Home Blog Page 951

ভাৰতীয় নৌসেনাই পুনৰ সাগৰত নিজৰ শক্তি দেখুৱালে…

ভাৰতীয় নৌসেনাই পুনৰ সাগৰত শক্তি দেখুৱালে, ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলা অভিযানৰ অন্তত ধৰা পৰিল ৩৫ জন জলদস্যু। তথ্য পোৱাৰ লগে লগে ভাৰতীয় নৌসেনা সক্ৰিয় হৈ পৰে আৰু অপহৰণ কৰা মালবাহী জাহাজ এম ভি ৰৌয়েন বন্ধ কৰি দিয়ে। ইয়াৰ পিছত ইয়াত থকা ছোমালি জলদস্যুসকলক ঘেৰি ধৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰা হয়।

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ কলকাতাই শনিবাৰে (১৬ মাৰ্চ ২০২৪) আৰব সাগৰত ৩৫ জন জলদস্যুক আটক কৰে। ডকাইতক জিম্মাত লোৱাৰ পাছত আই এন এছ কলকাতাই বণিক জাহাজ এম ভি ৰ’ৱেনৰ ১৭ জন ক্ৰুক উদ্ধাৰ কৰি ভাৰতৰ পশ্চিম উপকূলৰ দিশে ৰাওনা হয়।

ভাৰতীয় নৌসেনাৰ এজন বিষয়াই কয় যে ভাৰতীয় নৌসেনাই সাগৰত অতি বৃহৎ আৰু দীৰ্ঘদিনীয়া অভিযান চলাই জলদস্যুক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল।তথ্য পোৱাৰ লগে লগে ভাৰতীয় নৌসেনা সক্ৰিয় হৈ পৰে আৰু অপহৰণ কৰা মালবাহী জাহাজ এম ভি ৰৌয়েন বন্ধ কৰি দিয়ে। ইয়াৰ পিছত জাহাজত থকা ছোমালি জলদস্যুসকলক আত্মসমৰ্পণ কৰিবলৈ কোৱা হয়। ডাকাতবোৰৰ অস্বীকাৰৰ বাবে কিছুদিন এই অভিযান অব্যাহত থাকে। ইয়াৰ পিছত নৌসেনাই ৩৫ জন ডাকাতক জিম্মাত লয়।

চাপৰত অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হ’ব অসম ভিত্তিত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা…

চাপৰত অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হব অসম ভিত্তিত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত চাপৰ যুব সঙ্গৰ যুবক সকল। পূৰ্ণ গতিত চলি আছে ফিল মেৰামতিৰ কাম সহযোগ কৰিছে চাপৰ আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া দ্বীপ জ্যোতি ইংতি, খেল পৰিচালনা সমিতিৰ সভাপতি অনন্ত ৰায়ৰ লগতে যুব সঙ্গৰ যুবক সকল

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এই দৰে সমবেত হৈ পূর্ণ গতিত চলাইছে অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হব লগা অসম ভিত্তিত দিবা-নৈশ ক্ৰিকেট প্লেগ্ৰাউণ্ড যত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব নগদ পঞ্চাশ হাজাৰ এক টকা লগতে ট্ৰফী আৰু দ্বিতীয় পুৰষ্কাৰ হিচাপে থাকিব তিৰিশ হাজাৰ এক টকা লগতে ট্ৰফী।


খেল পথাৰৰ চাৰিওফালে সাজু কৰি ৰখা হৈছে পোহৰ বিলোৱাৰ ব্যবস্থা, আলহি আপ্যায়নৰ বাবেও আছে সু-ব্যবস্তা,
গতিকে উক্ত দিনৰ দিবা-নৈশ ক্ৰিকেট খেল উপভোগ কৰিবলৈ সকলোকে বিনম্ৰভাবে অনুৰোধ জনাইছে খেল পৰিচালনা সমিতিৰ সভাপতিয়ে।

বিশ্বনাথৰ বালিচাংত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি…

বিশ্বনাথৰ বালিচাংত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

বিশ্বনাথৰ বালিচাংত মুকলি কৰা হয় অসম গ্ৰামীণ বিকাশ বেঙ্কৰ গ্ৰাহক সেৱাকেন্দ্ৰ ৷ দলংগুৰি শাখাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ সেৱা কেন্দ্ৰটি গ্ৰাহকৰ সেৱাৰ্থে বিভিন্ন সুবিধা সমুহ উপলব্ধ হোৱাকৈ খোলা হৈছে গ্ৰাহক সেৱা কেন্দ্ৰটি ৷বিশেষকৈ ছাত্ৰছাত্ৰী সকলৰ উপৰিও বিভিন্ন গ্ৰাহকক কম সময়ৰ ভিতৰত নতুনকৈ একাউণ্ট খোলাকে ধৰি অটল পেঞ্চন যোজনা ,

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ উপৰিও বেঙ্কৰ লগত জড়িত আন আন সুবিধা সমুহ গ্ৰাহকে লাভ কৰিব পাৰিব ৷ আনকি আত্মসহায়ক গোটৰ টকাও জমা লোৱাৰ সুবিধা পাব বুলি গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বৰ্তাধিকাৰী চেৱন শৰ্মাই জানিব দিয়ে ৷

কেৱল মাত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড আৰু একপি ফটোৰ জৰিয়তে তাৎক্ষণিকভাবে নতুনকৈ একাউণ্ট খোলাৰ সুবিধা পাব বুলি সদৰি কৰা স্বৰ্তাধিকাৰী গৰাকীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ উল্লেখ্য যে বালিচাং স্থিত দলংগুৰি শাখা অসম গ্ৰামীণ বিকাশ বেঙ্কত বহু সময়ত গ্ৰাহকৰ ভীৰ হোৱা পৰিলক্ষিত হয় ৷ এনে স্থলত বালিচাংতে অসম গ্ৰামীন বিকাশ বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ এটি মুকলি হোৱাত ৰাইজৰ যথেষ্ট কষ্ট লাঘৱ হব বুলি ধাৰনা কৰা হৈছে ৷


আই, টি,এফ ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্যুৰত গুৱাহাটীৰ ৰাণী কৌৰৰ ত্ৰিমুকুট অৰ্জন…

(প্ৰেছ বিজ্ঞপ্তি)

আই, টি,এফ ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্যুৰত
গুৱাহাটীৰ ৰাণী কৌৰৰ ত্ৰিমুকুট অৰ্জন

গুৱাহাটী- আই, টি, এফ, ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্যুৰ (এম টি ৪০০) প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি গুৱাহাটীৰ ৰাণী কৌৰ মাৰৱাই ত্ৰিমুকুট অৰ্জন কৰিছে৷ হাৰিয়ানাৰ ঝাজ্জাৰৰ জয়গাঁও টেনিছ একাডেমীয়ে আয়োজন কৰা অতি সন্মানজনক প্ৰতিযোগিতাখনৰ ৪০ বছৰ ঊৰ্দ্ধৰ মহিলাৰ ছিংগলছ, মহিলাৰ ডাবলছ আৰু মিক্সড ডাবলছত ৰাণী কৌৰে খিতাপ দখল কৰে ৷

আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ মহিলাৰ ছিংগলছত ৰাণীয়ে ভাৰতৰে পিংকী শৰ্মাক ৬-০, ৬-৪ ছেটত পৰাজিত কৰে৷ মহিলাৰ ডাবলছত তেওঁ সতীৰ্থ মানছি মেজেজিৰ সৈতে যুটী বান্ধি ভাৰতৰ নাজনীন ৰহমান আৰু সোনাল ভহৰা যুটীক ৭-৬, ৬-২ ছেটত হৰুৱাই চেম্পিয়ন হয়৷ আনহাতে, মিক্সড ডাবলছত ম’হিত ফ’গাটৰ সৈতে

ৰাণীয়ে প্ৰতিপক্ষ যুটী ভাৰতৰ পিংকি শৰ্মা আৰু গিৰীশ মিশ্ৰ যুটীক ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ পিংকী কৌৰৰ এই সাফল্যৰ বাবে গুৱাহাটী টেনিছ সন্হাৰ সভাপতি কল্যাণ কুমাৰ দাসে অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতে তেওঁলৈ সন্থাৰ তৰফৰ পৰা যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷

(কল্যাণ কুমাৰ দাস)
সভাপতি
গুৱাহাটী টেনিছ সন্থা
গুৱাহাটী।

বৰপেটাৰ আলোপতি চৰত এক চাঞ্চল্যকৰ কাণ্ড !মৃত অৱস্থাত উদ্ধাৰ ৭ বছৰীয়া শিশু…

বৰপেটাৰ আলোপতি চৰত এক চাঞ্চল্যকৰ কাণ্ড, শৌচালয়ৰ টেংকিত নিৰুদ্দেশ হৈ থকা ৭ বছৰীয়া মমিনুলৰ মৃতদেহ উদ্ধাৰ । যোৱা ১৩ মাৰ্চ বুধবাৰৰ দিনা আবেলিৰ পৰা নিৰুদ্দেশ হৈ থকা আলোপতি গাঁৱৰ মানিক আলীৰ ৭ বছৰীয়া পুত্ৰৰ মৃত্যুদেহ উদ্ধাৰ শনিবাৰৰ পুৱা ঘৰৰ কাষতে আব্দুল কুদ্দুছৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় ৭ বছৰীয়া শিশুটি আৰু মৃত্যু হোৱা লৰাজনৰ নাম মমিনুল হক বুলি জানিব পৰা গৈছে ।

ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি । কোনোবাই হত্যা কৰি শৌচালয়ৰ টেংকিত সোমাই থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে । ঘটনাস্থলীত আলোপতিচৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

ভুক্তভোগী পৰিয়ালে তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । লগতে আগলৈ যাতে এনেধৰণৰ জঘন্য ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ অনুৰোধ জনাইছে আলোপতিচৰ আৰক্ষীয়ে ঘটনাৰ প্ৰথমিক তদন্তৰ অন্তত মৃত মমিলুল হকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰ উদ্দিন আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

২০২৪ৰ লোকসভা নিৰ্বাচন হ’ব দেশৰ দ্বিতীয়টো দীৰ্ঘতম নিৰ্বাচন…

২০২৪ৰ লোকসভা নিৰ্বাচন হ’ব দেশৰ দ্বিতীয়টো দীৰ্ঘতম নিৰ্বাচন৷ ১৯৫১ চনত হৈছিল দেশৰ প্ৰথমটো দীৰ্ঘতম লোকসভা নিৰ্বাচন৷ ১৯৫১ৰ ২৫ অক্টোবৰত আৰম্ভ হোৱা নিৰ্বাচন শেষ হৈছিল ১৯৫২ৰ ২১ ফেব্ৰুৱাৰীত৷ এইবাৰ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নিৰ্বাচনৰ সামৰণি পৰিব ১ জুনত৷

উল্লেখযোগ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ’ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত

হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁত। বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৭মে’ত।

প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে জন্ম দিলে এটি পুত্ৰ সন্তান…

জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত তেওঁলোকৰ পৰিয়াললৈ আহিল এটি পুত্ৰ সন্তান৷

সিদ্ধুৰ পিতৃ বলকৌৰ সিঙে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পুত্ৰৰ ফটো ৷ ফটোখনত তেওঁৰ প্ৰয়াত ডাঙৰ পুত্ৰৰ ফ্ৰেমযুক্ত ফটো এখনৰ সন্মুখত বহি থকা নৱজাতকটোক কোলাত লৈ থকা দেখা গৈছে।

সন্মুখতো কেক এটা আছিল। আনহাতে খবৰ অনুসৰি তেওঁৰ মাতৃৰ বয়স ৫৮ আৰু পিতৃৰ বয়স ৬০।

বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা…

অকল মহিলাৰ দ্বাৰা গঠিত বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা |
এশ গৰাকী দৰিদ্ৰ মহিলাক বিনামূলীয়া লৈ প্ৰদান কৰে পানী বিশুদ্ধকৰন ফিল্টাৰ |বিলাসীপাৰাৰ মহামায়া মন্দিৰ প্ৰাঙ্গণত বিতৰণ কৰে ফিল্টাৰ সমুহ |


উল্লেখ্য যে মহাৰাষ্ট্ৰৰ শ্ৰীকাৰা ৱাৰ্ল্ড ফাউণ্ডেচনৰ অৰ্থ সাহাৰ্য্যত মহিলা গ্ৰুপটোৱো বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়া ববীয়া ঋষিকেশ বৰুৱা, ইন্দ্ৰনীল ক্যাশ্যপ আৰু তৃষ্ণা সাহা |


বিতৰণী কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ঋষিকেশ বৰুৱাই কয় যে অতি সম্প্ৰতি দূষিত পানী সেৱন কৰাৰ ফলত মানুহে বিভিন্ন বেমাৰ আজাৰত ভুগিব লগীয়া হৈছে |
বিশেষ কৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বোৰে যাতে এটোপাল বিশুদ্ধ পানী পাব পাৰে তাৰেই প্ৰয়াস কৰা হৈছে |
মূলত শিক্ষা আৰু নাৰী সৱলীকৰণৰ উদ্দেশ্যে গঠন হোৱা শ্ৰীকাৰা ৱাৰ্ল্ড ফাউণ্ডেচনে আগলৈ বিলাসীপাৰাত আৰু অধিক উন্নয়ন মূলক আচঁনি ৰূপায়ণ কৰি বুলি বৰুৱাই কয়

বিলাসী পাৰাৰ পৰা জিয়াৰুল আলমৰ প্ৰতিবেদন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন৷ দিল্লীৰ সুৰা নীতিক লৈ চমন অৰিবন্দ কেজৰিৱাললৈ৷

অৰবিন্দ কেজৰিৱাল শনিবাৰে দিল্লী সুৰা নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতত হাজিৰ হৈছিল। উল্লেখ্য যে, দিল্লীৰ সুৰা নীতিৰ গোচৰত ইতিমধ্যে জেলত আছে

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়া। 

মানকাচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী…

মানকাচৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷

ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা ড্ৰাগছ ব্যৱসায়ী ৷

সৰবৰাহকাৰীৰ ঘৰত মাটিৰ তলত লুকাই থোৱা অৱস্থাত উদ্ধাৰ সামগ্ৰীখিনি৷