেছন’-য়ে বিশেষ ভাবে সন্মোহিত কৰিলে দৰ্শকক…

নগাঁৱৰ কঢ়ালীগাঁৱৰ ‘ৰঙ্গালয়’ত যোৱা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে ‘নাট্যশিল্পী কবিতা বৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ- ২০২৪’ অনুষ্ঠিত হৈ যায়। তিনিটা নিশাত ছয়খনকৈ ব্যতিক্ৰমী নাটকৰ মঞ্চায়নে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা ৰঙ্গালয়ৰ ধাৰাবাহিকতা এই বৰ্ষও অব্যাহত থাকিল। প্ৰথম নিশা মঞ্চস্থ হোৱা নাট দুখন আছিল ৰঙ্গভূমি যোৰহাটৰ নিবেদন ‘যি কথা কোৱা নহ’ল’ আৰু ৰঙ্গালয়ৰ নিজা নিবেদন ‘নীল নীল নীলাম্বৰ’। দুয়োখন নাট ৰচনা আৰু পৰিচালনা কৰিছিল নাট্যকাৰ মৃণাল কুমাৰ বৰাই। দ্বিতীয় নিশা চিত্ৰলেখা ৰঙ্গশালা, তেজপুৰে নিবেদন কৰিছিল ঐশ্বৰ্য কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ‘The Show Must Go On’, আখৰাঘৰ ডিব্ৰুগড়ৰ নিবেদন ‘Love You Zindegi’, যিখন পৰিচালনা কৰিছিল অসীম কুমাৰ শৰ্মাই আৰু শেষৰ নাটখন আছিল উদিচি পশ্চিমবংগৰ নিবেদন ‘আদাব’। নাটখনি পৰিচালনা কৰিছিল জয়দ্বীপ বিশ্বাসে। তৃতীয় তথা অন্তিম নিশা বিশ্ব নাট্য দিৱসৰ লগত সংগতি ৰাখি মঞ্চস্থ হৈছিল ৰঙ্গপীঠৰ নিবেদন ইউজিন আয়োনেস্কোৰ বিশ্ববিখ্যাত এবচাৰ্ড নাটক ‘দ্য লেছন’। নাটখনিৰ অসমীয়া অনুবাদ আৰু পৰিচালনা আছিল দুলাল ৰয়ৰ । শেষৰ নাটখন আছিল এই বৰ্ষত বহুকেইটা নাট্য বঁটা লাভ কৰিবলৈ সক্ষম হোৱা পুৰণিগুদাম ভাস থিয়েটাৰৰ নিবেদন এটি গল্পৰ দ্বিতীয় খণ্ড নাটখনি। নাটখনি ৰচনা কৰিছিল মৃণাল কুমাৰ বৰাই আৰু পৰিচালনা কৰিছিল অঞ্জল বৰাই। ব্যতিক্ৰমী চিন্তাৰে তথা নাটকৰ ন ন শৈলীৰ পৰীক্ষণৰ ক্ষেত্ৰত মৃণাল কুমাৰ বৰা এক চিনাকি নাম। খুব আটোমটোকাৰিকৈ তথা নিয়াৰিকৈ নিৰ্ধাৰিত সময়ত নাট মঞ্চস্থ কৰি দৰ্শকক মোহিত কৰি অহা ৰঙ্গালয়ৰ সফলতা অটুট থাকিব বুলি উপস্থিত সমূহ নাট্যপ্ৰেমী দৰ্শকে একেমুখে স্বীকাৰ কৰিছে।


উল্লিখিত নাটসমূহৰ ভিতৰত দুলাল ৰয়ৰ পৰিচালনাত মনস্থ হোৱা এবছাৰ্ড নাটক ‘দ্য লেছন’ আছিল ব্যতিক্ৰমী।এবছাৰ্ড নাটক বা উদ্ভট নাটকৰ ধাৰণাটো অসমত নতুন নহ’লেও অসমীয়া দৰ্শকৰ বাবে তেনেই চিনাকিও নহয়। খুব কম দৰ্শকেহে এই ধৰণৰ নাটকৰ সোৱাদ লৈ পাইছে। ইউজিন আয়োনেস্কোৰ বিশ্ববিখ্যাত এবচাৰ্ড নাটক “দ্য লেছন”। নাটখনি অসমীয়ালৈ অনুবাদ কৰি পৰিচালনা কৰে অসমীয়া নাট্যজগতৰ কিম্বদন্তী দুলাল ৰয়ে। ১৯৫৭ চনৰ পৰা পেৰিছত সঘনাই অনুষ্ঠিত হৈ অহা ‘দ্য লেছন’ নাটকৰ চৰিত্ৰ মাথোঁ চাৰিটা। তাৰে তিনিটা চৰিত্ৰই মুখ্য ভূমিকা লৈছে। প্ৰায় পঞ্চাশ-ষাঠী বছৰ বয়সৰ এজন অধ্যাপকৰ মানসিক আৰু শাৰীৰিক চাপ বা দুৰ্বলতা সম্পৰ্কে তেওঁৰ মেইড গৰাকী জ্ঞাত। ইতিমধ্যে তেওঁৰ মানসিক স্থিতিৰ বাবেই আঠত্ৰিশগৰাকী ছাত্ৰ-ছাত্ৰী মৃত্যুমুখত পৰিছে। অথচ অধ্যাপকগৰাকীয়ে কোনোবাৰেই তেওঁৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত অৰ্হতা লোৱাত সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব পৰা নাই। তেওঁ বুজোৱা কথাবোৰ যেতিয়া ছাত্ৰীগৰাকীয়ে বুজিব পৰা নাই বা ছাত্ৰীগৰাকীৰ কম বোধগম্যতাই তেওঁৰ খং বাৰে বাৰে বাঢ়ি আহে। ছাত্ৰী গৰাকীৰ অমনোযোগিতাই তেওঁৰ খং দুগুণ বঢ়াই তোলে। ছাত্ৰী গৰাকীৰ দাঁতৰ বিষক অধ্যাপকে গুৰুত্ব দিয়া নাই। দিছে কেৱল তেওঁৰ নিজা মতত। তেওঁৰ যুক্তিবাণবোৰ সেই সময়ত চলি আছিল বিভিন্ন ভাষাৰ পৰা অহা সুকীয়া ধ্বনি তত্ত্বৰ গুৰুত্ব সম্পৰ্কে। লাহে লাহে দাঁতৰ বিষেই কেৱল অমনোযোগিতাৰ কাৰণ হৈ নাথাকিল। অধ্যাপকৰ উদ্ভট যুক্তি, অবুজ কথাবোৰে তাইৰ সমস্ত দেহলৈ বিষ নমাই আনিলে। ঘটনাৰ পাকচক্ৰত আৰু জটিল মানসিক স্থিতিত পঢ়িবলৈ অহা ছাত্ৰীগৰাকীক অধ্যাপকে হত্যা কৰে। মেইডৰ লগত লগ লাগি মৃতদেহটো পুতি থোৱাৰ ব্যৱস্থা কৰা হ’ল যদিও নাটকৰ শেষ মুহূৰ্তত পুনৰ এগৰাকী ছাত্ৰী অধ্যাপকৰ ওচৰলৈ অহা দেখা গ’ল।

দ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা যুক্তিবাদ, অস্তিত্বৰ অৰ্থহীনতা, জীৱন দৰ্শনৰ স্বতন্ত্ৰ ব্যাখ্যা, ধ্বনি তত্ত্বৰ গুৰুত্ব আৰু সুন্দৰ পৃথিৱীখনক দুৰ্বোধ্য স্থান বুলি কোৱাটো উদ্ভট নাটকৰ লক্ষণ। দৰ্শকৰ চিন্তাগধুৰ মনৰ বিষয়ে তুলি ধৰাত এই শ্ৰেণীৰ নাটকে গুৰুত্ব দিয়ে। লগতে দৰ্শকৰ মনস্তাত্বিক দিশবোৰক জাগ্ৰত কৰি অন্তৰ্নিহিত ভয়, শংকাৰ পৰা মুক্তি প্ৰদান কৰে। ‘দ্য লেছন’ নাটখনিত অভিনয় কৰা শিল্পী সকল আছিল ক্ৰমে নৱ কুমাৰ বৰুৱা, কৰবী পাঠক, মণি বৰদলৈ, প্ৰহেলিকা বৰা। নাটখনি সংগীতেৰে সজালে ৰাজু দাস আৰু ধনজিত বড়োৱে। সাজ সজ্জাত আছিল মধুৰ কংকনা ৰয় আৰু সুমধুৰ ৰয়; ৰূপসজ্জা নেত্ৰ কমল বৰাৰ। দৃশ্যসজ্জা মৃণাল কুমাৰ বৰাৰ। পোহৰ ব্যৱস্থাপনা তপন বৰুৱাৰ।

বন্ধ্যাত্বৰ অন্যতম কাৰণ এণ্ডোমেট্ৰিয়াছিছ! এই ৰোগ কি? কেনে লক্ষণ দেখা পালে সাৱধান হ’ব…

‘জাংক ফুড’ বা ভজা, তেলীয়া আৰু টেঙা খাদ্য খালে আন্ত্ৰিক অংশত থকা ভাল বেক্টেৰিয়াবোৰ বেয়া হৈ বেয়া বেক্টেৰিয়াৰ সৃষ্টি হয়। বেয়া বেক্টেৰিয়াই কোষৰ পৰা কোষলৈ সংক্ৰমণ ঘটায় আৰু কোষবোৰ এণ্ডোমেট্ৰিয়াছিছ কোষলৈ পৰিৱৰ্তিত হয়। চিকিৎসকৰ মতে মানসিক চাপ আৰু তাৰ ফলস্বৰূপে খাদ্যাভ্যাসৰ বিসংগতিয়েও এই ৰোগক আৰু অধিক ভয়াৱহ কৰি তোলে।বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত তীব্ৰ বিষত ভুগি থাকে। কিন্তু কিছুমানৰ বাবে সেই বিষটো যন্ত্ৰণাদায়ক হৈ পৰে। পুনৰ বহু ক্ষেত্ৰত ঋতুস্ৰাৱৰ পাঁচৰ পৰা সাত দিন আগতে বিষ আৰম্ভ হয়। আপোনাৰ এনেকুৱা সমস্যা হৈছে নেকি? এনে সমস্যা এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ হ’ব পাৰে। এই ৰোগ থাকিলে গৰ্ভধাৰণত সমস্যাৰ সৃষ্টি হয়। গতিকে এই ৰোগৰ লক্ষণ দেখা পালে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব।


জৰায়ুৰ ভিতৰৰ স্তৰটো হ’ল এণ্ডোমেট্ৰিয়াম। প্ৰতিমাহে যেতিয়া জৰায়ুৰ এণ্ডোমেট্ৰিয়াম স্তৰ ছিঙি যায় তেতিয়া ঋতুস্ৰাৱ হয়। সেই তেজ জন্ম নলীৰ মাজেৰে জৰায়ুৰ পৰা ওলাই আহি শৰীৰৰ পৰা ওলাই যায়। কিন্তু যদি এণ্ডোমেট্ৰিয়াম জৰায়ুৰ বাহিৰত, তলৰ পেটৰ যিকোনো ঠাইত বা শৰীৰৰ যিকোনো ঠাইত বাঢ়ি যায়, তেন্তে ইয়াক এণ্ডোমেট্ৰিয়াছ বুলি কোৱা হয়। যদি এণ্ডোমেট্ৰিয়াম শৰীৰৰ আন এটা অংশলৈ যায় তেন্তে সেই স্তৰত হোৱা ৰক্তক্ষৰণ সেই ঠাইত জমা হ’বলৈ আৰম্ভ কৰে। চাৰিওফালৰ কোষবোৰত চাপ জমা হয়। ইয়াৰ ফলত চিষ্ট গঠন হোৱাৰ সম্ভাৱনা থাকে। ডিম্বাশয়, পেটৰ পিছফাল, প্ৰস্ৰাৱৰ মূত্ৰাশয়, নিষ্কাশন নলী, প্ৰজনন নলীৰ ভিত্তিত এণ্ডোমেট্ৰিয়াম বেছিকৈ দেখা যায়। এই ৰোগক এণ্ডোমেট্ৰিয়াছিছ বোলা হয়।

চিকিৎসকৰ মতে মানসিক চাপ আৰু তাৰ ফলত হোৱা খাদ্যাভ্যাসৰ বিকাৰেও এই ৰোগ বৃদ্ধি কৰে।যদি আপুনি কিবা লক্ষণ দেখা পায় তেন্তে আগতীয়াকৈ সাৱধান হওক-

১)ঋতুস্ৰাৱৰ সময়ত বহু লোকে পেটৰ তীব্ৰ বিষত ভুগিবলগীয়া হয়। কিন্তু যদি এণ্ডোমেট্ৰিয়াছিছ সমস্যা হয়, তেন্তে এই বিষ বহুগুণে বৃদ্ধি পায়। আনকি এই বিষবোৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগতে আৰু পিছত কেইবাদিনো থাকিব পাৰে। পেটৰ তলৰ অংশ আৰু কঁকালৰ বিষ।

২) এণ্ডোমেট্ৰিয়াছিছৰ ফলত যৌন সম্পৰ্কৰ সময়ত বিষ হব পাৰে। এই বিষ সংগমৰ পিছত কেইবাদিনো থাকে। এনে সমস্যা হ’লে সাৱধান হওক।

৩) এণ্ডোমেট্ৰিয়াছিছৰ ফলত শৌচ আৰু প্ৰস্ৰাৱৰ সময়ত পেটৰ তলৰ অংশত বিষ হব পাৰে। সাধাৰণতে ঋতুস্ৰাৱৰ সময়ত এই সমস্যাবোৰ বেছি বেয়া হয়।

৪) এণ্ডোমেট্ৰিয়াছিছৰ ফলত ঋতুস্ৰাৱৰ সময়ত অত্যধিক ৰক্তক্ষৰণ হব পাৰে। দুমাহৰ কিছুমান নিৰ্দিষ্ট ঋতুস্ৰাৱৰ মাজতো ‘আন্তঃঋতুস্ৰাৱৰ ৰক্তক্ষৰণ’ হ’ব পাৰে।

৫) কিছুমান ক্ষেত্ৰত, কিন্তু সদায় নহয়, যদি ৰোগীৰ এণ্ডোমেট্ৰিয়াছিছৰ সমস্যা হয়, তেন্তে গৰ্ভধাৰণত সমস্যা হয়। কেইবাবাৰো গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰাৰ পিছতো যদি সফল নহয় তেন্তে চিকিৎসকৰ সৈতে কথা পাতক।

যদি আপোনাৰ এণ্ডোমেট্ৰিয়াছিছৰ সমস্যা আছে, কেতিয়াবা ভাগৰুৱা, কোষ্ঠকাঠিন্য, মূৰ ঘূৰোৱা আদি সমস্যাও হ’ব পাৰে, যদি এনে সমস্যাৰ সৃষ্টি হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।


বজাৰৰ পৰা ফলমূল কিনি ফ্ৰীজত থৈ দিয়ে নেকি? গ্ৰীষ্মকালত ডায়েৰিয়াৰ সম্ভাৱনা কম কৰিবলৈ কেনেকৈ ধুব ফল-মূল…

A woman's hands wash some fruit under the stream of water. Background with an assortment of healthy freshly picked fresh fruit. Eat healthy. One person

গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ ফল-মূল ধুই নোখোৱাটো একেবাৰে অস্বাস্থ্যকৰ। অৱশ্যে ফল ধোৱাৰ কিছুমান নিয়ম আছে। বজাৰৰ পৰা মাছ-মাংস কিনাৰ পিছত সকলোৱে ধুৱে। কিন্তু ফলৰ ক্ষেত্ৰত এই নিয়ম সদায় পালন কৰা নহয়। কিনাৰ পিছত ফ্ৰীজত থৈ দিয়ে বহুতে। সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে এটাকৈ ফল খোৱাটো জৰুৰী। কিন্তু কেৱল ফল খোৱাই নহয়। যদি ফল-মূল ক্ৰয় কৰাৰ পিছত ভালদৰে ধুব নোৱাৰে তেন্তে ডায়েৰিয়াৰ সম্ভাৱনা বাঢ়ি যায়। বিশেষকৈ এই গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ ফল-মূল ধুই ধোৱাৰ কিছুমান নিয়ম আছে। নিয়মবোৰ জানো আহক-

১) ফল কেতিয়াও চাবোন বা ডিটাৰজেন্ট পানীৰে ধুব নালাগে। ই বিপৰীতমুখী হ’ব পাৰে। চিকিৎসকে কয়, ফলবোৰ পৰিষ্কাৰ পানীত তিয়াই থ’ব। ফল পানীৰ সোঁতৰ তলত থাকিলে বেক্টেৰিয়া, বীজাণু নাইকিয়া হ’ব।


২) কোমল ব্ৰাছেৰে ফলবোৰ ব্ৰাছ কৰিব পাৰে। অৱশ্যে নেমু, অমিতা আপেল আদি বাকলি থকা ফলৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। কিন্তু জামুক, আঙুৰ, ষ্ট্ৰবেৰী পানীত ধুব লাগে।

৩) কেৱল ফল ধোৱাই নহয়, শুকুৱাবলৈও প্ৰয়োজন। যদি ফল তিতি থাকে তেন্তে তাত অধিক বেক্টেৰিয়া বাহ সাজি থাকে। গতিকে ফলবোৰ ধুই শুকুৱাই লোৱাৰ ক্ষেত্ৰত সচেতন হোৱাটো জৰুৰী।

৪) কিনাৰ পিছত যদি আপুনি খাবলৈ পৰিকল্পনা নকৰে তেন্তে ধুই নোলোৱাই ভাল। খোৱাৰ আগতে ধুব লাগে। ধুই বহু সময় ধৰি ৰাখিলে ফল পচি যোৱাৰ আশংকা থাকে।


We felt he has a much more important role to play at no.4 Sangakkara on Riyan Parag’s promotion…

The sterling international success of Yashasvi Jaiswal and more recently Dhruv Jurel has fuelled Riyan Parag’s hunger to excel, feels Rajasthan Royals head coach Kumar Sangakkara, who has elevated the Assam cricketer to the crucial number four spot this season. Royals have invested heavily in 22 year-old, who first played for the franchise back in 2019.After performing the finisher’s role for multiple seasons, Parag has been promoted higher up the order considering his improved work ethic and performances in domestic cricket. The start at the new number was promising as he smashed 43 off 29 balls in Royals’ win over LSG here on March 24.


Ahead of their second game at home, Sangakkara explained the rationale behind the decision to promote Parag in the batting order.”We looked at how he performed over the years. It is a difficult thing for someone like Riyan who has an overall game to only get the toughest parts of the game, where he has to come in and up the run rate at the death,” said the Sri Lankan legend on Wednesday.”We all felt he has a much more important role to play for us. The hardwork he has done and runs he has scored leading up to the season played a part in that decision.”Players have to repay the faith and he has made a great start and needs to keep reading the game the well and trusting himself on what he can do at number 4. He is good against pace and spin and that number is ideal for him,” said the head coach.


Talking more about the change he has seen in Parag over the years, Sangakkara said: “The biggest change we have seen in him is his maturity and self awareness. What your game is and how your lifestyle is on and off field. All of that has changed in Riyan.”He is still a very young cricketer, he should not forget that. He has also seen the huge jump Jaiswal and now Jurel have made. He has got the hunger now and example to follow.”

আজি IPLত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী দিল্লী কেপিটেলছ, ৰিয়ানক প্ৰশংসা প্ৰশিক্ষক ছাংগাকাৰৰ…

যশস্বী জয়ছোৱালৰ লগতে শেহতীয়াকৈ ধ্ৰুৱ জুৰেলৰ আন্তঃৰাষ্ট্ৰীয় সফলতাই ৰিয়ান পৰাগৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষুধাক ইন্ধন যোগাইছে বুলি অনুভৱ কৰিছে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই৷ আজি সংবাদমেলত এই কথা ব্যক্ত কৰে শ্ৰীলংকাৰ কিংবদন্তী ক্ৰিকেটাগৰাকীয়ে৷ চলিত আই পি এলৰ কাইলৈ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে নিজৰ দ্বিতীয়খন মেচ খেলিব ৰাজস্থান ৰয়েলছে৷ প্ৰথম মেচত জয়লাভ কৰি প্ৰত্যাশিত অভিযান আৰম্ভ কৰা আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ কাইলৈৰ মেচক লৈয়ো আত্মবিশ্বাসী৷ উল্লেখ্য যে ছিজনৰ প্ৰথম মেচত দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল অসম সন্তান ৰিয়ানে৷ এইবাৰ দলে ৰিয়ানৰ বেটিং ক্ৰমো উত্তৰণ কৰি চতুৰ্থ স্থানত খেলাইছে৷

ৰিয়ানৰ বেটিং ক্ৰমত উন্নীত কৰাৰ সিদ্ধান্তৰ আঁৰৰ যুক্তি ব্যাখ্যা কৰি ছাংগাকাৰাই কয় ‘আমি বছৰ বছৰ ধৰি তেওঁ কেনেদৰে প্ৰদৰ্শন কৰিছিল সেয়া নিৰিক্ষন কৰিলো৷ ৰিয়ানৰ দৰে ক্ৰিকেটাৰে খেলৰ আটাইতকৈ কঠিন সময়ত বেটিং পোৱাটো স্বাভাৱিকতে এটা কঠিন কাম, যত দলৰ ৰান ৰেট বৃদ্ধি কৰিব লগাৰ চাপ থাকে৷ কিন্তু আমি সকলোৱে অনুভৱ কৰিছিলো যে তেওঁৰ দলটোৰ ইনিংছ গঢ় দিয়াত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ তেওঁ কৰা কঠোৰ পৰিশ্ৰম আৰু ছিজনলৈ আগবাঢ়ি যোৱা ৰণনীতিৰ বাবেই বেটিং ক্ৰমত উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হ’ল৷’ উল্লেখ্য যে ২০১৯ চনত প্ৰথমবাৰৰ বাবে ৰাজস্থান ৰয়েলছৰ হৈ খেলা ২২ বছৰীয়া ৰিয়ানে দলত মূলতঃ ফিনিছাৰৰ ভূমিকা পালন কৰাৰ পিছত এইবাৰ ঘৰুৱা ক্ৰিকেটৰ উন্নত প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি বেটিং অৰ্ডাৰত উচ্ছ পদোন্নতি দিয়া হৈছে৷ নতুন নম্বৰটোৰ আৰম্ভণিও আশাব্যঞ্জক হৈছে৷ এল এছ জিৰ বিৰুদ্ধে ৰয়েলছে খেলা যোৱা মেচত ৰিয়ানে ২৯টা বলত ৪৩ ৰান কৰিছিল আৰু অধিনায়ক ছেমছনৰ লগত যুটি বান্ধি বিজয়ত অন্যতম ভূমিকা লয়৷

‘খেলুৱৈসকলে বিশ্বাসৰ প্ৰতিদান দিব লাগিব৷ ৰিয়ানে এটা ডাঙৰ আৰম্ভণি কৰিছে আৰু প্ৰতিখন খেল ভালদৰে বিশ্লেষন কৰি চাৰি নম্বৰত তেওঁ কি কৰিব পাৰে তাৰ ওপৰত নিজকে বিশ্বাস কৰিব লাগিব৷ তেওঁ পেচ আৰু স্পিনৰ বিৰুদ্ধে ভাল আৰু চাৰি নম্বৰ স্থানটো তেওঁৰ বাবে সুন্দৰ৷ ৰিয়ানৰ মাজত আমি দেখা আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হ’ল তেওঁৰ পৰিপক্কতা আৰু আত্মসচেতনতা৷ ৰিয়ানৰ এটা সলনি হোৱা নতুন ৰূপ খেলপথাৰ তথা বাস্তৱত দেখা গৈছে৷ অৱশ্য তেওঁ এতিয়াও এজন অতি কম বয়সীয়া ক্ৰিকেটাৰ৷ সেইটো পাহৰিব নালাগে৷ জয়ছোৱাল আৰু এতিয়া জুৰেলে জাতীয় দলৰ হৈ কৰা প্ৰদৰ্শন ৰিয়ানে দেখিছে৷ তেওঁ এতিয়া দলতে¸ অনুসৰণ কৰিবলৈ আদৰ্শ পাইছে৷’ ছাংগাকাৰাই লগতে কয়৷

কণ্ঠশিল্পী সীমন্ত শেখৰে শ্বেয়াৰ কৰিলে ৮ বছৰ পূৰ্বৰ জুবিন গাৰ্গৰ ফেচবুক পোষ্ট…

কণ্ঠশিল্পী সীমন্ত শেখৰে শ্বেয়াৰ কৰিলে ৮ বছৰ পূৰ্বৰ জুবিন গাৰ্গৰ ফেচবুক পোষ্ট।

পোষ্টটো শ্বেয়াৰ কৰি সীমান্ত শেখৰে লিখিলে “প্ৰায় আঠ বছৰ আগতেই গৌৰৱ গগৈক উদ্দেশ্যি এই প’ষ্টটো দিছিল জুবিন গাৰ্গ দাই আৰু এই প’ষ্টটোৰ পৰা এটা কথাই বুজিব পাৰিলোঁ যে আঠ বছৰতো অসমীয়া শিকিব নোৱাৰিলে গৌৰৱ গগৈয়ে। এনে অসমীয়া ভাষাটোক শুদ্ধকৈ ক’ব নজনা তথা যোৰহাটৰ চাৰিসীমা চিনি নোপোৱা বহিৰাগত প্ৰাৰ্থী ব’হাগৰ কুলি নহয় কি?”