Home Blog Page 941

ৰমজান কি আৰু কিয় পালন কৰা হয়…

ৰমজান(আৰবী উচ্চাৰণ ৰামাদান) হ’ল ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ। বিশ্বৰ মুছলমান সকলে এই মাহটোক পবিত্ৰতম বুলি জ্ঞান কৰে, কাৰণ এই মাহতে মানৱ জাতিৰ বাবে আল্লাহে কোৰাণত উল্লেখিত বাৰ্তা সমূহ প্ৰথম বাৰ প্ৰেৰণ কৰিছিল। কেৱল কোৰাণ শ্বৰীফেই নহয়, মুছলমান সকলে বিশ্বাস কৰা আন তিনিখন ঐশ্বৰিক গ্ৰন্থ – তোৰাহ ( ইহুদীসকলৰ ধৰ্মগ্ৰন্থ), জবুৰ আৰু ইঞ্জীল ( খৃষ্টানসকলৰ বাইবেল) ও এই পবিত্ৰ মাহতে পৃথিৱীলৈ প্ৰেৰণ কৰা হৈছিল। কোৰাণৰ ঐশ্বৰিক বাৰ্তা সমূহৰ উদ্ঘাটনক সন্মান জনাই মুছলমান সকলে সমগ্ৰ ৰমজান মাহ জুৰি উপবাসে থাকে। এই উপবাসক অনা-আৰৱী ভাষা সমূহত ’ৰোজা’ আৰু আৰৱীত “ছ’ম” (Sawm) বুলি কোৱা হয়।আৰৱী ছ’ম শব্দৰ অৰ্থ হ’ল Abstain বা বিৰত থকা। ৰোজা ইছলামৰ পঞ্চ স্তম্ভ (Five Pillars of Islam) ৰ এটি। ইছলামৰ আন চাৰিটা স্তম্ভ হ’ল – শ্বাহাদা অৰ্থাত ধৰ্মবিশ্বাসৰ প্ৰকাশ্য ঘোষণা, নামাজ, জাকাত অৰ্থাত বাধ্যতামূলক দান, আৰু হজ । প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলমান পুৰুষ আৰু মহিলা যি শাৰীৰিকভাবে সক্ষম (মুকাল্লাফ) তেওঁৰ বাবে ৰোজা থকাটো বাধ্যতামূলক ।

অৱশ্যে, অসুস্থ, নিয়মিত ঔষধ লোৱা ক্ৰনিক বা incurable বেমাৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তি, বয়সৰ দ্বাৰা ভাৰাক্ৰান্ত বৃদ্ধ ব্যক্তি, ভ্ৰমনকাৰী, গৰ্ভৱতী নাৰী, দুগ্ধ পান কৰোৱা মাতৃ, Post-natal bleeding হৈ থকা মহিলা আৰু মাহেকীয়া হৈ থকা মহিলাৰ বাবে ৰোজা বাধ্যতামূলক নহয় | ইয়াতে উল্লেখ কৰা ভাল হ’ব যে মাহেকীয়া হৈ থকা মহিলাক ইছলামত চুঁৱা বা অশুচি বুলি জ্ঞান কৰি ৰোজা ৰখাৰ পৰা ’বাধা’ দিয়া হোৱা নাই, বৰং স্বাস্থ্যজনিত কাৰণতহে তেওঁলোকক ’ৰেহাই’ দিয়া হৈছে। ৰোজা থকাৰ সময়ত মুছলমান সকলে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱালৈক কোনো খাদ্য সামগ্ৰি বা পানীয় গ্ৰহন কৰিব নোৱাৰে। সূৰ্য উদয়ৰ আগতে অলপ খাদ্য গ্ৰহন কৰিব লাগে যাক কোৱা হয় “ছেহৰী” ( আৰৱীত ছুহুৰ) আৰু সূৰ্য অস্ত যোৱাৰ সময়ত উপবাস ভাঙিবলৈ যি খাদ্য গ্ৰহন কৰা হয় তাক কোৱা হয় “ইফতাৰ”। ৰমজান মাহত ৰাতিৰ ঈশাৰ নামাজৰ সময়ত মুছলমান সকলে সমগ্ৰ মাহজুৰি এক বিশেষ প্ৰাৰ্থনা কৰে যাক কোৱা হয় – ’তাৰাৱিহ’ ।

ইছলামত উপবাস বা ৰোজা থকাৰ অৰ্থ কেৱল মাত্ৰ খাদ্য আৰু পানীয়ৰ পৰাই দূৰত থকা নহয়। লগতে ধূমপান, খৈনী, পান, চাহ আদি সকলোধৰণৰ নিচা জাতীয় সামগ্ৰি, বদ অভ্যাস, মিছা কথা কোৱা, বেয়া কথা কোৱা, বেয়া কাম কৰা, বেয়া চিন্তা কৰা, বেয়া ব্য়ৱহাৰ কৰা, খং কৰা, কাজিয়া আৰু মাৰপিট কৰা আদিৰ পৰাও দূৰত থাকিব লাগে। শাৰীৰিক সম্পৰ্ক বা যৌণতাও সম্পূৰ্ণ ৰূপে বৰ্জনীয়। দৰাচলতে, আত্ম-সংযমৰ দ্বাৰা আমাৰ মন আৰু ’নাফ্চ’ অৰ্থাত ঈন্দ্ৰীয়জাত ৰিপু সমূহ যেনে কাম, ক্ৰোধ, লোভ, মোহ আদি তথা মানুহৰ স্বভাৱজাত দুৰ্বলতা তথা চাৰিত্ৰিক ত্ৰুটি সমূহৰ পৰা দুৰত থাকি আত্ম-নিয়ন্ত্ৰণৰ দ্বাৰা জীৱনক সংশোধন কৰাটোয়ে ৰমজানৰ প্ৰকৃত অৰ্থ। “Fasting is a means of releasing the human spirit from the clutches of desire.” গতিকে, যিদৰে জুইত পুৰিলেহে সোনৰ পৰিশুদ্ধি হয়, সেইদৰে ৰমজানত এমাহ জুৰি আত্ম-সংযম আৰু আত্ম-শুদ্ধিৰ মাজেদি গৈ প্ৰতিজন মানুহে নিজৰ পৰিশুদ্ধ ৰূপ লাভ কৰাৰ সুবিধা পায়, নিজকে এজন better humanbeing বনোৱাৰ সুযোগ লাভ কৰে।
গতিকে, ৰমজানৰ উদ্দেশ্য কেৱল মাত্ৰ ভোকে লঘোণে থাকি কষ্ট পোৱাটো নহয়। ৰমজানৰ প্ৰথম উদ্দেশ্য আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ – আত্ম-সংযম আৰু আত্ম-নিয়ন্ত্ৰণ , যাতে প্ৰতিজন সামাজিক ব্যক্তিয়ে বেয়া বাসনা, অনুচিত ইচ্ছা-আকাঙ্খাক আৰু বদ-অভ্যাসক প্ৰতিহত কৰিব পাৰে তথা নিজকে অশুভ, কু, বদ তথা ক্ষতিকাৰক বস্তু, কৰ্ম আৰু চিন্তাৰ পৰা সুৰক্ষিত কৰিব পাৰো।


ৰোজা থকাৰ সময়ত প্ৰতিজন ধাৰ্মিক ব্যক্তিয়ে আচলতে ভোক বা তৃষ্ণা নিবাৰণৰ স্বাভাৱিক মানৱীয় তাড়ণাক, লোভ আৰু লালসাক প্ৰতিহত কৰে। ফলত ৰোজাই এজন ব্যক্তিৰ আত্ম-সংযমৰ ক্ষমতা বৃদ্ধি কৰে আৰু আত্ম-সংযমে নিসন্দেহে এজন ব্যক্তিক আত্ম-উন্নয়নৰ দিশে আগুৱাই লৈ যোৱাত সহায়ক হয়। প্ৰখৰ গ্ৰীষ্ম হওক বা হাড় কপোৱা শীত, মৰুভূমি হওক বা শিলাময় পৰ্বত – এচি ৰূমত বহা ডাঙৰ উদ্যোগপতিয়েই হওক বা ৰিক্সা চালক, ভেঞ্চাৰ স্কুলৰ শিক্ষক হওক বা পথাৰত হাল মাৰি থকা কৃষক – প্ৰতিজন মুছলমানে ৰমজান মাহত প্ৰবল কষ্টক নেওচি হলেও ৰোজা থাকে, তাৰ কাৰণ হ’ল এয়া আল্লাহৰ আদেশ আৰু আল্লাহৰ ইচ্ছা বা আদেশৰ প্ৰতি বিনাচৰ্তে অনুগত্য স্বীকাৰ কৰাই ( Unconditional Submission to the will of Allah) হ’ল ইছলাম। যাৰ বাবে ৰোজাক ইছলামৰ প্ৰধান পাঁচটা স্তম্ভৰ অন্যতম বুলি গন্য কৰা হয়। তদুপৰি, উপবাসৰ ফলত হোৱা কষ্ট আপুনি কেৱল আৰু কেৱল মাত্ৰ আল্লাহৰ কাৰণে কৰি আছে – এই আত্ম-উপোলদ্ধিয়ে প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ-চেতনা জাগ্ৰত কৰে, ব্যক্তিক ঈশ্বৰৰ অধিক কাষলৈ লৈ যায়, আৰু এই নৈকট্যৰ ফলত ব্যক্তি জীৱনতো তেওঁ ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰে ফলত তেওঁ কৰা প্ৰতিটো সৰুতকৈ সৰু কামেও যে ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয় এই উপলদ্ধি অধিক বাস্তবিক হয়, ৰিয়েল হয়।ফলত ব্যক্তি মানৱৰ আধ্যাত্মিক অভিজ্ঞতা তথা God Consciousness অধিক গাঢ় হয় , প্ৰবল হয়। আৰু এই God Consciousness য়ে তেওঁক এফালে যিদৰে বেয়া কাম আৰু চিন্তাৰ পৰা দূৰত ৰাখে আনফালে সত্য, ন্যায় আৰু ভালৰ পক্ষত সদায় থিয় দি থাকিবলৈ উদ্বুদ্ধ কৰে।

ৰোজাৰ আন এক বিশেষ উপলদ্ধি হ’ল ত্যাগ। উপবাসে থকাৰ সময়ত আমি ন্যায্য প্ৰাপ্য বস্তুকো স্ব-ইচ্ছাই ত্যাগ কৰো | ভোকৰ এমুঠি ভাত বা পিয়াহৰ এগিলাচ পানী আমাৰ স্বাভাৱিক প্ৰাপ্য কিন্তু তাক আমি ঈশ্বৰৰ নামত স্ব-ইচ্ছাৰে ত্যাগ কৰো। ত্যাগে আমাক সন্তুষ্টি প্ৰদান কৰে, সুখী কৰে। প্ৰাপ্তিত নিসন্দেহে সুখ আছে, পুঁজিভূত কৰাত হয়তো সুৰক্ষা আছে, কিন্তু প্ৰাপ্তিয়ে কেতিয়াও কাকো সন্তুষ্ট কৰিব নোৱাৰে কাৰণ প্ৰাপ্তিৰ আশাৰ কোনো অন্ত নাই। ত্যাগে প্ৰাপ্তিক পূৰ্নতা প্ৰদান কৰে, ত্যাগে মানুহক সন্তুষ্ট কৰে। গতিকে ৰমজানে আমাক স্ব-ইচ্ছাই ত্যাগ কৰা শিকায়, আমাক সন্তুষ্ট হবলৈ শিকায়। তদুপৰি, যি জন ব্যক্তিয়ে নিজৰ ন্যায়সঙ্গত প্ৰাপ্যক ত্যাগ কৰে তেওঁ আনৰ বস্তু, সামগ্ৰি, অধিকাৰক কেতিয়াও বলপূৰ্বক দখল কৰাৰ চিন্তাও নকৰিব। দান-দক্ষিণা আৰু উদাৰতাক ৰমজান মাহত বিশেষ ভাৱে উত্সাহিত কৰা হৈছে । এই মাহতে মুছলমান সকলে ’জাকাত’ (বাধ্যতামূলক দান), ফিতৰা (charity) আদি দুখীয়াৰ মাজত ভগাই দিয়ে । নিজৰ অৰ্জিত ধনৰ কিছু অংশ মুছলমান সকলে এই মাহত সমাজৰ দুখীয়া, দুৰ্বল শ্ৰেণীটোৰ কাৰণে খৰচ কৰাটো বাধ্যতামূলক। মুছলমান সকলে যাতে কেৱল accumulation of wealth তে গুৰুত্ব নিদিয়ে, তাৰ বাবে এই বাধ্যতামূলক দানৰ ধাৰণা।


ৰমজান এনেকুৱা এক সময় যেতিয়া আমি আমাৰ সমাজৰ বঞ্চিত, under-privileged মানুহখিনিৰ প্ৰতি অধিক সংবেদনশীল হ’বলৈ সুযোগ লাভ কৰো। সমগ্ৰ দিনটো উপবাসে থাকি, ব্যক্তি এজনে যেতিয়া ভোকৰ সময়ত খাদ্যৰ পৰা বঞ্চিত হয়, তেতিয়া সমাজৰ বঞ্চিত শ্ৰেণীটোৰ দুখ আৰু বেদনা বেছি ভালকৈ উপলদ্ধি কৰিব পাৰে। একে সমাজৰে একাংশ বঞ্চিত, দুখীয়া মানুহৰ তুলনাত আমি কিমান privileged, কিমান blessed; আমাৰ জীৱন কিমান সুৰক্ষিত, সুন্দৰ সেয়াও ৰোজাই মানুহক উপলদ্ধি কৰায়। আমাৰ জীৱনটো যে দৰাচলতে এক আশীৰ্বাদহে এই কথা উপলদ্ধি কৰিলেহে মানুহে নিজৰে সৈতে আনৰ জীৱনকো গুৰুত্ব দিব , অধিক সুন্দৰ কৰাৰ চেষ্টা কৰিব। গতিকে, ৰমজানৰ উপবাসৰ গুৰুত্ব কেৱল মাত্ৰ দিনটো খাদ্য আৰু পানীয়ৰ পৰা দূৰত থাকি ইফতাৰ আৰু ছেহৰীত সুস্বাদু খাদ্য খোৱা নহয়। ৰমজান হ’ল সংযম আৰু ত্যাগৰ দ্বাৰা জীৱনক শুদ্ধিকৰণ কৰি নিজকে এজন better humanbeing বনোৱাৰ তথা সকলো বেয়াৰ পৰা দূৰত থকাৰ আৰু সমাজৰ দুখীয়া-দুৰ্বল শ্ৰেণীৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ এক সুযোগ। উপবাস কেৱল শাৰিৰীক নহয়, মন আৰু আত্মাৰো উপবাস। শাৰিৰীক উপবাসটো দৰাচলতে ব্যক্তিৰ inner self ৰ প্ৰকৃত উপবাসৰ সাংকেতিক তথা বাহ্যিক বহি:প্ৰকাশহে। গতিকে এই সুযোগ সহজতে যাব নিদিব।


সংগৃহীত

হাতত টকা জমা নহয় নেকি? ধনী হোৱাৰ ৬টা টিপছ জানি লওক…

বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰ্থিক স্বাধীনতা অতি প্ৰয়োজন। হাতত টকা থাকিলে আমি অলপ সঞ্চয় কৰি বাকী সকলোখিনি আমাৰ আনন্দ বা বজাৰ কৰা কামত খৰচ কৰিব বিচাৰো। কিন্তু ইয়াৰ দ্বাৰা শেষত আপোনাৰ কোনো লাভ নহয়। গতিকে এই ৬ টা টিপছৰ বিষয়ে জানি লওক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সুৰক্ষা আপোনাৰ হাতত থাকিব-

১. লক্ষ্য নিৰ্ধাৰণ কৰক-

প্ৰথমে সিদ্ধান্ত লওক যে আপুনি নিজকে জীৱনত আৰ্থিকভাৱে ক’ত চাব বিচাৰে। ইয়াৰ ফলত আপোনাৰ জীৱন ঋণমুক্ত হ’ব। আপুনি সোনকালে অৱসৰ ল’ব পাৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ আৰ্থিক লক্ষ্য নিৰ্দিষ্ট হয়, তেন্তে আপুনি সঞ্চয় বা বিনিয়োগৰ ক্ষেত্ৰত ৰিস্কি পদক্ষেপৰ পৰাও পিছুৱাই যোৱাৰ স্বাধীনতা পাব।

২. আয় আৰু ব্যয় সামঞ্জস্যপূৰ্ণ হ’ব লাগে-

সকলো ক্ষেত্ৰতে আৰু পৰিস্থিতিত আপোনাৰ আয়তকৈ খৰচ কম ৰাখক। দৰমহা পোৱাৰ আগতে সঞ্চয়ৰ বাবে কমেও ২০% আঁতৰাই ৰাখক। ইয়াৰ পিছত বাকী থকা দৰমহাৰ পৰা আগতীয়াকৈ বাজেট প্ৰস্তুত কৰিব লাগে। তেতিয়াহে আপুনি অপ্ৰয়োজনীয় ক্ৰয় বা অপ্ৰয়োজনীয় ঋণৰ পৰা হাত সাৰিব পাৰিব।

৩. জৰুৰীকালীন পুঁজি সৃষ্টি-

যেতিয়ালৈকে আপোনাৰ হাতত কোনো জৰুৰী প্ৰয়োজন পূৰণৰ বাবে পৰ্যাপ্ত ধন নাথাকিব, তেতিয়ালৈকে আপুনি আৰ্থিক স্বাধীনতা লাভ কৰিব নোৱাৰিব। সেই পৰিস্থিতি মোকাবিলা কৰাৰ আটাইতকৈ নিৰাপদ উপায় হ’ল আগতীয়াকৈ জৰুৰীকালীন পুঁজি গঢ়ি তোলা। এই পুঁজি এনেদৰে গঢ়ি তোলক যাতে প্ৰয়োজনৰ সময়ত ৬ মাহ খৰচ কৰি থাকিব পাৰে।

৪. বহুমুখী আয় সৃষ্টি কৰক-

মাত্ৰ এটা আয়ৰ উৎস থকাটোৱে আপোনাৰ বিত্তীয় ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। লগতে সঞ্চয় পুঁজি আশা কৰা ধৰণে নহ’ব। গতিকে আপুনি বহুমুখী আয় বা একাধিক উৎসৰ পৰা আয়ৰ ব্যৱস্থাৰ প্ৰয়োজন।

৫. ঋণ হ্ৰাস কৰা-

আৰ্থিক স্বাধীনতাৰ অন্যতম ক্ষতিকাৰক বাধা হ’ল ঋণ। আজিকালি ই এম আইৰ যুগত যিকোনো বস্তু কিনাটো ইমানেই সহজ হৈ পৰিছে যে মানুহে দুবাৰ চিন্তা নকৰাকৈয়ে সোনকালে ধন ধাৰে লয়। ক্ৰেডিট কাৰ্ড থাকিলেও কোনো কথা নাই। কিন্তু ইয়াৰ ফলত কিমান ক্ষতি হৈছে তাক বহুতে নাচায়।

৬. বুদ্ধিমানৰূপে বিনিয়োগ কৰক

বিনিয়োগ কৰাৰ আগতে প্ৰকল্পসমূহ অতি ভালদৰে পৰীক্ষা কৰক। প্ৰয়োজন হ’লেহে বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লৈ আগবাঢ়িব। কিন্তু ভুল বিনিয়োগে প্ৰায়ে ধন হেৰুৱাৰ বৃহৎ আশংকাৰ সৃষ্টি কৰে। গতিকে এনে কোনো পদক্ষেপ লোৱাৰ আগতে জানি-বুজি লওক।


৩১ মাৰ্চ অৰ্থাৎ দেওবাৰে খোলা থাকিব বেংক! কোনবোৰ বেংক খোলা থাকিব…

৩১ মাৰ্চত বেংকৰ ছুটী নাই! ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই জাৰি কৰিলে জাননী। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অন্তিম দিন হ’ব ৩১ মাৰ্চ, সেয়েহে আৰ বি আইয়ে সকলো এজেন্সী বেংকক সেই তাৰিখে দেওবাৰ হোৱাৰ পিছতো জনসাধাৰণৰ বাবে শাখা মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে। এজেন্সী বেংকৰ তালিকাত – চৰকাৰৰ হৈ সাধাৰণ ব্যৱসায়িক লেনদেন কৰিবলৈ অনুমোদিত – কেইবাটাও ৰাজহুৱা আৰু ব্যক্তিগত ঋণদাতা।এজেন্সী বেংকৰ তালিকাত ব্যক্তিগত ঋণদাতা যেনে এক্সিছ বেংক, চিটি ইউনিয়ন বেংক, ডিচিবি বেংক, এইচডিএফচি বেংক, আইচিআইচিআই বেংক আৰু ফেডাৰেল বেংক আদি। ভাৰতীয় ৰিজাৰ্ভ বেংকে এক অধিসূচনা জাৰি কৰি সকলো এজেন্সী বেংকক ৩১ মাৰ্চ দেওবাৰে শাখাসমূহ জনসাধাৰণৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে।

সাধাৰণতে সপ্তাহৰ শেষৰ দিনত বেংকসমূহ বন্ধ হৈ থকাৰ বিপৰীতে চলি থকা বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ শেষ তাৰিখ হোৱাৰ বাবে ৩১ মাৰ্চৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে। ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ঋণদাতাসকলে লেনদেন নিষ্পত্তি কৰিব লাগিব।

৩১ মাৰ্চত কোনবোৰ বেংক খোলা থাকিব

ৰাজহুৱা খণ্ড-

  1. Bank of Baroda
  2. Bank of India
  3. Bank of Maharashtra
  4. Canara Bank
  5. Central Bank of India
  6. Indian Bank
  7. Indian Overseas Bank
  8. Punjab and Sind Bank
  9. Punjab National Bank
  10. State Bank of India
  11. UCO Bank
  12. Union Bank of India

ব্যক্তিগত খণ্ড-

  1. Axis Bank
  2. City Union Bank
  3. DCB Bank
  4. Federal Bank
  5. HDFC Bank
  6. ICICI Bank
  7. IDBI Bank
  8. IDFC FIRST Bank
  9. IndusInd Bank
  10. Jammu and Kashmir Bank
  11. Karnataka Bank
  12. Karur Vysya Bank
  13. Kotak Mahindra Bank
  14. RBL Bank
  15. South Indian Bank
  16. Yes Bank
  17. Dhanlaxmi Bank
  18. Bandhan Bank
  19. CSB Bank
  20. Tamilnad Mercantile Bank
  21. ৩১ মাৰ্চ দেওবাৰে এজেন্সীৰ বেংকসমূহ খোলা থাকিব যদিও আগন্তুক সপ্তাহত ক্ৰমে হোলী আৰু গুড ফ্ৰাইডেৰ বাবে ২৫ মাৰ্চ আৰু ২৯ মাৰ্চত বন্ধ থাকিব বেংক।

হোৱাটছএপত আৰু নাথাকিব ‘বিক্ষিত ভাৰত’ৰ বাৰ্তা…

নিৰ্বাচন আয়োগৰ নিৰ্দেশঃ হোৱাটছএপত আৰু নাথাকিব ‘বিক্ষিত ভাৰত’ৰ বাৰ্তা। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে। তৃণমূলকে ধৰি একাংশ বিৰোধী ৰাজনৈতিক দলে মোডী চৰকাৰৰ এই বাৰ্তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছত আয়োগৰ এই কাৰ্য সংঘটিত হয়।নিৰ্বাচন আয়োগে মোডী চৰকাৰক ততাতৈয়াকৈ মোবাইল ফোনত ‘বিক্ষিত ভাৰত’ সম্পৰ্কে বাৰ্তা প্ৰেৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। আচৰণ বিধি বলবৎ থকাৰ সময়ত যাতে হোৱাটছএপত এনেধৰণৰ বাৰ্তা প্ৰেৰণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিছে। তৃণমূলকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে মোডী চৰকাৰৰ বাৰ্তাৰ প্ৰতিবাদ কৰাৰ পিছতে আয়োগৰ এই কাৰ্য সংঘটিত হয়।

বৃহস্পতিবাৰে আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে। জানিব পৰা গৈছে যে ১৫ মাৰ্চত নিৰ্বাচনী আচৰণ বিধি জাৰি কৰাৰ পূৰ্বে হোৱাটছএপত ‘বিক্ষিত ভাৰত’ সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু প্ৰযুক্তিগত আৰু ইণ্টাৰনেট সেৱাৰ সীমাবদ্ধতাৰ বাবে এই বাৰ্তা অতি পলমকৈ নাগৰিকৰ মোবাইললৈ আহি আছে। নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ পিছতো নাগৰিকৰ এটা অংশই সেই বাৰ্তা লাভ কৰি আছে। এই বাৰ্তা প্ৰেৰণ কৰাটো অনতিপলমে বন্ধ কৰিব লাগে বুলিও আয়োগে পত্ৰখনত উল্লেখ কৰিছে। এই সন্দৰ্ভত অভিযোগ আহি আছে আয়োগলৈ। এতিয়া নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ লগে লগে এই বাৰ্তা আৰু প্ৰেৰণ কৰিব নোৱাৰিব। এই আদেশ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব লাগে।


নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে বদলি কৰা হৈছে বহুকেইগৰাকী বিষয়া কৰ্মীক…

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে বদলি কৰা হৈছে বহুকেইগৰাকী বিষয়া কৰ্মীক।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে শোণিতপুৰৰ SPসুশান্ত বিশ্ব শর্মাক বদলি।

পাঞ্জাৱৰ ভাটিণ্ডাৰ SSPকো বদলিৰ নিৰ্দেশ ।

IAS,IPSৰ ৰেংক নথকা SPআৰু DCকো বদলি।

গুজৰাট, পাঞ্জাৱ, ওড়িশা আৰু পশ্চিমবংগৰ ১৩ জন বিষয়াক কৰা হৈছে বদলি।

সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰা হ’ল পাকিস্তানৰ গাদাৰ বন্দৰ…

পাকিস্তানৰ গাদাৰ বন্দৰ আজি সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰা হয়। সন্ত্ৰাসবাদীয়ে বন্দৰটো নিজৰ দখললৈ নিয়াৰ পিছতে আজি পাক আৰক্ষীয়ে অভিযান চলাই সাতজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে আৰু বন্দৰটো সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰে। উল্লেখ্য সন্ত্ৰাসবাদীয়ে বলপূৰ্বক গাদাৰ বন্দৰ কমপ্লেক্সত প্ৰৱেশ কৰিছিল আৰু অঞ্চলটোত গুলীচালনা কৰি সমগ্ৰ বন্দৰটোৰ দখল নিজৰ হাতলৈ নিছিল। পাক আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাস্থলীত একাধিক বিস্ফোৰণো সংঘটিত হৈছিল।

বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)ৰ মজিদ ব্ৰিগেডে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। মাক্ৰানৰ আয়ুক্ত ছাইদ আহমেদ উমৰানীয়ে উল্লেখ কৰিছে যে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান এতিয়াও চলি আছে। গাদাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কেপ্টেইন (অৱসৰপ্ৰাপ্ত) জোহাইব মহছিনে প্ৰকাশ কৰা মতে গুলীবৰ্ষণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বন্দৰটোত এতিয়া যথেষ্ট সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

“মোদীয়ে কংগ্ৰেছক আৰ্থিকভাৱে পংগু কৰিবলৈ চেষ্টা কৰিছে”-ছোনিয়া গান্ধী…

১৩ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছৰ বেংক একাউণ্টৰ বিৰুদ্ধে আয়কৰ বিভাগে গ্ৰহণ কৰা ব্যৱস্থা স্থগিত ৰখাৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰে। ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ বেংক একাউণ্টৰ পৰা ধন ছাইফন অফ কৰা বুলি অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ অভিযোগো উত্থাপন কৰিছে। বৃহস্পতিবাৰে এখন সংবাদমেলত ছোনিয়া গান্ধীয়ে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে। এই ঘটনা কেৱল কংগ্ৰেছৰ বাবেই নহয়, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবেও ভয়ংকৰ আঘাত। ৰাহুল গান্ধীয়ে কয় যে আজি দেশত গণতন্ত্ৰ নাই। কংগ্ৰেছৰ বিৰুদ্ধে এই কাৰ্য আচলতে মোডী-শ্বাহৰ অপৰাধমূলক কাৰ্য।


আনহাতে, ন্যায়পালিকা, আয়কৰ বিভাগকে ধৰি সাংবিধানিক সংস্থাসমূহলৈ খৰ্গেৰ আবেদন — “যদি আপুনি সঁচাকৈয়ে দেশত মুক্ত, নিকা নিৰ্বাচন বিচাৰে, তেন্তে আমাক বেংক একাউণ্ট ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ক।” জৰিমনাৰ বিৰুদ্ধে ন্যায়িক হস্তক্ষেপ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়। কিন্তু ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ বিচাৰপীঠে এই আবেদন নাকচ কৰি কয় যে, “এই বিষয়ত হস্তক্ষেপ কৰাৰ কোনো উচিত কাৰণ আদালতে দেখা নাই।’ অভিযোগৰ পিছতে আয়কৰ বিভাগে ব্যৱস্থা গ্ৰহণ কৰে। একাউণ্টত লেনদেন কাৰ্যকৰীভাৱে বন্ধ কৰা হৈছে। এই প্ৰসংগত ছোনিয়া গান্ধীয়ে বৃহস্পতিবাৰে কয় যে, “মোদীয়ে কংগ্ৰেছক আৰ্থিকভাৱে পংগু কৰিবলৈ চেষ্টা কৰিছে”।




শ্বামীৰৰ সলনি অৱশেষত এইগৰাকী ক্ৰিকেটাৰক ল’লে গুজৰাট টাইটানছে…

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে অৱশেষত গুজৰাটে শ্বামীৰৰ সলনি ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিলে। শুভমান গিলৰ দলে শ্বামীৰৰ সলনি কলকাতাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক বাছি লৈছে। ইতিমধ্যে খবৰ ওলাইছিল যে মহম্মদ ছামীয়ে আই পি এলত খেলিব নোৱাৰিব। ইয়াৰ পিছতো গুজৰাট টাইটানছে কোনো ক্ৰিকেটাৰৰ নাম ঘোষণা কৰা নাছিল। অৱশেষত আই পি এল আৰম্ভ হোৱাৰ দুদিন আগতেই ঘোষণা কৰিলে সেই নামটো। কলকাতাৰ প্ৰাক্তন ক্ৰিকেটাৰ সন্দীপ ৱাৰিয়ৰক শ্বামীৰ সলনি শুভমান গিলৰ দলে নিৰ্বাচিত কৰিছে।


বিশ্বকাপত আঘাতপ্ৰাপ্ত হৈছিল শ্বামী। তাৰ পিছৰ পৰা তেওঁ কোনো প্ৰতিযোগিতামূলক মেচত খেলা নাই। লণ্ডনত অস্ত্ৰোপচাৰ কৰি কিছুদিন পূৰ্বে ঘৰলৈ উভতি আহিছিল। এতিয়াৰ বাবে জিৰণি লৈছে। ইতিমধ্যে আই পি এলৰ পৰা নক আউট। বুধবাৰে নিশা আই পি এলৰ এক বিবৃতিত কোৱা হৈছে, ‘ভাৰতীয় প্ৰবীণ পেচাৰ মহম্মদ শ্বামীৰ সোঁ ভৰিৰ গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হৈছে। বৰ্তমান তেওঁ ৰেষ্ট কৰি আছে। তেওঁৰ সলনি সন্দীপ ৱাৰিয়েৰে এই পৰ্যন্ত আই পি এলত ৫ খন মেচ খেলিছে। ৫০ লাখ টকাৰ ভিত্তি মূল্যত তেওঁ গুজৰাটত যোগদান কৰিছে।” কেৰালাত জন্মগ্ৰহণ কৰিলেও ৱাৰিয়ৰে এতিয়া ঘৰুৱা ক্ৰিকেটত তামিলনাডুৰ হৈ খেলে।


মিছাঃ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ নহয় গুৱাহাটী…

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত গুৱাহাটী মহানগৰী বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ বুলি কৰা দাবী খণ্ডন কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (এপিচিবি) গুৱাহাটীক বিশ্বৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ বুলি কৰা দাবী সম্পৰ্কীয় প্ৰতিবেদন পোনচাটেই কঠোৰভাৱে অস্বীকাৰ কৰিছে, সেয়া মিছা বুলি অস্বীকাৰ কৰিছে । বোৰ্ডে কৈছে যে তেনে দাবী প্ৰামাণিক তথ্যৰ ওপৰত আধাৰিত নহয়। এপিচিবিৰ সচিব ড০ শান্তনু কুমাৰ দত্তই জাৰি কৰা এক বিবৃতিত গুৱাহাটীৰ বায়ুৰ মান সম্পৰ্কীয় বিভ্ৰান্তিকৰ প্ৰতিবেদনক অস্বীকাৰ কৰা হৈছে। ছুইজাৰলেণ্ডৰ বায়ু গুণগত মানদণ্ডৰ প্ৰযুক্তি সংগঠন আইকিউএয়াৰে প্ৰকাশ কৰা প্ৰতিবেদনখনত ২০২৩ চনত গড় পিএম ২.৫ ঘনত্বৰ ওপৰত আধাৰিত কৰি গুৱাহাটীক মধ্য আৰু দক্ষিণ এছিয়াৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে চিহ্নিত কৰা হৈছিল।


অৱশ্যে এপিচিবিয়ে এই দাবীবোৰ খণ্ডন কৰিছে। চৰকাৰী তথ্যৰ উদ্ধৃতি দি ২০২২ আৰু ২০২৩ৰ বাবে গড় বায়ু মানদণ্ড সূচক (একিউআই) প্ৰায় ৫২ বুলি কোৱা হৈছে। এপিচিবিয়ে সেয়ে এই বিষয়ত গুৰুত্ব দিয়ে যে গুৱাহাটীৰ নাগৰিকসকলৰ মাজত আতংকৰ কোনো কাৰণ নাই, কিয়নো বায়ু প্ৰদূষণৰ স্তৰ, যিটো চহৰৰ চাৰিটা স্থানত অত্যাধুনিক নিৰন্তৰ পৰিৱেশ বায়ু গুণমান নিৰীক্ষণ কেন্দ্ৰৰ (চিএএকিউএমএছ) দ্বাৰা নিৰীক্ষণ কৰা হয় সেয়া ভাল হৈয়েই আছে। উল্লেখ্য আইকিউএয়াৰৰ ২০২৩ চনৰ বিশ্ব বায়ু গুণমান প্ৰতিবেদন অনুসৰি গুৱাহাটী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ । গুৱাহাটীত গড় বাৰ্ষিক পিএম ২.৫ পোৱা গৈছে আৰু বায়ুৰ ঘনত্ব ১০৫.৪ বুলি নথিভুক্ত কৰা হৈছে। গুৱাহাটীত বায়ুৰ মান বিশ্ব স্বাস্থ্য সংস্থাই নিৰূপণ কৰি দিয়া স্তৰৰ তুলনাত দহ গুণতকৈ অধিক। চহৰখনৰ প্ৰদূষণৰ স্তৰ বৃদ্ধিৰ বাবে বিভিন্ন কাৰকক দায়ী কৰিব পাৰি, যাৰ ভিতৰত আছে নিৰ্মাণ কাৰ্যকলাপ বৃদ্ধি । গুৱাহাটীত শেহতীয়াকৈ ঘৰ-দুৱাৰ, ফ্লাই অভাৰ আদিকে ধৰি নানান ধৰণৰ নিৰ্মাণকাৰ্য পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত চহৰ খনত ধুলি প্ৰদূষণ বৃদ্ধি হৈছে।

একেদৰে মহানগৰ খনত যানবাহনৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। বিহাৰৰ বেগুচৰাই দিল্লী, মুল্লানপুৰ আৰু লাহোৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে শীৰ্ষ স্থান দখল কৰিছে। বিশ্বৰ আটাইতকৈ প্ৰদূষিত দহ খন চহৰৰ ভিতৰত নখন ভাৰতৰ আৰু ৪২ খন ভাৰতীয় চহৰে শীৰ্ষ ৫০ ত স্থান লাভ কৰিছে।

ধনী হৈ গৈছে অধিক ধনী! দেশৰ ১ শতাংশ ধন কুবেৰেই এতিয়া ৪০ শতাংশতকৈও অধিক সম্পদৰ গৰাকী

ধনী হৈ গৈছে অধিক ধনী! দেশৰ ১ শতাংশ ধন কুবেৰেই এতিয়া ৪০ শতাংশতকৈও অধিক সম্পদৰ গৰাকী
ভাৰতত এতিয়া ধনী হৈ গৈছে অধিক ধনী আৰু দুখীয়া হৈছে অধিক দুখীয়া। আপাততঃ তেনে এখন ছবিয়েই শেহতীয়া এক প্ৰতিবেদনত পোহৰলৈ আহিছে। প্ৰতিবেদনৰ মতে কথাটো হ’ল দেশৰ মাত্ৰ ১ শতাংশ অতি ধনী লোকৰ হাততেই আছে ৪০.১ শতাংশ সম্পদ। ১৯৯২ চনৰ পিছত দেশত বিদেশী বিনিয়োগৰ বাট মুকলি হোৱাৰ পাছৰে পৰা বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাই গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দ্ৰুত অৰ্থনৈতিক বিকাশৰ মাজতে ধনী-দৰিদ্ৰৰ ব্যৱধানো বৃদ্ধি পাইছে। ভাৰতৰ জনসংখ্যাৰ আটাইতকৈ ধনী ১ শতাংশ লোকৰ মাজত কেন্দ্ৰীভূত সম্পদ ছয় দশকত সৰ্বাধিক হৈ পৰিছে । ৱৰ্ল্ড ইনইকুৱেলিটি লেব নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা শেহতীয়া অধ্যয়নত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ১৯৪৭ চনত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা ভাৰতে ১৯৯২ চনত বিদেশী বিনিয়োগৰ বাবে ইয়াৰ বজাৰ মুকলি কৰি দিছিল। ইয়াৰ ফলত ভাৰতত বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাইছে।২০২৩ চনৰ শেষলৈ ভাৰতৰ আটাইতকৈ ধনী নাগৰিকসকল দেশৰ ৪০.১% সম্পদৰ মালিক হৈছে। ১৯৬১ চনৰ পিছত তেওঁলোকৰ মুঠ উপাৰ্জনৰ অংশ আছিল ২২.৬%। ২০১৪ চনত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উন্নয়ন আৰু অৰ্থনৈতিক সংস্কাৰৰ বাবেই নিৰ্বাচিত হৈছিল।

তেওঁৰ সমালোচকসকলে কয় যে তেওঁৰ কাৰ্যকালৰ অন্তিম দুটা কাৰ্যকাল ধনী আৰু দৰিদ্ৰৰ মাজত বৰ্ধিত ব্যৱধানৰ বছৰ। কিয়নো ভাৰতৰ অৰ্থনীতি ৮.৪ % হাৰত বৃদ্ধি পাইছে। ফৰ্বছ বিলিয়নেয়াৰ ৰেংকিঙৰ তথ্যই দেখুৱাইছে যে মুঠ সম্পদ ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰা ভাৰতীয়ৰ সংখ্যা ১৯৯১ চনৰ এজনৰ পৰা ২০২২ চনত ১৬২ লৈ বৃদ্ধি হৈছে। এছিয়াৰ দুই ধনী ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানী আৰু আদানি গ্ৰুপৰ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ লক্ষ্যণীয় ঙাৰত বৃদ্ধি পাইছে। ৯২ নিযুত ভাৰতীয় প্ৰাপ্তবয়স্কৰ গড় সম্পদ ২২.৬ বিলিয়ন টকা (২৭১.৯১ নিযুত ডলাৰ)। আনহাতে দেশৰ অতি ধনী ১ শতাংশ লোকৰ গড় সম্পদ হৈছে ৫৪ নিযুত টকা।