Home Blog Page 958

মুখ্যমন্ত্ৰীৰ দীর্ঘায়ু কামনাৰে দহহাজাৰ এগছি বন্তি প্ৰজ্বলন বিধায়ক দিগন্ত কলিতাৰ…

কমলপুৰৰ বিহদিয়াত বিকাশ যাত্ৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দীর্ঘায়ু কামনাৰে কমলপুৰত ৰাইজৰ সহযোগত দহহাজাৰ এগছি বন্তি প্ৰজ্বলন বিধায়ক দিগন্ত কলিতাৰ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বিহদিয়া ৰাস খলাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাত উপস্থিত থাকিব।


কামৰূপ জিলাৰ সমূহ বিকাশমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে আৰু বহু কেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীক আদৰৰ প্ৰস্তুতি কৰাৰ লগতে সমূহ দলীয়কৰ্মী সকলৰ উপস্থিতত কালি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই দহহাজাৰ এগছি বন্তি প্ৰজ্বলন কৰে। কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

ৰোহিতৰ দলৰ পৰা আঁতৰিল কোহলী! জয় শ্বাহৰ বিশ্বকাপৰ পৰিকল্পনাত নাই বিৰাট কোহলী…

ৰোহিতৰ দলত স্থান হেৰুৱাব নেকি কোহলীয়ে? জয় শ্বাহৰ বিশ্বকাপৰ পৰিকল্পনাত নাই বিৰাট কোহলী। কোহলীক ভাৰতীয় দলৰ পৰা বাদ দিয়া হ’ব পাৰে। ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা কোহলীক বিশ্বাস কৰিব নোৱাৰে বিচিচিআইৰ বিষয়াসকলে। দ্বিতীয় সন্তান জন্মৰ পাছত বিৰাট কোহলীৰ ক্ৰিকেট জীৱনত আমূল পৰিৱৰ্তন হ’ব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা প্ৰাক্তন অধিনায়কগৰাকীয়ে ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাব পাৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দলত ৰাখিব নিবিচাৰে।

এই খবৰ বিচিচিআইৰ সূত্ৰ অনুসৰি। কোহলীৰ ঠাইত যুৱ ক্ৰিকেটাৰক সুযোগ দিয়াৰ কথা চিন্তা কৰিছে ব’ৰ্ডৰ নেতাসকলে। ব’ৰ্ডৰ এক বৃহৎ অংশই ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ টি-২০ বিশ্বকাপৰ দলত কোহলীক নিবিচাৰে। খবৰ অনুসৰি বি চি চি আইৰ সম্পাদক জয় শ্বাহেও এই কথাত সন্মতি প্ৰকাশ কৰিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ভৱিষ্যতলৈ চাব বিচাৰিছে। এই কথা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত।


এই সন্দৰ্ভত বৰ্তমানেও কোনোৱে স্পষ্ট উত্তৰ দিয়া নাই। পৰৱৰ্তী সময়তহে জানিব পৰা যাব এই সন্দৰ্ভত সবিশেষ তথ্য।

লাহৰিঘাটৰ কাঠনিত দুই ফৈদৰ কাজিয়াত একে পৰিয়ালৰ ৬ জন লোক আহত…

লাহৰিঘাটৰ কাঠনিত দুই ফৈদৰ কাজিয়াত একে পৰিয়ালৰ ৬ জন লোক আহত

দুজনৰ অৱস্থা গুৰুতৰ হোৱাত মৰিগাঁৱলৈ স্হানান্তৰ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গাঁৱত কালি সন্ধিয়াত দুই ফৈদৰ মাজত কাজিয়াৰ সূত্রপাত হৈ মাৰপিটত একে পৰিয়ালৰ ৬ গৰাকী লোক আহত হয়। ঘটনাৰ বিৱৰণী মতে কাঠনি গাঁও পঞ্চায়তৰ ৭ নং ওয়ার্ডৰ আবুল হুছেইনৰ ঘৰৰ এটা ২২ দিনৰ গৰুৰ পোৱালিয়ে কাঠনি বীজ ফাৰ্মত শুকাবলৈ দিয়া এটা সৰু কাপোৰ গচকাত কাজিয়াৰ সূত্রপাত হয়।

অৱশ্যে দুপৰীয়া কাজিয়া শেষ হৈ গৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ আবুল হুছেইনৰ পৰিয়ালে ইফতাৰ লৈ থকাৰ সময়ত উচমান আলী মাষ্টৰ, ৰিয়াজুল, উবাইদুল, ইলিয়াছ, জাহাংগীৰ আৰু নাজিৰুলে আহি ঘৰত উঠি উদাও মুদাও মাৰপিট কৰি আবুল হুছেইন, দিলুফা বেগম, নুৰ উদ্দিন, নুৰজামাল হক, বেমাৰী নুৰুন নাহাৰ আৰু ১০ বছৰীয়া শিশু জান্নাতুল ফেৰদৌছক আক্ৰমণ কৰি আহত কৰাৰ কথা আহত হোৱা সকলে কয়।

সকলোকে লাহৰীঘাট মডেল হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰে যদিও দুজনৰ অৱস্থা গুৰুতৰ হোৱাত মৰিগাঁৱলৈ স্হানান্তৰ কৰে। এই সন্দৰ্ভত নুৰ জামাল হকে লাহৰীঘাট থানাত গোচৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্তত হয়তো গোটেই কাহিনী পোহৰলৈ আহিব।

ভূৰাগাঁৱৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

ৰঙিয়া তুলসীবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন…

ৰঙিয়াৰ তুলসীবাৰীত পথ দুৰ্ঘটনা ।মঙ্গলবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোক জন হৈছে যতীন কলিতা ।তুলসীবাৰীৰ মাহতলিৰ যতীন কলিতাৰ বয়স প্রায় ৬০ বছৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে তামুলপুৰ ফালৰ পৰা ৰঙিয়া অভিমুখে অহা বাইক আৰোহী জনে তুলসীবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে ।যাৰ ফলত লোকজন গুৰুতৰ ভাবে আহত হয়।

ৰাইজে লগে লগে চিকিৎসালয়লৈ লৈ যায় যদিও লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । উল্লেখযোগ্য যে প্ৰয়াত যতীন কলিতা তুলসীবাৰীৰ বহু সামাজিক কামকাজৰ লগত জড়িত আছিল ।

ভাৰতীয় শ্বেয়াৰ বজাৰত নিফ্টি মিডকেপ ১২৫০ পইণ্ট ! বিএছই স্মলকেপৰ ১৫০০ পইণ্ট হ্ৰাস…

ভাৰতীয় শ্বেয়াৰ বজাৰত বিশৃংখলতা। বুধবাৰৰ ব্যৱসায়িক অধিবেশনত মিডকেপ আৰু স্মলকেপৰ ষ্টক একেৰাহে হ্ৰাস পাইছে। নিফ্টি মিডকেপ সূচকাংক প্ৰায় ১২৫০ পইণ্ট বা ২.৬০ শতাংশ হ্ৰাস পাইছে।

গতিকে নিফ্টি স্মলকেপ সূচকাংক ৫০০ পইণ্ট বা ৩.৩৪ শতাংশ হ্ৰাস পাইছে। মিডকেপ আৰু স্মলকেপ ষ্টকত বুদবুদ সম্পৰ্কে ছেবি প্ৰধানৰ বক্তব্যৰ পিছৰে পৰা এই খণ্ডসমূহৰ ষ্টক হ্ৰাস পাইছে।

বজাৰত পতনৰ ছুনামীৰ বাবে বজাৰ খোলাৰ দুঘণ্টাৰ ভিতৰতে বিনিয়োগকাৰীয়ে ৮ লাখ কোটিৰো অধিক লোকচানৰ সন্মুখীন হৈছে।

বিএছইত তালিকাভুক্ত ষ্টকৰ মাৰ্কেট কেপ ৩৭৭.১৩ লাখ কোটি টকালৈ হ্ৰাস পাইছে যিটো যোৱা ব্যৱসায়িক অধিবেশনত আছিল ৩৮৫.৫৭ লাখ কোটি টকা। অৰ্থাৎ আজিৰ ব্যৱসায়ত ৮.৪৪ লাখ কোটি টকা লোকচান হৈছে।

চাপৰত অব্যাহত চোৰাং গো-সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ অভিযানত জব্দ পাঁচটাকৈ চোৰাং গৰু…

চাপৰত অব্যাহত চোৰাং গো-সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান।

চাপৰ আৰক্ষীৰ অভিযানত নিশা জব্দ পাঁচটাকৈ চোৰাং গৰু।

চাপৰৰ জালিকুৰা চম্পাৱতী নৈ’ৰ কাষত জব্দ কৰে গৰু কেইটা।

আটক কৰে এজন ব্যক্তি, ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত।

মেকড’নাল্ডছত চাফাই কাম কৰি মাহে ১৮০০ টকা উপাৰ্জন কৰিছিল স্মৃতি ইৰাণীয়ে…

অতীতৰ কথা মনত পেলাই আৱেগিক ৰাজনীতিবিদ স্মৃতি ইৰাণী। শেহতীয়াকৈ স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে যে তেওঁ মেকড’নাল্ডছৰ চাপাই কাম কৰি প্ৰতিমাহে ১৮০০ টকা উপাৰ্জন কৰিছিল, তেতিয়া তেওঁ Kyunki Saas Bhi Kabhi Bahu Thi ছবিত মুখ্য চৰিত্ৰ লাভ কৰিছিল। অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা স্মৃতি ইৰাণীয়ে Kyunki Saas Bhi Kabhi Bahu Thi ছবিখনৰ চৰিত্ৰৰে ভাৰতীয় টেলিভিছনত এক আইকনিক নাম হৈ পৰিছিল আৰু একতা কাপুৰ শ্ব’টো সৰু পৰ্দাত এটা কাল্ট হৈ পৰাৰ সময়তে শেহতীয়াকৈ স্মৃতিয়ে শ্বেয়াৰ কৰিছে যে কেনেকৈ তেওঁ শ্ব’টোত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এক কথা-বতৰাৰ সময়ত স্মৃতিয়ে কৈছিল প্ৰতিদিনে দৰমহাৰ কথাও শ্বেয়াৰ কৰিছিল আৰু সেই সময়ত তেওঁ কেনেকৈ অত্যন্ত কঠিন আৰ্থিক পৰিস্থিতিত কটাবলগীয়া হৈছিল সেই কথাও মনত পেলাইছিল।

Kyunki Saas Bhi Kabhi Bahu Thiত অভিনয়ৰ কথা মনত পেলাই ইৰাণীয়ে কয় যে একতা কাপুৰৰ অফিচত এজন জ্যোতিষীয়ে মোক দূৰৰ পৰা দেখি মোক ৰ’বলৈ ক’লে। জ্যোতিষীজনৰ নাম আছিল জনাৰ্ধন আৰু তেওঁ কৈছিল যে মই ডাঙৰ তাৰকা হ’ম। স্মৃতিয়ে আৰু কয়, ‘মোক প্ৰতিদিনে প্ৰায় ১২০০-১৩০০ টকাকৈ দৰমহা পোৱা কথা কৈছিল একতা কাপুৰৰ অফিচত। সেই সময়ত মই মেকড’নাল্ডছত চাফাইকৰ কাম কৰি আছিলো য’ত মোক মাহে ১৮০০ টকা দৰমহা পাইছিলোঁ। গতিকে দিনটোত ১২০০ টকা পোৱাটো বহুত ভাল আছিল, তেতিয়া মোৰ কোনো ভাল চাকৰি নাছিল। মাহে ১৮০০ টকা উপাৰ্জন কৰা এজন ২৩ বছৰীয়া এগৰাকী যুৱতীৰ বাবে কোনো বিকল্প নাছিল।”

Kyunki Saas Bhi Kabhi Bahu Thi ধাৰাবাহিকত অভিনয় কৰি স্মৃতি ইৰাণীয়ে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। ভাৰতীয় টেলিভিছনত এইটোৱেই আছিল আটাইতকৈ দীৰ্ঘদিনীয়া অনুষ্ঠান আৰু কিছুদিনৰ পিছত স্মৃতি ইৰাণী ৰাজনীতিবিদ হিচাপে পৰিগণিত হয়।


২৩ মাৰ্চত সোনোৱাল কছাৰী সকলৰ চতুৰ্থ বাৰ্ষিক এহমাল বংশাৱলী সভা…

অসমৰ ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী সোনোৱাল কছাৰী সকলৰ অন্যতম এহমাল বংশৰ চতুৰ্থ বাৰ্ষিক বংশাৱলী সভাখন অহা ২৩ মাৰ্চত বাটঘৰীয়া আঞ্চলিক ৰাজহুৱা ভৱন প্ৰাঙ্গণত অনুষ্ঠিত হ’ব। এদিনীয়াকৈ অনুষ্ঠিত কৰা অনুষ্ঠানৰ পুৱা ৮-৩০ বজাত ন-পুৰুষৰ নামত বন্তি প্ৰজ্বলন আৰু সেৱা প্ৰদান । পুৱা ৯ বজাত প্ৰতিনিধি পঞ্জীয়ন।

পুৱা ৯-৩০ বজাত পতাকা উত্তোলন। পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ কৰা অধিৱেশনৰ প্ৰথম বৈঠকত এহমাল বংশৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিব । দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ’বলগা অধিৱেশনৰ দ্বিতীয় বৈঠকত বিশিষ্ট ব্যক্তি সকলক বিশেষ সম্বৰ্ধনা অনুষ্ঠান।বৈঠকত উপস্থিত থাকিব সোনোৱাল কছাৰী

স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, সাধাৰণ সদস্যা দুলেশ্বৰী সোনোৱালে।বৈঠকত এহমাল বংশ আৰু বংশৰ অন্তৰ্ভুক্ত চাৰিটা সঁচৰ ওপৰত আলোচনা কৰা হ’ব।বিয়লি ৩ বজাৰ পৰা অধিৱেশনৰ তৃতীয় বৈঠক অনুষ্ঠিত কৰা হ’ব।বৈঠকত এহমাল বংশৰ পুৰণি কাৰ্য্যকৰী সমিতিখন ভঙ্গ কৰি আগন্তুক পাঁছ বছৰৰ বাবে নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰিব।

শম্ভু দাস চিলাপথাৰ

বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান…

বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান।

মঙ্গলবাৰে নিশা ৯ বাজি ৪৫ মিনিটত যোৰহাটৰ মিছন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

বিগত কেইবাদিনো ধৰি ICUত চিকিৎসাধীন হৈ আছিল গোস্বামী।

মৃত্যুৰ সময়ত অৰুণ গোস্বামীৰ বয়স আছিল ৮০ বছৰ।

মৰণোত্তৰ দেহ দান কৰি কৰি গৈছে অৰুণ গোস্বামীয়ে।

বিপদৰ বন্ধুহে প্ৰকৃত বন্ধুঃ বিপদৰ সময়ত অশ্বিনৰ কাষত ৰোহিত…

মাতৃৰ অসুস্থতাৰ কথা শুনি কান্দি উঠিছিল ভাৰতীয় ক্ৰিকেটা ৰবিচন্দ্ৰন অশ্বিন। শান্তনা দিলে অধিনায়ক ৰোহিত শৰ্মাই। অশ্বিনে নিজৰ ইউটিউব চেনেলত সেইদিনাৰ ঘটনাৰ ওপৰত আলোকপাত কৰিছে। তেওঁ ক’লে, “ৰোহিতৰ মনোভাৱ দেখি মই বাকৰুদ্ধ হৈ পৰিলোঁ।” টেষ্টৰ দ্বিতীয় দিনা ৫০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ পিছত ঘৰলৈ আহি মাকৰ অসুস্থতাৰ খবৰ পালে ৰবিচন্দ্ৰন অশ্বিনে। এই কথা শুনি অশ্বিনে চকুপানী ৰখাব নোৱাৰিলে। বিচনাত বহি সি কান্দিবলৈ ধৰিলে। কি কৰিব সি বুজিব পৰা নাছিল। তাৰ পাছত অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ঘৰলৈ আহিছিল। ৰোহিতে আহি স্পষ্টকৈ ক’লে, “তুমি এতিয়াও বহি আছে? এতিয়াই চেন্নাইলৈ যোৱা।” অশ্বিনে কেপ্তেইনৰ কথা শুনি ধন্য হৈ পৰিল।

ৰোহিতৰ মহানুভৱতা দেখি অশ্বিনে ক’লে তেওঁৰ মাজত এজন মহান নেতা দেখিছোঁ, বৰ মৰমিয়াল ৰোহিত। সেইবাবেই ভগৱানে তেওঁক ইমানখিনি দিছে, য’ত পাঁচটা আই পি এলৰ ট্ৰফীও আছে। জীৱনত আৰু আগবাঢ়ি যাওক ৰোহিত। তাৰ বাবে মই মোৰ প্ৰাণ দিব পাৰো।” তৃতীয় দিনা খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰিলে অশ্বিনে। চেন্নাইলৈ উভতি গ’ল বেমাৰী মাকক চাবলৈ। লগতে অশ্বিনে চেতেশ্বৰ পূজাৰাক চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।