Breaking

নগাঁৱৰ কঢ়ালীগাঁৱৰ ‘ৰঙ্গালয়’ত ছয়খনকৈ নাট মঞ্চস্থ, ‘দ্য লেছন’-য়ে বিশেষ ভাবে সন্মোহিত কৰিলে দৰ্শকক…

0 43

নগাঁৱৰ কঢ়ালীগাঁৱৰ ‘ৰঙ্গালয়’ত যোৱা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে ‘নাট্যশিল্পী কবিতা বৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ- ২০২৪’ অনুষ্ঠিত হৈ যায়। তিনিটা নিশাত ছয়খনকৈ ব্যতিক্ৰমী নাটকৰ মঞ্চায়নে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা ৰঙ্গালয়ৰ ধাৰাবাহিকতা এই বৰ্ষও অব্যাহত থাকিল। প্ৰথম নিশা মঞ্চস্থ হোৱা নাট দুখন আছিল ৰঙ্গভূমি যোৰহাটৰ নিবেদন ‘যি কথা কোৱা নহ’ল’ আৰু ৰঙ্গালয়ৰ নিজা নিবেদন ‘নীল নীল নীলাম্বৰ’। দুয়োখন নাট ৰচনা আৰু পৰিচালনা কৰিছিল নাট্যকাৰ মৃণাল কুমাৰ বৰাই। দ্বিতীয় নিশা চিত্ৰলেখা ৰঙ্গশালা, তেজপুৰে নিবেদন কৰিছিল ঐশ্বৰ্য কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ‘The Show Must Go On’, আখৰাঘৰ ডিব্ৰুগড়ৰ নিবেদন ‘Love You Zindegi’, যিখন পৰিচালনা কৰিছিল অসীম কুমাৰ শৰ্মাই আৰু শেষৰ নাটখন আছিল উদিচি পশ্চিমবংগৰ নিবেদন ‘আদাব’। নাটখনি পৰিচালনা কৰিছিল জয়দ্বীপ বিশ্বাসে। তৃতীয় তথা অন্তিম নিশা বিশ্ব নাট্য দিৱসৰ লগত সংগতি ৰাখি মঞ্চস্থ হৈছিল ৰঙ্গপীঠৰ নিবেদন ইউজিন আয়োনেস্কোৰ বিশ্ববিখ্যাত এবচাৰ্ড নাটক ‘দ্য লেছন’। নাটখনিৰ অসমীয়া অনুবাদ আৰু পৰিচালনা আছিল দুলাল ৰয়ৰ । শেষৰ নাটখন আছিল এই বৰ্ষত বহুকেইটা নাট্য বঁটা লাভ কৰিবলৈ সক্ষম হোৱা পুৰণিগুদাম ভাস থিয়েটাৰৰ নিবেদন এটি গল্পৰ দ্বিতীয় খণ্ড নাটখনি। নাটখনি ৰচনা কৰিছিল মৃণাল কুমাৰ বৰাই আৰু পৰিচালনা কৰিছিল অঞ্জল বৰাই। ব্যতিক্ৰমী চিন্তাৰে তথা নাটকৰ ন ন শৈলীৰ পৰীক্ষণৰ ক্ষেত্ৰত মৃণাল কুমাৰ বৰা এক চিনাকি নাম। খুব আটোমটোকাৰিকৈ তথা নিয়াৰিকৈ নিৰ্ধাৰিত সময়ত নাট মঞ্চস্থ কৰি দৰ্শকক মোহিত কৰি অহা ৰঙ্গালয়ৰ সফলতা অটুট থাকিব বুলি উপস্থিত সমূহ নাট্যপ্ৰেমী দৰ্শকে একেমুখে স্বীকাৰ কৰিছে।


উল্লিখিত নাটসমূহৰ ভিতৰত দুলাল ৰয়ৰ পৰিচালনাত মনস্থ হোৱা এবছাৰ্ড নাটক ‘দ্য লেছন’ আছিল ব্যতিক্ৰমী।এবছাৰ্ড নাটক বা উদ্ভট নাটকৰ ধাৰণাটো অসমত নতুন নহ’লেও অসমীয়া দৰ্শকৰ বাবে তেনেই চিনাকিও নহয়। খুব কম দৰ্শকেহে এই ধৰণৰ নাটকৰ সোৱাদ লৈ পাইছে। ইউজিন আয়োনেস্কোৰ বিশ্ববিখ্যাত এবচাৰ্ড নাটক “দ্য লেছন”। নাটখনি অসমীয়ালৈ অনুবাদ কৰি পৰিচালনা কৰে অসমীয়া নাট্যজগতৰ কিম্বদন্তী দুলাল ৰয়ে। ১৯৫৭ চনৰ পৰা পেৰিছত সঘনাই অনুষ্ঠিত হৈ অহা ‘দ্য লেছন’ নাটকৰ চৰিত্ৰ মাথোঁ চাৰিটা। তাৰে তিনিটা চৰিত্ৰই মুখ্য ভূমিকা লৈছে। প্ৰায় পঞ্চাশ-ষাঠী বছৰ বয়সৰ এজন অধ্যাপকৰ মানসিক আৰু শাৰীৰিক চাপ বা দুৰ্বলতা সম্পৰ্কে তেওঁৰ মেইড গৰাকী জ্ঞাত। ইতিমধ্যে তেওঁৰ মানসিক স্থিতিৰ বাবেই আঠত্ৰিশগৰাকী ছাত্ৰ-ছাত্ৰী মৃত্যুমুখত পৰিছে। অথচ অধ্যাপকগৰাকীয়ে কোনোবাৰেই তেওঁৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত অৰ্হতা লোৱাত সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব পৰা নাই। তেওঁ বুজোৱা কথাবোৰ যেতিয়া ছাত্ৰীগৰাকীয়ে বুজিব পৰা নাই বা ছাত্ৰীগৰাকীৰ কম বোধগম্যতাই তেওঁৰ খং বাৰে বাৰে বাঢ়ি আহে। ছাত্ৰী গৰাকীৰ অমনোযোগিতাই তেওঁৰ খং দুগুণ বঢ়াই তোলে। ছাত্ৰী গৰাকীৰ দাঁতৰ বিষক অধ্যাপকে গুৰুত্ব দিয়া নাই। দিছে কেৱল তেওঁৰ নিজা মতত। তেওঁৰ যুক্তিবাণবোৰ সেই সময়ত চলি আছিল বিভিন্ন ভাষাৰ পৰা অহা সুকীয়া ধ্বনি তত্ত্বৰ গুৰুত্ব সম্পৰ্কে। লাহে লাহে দাঁতৰ বিষেই কেৱল অমনোযোগিতাৰ কাৰণ হৈ নাথাকিল। অধ্যাপকৰ উদ্ভট যুক্তি, অবুজ কথাবোৰে তাইৰ সমস্ত দেহলৈ বিষ নমাই আনিলে। ঘটনাৰ পাকচক্ৰত আৰু জটিল মানসিক স্থিতিত পঢ়িবলৈ অহা ছাত্ৰীগৰাকীক অধ্যাপকে হত্যা কৰে। মেইডৰ লগত লগ লাগি মৃতদেহটো পুতি থোৱাৰ ব্যৱস্থা কৰা হ’ল যদিও নাটকৰ শেষ মুহূৰ্তত পুনৰ এগৰাকী ছাত্ৰী অধ্যাপকৰ ওচৰলৈ অহা দেখা গ’ল।

দ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা যুক্তিবাদ, অস্তিত্বৰ অৰ্থহীনতা, জীৱন দৰ্শনৰ স্বতন্ত্ৰ ব্যাখ্যা, ধ্বনি তত্ত্বৰ গুৰুত্ব আৰু সুন্দৰ পৃথিৱীখনক দুৰ্বোধ্য স্থান বুলি কোৱাটো উদ্ভট নাটকৰ লক্ষণ। দৰ্শকৰ চিন্তাগধুৰ মনৰ বিষয়ে তুলি ধৰাত এই শ্ৰেণীৰ নাটকে গুৰুত্ব দিয়ে। লগতে দৰ্শকৰ মনস্তাত্বিক দিশবোৰক জাগ্ৰত কৰি অন্তৰ্নিহিত ভয়, শংকাৰ পৰা মুক্তি প্ৰদান কৰে। ‘দ্য লেছন’ নাটখনিত অভিনয় কৰা শিল্পী সকল আছিল ক্ৰমে নৱ কুমাৰ বৰুৱা, কৰবী পাঠক, মণি বৰদলৈ, প্ৰহেলিকা বৰা। নাটখনি সংগীতেৰে সজালে ৰাজু দাস আৰু ধনজিত বড়োৱে। সাজ সজ্জাত আছিল মধুৰ কংকনা ৰয় আৰু সুমধুৰ ৰয়; ৰূপসজ্জা নেত্ৰ কমল বৰাৰ। দৃশ্যসজ্জা মৃণাল কুমাৰ বৰাৰ। পোহৰ ব্যৱস্থাপনা তপন বৰুৱাৰ।

Leave A Reply