Home Blog Page 958

3 wins in 3 matches, Rajasthan Royals back in Jaipur for the ”Pink Promise”…

3 wins in 3 matches, Rajasthan Royals back in Jaipur for the #PinkPromise match
Rajasthan Royals squad was seen traveling from Mumbai to Jaipur on Tuesday evening on the back of a convincing win against Mumbai Indians in Mumbai on Monday. The match’s stand out star was Assam’s Riyan Parag who top-scored for the Royals with 54 not out off 39 balls. He was accompanied by all his teammates and support staff including Sanju Samson, Yuzvendra Chahal, etc.
The Royals are now preparing to take part in their #PinkPromise against RCB on Saturday, 6th April. The Royals are making a #PinkPromise to amplify and support women-led transformation in Rajasthan and India. The match will see the team sporting special all-pink matchday kits dedicated to the women of Rajasthan, and will also be seen making more commitments.
What is the #PinkPromise Match?


The #PinkPromise match is Rajasthan Royals’ promise to continue supporting the women of Rajasthan. Driven by its Foundation’s vision of ‘Aurat Hai Toh Bharat Hai’, the Royals are making a #PinkPromise to create replicable models of women-led transformation which can be implemented at a larger scale across the country.
The #PinkPromise match aims to amplify the team’s support to the inspirational and empowered women from rural India. The Foundation’s overarching vision of ‘Aurat Hai Toh Bharat Hai’ has inspired action from empowered women who are breaking barriers to lead positive change by facilitating access to water, solar energy, upskilling and mental health interventions. Under its flagship Project Khushaali, along with other programmes, the Foundation has successfully impacted the lives of more than 15 million women since its inception through direct and awareness driven interventions.
Why are the Royals donning all-pink matchday kits?


The color pink on the distinctive matchday kits resonates deeply with the spirit of Rajasthan which symbolizes resilience, grace, and the power of women. In Rajasthan’s cultural tapestry, pink embodies the strength and fortitude of its women, who have long been the backbone of rural communities. By donning this vibrant hue, the franchise is proudly celebrating the indomitable spirit of Rajasthan’s women, emphasizing their pivotal role in driving social change and progress.
The Royals also intend to shine a spotlight on the incredible journeys of some of the women beneficiaries and have engraved their names into the design of these special jerseys to salute their hard work in front of millions of viewers. These women have emerged as local heroes by contributing to the significant shift towards the usage of solar energy and water conservation, with each emblazoned name telling a story of courage, perseverance, and triumph over adversity.

বৰ্হমথুৰি উদ্ভিদৰ লগত কি সম্পৰ্ক বহাগ বিহুৰ…


ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমত পোৱা এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ হ’ল বৰ্হমথুৰি । এই গছ ১০ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয় । ইয়াৰ পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ । বৰ থেকেৰা পাতৰ লগত বৰ্হমথুৰিৰ পাতৰ সাদৃশ্য দেখা যায় । বহাগ মাহ অহাৰ লগে লগে বৰ্হমথুৰি জোপাৰ কথা মনলৈ আহে কিয়নো এই বৰ্হমথুৰি গছৰ থুৰি পাত বা চুপহিবোৰ আগৰ দিনত প্ৰশাধনৰ সামগ্ৰী হিছাপে মহিলা সকলে ব্যৱহাৰ কৰিছিল । বহাগ বিহুৰ সময়তো নাচনীয়ে ওঁঠৰ ৰং ৰঙা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰিছিল ।

এই গছৰ পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে । কিন্তু বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰ নাইয়ে বুলিব পাৰি । এই গছৰ ফুলবোৰো যথেষ্ট ডাঙৰ , বগা ৰংৰ সুগন্ধী থকা। এই বৰ্হমথুৰি গছৰ পাতক যে কেৱল প্ৰশাধনৰ সামগ্ৰী হিছাপে ব্যৱহাৰ হয় তেনে নহয় । এই উদ্ভিদৰ বিভিন্ন ভেষজ গুনো আছে । ইয়াৰ পাত চোবাই বা তামোলৰ লগত খালে বহুতো দাঁতৰ ৰোগৰ পৰা উপশম পাব পাৰি । বৰ্হমথুৰি পাতৰ ৰসে হজম শক্তি বঢ়াই। ইয়াৰ ৰসৰ দ্বাৰা নানা ধৰণৰ পেটৰ ৰোগ ভাল হয় । ড° লীলা গগৈৰ ‘বিহু এটি সমীক্ষা’ গ্ৰন্থটো বিহুনামত বৰ্হমথুৰিৰ কথা উল্লেক্ষ আছে-

‘লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই।

ইয়াৰ পৰা এই কথা অনুমান কৰিব পাৰি যে তাহানিনে ব্ৰহ্মপুত্ৰ পাৰৰ ক্ৰান্তীয় চিৰ সেউজ অঞ্চলবোৰত এই উদ্ভিদ পোৱা গৈছিল যদিও বৰ্তমান সময়ত এনে উদ্ভিদ প্ৰায় বিলুপ্ত প্ৰায় হৈছে । এই আপুৰুগীয়া উদ্ভিদ বিধৰ সংৰক্ষণ অতি প্ৰয়োজন । এই উদ্ভিদ জোপাৰ সংৰক্ষণ হ’ব লাগে ।

কংগ্ৰেছত সনাতনী সত্তা লাহে লাহে নোহোৱা হৈ পৰিছে ! যাৰ ফলত নেতাসকলে মোহ ভংগহৈ বিজেপিমুখী হৈ পৰিছেঃ সাংসদ দিলিপ শইকীয়াৰ মন্তব্য…


কংগ্ৰেছত সনাতনী সত্তা লাহে-লাহে নোহোৱা হৈ পৰিছে । যাৰ বাবে সনাতনী সত্তাত বিশ্বাসী কংগ্ৰেছ নেতাসকল মোহ ভংগ হৈ বিজেপি মুখী হৈ পৰিছে । শেষত গৈ কংগ্ৰেছত দুই-তিনিজন নেতা আৰু দুই -তিনিটা পৰিয়াল হে থাকিব বুলি কটাক্ষ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ । সোমবাৰে নিশা ওদালগুৰিৰ ওৰাঙত বিজেপি,অগপ আৰু ইউপিপিএলৰ যৌথ প্ৰস্তুতি সভা অনুষ্ঠিত হয় । সভাত দিলীপ শইকীয়াই কংগ্ৰেছ নেতা গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় । গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ A টিম আৰু B টিমৰ সৈতে মুল যুজখন হ’ব বুলি মন্তব্য কৰাৰ পাছতে গগৈক উভতি ধৰে দিলীপ শইকীয়াই । প্ৰথমে গৌৰৱ গগৈয়ে স্পষ্ট কৰক তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ সৈতে আছে ? কংগ্ৰেছ দলটোক ক্ৰিকেট খেলৰ ষ্টাম্পৰ সৈতে তুলনা শইকীয়াৰ । আগবেলা গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলোৱা অত্যন্ত বিশ্বাসী মানস বৰা সন্ধিয়াত বিজেপি দলত যোগদান কৰিলে । কংগ্ৰেছৰ ষ্টাম্পৰ অৱস্থায়ে নাই বুলি তীব্ৰ কটাক্ষ দিলীপ শইকীয়াৰ ।ইফালে বিজেপিক ভোট দিয়া জন জাতিদ্ৰোহী, মহাপাপী বুলি মন্তব্য কৰা বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োকো প্ৰত্তোত্বৰ দিলীপ শইকীয়াৰ । দুৰ্গা দাস বড়োক দল বাগৰা নেতা আখ্যা বিজেপি প্ৰাৰ্থী গৰাকীৰ । দুৰ্গা দাস বড়োক নিষ্পাপী হৈ থকাৰ শুভেচ্ছাও জ্ঞাপন কৰিলে দিলীপ শইকীয়াই

আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ক্ৰমাত তীব্ৰ হৈ পৰিছে প্ৰচাৰ অভিযান।দলীয় সভা সমিতিৰে ৰাজনৈতিক দল সমূহে অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা।ওৰাঙত বিজেপি ,ইউ পি এল আৰু এ জি পি মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হৈ যায়।এই সভাতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মাজবাট বিধান সভা সমষ্টি কেন্দ্ৰীক এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠণ কৰা হ’য়। ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলোৎ স্বৰ্গীয়াৰীক সভাপতি আৰু ৩৯ নং পাচঁনৈ চেৰফাং পাৰিষদীয় সমষ্টিৰ এম চি এল এ দিপক মৌৰক মুখ্য আহ্বায়ক হিচাপে লৈ নিৰ্বাচনী পৰিচালনা সমিতি খন গঠণ কৰা হ’য়। সভাত তিনিওটা দলৰে উপস্থিত শীৰ্ষ নেতৃত্বই দলীয় কৰ্মকৰ্তা সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।


এই সভাতে বিটিআৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী,এজিপি দলৰ কেন্দ্ৰীয় আৰু জিলা কৰ্মকৰ্তা , দৰং ওদালগুৰি লোক সভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া,ইউপিপিএল দলৰ জিলা সভাপতি ৰবিন্দ্ৰ বসুমতাৰী,বিজেপিৰ জিলা সভাপতি সূনিল বসুমতাৰী,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীবন ডেকা আদিৰ লগতে মিত্ৰজোটৰ তিনিওটা দলৰে বহু কৰ্মী উপস্থিত থাকে। আনহাতে সভাত অংগ্ৰহন কৰি সাংসদ দিলিপ শইকীয়াৰ বক্তব্য এইদৰে – লুইছ বাৰ্জাৰ কাপোৰ ক্ৰয়ৰ পৰিৱৰ্তে সাধাৰণ কাপোৰ চিলাই লোৱাৰ পৰামৰ্শ সাংসদ দিলীপ শইকীয়াৰ । মুল্য বৃদ্ধিৰ পৰা সকাহ পাবলৈ ওৰাঙত এই মন্তব্য নেতা গৰাকীৰ । পুনৰ ৮০০ বিধ জীৱন দাইনি ঔষধৰ মূল্য বৃদ্ধিক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত উপায় দিলে দিলীপ শইকীয়াই । ব্ৰেণ্ডেড কাপোৰ ক্ৰয় কৰিলে দাম বৃদ্ধিৰ অনুভৱ হ’বই । তাৰ পৰিৱৰ্তে সাধাৰণ কাপোৰ চিলাই ললে দাম কম পৰিব । আনহাতে পেটৰ ভোক মচিবলৈ চিংৰা খালেই মচিব ৷পিজ্জা খালে GST দিব লাগিব বুলিও পোনৰ দোহাৰিলে সাংসদ গৰাকীয়ে । ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মেডিকেল কলেজ হস্পিতাললৈ বিনামূলীয়াকৈ ঔষধ দিয়াৰ ব্যৱস্থা আছে ৷জেনেৰিক ঔষধটো ফাৰ্মাচীত ৫০%লৈ সকাহ দিয়াৰ ব্যৱস্থা আছে তাৰ পৰা সকাহ পাব গ্ৰাহকে বুলি পৰামৰ্শ দিলীপ শইকীয়াৰ ।

উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ ‘কীর্তি সুবাস’…

‘কীর্তি সুবাস’ হ’ল সমাজ সংগঠক , সাংবাদিক তথা প্রবন্ধকাৰ উমেশ খণ্ডেলিয়াদেৱে সম্পাদনা কৰা এখন প্রবন্ধ সংকলন। ‘কীর্তি সুবাস’খন উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ । এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল- পূৰ্বোত্তৰ মাৰৱাড়ী মণ্ডলীয় সমিতি (মণ্ডল ‘গ’) আৰু প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা। গ্রন্থখনত মুঠ ২৫৭ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৪০০ টকা। গ্রন্থখনৰ প্রথম প্রকাশ ফেব্ৰুৱাৰী, ২০২৪ চন আৰু মুদ্ৰণ ব্যৱস্থাপনাত আছে ডঁৰিয়লি, লখিমপুৰ। গ্ৰন্থখনত শুভেচ্ছা বাণী আগবঢ়াইছে ড° সূৰ্য্যকান্ত হাজৰিকা, সভাপতি, অসম সাহিত্য সভা ; মোহন সোনোৱাল , সভাপতি, সোনোৱাল কছাৰী সাহিত্য সভা; ড° অমিয়া ৰাজবংশী সভাপতি, প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা আৰু ড° বন্তি গগৈ হাওবৰা , প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা।

গ্রন্থখনৰ ‘আগকথা(সুন্দৰৰ আৰাধনা জীৱনৰ খেলা)’ত ড° মুকুন্দ ৰাজবংশীয়ে এইদৰে উল্লেখ কৰিছে –“… ইংৰাজসকলে ১৮১৮ চনত অসমক নিজৰ অধীনলৈ অনাৰ পাছৰে পৰা সুদূৰ ৰাজপুতনাৰ (বৰ্তমানৰ ৰাজস্থান) পৰা অসমলৈ তথা উত্তৰ-পূব ভাৰতলৈ প্রায় ৬ লাখৰো অধিক লোকৰ প্ৰব্ৰজন ঘটিল। তেওঁলোকে অসমখনক দ্বিতীয় ঘৰ হিচাপে গ্রহণ কৰি সোণত সুৱগা চৰোৱাৰ দৰে অসমৰ ভাষা-সংস্কৃতিক নিজৰ হিচাপে লৈ জাগ্ৰত প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই আছে।… শ্রী উমেশ খণ্ডেলিয়াৰ পৰশত সম্পাদিত গ্রন্থ ‘কীর্তি সুবাস’ অসমৰ এক আপুৰুগীয়া গ্রন্থ হৈ বৃহত্তৰ অসমীয়া সমাজক চহকী কৰিব বুলি আশা কৰিলোঁ। বিখ্যাত মনীষী ভলটেয়ৰে কৈছিল- ‘গ্রন্থই বিশ্বখনক নিয়ন্ত্রণ কৰে।’ সেইদৰে এই গ্রন্থ- ‘কীর্তি সুবাস’-এ বৃহত্তৰ অসমীয়া আৰু মাৰৱাড়ী সমাজৰ মধুৰ মিলনৰ স্বাক্ষৰৰ ইতিহাস চিৰসেউজীয়া কৰি ৰাখিব।”

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী সন্মিলন, মণ্ডলীয় সমিতি (মণ্ডল ‘গ’)ৰ সম্পাদক, ৰাজকুমাৰ সৰাফ আৰু সভাপতি, ছত্তৰ সিং গিৰিয়াদেৱে ‘প্রকাশকৰ একাষাৰ’ত এইদৰে উল্লেখ কৰিছে- “…১৯৩৫ চনত অসমৰ ডিব্ৰুগড়ত জন্মলাভ কবি সমগ্ৰ ভাৰতবৰ্ষত বিস্তাৰিত হোৱা মাৰৱাড়ী সম্মিলন মাৰবাড়ীসকলৰ এক অৰাজনৈতিক জনকল্যাণমূলক সামাজিক সংগঠন। জন্মলগ্নৰ পৰাই মাৰৱাড়ী সমাজক সংস্কাৰিত আৰু সংগঠিত কৰাৰ উপৰি স্থানীয় সমাজ-সংস্কৃতি, ভাষা- সাহিত্য, উদ্যোগ-বাণিজ্য আদিৰ উন্নতিৰ বাবে আত্মনিয়োগ কৰি আহিছে। এই সংগঠনৰ পৰিচয় উত্তৰ-পূব ভাৰতত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰৱাড়ী সম্মিলন হিচাপে জনা যায়। অলপতে আমি জৰীপ কৰি লোৱা তথ্যৰ মতে, অসমৰ শতাধিক মাৰৱাড়ী সাহিত্যিকৰ দ্বাৰা ৰচিত পাঁচশৰো অধিক গ্রন্থ ইতিমধ্যে প্রকাশ আৰু বিতৰণ হৈছে। অসমৰ মাৰৱাড়ী সমাজৰ সম্পর্কে অসমীয়া পাঠক সমাজক আৰু অধিক অৱগত কৰাৰ মানসেৰে মাৰৱাড়ী সম্মিলনে ইতিমধ্যে কেইবাখনো গ্রন্থ প্রকাশ কৰিছে। ”

‘সম্পাদকীয় অনুভৱ’ত উমেশ খণ্ডেলিয়াদেৱে এইদৰে উল্লেখ কৰিছে- “…সহজ-সৰল, কষ্টসহিষ্ণু, ব্যৱসায়পটু, দানী প্রবৃত্তিৰ, সমন্বয়ভাবী আদি সৰ্বসাধাৰণে মাৰৱাড়ীসকলক দিয়া বিশেষণমূলক সম্বোধন। এই বিশেষণসমূহৰ আধাৰ নিশ্চয় নথকা নহয়। অনুসন্ধানমূলক প্রবৃত্তি থকাৰ বাবে মোৰ মনত ইয়াৰ ভিত্তি জনাৰ আগ্রহ কিশোৰ কালৰ পৰাই আছিল। ২০০১ চনত ধেমাজিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পাছৰ পৰা এই মনোভাৱটো আৰু অধিক সবল হৈ পৰিল। চেষ্টা আৰম্ভ হ’ল।” এই গ্রন্থখনত থকা প্রবন্ধবোৰ হ’ল –স্মিতা খাটুৱালাৰ ‘ড° শ্যামসুন্দৰ হাৰলালকা: এক বিৰল ব্যক্তিত্ব’,যোগেশ কাকতিৰ ‘প্রয়াত দুর্গাদত্ত কয়াল (আগৰৱালা)’,ৰাজেশ ৰাঠীৰ ‘লখিমপুৰৰ মাৰৱাড়ী সমাজৰ প্ৰথম স্নাতক: মদনলাল মালপানী’,অৰুণজ্যোতি বৰাৰ ‘বিশিষ্ট হিন্দী সাহিত্যিক, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটাপ্ৰাপক ড° সাঁৱৰমল সাংগানেৰীয়াৰ জীৱন আৰু কৃতিত্ব’,দীপালী চেতিয়া বৰগোহাঁইৰ ‘শদিয়াবাসীৰ বটবৃক্ষ ভগৱতী প্রসাদ শৰ্মা’,যোগেশ কাকতিৰ ‘’বৃক্ষবন্ধু’ ৰাধেশ্যাম গোৱেংকা’,নিবেদিতা বড়া সন্দিকৈৰ ‘ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক, কৃতি শিক্ষয়িত্ৰী বিনীতা চৌধুৰী গাৰোডিয়া’,উমেশ খণ্ডেলীয়াৰ ‘কপুৰ চান্দ জৈন: এক বিৰল ব্যক্তিত্ব’,বজৰঙ্গ খেমকাৰ ‘ডাঃ জ্ঞানচন্দ্র জৈন: এজন সাধাৰণ লোকৰ অসাধাৰণ কথা’,ৰাজেশ ৰাঠীৰ ‘’অগ্রৰত্ন’ ওমপ্রকাশ দিনোদিয়া’,বিজয় বৰিৰ ‘সামাজিক দায়বদ্ধতাৰে উদ্বুদ্ধ শিক্ষাবিদ জন্মেজয় আগৰৱালা’,প্রসেনজিৎ গোস্বামীৰ ‘দেৱীপ্রসাদ বাগড়োদিয়া’,লক্ষেশ্বৰ দত্তৰ ‘আৰ্তজনৰ বন্ধু, সমাজসেৱক ৰাজেন্দ্ৰ কুমাৰ আগৰৱালা’,বজৰঙ্গ খেমকাৰ ‘নলবাৰীৰ সমাজহিতৈষী ঈশ্বৰ দাস বাজাজ’,টঙ্গী দেৱীৰ ‘শান্তা আগৰৱালা’,ঔংকাৰ পাৰিকৰ ‘স্বর্গীয় নন্দলাল গাৰোডিয়া’,

যোগেশ কাকতিৰ ‘প্রয়াত দুর্গাদত্ত লোহিয়া’,অনুপম শইকীয়াৰ ‘ওংকাৰমল আগৰৱালা’,গোপাল মহেশ্বৰীৰ ‘প্রয়াত হনুমান প্রসাদ আগৰৱালা’,বীৰেন আগৰৱালাৰ ‘বিৰল ব্যক্তিত্বৰ অধিকাৰী শিউনন্দন ৰায় আগৰৱালা’,ডাঃ অজিত বৰুৱাৰ ‘বিনম্রতাৰ প্ৰতীক, সমাজহিতৈষী মদনলাল খেতান’,শ্যামসুন্দৰ ভীৱচৰিয়াৰ ‘স্বর্গীয় কাশীপ্রসাদ বিহানী’,ড° হৰিপ্ৰসাদ গোৱেংকাৰ ‘কলাকাৰ শংকৰলাল গোৱেংকা’,বজৰঙ্গ খেমকাৰ ‘বহুমুখী প্রতিভাশালী প্রেমলতা খণ্ডেলৱাল’,ড° বাবুলাল মোৰৰ ‘জ্ঞানপিপাসু দেৱীপ্রসাদ’, শ্যামসুন্দৰ ভীৱচৰিয়াৰ ‘ৰায়চাহেব বালাবক্স হংসাৰিয়া’,অণিমা দেৱী বৰঠাকুৰৰ ‘সমাজহিতৈষী প্রদীপ খাদৰিয়া’, পবন চান্দকৰ ‘কর্মযোগী প্রয়াত শংকৰলাল চান্দক’,যোগেশ কাকতিৰ ‘টংলাৰ ‘হীৰা’- হীৰালাল পাটোৱাৰী’,শিৱৰতন ৰাঠীৰ ‘স্বর্গীয় পৰমেশ্বৰলাল মহেশ্বৰী’,বগেন গগৈৰ ‘ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্য আৰু হৰিবিলাস আগৰৱালা’,অৰুণজ্যোতি বৰাৰ ‘’কর্মযোগী’ ৰাজেশ মালপানী’,ড° বাবুলাল মোৰৰ ‘নামেই যাৰ পৰিচয়: বীৰৰো বীৰ মহাবীৰ প্ৰসাদ’,বিজয় বৰিৰ ‘প্রকৃতি সংৰক্ষণত বিৰল ব্যক্তিত্বৰ অধিকাৰী: তোষেশ্বৰ মিৰি আগৰৱালা’,শ্যামসুন্দৰ ভিৱচৰিয়াৰ ‘কেদাৰমল ব্রাহ্মণ’,যোগেশ কাকতিৰ ‘বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ওমপ্রকাশ টোডী’ আৰু শিল্পা বাগৰীয়া সুৰেকাৰ ‘ৰামলাল বাগৰীয়া আৰু বাগৰীয়া পৰিয়াল।’

এইগ্রন্থখনতে উল্লেখ আছে – এজন ডাক্তৰে জ্ঞানচন্দ্ৰ জৈন নামৰ সৰু ল’ৰা এটাক কৈছিল- ‘তুমি জীৱনত কোনোদিনে ডাক্তৰ হ’ব নোৱাৰা। যদি কিবাকৈ ডাক্তৰ হৈও যোৱা, ‘ছার্জন’ কেতিয়াও হ’ব নোৱাৰিবা।’ সেই সৰু ল’ৰাটোক এই কথাখিনিয়ে ভৱিষ্যতৰ বাবে এটা যাত্রাপথ দিলে। সেই ডাক্তৰজনৰ এনে কথা শুনি তেওঁ নিজৰ শৈশৱ কালতে পণ ল’লে- ‘জীৱনত যদি কিবা হ’ম, একমাত্র ডাক্তৰ হ’ম, তাকো ‘ছার্জন’।’ জ্ঞানচন্দ্র জৈনে পৰৱৰ্তী সময়ত নিজৰ লক্ষ্যত উপনীত হয় আৰু ডাঃ জ্ঞানচন্দ্র জৈন ওৰফে জি, চি, জৈন নামেৰে খ্যাত হয়।

আমাৰ দেশ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত থকাৰ সময়তে সুদূৰ ৰাজস্থানৰ পৰা মাৰৱাড়ী মূলৰ এটা পৰিয়াল ব্যৱসায়সূত্রে উজনি অসমৰ অজান্তিমুলুক হিচাপে পৰিচিত জোনাই-মুর্কংচেলেক অঞ্চলত থিতাপি লৈছিল। অসমীয়া জাতিৰ সৈতে বিশেষকৈ মিচিংসকলৰ সমাজ-জীৱনত এই পৰিয়ালটোৱে ইমানেই সম্পৃক্ত হৈ পৰিছিল যে পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়ালটোৱে নিজা উপাধিটোৰ লগত ‘মিৰি’ বুলি লিখিবলৈ ল’লে আৰু ৰাইজেও তেওঁলোকক মিৰি পৰিয়াল বুলিয়েই চিনি পায়। সেই বিষয়েও গ্রন্থখনৰ পাতত উল্লেখ আছে।

অসমৰ ঔদ্যোগিক, বাণিজ্যিক আৰু সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত মাৰৱাড়ীসকলৰ অৱদান আজিৰ পৰা প্রায় দুশ বছৰৰ আগতেই আৰম্ভ হৈছিল। অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত বিশেষ ধৰণৰ ভূমিকা গ্রহণ নকৰি কেৱল বাণিজ্যিক আৰু ঔদ্যোগিক বিকাশৰ লগতে সাহিত্যৰ দিশটোত মনোনিৱেশ কৰা এই মাৰৱাড়ী সমাজৰ নিৰৱচ্ছিন্ন অৱদান তথা চৰ্চাৰ ধাৰাবাহিকতা আজিও অক্ষুণ্ণ আছে। বাণিজ্যিক দিশটোক কেন্দ্ৰ কৰি সুদূৰ ৰাজস্থানৰ পৰা কেৱল অসমেই নহয়, সমগ্র দেশৰ বিভিন্ন প্রান্তলৈ সিঁচৰতি হৈ পৰা এই মাৰৱাড়ী সমাজে অসমৰ সাহিত্য- সংস্কৃতিলৈ আগবঢ়োৱা অৱদান অতুলনীয়। ‘কীর্তি সুবাস’ গ্রন্থখন পঢ়ি ভাল লাগিল । এই গ্রন্থখনে মাৰৱাড়ী তথা বৃহত্তৰ অসমীয়া সমাজক উপকৃত কৰাৰ লগতে অসমীয়া ভাষা আৰু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াব। এনেকুৱা এখন গ্রন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়া বাবে উমেশ খণ্ডেলিয়াদেৱক ধন্যবাদ জনাইছোঁ ।

ড° বুলজিৎ বুঢ়াগোহাঁই

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত টংলাৰ নিশিতা ডেকাৰ চূড়ান্ত বিজয়ীৰ খিতাপ…

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত টংলাৰ নিশিতা ডেকাৰ চূড়ান্ত বিজয়ীৰ খিতাপ

ওদালগুৰি জিলাৰ টংলাৰ জীয়ৰী নিশিতা ডেকাই যোৱা ৩০; মাৰ্চত গুৱাহাটীৰ আমবাৰীৰ লক্ষ্মীৰাম বৰুৱা সদনৰ অডিটৰিয়ামত অনুষ্ঠিত নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে।

গুৱাহাটীৰ পি এন চি অকাডেমিত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত কৃতী ছাত্ৰী নিশিতা ডেকাৰ পিতৃ টংলা চিত্ৰনগৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা ক্ৰীড়াপ্ৰেমী ৷বিপুল ডেকা আৰু মাতৃ দিপ্তী শইকীয়া ডেকা।

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ত যোগদান কৰি কৃতিত্ব অৰ্জন কৰা বাবে নিশিতা ডেকাক পিতৃ -মাতৃৰ লগতে আত্মীয় স্বজন,, ব্যক্তি বিশেষে আৰু টংলাৰ বিভিন্ন অনুষ্ঠানে আন্তৰিক উষ্ম অভিনন্দন জনাইছে।

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ…

ৱায়ানাদ লোকসভাৰ আসনৰ পৰা মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। মনোনয়ন দাখিল কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ পাৰ্টিয়ে সংবিধান

আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে যুঁজি থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ অমিত শ্বাহ আৰু আৰএছএছৰ লগতে ইয়াৰ নেতাসকলে গণতন্ত্ৰৰ অন্ত পেলাবলৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।

আজিৰ পূৰ্বে কেৰালাৰ ৱায়ানাডত অনুষ্ঠিত হোৱা ৰোডশ্ব’ৰ অনুষ্ঠানত প্ৰিয়ংকা গান্ধী ভাদ্ৰাও উপস্থিত থাকে।

টুপামাৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ সহ ৪ জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

টুপামাৰী আৰক্ষীৰ বৃহৎ সফলতা, নিশা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ সহ ৪ জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলা অভিযানত ৭১ টাকৈ নিচাজাতীয় দ্ৰব্য কফ চিৰাপৰ বটল জব্দ কৰাৰ লগতে দুখনকৈ বাইক আৰু ৫ টাকৈ মোবাইল ফোনো জব্দ কৰে।

আৰক্ষীৰ জালত পৰে ক্ৰমে…টুপামাৰী গাঁৱৰ নুৰ আলম, ৰবিউল হুছেইন, ৰঙ্গেশ্বৰী পাম গাঁৱৰ সুৰুজ জামাল আৰু ৰঙ্গেশ্বৰী গাঁৱৰ নজৰুল ইছলাম ধৃত নিচাজাতীয় কফ চিৰাপ সৰবৰাহকাৰী কেইজনে দীৰ্ঘদিনৰে পৰা টুপামাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমুহত নিৰ্বিঘ্নে চলাই গৈছিল নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা ।

টুপামাৰী আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে লগতে টুপামাৰী অঞ্চলটোক ড্ৰাগছ মুক্ত কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নেতৃত্বত প্ৰচাৰ কাৰ্যসূচী…

ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নেতৃত্বত ব্যাপকভাৱে চলি আছে প্ৰচাৰ কাৰ্যসূচী। আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাকুমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক লোকৰ উপস্থিতিত এখন প্ৰচাৰ সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

এই সভাখনত পাঁচশতকৈও অধিক লোকে আম আদমি পাৰ্টীত যোগদান কৰে। এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত ঢৌ বৈছে আম আদমি পাৰ্টীৰ।

ঝাড়ুৰে বিজেপিক এফালৰ পৰা চাফা কৰিবলৈ আমি ওলাই আহিছোঁ। অসমীয়াৰ আৱেগক লৈ কুটিল ৰাজনীতি কৰে বিজেপিয়ে,ৰাইজ সাৱধান।ক’লা-বগা,হিন্দু-মুছলমানৰ ৰাজনীতিৰ মেৰপাকত নপৰিব তিনিচুকীয়াত AAPৰ জনসভাত হুংকাৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

গোসাইগাঁৱৰ ‘কানেক্সন পয়েন্ট একাডেমী’ৰ অনন্য নজিৰ ! ৪৩ গৰাকী যুৱক -যুৱতীয়ে লাভ কৰিলে Five star hotelত কৰ্ম সংস্থাপন…

গোসাইগাঁৱৰ ‘কানেক্সন পয়েন্ট একাডেমী’ৰ অনন্য নজিৰঃ
৪৩ গৰাকী যুৱক -যুৱতীয়ে লাভ কৰিলে Five star hotelত কৰ্ম সংস্থাপনঃ

যি সময়ত কৰ্মসংস্থাপনৰ অভাৱত নিবনুৱা যুৱক যুৱতী সকলে চৰম উৎকন্ঠা আৰু উদ্বিগ্নতাৰ মাজত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। ঠিক তেনে সময়ত অলপতে শ্রীৰামপুৰত স্হাপন হোৱা কানেক্সন পয়েন্ট একাডেমী নামৰ বেচৰকাৰী সংস্থাটোৱে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৪৩ গৰাকী কৈ যুৱক-যুৱতীয়ে এইটো প্ৰতিষ্ঠানত ছমাহৰ প্ৰশিক্ষণৰ জৰিয়তে নিজকে দক্ষতাসম্পন্ন গঢ়ি তুলিবলৈ সক্ষম হয়।

প্ৰশিক্ষিত সেই সকল যুৱক যুৱতীয়ে যোগ্যতাৰ ভিত্তিত দেশৰ বিভিন্ন অঞ্চলৰ পঞ্চ তাৰকা যুক্ত হোটেলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কেইবা মাহ আগতে প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালিকা তথা প্ৰাক্তন বিমান সেৱিকা মুনমুন সিংহ চৌধুৰী এই প্ৰতিষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে শ্ৰীৰামপুৰ সমষ্টিৰ এম চিএলএ সজল কুমাৰ সিংহক ল’গ ধৰি বিস্তাৰিত অৱগত কৰে। সজল সিংহই অতিকৈ পিছপৰা সীমান্ত অঞ্চলৰ নিবনুৱা যুৱক- যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকুলি হোৱাৰ বিষয়ে জানিব পাৰি যথেষ্ট আগ্ৰহ দেখুৱাই শ্ৰীৰামপুৰত এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয় স্থাপনৰ সক্রিয় পদক্ষেপ গ্ৰহণ কৰে।

সজল সিংহৰ হস্তক্ষেপত গঢ়ি উঠা কানেক্সন পয়েন্ট একাডেমীত অঞ্চলৰ যুৱক- যুৱতীক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দি পাৰদৰ্শী কৰি কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন অঞ্চলৰ পঞ্চ তাৰকা যুক্ত হোটেলত ৰিচিপশ্যনিষ্ট হিচাপে নিযুক্তি লাভ কৰা সকলক আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠানটোৰ পৰা বিদায় জনাই তেওঁলোকৰ অভিভাৱকৰ উপস্থিতিত সজল ফাউণ্ডেছনৰ মুখ্য পৰিচালন সঞ্চালক সজল কুমাৰ সিংহই নিযুক্তি পত্ৰ সমূহ যুৱক যুৱতীৰ হাতত তুলি দি তেওঁলোকৰ ভৱিষ্যত মংগল কামনা কৰে ।

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাৰ ধেমধেমাত উদ্ধাৰ মাৰনাস্ত্ৰ…

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাৰ ধেমধেমাত উদ্ধাৰ মাৰনাস্ত্ৰ |

আৰক্ষীৰ অভিযানত ৫ জাঁই কৈ সজীৱ গুলি সহ জব্দ 7.65 এম এম পিষ্টল |

নিশা আৰক্ষীৰ অভিযানত পিষ্টল সহ আটক এজন যুৱক

আটকাধীন যুৱক জন হাফিজুদ্দিন সেখ বুলি জানিব পৰা গৈছে |

যুৱকজনৰ কৱলৰ পৰা আৰক্ষীয়ে জব্দ কৰে AS16 D – 9138 নম্বৰ হুণ্ডাই ছেন্ট্ৰ’ বাহন |

যুৱক জনৰ ঘৰ ফকিৰাগ্ৰামত |

আটকাধীন যুৱক জন কোনো সন্ত্ৰাসবাদী নে ডকাইতি কাণ্ডৰ সৈতে জড়িত সেয়া পোহৰলৈ অহা নাই |

আৰক্ষীৰ তদন্ত অব্যাহত |