Home Blog Page 939

পানী সমন্ধীয় পৰ্যালোচনা আৰু বিশ্ব জল দিৱসৰ তাৎপৰ্য…

Thousands have lived without love, not one without water.(A.H.Auden)

বিভিন্ন ধৰ্মৰ দৃষ্টিত পানী – ঋকবেদ সংহিতাত কৈছে ‘পানী আনন্দৰ উৎস, শক্তিৰ ভাণ্ডাৰ, কল্যাণকাৰী, পৱিত্ৰ কৰোতা, মাতৃৰ দৰে পালনকৰ্ত্তা আৰু জীৱনদায়িনী।’ ভাগৱত গীতাত কৈছে, ‘জীৱনটো আৰম্ভ হৈছে পানীৰ পৰা, পানীৰ আৰ্শীবাদেৰে আমাৰ জীৱন লালিত পালিত হয়। সভ্যতাৰ বিকাশ ঘটে।’ চাণ্ডক্য উপনিষদত বিশ্ব ব্ৰহ্মাণ্ডত জীৱৰ সৃষ্ঠি সম্পৰ্কত এটি বিস্তৃত ব্যাখ্যা আছে। উল্লেখ আছে যে প্ৰথমতে ব্ৰহ্মা অৰ্থাৎ পৰম আত্মাৰ সৃষ্টি হৈছিল। সৃষ্টিৰ প্ৰভাতী বেলাত ব্ৰহ্মাই উপলব্ধি কৰিছিল যে বিশ্ব ব্ৰহ্মাণ্ডত আৰু বহু সৃষ্টি কৰিবলগীয়া আছে। লগে লগে সৃষ্টি হ’ল অগ্নিৰ। অগ্নিৰ পিছত সৃষ্টি হ’ল পানীৰ। ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰানত পানীক আল্লাৰ আৰ্শীবাদ বুলি বৰ্ণনা কৰা আছে। ইছলামত পানীৰ অপচয় কঠোৰ ভাৱে নিষিদ্ধ কৰা আছে আৰু ব্যৱসায়িক লাভৰ বাবে ইয়াৰ ব্যৱহাৰ পাপ বুলি গণ্য কৰা হৈছে। মানুহে জীৱ-জন্তু, চৰাই চিৰিকতি, উদ্ভিদ বা অন্যান্য জীৱৰ বাবে খোৱা পানীৰ সংৰক্ষণ কৰাতো এক প্ৰকাৰ আল্লাৰ প্ৰতি উপাসনা আৰু এই কাৰ্য্যৰ দ্বাৰা আল্লা সন্তুষ্ট হয় বলি উল্লেখ আছে। খৃষ্টান ধৰ্মত পানী হৈছে পৱিত্ৰতাৰ প্ৰতীক। খৃষ্টান ধৰ্মত শৰণ লোৱাৰ সময়ত বা খৃষ্টান ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ সময়ত পৱিত্ৰ পানীৰে স্নান কৰোৱা হয়। Old Testamentত পানীক যীশুখৃষ্টৰ পূৰ্বজন্মৰ প্ৰতীক বুলি গণ্য কৰা হয়। লগতে পানীক ভগবানৰ আৰ্শীবাদ আৰু তেওঁৰ বদন্যতাৰ কাৰণে মানব সমাজে এই অমূল্য সম্পদ লাভ কৰিছে বুলি বিশ্বাস কৰা হয়।


বৌদ্ধধৰ্মৰ মতে পানী হৈছে সকলোৰে জীৱন দাতা। পানী বিশুদ্ধতা, নিৰ্মলতা আৰু শান্তিৰ প্ৰতীক। সুদীৰ্ঘ ৪৫ বছৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক হিচাপে পৃষ্ঠপোষকতা কৰা গৌতম বুদ্ধই সকলো প্ৰাকৃতিক সম্পদৰ ওপৰত সন্মান জনাবলৈ আৰু পানী অপচয় ৰোধ কৰিবলৈ শিষ্যসকলক উপদেশ দিছিল। বৌদ্ধধৰ্মৰ বজ্ৰয়ান মতাৱলম্বীৰ লোকসকলে লোভ মোহৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবে গৌতম বুদ্ধ আৰু আন আন প্ৰচাৰক সকলক ৭ টা পাত্ৰত পানী আগবঢ়াই দিয়াৰ কাহিনী আছে। পানী কি? পানী হৈছে এটি অজৈৱ, স্বচ্চ, স্বাদহীন, গন্ধহীন আৰু বৰ্ণহীন এক ৰাসায়নিক পদাৰ্থ। পানী পৃথিৱীৰ বায়ুমণ্ডল আৰু জীৱ বা উদ্ভিদ কোষৰ এটি প্ৰধান উপাদান। পানীয়ে প্ৰাণী বা উদ্ভিদক শক্তি বা জৈবিক পুষ্টি প্ৰদান কৰে নে নকৰে এই কথা জ্ঞাত নহয় যদিও সকলো ধৰণৰ জীৱৰ অস্তিত্ব ৰক্ষাৰ বাবে পানী অতিকে অপৰিহাৰ্য। পানীৰ ৰাসায়ণিক চিহ্ন হ’ল H2O। পানীৰ প্ৰতিটো অনুত এটা অক্সিজেন পৰমানু আৰু দুটাকৈ হাইড্ৰোজেন পৰমানু সংকেতিক ভাবে সংযুক্ত হৈ থাকে। বায়ুমণ্ডলীয় চাপত H2O 00-1000 চেলচিয়াচৰ ভিতৰত তৰল হিচাপে থাকে। এই তলৰ H2O আমি পানী বুলি কওঁ। O0 ছেলচিয়াচত পানী বৰফত পৰিণত হয় আৰু 1000 চেলচিয়াচত পানী গেছীয় জলবাস্পত পৰিণত হয়। ওপৰৰ বায়ুমণ্ডলত জলীয় বাস্প শীতল হৈ মিহি মিহি কণা আৰু বৰফ কনালৈ পৰিবৰ্তন হলে আমি সেইবোৰক ডাৱৰ বুলি কওঁ। জল কণাবোৰৰ আকাৰ বাঢ়ি পৃথিৱীত পৰিলে বৰষুণ বুলি কওঁ। পৃথিৱীৰ পৃষ্ঠভাগ প্ৰায় ৭০.৯ক্ম অংশ পানীয়ে আবৰি লৈছে। পৃথিৱীৰ ৯৬.৫ক্ম পানী মহাসাগৰত, ১.৭ক্ম পানী মাটিৰ তলত, ১.৭ক্ম বৰফ আৰু বায়ুমণ্ডলত ০.০০১ক্ম জলীয় বাস্প হিচাপে উপলদ্ধ হয়। পৃথিৱীৰ প্ৰায় ২.৫ক্ম পানী মিঠা পানী আৰু বাকী ৯৮.৮ক্ম পানী ভূগৰ্ভস্থ আৰু বৰফ। ০.৩ক্ম কৈও কম বিশুদ্ধ পানী, নদী, হৃদ বা বায়ুমণ্ডল বা বিভিন্ন জীৱ আৰু উৎপাদিত পদাৰ্থৰ দেহত পোৱা যায়। পানীৰ ব্যৱহাৰিতা পানী প্ৰাণী আৰু উদ্ভিদ জগতৰ এক অপৰিহাৰ্য উপাদান। এই কাৰণেই কোৱা হয় পানী মানেই জীৱন। পানী অবিহনে মানুহ, জীৱ নাইবা উদ্ভিদ জীয়াই থকাতো অসম্ভব। আমাৰ দৈনন্দিন জীৱনত কেতিয়াবা পানীৰ অভাব হ’লেহে পানীৰ গুৰুত্ব আমি বুজি পাওঁ। মানুহ খাদ্যৰ অভাবত কেইবাদিনো জীয়াই থাকিব পাৰে, কিন্তু পানীৰ অভাবত তিনি দিনতকৈ বেছি দিন জীয়াই থাকিব নোৱাৰে। ৰন্ধা বঢ়া কাৰ্য, বাচন বৰ্তন পৰিস্কাৰ কৰা, কাপোৰ ধোৱা আৰু স্নান কৰা আদি কামৰ বাবে পানী অপৰিহাৰ্যভাৱে ব্যৱহাৰ কৰা হয়। সকলোতকৈ কৃষি খণ্ডত পানী অত্যাধিকভাৱে ব্যৱহাৰ হয়। ইয়াৰ উপৰিও, কল কাৰাখানা, তাপ বিদ্যুৎ বা জলবিদ্যুৎ প্ৰকল্পসমূহতো পানী প্ৰচুৰভাৱে ব্যৱহাৰ কৰা দেখা যায়। এই সকলোবোৰৰ উপৰিও প্ৰাণীৰ শৰীৰ সুস্থ ৰখা বা শৰীৰৰ ওজন নিয়ন্ত্ৰনৰ বাবে পানীৰ প্ৰয়োজনীয়তা আছে। নিয়মিত আৰু সময় অনুযায়ী পানী ব্যৱহাৰ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। মানুহৰ ছাল ভালে ৰখাৰ ক্ষেত্ৰত পানীৰ এক বিশিষ্ট ভূমিকা আছে। বৰ্তমান সময়ত কম্পিউটাৰ বা ম’বাইল ফোন আদিতে প্ৰায়ভাগ লোক ব্যস্ত হৈ থাকে। ইয়াৰ ফলত মানুহৰ মাজত মানসিক চাপৰ সৃষ্টি হয়। এই মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে নিয়মিত পানী খোৱাটো অত্যন্ত আৱশ্যক। ই শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে, হজম শক্তি বঢ়াই বা শৰীৰৰ অপকাৰী তক্সিনসমূহ দূৰ কৰাত সহায়ক হয়।


পানীৰ অধিকাৰক লৈ দেশসমূহৰ মাজত বিবাদ পানীৰ অধিকাৰক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ মাজত অতীজৰে পৰা সামাজিক আৰু ৰাজনৈতিক সংঘাটৰ সৃষ্টি হৈ আহিছে। পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি ২০২২ চনত বিশ্বৰ প্ৰায় ৩৪৪ টা ঘটনা সংগঠিত হৈছে। এই প্ৰতিবেদন পানী সম্পকীয় বিবাদৰ অধ্যয়নৰ লগত জড়িত বিশ্বৰ আগশাৰীৰ গবেষণা অনুষ্ঠান ক্সPacific Instituteক্সএ প্ৰকাশ কৰা ক্সWater Conflic Chronologyক্সত প্ৰকাশ পাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি প্ৰায় ৫৮ জন লোকৰ মৃত্যু হৈছে। ইৰাণ আৰু আফগানিস্থানৰ মাজত হেলমাৰ নদীক কেন্দ্ৰ কৰি দুখন দেশৰ সেনাবাহিনীৰ মাজত ভীষন সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে। আফ্ৰিকাৰ বিভিন্ন দেশ বিশেষকৈ নাইজেৰিয়া, ছোমালিয়া আৰু দক্ষিণ ছুডানৰ মাজত পানী আৰু ভূখণ্ডৰ বাবে খেতিয়ক আৰু পশুপালকসকলৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈ আহিছে। উল্লেখযোগ্য যে ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্থানৰ মাজত সিন্দু নদী, বাংলাদেশৰ মাজত তিস্তা নদী, ভাৰত আৰু নেপালৰ মাজত মহাকালী নদীক লৈ বিবাদৰ সূত্ৰপাত হৈছিল। বৰ্ত্তমানে ভাৰত আৰু চীনৰ মাজত ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হৈ আছে। ইয়াৰ উপৰিও ভাৰতৰ আন্তঃৰাজ্যিক ক্ষেত্ৰত ৰবি, ব্যাস আৰু সুতলেজ নদীক কেন্দ্ৰ কৰি পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান, কাবেৰী নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কৰ্ণাটক, কেৰেলা আৰু পুণ্ডুচেৰী, পেৰীয়াৰ নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কেৰেলা, নৰ্মদা নদীক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু কৃষ্ণা নদীক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ মাজত বিবাদৰ সুত্ৰপাত অব্যাহত আছে।

বিশ্ব জল দিৱসঃ উদ্দেশ্য আৰু তাৎপৰ্য-
১৯৯২ চনৰ ২২ ডিচেম্বৰ তাৰিখে ব্ৰাজিলৰ ৰিও, ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় এখন সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰত্যেক বছৰে ২২ মাৰ্চ তাৰিখে ‘বিশ্ব জল দিবস’ পালন কৰিবৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পানীৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু পানী সম্পৰ্কীয় নতুন নতুন চিন্তাধাৰা আৰু জ্ঞানৰ জৰিয়তে জনসাধাৰণক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে এই দিবস পালন কৰি আহিছে। এই দিবসত পানীৰ নাটনি, পানীৰ প্ৰদুষণ, অপৰ্যাপ্ত পানীৰ যোগান, অনাময় ব্যৱস্থাৰ অভাৱ, জলবায়ু পৰিবৰ্তনৰ প্ৰভাব আদি বিষয়সমূহে অগ্ৰাধিকাৰ পাই আহিছে। ইয়াৰ উপৰিও সকলোৰে বাবে সুৰক্ষিত খোৱা পানী, অনাময় ব্যৱস্থা, উপযুক্ত পৰিস্কাৰ পৰিছন্নতাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ প্ৰাপ্তিৰ দিশত কাৰ্যপন্থা সম্পাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱসৰ’ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই “Un World Water Development Report” (UNWR) প্ৰকাশ কৰি আহিছে। এই প্ৰতিবেদনত পানীৰ বহনক্ষম আৰু নিয়ন্ত্ৰিত ব্যৱহাৰৰ জৰিয়তে কেনেদৰে অপচয় ৰোধ কৰি বিশ্ববাসীক পানীৰ নাটনিৰ ভয়াৱহাতৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ বিভিন্ন সদস্য ৰাষ্ট্ৰসমূহৰ উপৰিও খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ লগত জড়িত বিভিন্ন সংগঠন যেনে— UNISEF, Water Aid and Water Sanitation (WSUP) আৰু অন্যান্য সংগঠনসমূহে জনসাধাৰণৰ মাজৰ সজাগতা সৃষ্টিৰ লগতে বিভিন্ন সামাজিক মাধ্যম, বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমসমূহৰ জৰিয়তে পানী আৰু অনাময়ৰ লগত জড়িত বিষয়সমূহ দৃষ্টি আকৰ্ষণৰ বাবে ছেমিনাৰ, বক্তৃতা অনুষ্ঠান, প্ৰবন্ধ আদিৰ প্ৰকাশ আৰু তথ্য চিত্ৰ প্ৰদৰ্শন কৰি আহিছে। উল্লেখযোগ্য যে এই দিনটোত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহেও পানীৰ গুণগত মানদণ্ড, পানীৰ সংৰক্ষণ আৰু পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। ২০১৭ চনত আমেৰিকাৰ মেছিগান বিশ্ববিদ্যালয়ে ‘Best World Water Day Poster’ প্ৰতিযোগিতা বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত আয়োজন কৰিছিল। ২০১০ চনত ফিলিপাইনছে প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত ‘My School Toilet’ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।

২০২৪ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু –
২০২৪ চনৰ ‘বিশ্ব জল দিৱসৰ’ প্ৰধান বিষয়বস্তু হৈছে ‘Water for Peace’। ইতিহাসৰ পৰা এই কথা প্ৰতীয়মান হয় যে যেতিয়াই পানীৰ নাটনি হয় বা পানীৰ প্ৰদূষণ হয় বা পানীৰ বিতৰণত অসমতা হয় তেতিয়াই বিভিন্ন ৰাষ্ট্ৰ আৰু সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু তেতিয়াই ই সমাজত ৰাজনৈতিক বা সামাজিক অস্থিৰতাৰ সৃষ্টি কৰে। বৰ্ত্তমানে বিশ্বৰ বিভিন্ন দেশৰ মাজত পানীক কেন্দ্ৰ কৰি সংঘটিত ঘটনাসমূহে এই কথা প্ৰতিপন্ন কৰি আহিছে। সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ বাবে পানী যে অপৰিহাৰ্য এই কথাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবৰ বাবে এই বিষয়বস্তু বাচি লোৱা হৈছে।

পানী সম্পৰ্কত ৰাষ্টসংঘৰ প্ৰতিবেদন-
পানী হৈছে প্ৰকৃতিৰ দান। প্ৰকৃতিয়ে সমাজক অফুৰন্ত আৰু সকলোৰে উপলব্ধ হোৱাকৈ এই সম্পদ ৰাজী সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মানুহৰ ব্যৱহাৰৰ বাবে এতিয়াও পৃথিৱীত পৰ্যাপ্ত পানী আছে। কিন্তু মানুহে সেৱন কৰিব পৰাকৈ পৰ্যাপ্ত পানীৰ এতিয়াও অভাৱ আছে। পৰিসংখ্যা অনুযায়ী প্ৰতিজন ব্যক্তিৰ ভিতৰত দশমজন ব্যক্তিয়ে এতিয়াও এটোপাল খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। UNISEFৰ তথ্য অনুসৰি পৃথিৱীৰ প্ৰায় ৪ ভাগৰ ৩ অংশ জনসংখ্যা এতিয়াও প্ৰতিবছৰে এমাহ পানীৰ অভাৱৰ সন্মুখীন হৈ আহিছে। বিশ্বৰ প্ৰায় ২.০০ বিলিয়ন জনসংখ্যা এতিয়াও অপৰ্যাপ্ত পানীৰ নাটনিৰে জীৱন অতিবাহিত কৰিব লাগিছে।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি ২০১১ চনৰ অক্টোবৰত বিশ্বৰ জনসংখ্যাই ৭ বিলিয়নৰ সীমা অতিক্ৰম কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ জনসংখ্যা অহা ৩০ বছৰত বৰ্তমান ৭.৭ বিলিয়নৰ পৰা ২০৫০ চনত ৯.৭ বিলিয়ন বৃদ্ধি পাব আৰু ২১০০ চনত ই প্ৰায় ১১ বিলিয়ন হ’ব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ United Nation Environment Programm (UNEP)ৰ প্ৰতিবেদনতকোৱা হৈছে যদি পানীৰ অপচয় ৰোধ কৰা নহয় বা প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয় তেতিয়াহ’লে ২০৩০ চনৰ ভিতৰত প্ৰায় আধা অংশই পানীৰ সংকটৰ সন্মুখীন হ’ব আৰু লাখ লাখ লোকৰ স্বাস্থ্যৰ প্ৰতিভাবুকিৰ সৃষ্টি হ’ব। এই প্ৰতিবেদনত আৰু উল্লেখ কৰা আছে যে বিশ্বৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নগৰীকৰণ বৃদ্ধি পাব আৰু ইয়াৰ সৈতে জলবায়ুৰ পৰিৱৰ্তন বৃদ্ধি পাব। একে সময়তে মানুহৰ খাদ্যভাসৰ পৰিৱৰ্তন হ’ব আৰু সকলোবোৰ মিলিত প্ৰভাৱৰ বাবে ভৱিষ্যতে পানীৰ চাহিদা বৃদ্ধি হ’ব।


একেখন প্ৰতিবেদনে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক অসীম ষ্টেইনাৰে উল্লেখ কৰিছে যে বহনক্ষম উন্নয়নৰ বাবে পৰিস্কাৰ পানীৰ এক নিৰ্ভৰযোগ্য উৎস থকাটো গুৰুত্বপূৰ্ণ। যেতিয়া পৰিস্কাৰ পানী উপলব্ধ নহয় তেতিয়া পৃথিৱীৰ দৰিদ্ৰ জনসংখ্যাই তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎ অংশ ইয়াক ক্ৰয় কৰিবলৈ ব্যয় কৰিব লাগিব যিয়ে বিকাশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব।
›¶তিটোপাল পানীৰ অপচয় ৰোধৰ বাবে সংকŠবদ্ধ হওঁ আহক বিশ্ববাসীক পানীৰ অভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে পানীৰ অপচয় ৰোধ কৰাৰ লগতে পানীৰ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। বৰ্ত্তমানে পানীৰ সংকটৰ সন্মুখীন হোৱা ভাৰতৰ অন্যতম উন্নত ৰাজ্য ছিলিকন ভেলী খ্যাত বাংগালোৰৰ পানীৰ সংকটৰ পৰা প্ৰতিজন লোকে শিক্ষা ল’ব লাগিব। এই বাংগালোৰ এটা সময়ত City of Lake নামে পৰিচিত আছিল। কিন্তু সভ্যতাৰ বিকাশৰ নামত কিছুমান ভুল সিদ্ধান্তৰ বাবে এই বিষম পৰিণতি ভোগ কৰিব লগা হৈছে। আজি বাংগালোৰৰ জনসাধাৰণে এটুপি খোৱা পানীৰ বাবে জীৱন-মৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছে।
আহক আমি বিশ্ব জল দিৱসৰ এই পৱিত্ৰ দিনটোত প্ৰতিটোপাল পানী সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব। পানী সংৰক্ষণক আমি এক গণ আন্দোলনত পৰিণত কৰিব লাগিব। বৰ্তমানে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ আৰ্থিক সাহায্যত ৰূপায়ণ হোৱা প্ৰতিটো জলজীৱন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি সহযোগিতা আৰু অংশীদাৰিত্ব আগবঢ়াব লাগিব। তেতিয়াহে আমি এখন শক্তিশালী, স্বাস্থ্যবান আৰু ৰোগমুক্ত ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিব।

লেখকঃধৰ্মকান্ত মিলি

৭ বছৰ চেষ্টা কৰিও দ্বিতীয় সন্তানৰ মুখ নেদেখিলে অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে! কাৰণ প্ৰকাশ কৰিলে…

বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী আৰু পৰিচালক আদিত্য চোপ্ৰাক উদ্যোগটোৰ অন্যতম প্ৰিয় দম্পতী হিচাপে গণ্য কৰা হয়। দুয়োৰে বিয়া হোৱা বহুদিন হ’ল। দুয়োৰে এগৰাকী কন্যা আছে, কন্যাগৰাকীৰ নাম আদিৰা। ইফালে, শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে ২০২৩ চনৰ ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ বাবে চুক্তিবদ্ধ হোৱাৰ ঠিক আগতে, মহামাৰীৰ সময়ত হোৱা বেদনাদায়ক গৰ্ভপাতৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। লগতে কয় যে আদিৰাক ভাই বা ভনীয়েক দিব নোৱাৰাৰ বাবে বৰ দুখৰ কথা। লগতে ৰাণী মুখাৰ্জীয়ে কয়, ‘মই মোৰ দ্বিতীয় সন্তানৰ বাবে সাত বছৰ ধৰি চেষ্টা কৰিলোঁ। মোৰ ছোৱালীজনীৰ বয়স এতিয়া ৮ বছৰ। প্ৰথম সন্তান জন্মৰ কিছু দিনৰ পিছতে দ্বিতীয় সন্তানৰ বাবে চেষ্টা কৰিছিলোঁ। অৱশেষত মই গৰ্ভৱতী হ’লোঁ আৰু কিন্তু সন্তানটো হেৰুৱালোঁ।

অভিনেত্ৰীগৰাকীয়ে ক’লে, ‘মোৰ বাবে দুখৰ বিষয় যে মই মোৰ ছোৱালীক কোনো ভাই-ভনী দিব নোৱাৰিলো। এইটোৱে মোক সঁচাকৈয়ে আঘাত দিয়ে, কিন্তু এতিয়া মই ভাবো যে আমাৰ যি আছে আৰু যি নাই তাৰ বাবে আমি সদায় কৃতজ্ঞ হোৱা উচিত। মোৰ বাবে আদিৰা মোৰ অলৌকিক কেঁচুৱা আৰু মই সঁচাকৈয়ে সুখী যে মই তাইক পাইছো, কাৰণ মই এনেকুৱা পিতৃ-মাতৃক দেখিছো যিয়ে সন্তান জন্ম দিবলৈও সংগ্ৰাম কৰি আছে। ৰাণী আৰু আদিত্যৰ বিয়া ২০১৪ চনত হৈছিল।

দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰক লৈ আন্না হাজাৰেৰ প্ৰতিক্ৰিয়াঃ ‘অৰবিন্দ কেজৰিৱালে মোৰ কথা নুশুনিলে’…

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আজি পিএমএলএ আদালতত হাজিৰ হোৱাৰ সময়ত ইডিয়ে অৰবিন্দ কেজৰিৱালক ৰিমাণ্ডৰ বাবেও অনুৰোধ কৰিব পাৰে, যাতে তেওঁক বিতংভাৱে জেৰা কৰিব পৰা যায়। ইফালে, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাত সমাজকৰ্মী আন্না হাজাৰেৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। আন্না হাজাৰে কয় যে অৰবিন্দ কেজৰিৱালে মোৰ লগতে সুৰাৰ বিৰোধিতা কৰৰিছিল তাকে লৈ শোক প্ৰকাশ কৰে আন্না হাজাৰে। কিন্তু এতিয়া তেওঁ নিজেই এই বিষয়ত এটা নীতি বনালে।

সমাজকৰ্মী আন্না হাজাৰে কয় যে মোৰ লগত কাম কৰা অৰবিন্দ কেজৰিৱালৰ দৰে এজন ব্যক্তিৰ জেললৈ যোৱাটো অতি দুখৰ কথা আৰু তেওঁ মদৰ বিষয়ে মাত মাতিছিল। আজি তেওঁ সুৰাৰ নীতি বনাইছে। এই কথাই মোক দুখী কৰি তুলিলে। কিন্তু কি কৰিব পাৰি? ক্ষমতাৰ সন্মুখত একো কৰিব নোৱাৰে। তেওঁৰ এই কাৰ্যৰ বাবেই গ্ৰেপ্তাৰ হৈছে। এইবোৰ নকৰাহেতেঁন গ্ৰেপ্তাৰ নহ’লহেঁতেন। গ্ৰেপ্তাৰৰ পিছত আইন অনুসৰি যি হ’ব লাগিব সেয়া হ’ব।

সাৱধান! সপোনত যদি কোনোবাই আপোনাক খেদি ফুৰে, তেন্তে; আপোনাৰ জীৱনলৈ আহিব পাৰে বিপদ…

প্ৰতিজন ব্যক্তিয়ে সপোন দেখে, কিছুমান সপোন বেয়া আৰু কিছুমান ভাল। সপোন বিজ্ঞানৰ মতে এই সপোনবোৰে আপোনাৰ ভৱিষ্যতত ঘটি থকা ঘটনাবোৰৰ বিষয়ে সতৰ্ক কৰি দিয়ে। গতিকে এনে কিছুমান সপোনৰ বিষয়ে জানো আহক-

প্ৰতিজন ব্যক্তিয়েই সপোন দেখা পায়, সেয়া শিশু হওক, প্ৰাপ্তবয়স্ক হওক বা বৃদ্ধই হওক। বহু সময়ত এনেকুৱা হয় যে আমি সপোনত কিছুমান কথা দেখিবলৈ পাওঁ যিবোৰে আমাক হঠাতে জগাই তোলে। সপোন বিজ্ঞানত কোৱা হয় যে আজি সপোন কাইলৈৰ চিন। এই সপোনবোৰে আমাক আগন্তুক সংকট বা কোনো খবৰৰ বিষয়ে সতৰ্ক কৰি দিয়ে। সপোনবোৰ বেয়াৰ লগতে ভালো। একেধৰণৰ সপোনত আপুনি নিজকে উৰি যোৱা, পৰি যোৱা বা দাঁত ভঙা দেখা যায়?

সপোন বিজ্ঞানৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত নিজকে উচ্চতাৰ পৰা পৰি যোৱা দেখে তেন্তে সেয়া অশুভ। কোৱা হয় যে সপোনত নিজকে উচ্চতাৰ পৰা পৰি যোৱা দেখিলে ভৱিষ্যতে কিবা এটা ডাঙৰ বিপদৰ লক্ষণ। এনে পৰিস্থিতিত এজন ব্যক্তি সাৱধান হোৱা উচিত।

সপোন বিজ্ঞানৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত নিজৰ দাঁত ভঙা দেখিছে তেন্তে তাৰ অৰ্থ হ’ল আপুনি সোনকালে নিজৰ স্থান আৰু সন্মান হেৰুৱাব। এনে সপোনক ভাল বুলি গণ্য কৰা নহয়। ইয়াৰ অৰ্থ এইটোও যে আপুনি কিবা এটা বিষয়ত চিন্তিত বা মানসিক চাপত আছে। ইয়াৰ উপৰিও ই আত্মবিশ্বাসহীনতাৰ লক্ষণো।

সপোন বিজ্ঞানৰ মতে সপোনত যদি কোনোবাই আপোনাক খেদি ফুৰিছে আৰু আপুনি তেওঁৰ পৰা পলাই গৈছে তেন্তে তাৰ অৰ্থ হ’ল আপুনি কিবা এটা চিন্তাত পৰিছে। ইয়াৰ পৰা বুজা যায় যে ভৱিষ্যতে কাৰোবাৰ লগত আপোনাৰ মতানৈক্য হ’ব পাৰে। গতিকে সাৱধান হওক।

স্বপ্ন বিজ্ঞানৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত নিজকে উৰি থকা দেখা পায় তেন্তে সেই সপোন অতি শুভ। সপোনত নিজকে উৰি থকা দেখাৰ অৰ্থ হ’ল আপুনি জীৱনত অগ্ৰগতি লাভ কৰিবলৈ ওলাইছে। আপোনাৰ ব্যৱসায়ত লাভ বা চাকৰিত পদোন্নতি হ’ব। ইয়াৰ বাহিৰেও আগন্তুক সময়ত যদি আপুনি যিকোনো কাম হাতত লয় তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব।


Covid-19ৰ পিছত বৃদ্ধি পালে হাৰ্ট এটেক ৰোগীৰ সংখ্যা! কৰ’না ভাইৰাছে ক্ষতি কৰিব পাৰে হৃদযন্ত্ৰৰ…

শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে হাৰ্ট এটেকৰ হঠাৎ উত্থানৰ কাৰণ বিচাৰিছে আৰু এতিয়া এক নতুন গৱেষণাই এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। অধ্যয়নত দেখা গৈছে যে কৰ’না সংক্ৰমণে হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত ভৱিষ্যতে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব।


এই গৱেষণাৰ পৰা দেখা গৈছে যে ক’ৰ’না সংক্ৰমণৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতাই সমগ্ৰ শৰীৰত তীব্ৰ প্ৰদাহ সৃষ্টি কৰি আন অংগসমূহৰ ক্ষতি কৰিব পাৰে। এই ভাইৰাছে প্ৰত্যক্ষভাৱে হৃদকোষ সংক্ৰমিত কৰি মায়োকাৰ্ডিটিছ বা হৃদযন্ত্ৰৰ পেশীৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰ উপৰিও সংক্ৰমণৰ ফলত হোৱা প্ৰণালীবদ্ধ প্ৰদাহ আৰু চাইট’কাইনৰ মুক্তিয়ে পূৰ্বতে থকা হৃদৰোগ বৃদ্ধি কৰিব পাৰে বা নতুন হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে কৰ’না ৰোগীৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আজি কৰ্ণাটকৰ পৰা উৎক্ষেপণ কৰা হ’ব ভাৰতৰ একবিংশ শতিকাৰ পুনৰ ব্যৱহাৰযোগ্য পুষ্পক ‘বিমান’…

ভাৰতৰ একবিংশ শতিকাৰ পুষ্পক ‘বিমান’ এতিয়া উৰণৰ বাবে সাজু কৰা হৈছে। কৰ্ণাটকৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ পৰা এই বিমানৰ পৰীক্ষামূলক উৰণ সম্পন্ন কৰা হ’ব। এছইউভি আকাৰৰ ডেউকাযুক্ত এই ৰকেটটো কাইলৈ পুৱা ৭ বজাত চালাক্ৰে ৰানৱেৰ পৰা উৎক্ষেপণ কৰা হ’ব। “পুষ্পক” নামৰ, পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন (আৰএলভি)ক “স্বদেশী স্পেচ শ্বাটল” বুলিও অভিহিত কৰা হয়। এয়া হৈছে ভাৰতৰ পুনৰ ব্যৱহাৰযোগ্য ৰকেট খণ্ডত প্ৰৱেশ কৰাৰ সাহসী প্ৰয়াস। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই নিৰ্মাণ কৰা পুষ্পক আৰএলভি হৈছে বহু বছৰৰ গৱেষণাৰ সুফল। ২০১২ চনৰ জানুৱাৰী মাহতে এনে এখন পুনৰ ব্যৱহাৰ কৰিব পৰা ৰকেটৰ কথা চিন্তা কৰা হৈছিল। সেই সময়তে ইছৰোৰ পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহনৰ ডিজাইনে ৰাষ্ট্ৰীয় পৰ্যালোচনা সমিতিৰ পৰা সেউজ সংকেত লাভ কৰিছিল। ফলত ভাৰতৰ মহাকাশ গৱেষণাত এক নতুন অধ্যায়ৰ আৰম্ভনিৰ বাট মুকলি হৈছিল।

পুষ্পক আৰ.এল.ভি.-ক পুনৰ ব্যৱহাৰযোগ্য বাহন হিচাপে ডিজাইন কৰা হৈছে, যাৰ কেইবাটাও মুখ্য উপাদান যেনে এক্স-৩৩-এ উন্নত প্ৰযুক্তিৰ সমহাৰ ঘটাইছে । বিমান খনৰ এক্স-৩৪ত অত্যাধুনিক টেষ্টবেড প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। কাইলৈৰ পৰীক্ষণটো হ’ব পুষ্পকৰ জটিল পৰিস্থিতিত বিমানখনৰ ৰবটিক অৱতৰণ ক্ষমতাৰ পৰীক্ষণ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ অধ্যক্ষ এছ সোমনাথে কয় ” পুষ্পক উৎক্ষেপণ বাহনখন হৈছে ভাৰতৰ আটাইতকৈ সুলভ মহাকাশ বাহন প্ৰৱৰ্তনৰ সাহসী প্ৰয়াস। ই হৈছে ভাৰতৰ ভৱিষ্যতৰ পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন”। এি ৰকেটত ব্যৱহাৰ কৰা ব্যয়বহুল অংশ সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হ’ব। ভাৰতে মহাকাশৰ আৱৰ্জনা হ্ৰাস কৰিব বিচাৰিছে আৰু পুষ্পক সেই দিশত ও এক সবল পদক্ষেপ,” তেওঁ কয়। এক দশকধৰি নিৰ্মাণ কৰি থকা আৰএলভিয়ে ২০১৬ চনত প্ৰথমবাৰৰ বাবে শ্ৰীহৰিকোটাৰ পৰা উৰা মাৰিছিল আৰু সফলতাৰে বংগোপসাগৰৰ এটা ভাৰ্চুৱেল ৰানৱেত অৱতৰণ কৰিছিল। সেই সময়ত পৰিকল্পনা অনুসৰি ই সাগৰত ডুব গৈছিল। প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ চিত্ৰদুৰ্গা এৰোনটিকেল টেষ্ট ৰেঞ্জত ২০২৩ চনৰ ২ এপ্ৰিলত সফলতাৰে ইয়াৰ দ্বিতীয় পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। আৰএলভি-লেক্স নামৰ ডেউকাযুক্ত ৰকেটৰ নাম সন্দৰ্ভত সোমনাথে কয় যে “পুষ্পক বিমান” হৈছে ৰামায়ণত নামকৰণ কৰা ভাৰতৰ কিংবদন্তি মহাকাশযান, যাক পুষ্পক বাহন বুলি জনা যায়।

বিজ্ঞানীসকলে আৰএলভিৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ দিনে-নিশাই কাম কৰি গৈছিল। ৬.৫ মিটাৰ বিমানসদৃশ মহাকাশ বাহন খনৰ ওজন ১,৭৫ টন আৰু ইয়াক আইএএফ হেলিকপ্টাৰৰ সহায়ত উত্তোলন কৰা হ’ব। চৰকাৰে প্ৰকল্পটোত ১০০ কোটিৰো অধিক ধন বিনিয়োগ কৰিছে। উল্লেখ্য ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজৰ মহাকাশ কেন্দ্ৰ – ভাৰতীয় অন্তৰীক্ষ ষ্টেচন নিৰ্মাণৰ দিশত আগবাঢ়িছে।

তেজপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাঃ ভূপেন বৰাৰ দোকান এইবাৰ বন্ধ হ’ব

ৰকিবুল হুছেইন বৃহৎ শূন্য হ’ব আৰু কংগ্ৰেছে অসমত খাটা খুলিব নোৱাৰিব৷তেজপুৰত আজি এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ স’তে তেজপুৰৰ চানমাৰিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশলৈ বিজেপিৰ ৰাজ্যিক সভপতি জনে কয় কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছৰ ফলাফল শূন্য হ’ব বুলিও কটাক্ষ কৰে৷উল্লেখযোগ্য যে বৃহস্পতিবাৰে গহপুৰ, বিশ্বনাথ আৰু বৰচলাৰ বিধায়কক লগত লৈ শোণিতপুৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই তেজপুৰৰ বিভিন্ন ঠাইত চলায় নিৰ্বাচনী প্ৰচাৰ৷ইয়াৰ পাছতে সন্ধ্যা তেজপুৰ চানমাৰীস্হিত বিজেপি কাৰ্যালয়ত ৰঞ্জিত দত্ত উপস্হিত হোৱাৰ লগতে চানমাৰী বিহু ফিল্ডত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত দত্তক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই৷কলিতাই সংবাদমাধ্যমৰ আগত বিৰোধী মিত্ৰজোঁটৰ আশা অপূৰ্ণ হৈ থাকিব বুলি মন্তব্য কৰি কয় যে,ভূপেন বৰাৰ দোকান এইবাক বন্ধ হ’ব৷আনকি যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ’ব বুলিও কলিতাই ভৱিষ্যতবাণী কৰে৷


বিজেপি প্ৰাৰ্থী তপন গগৈ বহু ভোটত বিজয়ী হ’ব বুলি মন্তব্য কৰা কলিতাই কয় যে,যোৰহাটবাসীয়ে বিজেপিক যথেষ্ট ভাল পায় আৰু ইয়াৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও যথেষ্ট ভাল পায় যোৰহাটক৷বিজেপিৰ ৰাজ্যিক সভাপতিজনে আনকি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতালৈকে নাহে বুলিও কয়৷ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈয়ে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ লগত পাট্টা নাপায় বুলিও কলিতাই মন্তব্য কৰি পুনৰ কয় যে লুৰীণ তৃতীয় স্হানতহে থাকিব৷কেৱল সিমানেই নহয়,নগাঁৱতো বিজেপি প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হ’ব বুলি সদম্ভে মন্তব্য কৰা কলিতাই কয় যে,উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী গৰাকী নগাঁৱত জয়ী হ’ব৷তেওঁ কয় যে বিজপি প্ৰাৰ্থী জয়ী হ’ব বুলি ৰাজ্যখনৰ লোকসভা সমষ্টিৰ এতিয়ালৈকে দাবী কৰিব পৰা আসনৰ সংখ্যা হৈছে ১৩ খন৷তেওঁ এইবুলিও কয় যে,বৰ্তমান কংগ্ৰেছ দল পুৰণি দুটকীয়া নোটত পৰিণত হৈছে৷কংগ্ৰেছৰ মিছা কথা কোৱা বেলুনটো ফাটি গ’ল বুলি কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে মন্তব্য কৰে যে কংগ্ৰেছ দল বহুধাবিভক্ত৷তেওঁ কংগ্ৰেছক শাসন লাগে শোষণৰ স্বাৰ্থত বুলি উল্লেখ কৰি লগতে কয় যে,মানুহে বুজি উঠিছে উন্নয়ন কাক কয়৷ উন্নয়নৰ স্বাৰ্থতে পুণৰবাৰ বিজেপি ক্ষমতালৈ অহাৰ অংগীকাৰ কৰা বুলিও তেওঁ কয়৷উল্লেখযোগ্য যে,চানমাৰিৰ এই সভাতে আজি বহু সংখ্যকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

আজি বিশ্ব জল দিৱস…

বিশ্ব জল দিৱস প্ৰতি বছৰে ২২ মাৰ্চ তাৰিখে পালন কৰা হয় ৷ যুক্তৰাষ্ট্ৰৰ সাধাৰণ পৰিষদে ঘোষনা কৰা দিনৰে পৰা অৰ্থাৎ ১৯৯৩ চনৰে পৰা এই দিৱস সমগ্ৰ পৃথিৱীতে পালন কৰি আহিছে ৷ পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয় ৷ এই পানী খাল, বিল, জান, জুৰি, নদী, কুৱা, দমকল, হ্ৰদ, সাগৰ, মহাসাগৰ, আদিৰ পৰা পোৱা যায় ৷ বিভিন্ন উৎসৰ পৰা পোৱা পানীত আমাৰ শৰীৰৰ কাৰণে অপকাৰী বহুতো বীজানু থাকে যিবোৰে আমাৰ শৰীৰত বিভিন্ন বেমাৰ সৃষ্টি কৰে৷ সেয়েহে পৃথিৱীৰ অধিকাংশই বিশুদ্ধ খোৱাপানীৰ সমস্যাত ভুগিছে ৷ যুক্তৰাষ্ট্ৰৰ পৰা পোৱা তথ্যমতে প্ৰতি আঠজন মানুহৰ ভিতৰত এজন মানুহ নিৰাপদ খোৱাপানীৰ সমস্যাত ভুগে আৰু পাঁচজনৰ ভিতৰত এজন মানুহ সঠিক স্বাস্থ্য প্ৰণালীৰ অভাৱত ভোগে ৷ বিশ্ব জলদিৱসৰ দিনটোৱে বিশ্ববাসীক সঠিক স্বাস্থ্যপ্ৰণালী আৰু সঠিক স্বাস্থ্যৰ কথা সোঁৱৰাই দিয়ে ৷ স্বাস্থ্যৰক্ষা কৰাটো আমাৰ প্ৰতিজন ব্যক্তিৰে আৱশ্যকীয় কৰ্তব্য ৷ সেয়েহে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি সঠিক স্বাস্থ্যপ্ৰণালী ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব ৷ অশুদ্ধ পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগ সৃষ্টি হয় ৷ মানুহ নাইবা জীৱজন্তুৰ মলমূত্ৰৰ পৰাএই ৰোগ সৃষ্টিকাৰী চকুৰে নেদেখা সূক্ষ্ম জীৱানুবোৰ পানীত মিহলি হয় ৷ আমাৰ মাজত এতিয়াও বহু নিযুত মানুহৰ উন্নত শৌচাগাৰ নাই ৷ সেয়ে পানীৰ দ্বাৰা হোৱা এই বেমাৰবোৰৰ সংখ্যা দিনকদিনে বাঢ়ি গৈছে ৷ এই বেমাৰবোৰ সম্পূৰ্ণৰূপে তালিকাভূক্ত কৰাটোও সম্ভৱ নহয় কাৰণ এই বেমাৰবোৰ নতুন নতুনকৈ উদ্ভৱ হৈয়ে আছে ৷ পানীৰ পৰা হোৱা কিছুমান বেমাৰ হ ‘ল চেলমনেল ‘চিচ, কলেৰা, ডায়েৰিয়া, মেলেৰীয়া, হেপাটাইচিচ A,ডেংগু জ্বৰ, নিউমোনিয়া, টাইফয়েড ইত্যাদি ৷ এই আটাইবোৰেই সংক্ৰামক ৰোগ ৷

প্ৰতিবছৰে মেলেৰীয়া ৰোগত আক্ৰান্ত হৈ প্ৰায় পাঁচ নিযুত লোক মত্যুমুখত পৰে ৷ ইয়াৰে এটা ডাঙৰ অংশ আফ্ৰিকা আৰু চাহাৰাৰ দক্ষিণ অংশৰ পাঁচ বছৰৰ তলৰ শিশু ৷ প্ৰতিবছৰে কমেও ৩৯৬.৫ নিযুত লোক মেলেৰীয়া আক্ৰান্ত হয় ৷ প্ৰাপ্তবয়স্ক সকলক ভিতৰত গৰ্ভৱতী মহিলাৰ সংখ্যা লেখত ল’বলগীয়া ৷ গ্ৰীষ্মপ্ৰধান অঞ্ছলত মেলেৰীয়া এটা প্ৰধান স্বাস্থ্যসম্পৰ্কীয় সমস্যা ৷ প্ৰাপ্ত তথ়্যমতে আফ্ৰিকাৰ দেশসমূহত যোৱা ৩০ বছৰত অৰ্থনীতি প্ৰতিবছৰে ১.৩% নিম্নগামী হৈছে এই বেমাৰবোৰৰ কাৰণেই ৷ ডায়েৰীয়া গোটেই পৃথিৱীব্যাপি হোৱা এটা ৰোগ ৷ মুঠ মৃত্যুৰ শতকৰা চাৰিভাগ ডায়েৰীয়াৰ কাৰণে হয় আৰু এই ৰোগৰ কাৰণে শতকৰা পাঁচভাগ শাৰিৰীকভাৱে অক্ষম হয় ৷ খোৱাপানীত থকা আৰ্চেনিকে কিছুমান ঠাইৰ স্বাস্থ্যপ্ৰণালীত ভয়াবহতাৰ সৃষ্টি কৰিছে আৰু মৃত্যুৰ সংখ়্যা বঢ়াইছে ৷ এচিয়াত ২০০৪ চনৰ ২৬ ডিচেম্বৰ দেওবাৰে হোৱা চুনামীৰ ফলত বহুতো পানীজনিত ৰোগে দেখা দিছিল ৷ shigelloses, কলেৰা, হেপাটাইটিছ A, leptospirosis, টাইফয়েড, মেলেৰীয়া আৰু ভয়াবহ ডেংগু জ্বৰো চুনামীৰ ফলশ্ৰুতিত হোৱা বানপানীৰ পাছতে সৃষ্টি হৈছিল ৷

জলাশয়বোৰ সংক্ৰমিত জীৱজন্তু আৰু মানুহৰ দ্বাৰা দূষিত হোৱাৰ কাৰণেই এই ৰোগবোৰ সংক্ৰমিত হয় ৷ যিবোৰঠাইৰ মানুহে খোৱাপানী বৰষুণ, নদী, জান, জুৰি আদিৰ পৰা সংগ্ৰহ কৰে সেইবোৰ মানুহৰ এই ৰোগবোৰ বেচি হয় ৷ পথাৰ , খাল, ডোং, পানী জমা হৈ থকা নলানৰ্দমা, মাটিৰ তলেৰে লেতেৰা পানী কঢ়িওৱা নলীৰ বিন্ধা ইত্যাদিয়ে ভূপৃষ্ঠৰ পানী দূষিত কৰে ৷ উপৰোক্ত উপায়বিলাকেৰে পেটৰ অসুখ , বমি আদি বেমাৰৰ লগতে কলেৰা, টাইফয়েদ আদিও হয় ৷ হাত ভালকৈ পৰিষ্কাৰ নকৰাকৈ আহাৰ খালেও বেমাৰ সংক্ৰমিত হ ‘ব পাৰে ৷ অকণমান সংস্পৰ্শত আহিলেও মলমূত্ৰত থকা বীজানুবিলাকে মানুহক আক্ৰমন কৰিব পাৰে ৷ এইবিলাকৰ পৰা হাত সাৰি থাকিবলৈ হ”লে মানুহৰ উন্নত স্বাস্থ্যসন্মত মানসিকতাৰ ব্যৱস্থা কৰিব লাগিব ৷ খোৱাপানী, গাধোৱা পানী আদি ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বণ কৰিব লাগে ৷ গৰমৰ দিনত ঘৰৰ ভিতৰত বা বাহিৰত আঠুৱা নতৰাকৈ শোৱাৰ কাৰণে এনোফিলিচ ম’হৰ আক্ৰমনৰ বলি হৈ মানুহ মেলেৰীয়াত আক্ৰান্ত হয় ৷ ম ‘হ আৰু কিছুমান বীজানুবাহক শামুক অপৰিষ্কাৰ নলানৰ্দমাত বাস কৰি তাতে জীৱনচক্ৰ সম্পূৰ্ণ কৰে ৷ গতিকে সেইবোৰ পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ বিশুদ্ধ পানীয়ে আমাক সুখ দিয়ে, আনন্দ দিয়ে ৷

বিশুদ্ধ আৰু পৰিষ্কাৰ পানীয়েই পানীৰ দ্বাৰা হোৱা ৰোগৰ পৰা হাতসৰাৰ একমাত্ৰ উপায় ৷ উন্নত আৰু স্বাস্থ্যসন্মত শৌচাগাৰ ব্যৱহাৰৰ দ্বাৰাও মলমূত্ৰৰ দ্বাৰা হোৱা বীজানুৰ সংক্ৰমনক বাধা দিব পাৰি ৷ গাওঁ নগৰ সকলোতে উন্নত পানী যোগানৰ ব্যৱস্থা কৰিলেও ৰাইজে বিশুদ্ধ পানী সেৱন কৰি পানীৰ পৰা মানে সংক্ৰমিত ৰোগৰ পৰা বাচি থাকিব পাৰিব ৷

লেখকঃ দীপাঞ্জলি কাকতি হাজৰিকা

বীট স্বাস্থ্যৰ বাবে অতি উপকাৰী, বীটৰ উপকাৰিতাৰ বিষয়ে জানেনে…

কাৰ কাৰ প্ৰিয় খাদ্য বীট? হয়তো বহুতৰে প্ৰিয় বীট। বীটত থাকে পুষ্টিকৰ উপাদান। বীটৰ উপকাৰিতাৰ বিষয়ে জানো আহক-





বীট প্ৰাকৃতিক খাদ্য ৰং হিচাপে ব্যৱহাৰ কৰা হয়। কৃত্ৰিম ৰঙৰ সৈতে অহা সম্ভাৱ্য স্বাস্থ্যজনিত বিপদৰ পৰা বীৰ ৰঙা-বেঙুনীয়া ৰঙে সকাহ দিয়ে।



বীটত ফাইবাৰ পোৱা যায়, যিটো পাচন স্বাস্থ্য আৰু ভোক নিয়ন্ত্ৰণৰ বাবে অতি উত্তম। ইয়াৰ উপৰিও বীটত পটাছিয়াম, ফ’লেট, বিটা কেৰটিন আদিৰে ভৰপূৰ।



আনহাতে বীটৰ ৰসে ৰক্তচাপ যথেষ্ট উন্নত কৰাত সহায় কৰে। আনহাতে বীটত থকা নাইট্ৰেটৰ সৈতে খাদ্য পৰিপূৰক হিচাপে ল’লে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সমৰ্থনত সহায়ক হ’ব পাৰে।

যদি শৰীৰত তেজৰ অভাৱ হয়, তেনেহ’লে খাদ্যত বীট অন্তৰ্ভুক্ত কৰিব লাগে। খাদ্যত বীট অন্তৰ্ভুক্তিয়ে এই সমস্যা সমাধান কৰে। যদি আপুনি বীটৰ টুকুৰা খাব নিবিচাৰে, তেন্তে আপুনি বীটৰ ৰসো খাব পাৰে।

বীটত থকা ভিটামিন চি আৰু এণ্টি-অক্সিডেণ্ট আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। বীট খালে কেৱল আভ্যন্তৰীণ লাভালাভেই নহয়, ইয়াৰ বাহ্যিক লাভালাভো আছে। বীট গ্ৰহণ কৰিলে ছালৰ বিভিন্ন সমস্যা আঁতৰ হয়। ফলত আপুনি এখন সুন্দৰ ছালৰ অধিকাৰী হ’ব পাৰে।

ৰাজ্যত বিজেপিৰ নিৰ্বাচনী ডামামা, জোৰদাৰ প্ৰচাৰত মন্ত্ৰী পীয়ূষ হাজৰিকা…

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ দলীয় প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযূষ হাজৰিকা। অহা এপ্ৰিল মাহৰ ১৯ তাৰিখে হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। তাকে লৈ ব্যস্ততাৰ অন্ত নাই মন্ত্ৰী হাজৰিকাৰ। ভাৰতীয় জনতা পাৰ্টিক সবল নেতৃত্ব দিবলৈ যোৰহাটৰ পৰা আৰম্ভ কৰে প্ৰচাৰ অভিযান। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বজ্ৰ কণ্ঠে প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে। বিজেপিৰ ৰাজ্যিক উপ সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত ১৭ মাৰ্চত যোৰহাটত হয় বৃহৎ যোগদান কাৰ্যসূচী। প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সু-নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান দুই সহস্ৰাধিকৰ।


ইপিনে উক্ত দিনাই মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰায় ৫০০ গৰাকী বিভিন্ন দলৰ নেতা-কৰ্মী আৰু ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পিযূষ হাজৰিকাই সদম্ভে ঘোষণা কৰে ‘অব কি বাৰ ৪০০ পাৰ’। কেৱল ইমানেই নহয় নিৰ্বাচনী প্ৰচাৰৰ মাজতে মৰিয়নী বিধানসভা সমষ্টিৰ নামচেচুৰ বিজেপি দলৰ অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা সূৰ্য্য কুৰ্মী আৰু তেখেতৰ পৰিয়ালক তেখেতৰ বাসগৃহত গৈ সাক্ষাতো কৰে মন্ত্ৰী গৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰেই নহয় অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰতো আগৰণুৱা পিযূষ হাজৰিকাই বিষ্ণুজ্যােতি সামাজিক সাংস্কৃতিক গোষ্ঠী চেলেংহাটৰ উদ্যােগত আৰু সমূহ চেলংহাট আৰু টীয়কবাসী ৰাইজৰ সহযোহত চেলেংহাটত আয়োজিত “সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা-২০২৪”ত ভক্তপ্ৰাণ ৰাইজৰ সৈতে উপস্থিত থাকে। চাওঁতাল সমাজৰ উলাহৰ-পৱিত্ৰ “বাহা পৰৱ” উৎসৱত চেলংহাট আঞ্চলিক চাওঁতাল উন্নয়ন সন্থাৰ উদ্যােগত আয়োজিত অনুষ্ঠানতো উপস্থিত থাকি চাওতাল সকলক সন্মান প্ৰদৰ্শন পিযূষ হাজৰিকাৰ। এইবাৰ যোৰহাটৰ পৰা যাত্ৰা আগবাঢ়িল শিৱসাগৰলৈ। যাত্ৰাৰ সময়ত যোৰহাটৰ মেলেং মেটেলি গাঁৱত অনুষ্ঠিত একশৰণ ভাগৱতী সমাজ অসমৰ যোৰহাট জিলা শাখাৰ ৪৪ তম্ বাৰ্ষিক পালনাম কাৰ্যসূচীত সেৱা আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে। তাৰপাছতেই ডিমৌৰ পাৰিজাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি আদিকে ধৰি প্ৰায় ৭০ গৰাকীৰো অধিক সংখ্যক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে।মন্ত্ৰী পিযূষ হাজৰিকাৰ বলিষ্ঠ তথা স্পষ্ট ভাষণেও আপ্লুত কৰে উপস্থিত ৰাইজক। তেওঁ ভাষণত কয় আমাৰ লক্ষ্য কেৱল ৪০০ পাৰ কৰাই নহয় আমাৰ লক্ষ্য ৰাইজৰ উন্নতি তথা ৰাজ্যৰ উন্নতি। নৰেন্দ্ৰ মোদীক ৩য় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীয়ে পাবলৈ মন্ত্ৰী পিযূষ হাজৰিকাৰ কষ্ট অপৰিসীম। কেৱল নিৰ্বাচনী প্ৰচাৰেই যে কৰিছে তেনে নহয় শিৱসাগৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ নতুন কাৰ্যালয়ো মুকলি কৰে তেওঁ। ইপিনে চৰাইদেউ জিলা বিজেপি কার্যালয়ৰ বাকৰিতো তিনিশৰো অধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে মন্ত্ৰী পিযূষৰ উপস্থিতিত। ঐতিহাসিক শিৱসাগৰৰ আকাশে-বতাহে কেৱল বিজেপিৰ জয়গান। ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা আয়োজিত বিশাল বাইক ৰেলীত প্ৰায় ৮০০ৰো অধিক লোকে বাইক ৰেলীত অংশগ্ৰহণ কৰে। সমান্তৰালকৈ বৰাক উপত্যকাতো বাজিছে নিৰ্বাচনী ৰণডংকা। ভাৰতীয় জনতা পাৰ্টি,উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চলাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। দলৰ পৰিকল্পনা, নিৰ্বাচনী ৰণ কৌশল তথা সামগ্ৰিক প্ৰস্তুতি সন্দৰ্ভত কৰে বিশদ ভাৱে আলোচনা।

আগন্তুক লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোটৰ কৰিমগঞ্জ লোকসভাৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ কৰিমগঞ্জৰ গিৰিশগঞ্জত চলাই প্ৰচাৰ। উপস্থিত সকলোকে দেশৰ হকে, বিকাশ আৰু উন্নয়নৰ হকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পিযূষে। হাইলাকান্দি জিলাতো লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি। হাইলাকান্দি টাউন হলত আয়োজিত যোগদান কাৰ্যসূচীত আনুষ্ঠানিক ভাৱে যোগদান কৰে প্ৰায় ৫০০ গৰাকী ন-কাৰ্যকৰ্তাই। সকলোকে উষ্ম আদৰণি জনাই মন্ত্ৰী গৰাকীয়ে। আকৌ এবাৰ মোদী চৰকাৰ ধ্বনিৰে হাইলাকান্দি জিলা বিজেপিৰ উদ্যােগত লালাত আয়োজিত এখনি নিৰ্বাচনী জনসভা সম্বোধন কৰে পিযূষ হাজৰিকাই। বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে কেবাগৰাকীও জ্যেষ্ঠ দলীয় সতীৰ্থৰ সৈতে কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা অমৰ চান্দ জৈনৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে পিযূষ হাজৰিকাই। বিজেপিৰ জয়গানেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ।

জনগণৰ বিপুল উচাহ-আগ্ৰহৰ মাজেৰে কাটিগড়া সমষ্টিৰ সৈদপুৰ আমতলা মাঠত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন পিযূষৰ। বিজেপি দলৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায় সকলোকে। এই সভাতেই প্ৰায় ২০০ জন আন আন দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত কৰে যোগদান। সমান্তৰালকৈ কাটিগড়া সমষ্টিৰ কুশিয়াৰকুলত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন কৰাৰ লগতে শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কালাইন মণ্ডলৰ বিহাড়া বজাৰত ৰাইজৰ ব্যাপক উচাহ-উদ্দীপনাৰ মাজত এখনি বিশাল নিৰ্বাচনী জনসভা সম্বোধন মন্ত্ৰী পিযূষ হাজৰিকাৰ। এনেদৰে দিন ৰাতি একাকাৰ কৰি দলৰ স্বাৰ্থত ৰাজ্যবাসীৰ স্বাৰ্থত লোকসভা নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰত ব্যস্ত উদ্যমী মন্ত্ৰী পিযূষ হাজৰিকা।