Home Blog Page 930

অভিনেতা ছলমান খানৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা…

অভিনেতা ছলমান খানৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা।

বান্দ্ৰাস্থিত অভিনেতাগৰাকীৰ গেলেক্সি এপাৰ্টমেণ্টত এই ঘটনা সংঘটিত হয়।

পুৱতিনিশা বাইকেৰে অহা দুই অচিনাক্ত ব্যক্তিয়ে তিনি জাই গুলী চলাই পলায়ন কৰে।

ঘটনাৰ পাছতে ছলমান খানৰ বাসগৃহত বৃদ্ধি কৰা হয় নিৰাপত্তা।

সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ…

আজি পহিলা ব’হাগ। আজি মানুহ বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ।

অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালে।

অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালে কণ্ঠশিল্পী পাপনে…

আজি পহিলা ব’হাগ, আজি মানুহ বিহু। সকলোৱে হেঁপাহেৰে পালন কৰিছে আদৰৰ ৰঙালী বিহু।

কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তইও অসমবাসীক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে শৰীৰত মা-হালধি লগাই ফটো ৷

দ্বিতীয়খন ফটোত দেখা গৈছে কণ্ঠশিল্পীগৰাকীক ডিঙিত গামোচা লৈ থকা।

সঁচাকৈয়ে আইচক্ৰীম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি? উত্তৰ জানিলে আপুনি আচৰিত হ’ব…

সঁচাকৈয়ে আইচক্ৰীম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি! গৰমৰ দিনত ঠাণ্ডা আইচক্ৰীম উপভোগ কৰি সকলোৱে ভাল পায়। শিশু হওক বা প্ৰাপ্তবয়স্ক, সকলোৱে উপভোগ কৰে আইচক্ৰীম। অৱশ্যে কিছুমান মানুহে আইচক্ৰীমক ভাল বুলি নাভাবে। আনহাতে আজিকালি মানুহে নিজৰ ফিটনেছৰ প্ৰতি অধিক গুৰুত্ব দিয়ে, যাৰ বাবে তেওঁলোকে আইচক্ৰীম নাখায়। তেওঁলোকৰ মতে আইচক্ৰীম অতি মিঠা আৰু চৰ্বিযুক্ত হোৱাৰ বাবে স্বাস্থ্যৰ বাবে উপকাৰী নহয়। কিন্তু সঁচাকৈয়ে আইচক্ৰীম খোৱাৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰেনে? এই সন্দৰ্ভত একাংশ ডায়েটিচিয়ানে নিজৰ দাহি ধৰে।

প্ৰতিজন ব্যক্তিৰ পুষ্টিৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। আইচক্ৰীম নিশ্চিতভাৱে কম পুষ্টিকৰ খাদ্য, কিন্তু ইয়াক সুষম পৰিমাণত খাব লাগে বুলি মন্তব্য কৰে একাংশ ডায়েটিচিয়ানে।


বজাৰত বিভিন্ন ধৰণৰ আইচক্ৰীম পোৱা যায়, য’ত পুষ্টিৰ মাত্ৰাও ভিন্ন হয়। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে (AHA) পুৰুষৰ বাবে দৈনিক ৩৬ গ্ৰাম আৰু মহিলাৰ বাবে ২৫ গ্ৰামতকৈ অধিক চেনি খাব নালাগে বুলি পৰামৰ্শ দিয়ে। আনহাতে চেচুৰেটেড ফেটৰ বাবে এএইচএই দুহাজাৰ কেলৰিযুক্ত খাদ্যত ১৩ গ্ৰামতকৈ অধিক গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়ে। অৰ্থাৎ মাত্ৰ এটা স্কুপ আইচক্ৰীমে গোটেই দিনটোৰ চেনি আৰু চেচুৰেটেড ফেট গ্ৰহণ পূৰণ কৰিব পাৰে।

খাদ্য বিশেষজ্ঞ এডৱিনা ক্লাৰ্কে কয় যে আইচক্ৰীমত সংপৃক্ত চৰ্বি আৰু চেনিৰ পৰিমাণ বেছি হ’লেও ই স্বাস্থ্যসন্মত খাদ্যৰ দৈনন্দিন অংশ হ’ব পাৰে। সেয়েহে স্বাস্থ্যৰ কিছু উপকাৰো আছে। প্ৰতি নিশা এটা স্কুপ আইচক্ৰীম খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয় বুলি কয়। আইচক্ৰীমে কেলচিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি১২ৰ ভাল উৎস আৰু প্ৰায়ে আনন্দ আৰু নষ্টালজিয়া কঢ়িয়াই আনে, যিবোৰ খাদ্য খোৱাৰ গুৰুত্বপূৰ্ণ কাম।

খাদ্য বিশেষজ্ঞসকলে কয় যে যদি আপুনি প্ৰতিদিনে আইচক্ৰীম খাই তেন্তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ পৰিমাণৰ ওপৰত চকু ৰাখিব লাগে।

ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা, আহত এজন…

ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে-নিশাই বন্যহস্তীৰ উপদ্ৰৱ সমস্যা সমাধানত ব্যৰ্থ বনবিভাগ।

ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ আনহাতে আহত এগৰাকী।

ভেৰগাঁৱৰ ভূটিয়াচাংত পুৱতি নিশা নিজ ঘৰতেই গছকি নিহত কৰে শ্ৰমিক মহিলাগৰাকীক।

ৰাজ্যত ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে ভেৰগাঁৱৰ ভূটিয়াচাঙত শোকাৱহ ঘটনা । একেটা পৰিয়ালতে বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী আৰু আহত এজন। গৰু বিহুৰ দিনটোতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় গুমী ওৰাং (৫০) নামৰ এগৰাকী মহিলা আনহাতে আহত হয় মহিলাগৰাকীৰ স্বামী ৰাজু ওৰাং (৬০)। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰ ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে-নিশাই তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। ভেৰগাঁৱৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান জনতা ৷ গৰু বিহুৰ উচাহৰ মাজতে ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ভূটিয়াচাঙৰ বাসুগাঁৱত সংঘটিত হ’য় শোকাবহ ঘটনা ৷ আজি পুৱাৰ ভাগতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো। নিজ গৃহতে হাতীৰ গচকত নিহত হ’য় গুমী ওৰাং (৫০) নামৰ পঞ্চশোৰ্ধৰ মহিলা গৰাকী৷ পত্নীৰ প্ৰাণ বছাবলৈ গৈ হাতীটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৱলগীয়া হয় মহিলাগৰাকীৰ স্বামী ৰাজু ওৰাং৷

ইতিমধ্যে ৰাজু ওৰাং সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে বন্যহস্তীৰ আক্ৰমণত পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তী অঞ্চলটোত নিতৌ বৃদ্ধি পাইছে আহিছে হাতী-মানুহৰ সংঘাত। কিন্তু সম্পূৰ্ণভাৱে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হৈ পৰিছে বিটিআৰ প্ৰশাসন তথা বিয়াগোম বিভাগটো। বাৰে-বাৰে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় অহা পিছতো গা-লৰা নাই চৰকাৰ তথা বন-বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাত বিটিআৰ প্ৰশাসন৷ বিগত সময়ত এই অঞ্চলত কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে কেইবাটাও বন্যহস্তীৰ মৃত্যু হোৱাৰ উপৰি বহুতো পৰিয়াল গৃহহাৰা হৈ পৰে৷ স্থানীয় যুৱনেতা তথা পৰিৱেশ কৰ্মী ৰৱীন গোৱালাই মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাৱী জনাইছে ৷

নাজিৰাৰ মিছাজানত উজনি অসম ভিত্তিত কণী যুঁজৰ প্ৰতিযোগিতা, সৰ্বমুঠ প্ৰাইজ ৩০ হাজাৰ টকা…

ব’হাগ মাঁথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুষ ৰেখা, জনজীৱনৰপ্ৰাণ। আজি গৰু বিহু। গৰু বিহুৰ এই দিনটোত অতীতৰে পৰা চলি অহা এটি পৰম্পৰা হ’ল কণী যুঁজ। বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰভাৱত অসমৰ চহা জীৱনৰ পৰা হেৰাই যাব ধৰা এই কণী যুঁজৰ পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে মিছাজান যুৱ সংঘৰ উদ্যোগ আৰু সমূহ মিছাজান বাসীৰ সহযোগত উজনি অসম ভিত্তিত অনুষ্ঠিত কৰিছে প্ৰাইজমণী কণী যুঁজৰ প্ৰতিযোগিতা।

তিনিটা পৰ্যায়ত ক্ৰমে চীনা, পাতি আৰু কুকুৰা কণীৰ যুঁজৰ এই প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমণী ৩০ হাজাৰ টকা।উজনি অসম ভিত্তিত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতা খনিত দেৰগাঁও, গোলাঘাট, যোৰহাট শিৱসাগৰ আদি কৰি উজনিৰ বহুকেইখন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ।

গৰম পালেহি, পদিনা পানী খোৱাৰ আৰম্ভ কৰক; এই ৫ টা সমস্যাৰ পৰা আপুনি সকাহ পাব…

প্ৰতিদিনে ৰাতিপুৱা পদিনা পানী খালে শৰীৰ সদায় হাইড্ৰেটেড হৈ থাকিব। পদিনা পানীত ফ’লেট, কেলচিয়াম, কেৰটিন, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন চি আৰু আন বহুতো উপাদান থাকে। পদিনা পানী দৈনিক গ্ৰহণ কৰিলে শৰীৰত শীতলতা পোৱা যায় আৰু লগতে গৰমৰ পৰা ৰক্ষা পোৱাতো সহায় কৰে।


দৈনিক ৰাতিপুৱা ১ গিলাচ পদিনা পানী খালে ছাললৈ উজ্বলতা আহিব। গ্ৰীষ্মকালত এই পানী খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায়। ছালখন সুস্থ কৰি ৰাখে। দৈনিক খালে আপোনাৰ মুখখন চন্দ্ৰৰ দৰে জিলিকিবলৈ আৰম্ভ কৰিব।


যদি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা আছে, তেন্তে আপুনি পদিনা পানী খাব লাগে। পদিনা পানী খোৱাটো আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী। পাচনতন্ত্ৰ ভালকৈ বজাই ৰাখিবলৈ এইটো অতি প্ৰয়োজনীয়। ই এচিডিটি, পেট জ্বলোৱা আৰু কৃষ্ণ জ্বলন আদি সমস্যা তৎক্ষণাত দূৰ কৰে।


পদিনা পানীত এন্টি-অক্সিডেন্ট, এন্টি-বেক্টেৰিয়েল, এন্টিফাংগেল গুণ থাকে। পদিনা পানী দৈনিক খালে লাগে। পদিনাৰ শীতল প্ৰভাৱ থাকে, যিয়ে আপোনাক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা কৰাত ই অতি উপকাৰী।


দৈনিক পদিনা পানী খোৱাটো খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। ওজন কমাতো ই আপোনাক সহায় কৰে। ওজন কমাবলৈ দ্ৰুত বিপাকীয় ক্ৰিয়া উপকাৰী।


কোন ফুটবলাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খালে উৰ্বশী ৰাউটেলা! নেট ৱৰ্থে আপোনাৰ চকু কপালত তুলিব…

বলীউডৰ তাৰকাসকলে যিমানেই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক লুকুৱাই ৰাখে সিমানেই সমান আগ্ৰহেৰে তেওঁলোকৰ সৈতে জড়িত পোষ্ট শ্বেয়াৰ কৰে। উৰ্বশী ৰাউটেলাৰ সম্পৰ্ক সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন কথা শুনা য়ায়। প্ৰথমে তেওঁৰ নাম ঋষভ পন্তৰ সৈতে জড়িত হৈ পৰিছিল। এতিয়া এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত কৰিম বেনজেমাৰ সৈতে উৰ্বশী ৰাউটেলাৰ নাম জড়িত হৈ পৰিছে।


কৰিম বেনজেমা ফ্ৰান্সৰ এজন বিখ্যাত ফুটবলাৰ। ৰিহানাৰ বাবেই কৰিম বেনজেমাও বাতৰিৰ শিৰোনাম দখল কৰিছে। দুয়োজনে এটা সময়ত ডেটিং কৰিছিল। কৰিম বেনজেমাই ৫ বাৰকৈ বিশ্বকাপৰ ট্ৰফী জয় কৰিছে। চেলিব্ৰিটি নেটৱৰ্থ ৱেবছাইটৰ তথ্য অনুসৰি ৩৬ বছৰীয়া কৰিম বেনজেমাৰ সম্পত্তিৰ পৰিমাণ ২০ কোটি ডলাৰ। বৰ্তমান তেওঁৰ নাম উৰ্বশী ৰাউটেলাৰ লগত জড়িত হৈ পৰিছে।

আপোনালোকক জনাওঁ যে শুক্ৰবাৰে উৰ্বশী ৰাউটেলাই কৰিম বেনজেমাৰ সৈতে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। ফটোখনত দুয়োকে একেলগে থিয় হৈ থকা দেখা গৈছে। এই পোষ্টটো দেখাৰ পিছত দুয়োৰে সৈতে জড়িত প্ৰশ্নবোৰ মানুহৰ মনত উদয় হৈছে। অৱশ্যে এতিয়ালৈকে কৰিম আৰু উৰ্বশীয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

প্ৰতিদিনে খাব মগুমাহ! মগুমাহৰ আছে বহু উপকাৰিতা…

আজি আপোনালোকক কম মগুমাহৰ উপকাৰিতাৰ বিষয়ে। আপুনি জানেনে যে কিছুমান দাইল কেৱল ঋতু অনুসৰিহে খাব লাগে, ইয়াৰ ফলত শৰাৰে ভাল ফলাফল পাব। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞৰ মতে যদি আপুনি সেউজীয়া মগুমাহ অন্তৰ্ভুক্ত কৰে তেন্তে শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল বহু পৰিমাণে কমি যায়।


মুগু দাইল বা মগুমাহ খালে আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা দূৰ হয়। ইয়াৰ ফলত আপুনি তৎক্ষণাত শক্তি পাব। মুগু দাইলত ভাল পৰিমাণৰ প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, আইৰণ আৰু ভিটামিন চি পোৱা যায়


মুগুমাহত ভাল পৰিমাণৰ পটাছিয়াম, মেগনেছিয়াম আৰু ফাইবাৰ থাকে। বি পি নিয়ন্ত্ৰণতো ই আপোনাক বহুত সহায় কৰে। শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে আৰু আপোনাৰ শৰীৰক ৰোগৰ পৰা আঁতৰাই ৰাখে।


মগুমাহে মন শক্তিশালী কৰি ৰাখে। যদি আপোনাৰ শৰীৰত তেজৰ অভাৱ হয়, তেন্তে আপুনি খাদ্য তালিকাত মগুমাহ অন্তৰ্ভুক্ত কৰিব। অন্ত্ৰত জমা হোৱা মলিও লগে লগে আঁতৰি যাব। পেটৰ তন্ত্ৰ মসৃণ কৰি তোলাতো ই আপোনাক বহুত সহায় কৰিব।


মগু দাইল খালে ওজন বহু পৰিমাণে হ্ৰাস পায়। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াত ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট পোৱা যায়।


গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক ছাহাবুদ্দিন মজুমদাৰ

গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক কংগ্রেছ কর্মী।

ফ্লায়িং স্কোৱাডৰ অভিযানত ১ লাখ টকাসহ ধৰা পৰিল ছাহাবুদ্দিন মজুমদাৰ।

ছাহাবুদ্দিনক বৰ্তমান যোৰহাট আৰক্ষীয়ে আটক কৰিছে।

ছাহাবুদ্দিনৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে।

ছাহাবুদ্দিন কংগ্ৰেছ দলৰ হোজাইৰ সংখ্যালঘু কোষৰ সভাপতি।

ছাহাবুদ্দিনৰ ওপৰত যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে গোচৰ।

ছাহাবুদ্দিননে ধন লৈ অহা গাড়ী খনৰ নাম্বাৰ AS-01-FP-8122।