Home Blog Page 968

Assam junior boxers win 27 medals at REC Eastern Talent Hunt…

Assam junior boxers win 27 medals at REC Eastern Talent Hunt

Young talents from Assam clinched an impressive tally of 27 medals at the Eastern Talent Hunt Boxing Championships. The event, a collaborative initiative by the Sports Authority of India (SAI), the Boxing Federation of India (BFI), and REC Limited under the Ministry of Power, was held at the DTRP Indoor Stadium in Guwahati. The finals were played on Saturday evening.

Among the medals garnered, Assam’s junior boys showcased their mettle by bagging 16 medals (3 gold, 4 silver, 9 bronze), while junior girls demonstrated exceptional skill with 11 medals (2 gold, 3 silver, 6 bronze) to their credit.

Junior boys medal winners from Assam:

Gold: Jaganath Barman, Md Afruzor Rahman, Sundeep Basumatari. Silver: Himanshu Bora, Subhiraj RGU, Karan Singha, Md Alimuddin Ahmed. Bronze: Prince Gowala, Ankur Medhi, Manish Singha, Prince Doley, Niopen, Karteek Kumar, Priyamjyoti Gogoi, Mridupom Boruah, Jeet Kathboruah.

Junior girls medal winners from Assam:

Gold: Sunena Akhtara Aminj, Pritisha Priom Chutia. Silver: Rnsang Doley, Dhanti Saikia, Jayshree Dekha. Bronze: Namita Singh, Shriya Chakraborty, Bitalt Pegu, Kaushika Bora, Kumkum Boro, Nikshita Konwar.This exceptional achievement not only underscores the burgeoning talent within Assam’s boxing fraternity but also reflects the state’s commitment to nurturing and promoting sports excellence among its youth.

ধেমেচী জনাৰ্দন নামঘৰৰ স্থায়ী তোৰণ উন্মোচন…

ধেমেচী জনাৰ্দন নামঘৰৰ স্থায়ী তোৰণ উন্মোচন

ডিমৌৰ কাষৰীয়া ধেমেচী গোহাঁই গাঁও জনাৰ্দন নামঘৰৰ নৱনিৰ্মিত তোৰণখন আজি শুভ উন্মোচন কৰা হয়। নামঘৰটিৰ প্ৰতিষ্ঠা দিৱস দিৱস উপলক্ষত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম অনুসৰি আয়োজিত এক অনুষ্ঠানত তোৰণখন শুভ উন্মোচন কৰে ভাষ্কৰ্য্য শিল্পী, নামাচাৰ্য তথা কলালোৰ কোঁচগাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক ত্ৰিলোচন দত্তই।

তোৰণ উন্মোচনী অনুষ্ঠানত নামঘৰীয়া দিলীপ বুঢ়াগোহাঁই, ভাগৱত আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি দিপুল বৰগোহাঁইৰ লগতে জনাৰ্দন নামঘৰ পৰিয়ালৰ সদস্যসকল , দাঁতি কাষৰীয়া নামঘৰৰ ভালেসংখ্যক ভকত – আই উপস্থিত থাকে। উল্লেখ্য যে ১৯২০ চনৰ ১০ মাৰ্চত প্ৰতিষ্ঠা কৰা ধেমেচী গোহাঁই গাঁও জনাৰ্দন নামঘৰৰ

তোৰণখন নামঘৰ পৰিয়ালৰ সদস্য ক্ৰমে মোহন বৰগোহাঁই, কুলেন বৰগোহাঁই আৰু মৃদুল বুঢ়াগোহাঁইৰ পৰিয়ালে নিজা পুঁজিৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিছে। ইফালে নামঘৰত অহা ১৫ , ১৬ আৰু ১৭ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ্ভাগৱত পাঠৰ আৰু ভাওনা প্ৰদৰ্শন আয়োজন কৰিছে। ১৭ মাৰ্চৰ নিশালৈ গৌৰীসাগৰৰ ত্ৰিলোচন সাংস্কৃতিক গোষ্ঠীৰ শিল্পী সমাজে “দক্ষ যজ্ঞ” ভাওনা প্ৰদৰ্শন কৰিব।

মুকালমুৱাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত দুই সহস্ৰাধিকৰ বিজেপিত যোগদান…

মুকালমুৱাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত দুই সহস্ৰাধিকৰ বিজেপিত যোগদান।
হুচ থকা কোনো মানুহে কংগ্ৰেছ নকৰে বুলি বিৰোধী ৰাজনৈতিক দলক।

ভাৰতীয় জনতা পাৰ্টীত কোনো ধৰণৰ বংশবাদ নাই।বংশবাদ কেৱলমাত্ৰ কংগ্ৰেছ দলতহে চলে।নৱগঠিত বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত আজি বিজেপি দলত যোগদানৰ উদ্দেশ্যে আয়োজন কৰা বিশাল সভাত এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মুকালমুৱাস্থিত দেশভক্ত ময়দানত অনুষ্ঠিত সভাখনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজৰ ভাষনত কয় যে আগন্তুক লোকসভাৰ নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰ দলৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে বহু হাজাৰ ভোটত জয়লাভ কৰিব।বিজেপি দলৰ নলবাৰী জিলা কমিটিৰ সাধাৰণ সম্পাদক

পুলক শৰ্মাই আতধৰা সভাখনত মন্ত্ৰী বৰুৱাই লগতে কয় যে সংখ্যালঘু সংখ্যাগুৰু শব্দদুটা আজিকালি কোনো প্ৰাসংগিক হৈ থকা নাই।সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কতাক্ষ কৰি কয় যে এতিয়া হুচ থকা মানুহে কংগ্ৰেছ পাৰ্টী নকৰে বেহুচ মানুহেহে কংগ্ৰেছ কৰে।
লুৰিনজ্যোতি গগৈ ৰাজনৈতিকভাৱে সৰু লৰা। শিকিব লগীয়া বহুত আছে বুলি কটাক্ষ লুৰিনজ্যোতি গগৈক। সভাৰ আৰম্ভণিতে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে আদৰণি ভাষন দিয়া সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰনৰ অধ্যক্ষ নাৰায়ণ ডেকাই ভাষনত কয় যে বিগত বিধানসভাৰ নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিত আমি মাত্ৰ কেইহাজাৰমান ভোটতহে পৰাজিত হৈছিলো।

নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাচিৰ উদ্দিন আহমেদ,বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ কনক পাঠক, জেষ্ঠ কংগ্ৰেছ কৰ্মী তাৰিক হুছেইন সহ প্ৰায় দুই সহস্ৰাধিক লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ সহ বিভিন্ন দলৰ সদস্য পদত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান দি দলটোক আৰু অধিক শক্তি বৃদ্ধি কৰিলে বুলি প্ৰাক্তন বিধায়ক ডেকাই ভাষনত কয়।

১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা…

১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা

অহা ১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা৷ আজি এই বিষয়ে সদৰি কৰিছে প্ৰতিযোগিতাখনৰ আয়োজক ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱা আৰু ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে৷

উল্লেখযোগ্য যে ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত এইবাৰ চাৰিটা দলে অংশগ্ৰহণ কৰিছে৷ প্ৰতিটো দলে প্ৰথমে তিনিখনকৈ ৰাউণ্ড ৰবীন লীগ মেচত অংশ ল’ব আৰু শীৰ্ষ দল দুটাই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷

সভাপতি বৰুৱাই জনোৱা অনুসৰি এইবাৰ প্ৰতিযোগিতাৰ প্ৰতিদিনে দুখনকৈ লীগ মেচ অনুষ্ঠিত হ’ব৷ এখন দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ আবেলি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’ব৷ আনহাতে, প্ৰতিযোগিতাৰ ফাইনেল মেচখন অহা ১৭ মাৰ্চত দিনৰ দুই বজাৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাৰ ঘোষিত সূচী অনুসৰি অহা ১৩ মাৰ্চৰ উদ্বোধনী মেচত দৌৰাং এফ চি, ছিপাঝাৰ দলে অৰগেং এফ চি, ডিমাকুছিৰ বিৰুদ্ধে খেলিব৷ এই মেচখন দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হ’ব৷ উক্ত দিনাই চাৰি বজাৰ পৰা হ’বলগা দ্বিতীয়খন লীগ মেচত কামৰূপা এফ চি মুখামুখি হ’ব গুৱাহাটী চিটী এফ চিৰ৷

ইফালে, ১৪ মাৰ্চৰ প্ৰথমখন মেচত গুৱাহাটী চিটী এফ চিয়ে দৌৰাং এফ চি, ছিপাঝাৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সিদিনাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব অৰগেং এফ চি, ডিমাকুছি আৰু কামৰূপা এফ চি৷ আনহাতে, ১৫ মাৰ্চৰ প্ৰথমখন মেচত কামৰূপা এফ চিৰ বিৰুদ্ধে খেলিব দৌৰাং এফ চি, ছিপাঝাৰ দলে৷ তদুপৰি প্ৰতিযোগিতাৰ অন্তিম লীগ মেচখনত গুৱাহাটী চিটী এফ চি মুখামুখি হ’ব অৰগেং এফ চি, ডিমাকুছিৰ৷

উল্লেখযোগ্য যে উত্তৰ-পূৱৰ প্ৰথমজন অলিম্পিয়ান তথা ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় ফুটবল দলৰ অধিনায়ক ডাঃ টি আওৰ স্মৃতিত বিগত তিনি বছৰ ধৰি ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিয়ে সফলতাৰে আয়োজন কৰি অহা এই প্ৰতিযোগিতাখন এইবাৰো সাফল্যমণ্ডিত কৰিবলৈ স্থানীয় ক্ৰীড়াপ্ৰেমীৰ সহযোগিতা দূয়োটা আয়োজক সন্থাই কামনা কৰিছে৷

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে জাগীৰোডত টাটা গ্ৰুপৰ দ্বাৰা স্থাপন হ’ব লগা ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ অহা ১৩ মাৰ্চত ভাৰ্চুৱেলী শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে…

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে মৰিগাঁও জিলাৰ জাগীৰোডত টাটা গ্ৰুপৰ দ্বাৰা স্থাপন হ’ব লগা ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ অহা ১৩ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীই ভাৰ্চুৱেলী শিলান্যাস কৰিব ।

ইয়াৰ প্ৰস্তুতি সম্পৰ্কে আজি দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে এখনি বৈঠক সম্বোধন কৰা হয়। বৈঠকত সামগ্ৰীক প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কেও আলোচনা কৰা হয়।

বৈঠকত যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্যবাহী সদস্য বিনীতা দৈমাৰী ,মণ্ডল সভাপতি সকল ক্ৰমে প্ৰবীন ডেকা , মল্লিকা বৰদলৈ , চন্দন দাস সহিতে কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান…

গুৱাহাটী,৫ মাৰ্চ: বি বৰুৱা কলেজপ্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যেগত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদ (নাক)ৰ A++ গ্ৰেড লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ প্ৰথম দহখন ৰাজ্যৰ অন্যতম কলেজ হিচাপে স্বীকৃত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৮০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৯ আৰু ১০মাৰ্চ বৰ্ণাঢ্য বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিৰে পৰা প্ৰাক্তন বিদ্যাৰ্থী সংস্হাই বক্তৃতানুষ্ঠান,সাংস্কৃতিক অনুষ্ঠান,বি বৰুৱাৰ মৃত্যু দিৱস, ৰক্তদান শিবিৰ, আন্ত:মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন আন্ত:গাঁথনি মূলক কাম আদি বছৰযোৰা কাৰ্যসূচীৰে ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে।
বৰ্ষযোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা অহা ৯মাৰ্চৰ পুৱা ৯:৩০বজাত বিশিষ্ট প্ৰাক্তন বিবিয়ান সকলৰ দ্বাৰা বি বৰুৱা মহাবিদ্যালয় আৰু প্ৰাক্তন বিদ্যাৰ্থী সংস্হা (প্ৰা:বি:স:)ৰ ৮০ খন পতাকা উত্তোলন কৰা হ’ব।ইয়াৰ
পাছতে স্মৃতি তৰ্পণ কৰিব প্ৰা:বি:স:ৰ কাৰ্যকৰী সভাপতি ড০ ধ্ৰুৱ জ্যোতি চৌধুৰীয়ে। ১০:৩০ বজাত বি বৰুৱা কলেজৰ ড০ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য প্ৰাক্তন আৰু বৰ্তমানৰ বিবিয়ানৰ মত বিনিময়ৰ ‘বিবিয়ান সতীৰ্থৰ আলাপ’ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰিব বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।দুপৰীয়া দুই বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান।

বি বৰুৱা কলেজত কৰ্মৰত আৰু অৱসৰী শিক্ষক তথা কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা প্ৰদান কৰিব লগা অনুষ্ঠানটি উদ্বোধন কৰিব বি বৰুৱা কলেজৰ অধ্যক্ষ ড০ সত্যেন্দ্ৰ নাথ বৰ্মনে।প্ৰা:বি:স:ৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে ক্ৰমে মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু বিবৰুৱা কলেজ পৰিচালনা সমিতিৰ সভাপতি ড০পাৰ্থ প্ৰতিম বৰুৱাৰ লগতে বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰকিবুদ্দিন আহমেদ আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালিত পমি বৰুৱা উপস্থিত থাকিব। একেদিনাই ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ‘ফাগুনৰ এসন্ধ্যা’ শীৰ্ষক এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। মইনুল হ’ক,জুবিন গাৰ্গ, ৰিয়াজ তালুকদাৰ, হীৰেণ শৰ্মা,হীৰক শৰ্মাকে ধৰি ভালেসংখ্যক প্ৰাক্তন বিবিয়ানে অনুষ্ঠান পৰিৱেশন কৰিব লগা এই অনুষ্ঠানত সংগীত শিল্পী জুবিন গাৰ্গক বি বৰুৱা কলেজ প্ৰা:বি: স:ৰ তৰফৰপৰা এক উপাধি প্ৰদান কৰা হ’ব।এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰা: লি:ৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই।

অনুষ্ঠানৰ দ্বিতীয়দিনা অৰ্থাৎ ১০মাৰ্চৰ পুৱা ১০বজাত ‘বহ্ণিমান বিবিয়ান’ শীৰ্ষক অসমৰ জাতি জনগোষ্ঠী সমূহক প্ৰতিনিধিত্ব কৰিব লগা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব প্ৰা:বি:স:ৰ উপ সভাপতি হিমাংশু দাসৰ তত্ত্বাবধানত অনুষ্ঠিতব্য এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন বিবিয়ান ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই। ‘সোঁৱৰণীৰ কুঁৱলী ফালি..’ শীৰ্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হ’ব দিনৰ ১১:৩০বজাত।এই অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী ইত্যাদি বিভাগৰ মন্ত্রী তথা প্ৰাক্তন বিবিয়ান জয়ন্ত মল্ল বৰুৱাই। আবেলি চাৰি বজাত ‘বিবিয়ানৰ সুৰীয়া সন্ধিয়া’ শীর্ষক দ্বিতীয় বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।প্ৰাক্তনআৰু বৰ্তমানৰ বিবিয়ান সকলে অংশগ্রহণ কৰিব লগা এই অনুষ্ঠান উদ্বোধন কৰিব প্ৰাগ নিউজৰ স্বত্বাধিকাৰ তথা প্ৰাক্তন বিবিয়ান ড০ সঞ্জীৱ নাৰায়ণে। আজি বি বৰুৱা কলেজত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰি বিবৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী আৰু সাধাৰণ সম্পাদক ড০ বিজয় শংকৰ গোস্বামীয়ে সংস্হাৰ তৰফৰ পৰা কলেজৰ বৰ্তমানৰ আৰু প্ৰাক্তন সকলো ছাত্ৰ -ছাত্ৰীকে উপৰি উক্ত সামৰণী অনুষ্ঠানৰ দুয়োটা দিনৰ কাৰ্যসূচীতে অংশ গ্ৰহণ কৰি সাফল্য মণ্ডিত কৰিলগ তুলিবলৈ আহ্বান জনায়।জনায়। সংবাদ মেলখনত প্ৰা:বি:স:বিষয়ববীয়া নুৰুল হক , হেমচন্দ্ৰ পাঠক আৰু ড০ সত্যব্ৰত বৰুৱাও উপস্থিত আছিল৷

ক্ৰিকেট খেলত কামৰূপ উকীল সন্থা শ্ৰেষ্ঠ…

কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশ আৰু উকীল সন্থা, কামৰূপৰ মাজত আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ ক্ৰিকেট খেল খনত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে উকীল সন্থা , কামৰূপে ।

তীব্ৰ উত্তেজনা মূলক খেল খনত প্ৰথম বেট ধৰি উকীল সন্থাই নিৰ্ধাৰিত পোন্ধৰ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৪৭ ৰাণ কৰিবলৈ সক্ষম হয় । উকীল সন্থাৰ হৈ মহ: আলী জিন্নাই সুন্দৰ খেল প্ৰদৰ্শন কৰি ৫০ ৰাণ কৰে । ইফালে, ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশে নিৰ্ধাৰিত ১৫ অভাৰত ৮ উইকেট হেৰুৱাই ১৪০ ৰাণ কৰিবলৈ সক্ষম হয় ।

ন্যায়িক একাদশৰ হৈ গুণিন দাসে সৰ্বাধিক ৪ টা উইকেট লাভ কৰে । প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ ফিল্ডাৰৰ খিতাপ অৰ্জন কৰে ন্যায়িক বিষয়া পল্লৱ বৰদলৈয়ে । কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী সন্থাৰ হৈ ন্যায়িক বিষয়া গৌতম বৰুৱা,অভিজিৎ বৰুৱা,অনিল বাচফৰ,পল্লৱ বৰদলৈয়ে বেট আৰু বলে সুন্দৰ খেল প্ৰদৰ্শন কৰে ।

অসম গেচ কোম্পানীয়ে কাজিৰঙাত স্থাপন কৰিলে গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন…

অসম গেচ কোম্পানীয়ে কাজিৰঙাত স্থাপন কৰিলে গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচনঃ
চি এন জি ইন্ধনে প্ৰদূষণ মুক্ত কৰিব পৰ্য্যটন ক্ষেত্ৰ কাজিৰঙাক – অধ্যক্ষ বলীন চেতিয়াঃ
অচিৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন হ’ব এশতকৈও অধিক চি এন জি ষ্টেচন – পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীঃ

দুলীয়াজানস্থিত অসম গেচ কোম্পানী (AGCL)ৰ উদ্যোগত আজি গোলাঘাট জিলাৰ পৰ্যটন স্থলী কাজিৰঙাত প্ৰথমটো চি এন জি ষ্টেচন মুকলি কৰা হয় । ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড (BPCL) ৰ সহযোগত কাজিৰঙাৰ বিশিষ্ট ব্যৱসায়ী অনিমেশ শইকীয়াৰ বি পি চি এল ৰ অধীনস্থ কাজিৰঙাৰ গেলেকী গোসানীবৰৰ “এনাৰ্জী ষ্টেচন” চমুকৈ এন ই এচ কাজিৰঙা ডিপুত এ জি চি এল ৰ এই চি এন জি ষ্টেচনটো আজি পুৱা ১০ বজাত ফিটা কাটি মুকলি কৰে এ জি চি এলৰ অধ্যক্ষ তথা শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চতিয়াই । অধ্যক্ষ গৰাকীয়ে কাজিৰঙাত প্ৰতিষ্ঠা কৰা গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন মুকলি কৰি কয় যে এই ষ্টেচনটো এতিয়া কাজিৰঙাৰ বাবে এক আশীৰ্বাদ স্বৰূপ হ’ল । কিয়নো কালি ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জিপ ছাফাৰীৰ জৰিয়তে বন্যপ্ৰাণী চাইছিল তেতিয়া তেওঁ বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে কাজিৰঙা অঞ্চলটো সকলো ফালৰ পৰা প্ৰদূষণ মুক্ত হৈ থকাটো কামনা কৰিছিল ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণ কৰি যোৱা এদিনৰ পিছতেই কাজিৰঙাত অসম গেচ কোম্পানীৰ উদ্যোগত প্ৰদূষণ মুক্ত চি এন জি ষ্টেচন মুকলি কৰিব পৰাটো সঁচাই অসম চৰকাৰৰ লগতে অসম গেছ কোম্পানীৰ এক ডাঙৰ সফলতা বুলি অধ্যক্ষ গৰাকীয়ে মত পোষণ কৰে । লগতে তেওঁ কয় কাজিৰঙাত পৰ্যটক সকলে চাফাৰী কৰিবলৈ কমেও পাঁচশ খনতকৈও অধিক জিপছী আছে আৰু এই গাড়ী সমূহ বৰ্তমান ডিজেল বা পেট্ৰল চালিত । যদি অসম চৰকাৰৰ বন বিভাগৰ লগতে কাজিৰঙাৰ সচেতন নাগৰিকে অচিৰেই এই জিপচি সমূহ চি এন জিত চলাচল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া হ’লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কাৰণে এক প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি হোৱাই নহয় এখন এখন গাড়ীয়ে এক কেজি চি এন জি ইন্ধনত কমেও ৩৫ কিলোমিটাৰ পৰ্যন্ত মাইলেচ লাভ কৰি অৰ্থনৈতিক দিশটো টনকিয়াল হ’ব পাৰিব । আনহাতে এই অনুষ্ঠানত অসম গেচ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী উপস্থিত থাকি কয় যে অসমৰ বিভিন্ন প্ৰান্তত গেচ কোম্পানীয়ে লাহে লাহে এনেদৰে চি এন জি ষ্টেচন বৃদ্ধি কৰিব পৰাটো কোম্পানীৰ এক বৃহৎ ব্যৱসায়ীক সফলতা । অসম চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত আগবাঢ়ি যাবলৈ সক্ষম হোৱা অসম গেচ কোম্পানীয়ে অচিৰেই ৰাজ্য খনৰ বিভিন্ন জিলাত এশতকৈও অধিক চি এন জি ষ্টেচন প্ৰতিষ্ঠা কৰা হ’ব বুলি আজি কোম্পানীৰ পৰিচালন সঞ্চালক গৰাকীয়ে সদৰী কৰে ।

ইয়াৰোপৰি তেওঁ কয় অসম গেচ কোম্পানীৰ ভৌগোলিক এলেকাৰ ৬ খন জিলাত আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত ২০ টা চি এন জি ষ্টেচন স্থাপন কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এটা চি এন জি ষ্টেচনৰ পৰা আনটো ষ্টেচনলৈ যাতে দূৰত্ব ৫০ কিলোমিটাৰৰ ভিতৰত হয় তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব । লগতে পৰিচালন সঞ্চালক গৰাকীয়ে জানিবলৈ দি কয় যে চি এন জি ৰিটেল আউট লেট প্ৰতিষ্ঠাৰ বাবে ইতিমধ্যে অসম গেছ কোম্পানীয়ে IOCL, HPCL আৰু BPCL ৰ লগত এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰিছে । ইয়াৰোপৰি অসম গেচ কোম্পানীয়ে অসমৰ উপৰি চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত পেট্ৰল, ডিজেলৰ লগতে চি এন জি ইন্ধনৰ কেইবাটাও ডিপো স্থাপন কৰিবলৈ ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৰা অনুমতি লাভ কৰিছে বুলি পৰিচালন সঞ্চালক গৰাকীয়ে জনায় । এই সভাত উপস্থিত থকা বি পি চি এল ৰ ষ্টেট হেড পংকজ দাসে কয় যে অতি সোনকালেই ইন্ধনৰ বজাৰ খনত চি এন জি য়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ব । কিয়নো তুলনা কৰিলে দেখা যায় যে, এক কিলোমিটাৰ অতিক্ৰম কৰিবলৈ হ’লে চি এন জিৰ মূল্য হয় ২.৫০ টকা আৰু ইয়াৰ বিপৰীতে একেই দূৰত্বত পেট্ৰল- ডিজেলৰ মূল্য হয় কমেও ৫.৫০ টকা । আগন্তুক দিনত বি পি চি এলে এ জি চি এলৰ লগত কাম-কাজ আগবঢ়াই নিব বুলি বি পি চি এলৰ বিষয়া গৰাকীয়ে আজিৰ অনুষ্ঠানত সদৰী কৰে । অসম গেচ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে চি এন জি ইন্ধনৰ লাভালাভৰ সন্দৰ্ভত আজিৰ অনুষ্ঠানত তেওঁৰ বক্তব্যত উল্লেখ কৰে ।

আনহাতে চি এন জি ষ্টেচন সংস্থাপিত কৰা এন ই এছ কাজিৰঙাৰ স্বত্বাধিকাৰী অনিমেশ শইকীয়াই কাজিৰঙাত এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম গেচ কোম্পানীক ধন্যবাদ জনায় । অসম গেচ কোম্পানীৰ কনষ্ট্ৰাকচন ৰিটেল বিজনেজৰ জ্যেষ্ঠ প্ৰবন্ধক পৰমেষ দত্তই আদৰণী ভাষণ আগবঢ়োৱা আৰু গেচ কোম্পানীৰ জনসংযোগ বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটোত আজি উপস্থিত আছিল অসম গেচ কোম্পানীৰ বৰ্ড সঞ্চালক ধীৰেন সন্দিকৈ, ৰিটেল বিজনেজৰ ডি জি এম সমৰজিত নেওগ, ৰিটেল বিজনেজৰ চেলছ এণ্ড মাৰ্কেটিংৰ জ্যেষ্ঠ প্ৰবন্ধক আদিত্য কুমাৰ, চি জি ডি বিভাগৰ মুখ্য প্ৰবন্ধক ৰিপুঞ্জয় ফুকন, বি বি অংশুমান ঠাকুৰ, মেটেৰীয়েলছ বিভাগৰ প্ৰবন্ধক উৎপল কুমাৰ বৰগোঁহাই, বি পি চি এলৰ বিষয়া মৌচম খাউণ্ড, কাজিৰঙাৰ ডি এফ অ অৰুণ ভিগনেছ, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃত্রি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ সাংবাদিক তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ বাবুলাল মোৰ, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, স্বপন নাথ, কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা, ইমজাৰ সম্পাদক সুদীপ্ত তামুলীৰ উপৰি বহু কেইজন সাংবাদিক আৰু কাজিৰঙা অঞ্চলৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা বনগাঁৱৰ এগৰাকী মহিলা সকলোৰে হৈ পৰিছে আদৰ্শ…

কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা এগৰাকী মহিলা। বনগাঁৱৰ এগৰাকী কৰ্ম উদ্যমি মহিলা সকলোৰে হৈ পৰিছে আদৰ্শ। বনগাঁৱৰ জুন্টি বৰা নামৰ এই গৰাকী মহিলাই দেখাইছে স্বাৱলম্বিতাৰ অপূৰ্ব নিদৰ্শন।


যি সময়ত এচামে মহিলা সকলক দুৰ্বল বুলি ভাবে তেনে সময়তে জুন্টি বৰা নামৰ এই গৰাকী মহিলা হৈ পৰিছে সকলোৰে আদৰ্শ।


বিগত কেইবাবছৰো ধৰি কাঠফুলা খেতি কৰি স্বাৱলম্বিতাৰ পৰিচয় দাঙি ধৰিছে এই গৰাকী মহিলাই।এই গৰাকী মহিলাই ঘৰতে বহি নাথাকি কাঠফুলা খেতিৰ যোগেদি এক আদৰ্শ নাৰী হিচাপে বিবেচিত হৈ পৰিছে।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

৯৮ জন কৃষি বিষয়াক জেষ্ঠ কৃষি উন্নয়ন বিষয়াৰ পদত স্থলাভিসিক্ত, কৃষি মন্ত্ৰীৰ তৎপৰতাক আদৰণি অসম কৃষি সেৱা বিষয়া সন্থাৰ…

অসম চৰকাৰৰ কৃষি বিভাগত শেহতীয়া ভাৱে ৯৮ জন কৃষি উন্নয়ন বিষয়াক জেষ্ঠ কৃষি উন্নয়ন বিষয়াৰ পদত স্থলাভিসিক্ত কৰা হয়। বহু প্ৰতিক্ষিত এই প্ৰক্ৰিয়া দীৰ্ঘ দিন ধৰি স্থবিৰ হৈ আছিল যদিও ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই লোৱা তৎপৰ ভূমিকাৰ বাবেই এই প্ৰক্ৰিয়াটো সম্ভৱ হোৱা বুলি অসম কৃষি সেৱা বিষয়া সন্থাৰ সভাপতি মনোৰঞ্জন শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ভূঞাই এক বিবৃতিত উল্লেখ কৰি মন্ত্ৰী গৰাকীৰ এনে তৎপৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ কৰে। তাৰোপৰি বিভাগৰ কেইবাজনো বিষয়াৰ বিৰুদ্ধে চলি থকা প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি বিষয়ক বিভাগীয় কাৰ্যবিধি বিষয়টো নিষ্পত্তিৰ ক্ষেত্ৰত অসম কৃষি সেৱা বিষয়া সন্থাই জনাই অহা দাবীৰ প্ৰতি সহাৰি জনাই কৃষি মন্ত্ৰী গৰাকীয়ে লোৱা ভূমিকাৰ বাবেই বহু কেইজন বিষয়াই সকাহ লাভ কৰিবলৈ সক্ষম হৈছে I

নিষ্পত্তি হবলৈ বাকী থকা বিষয়াসকলেও অতি কম দিনৰ ভিতৰতে এক সু-মীমাংসা লাভ কৰিব বুলি সন্থা আশাবাদী। এই সমগ্ৰ প্ৰক্ৰিয়াটোত কৃষিমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবে সন্থাই মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ কৃষক আৰু কৃষি ক্ষেত্ৰৰ ক্ষিপ্ৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত বিভাগত পদোন্নতি আৰু খালি হৈ থকা বিভিন্ন পদসমুহ অতি সোনকালে পূৰণ কৰিবলৈ অনুৰোধ জনায় আৰু বিভাগৰ সেৱা বিধি,১৯৮০ বিভিন্ন ধাৰা বোৰৰ সংশোধন বিচাৰি সন্থাই জনাই অহা দাবীৰ নিষ্পত্তিৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ হস্তক্ষেপ দাবী কৰে।