Home Blog Page 931

‘বিশ্বৰ কৰ্কট ৰাজধানী’ হোৱাৰ পথত ভাৰত, স্বাস্থ্য সংকটৰ সন্মুখীন ভাৰত…

এসময়ত চহকী সংস্কৃতি আৰু বৈচিত্ৰ্যৰ বাবে পৰিচিত ভাৰত আজি স্বাস্থ্য সংকটৰ সন্মুখীন হৈছে। এক নতুন অধ্যয়নৰ তথ্যই দেখুৱাইছে ভাৰত ‘বিশ্বৰ কৰ্কট ৰাজধানী’ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এসময়ত চহকী সংস্কৃতি আৰু বৈচিত্ৰ্যৰ বাবে পৰিচিত ভাৰত আজি এক চিন্তনীয় স্বাস্থ্য সংকটৰ সন্মুখীন হৈছে। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু এই বৃদ্ধি আতংকজনক হাৰত ঘটিছে। এক প্ৰতিবেদনত দেখা গৈছে যে সমগ্ৰ দেশতে কৰ্কট আৰু অন্যান্য অসংক্ৰামক ৰোগৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰোগীয়ে এতিয়া ভাৰতক ‘বিশ্বৰ কৰ্কট ৰোগৰ ৰাজধানী’ কৰি তুলিছে।


আপোনালোকক কওঁ যে ভাৰতত প্ৰতি বছৰে দহ লাখতকৈ অধিক নতুন ৰোগীৰ খবৰ পোৱা যায়, কিন্তু বিশ্বৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগৰ হাৰ থকা ডেনমাৰ্ক, আয়াৰলেণ্ড, বেলজিয়ামৰ দৰে দেশতকৈ কৰ্কট ৰোগৰ হাৰ এতিয়াও বেছি নহয়। বৰ্তমান ই আমেৰিকাতকৈ কম, য’ত প্ৰতি এক লাখ লোকৰ বিপৰীতে ৩০০ লোক আক্ৰান্ত হয়, আনহাতে ভাৰতত এই সংখ্যা ১০০।


২০২০ চনত ১৩.৯ লাখৰ পৰা ২০২৫ চনৰ ভিতৰত ১৫.৭ লাখলৈ বৃদ্ধি পাই বিশ্বৰ গড়তকৈ অধিক দ্ৰুতগতিত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। মহিলাৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ ৰূপ হ’ল স্তন কেন্সাৰ, ছাৰ্ভাইকেল কেন্সাৰ আৰু অভেৰিয়ান কেন্সাৰ। একে সময়তে হাওঁফাওঁৰ কৰ্কট ৰোগ, মুখৰ কৰ্কট ৰোগ আৰু প্ৰষ্টেট কেন্সাৰ পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়।

কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ কাৰণ হৈছে পৰিৱেশ আৰু আৰ্থ-সামাজিক কাৰকৰ সমন্বয়, যেনে উচ্চ মাত্ৰাৰ প্ৰদূষণ, লগতে জীৱনশৈলী আৰু খাদ্যাভ্যাস। ভাৰতত প্ৰায় ৪০% কৰ্কট ৰোগী ধঁপাতৰ অত্যধিক সেৱনৰ বাবে হয়, যাৰ ফলত হাওঁফাওঁ, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়, আনহাতে খাদ্যৰ অভাৱ আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে ১০% আক্ৰান্ত হয়।

সোণাপুৰ আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি গেং…

সোণাপুৰ আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি গেং।

সোণাপুৰৰ বিভিন্ন ঠাইত চুৰি হোৱা ৫ খন বাইক উদ্ধাৰ কৰাৰ লগতে মহিলাসহ চাৰি বাইক চোৰক গ্ৰেপ্তাৰ।

আটাইকেইখন বিলাসী বাইক মেঘালয়ৰ নংপো অঞ্চলৰ পৰা উদ্ধাৰ কৰে সোণাপুৰ আৰক্ষীয়ে।

ইতিমধ্যে এই চুৰি কাৰ্যৰ লগত জড়িত এগৰাকী মহিলা, লগতে Mpyrkhat Dhar, Ailbert Iraplang আৰু Shamlangdos Lyngdohক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে সোণাপুৰ আৰক্ষীয়ে।

ইতিমধ্যে এই ঘটনাৰ অধিক তথ্য উদঘাটনৰ বাবে সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

গৰুৰ বিহুৰ দিনা আমৰলি টোপ খোৱাৰ আছে পৰম্পৰা…

সমগ্ৰ ৰাজ্যৰ লগতে গোগামুখতো উলহ-মালহেৰে পালন কৰা হয় গৰু বিহু।

পুৱাতে চাগমাৰি বনাই, মাহ হালধিৰে গৰু নোৱাই ধুৱাই, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা বচনে বছৰটোলৈ গোধনৰ সুমঙ্গল কামনা কৰে।

এই দৃশ্য গোগামুখ ন-নদীৰ, ৰাইজে সমূহীয়া ভাৱে গৰু গা ধুৱাই পালন কৰিলে গৰু বিহু।

আনফালে গৰুৰ বিহুৰ দিনাই আমৰলি টোপ খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত।

সেইহে আমৰলি পৰুৱা টোপ গোটালে ৰাইজে।

অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ অভিনীত বলিউডৰ বিগ বাজেটৰ চিনেমাত গুৱাহাটীৰ যুৱক কিন্নৰ বৰুৱা…

অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ অভিনীত বলিউডৰ বিগ বাজেটৰ চিনেমাত গুৱাহাটীৰ যুৱক কিন্নৰ বৰুৱা (পৃথু)।


বলিউডৰ এই চিনেমাখনত ‘বড়ে মিঞা, ছোটে মিঞা’ ত অভিনয় কৰিছে পৃথু বৰুৱাই।

বৰ্তমান বাংগালুৰুনিবাসী পৃথু বৰুৱাই Action ধৰ্মী চিনেমাখনত‌ Chang চৰিত্ৰত অভিনয় কৰিছে।

গ্লাছগোত শ্বুটিং হৈছিল কিন্নৰ বৰুৱাই অভিনয় কৰা দৃশ্যসমূহৰ।

অসমৰ ছয় সংগঠনৰ ‘মাজুলী প্ৰণাম’ অনুষ্ঠান সম্পন্ন, মাজুলীৰ মুঠ নজন বিশেষ ব্যক্তিলৈ বিশেষ সন্মান প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাক্তন ছাত্ৰ সমাজ, চিফুং দ্য আৰ্ট, সেউজী-সেউজী, টীম পাগ্লাদিয়া, দ্য হাৰ্ট, পূৱ নলবাৰী যুৱ সমাজ, ড্ৰীম ৱেভ ষ্টুডিঅ’ৰ উদ্যোগত আজি বিয়লি ৪ বজাৰপৰা মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱত মাজুলী প্ৰণাম শীৰ্ষক এখনি অনুষ্ঠান সম্পন্ন হৈ যায়। ডঃ ঋতুপৰ্ণ মহন্তৰ মঙ্গলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰণৱ কুমাৰ বৰ্মনে।

অনুষ্ঠানত ওপৰত উল্লেখ কৰা সামাজিক আৰু সাহিত্য অনুষ্ঠানসমূহে কবি, সমাজ সংগঠক ভূপেন দত্তক মাজুলী প্ৰাণ সন্মান-২০২৪, লোকশিল্পী বিদ্যাসাগৰ দেউৰীক লোক-সংগীত প্ৰাণ সন্মান ২০২৪, শিল্পী-সমাজ সংগঠক প্ৰদীপ পেগুক মাজুলী জীৱন শিল্পী ২০২৪, কবি শ্যামন্ত পায়েঙক মাজুলী কাব্য সাধনা সন্মান ২০২৪, ৰজনীকান্ত বৰদলৈক মাজুলী কাব্য সাধনা সন্মান ২০২৪, পাপু বৰাক মাজুলী কাব্য সাধনা সন্মান ২০২৪, বিশিষ্ট কৃষক, কবি লক্ষিমী শ‌ইকীয়া বৰাক মাজুলী কৃষি প্ৰাণ সন্মান ২০২৪, আপেল নবৌক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

এযোৰাকৈ তামোল পানেৰে সেৱা জনাই প্ৰত্যেকজন সন্মানপ্ৰাপকক ক্ৰমে একোখনকৈ ফুলাম গামোচা, একোখনকৈ চেলেং, একোখনকৈ আৰনাই, একোখনকৈ হালোৱা জাপি, এটোপোলাকৈ বৰা চাউল, কিতাপৰ টোপোলা, দুটাকৈ স্মাৰক আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰ আদি প্ৰদান কৰে। প্ৰণৱ কুমাৰ বৰ্মন, সত্যেন শৰ্মা, ডঃ উৎপল চৌধুৰী, দ্বীপজ্যোতি লহকৰ, ডঃ ঋতুপৰ্ণ মহন্ত, লক্ষ্মণ শৰ্মা, ভৱেশ কলিতা, উৎপল হালৈ আদিয়ে উপস্থিত থাকি এই সন্মান প্ৰদান কৰে। ইয়াৰ পিছতে গীত কবিতাৰ এখনি অনুষ্ঠান অনুষ্ঠিত হয়। অমিয় কুমাৰ চিৰাঙে সঞ্চালনা কৰা অনুষ্ঠানটিত ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গাম, মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা, কবি-সমালোচক ডিম্বেশ্বৰ ভূঞা, বিশিষ্ট সংবাদদাতা যদু কলিতা, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মনোজ্যোতি ৰেগন, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, মাজুলী জিলা সম্পাদক যতীন্দ্ৰ নাথ মুদৈ, নয়ন লিগাং, ত্ৰিপুৰাজ দলে, বৰ্ণালী ভূঞা, পাৰুল বৰা মিলি, শংকুসিদ্ধ নাথ, জয়ন্ত শ‌ইকীয়া, অনুপ্ৰভা নাথ, কবিতা বৰা মুদৈ, ধ্ৰুৱজ্যোতি নাথ, ইন্দুলেখা হাজৰিকা, পূৰ্ণিমা হাজৰিকা, সাগৰ দেউৰী, সঞ্জিৎ অসম বৰা, লক্ষীনাৰায়ন শৰ্মা, দীপাঞ্জলি পায়েং আদি অৰ্ধশতাধিক কবি-সাহিত্যিক তথা শিল্পীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে পৃথকে পৃথকে কবিতা পাঠ আৰু গীত পৰিৱেশন কৰাৰ লগতে বক্তব্য আগবঢ়াই

লোকসভা নিৰ্বাচনত , আহোম জনগোষ্ঠীৰ ৰাইজক উন্নয়নৰ স্বাৰ্থত থাকিবলৈ আহবান আহোম সভাৰ

লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষণত সদৌ অসম আহোম সভাৰ সংবাদমেল ৷ উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰা পৰ্যন্ত স্বায়ত্তশাসন প্ৰদান কৰা,তিনিচুকীয়াত চুকাফা বিশ্ববিদ্যালয়,আহোমৰ পৌৰাণিক কৃতিচিহ্ন সংৰক্ষণ আৰু শোভাবৰ্ধনৰ লগতে উন্নয়নৰ বাবে ১৬ এপ্ৰিলৰ ভিতৰত আহোম জনগোষ্ঠীৰ আস্বস্ত হব পৰাকৈ সকলো ৰাজনৈতিক দলক স্থিতি ষ্পষ্ট কৰিবলৈ দাবী জনাইছে আহোম সভাই ৷

আহোম জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন কিছু হোৱাৰ বিপৰীতে আধৰুৱা কাম বহুত আছে সেইসমূহ উন্নয়ন কৰা দলৰ প্ৰাৰ্থীকে আহোম জনগোষ্ঠীয়ে গুৰুত্ব দিব৷

লগতে প্ৰাৰ্থীজন আহোম হলেই নহব আহোমৰ কাৰণে প্ৰকৃতাৰ্থত কাম কৰা প্ৰাৰ্থীকহে গুৰুত্ব দিব আহোম জনগোষ্ঠীয়ে ৷ লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীৰ ৰাইজক উন্নয়নৰ স্বাৰ্থত থাকিবলৈ আহবান আহোম সভাৰ ৷

নগাঁৱৰ চিল্ড্রেনছ্ হেভেনত শিশুবন্ধু দুলাল বৰাৰ সৈতে শিশু সকলৰ বিহু উদযাপন…

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান চিল্ড্রেনছ্ হেভেন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিশুবন্ধু দুলাল বৰা দেৱৰ সৈতে শিশু সকলে উলহ-মালহেৰে ৰঙালীক আদৰিলে। এই অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালক তথা কবি পাপু মজুমদাৰে আত ধৰি কয় যে, ‘ আমি এনে এগৰাকী ব্যক্তিক আমাৰ মাজত আমন্ত্রণ কৰি আনিছো যিজনে শাৰদীয় উৎসৱত শিশু সকলৰ হাতত বন্দুকৰ পৰিৱৰ্তে কিতাপৰ টোপলা উপহাৰ দিয়ে। শিশু সকলক টকা উপাৰ্জনৰ মেচিন হোৱাৰ পূৰ্বে এজন ভাল মানুহ হোৱাৰ পৰামৰ্শ দিয়ে।

তেখেত আমাৰ সকলোৰে প্ৰিয় শিশুবন্ধু দুলাল বৰা।’ উক্ত অনুষ্ঠানটিৰ আৰম্ভণিতে মুখ্য অতিথি দুলাল বৰা দেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনায় সমাজকৰ্মী তথা বিদ্যালয়ৰ এগৰাকী সদস্যা ৰীতা গোঁহাইয়ে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মায়ামণি দেৱীয়ে এটি বিহুগীত পৰিৱেশন কৰাৰ লগতে শিশুবন্ধু গৰাকীয়ে শিশুসকলৰ হাতত এটিকে ৰংমন কমিকচ্ ৰঙালী বিহুৰ উপহাৰ হিচাপে আগবঢ়ায়। অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপা কুন্ডু, সম্পা দাস, টুনু ভাগৱতীকে আদি কৰি ছাত্র ছাত্রী সকলৰ অভিভাবক, অভিভাবিকা সকল উপস্থিত থাকে। শিশুশিল্পী মৃন্ময় গিৰি, আৰু চিন্ময় শইকীয়াৰ ঢোলৰ চাপৰত শিশু সকলৰ বিহু নৃত্যই দৰ্শক সকলক আপ্লুত কৰি তোলে।

কৰ্ণাটকৰ পৰা খোজেৰে দেৰগাঁও পালেহি এজন ব্যক্তি…

মেহচুৰৰ কৃষ্ণ নায়ক নামৰ যোগৰ শিক্ষক এজনে ভাৰত ভ্ৰমণৰ উদ্দেশ্যেৰে আৰম্ভ কৰিছে এক যাত্ৰা। তেওঁ ভাৰত , নেপাল আৰু ভূটান এই তিনিখন দেশ পদপথে খোজ কাঢ়ি শেষ কৰা সঙ্কল্প লৈ আজি ডেৰবছৰে পদযাত্ৰা কৰি আছে। বৰ্তমানলৈকে তেওঁ ১৮ খন ৰাজ্য পদযাত্ৰা কৰি অতিক্ৰম কৰিছে। বৰ্তমানলৈকে তেওঁ ১২ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিছে পদপথে খোজকাঢ়ি। তেওঁৰ যাত্ৰাৰ মুল উদ্দেশ্য হ’ল যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ , স্বাস্থ্যৰ প্ৰতি সজাগতা লগতে প্ৰকৃতি সুৰক্ষা কৰা উদ্দেশ্যয়ে মানুহক জাগ্ৰত কৰা।


দেৰগাঁৱত উপস্থিত হৈ দেৰগাঁৱৰ অসম পুলিচ টেৰনিং কলেজৰ APTC ত প্ৰশিক্ষণ লৈ থকা মনিপুৰৰ নৱনিযুক্ত আৰক্ষী প্ৰশিক্ষাৰ্থী সকলক যোগবিদ কৃষ্ণ নায়ক ডাঙৰীয়াই যোগৰ গুৰুত্ব বিষয়ে অৱগত কৰে আৰু যোগৰ প্ৰশিক্ষণ দিয়ে। ইয়াৰে পাছতে দেৰগাঁওৰ চৰকাৰী মাধ্যমৰ দুখন আগশাৰী বিদ্যালত উপস্থিত হৈ ছাত্ৰছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলক যোগৰ গুৰুত্ব, প্ৰকৃতি সুৰক্ষা বিষয়ে অৱগত কৰাৰ লগতে তেওঁ যোগৰ কিছু প্ৰশিক্ষণ আগবঢ়াই।

বিৰাট কোহলী, সামান্থা ৰুথ প্ৰভু; ডুবি আছে বৰফৰ পানীত! ইয়াৰ কাৰণ কি জানেনে…

বৰ্তমান আইচ বাথ চেলেঞ্জ অতি ট্ৰেণ্ডিঙত আছে। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ সামান্থা ৰুথ প্ৰভুৰ দৰে চেলিব্ৰিটিয়ে এই বাথ চেলেঞ্জত অংশ লৈছে। কিন্তু আপুনি জানেনে যে বৰফৰ পানীত গা ধোৱাৰ স্বাস্থ্যৰ বহু উপকাৰো আছে। শেহতীয়া বছৰবোৰত বৰফ গা ধোৱাৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে। খেলুৱৈ আৰু ফিটনেছ ফ্ৰিকসকলৰ মাজত আইচ বাথ চেলেঞ্জ অতি বিখ্যাত। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী, চলচ্চিত্ৰ অভিনেত্ৰী সামন্তা ৰুথ প্ৰভু, ৰাকুল প্ৰীত সিংকে ধৰি বহু চেলিব্ৰিটিয়ে বৰফত গা ধোৱাৰ সময়ত নিজৰ ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰে।

কিন্তু বৰফত গা ধোৱাটো উপকাৰ নে? আজি আমি এই বিষয়ে আপোনালোকক জনাম-

বৰফৰ পানীত গা ধুলে পেশীৰ বিষ কমি যায় বুলি বিশ্বাস কৰা হয়। এনেদৰে বৰফত গা ধোৱাটো শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰমৰ ফলত পেশীৰ ফুলা কমোৱাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

বৰফত গা ধোৱাটোৱে ভাগৰ কমোৱাত সহায় কৰিব পাৰে। ঠাণ্ডা পানীয়ে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰে, যাৰ ফলত আপুনি কম সময়ত ভাল অনুভৱ কৰিব।

বৰফত গা ধোৱাটোৱে পেশীৰ আৰোগ্য ক্ষিপ্ৰ কৰাত সহায় কৰিব পাৰে। ব্যায়ামৰ পিছত পেশীত মাইক্ৰ’ টিয়াৰ হয়। বৰফত গা ধোৱাটোৱে শৰীৰক এই মাইক্ৰ’ টিয়াৰবোৰ ভাল কৰাত সহায় কৰিব পাৰে।

যদি আপুনি প্ৰথমবাৰৰ বাবে বৰফত গা ধুইছে তেন্তে ইয়াৰ সৈতে কথাবোৰ ভালদৰে জানি ল’ব। কাৰণ বহু ক্ষেত্ৰত বৰফত গা ধোৱাৰ ফলত ক্ষতিও হ’ব পাৰে।

ছানস্ক্ৰীণ লগালেও মুখত ঘাম ওলায় নেকি? এই ৩টা খাদ্য গ্ৰহণ কৰক…

বাহিৰত ৰ’দ, মূৰত ছাতি আৰু চকুত ছানগ্লাছ থাকিলেও গৰমৰ পৰা একোৱেই ৰক্ষা কৰিব নোৱাৰে। আনহাতে ছালৰ সুৰক্ষাৰ বাবে মুখত প্ৰায় লোকে ছানস্ক্ৰীণ ব্যৱহাৰ কৰে। ছানস্ক্ৰীন বজাৰত বিক্ৰী এবিধ কৰা প্ৰসাধন সামগ্ৰী। ইয়াত বিভিন্ন ৰাসায়নিক মৌল মিহলি হৈ থাকে। ফলত এই উপাদানসমূহ ছালৰ বাবে আচলতে উপকাৰী হয় নে নহয় সেয়া স্পষ্ট নহয়। বিশেষকৈ যদি আপোনাৰ ছাল সংবেদনশীল হয়, তেন্তে ই অধিক কঠিন। ইয়াৰ বাহিৰেও বহুতৰে ছানস্ক্ৰীণ লগালে ছালত ঘাম ওলায়। গতিকে কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পৰিৱৰ্তে বিকল্প হিচাপে কিছুমান খাদ্য খাব পাৰে।


নেমুৰ ৰস

ভিটামিন চি সমৃদ্ধ নেমুৱে ভিতৰৰ পৰা ছাল খনক সুৰক্ষা প্ৰদান কৰে। ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা ছাল ৰক্ষা কৰে নেমুৱে। ক্ষতিগ্ৰস্ত কোষ ভাল কৰাত নেমুৰ ৰসে ভূমিকা পালন কৰে।

বহুতে ওজন কমাবলৈ গ্ৰীণ টি খায়। গ্ৰীণ টি খালে আপোনাৰ ছালখনো টেনমুক্ত হ’ব। এই চাহত উপকাৰী এন্টিঅক্সিডেন্ট পলিফিনল থাকে। এই এন্টিঅক্সিডেন্টে শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। গ্ৰীণ টি খোৱাৰ অভ্যাস ছালত সহজে টেন নহয়।

টেন প্ৰতিৰোধৰ আন এটা উপায় হ’ল বিলাহী। ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা প্ৰায়বোৰ ছালৰ সমস্যাৰ সমাধান বিলাহীত লুকাই থাকে। বিলাহীয়ে ছালখনক সূৰ্যৰ পোহৰৰ পৰা নিৰ্গত UVA আৰু UVB ৰশ্মিৰ পৰা ৰক্ষা কৰে।