Home Blog Page 952

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ! DSPৰ বিৰুদ্ধে নাবলিকা নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ…

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। বনকৰা কিশোৰীক নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তেজনা।
DSPৰ বিৰুদ্ধে নাবলিকা নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ । দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ DSP কিৰণ নাথৰ বিৰুদ্ধে কিশোৰী নিৰ্যাতনৰ অভিযোগ। কিশোৰী গৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই অহাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দেৰগাঁও থানত এজাহাৰ দাখিল কৰিছে। দোষী আৰক্ষী জনক উচিত শাস্তিৰো দাবী কৰিছে পৰিয়ালৰ লোকে।ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষী বিষয়াৰ পত্নী-পুত্ৰৰ । নাবালিকাক ছোৱালী জনি সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল। যোৱা কালি সন্ধ্যা বনকৰা ছোৱালী জনীৰ ঘৰত গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি দি পুনৰ কণমানি গৰাকীক নিজৰ গাড়ীত উঠাই যৌন

আতিশয্য চলোৱাৱ চেষ্টা কৰে। কিশোৰী গৰাকীয়ে পৰবৰ্তী সময়ত ঘটনাৰ সবিশেষ পিতৃ মাতৃক লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়ত DSP কিৰণ নাথৰ পত্নীয়ে আৰক্ষীক ঘটনাটো অৱগত নকৰিবলৈ তনা আযোৰা কৰে আৰু হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

পশ্চিমবংগৰ সন্দেশখালী কাণ্ড সন্দৰ্ভত আৰু ৩জনক গ্ৰেপ্তাৰ…

Man on the chair in Handcuffs. Rear view and Closeup ,Men criminal in handcuffs arrested for crimes. With hands in back,boy prison shackle in the jail violence concept.

পশ্চিমবংগৰ সন্দেশখালী কাণ্ড সন্দৰ্ভত আৰু ৩জনক গ্ৰেপ্তাৰ৷

CBI-এ গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত শ্বাহজাহান শ্বেখৰ ভাতৃক৷

Man on the chair in Handcuffs. Rear view and Closeup ,Men criminal in handcuffs arrested for crimes. With hands in back,boy prison shackle in the jail violence concept.

সন্দেশখালীত EDৰ দলক আক্ৰমণত অভিযুক্ত আটাইকেইজন৷

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব…

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ আৰু শিলচৰ সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে সংবাদ মেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয়, গোটেই বিশ্বৰ দৃষ্টি সৰ্ববৃহৎ গণতন্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচনৰ ওপৰত থাকে। নিৰ্বাচনী পৰ্ব আমাৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁ কয়, যোৱা সময়ছোৱাত বিভিন্ন জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তসকলৰ সৈতে সাক্ষাৎ কৰিছো। আমি স্মৰণীয় আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো।

আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ…

আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ। লোকসভা নিৰ্বাচনৰ উপৰিও চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰিলে আয়োগে।

মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ লোকসভা নিৰ্বাচন।নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু

সুখবীৰ সিং ছান্ধুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখে। সেই অনুসৰি মুঠ ৭ টা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নিৰ্বাচন। ভোটগণনা অনুষ্ঠিত হ’ব ৪ জুনত।

অখিলেশ যাদৱৰ সিদ্ধান্তক লৈ চন্দ্ৰশেখৰ আজাদৰ প্ৰথম প্ৰতিক্ৰিয়া…

চন্দ্ৰশেখৰ আজাদক আঘাত কৰি সমাজবাদী পাৰ্টিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নগিনা আসনৰ পৰা মনোজ কুমাৰক এছ পি প্ৰাৰ্থী হিচাপে গঢ়ি তুলিছে। যাৰ ওপৰত চন্দ্ৰশেখৰ আজাদৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। তেওঁ অকলে প্ৰতিদ্বন্দ্বিতা কৰিলেও এই আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি স্পষ্ট ইংগিত দিছে ।

আজাদ সমাজ পাৰ্টিৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদে দীৰ্ঘদিন ধৰি নগিনা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈ আছিল। তেওঁ ইতিমধ্যে ঘোষণা কৰিছিল, এনে পৰিস্থিতিত তেওঁক ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কৰাৰ কথা চৰ্চা হৈছিল, কিন্তু শেষত অখিলেশ যাদৱে তেওঁক বিশ্বাসঘাতকতা কৰিছিল। SP এ ইয়াত নিজৰ প্ৰাৰ্থীক ফিল্ড কৰি সকলো সমীকৰণ সলনি কৰিছে।চন্দ্ৰশেখৰ আজাদে এছ পিৰ এই পদক্ষেপৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।এক্সত লিখিছে, ‘দুৰ্বল সকলে ভাগ্যৰ বাবে কান্দিছে.. যিসকলে বাঢ়িব লাগে, শিলৰ বুকু ফালিও ডাঙৰ হয়।’ তেওঁৰ বক্তব্যৰ লগে লগে চন্দ্ৰশেখৰ আজাদে নগিনাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। যদিও তেওঁ অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হয়।

চন্দশেখৰ আজাদেও ১৫ মাৰ্চত নগিনাত এখন বৃহৎ সমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি দেখুৱাবলৈ চেষ্টা কৰিছিল, য’ত তেওঁৰ সমৰ্থনত বৃহৎ সংখ্যক লোকে তেওঁৰ সভাত উপস্থিত হৈছিল, ইয়াৰ লগতে আজাদ সমাজ পাৰ্টিয়েও ইয়াত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছিল।ইছ। আজি চন্দ্ৰশেখৰ নিজেই নিৰ্বাচনী প্ৰচাৰত যাব। আজি তেওঁ সাত স্থানত ৰাজপথৰ সভা পাতি ৰাইজৰ সৈতে জনসংযোগ কৰিব।

ভীম সেনা প্ৰধান চন্দ্ৰশেখৰ দীৰ্ঘদিন ধৰি এছ পি মিত্ৰজোঁটৰ লগত আছিল। অখিলেশ যাদৱৰ সৈতে বহু অনুষ্ঠানত তেওঁক মঞ্চতো দেখা গৈছিল, তাৰ পিছত এছ পিয়ে তেওঁক ভাৰতৰ মিত্ৰতাত অন্তৰ্ভুক্ত কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছিল যদিও সেয়া নহ’ল। ইয়াৰ পিছত এতিয়া চন্দ্ৰশেখৰে কেৱল নিজৰ দলৰ প্ৰতীকতহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।

নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰৰ ডাঙৰ ঘোষণা ! ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প…

নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰৰ ডাঙৰ ঘোষণা ।

৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্রকল্প ।

নেনো ইউৰিয়া প্ৰকল্পৰ বাবে কেন্দ্ৰৰ অনুমোদন বিভাগীয় কেন্দ্রীয় মন্ত্রী মনসুখ মাণ্ডব্যৰ এই ঘোষণা

গুৱাহাটী পৌৰ নিগম এলেকাৰ ৩১ মে’ ৰ ভিতৰত পৌৰ সম্পত্তি কৰ পৰিশোধ কৰিলে ১০% বিশেষ ৰেহাই দিয়াৰ ব্যৱস্থা…

গুৱাহাটী পৌৰ নিগম এলেকাৰ যিসকল সম্পত্তি কৰ দাতাই নিয়মিতভাৱে কৰ পৰিশোধ কৰি আছে লগতে ইংৰাজী ১ এপ্ৰিল,

২০২৪ ৰ পৰা ৩১ মে’, ২০২৪ তাৰিখৰ ভিতৰত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ পৌৰ সম্পত্তি কৰ পৰিশোধ কৰে,

সেইসকল কৰদাতাসকলক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সৰ্বমুঠ সম্পত্তি কৰৰ ১০% বিশেষ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হ’ল।

তিতাবৰত সাংসদ তপন কুমাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ…

তিতাবৰত সাংসদ তপন কুমাৰ গগৈ গ’ বেক, বিজেপি চৰকাৰ হায় হাড় ধ্বনিৰে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰৰ মোহনাটিং গ্ৰাণ্টক ‘অসম আদৰ্শ গাঁও যোজনাৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ অধীনত মুঠ ১ কোটি টকা পুঁজিৰে উন্নয়ন কৰিবৰ বাবে আৱণ্টন হোৱাৰ পিছতো মোহনাটিং গ্ৰাণ্টৰ চুঙী চাহ বাগিচাত আজিলৈকে কোনো আঁচনি ৰূপায়ন নহ’ল।

সাংসদ তপন কুমাৰ গগৈয়ে চুঙী চাহ বাগিচাৰ যাতায়ত, খোৱাপানী, মাটিৰ ম্যাদীকৰণ, চাহ জনগোষ্ঠীক জনজাতিকৰণ আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকাৰ পিছতো বিগত পাঁচ বছৰে কোনো এটা সমস্যা সমাধান নকৰাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা আটছাৰ ডফলাটিং উপ-শাখাৰ সভাপতি নিতুল কুৰ্মী আৰু সম্পাদক কিৰণ ৰাওৰ নেতৃত্বত চুঙী চাহ বাগিচাৰ শ্ৰমিকসকলেৰাজপথলৈ ওলাই ‘তপন কুমাৰ গগৈ গ’ বেক’, বিজেপি চৰকাৰ গ’ বেক’,

অসম চৰকাৰ হায়- হায়, আটছা জিন্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদেৰে সাংসদ তপন কুমাৰ গগৈক ধিক্কাৰ দিয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে।

গোৱালপাৰাৰ বগুৱান আৰক্ষীয়ে আটক কৰিলে তিনি চুপাৰি চোৰক…

গোৱালপাৰাৰ বগুৱান আৰক্ষীৰ জালত তিনি চুপাৰি চোৰ।

আটক আমিৰ হামজা, ইকবাল হুছেইন, লিবু বসুমতাৰীক।

বাপুৰভিটাৰ ৰবিউল ইছলামৰ চুপাৰি গুদামৰ ভাঙিছিল তলা।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

কথমপি প্ৰাণৰক্ষা আৰছুৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ।

দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা ডাম্পাৰ লৈ পলায়ন চালকৰ। গোৱালপাৰাৰ বায়দাতৰ পৰা দুধনৈলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনা।