Home Blog Page 959

FICCI মহিলা সংস্থাৰ নতুন সভাপতিৰ পদত নিৰ্বাচিত হ’ল জয়শ্ৰী দাস বাৰ্মা…

FICCI মহিলা সংস্থাৰ নতুন সভাপতিৰ পদত নিৰ্বাচিত হ’ল জয়শ্ৰী দাস বাৰ্মা

FICCI FLO নৰ্থ ইষ্ট চেপ্তাৰৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয় শ্বেতা জিন্দাল

আগন্তুক ২০২৪-২৫ বৰ্ষৰ বাবে দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি মহিলা নেতৃত্বাধীন আৰু মহিলাকেন্দ্ৰিক ব্যৱসায়িক চেম্বাৰ FICCI FLO লেডিজ অৰ্গেনাইজেশ্যন (এফএলঅ’)ৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে জয়শ্ৰী দাস বাৰ্মাই। কৰ্পৰেট আৰু উদ্যোগ খণ্ডত বিগত ২৫ বছৰীয়া যাত্ৰাত জয়শ্ৰী দাস ভাৰ্মাই এক বৈচিত্ৰময় পেছাদাৰীৰ ভূমিকা পালন কৰি আহিছে। উল্লেখ্য যে, তেওঁ উত্তৰ-পূব ভাৰতৰ বাবে ইজৰাইলৰ সন্মানীয় কনছুলৰ পদত অধিষ্ঠিত হোৱাৰ লগতে কাপ্ৰো মেনেজমেণ্ট ছলিউচনছ প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা, তদুপৰি তেওঁৰ প্যান-ইণ্ডিয়া উদ্যোগী এইচ আৰ কনছালটিং কোম্পানীৰ তেওঁ সহ-প্ৰমোটাৰ।


উত্তৰ-পূব ভাৰতত ইজৰাইলৰ সন্মানীয় কনছুল হিচাপে জয়শ্ৰী দাস ভাৰ্মাই ভাৰত আৰু ইজৰাইলৰ মাজত কৌশলগত সম্পৰ্ক আগুৱাই নিয়া আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ সমগ্ৰ আঠখন উত্তৰ পূব ৰাজ্যতে কৃষি, জল, তথ্য-প্ৰযুক্তি, প্ৰযুক্তি, স্বাস্থ্য, উদ্ভাৱন, পৰ্যটন আৰু বাণিজ্য আদি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তেওঁ কয়, “মই FICCI FLO ৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে নেতৃত্ব দিবলৈ সন্মানিত হৈছো। ”সামূহিক দৃষ্টিভংগী, ২০২৪-২৫ বৰ্ষৰ বাবে সহযোগিতামূলক কাৰ্য্য”- বিষয়বস্তুৰ অধীনত আমাৰ প্ৰচেষ্টা হৈছে বহনক্ষম অগ্ৰগতিৰ বাবে উৎসৰ্গিত এক শক্তিশালী, অন্তৰ্ভুক্ত সম্প্ৰদায় গঢ়ি তোলা, ব্যক্তিগত বৃদ্ধিৰ পোষকতা কৰা, আৰু প্ৰভাৱশালী পৰিৱৰ্তনক প্ৰেৰণা যোগোৱা,” ।

নতুন দিল্লীৰ FICCI হাউচত অনুষ্ঠিত এক অনুষ্ঠানত FICCI FLO উত্তৰ-পূব চেপ্তাৰৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে শ্ৰীমতী শ্বেতা জিন্দালে। শ্বেতা জিন্দল গুৱাহাটীৰ এগৰাকী আগশাৰীৰ উদ্যোগী মহিলা । ইয়াৰ উপৰিও বেচৰকাৰী সংস্থা আৰ্ট অৱ লিভিঙৰ জ্যেষ্ঠ শিক্ষক। তেখেতে এটা হেপিনেছ চেণ্টাৰ চলাই নিয়াৰ উপৰিও তেওঁ এগৰাকী পেছাদাৰী আৰ্ট কিউৰেটৰ আৰু তেওঁৰ নিজাকৈ এটা আৰ্ট গেলেৰী আছে। য’ত তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত কলাৰ হস্তশিল্প আৰু আচবাবসমূহ ৰাখে।
২০২৪-২৫ চনৰ কাৰ্যকালৰ বাবে একাধিক অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে, যিয়ে FLO ক মহিলা সবলীকৰণৰ লক্ষ্যৰ দিশত আৰু অধিক আগবাঢ়ি যোৱাত সহায় কৰিব। এই অনুষ্ঠানসমূহে বিভিন্ন খণ্ডৰ মহিলাসকলৰ বাবে নেটৱৰ্কিং, দক্ষতা বিকাশ, আৰু উদ্যোগীকৰণ বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

ছাত্ৰী সকললৈ সুখবৰ ! কলেজত অধ্যয়ন কৰা ছাত্ৰীসকলে পাব ২৫ হাজাৰ টকা…


কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ। এতিয়াৰে পৰা ২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ। অকল সেইয়াই নহয় নামভৰ্তিও সম্পূৰ্ণ বিনামূলীয়া হব ছাত্ৰী সকলৰ। এতিয়াৰে পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীৰ একাউন্টত ১০ হাজাৰ টকা, ডিগ্ৰীলৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ১২ হাজাৰ পাঁচশ টকা আৰু বিশ্ববিদ্যালয়লৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ সুমুৱাই দিব চৰকাৰে।


বৰপথাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক প্ৰচাৰ সভাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।


নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে টেঙানিবাসীৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো এখনকৈ ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাচা জয়ী হব বুলিও মন্তব্য কৰে।

মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন ‘বি’ ৰ সুপ্ৰভাৱ…

গৱেষকৰ অধ্যয়নৰ পৰা জনা যায় যে বিবিধ ফলৰ তুলনাত খেজুৰত পুষ্টিদ্ৰব্য অধিক নাথাকে। কিন্তু যিকেইবিধ পুষ্টিদ্ৰব্য থাকে, সেয়া সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। খেজুৰত অধিক পৰিমাণৰ শৰ্কৰা থাকে বাবেই খাবলৈ অধিক সুস্বাদু হয়। ইয়াৰ গুণসমূহ এনেধৰণৰ-

  • খেজুৰত অধিক পৰিমাণে আঁহযুক্ত পদাৰ্থ থাকে বাবেই কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে খেজুৰ ভক্ষণ কৰিলে পেট সম্পূৰ্ণ খোলোচা হৈ যায় আৰু পেটৰ অন্যান্য অসুখো নিৰাময় কৰে।
  • খেজুৰে কলাইটিছ, ক’ল’ন কেন্সাৰক প্ৰতিহত কৰিব পাৰে।
  • মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন বি য়ে সুপ্ৰভাৱ পেলায়।
  • খেজুৰত উপলব্ধ মেগনেছিয়ামে হৃদপিণ্ডৰ বিভিন্ন অসুখ, বহুদিনীয়া পুৰণি বাতবিষ, ডায়েৰীয়া আৰু পুষ্টিদ্ৰব্যৰ অভাৱত ঘটা ৰক্তহীনতা ৰোগত বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিয়ে।

  • খেজুৰৰ মেগনেছিয়ামে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ অথবা দেহত দেখা দিয়া উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপলৈ অৱনমিত কৰাত বিশেষ অৰিহণা যোগায়।
  • এদল গৱেষকৰ মতে, হৃদৰোগীয়ে যদি নিতৌ ১০০ মি:গ্ৰা: খেজুৰ ভক্ষণ কৰে তেনেহ’লে তেওঁ হাৰ্টষ্ট্ৰোকৰ বিপদ ৯ শতাংশ কমাব পাৰে।
  • আন এদল গৱেষকৰ অধ্যয়নত ধৰা পৰিছে যে গৰ্ভৱতী মহিলাই যদি নিতৌ খেজুৰ খোৱাৰ অভ্যাস কৰে, তেনেহ’লে তেওঁ প্ৰাকৃতিকভাৱেই সন্তান প্ৰসৱ কৰাৰ ক্ষমতা লাভ কৰে।

ৰাসায়নিক বিশ্লেষণ কৰি গৱেষকে ১০০ গ্ৰাম খেজুৰত পোৱা বিভিন্ন পুষ্টিকৰ উপাদানসমূহ এনেধৰণৰ-

আঁহযুক্ত পদাৰ্থ- ৬.৭ গ্ৰাম

মেংগানিজ- ০.৩ মি:গ্ৰা:

পটাছিয়াম- ৬৯৬ মি:গ্ৰা:

মেগনেছিয়াম- ৫৪ মি:গ্ৰা:

কপাৰ- ০.৪ মি:গ্ৰা:

ভিটামিন বি- ০.২ মি:গ্ৰা:

শৰ্কৰা- ৬৬.৫ গ্ৰা:

বহু হাজাৰ বছৰ পূৰ্বৰ পৰাই ইৰাক, আৰৱ, উত্তৰ আফ্ৰিকাৰ উপৰিও আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়া, অৰিজোনা, ফ্লৰিডাত খেজুৰৰ খেতি কৰা হৈছিল। কৃষি বিশেষজ্ঞৰ মতে, খেজুৰ পুলি ৰোপণ কৰাৰ ৪-৮ বছৰৰ পৰাহে খেজুৰৰ ফল আশা কৰা হয়। বাণিজ্যিক দিশত অৱশ্যে ৭-১০ বছৰৰ অন্তত খেজুৰৰ ফল পাৰি আনি বজাৰত উলিয়াই দিয়া হয়।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী

কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ।২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ

কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ। এতিয়াৰে পৰা ২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ।অকল সেইয়াই নহয় নামভৰ্তিও সম্পূৰ্ণ বিনামূলীয়া হব ছাত্ৰী সকলৰ।এতিয়াৰে পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীৰ একাউন্টত ১০ হাজাৰ টকা, ডিগ্ৰীলৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ১২ হাজাৰ পাঁচশ টকা আৰু বিশ্ববিদ্যালয়লৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ সুমুৱাই দিব চৰকাৰে।


আজি বৰপথাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক প্ৰচাৰ সভাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।


নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে টেঙানিবাসীৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো এখনকৈ ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাচা জয়ী হব বুলিও মন্তব্য কৰে।

মোক সকলোৱে মামা বুলিয়েই জানে- মুখ্যমন্ত্ৰী ড৹ শৰ্মা

বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰপথাৰ, ধনশিৰি, ২ এপ্ৰিল: আগন্তুক লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰচাৰ অভিযানত টঙালি বান্ধিছে ৰাজনৈতিক দল সমুহে ৷ দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ১৪ খন লোক সভা আসনৰ বাবে নিৰ্বাচন আয়োগে তিনিটা ভাগত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তাৰিখ ঘোষণা কৰা পিচৰে পৰা অসমত প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি বহুকেইটা ৰাজনৈতিক দলে ইতিমধ্য নিজা নিজা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰদান কৰিছে৷ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দল সমুহে৷

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১০ নং কাজিৰঙা লোক সভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাক জয়ী কৰাবলৈ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰাই নিৰ্বাচনী ৰণডংকা বজাই প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ শুভাৰম্ভণি কৰে। কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে আজি বিয়লি প্ৰায় দুই মান বজাত হেলিকপ্টাৰেৰে আহি বৰপথাৰত অৱতৰণ কৰাৰ পাছত এক বিশাল ৰেলীৰে বৰপথাৰ নগৰস্থিত প্ৰচাৰ সভা স্থলীলৈ আদৰি আনে মুখ্যমন্ত্ৰী গৰাকীক।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে। প্ৰায় দহ হাজাৰৰো অধিক লোকৰ সমাগম ঘটা এই প্ৰচাৰ সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই ১ লাখ ভোটত জয়লাভ কৰিব বুলি ৰাইজৰ আগত প্ৰকাশ কৰে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সৰুপথাৰ অসমৰ ভেঞ্চাৰ সমষ্টি আছিল বুলিও মন্তব্য কৰাৰ কৰি অসমৰ ভিতৰতে আটাইতকৈ পিছপৰি থকা সমষ্টিটো এতিয়া অসমৰ ভিতৰত আটাইতকৈ উন্নত সমষ্টি হ’বলৈ গৈ আছে বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীকো কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘ বছৰ ধৰি শাসন কালত থাকিও এটা সমষ্টিৰেই উন্নয়ন নকৰি পৰাজয় হোৱা ৰ’জলীনা তিৰ্কীয়ে দহটা সমষ্টিৰ কেনেকৈ উন্নয়ন সাধিব বুলি প্ৰশ্ন কৰে।

সৰুপথাৰ সমষ্টি এতিয়া বাট-পথ, চিকিৎসা, শিক্ষা আদি সকলো দিশতে এক জাকত জিলিকা হৈ পৰিছে বুলিও কোৱাৰ লগতে কয় যে এইবাৰৰ পৰা কলেজলৈ পোৱা ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে মেট্ৰিক পাছ কৰা ছাত্ৰী সকলে ১০ হাজাৰ টকা, ডিগ্ৰীলৈ উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰী সকলে ১২ হাজাৰ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰী সকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব। এইবাৰৰ পৰা ৰেচন কাৰ্ড থকা কিন্তু অৰুণোদয় আচনিৰ সুবিধা লাভ নকৰা সকলো হিতাধীকাৰীয়েই অৰুণোদয় আচনিৰ ধন লাভ কৰিব বুলিও ৰাইজক জনায়।

ইপিনে বৃহত্তৰ টেঙানিবাসীৰ দীৰ্ঘ বছৰৰ এটা সমস্যা শীঘ্ৰেই সমাধান হব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। টেঙানি বাসীৰ যোগাযোগৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰ ব্ৰীজ নিৰ্মাণ হোৱাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো ৰেলৱে অভাৰব্ৰীজ নিৰ্মাণ কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে জুলাই মাহতে অসম আৰক্ষীৰ প্ৰৱেশ পৰীক্ষা সমূহ অনুষ্ঠিত হব বুলিও মুখ্যমন্ত্ৰী জনায়।

ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক হিটলাৰৰ লগত তুলনা কৰা প্ৰসংগত মোক সকলোৱে মামা বুলিয়েই জানে আৰু কংগ্ৰেছ অসমৰ পৰা নাইকিয়া হৈ গৈছে বুলি মন্তব্য কৰে। এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে কামাখ্যা প্ৰসাদ তাচাক বিপুল ভোটত জয়লাভ কৰাবলৈ সৰুপথাৰ সমষ্টিৰ ৰাইজক মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। আজিৰ এই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিটিচিৰ মুখ্য কায্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন।

কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০ বছৰ, কাম একো নকৰিলে’ – মন্ত্ৰী পীযুষ হাজৰীকা

‘কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০ বছৰ, কাম একো নকৰিলে’
‘কংগ্ৰেছৰ দিনত অনুদানৰ ঘৰৰ বাবে দিয়া হৈছিল ৭৫ হাজাৰ টকা’
‘ঘৰৰ টকা বিধায়ক, ঠিকাদাৰে খাইছিল, মাত্ৰ ৪০ হাজাৰমান টকাৰহে কাম হৈছিল’
নাজিৰাত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক আঁঠুৱা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ
‘যদি আঁঠুৱা-কম্বল লাগে কংগ্ৰেছক ভোট দিয়ক, আৰু যদি অৰুণোদয় লাগে আমাক ভোট দিয়ক’

কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০, কাম একো নকৰিলে৷- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ নাজিৰা বিধানসভা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ দেওপানী গোঁহাইগাঁও ৰংগমঞ্চত অনুষ্ঠিত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয় যে আমি অসমখন চলালো মাত্ৰ ৭ বছৰ ১০ মাহ আৰু ভাৰতবৰ্ষখন চলালো ১০ বছৰ৷ এই কেইবছৰত কংগ্ৰেছে কি কৰিছিল আৰু আমি কি কৰিছো সেইসমূহ মই আজিৰ সভাত আপোনালোকৰ আগত দাঙি ধৰিম৷


তেওঁ কয় যে কংগ্ৰেছৰ দিনত আধা মানুহৰ ৰেচন কাৰ্ড আছিল, এতিয়া বিজেপিৰ দিনত গোটেই মানুহৰ ৰেচন কাৰ্ড আছে৷ আজিকালি ৱান নেশ্যন ৱান ৰেচন কাৰ্ড বুলি কয়৷ এইখন ৰেচন কাৰ্ডেৰে আপুনি গুৱাহাটীত গৈয়ো চাউল ল’ব পাৰিব৷ এইখন ৰেচন কাৰ্ডেৰে আপুনি দিল্লীত গৈয়ো চাউল ল’ব পাৰিব৷ মন্ত্ৰী হাজৰাকীই আৰু কয় যে এইবিলাক কংগ্ৰেছৰ দিনত নাছিল৷ কংগ্ৰেছৰ দিনত ৭ টকা, ৬ টকা, ৩ টকাত চাউল কিনিব লগা হৈছিল, এতিয়া আমি সকলোকে বিনামূলীয়া চাউল দিছো৷ অসমৰ আজি ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে৷ সকলোৱে বিনামূলীয়াকৈ গাইপতি ৫ কেজিকৈ চাউল পায়৷ কংগ্ৰেছৰ দিনত চাউল কিনি ল’ব লগা হৈছিল৷ ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা পায় মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত ব্যাখ্যা দাঙি ধৰে৷ ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান কাৰ্ড পায়, ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়, ৰেচন কাৰ্ড থাকিলে উজলা গেছৰ সংযোগ লাভ কৰে, ৩০০ টকাকৈ গেছৰ দাম কমত পায় বুলি ভাষণত প্ৰকাশ কৰে৷

আনহাতে, কংগ্ৰেছৰ দিনৰ অনুদানৰ ঘৰবিলাক এটা ৰূমৰ আছিল বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দিনত দুটা ৰূমৰ ঘৰৰ লগতে বাৰান্দাও আছে৷ কংগ্ৰেছৰ দিনত ঘৰটোৰ দাম আছিল ৭৫ হাজাৰ টকা৷ তাত মাজত দালাল আছিল৷ ঘৰৰ টকা বিধায়ক, ঠিকাদাৰে খাইছিল৷ কিন্তু আমাৰ দিনত ঘৰৰ বাবে দিয়া হয় ডেৰ লাখ টকা৷ ইয়াত কোনো দালাল নাথাকে, ঘৰৰ গৰাকীয়ে নিজে বনায় ঘৰ৷ টকা ডাইৰেক্ট বেংকৰ একাউণ্টত যায়৷ এতিয়া ডেৰ লাখ টকাৰ ডেৰ লাখ টকাৰে ঘৰ হয় বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷ আনহাতে, বহুত খেতিয়কে বছৰত ৬ হাজাৰকৈ টকা পায়, কিন্তু কংগ্ৰেছৰ দিনত কৃষকে এই ধন পোৱা নাছিল বুলি তেওঁ কয়৷ মন্ত্ৰীগৰাকীয়ে ধানৰ মূল্য সন্দৰ্ভত ৰাইজৰ আগত ভাষণ দাঙি ধৰি কয় যে আজিৰ পৰা অলপ দিন আগতে ১ কুণ্টল ধানৰ মূল্য ১২০০ টকা আছিল, এতিয়া ২২,০০ টকা হ’ল৷ এয়া কিয় হ’ল তাৰ ব্যাখ্যা দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ধানবিলাক আমি চৰকাৰে কিনি লওঁ, আমাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিনি লয়৷ চৰকাৰে নিকিনিলেও যদি বেপাৰীয়েও কিনে, বেপাৰীয়ে ধানৰ দাম এতিয়া ২৩০০ টকা দিব লাগে৷ এয়া কৰাৰ বাবে আমাৰ কৃষক ৰাইজৰ লাভ হৈছে৷ এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত প্ৰকাশ কৰে৷


মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত ৰাইজক অসমত যিমান পৰিয়ালত ৰেচন কাৰ্ড আছে অহা ডেৰ বছৰৰ ভিতৰত সকলোকে একোটা একোটাকৈ অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ বাবে কাইলৈৰ পৰা ইয়াত প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷ তদুপৰি ছোৱালীৰ শিক্ষাৰ কাৰণে নিযুত মইনা, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আদিৰ বিষয়েও ভাষণ দাঙি ধৰে৷ ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছক চোকা সমালোচনা কৰি কংগ্ৰেছক আঁঠুৱা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে৷

তেওঁ এই আঁঠুৱা-কম্বলৰ পাৰ্টি কংগ্ৰেছক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়৷ তেওঁ কয় যে আঁঠুৱা-কম্বল লাগিলে কংগ্ৰেছক ভোট দিয়ক, যদি অৰুণোদয় লাগে, মুখ্যমন্ত্ৰী উদ্যমিতা লাগে, নিযুত মইনা লাগে তেতিয়া হ’লে আমাক ভোট দিয়ক৷ সভাত মন্ত্ৰীগৰাকীয়ে ৰাইজক ইঞ্চুৰেন্সৰ সুবিধা কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ আৰু কয় যে কংগ্ৰেছে ৬০ বছৰ অসমখন চলাই মেডিকেল কলেজ বনাইছিল ৬ খন, আমি অসম চলালো ৭ বছৰ ১০ মাহ৷ আমি মেডিকেল কলেজ বনালো ১৮ খন৷ স্বাস্থ্য নাথাকিলে একো নহয়, কংগ্ৰেছে এই কাম নকৰিলে৷ এই কাম আমি কৰিলো৷ মন্ত্ৰীগৰাকীয়ে অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি বিজেপি চৰকাৰে কৰাৰ কথাও উল্লেখ কৰে৷ তেওঁ ৰাইজক বহুমূলীয়া ভোটটি বিজেপিৰ পদুম ফুল ছবিত দিবলৈ আহ্বান জনায়৷


মন্ত্ৰীগৰাকীয়ে আজি নাজিৰা বিধানসভা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ দেওপানী গোঁহাইগাঁও ৰংগমঞ্চত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে৷ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে খটখটি গাঁও পঞ্চায়তৰ বেতনি চাপৰি ৰংগমঞ্চ, বৰবৰুৱা গাঁও পঞ্চায়তৰ ৰাজাপুল ৰংগমঞ্চ, বৰফুকন গাঁও পঞ্চায়তৰ ফুকন পুখুৰী ৰংগমঞ্চ, ফুলপানী বৰুৱা গাঁও পঞ্চায়তৰ ফুলপানী বৰুৱা ৰংগমঞ্চ, ৰহদৈ পুখুৰী গাঁও পঞ্চায়তৰ ৰহদৈ পুখুৰী ৰংগমঞ্চ আৰু চুকাফা গাঁও পঞ্চায়তৰ মথুৰাপুৰ বাগান খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷ কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ…

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷

কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ…

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷

কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল শিখা শৰ্মাৰ…

নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল শিখা শৰ্মাৰ।

নগাঁও জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিলে মনোনয়ন।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল শিখা শৰ্মাৰ।

মনোনয়ন পত্ৰ দাখিল কৰি মন্তব্য শিখা শৰ্মাৰ।

প্ৰদ্যুত বৰদলৈৰ দুৰ্বল প্ৰাৰ্থী।

মই ৰাইজৰ হকে মাত মাতি জেল খাইছো।

ৰাইজে মোৰ প্ৰচাৰ চলাই আছে।