Home Blog Page 964

কোকৰাঝাৰ লোকসভা সমষ্টিত বি,পি,এফ দলে কাক টিকট প্ৰদান কৰিব ! প্ৰমীলা – খাম্ফ -পৃথ্বী ৰাজক দলৰ মাজত চৰ্চা…

কোকৰাঝাৰ লোকসভা সমষ্টিত বি,পি,এফ দলে কাক টিকট প্ৰদান কৰিব প্ৰমীলা – খাম্ফ -পৃথ্বী ৰাজক দলৰ মাজত চৰ্চা সমাগত লোকসভা নিৰ্বাচন ২০২৪ দিন কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে দিন অদ্যাপী ঘোষণা কৰা নাই।
তথাপি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপি ,কংগ্ৰেছ,আপ, আদিৰ লগতে ৰাজ্য সমূহৰ আঞ্চলিক দল সমূহেও নিজা নিজা দলৰ প্ৰাৰ্থীত্বৰ টিকট প্ৰদান কৰাকলৈ ব্যপক ভাবে তৎপৰ হৈ পৰিছে দলৰ হাইকামাণ্ড তথা দলীয় নেতা কর্মীৰ মাজত ।ঠিক অনুৰূপ ধৰণেৰে অসমত বিজেপি দলে নিজাববীয়াকৈ মুঠ ১৪খনকৈ আসনত ভিতৰত ১১খনকৈ আসনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ নাম ইতিমধ্যেই ঘোষণা কৰিছে।যদিও বাকী ৩খনকৈ আসন অগপ আৰু ইউ পিপি এল দলক এৰি দিছে। বাকী কংগ্ৰেছ, আপ ,বিপিএফ এ আই ইউ ডি এফ , আদি কৰি অন্যান্য ৰাজনৈতিক দল সমূহেও অহা সপ্তাহ অৰ্থাৎ ২০ মাৰ্চৰ ভিতৰত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰণিধানযোগ্য যে বিটিআৰৰ কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোক সভা সমষ্টিৰ বিপিএফ দলৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলে

আগন্তুক নিৰ্বাচনৰ বাবে তিনিজন প্ৰাৰ্থী ক্ৰমে প্ৰমিলা ৰাণী ব্ৰহ্ম, খাম্ফা বৰগয়াৰী, পৃথ্বিৰাজ দেৱ নাৰায়ণ মেচৰ নাম ইতিমধ্যে পেনেলত ৰাখিছে যদিও উক্ত লোকসভা সমষ্টিটোৰ অধীনৰ বিধানসভা সমষ্টি ক্ৰমে গোসাঁইগাও ,কোকৰাঝাৰ পূৱ,(জনজাতী সংৰক্ষিত) কোকৰাঝাৰ পশ্চিম (জনজাতি সংৰক্ষিত) ছিদলী (জনজাতি সংৰক্ষিত ) বিজনী,তামুলপুৰ ,বৰমা (জনজাতি সংৰক্ষিত) চাপাগুৰি (জনজাতি সংৰক্ষিত) আৰু নৱ গঠিত ২১ নং মানস বিধান সভা সমষ্টিত সম্প্ৰতি বি পি এফ দলৰ পৰা কোনে টিকট লাভ কৰিব তাক লৈ দলটোৰ মাজত মুকলিকৈ চৰ্চা আৰম্ভ হৈছে বুলি এক দলীয় সূত্ৰে জানিব পৰা গৈছে । উল্লেখযোগ্য যে প্ৰমীলা ৰাণী ব্ৰহ্ম য়ে বিগত লোকসভা নিৰ্বাচনত তথা বিধান সভা নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী আৰু বিটিচিৰ প্ৰাক্তন উপপ্ৰধান খাম্ফা বৰগয়াৰীয়ে বিগত পৰিষদীয় নিৰ্বাচনত চিৰাংদুৱাৰ সমষ্টিৰ পৰা পৰাভূত হৈছিল ইউ পিপি এল দলৰ হাতত ।গতিকে প্ৰমীলা অথবা খাম্ফাক দলে

টিকট প্ৰদান কৰে তেন্তে বিপিএফৰ দলৰ শক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা প্ৰকট কিয়নো দুয়োজনেও পূবতে নিৰ্বাচনত পৰাভূত হোৱা প্ৰাৰ্থী আছিল। আনহাতে বিপিএফৰ অন্য এগৰাকী প্ৰাৰ্থীত্ব প্ৰয়াসী বিটিআৰবাসীৰ জনপ্ৰিয় ,উদীয়মান যুৱক তথা ভাৰত চৰকাৰ বনাম এন ডি এফ বিৰ মাজৰ তৃতীয় বড়ো শান্তি চুক্তিকাৰীৰ মধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ। পৃথিৰাজে বিগত সময়ৰ পৰা বৰ্তমানৰ লৈকে বিপিএফ দলৰ লগতে বিটিআৰৰ বাসী জনগণৰহকে ভিন্ন সামাজিক কৰ্মৰাজিৰৰে অতি কম দিনৰ ভিতৰতে চকুৰ মণি হৈ পৰিছিল। সেই বাবেই কোকৰাঝাৰ লোক সভা (জনজাতি সংৰক্ষিত) সমষ্টিৰ অধীনস্থ মুঠ দহটাকৈ বিধান সভা সমষ্টিৰ ভিতৰতে কোকৰাঝাৰ পূৱ, কোকৰাঝাৰ পশ্চিম,ছিদলী, বিজনী আদিকে কৰি আঠটাকৈ সমষ্টিতে দলীয় কৰ্মীৰ মাজত পৃথিৰাজৰ নামটো বহুত ভাৱে চৰ্চিত হৈছে মুকলিকৈ।অন্য হাতে বিপিএফৰ হাইকামাণ্ডে আগন্তুক কোকৰাঝাৰ লোক সভা (জনজাতি সংৰক্ষিত) সমষ্টিত প্ৰমীলা, খাম্ফা আৰু পৃথ্বিৰাজৰ ভিতৰত কাক টিকট প্ৰদান কৰিব সেয়া সময়তহে লক্ষ্যনীয় হৱ।

ওদালগুৰিত চাহ বাগিছালৈ ২৪ খন এম্বুলেন্স প্ৰদান…

ওদালগুৰিত চাহ বাগিছালৈ ২৪ খন এম্বুলেন্স প্ৰদান

ওদালগুৰিত চাহ বাগিছালৈ ২৪ খন এম্বুলেন্স প্ৰদান

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগেচাহ বাগিছাসমূহলৈ এম্বুলেন্স প্ৰদান কৰাৰ এক সুদূৰ প্ৰদাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই আচঁনিৰ অধীনত ওদালগুৰি জিলাৰ মুঠ ২৪ খন চাহ বাগিছাই এম্বুলেন্স লাভ কৰিছে। ভেৰগাও, ধনশিৰি, পানেৰি, ওৰাং, লামাবাৰি, মাজবাট, ক’পাটী, বাদলাপাৰা, বেটিবাৰী, শিংৰিমাৰি, শুৱলা, বৰঙ্গাজুলী,

মাজুলী, কৃষ্ণা চোছাইবিনী, অম্বিকা, হাটীগড়, ডিমাকুছি, বাহিপুখুৰী, বেটেলী, কোৰামোৰ, ভূটিয়াচাং, ননাইপাৰা, আটেৰিখাট আৰু অৰাঙ্গাজুলি চাহ বাগিছাই এখনকৈ এম্বুলেন্স লাভ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ভেৰগাওঁ ষ্টেডিয়াম খেলপথাৰত এই ৰোগী কঢ়িওৱা বাহন সমূহ চাহ বাগিছাসমূহলৈ বিতৰণ কৰে।


বিকাশ যাত্ৰা শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন আন আচঁনিৰ শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে এম্বুলেন্সসমূহ চাহ বাগিছাৰ মেনেজাৰ সকলৰ মাজত বিতৰণ কৰে। অসম চৰকাৰৰ এই আচঁনিৰ জৰিয়তে চাহ বাগিছাত বাস কৰা সকলো লোক উপকৃত হ’ব । বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ উন্নত চিকিৎসাৰ পথ সুচল হৈ পৰিব এই এম্বুলেঞ্চ সেৱাৰ জড়িয়তে।


কুনো ৰাষ্ট্ৰীয় উদ্যানত বলিছে সুখৰ বতাহ, দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা গামিনীয়ে জন্ম দিলে ৫টা পোৱালি…

কুনো ৰাষ্ট্ৰীয় উদ্যানত বলিছে সুখৰ বতাব, দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা গামিনীয়ে জন্ম দিলে ৫টা পোৱালি

কুনো ৰাষ্ট্ৰীয় উদ্যানত বলিছে সুখৰ বতাব, দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা গামিনীয়ে জন্ম দিলে ৫টা পোৱালি। মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ আফ্ৰিকাৰ পৰা অনা গামিনী নামৰ এজনী চিতাই পাঁচটা পোৱালি জন্ম দিছে। পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই ভাল খবৰটো ৰাজহুৱা কৰিছে। ফলত ভাৰতত জন্ম হোৱা চিতা পোৱালিৰ সংখ্যা১৩ টালৈ লৈ বৃদ্ধি পাইছে । পোৱালিকে ধৰি ভাৰতত থকা মুঠ চিতাৰ সংখ্যা হৈছে ২৬ টা।

বনমন্ত্ৰীগৰাকীয়ে কয় “মাইকী চিতাজনী দক্ষিণ আফ্ৰিকাৰ চাৱালু কালাহাৰী ৰিজাৰ্ভৰ অনা হৈছিল। সকলোকে অভিনন্দন, বিশেষকৈ বন বিষয়া, পশু চিকিৎসক আৰু ক্ষেত্ৰ কৰ্মচাৰীৰ দলক যিসকলে চিতাৰ বাবে এক অনুকূল পৰিৱেশ নিশ্চিত কৰিছে। সকলোৰে প্ৰচেষ্টাত সফলতাৰে পোৱালি কেইটাৰ জন্ম হৈছে। ‘ ইয়াৰ পূৰ্বে চলিত বছৰৰ ২০ জানুৱাৰীত নামিবিয়াৰ পৰা অনা চিতাই তিনিটা পোৱালিৰ জন্ম দিছিল। কেইসপ্তাহমান আগতে ৩ জানুৱাৰীত আশা নামৰ আন এটা নামিবিয়াৰ চিতায়ো তিনিটা পোৱালি জন্ম দিছিল। একেদৰে শৌৰ্য নামৰ আন এটা প্ৰাপ্তবয়স্ক নামিবিয়াৰ পৰা অনা চিতাৰ কুনোত মৃত্যু হৈছিল। মন কৰিব লগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিতা ভাৰতৰ

অৰণ্যলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছিল। সেই প্ৰকল্প অনুসৰি, ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা ভাৰতলৈ অনা হৈছিল। ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২ টা চিতা ভাৰতলৈ অনা হৈছিল। সেই চিতাবোৰক মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হৈছে। কিন্তু যোৱা কেইমাহমানত, কুনোৰ পৰা এটাৰ পিছত এটা কৈ চিতাৰ মৃত্যুৰ খবৰ আহিছে। চিতাৰ ডিঙিত লগাই দিয়া ৰেডিঅ’ কলাৰক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়েও এই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত চিতাৰ মৃত্যুৰ বাবে ভৰ্ৎসনাৰ সন্মুখীন হ’ব লগা হৈছে।

অষ্ট্ৰেলিয়াত পত্নীক হত্যা ! মৃতদেহ ডাষ্টবিন লুকুৱাই ৰাখি সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল স্বামী…

অষ্ট্ৰেলিয়াত পত্নীক হত্যা, মৃতদেহ ডাষ্টবিন লুকুৱাই ৰাখি সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল স্বামী

এক লোমহৰ্ষক ঘটনা ঘটিছে অষ্ট্ৰেলিয়াত । দেশ খনত এগৰাকী ভাৰতীয় মহিলাক হত্যা কৰি সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল স্বামী। জানিব পৰা মতে হত্যাকাৰী লোকজনে তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল আৰু পুত্ৰৰ সৈতে ভাৰতলৈ পলাই আহিছিল। উল্লেখ্য হায়দৰাবাদৰ বাসিন্দা ৩৬ বছৰীয়া চৈতন্য মাধাগানীৰ মৃতদেহ শনিবাৰে অষ্ট্ৰেলিয়াৰ বাক্লি চহৰৰ পথৰ কাষৰ ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰা হয়।
হায়দৰাবাদৰ উপ্পল অঞ্চলৰ বাসিন্দা চৈতন্যই তেওঁৰ স্বামীৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰিছিল।

৯ মাৰ্চত অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে উইনচেলচিয়াৰ ওচৰৰ বাক্লিত এগৰাকী ভাৰতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানে প্ৰমাণ কৰিছে যে হত্যাকাৰী মহিলাগৰাকীৰেই স্বামী আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে হত্যাৰ পিছত মৃতদেহটো ৰাস্তাৰ কাষৰ ডাষ্টবিনত লুকুৱাই ৰাখিছিল আৰু ভাৰতলৈ পলাই গৈছিল। অৱশেষত প্ৰমাণ হৈছে যে অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ দাবী মিছা নহয়। অভিযুক্ত লোকজনে হায়দৰাবাদলৈ পলাই

আহিছিল আৰু পুত্ৰক তেওঁৰ শহুৰেকৰ হাতত গতাই দিছিল। স্থানীয় বিধায়ক ভাণ্ডাৰী লক্ষ্মৰেড্ডীয়ে কৈছে যে মৃত মহিলাগৰাকী তেওঁৰ এলেকাৰ বাসিন্দা আছিল। হত্যাৰ খবৰ পোৱাৰ পিছত তেওঁ তেওঁৰ মাক-দেউতাকক লগ ধৰিছে আৰু পৰিয়ালটোৰ অনুৰোধত তেওঁ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ মৃতদেহটো ঘূৰাই আনিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ লিখিছে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই বিষয়ে অৱগত হৈছে। মৃতকৰ পিতৃ-মাতৃয়ে দিয়া তথ্য অনুসৰি, জোঁৱায়েকে তেওঁলোকৰ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

১০০০ নমো ড্ৰোন দিদিক ড্ৰোন অৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

১০০০ নমো ড্ৰোন দিদিক ড্ৰোন অৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ড্ৰোন দিদিসকল আৰু লাখপতি দিদিসকলে সফলতাৰ নতুন অধ্যায়ৰ চিত্ৰনাট্য ৰচনা কৰিছেঃ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক ঐতিহাসিক বুলি অভিহিত কৰে কাৰণ ড্ৰোন দিদিসকলে আৰু লাখপতি দিদিসকল সফলতাৰ নতুন অধ্যায় ৰচনা কৰিছে৷ তেওঁ কয় যে এনে সফল মহিলা উদ্যোগীৰ সৈতে মত বিনিময় কৰিলে তেওঁক দেশৰ ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাসেৰে ভৰি পৰে। তেওঁ নাৰী শক্তিৰ দৃঢ়তা আৰু অধ্যৱসায়ক প্ৰশংসা কৰে। ‘এইটোৱে মোক ৩ কোটি লাখপতি দিদি গঢ়াৰ যাত্ৰাত অগ্ৰসৰ হোৱাত আত্মবিশ্বাস দিলে’, তেওঁ কয়।

“যিকোনো সমাজে সুযোগ সৃষ্টি কৰি আৰু নাৰী শক্তিৰ মৰ্যাদা সুনিশ্চিত কৰিহে আগবাঢ়িব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মাত্ৰ অলপ সমৰ্থনেৰে নৰী শক্তিয়ে সমৰ্থনৰ প্ৰয়োজনীয়তাক অতিক্ৰম কৰি আনৰ সমৰ্থনত পৰিণত হয়। মহিলাৰ বাবে শৌচাগাৰ, চেনিটেৰী পেড, অস্বাস্থ্যকৰ ধোঁৱাময় পাকঘৰ, মহিলাসকলৰ দৈনন্দিন অসুবিধা লাঘৱ কৰিবলৈ পাইপৰ পানী, প্ৰতিজনৰ বাবে জন ধনৰ একাউণ্ট খোল আৰু নাৰীৰ প্ৰতি অপমানজনক ভাষাৰ বিৰুদ্ধে আৰু নাৰী শক্তিৰ প্ৰতি সঠিক আচৰণৰ বিষয়ে শিক্ষিত পুত্ৰ গঢ় দিয়াৰ প্ৰয়োজনীয়তা আদি মহিলা সবলীকৰণৰ বিষয়সমূহৰ ওপৰত লালকিল্লাৰ প্ৰাচীৰৰ পৰা বক্তব্য দিয়া প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে৷

‘মোদীৰ সংবেদনশীলতা আৰু মোদীৰ আঁচনিসমূহ দৈনন্দিন জীৱনত শিপাই থকা অভিজ্ঞতাৰ পৰাই উন্মেষ ঘটিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। জীৱনৰ বাস্তৱতাক জীয়াই থকাৰ দৰেই অভিজ্ঞতাই এই সংবেদনশীলতা আৰু আঁচনিসমূহৰ বিষয়ে অৱগত কৰিছে বুলিও তেওঁ কয়। সেইবাবেই, এই আঁচনিসমূহে দেশৰ মাতৃ-কন্যাসকলৰ জীৱনত সহজতা কঢ়িয়াই আনে।

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ জীৱনৰ প্ৰতিটো পৰ্যায়তে নাৰী শক্তি সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবে অনা আঁচনিৰ বিষয়ে কয়। ভ্ৰুণহত্যা বন্ধ কৰাৰ উদ্দেশ্যে বেটি বচাও বেটি পঢ়াও, গৰ্ভৱতী মাতৃৰ পুষ্টিৰ বাবে ৬০০০ টকা, শিক্ষাৰ সময়ছোৱাত সম্পদ নিশ্চিত কৰাৰ বাবে সুকন্যা সমৃদ্ধি, উদ্যোগী ক্ষেত্ৰখনত লাভজনক স্থান লাভ কৰাত সহায় কৰাৰ বাবে মুদ্ৰা যোজনা, প্ৰসূতি ছুটীৰ সম্প্ৰসাৰণ, বিনামূলীয়া চিকিৎসা, সুলভ ঔষধ আৰু মহিলাৰ নামত প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰ পঞ্জীয়ন কৰি মালিকীস্বত্ব বৃদ্ধি কৰাটোৱে পুৰণি মানসিকতাৰ পৰিৱৰ্তন আনিছে। তেওঁ লগতে স্বীকাৰ কৰে যে কৃষিক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ পৰিৱৰ্তনশীল প্ৰভাৱ দেশৰ মহিলাসকলে পৰিচালিত কৰিছে। এজন ড্ৰোন দিদিৰ সৈতে হোৱা মত বিনিময়ৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে ড্ৰোন দিদিৰ আয়, দক্ষতা আৰু স্বীকৃতিৰ জৰিয়তে সৱলীকৰণৰ অনুভূতিৰ বিষয়ে বিশদভাৱে কয়। নাৰী শক্তিয়ে দেশত প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে, সকলো ক্ষেত্ৰতে মহিলাৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে ড্ৰোন দিদিসকলৰ বাবে নতুন পথ মুকলি কৰি গাখীৰ আৰু শাক-পাচলিৰ সামগ্ৰী বজাৰলৈ পৰিবহণ, ঔষধ ডেলিভাৰী ইত্যাদি ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বিষয়ে বিশদভাৱে কয়।

বংগৰ বিষ্ণুপুৰ সমষ্টিত এইবাৰ খেলা হবে ! বিজেপিৰ প্ৰাৰ্থী স্বামীয়ে যুঁজ দিব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী পত্নীৰ বিৰুদ্ধে…

বংগৰ বিষ্ণুপুৰ সমষ্টি এইবাৰ খেলা হবে… কাৰণ পতি বিজেপিৰ, পত্নী তৃণমূল কংগ্ৰেছৰ।হয়, বংগত বিবাহ বিচ্ছেদ হোৱা পতি -পত্নীয়ে লোকসভা নিৰ্বাচন ২০২৪ত একেখন আসনৰ পৰা ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। দেওবাৰে তৃণমূল কংগ্ৰেছে দলটোৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। তৃণমূলৰ প্ৰাৰ্থী তালিকাত আছে সুজাতা মণ্ডলৰ নাম। সুজাতাই বাংকুৰা জিলাৰ বিষ্ণুপুৰ আসনৰ পৰা তেওঁৰ প্ৰাক্তন স্বামী সৌমিত্ৰ খানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

সৌমিত্ৰ খানে বিজেপিৰ প্ৰাৰ্থী হিচাবে পশ্চিম বংগৰ বিষ্ণুপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। একেদৰে তৃণমূলেও একেখন আসনৰ পৰা প্ৰাৰ্থী সুজাতা মণ্ডলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ফলত সমষ্টিটোত প্ৰাক্তন পতি-পত্নীৰ যুঁজ খন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দম্পতীহালৰ বিবাহ বিচ্ছেদ হৈছিল। ইপিনে তৃণমূলে কালি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে কংগ্ৰেছে অসন্তুষ্টি ব্যক্ত কৰিছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰি কয়, “ভাৰতীয় জাতীয় কংগ্ৰেছে বহুবাৰ পশ্চিম বংগৰ

টিএমচিৰ সৈতে এক সন্মানজনক আসন ভাগ-বতৰাৰ চুক্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় কৈ আহিছে যে এনে চুক্তি আলোচনাৰ জৰিয়তে চূড়ান্ত কৰিব লাগে, একপক্ষীয় ঘোষণাৰ দ্বাৰা নহয়।” ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলে কমেও আঠজন বৰ্তমানৰ সাংসদক বাদ দিছে আৰু প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু কীৰ্তি আজাদৰ দৰে কেইবাজনো নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Over 1000 boxers to participate in REC Eastern Open Talent Hunt Programme in Guwahati…

Over 1000 boxers to participate in REC Eastern Open Talent Hunt Programme in Guwahati

More than 1000 boxers from all corners of the nation have converged upon the DTRP Indoor Stadium in Guwahati to partake in the REC Eastern Open Talent Hunt Programme. The event, set to commence from Tuesday and organized in collaboration with the Sports Authority of India (SAI), the Boxing Federation of India (BFI), and REC Limited under the Ministry of Power, is slated to conclude on March 18.

A breakdown of the participants reveals an impressive roster: Elite men – 431, Elite women – 160, Youth men – 166, and Youth women – 50, with a cumulative total of 807 athletes hailing from approximately 28 states. Notably, the registration process has primarily been conducted online, with over 200 additional boxers opting for offline enrollment, as stated by BFI Secretary General Hemanta Kumar Kalita.

Emphasizing the inclusivity of the initiative, Kalita highlighted that despite its designation as the Eastern Open Talent Hunt Programme, boxers from all regions of the country are welcomed to participate. The tournament serves as a platform for participants to exhibit their prowess and potentially earn invitations to join the trials for inclusion in BFI’s national camps.

Prior to the main event, the junior and sub-junior categories of the programme concluded on Saturday, setting the stage for the upcoming battles of skill and determination among the elite and youth contenders.

The REC Eastern Open Talent Hunt Programme stands as a testament to the collaborative efforts of various sporting authorities in nurturing and discovering boxing talents nationwide, reinforcing India’s commitment to fostering excellence in sports.

বোকাখাতত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পাঁচ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…

বোকাখাতত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পাঁচ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে দ্যা আছাম ৰাইজিং’, ‘ঘৰে ঘৰে সাপ্তাহিক আলোকপ্ৰভঞ্জন’ আৰু ‘ঘৰে ঘৰে ডি বি নিউজ’ৰ লক্ষ্যৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসমৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিলৈ ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ জড়িয়তে যি সম্বৰ্ধনা কাৰ্যসূচীৰ সংকল্প লোৱা হৈছে, তাৰ সৈতে সংগতি ৰাখি বোকাখাততো এলানি সম্বৰ্ধনা কাৰ্যসূচী সম্পন্ন হয়। সমাজৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা কিছু সংখ্যক প্ৰচাৰ বিমুখ বিশিষ্ট ব্যক্তিক নিজ নিজ গৃহলৈ গৈ অনাড়ম্বৰভাৱে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উদ্দেশ্যে আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা অসম চৰকাৰৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক মহেন শইকীয়াক সম্বৰ্ধনা জনায় চচাইটিৰ অধীনত প্ৰকাশিত ‘দৈনন্দিন বাৰ্তা’ৰ বোকাখাতৰ সংবাদদাতা অজন্তা তালুকদাৰে।

অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য গগৈ, আটচাৰ বোকাখাত শাখাৰ সভাপতি অমৃৎ সাগৰকো একোখনিকৈ ফুলাম গামোচাৰে ওলগ জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচীত মহেন শইকীয়াৰ কিছু সংখ্যক সহকৰ্মী শিক্ষক উপস্থিত থাকে। সম্বৰ্ধনা প্ৰাপক শইকীয়াইও ক্ৰমে বুবুল দত্ত আৰু অজন্তা তালুকদাৰক ওলগ জনায়। আনহাতে ১০ মাৰ্চত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা অসমৰ বিশিষ্ট গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ ড° ৰুবী বৰাক সম্বৰ্ধনা জনোৱা হয়। ড° বৰাৰ গৃহত সাংবাদিক প্ৰণৱ শইকীয়াৰ লগতে উপস্থিত আছিল বিশিষ্ট যুৱ নাট্যকাৰ-নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ড° বৰাৰ জ্যেষ্ঠা ভগ্নী ৰুমী বৰা, বিশিষ্ট ক্ৰীড়াকৰ্মী তথা ড° বৰাৰ ভাতৃ মনোজ বৰা আৰু পত্নী ৰীতা বৰা, বিশিষ্ট ধাৰাভাষ্যকাৰ, সাংস্কৃতিককৰ্মী তথা অভিলাস প্ৰকশনৰ সম্পাদক ৰূপজ্যোতি ভড়ালী, শিক্ষক জয়ন্ত বৰি আদি। ৯ মাৰ্চত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়াকৰ্মী, ক্ৰীড়া গ্ৰন্থকাৰ সুবোধ বৰাক সম্বৰ্ধনা জনোৱা হয়।

উপস্থিত আছিল বৰাৰ পত্নী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী, নাৰী সংগঠক শেৱালী খনিকৰ বৰাৰ লগতে সাংবাদিকদ্বয় দিব্যজ্যোতি হাজৰিকা আৰু মৃদুস্মিতা শৰ্মা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতা, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা নিভা ননী বৰুৱা, একেখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰিক শ্ৰীমন্ত মাধৱ বৰা, গণশক্তিৰ বোকাখাতৰ সভাপতি দিগন্ত কুটুম, বৰাৰ পৰিয়ালৰ লগতে কিছু সংখ্যক বোকাখাতৰ গণ্যমান্য শুভাকাংক্ষী ব্যক্তি।

একেদিনাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈদ্বয় বিশাল চাংমাই আৰু বিক্ৰম চাংমাইৰ মাতৃ তথা বিশিষ্ট মহিলা ব্যৱসায়ী মিণ্টুমণি চাংমাইক আদৰ্শ মাতৃৰ সম্বৰ্ধনা জনোৱা হয়। উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ক্ৰমে সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী অনুৰাধা বৰদলৈ, খেলুৱৈদ্বয়ৰ পিতৃ তথা বিশিষ্ট ক্ৰীড়াকৰ্মী শান্তনু চাংমাই, আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ আন গৰাকী সম্বৰ্ধনা প্ৰাপক সুবোধ বৰা, বোকাখাত সন্ধানী লেখিকা

সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা শান্তি দত্ত বৰদলৈ, কবি-সাংবাদিক মৃদুস্মিতা শৰ্মাৰ লগতে চাংমাইৰ নিকট আত্মীয় স্বজন আৰু কেইবাগৰাকীও স্থানীয় গণ্যমান্য শুভাকাংক্ষী ব্যক্তি। কাৰ্যসূচীত ক্ৰীড়াকৰ্মী শান্তনু চাংমাইক এখনি ফুলাম গামোচাৰে ওলগ জনায়। উল্লেখ্য যে অলপতে একে সম্বৰ্ধনা কাৰ্যসূচীৰ অধীনত বিশিষ্ট কবি, লেখিকা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰকো ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞি আৰু বোকাখাতৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বৰঠাকুৰৰ বোকাখাতৰ নিজা বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সমূহ সম্বৰ্ধনাত আছিল ‘দৈনন্দিন বাৰ্তা’ৰ টেগ সম্বলিত ফুলাম গামোচা, দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, ডায়েৰী, কেলেণ্ডাৰ আৰু দৈনন্দিন বাৰ্তা, দ্যা আছাম ৰাইজাং আৰু সাপ্তাহিক আলোকপ্ৰভঞ্জনৰ একোটিকৈ প্ৰীতি উপহাৰ। আটাইকেইটা সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে অজন্তা তালুকদাৰে।

বিলাসীপাৰাৰ ছুৱাপাতা ৫ম খণ্ড জাইপাৰা গাঁৱত বন্ধকী ভূমিক লৈ সংঘাত…

বন্ধকী ভূমি বিবাদৰ সংঘাতত গুৰুত্বভাৱে আহত সহৰ আলী। হাছেন আলিয়ে এক বিঘা ভূমি সহৰ আলী নামৰ ব্যক্তি জনৰ লগত ৮০ হেজাৰ টকাত বন্ধকীত ৰাখিছিল। ভূমি বন্ধকীত ৰখা ৮০ হেজাৰ টকা সহৰ আলীক ঘুৰাই নিদিয়াকৈ উক্ত ভূমিত এবাৰ খেতি কৰি আহিছে হাছেন আলীয়ে। বন্ধকীৰ ভূমিত সহৰ আলীয়ে আজি হাল মাৰিবলৈ গৈছিল।


যদিও উক্ত ভূমিত হাল মাৰিবলৈ যোৱাত কাল হ’ল হাছেন আলিৰ কাশেম আলিৰ,হালেম আলিৰ আদিকে ধৰি কেইবা গৰাকী ব্যক্তিয়ে সহৰ আলিক চোকা অস্ত্ৰৰে হানি খুচি গুৰুত্বভাৱে আঘাত প্ৰাপ্ত কৰে।আঘাতপ্ৰাপ্ত সহৰ আলীক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিছিল।_


যদিও সহৰ আলিৰ শাৰীৰিক বৰ্তমান অৱস্থা অতি সংকট জনক। সহৰ আলিৰ শাৰীৰিক অৱস্থা অতি সংকট জনক হোৱাৰ বাবে সহৰ আলিক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট

Filmfare Awards Assamese 2024′ ত অনুৰাধা শৰ্মা পূজাৰীৰ চুটিগল্প ‘ভালপোৱাৰ সময়’ৰ আধাৰত নিৰ্মাণ ‘অনুৰ’লৈ শ্ৰেষ্ঠ কাহিনীৰ সন্মান…

‘Filmfare Awards Assamese 2024’ ত ‘অনুৰ’লৈ শ্ৰেষ্ঠ কাহিনীৰ সন্মান।

অনুৰাধা শৰ্মা পূজাৰীৰ চুটিগল্প ‘ভালপোৱাৰ সময়’ৰ আধাৰত নিৰ্মাণ হৈছিল ছবিখন।

যাৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে লাভ কৰিছে শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ ।