Home Blog Page 967

প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন “পকী” ৰ সন্মুখত…

অসম আৰু অসমীয়াৰ স্বাভিমান তেজপুৰৰ ঐতিহাসিক “পকী” পুনৰ নতুন ৰূপত উদ্ভাসিত হৈ পৰিল। উল্লেখ্য যে ৰূপান্তৰৰ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃ পুৰুষৰ স্মৃতি বিজড়িত ঐতিহাসিক “পকী” তথা বৰ্তমানৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ জ্যোতি ভাৰতীৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ১৩ কোটি টকাৰ প্ৰাৰম্ভিক কাৰ্য হিচাপে “পকী” ৰ চোতালত ৰাজ্যখনৰ প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ লগতে তেজপুৰৰ চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাই অতি নান্দনিক ৰূপত নিৰ্মাণ কৰা মূল তোৰণখন তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তি আৰু শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত থকা ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উন্মোচন আৰু উদ্ঘাটন কৰে অসম চৰকাৰৰ গৃহ – নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে।

গায়ন বায়নৰ খোল – তাল বাদনৰ মাংগলিক পৰিৱেশত আকৰ্ষণীয় মূল তোৰণখন উদ্ঘাটন কৰাৰ পিছত তেজপুৰৰ শিল্পীৰ সমবেত জ্যোতি সংগীতৰ সুমধুৰ পৰিৱেশৰ মাজত পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো মন্ত্ৰী অশোক সিংহলে উন্মোচন কৰাৰ সময়ত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। মন্ত্ৰী গৰাকীৰ লগতে দুয়োগৰাকী বিধায়কে প্ৰতিমূৰ্তিটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অগপৰ জিলা সভাপতি ৰাতুল কুমাৰ নাথ, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰা, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা আদি আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এই শুভাৰম্ভণি অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ঐতিহাসিক “পকী” তথা জ্যোতি ভাৰতীৰ উন্নীতকৰণৰ লগতে জ্যোতি ভাৰতীৰ অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাবে আৰু পৰিকল্পিত ভাৱে সংৰক্ষণৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰাৰম্ভিক অংশ হিচাপে আজি এই দুই গুৰুত্বপূৰ্ণ সম্পদ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ।।শোণিতপুৰ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত মন্ত্ৰী অশোক সিংহলে প্ৰথমেই তোৰণ নিৰ্মাণ কৰা তেজপুৰৰ বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাক এখন গামোচাৰে সন্মান জনাই।

ইয়াৰ পিছতেই ভাষণ প্ৰসংগত নিজৰ জীৱনৰ বাবে আজিৰ দিনটো সদায় গৌৰৱৰ দিন হৈ থাকিব বুলি মন্তব্য কৰি তেজপুৰৰ “পকী” অসমৰ সংস্কৃতি, অসমৰ ভাষা – সাহিত্য আৰু অসমৰ ইতিহাসৰ প্ৰতীকেই নহয় সমগ্ৰ অসমবাসীৰ স্বাভিমান বুলি মন্তব্য কৰি স্বৰ্ণিল তেজপুৰৰ বাবে আজিৰ দিনটো স্মৰণীয় দিন হৈ ৰ’ব বুলি মন্তব্য কৰে ।মন্ত্ৰী সিংহলে ৰূপান্তৰৰ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাই তাহানিতেই আজিৰ দৰে কোনো ধৰণৰ সুবিধা নথকাকৈ অসমৰ এই তেজপুৰৰ পৰাই চিনেমা নিৰ্মান কৰাৰ সপোন দেখি সুদূৰ জাৰ্মানীলৈ গৈ ইয়াৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি ভোলাগুৰি চাহ বাগিচাতে ষ্টুডিঅ নিৰ্মান কৰি প্ৰথমখন অসমীয়া চলচ্চিত্ৰ “জয়মতী” নিৰ্মাণ কৰাতো কেনে সাহসিকতাৰ আৰু কষ্ট সাধ্য কাম আছিল সেয়া ভাৱিলেই আচৰিত লাগে বুলি মন্তব্য কৰে। মন্ত্ৰী সিংহলে সৃষ্টিশীলতাৰ সকলো ক্ষেত্ৰতে জ্যোতি প্ৰসাদ আগৰৱালাই যি প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গ’ল সেয়া সৰ্বকালৰ বাবে সকলোৰে বাবে প্ৰাত:স্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে।

শোণিতপুৰৰ বিকাশ আৰু উত্তৰণৰ বাবে ১৩ হেজাৰ ৭০ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈকে অসম চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰে আজি শোণিতপুৰ জিলাখনৰ বাবে সৰ্বমুঠ ১৩ হেজাৰ ৭০ কোটি টকাৰ আঁচনিলৈ জিলাখনৰ ঘোঁৰামাৰী খেলপথাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত জিলাখন বহুদূৰ আগবাঢ়ি যাব বুলি মন্তব্য কৰে। অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বৰছলাৰ বিধায়ক গণেশ লিম্বু, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে একাংশ দলীয় শীৰ্ষ নেতাৰ উপস্থিতিত কেবা সহস্ৰাধিক জনতাৰ সন্মুখত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলাখনৰ বৰছলা সমষ্টিত ৩৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আদৰ্শ আবাসিক বিদ্যালয়, ১৪৮ কোটি টকা ব্যয়ৰে অসম মালা আঁচনিৰ সুদীৰ্ঘ পকী পথ, জলজীৱন মিছন আঁচনিৰ অধীনত ৫৫ কোটি টকা ব্যয়েৰে ৪৬ খন পানী যোগান আঁচনি, তেজপুৰ সমষ্টিত স্বদেশ দৰ্শন আঁচনিৰ অধীনত তিনি কোটি টকা ব্যয়ৰে পৰ্যটনৰ স’তে জড়িত কেন্দ্ৰ, বালিপৰা নতুন আদৰ্শ মহাবিদ্যালয়, ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামকে ধৰি বহুকেইটা আঁচনিৰ শুভাৰম্ভ তথা উদ্বোধন কৰাৰ লগতে ৮৬৮ বিঘা মাটি সামৰি ৩৩৩ কোটি টকা ব্যয় সাপেক্ষে ৫০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ চ’লাৰ প্ৰকল্প, তেজপুৰৰ পৰোৱা চাৰিআলিৰ পৰা তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথৰ অসম মালা আঁচনিৰ ১১১ কোটি টকীয়া পথ নিৰ্মাণকে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত বৰ্তমান বিকাশৰ যাত্ৰা অব্যাহত আছে ।

যোৱা ২৯ ফেব্ৰুৱাৰীত পুনৰ এনে বিকাশৰ যাত্ৰা সন্মুখত লৈ ৰাজ্যজুৰি আৰম্ভ কৰা বিকাশ উৎসৱত এইবাৰ ২৩ হেজাৰ কোটি টকাৰে ৰাজ্যখনত বিভিন্ন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ লক্ষ্য স্হিৰ কৰি লোৱা হৈছে বুলি সদৰি কৰি তেওঁ কয় “আজি আমি শোণিতপুৰৰ ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা ইত্যাদি সমষ্টি সামৰি সৰ্বমুঠ ১৩৭০ কোটি টকাৰ বিভিন্ন আঁচনি শুভাৰম্ভ আৰু উদ্বোধন কৰিছো । আমাৰ চৰকাৰৰ দিনত এতিয়া ৰাজ্যৰ ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় পাব । ছোৱালীৰ শিক্ষাৰ দায়িত্ব এতিয়া সম্পূৰ্ণ চৰকাৰৰ । আমি ছোৱালীৰ শিক্ষাৰ বাবে নিযুত মাইনা নামৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছো । আজি অসমত ছেমি কণ্ডাক্টৰ নিৰ্মাণ প্ৰকল্প মুকলি হৈছে । আমি শিক্ষাৰ বিকাশৰ বাবে তিনিশ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আঠ কোটিকৈ টকা দিছো । আগতে ৰাইজে উন্নয়নৰ বাবে টকা বিচাৰি সাংসদ, বিধায়কৰ ঘৰে ঘৰে বাবলগীয়া হৈছিল, এতিয়া সেই দিন নাই, সেই পৰিৱেশ নাই । আমি বিগত ৪০ দিনত অসমত এতিয়ালৈকে ৯০ হেজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰিছোঁ ।”তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে লাচিত বৰফুকন, চৰ্দাৰ বল্লভ ভাই পেটেলৰ দৰে মহান পুৰুষৰ বিশালকায় প্ৰতিমূৰ্তি সাজি তেওঁলোকক সন্মান দিছে । বসুন্ধৰা আঁচনি ২. ০ ৰ যোগেদি চৰকাৰে এতিয়ালৈকে অসমত ২১ লাখ লোকক ভূমি পট্টা দিছে বুলিও উল্লেখ কৰি ড° শৰ্মাই আৰু কয় “আমি অসমত উন্নয়নমূলক কাম কৰিবলৈ যাওঁতে বিৰোধীয়ে সমালোচনা কৰিছিল , আমি তাৰ প্ৰত্যুত্তৰ কামেৰে দিবলৈ সক্ষম হৈছোঁ । অসমত ২৮ লাখ মহিলাই অৰুণোদয় লাভ কৰিছে । এইবাৰ আমি শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ৰঞ্জিৎ দত্তক কেইবালাখ ভোটত জিকাব লাগিব । অৰুণোদয় পোৱা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ বীমা চৰকাৰে কৰিব ।”উল্লেখ্য যে,
মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেল ব্যৱস্থাৰে শোণিতপুৰৰ বিভিন্ন স্থানৰ প্ৰকল্পসমূহ মুকলি কৰাৰ লগতে বালিপৰা মডেল ডিগ্ৰী কলেজৰ উদঘাটন, বালিপৰা ষ্টেচনত লাচিত এক্সপ্ৰেছ ৰে’লৰ ষ্ট’পেজ, ৰঙাপৰা সমষ্টিত অসম মালা আঁচনিৰ অধীনত কেইবাটাও পথৰো উদ্বোধন কৰে ।

অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙাপৰা সমষ্টিৰ তিনিখনকৈ চাহ বাগিছাৰ মালিকক চৰকাৰীভাৱে বিনামূলীয়া এম্বুলেঞ্চৰ চাবি অৰ্পণ কৰে । আজিৰ বিশাল সভাতেই শোণিতপুৰৰ সৰ্বমুঠ ৩২ খনকৈ চাহ বাগিছাত এম্বুলেঞ্চ দিয়া হয় । উল্লেখ্য যে, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে শোণিতপুৰ জিলা অনাগত সময়ত বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ’ব। ”তেওঁ সংবাদমাধ্যমৰ আগত মুছলমানৰ তালাক প্ৰথা বিলুপ্তি আৰু বাল্যবিবাহ বন্ধ কৰাৰ পিছত এতিয়া মুছলমান সম্প্ৰদায়ৰ ছোৱালী আৰু বোৱাৰী এতিয়া আমাৰ মূল হিতাধিকাৰী বুলি মন্তব্য কৰাৰ লগতে কা আন্দোলনে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি বুলি সোধাত পেলাবও পাৰে বুলি মন্তব্য কৰে। আনহাতে কা যদি বাতিল হ’ব লাগে ৰাজপথত আন্দোলন কৰি উন্নয়নৰ পৰিৱেশ বিনষ্ট কৰিব নেলাগে বুলি মন্তব্য কৰি তেওঁ বিদ্বৎ সমাজ উচ্চতম ন্যায়ালয়ৰ কাষ চাপক বুলি উল্লেখ কৰি আৰু কয় যে,তেতিয়াহে এই ক্ষেত্ৰত ফলৱতী হ’ব পাৰিব৷

SATWIK-CHIRAG WIN FRENCH OPEN FOR THE SECOND TIME…

India’s top men’s doubles duo Satwiksairaj Rankireddy and Chirag Shetty won their second French Open and second BWF World Tour Super 750 title after yet another dominating win in Paris.

They beat Chinese Taipei’s Lee Jhe-Huei/Yang Po-Hsuan 21-11, 21-17 in the finals on Sunday.

This is in-form Satwik-Chirag’s seventh BWF World Tour title and they won it without dropping a single game at Paris Olympic test event.

২২ খন আসনৰ বাবে মুঠ ২,৯৫০ খন আবেদন! চাকৰি প্ৰাৰ্থীৰ দৰেই সাক্ষাৎকাৰ দিবলগীয়া হ’ল লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে…

২২ খন আসনৰ বাবে মুঠ ২,৯৫০ খন আবেদন ৷ তামিলনাডুত চাকৰি প্ৰাৰ্থীৰ দৰেই সাক্ষাৎকাৰ দিবলগীয়া হ’ল লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে৷ প্ৰাৰ্থী হ’ব বিচৰাসকলে প্ৰথমে আবেদনৰ প্ৰপত্ৰখন সম্পূৰ্ণৰূপে পূৰণ কৰি দাখিল কৰিবলগীয়া হৈছে। তাৰপিছতে অনুষ্ঠিতকৰা হয় সাক্ষাৎকাৰ৷ কেৱল সেই সাক্ষাৎকাৰত উত্তীৰ্ণসকলেহে লাভ কৰিব লোকসভা নিৰ্বাচনৰ টিকট৷ ডিএমকেই কৰ্পোৰেট কোম্পানীৰ দৰেই এনেদৰে সাক্ষাৎকাৰ পাতি প্ৰাৰ্থী বাছনি কৰা আৰম্ভ কৰিছে। তামিলনাডুৰ শাসকীয় দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাক টিকট দিয়া হ’ব সেয়া নিৰ্ণয় কৰিবলৈ এক পুংখানুপুংখ পৰীক্ষা আৰম্ভ কৰিছে। দলটোৱে আবেদন গ্ৰহণ কৰাৰ পৰা সাক্ষাৎকাৰ লোৱালৈকে সকলো ব্যৱস্থা কৰিছে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াটো দেওবাৰে পুৱা চেন্নাইৰ ডিএমকেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ সময়ত দলৰ সাধাৰণ সম্পাদক এছ দুৰাইমুৰুগানো উপস্থিত আছিল।

দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি ডিএমকেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মুঠ ২,৯৫০ খন আবেদন লাভ কৰিছে৷আবেদন পৰীক্ষা কৰাৰ পিছত কেইবাজনো লোকৰ নাম চূড়ান্ত কৰা হৈছে। সাক্ষাৎকাৰ দেওবাৰে ৰাতিপুৱা ১০ বজাত আৰম্ভ হয়। অৱশ্যে, সাক্ষাৎকাৰৰ ফলাফল কেতিয়া প্ৰকাশ কৰা হ’ব সেয়া জানিব পৰা হোৱা নাই৷

উল্লেখ্য ডিএমকেই আৰম্ভণিৰ পৰাই বিজেপি বিৰোধী ভাৰত মিত্ৰজোঁটত সক্ৰিয় হৈ আছে। শনিবাৰে দলটোৱে কংগ্ৰেছ আৰু অন্যান্য সহযোগীদলৰ সৈতে আসন ভাগ-বতৰাৰ সিদ্ধান্ত চূড়ান্ত কৰে। ৩৯ খন আসনৰ ভিতৰত ৯খন আসন কংগ্ৰেছক এৰি দিয়া হৈছে। চিপিএম আৰু অন্যান্য দলসমূহক মুঠ আঠখন আসন দিয়া হৈছে। অৰ্থাৎ, ডিএমকেই ২২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। দলীয় সূত্ৰৰ মতে সকলো আসনতে প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছে।

গ্ৰীষ্ম অহাৰ পূৰ্বে জানি লওক কি কি খাব…

গ্ৰীষ্মকালত আমাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। অন্যথা অতি উত্তাপ, গৰম বতাহ আৰু জুইৰ ৰ’দে আপোনাক অতি অসুস্থ কৰি তুলিব পাৰে। সাধাৰণতে হিট ষ্ট্ৰোক আৰু ডিহাইড্ৰেচনৰ আশংকা অতি বেছি, এনে পৰিস্থিতিত আপুনি কিছুমান খাদ্য গ্ৰহণ কৰিব লাগিব যিয়ে এই গৰম বতৰত সকাহ দিব। সেউজীয়া শাক-পাচলি প্ৰতিটো ক্ষেত্ৰতে স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয়। কিন্তু ই গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে গৰমৰ পৰা সকাহ প্ৰদান কৰাত। ইয়াৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু পেটত তাপৰ সন্মুখীন হ’ব নালাগে।

যদি আপুনি দৈ আৰু ক’লা নিমখ মিহলাই মাখন প্ৰস্তুত কৰে, তেন্তে ইয়াক খোৱাৰ পিছত শৰীৰ শীতল হয় আৰু কিছু তেলীয়া খাদ্য খালেও পাচনতন্ত্ৰত অসুবিধা নহয়।

নেমুত ভিটামিন চিৰ পৰিমাণ অতি বেছি। ই আমাক কেৱল গৰমৰ পৰা ৰক্ষা কৰাই নহয় ভিতৰৰ পৰাও সতেজ কৰি ৰাখে। এদিনতে কেইবাগিলাচ নেমুৰ পানী খাব পাৰে।

গ্ৰীষ্মকালত কমলাৰ সেৱন বৃদ্ধি কৰক কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে। ইয়াত থকা ভিটামিন চি, আঁহ আৰু কেলচিয়ামেও শৰীৰত উপকাৰ সাধন কৰে।

গ্ৰীষ্মকালত যদি আপুনি ৰ’দ আৰু গৰমৰ বাবে অশান্তি পায় তেন্তে কেতিয়াও শীতল পানীয় নাখাব।ইয়াৰ পৰিৱৰ্তে কোমল নাৰিকল পানী খাওক।

গ্ৰীষ্ম অহাৰ পূৰ্বে জানি লওক কি কি খাব

গ্ৰীষ্মকালত আমাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। অন্যথা অতি উত্তাপ, গৰম বতাহ আৰু জুইৰ ৰ’দে আপোনাক অতি অসুস্থ কৰি তুলিব পাৰে। সাধাৰণতে হিট ষ্ট্ৰোক আৰু ডিহাইড্ৰেচনৰ আশংকা অতি বেছি, এনে পৰিস্থিতিত আপুনি কিছুমান খাদ্য গ্ৰহণ কৰিব লাগিব যিয়ে এই গৰম বতৰত সকাহ দিব। সেউজীয়া শাক-পাচলি প্ৰতিটো ক্ষেত্ৰতে স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয়। কিন্তু ই গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে গৰমৰ পৰা সকাহ প্ৰদান কৰাত। ইয়াৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু পেটত তাপৰ সন্মুখীন হ’ব নালাগে।

যদি আপুনি দৈ আৰু ক’লা নিমখ মিহলাই মাখন প্ৰস্তুত কৰে, তেন্তে ইয়াক খোৱাৰ পিছত শৰীৰ শীতল হয় আৰু কিছু তেলীয়া খাদ্য খালেও পাচনতন্ত্ৰত অসুবিধা নহয়।

নেমুত ভিটামিন চিৰ পৰিমাণ অতি বেছি। ই আমাক কেৱল গৰমৰ পৰা ৰক্ষা কৰাই নহয় ভিতৰৰ পৰাও সতেজ কৰি ৰাখে। এদিনতে কেইবাগিলাচ নেমুৰ পানী খাব পাৰে।

গ্ৰীষ্মকালত কমলাৰ সেৱন বৃদ্ধি কৰক কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে। ইয়াত থকা ভিটামিন চি, আঁহ আৰু কেলচিয়ামেও শৰীৰত উপকাৰ সাধন কৰে।

গ্ৰীষ্মকালত যদি আপুনি ৰ’দ আৰু গৰমৰ বাবে অশান্তি পায় তেন্তে কেতিয়াও শীতল পানীয় নাখাব।ইয়াৰ পৰিৱৰ্তে কোমল নাৰিকল পানী খাওক।

ৰুদ্ৰ ভূঞাক ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব…

কৃষক মুক্তি সংগ্ৰাম সমিতৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিৰ পদবীত নিযুক্ত হ’ল ৰুদ্ৰ ভূঞা। ধেমাজিৰ চিচিবৰগাঁৱৰ চৌখামটিং নিবাসী ৰুদ্ৰ ভূঞাই পূৰ্বতে সংগঠনটোৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি সংগঠনটোৰ বিভিন্ন বিষয়বাবত থাকি সংগঠনৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে।

সক্ৰিয় ছাত্ৰ নেতাজনৰ এই নতুন দায়িত্ব প্ৰাপ্তিৰ বাবে শুভাকাংশীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। দুলিয়াজানত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় অধিৱেশনত ৰুদ্ৰ ভূঞাক প্ৰদান কৰা হৈছে এই দায়িত্ব।

গুমৰাগ নৃত্যত উখলমাখল চমকং ৰঙ্গমঞ্চ, নতুন সমিতি গঠন ! চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত সাংস্কৃতিক প্ৰতিযোগিতাৰ সামৰণি…

গুমৰাগ নৃত্যত উখলমাখল চমকং ৰঙ্গমঞ্চ,নতুন সমিতি গঠন, চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত সাংস্কৃতিক প্ৰতিযোগিতাৰ সামৰণি

চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ চমকং আঞ্চলিক ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। অনুষ্ঠানৰ আজি পুৱা ৬ বজাত চাফাই অভিযান।পুৱা ৯ বজাত গছপুলি ৰোপণ কৰে উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি দিপক মিলি, সম্পাদক ৰোহিত কুটুম, সহকাৰী সম্পাদক মহেশ পেগুয়ে।পুৱা ১০ বজাত দলীয় নৃত্য অনুষ্ঠানৰ উদ্ধোধন কৰে চমকং আঞ্চলিক মিচিং বাঃনে কৌবাঙৰ সভাপতি যতীন কুটুমে।অনুষ্ঠানত গুমৰাগ, চেঃল্লয়া,লত্তা চঃনাম,আঃতি আঃতি চঃনাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।বিয়লি ৩ বজাৰ পৰা মহেশ কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলেয়ে কয় মিচিং সকল সাংস্কৃতিকভাৱে অতি চহকী। মিচিং সকলৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ সম্ভাৰ সমূহৰ উদ্ধাৰ, চৰ্চ্চা,প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ মাজত স্বকীয় সংস্কৃতিৰ প্ৰতি ধাউতি বঢ়াবলৈ চিন্তা কৰিব লাগিব বুলি উল্লেখ

কৰি এটা জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদ সমূহ নিভাঁজ আৰু শুদ্ধতা ৰূপত প্ৰতিস্থা কৰিবলৈ সকলোৰে একত্ৰিতভাৱে দায়িত্ব পালন কৰিব লাগিব বুলি সাৰুৱা বক্তব্য আগবঢ়ায়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ সদস্য প্ৰবীণ দলেয়ে কয় মিচিং সকলৰ পুৰোধা ব্যক্তি সকলে মিচিং জনগোষ্ঠীৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ সমূহৰ ৰক্ষণাবেক্ষণ কৰি পিছৰ প্ৰজন্মৰ বাবে বাট দেখুৱাই গৈছে বুলি কৈ আমাৰ কৃষ্টি-সংস্কৃতি, গীত-মাত,নৃত্য সমূহৰ বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ গৱেষণাৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই যাব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়। সভাত বিশিষ্ট অতিথি হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ জোনাই জিলা সমিতিৰ সভাপতি
প্ৰদীপ কুম্বাং, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলে,চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, সন্মানীয় অতিথি হিচাপে এমএচিৰ ইএম ভৱানী দুৱৰা, মলেন্দ্ৰ নাৰ্জাৰী, জিএম ববীকান্ত পেগু, মিচিং দৃৰবৃ কৌবাঙৰ জোনাই জিলা সমিতিৰ সম্পাদক যোগেশ চাৰহ,আমন্ত্ৰিত অতিথি হিচাপে মিচিং বাঃনে কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ সম্পাদক পদ্মনাথ চাৰহ,চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্ম,চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ হৰেণ চাৰহ, ড৹ দেবানন্দ সিং,সমাজকৰ্মী জোনটি ৰাঈডঙ্গীয়া,যদুমণি বৰা


উপস্থিত থাকে।সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ প্ৰাক্তন সভাপতি কুমেশ্বৰ মৰাঙে।সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী নিশা অঃমেয়ে গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে। কালি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই দিপক মিলিক সভাপতি, সঞ্জয় দলে,ডিম্বৰ পেগু, বিৰজু পেগুক উপ সভাপতি, মহেশ পেগুক সম্পাদক, উৎপল পেগু, উকুৰাম বাচাৰক
সহকাৰী সম্পাদক, যদুবীৰ মিলি, যতীন পেগুক সাংগঠনিক সম্পাদক, প্ৰিয়ত্তম দলে,হিতেশ্বৰ মৰাঙক সাংস্কৃতিক সম্পাদক, উৎপল দলেক কোষাধ্যক্ষ হিচাপে আৰু মহেশ কাৰ্দং, প্ৰশান্ত বড়ি,ডিম্বেশ্বৰ টায়েং, কুমেশ্বৰ মৰাং, কমলা পেগুক উপদেষ্টা হিচাপে লৈ মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিখন গঠন কৰা হয়।প্ৰতিনিধি সভাই মিচিং সকলৰ জাতীয় কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে মিচিং সকলৰ নৃত্য, গীত সমূহ শুদ্ধ আৰু নিভাঁজ ৰূপত প্ৰদৰ্শন, পৰিৱেশন কৰাৰ ওপৰত আৰোপ কৰে আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা মিচিঙৰ জাতীয় কৃষ্টি, নৃত্য, গীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সাহিত্যিক পেন্সনাৰ মামণি ডেকাক উষ্ম সম্বৰ্ধনা…

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা নলবাৰী জিলাৰ বৰনৰ্দ্দীৰ গাঁৱৰ বাসিন্দা, বিশিষ্ট লেখিকা, কেইবাখনো গ্ৰন্থৰ ৰচয়িতা, সাহিত্যিক পেন্সনাৰ মামণি ডেকাক যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তেখেতৰ বাসভৱনত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।


জাতীয় মহিলা পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পম্পী দেৱী তথা সদস্য বিনীতা চক্ৰৱৰ্তীয়ে প্ৰতিনিধিত্ব কৰি মামণি ডেকাক এখন ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰে।


নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এক উল্লেখযোগ্য দিন আৰু সেই দিনটোতে নিজস্ব শক্তিশালী লেখাৰ জৰিয়তে মহিলাসকলৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰি অহা মামণি ডেকাক সংগঠনটোৱে সম্বৰ্ধনা জনোৱাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।
প্ৰেৰক, দিগন্ত বৰ্মণ।

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক ডি লিট প্ৰদান…

প্ৰতিথযশা সাহিত্যিক ইমৰান শ্বাহক ডি লিট প্ৰদান
বিশিষ্ট লোকবোধ্য বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক ডি এচ চি প্ৰদান
গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ
দেশৰ উচ্চশিক্ষা খণ্ডলৈ অপৰিসীম অৱদান আগবঢ়াই অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি সম্পন্ন হয় বিশ্ববিদ্যালয়খনৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ। এই সমাৰোহত সভাপতিত্ব কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গুলাব চন্দ কটাৰিয়াই। সভাপতিৰ ভাষণত আচাৰ্যগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুণগত শৈক্ষিক মানৰ ভূয়সী প্ৰশংসা কৰে আৰু সময়ৰ দাবীৰ প্ৰতি সঁ‌হাৰি জনাই আগবাঢ়ি যাবলৈ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায়। ভাষণ প্ৰসংগত আচাৰ্যগৰাকীয়ে কয় – ‘মই আনন্দিত যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ ৰূপায়ণ কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত

চাৰিবছৰীয়া আণ্ডাৰগ্ৰেজুৱেট কাৰ্যসূচী আৰম্ভ কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু চলিত বৰ্ষৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পাঁ‌চ বছৰীয়া ইনটিগ্ৰেটেড স্নাতক কাৰ্যসূচী আৰম্ভ হ’ব। ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ ৰ মূল ধাৰণাৰ সৈতে সম্পৰ্কিত এই কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক গুৰু, লঘু, বহুমুখী, আন্তঃমুখী, কৌশলনিৰ্ভৰ আৰু মূল্যবোধৰ শিক্ষা আহৰণত প্ৰভূত সুযোগ প্ৰদান কৰিব।’ গাম্ভীৰ্যপূৰ্ণ এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পিলানীস্থিত ‘বিৰলা ইনষ্টিটিউট অফ টেকল’লজি এণ্ড চায়েন্স’ৰ সঞ্চালক তথা বিশিষ্ট শিক্ষাবিদ প্ৰাধ্যাপক সুধীৰ কুমাৰ বৰই। মুখ্য অতিথিৰ মনোজ্ঞ দীক্ষান্ত ভাষণত শিক্ষাবিদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু আনুভূতিক দিশক সামৰি সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্বাৰোপ কৰে। আদৰণি ভাষণত উপাচাৰ্য প্ৰাধ্যাপক

জিতেন হাজৰিকাই প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটিৰ অনুদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই সমাৰোহতে অসমৰ সাহিত্য জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰতিথযশা সাহিত্যিক ইমৰান শ্বাহক তেখেতৰ বিৰল প্ৰতিভাৰ স্বীকৃতি হিচাপে সন্মানীয় ডি. লিট. (D.Litt.) ডিগ্ৰী প্ৰদান কৰা হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে সাহিত্যিকগৰাকী এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। লগতে লোকবোধ্য বিজ্ঞান লেখনৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতি হিচাপে ক্ষীৰধৰ বৰুৱাক ডি. এচচি. (D.Sc.) সন্মান প্ৰদান কৰা হয়। এই দীক্ষান্ত সমাৰোহত ১,৩৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন শৈক্ষিক ডিগ্ৰী প্ৰদান কৰা হয়। তাৰে ৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। মুঠ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতি হিচাপে স্বৰ্ণ পদক প্ৰদান কৰা হয়। তাৰ মাজৰে ৩৩ গৰাকীয়ে শ্ৰেষ্ঠ স্নাতকোত্তৰ শিতানত আৰু ৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক’লা, বিজ্ঞান আৰু বাণিজ্যৰ শ্ৰেষ্ঠ স্নাতকৰ শিতানত স্বৰ্ণ পদক লাভ কৰে। তদুপৰি নৃতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীগৰাকীয়ে ‘ড°জোনালী ক্ৰপী মেম’ৰিয়েল গল্ড মেডেল আৰু এণ্ডাউমেন্ট এৱাৰ্ড’ লাভ কৰে। উল্লেখযোগ্য যে, ১৯৬৫ চনত স্থাপন হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে দেশৰ এই অংশত শিক্ষাৰ প্ৰসাৰৰ বাবে স্থাপন হোৱা অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠাৰ দিন ধৰি জ্ঞানৰ সম্প্ৰসাৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।