Home Blog Page 976

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত ড° বুলজিৎ বুঢ়াগোহাঁই…

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানটো ২৩ মাৰ্চত অনুষ্ঠিত হয় আৰু বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড° ৰূপা বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক দেৱীকা ফুকনে । ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষা ‘বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰীসকলৰ বাবে থকা কেৰিয়াৰৰ সুযোগৰ বিষয়ে আলোচনা কৰে ।

তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য কেনেকৈ শুদ্ধ ভাবে সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে । বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । কেৰিয়াৰ পৰামৰ্শদাতা ড° বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।

নতুন ছবি মুক্তিৰ পূৰ্বে হালধীয়া শাৰী পৰিধানেৰে ৰাম মন্দিৰত উৰ্বশী ৰাউটেলা…

অযোধ্যাত উপস্থিত বলীউডৰ অভিনেত্ৰী উৰ্ভাশী ৰাউটেলা। ৰামলালাৰ দৰ্শন কৰিবলৈ হালধীয়া শাৰী পিন্ধি অযোধ্যা পালেগৈ অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাও কন্যা আৰু স্বামীৰ সৈতে মন্দিৰত উপস্থিত হয়। অযোধ্যা ৰাম মন্দিৰৰ পৰা বহু ফটো ভাইৰেল হৈছে অভিনেত্ৰীগৰাকীয়ে। আগন্তুক ছবিখন মুক্তিৰ পূৰ্বে ৰামলালাৰ আশীৰ্বাদ বিচাৰি অযোধ্যাত উপস্থিত হয় উৰ্বশী।


উৰ্বশী ৰাউটেলাক আগন্তুক ছবি JNU ত দেখা যাব। এই ছবিখন ২০২৪ চনৰ ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব। ছবিখন পৰিচালনা কৰিছে বিনয় শৰ্মাই আৰু প্ৰযোজক প্ৰতিমা দত্তৰ প্ৰডাকচন হাউছে। এই ছবিখনৰ পোষ্টাৰ ওলোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছে। কিছুদিন আগতে ৩ কোটি টকীয়া সোণৰ কেক এটা কাটি চৰ্চালৈ আহিছিল অভিনেত্ৰীগৰাকী।


মহিলাৰ কোনবোৰ গুণে আকৰ্ষিত কৰে পুৰুষক…

পুৰুষে মহিলাৰ কোনবোৰ গুণ ভাল পায় জানেনে? যদি আপুনি পুৰুষক আকৰ্ষণ কৰিব বিচাৰে, তেন্তে কেৱল ধুনীয়া হ’লেই নহ’ব। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণত এনে কিছুমান গুণ থাকিব লাগে যিয়ে সহজেই ল’ৰাৰ হৃদয় জয় কৰিব পাৰিব। সাধাৰণতে বিশ্বাস কৰা হয় যে নাৰীৰ সৌন্দৰ্য্যই পুৰুষক আকৰ্ষণ কৰে, এই কথা কিছু পৰিমাণে সত্য। হয়, কিন্তু ধুনীয়া চেহেৰাই মানুহৰ হৃদয়ত বহুদিনলৈ ঠাই ল’ব নোৱাৰে। আপোনাৰ আন কিছুমান গুণ থাকিব লাগে। যদি আপুনি বিৰক্তিকৰ বা অশান্তিদায়ক প্ৰকৃতিৰ হয় তেন্তে সকলোৱে আপোনাৰ পৰা আঁতৰিব বিচাৰিব। ছোৱালীৰ কোনবোৰ অভ্যাসে ল’ৰাক আকৰ্ষণ কৰে জানো আহক-

সৰু সৰু কথাত ছিৰিয়াছ হৈ পৰা আৰু দূৰত্ব বজাই ৰখা ছোৱালীৰ পৰা ল’ৰাবোৰে আঁতৰি থাকিবলৈ চেষ্টা কৰে। আনহাতে, যদি আপুনি আনন্দময় হয়, তেন্তে ল’ৰাবোৰে এই শৈলীটো ভাল পায় আৰু আকৰ্ষিত হয়।

অভাৰ মেকআপ আৰু অধিক মডাৰ্ণ লুকেৰে ল’ৰাক আপ্লুত কৰিব পাৰে, কিন্তু যদি হৃদয়ত ঠাই ল’ব বিচাৰে তেন্তে কেতিয়াবা আপোনাৰ সৰলতাই ল’ৰাক সন্তুষ্ট কৰিব পাৰে।

আপুনি নিশ্চয় দেখিছে যে বহু ছোৱালীয়ে নিজৰ সৰু সৰু কামৰ বাবে পিতৃ, ভাই বা পুৰুষ বন্ধুৰ ওপৰত নিৰ্ভৰশীল।আজিৰ যুগত পুৰুষে ভাল জীৱন দক্ষতা থকা নাৰীক ভাল পায়, যাতে পুৰুষ সংগীৰ ওপৰত নিৰ্ভৰ নকৰে।

যদি আপুনি কেৱল ধুনীয়া কিন্তু বুদ্ধিমান নহয় তেন্তে ল’ৰাবোৰে আপোনাক সহায় কৰাটো কঠিন হ’ব। আজিকালি ল’ৰাবোৰে বুদ্ধীমত্তী ছোৱালী ভাল পাই, যাতে জীৱনৰ কঠিন পথবোৰ সহজে পাৰ হ’ব পাৰে।

যদি মহিলাসকলে নিজৰ পুৰুষ সংগীক কেৰিয়াৰ বা জীৱনৰ যিকোনো সিদ্ধান্তত সহায় কৰে, তেন্তে ল’ৰাবোৰেও তেওঁলোকৰ বাবে নিজৰ প্ৰাণ আহুতি দিব। সেয়ে ল’ৰাক সিদ্ধান্তত সহায় কৰিলে প্ৰেম বাঢ়ে।

অগণতান্ত্ৰিক! নিৰ্বাচন আয়োগৰ কাষ চাপিব ইণ্ডিয়া মিত্ৰজোঁট…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি ইডিয়ে গ্ৰেপ্তাৰৰ কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্নজনে। অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । মমতাই এক্সত লিখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে তৰোৱালস্বৰূপ হৈ পৰিছে । তেওঁ এইবুলিও কৈছে যে তেওঁ কেজৰিৱালৰ পত্নী সুনীতাৰ সৈতে কথা পাতিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত শুকুৰবাৰে ইণ্ডিয়া এলায়েন্সৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ কাষ চাপিব। ইণ্ডিয়া মিত্ৰজোঁটৰ দলটোত দুগৰাকী তৃণমূল সদস্যও আছে। উল্লেখ্য কেজৰিৱালক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। আজি টিএমচিৰ মুৰব্বী মমতাই এক্স-হেণ্ডেলত এক দীঘলীয়া টুইটযোগে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে।মমতাই লিখিছে “জনসাধাৰণে জনতাই নিৰ্বাচিত কৰি পঠিওৱা বিৰোধী মুখ্যমন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু যিসকলৰ বিৰুদ্ধে ইডি আৰু চিবিআইৰ ওচৰত অভিযোগ আছে, তেওঁলোকে বিজেপিলৈ গৈ তেওঁলোকৰ কাম অব্যাহত ৰাখিছে। এয়া গণতন্ত্ৰৰ ওপৰত এটা ডাঙৰ আক্ৰমণ। জনসাধাৰণে নিৰ্বাচন কৰা দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক মই তীব্ৰ গৰিহণা দিছো।”


মমতাই এইবুলিও কৈছে যে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি মমতাই কৈছে। নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটে বিৰোধীক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। প্ৰতিনিধি দলটোত তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইন আৰু নদীমুল হকো আছে।

নেশ্যনেল ক্ৰাছ তৃপ্তী ডিমৰীৰ ঘৰৰ ভিতৰত কি আছে? চাওক…

তৃপ্তী ডিমৰীৰ ইনষ্টাগ্ৰাম পেজত তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা ছবিসমূহ হৈছে অভিনেত্ৰীগৰাকীৰ ঘৰৰ ভিতৰৰ ছবি। কেতিয়াবা চেলফি আৰু ঘৰত তোলা ছবি পোষ্ট কৰে তৃপ্তী ডিমৰীয়ে। সাত বছৰ ধৰি অভিনয় কৰি আহিছে তৃপ্তী ডিমৰীয়ে । কিন্তু মাত্ৰ এখন ছবিয়েই তৃপ্তী ডিমৰীক নিশাৰ ভিতৰতে জনপ্ৰিয়তাৰ শিখৰত উপনীন কৰালে। ২০২৩ চনত ডিচেম্বৰ মাহত ‘এনিমেল’ মুক্তি পোৱাৰ পিছত ‘নেশ্যনেল ক্ৰাছ’ সন্তুষ্টিৰ বিষয় হৈ পৰিছিল। ইনষ্টাগ্ৰামতো তেওঁৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে।




তৃপ্তী ডিমৰীৰ জন্ম উত্তৰাখণ্ডত। পাহাৰৰ কোলাত থকা মুকলি ঠাইতে শৈশৱ কটালে। অভিনেত্ৰীগৰাকী ঘৰটোৰ অতি মৰমৰ। গছ-গছনিৰে আগুৰি ঘৰটোৰ চাৰিওপালে। প্ৰতিটো কোঠাৰ বেৰৰ ৰং পাতল। কোনো কোনো ঠাইত বেৰৰ সলনি কাঁচৰ খিৰিকী আছে।

ঘৰৰ খিৰিকীৰ সংখ্যা বেছি। ঘৰটোত এটা কোঠাৰ পৰা আন এটা কোঠালৈ যাবলৈ কাঁচৰ দুৱাৰো আছে।


কাঁচৰ দুৱাৰৰ কাষেৰে ওপৰলৈ উঠি যোৱাৰ বাবে আছে কাঠৰ চিৰি এটা।

তৃপ্তী ডিমৰীৰ ঘৰৰ ভিতৰত এটা সৰু চুইমিং পুল।

চুইমিং পুললৈ নামিলেই দেখা পাব সেউজীয়াৰ বিস্তাৰ। চুইমিং পুলৰ তিনিফালে ডাঙৰ ডাঙৰ কাঁচৰ খিৰিকীৰে আগুৰি আছে। খিৰিকীৰ ওচৰত গছ-গছনি আছে।

বেডৰুমৰ এটা চুকত ক’লা-বগা প্ৰিন্টৰ চোফা এখন আছে।

টিপতিহঁতৰ ঘৰৰ শোৱনি কোঠাৰ কাষতে এখন বেলকনি। বেলকনি আৰু কোঠাটোৰ মাজত কাঁচৰ খিৰিকীও আছে।


গছ-গছনি ভাল পোৱাৰ দৰে তেওঁ নিজৰ ঘৰৰ বেলকনিতো বহু গছ ৰোপণ কৰিছে।


ড্ৰয়িং ৰূমত এখন সৰু চোফা। পাতল ৰঙৰ কুশ্বন। ঘৰৰ বেছিভাগ খিৰিকীতে বগা পৰ্দাৰে আবৃত।

আজি এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ লাইট…

এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ।

পৃথিৱীৰ বাবে এঘণ্টা সময়ৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ।

সকলো গ্ৰাহক, ৰাইজলৈ APDCLৰ বিশেষ আহ্বান।

ধৰিত্ৰী ঘণ্টা উপলক্ষে এই বিশেষ পদক্ষেপ।

পৃথিৱীৰ বাবে ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আহ্বান APDCLৰ।

কিমান সময়ৰ পৰা কিমান সময়লৈ বন্ধ ৰাখিব লাগিব অপ্ৰয়োজনীয় বিদ্যুৎ সেৱা।

আজি বিশ্বই পালন কৰিব ‘ধৰিত্ৰী ঘণ্টা’।

নিশা ৮:৩০-৯:৩০ বজালৈ ধৰিত্ৰী ঘণ্টা পালন কৰা হ’ব।

এই সময়ত বন্ধ ৰাখিব অপ্রয়োজনীয় লাইট সমূহ।

ধৰিত্ৰী ঘণ্টা পালনৰ লক্ষ্য জলবায়ু পৰিৱৰ্তন।

বন্ধন বেংক আৰু মহিন্দ্ৰা এন্ড মহিন্দ্ৰাৰ মাজত আকৰ্ষণীয় বাণিজ্যিক বাহন আৰু সঁজুলিৰ বাবে বিত্তীয় সমাধান প্ৰদানৰ বাবে বুজাবুজি চুক্তি…

দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংক বন্ধন বেংকে নিজৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ বাবে গ্ৰাহকসকলক সুবিধাজনক বিত্তীয় সমাধান আগবঢ়াবলৈ দেশৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাৰ অধীনত বন্ধন বেংকে সমগ্ৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলি পৰ্টফলিঅ’ত বিত্তীয় সাহায্য প্ৰদান কৰিব আৰু গ্ৰাহকসকলে বেংকৰ বিশাল নেটৱৰ্ক আৰু বিশেষভাৱে প্ৰস্তুত কৰা সহজ পৰিশোধ পৰিকল্পনাৰ জৰিয়তে লাভৱান হ’ব।
এই পদক্ষেপৰ কথা প্ৰকাশ কৰি বন্ধন বেংকৰ কনজিউমাৰ লেণ্ডিং এণ্ড মৰ্গেজ বিভাগৰ মুৰব্বী সন্তোষ নায়াৰে কয় যে, “বন্ধন বেংকে এমএণ্ডএমৰ সৈতে অংশীদাৰিত্ব কৰি অবিৰত বাহন বিত্তীয় সমাধান(ভেহিকল ফাইনেঞ্চিং চল্যুচন) আগবঢ়াই আনন্দিত হৈছে। এই সহযোগিতা বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ গ্ৰাহকৰ বৈচিত্ৰ্যপূৰ্ণ আৰ্থিক প্ৰয়োজনীয়তাসমূহ সেৱা আগবঢ়োৱাৰ প্ৰতি আমাৰ সমৰ্পণ আকৌ এবাৰ প্ৰতিফলিত কৰিব। আমি নিশ্চিত যে দুয়োটা প্ৰতিষ্ঠানে একেলগে প্ৰসাৰ আৰু বাণিজ্যিক বাহন খণ্ডৰ ব্যৱসায়ৰ বৃদ্ধিত সহায় কৰিবলৈ নিৰ্দিষ্ট বিত্তীয় বিকল্প প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিব।” এই অংশীদাৰিত্বৰ বিষয়ে মন্তব্য কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বাণিজ্যিক বাহনৰ ব্যৱসায়িক মুৰব্বী জালাল গুপ্তাই কয় যে, “এই অংশীদাৰিত্বই আমাক আমাৰ গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ বিত্তীয় সমাধান প্ৰদান কৰাত সহায় কৰিব আৰু প্ৰয়োজনীয় উৎসাহ আৰু আত্মবিশ্বাস প্ৰদান কৰিব, যাৰ জৰিয়তে সমৃদ্ধিশালী হোৱাৰ সুযোগ বৃদ্ধি হ’ব। এই চুক্তিয়ে এমচিই আৰু বন্ধন বেংক দুয়োটো প্ৰতিষ্ঠানকে বিশাল নেটৱৰ্কৰ অন্তৰ্নিহিত শক্তিৰ ওপৰত লাভ আদায় কৰিবলৈ সক্ষম কৰিব।”

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ এক বিস্তৃত পৰিসৰ আগবঢ়ায়। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত মহিন্দ্ৰাৰ সামগ্ৰী ৩.৫ টনৰ পৰা ৫৫ টন ৰেঞ্জলৈকে আগবঢ়ায়, যাৰ ভিতৰত আছে LCV, ICVআৰু HCV। অৱশ্যে, বাণিজ্যিক সঁজুলিৰ স্থানত মহিন্দ্ৰাই বেক-হো লোডাৰ আৰু মটৰ গ্ৰেডাৰ বিক্ৰী কৰে। মহিন্দ্ৰা হৈছে ৪০% তকৈ অধিক বিকাশ হাৰেৰে দ্ৰুতগতিত বিকশিত অ’ইএমবোৰৰ ভিতৰত অন্যতম আৰু ৫০০ৰো অধিক টাচ্চপইণ্টৰ নেটৱৰ্কৰ সৈতে বিক্ৰীৰ পিছৰ সেৱা দ্ৰুতগতিত সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। বন্ধন বেংক হৈছে নতুন যুগৰ বৰ্তমান সময়ৰ ব্যক্তিগত খণ্ডৰ বেংক, যিয়ে দায়বদ্ধ সামগ্ৰীৰ লগতে গৃহ ঋণ, যাত্ৰী আৰু বাণিজ্যিক বাহন ঋণ, ব্যক্তিগত ঋণৰ দৰে ৰিটেইল সম্পদ সামগ্ৰীৰ ওপৰত সবাতোকৈ প্ৰতিযোগিতামূলক সুতৰ হাৰ প্ৰদান কৰি আহিছে। বন্ধন বেংক ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৫খনতে সম্প্ৰসাৰণ কৰিছে নিজৰ ব্যৱসায় আৰু বৰ্তমান ৬,২৫০তকৈ অধিক বেংক আউটলেটৰ জৰিয়তে ভাৰতৰ ৩.২৫ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে।

বিজেপি বিশ্বৰ আটাইতকৈ অধিক ধন সংগ্ৰহকাৰী দলঃ ভূপেন বৰা…

“বিজেপিৰ অপশাসন আৰু ভ্ৰস্তাছাৰৰ বিৰুদ্ধে যাতে বিৰোধীৰ মূল নেতাসকল সৰ্বসাধাৰণৰ মাজলৈ যাব নোৱাৰে বা প্ৰচাৰ কৰিব নোৱাৰে তাৰবাবেই চৰকাৰে আপৰ নেতা অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু তেওঁ কেইদিনমান আমাৰ মাজত নাথাকিলেও বিৰোধী ঐক্যমঞ্চই সেই অভাৱ পূৰণ কৰিব আৰু অৰৱিন্দ কেজৰিৱাল আৰু হেমন্ত সেনৰ মুক্তিৰ বাবে আমি দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম৷বিজেপিৰ বিৰুদ্ধে এই যুঁজ নিৰবিচ্চিন্ন ভাবে অব্যাহত থাকিব৷” শুক্ৰবাৰে তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন আপোনপেটীয়া লোক বুলি অভিহিত কৰি বৰাই লগতে কয় যে আপোনপেটীয়া লোক এজন দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবেই দেশৰ আটাইতকৈ গণতান্ত্ৰিক ব্যৱস্থা নিৰ্বাচনতো চৰকাৰে হাত দিছে৷নিৰ্বাচনী আয়োগে ৰাজনৈতিক দল সমূহক নিৰ্বাচনী ব্যয়ৰ বাবে সীমা নিৰ্দ্ধাৰণ কৰি অনুমতি দিয়া সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কংগ্ৰেছৰ ১১ টা বেংক একাউণ্ট ফ্ৰীজ কৰিছে আৰু বলপূৰ্বকভাৱে বেংকত জমা থকা কংগ্ৰেছৰ ১১৫.৩২ কোটি টকা উলিয়াই লৈ গৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পুনৰ কয় যে,ইণ্ডিয়া মিত্ৰজোঁটৰ জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়েই প্ৰধানমন্ত্ৰীয়ে এই কাম কৰিছে৷

আনহাতে ইলেক্টৰেল বণ্ডৰ নামত বৃহৎ স্কেম বিজেপিয়ে কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,সন্ত্ৰসবাদী সংগঠনে যেনেদৰে টকা সংগ্ৰহ কৰে তেনেদৰে এই বণ্ডৰ জৰিয়তে বিজেপিয়ে ধন সংগ্ৰহ কৰিছে৷তেওঁ কয়“পাকিস্তানৰ কোম্পানী তথা জুৱাৰীৰ পৰাও ধন সংগ্ৰহ কৰিছে বিজেপিয়ে। সভাপতি বৰাই আৰু কয় যে চিবিআই,আয় কৰ আৰু ঈডি য়ে যি বোৰ অনুষ্ঠানত অভিযান চলাইছিল সেইবোৰৰ টকাৰ অধিকাংশ বিজেপিৰ দলৰ ফাণ্ডত জমা হৈছে।আনহাতে, ইলেক্টৰেল বণ্ডৰ জড়িয়তে ৰাজনৈতিক দল সমূহে যিমান টকা পায় বিজেপিয়ে ইয়াৰ ৫০শতাংশ লাভ কৰিছে আৰু কংগ্ৰেছ এটা প্ৰাচীন ৰাজনৈতিক দল হোৱাৰ পিছতো মাত্ৰ ১১শতাংশহে হে পাইছে বুলি তেওঁ সংবাদ মেলত উল্লেখ কৰে৷তেওঁ কয় যে ইলেক্টৰেল বণ্ড কেলেংকাৰি হেঁচা প্ৰয়োগ কৰি ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল বিজেপিয়ে। বিজেপিয়ে দেশত অৰাজকটাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি বৰাই আৰু কয় যে,কংগ্ৰেছৰ ২১০ কোটি টকাৰ ফিক্সড ডিপোজিতৰ লেনদেন বন্ধ কৰি দিছে৷বৰাই এই সন্দৰ্ভত কয় যে ২০১৭-১৮ত কংগ্ৰেছে দেশৰ সৰ্বসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু ইয়াৰে ভিতৰত ১৯৯কোটি টকা চেক বা আন ধৰণে আদায় দিয়াৰ বিপৰীতে মাত্ৰ ১৪লাখ টকা নগদ সংগ্ৰহ হৈছিল৷এই পৰিমান মাত্ৰ ০.০০৭শতাংশ বুলি উল্লেখ কৰি বৰাই কয় যে আয়কৰ বিভাগে ইয়াৰ বিপৰীতে অতি বেছি ১০হেজাৰ টকাহে জৰিমনা আদায় কৰিব লাগে য’দিও কংগ্ৰেছৰ পৰা ১০৬কোটি টকা জৰিমনা আদায় কৰিছে৷তেওঁ পৃথিৱীৰ ভিতৰতে বিজেপি আটাইতকৈ অধিক ধনসংগ্ৰহকাৰী দল বুলিও মন্তব্য কৰা বৰাই কয় যে কংগ্ৰেছে ৰাজ্যৰ পাঁচখন লোকসভা আসনত ৱাকঅভাৰ পোৱাৰ দৰে হৈ আছে৷তেওঁ পুনৰ কয় যে বিজেপিয়ে ১০-১৪খন আসন পাব বুলি কৈ থকাৰ বিপৰীতে মূল্য বৃদ্ধিত চটফটাই থকা মানুহে কি ভাবিছে সেইটোহে ডাঙৰ কথা৷একেদৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কিয় কৰা নহ’ল,বিজেপি শাসনলৈ আহিলে অবৈধ বিদেশী বহিস্কাৰ কিয় কৰা নহ’ল,পতাকা যিমান ওপৰলৈ উৰিলেও চাহশ্ৰমিকৰ দৈনিক মজুৰি কিয় বৃদ্ধি কৰা নহ’ল,এক পেঞ্চন নীতিৰ দাবী কৰি অহা সকলৰ দাবী কিয় মানিলোৱা নহ’ল এইবোৰ কথা ৰাইজে কেনেদৰে লৈছে সেয়াহে ডাঙৰ কথা বুলি মন্তব্য কৰি বৰাই আৰু কয় যে,সম্প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰীজন গাঁৱে গাঁৱে কিয় ঘূৰি ফুৰিব লগীয়া হৈছে য’দিহে তেওঁলোকে ইমান ভালকামেই কৰিছিল৷সম্প্ৰতি বিজেপিৰ এজনো মন্ত্ৰী বিধায়ক দিছপুৰত কিয় নাই বুলিও প্ৰশ্ন কৰি বৰাই কয় ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ মানুহে নিশ্চয় চাব৷আনহাতে আপক গুৱাহাটী আৰু শোণিতপুৰৰ আসন দুখন এৰি দিবলৈ পত্ৰ লিখাৰ পাছত আপে গুৱাহাটীৰ আসনখন এৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি বৰাই কয়“এতিয়াও সময় আছে৷ পাৰিলে আপ-ৰ প্ৰাৰ্থী গৰাকীয়ে শোণিতপুৰত মনোনয়ন দাখিল কৰিব নালাগে৷”সংবাদমেলৰ পৰাই আপৰ প্ৰাৰ্থীজনলৈ তেওঁ এই আহ্বান জনোৱা বুলিও কয়৷


আনহাতে, বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্রেছক পুৰণি দুটকীয়া নোট বুলি কৰা কটাক্ষৰ উত্তৰত ভূপেন বৰাই কয় যে, কংগ্ৰেছ পুৰণি দুটকীয়া নোট নে বিজেপি অচল দুহেজাৰ টকীয়া নোট সেয়া চাৰি জুনত প্ৰকাশ পাব৷

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছেঃ আন্না হাজাৰে…

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছে। এই মন্তব্য এসময়ত প্ৰিয় শিষ্য অৰবিন্দ কেজৰিৱালৰ গুৰু আনানা হাজাৰেৰ । আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে তেওঁৰ এসময়ৰ প্ৰিয় শিষ্যৰ বিষয়ে মুখ খুলিছে। আন্না হাজাৰেই কয় “কেজৰিৱালে তেওঁৰ কামৰ পৰিণাম ভোগ কৰিছে। ‘ বছৰটো আছিল ২০১৩। দিল্লীত কংগ্ৰেছ চৰকাৰৰ সেয়া অন্তিম বৰ্ষ আছিল। মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। সেই সময়ত অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ চৰকাৰ আৰু শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। আনকি তেওঁ দিল্লীত দুৰ্নীতিৰ প্ৰতিবাদত আন্না হাজাৰেৰ সৈতে অনশনতো বহিছিল। তেওঁ দাবী কৰিছিল যে শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমাণ হিচাপে তেওঁৰ ওচৰত লাখ লাখ নথি আছে। কেজৰিৱালৰ আন্দোলনে জনসাধাৰণৰ মনত সাঁচ বহুৱাইছিল। কিয়নো ‘স্বচ্ছ’ ভাৱমূৰ্তিৰ আন্না হাজাৰেই তেওঁৰ সৈতে ধৰ্ণাত বহিছিল।


সেই সময়ত, আন্না হাজাৰেই দাবী কৰিছিল যে তেওঁৰ আন্দোলন অ-ৰাজনৈতিক আৰু কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে। কিন্তু পিছত দেখা গৈছিল যে তেওঁৰ ছাঁৰ দৰে লাগি থকা কেজৰিৱালে পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিলে আৰু ক্ষমতাৰ বাঘজৰীও হাতত ল’লে। আন্না হাজাৰেই লগে লগে কেজৰিৱালৰ সংগ ত্যাগ কৰিছিল। আন্না হাজাপেই এতিয়া কৈছে যে ক্ষমতাৰ লোভে কেজৰিৱালক ‘নীতিৰ বিৰুদ্ধে’ কাম কৰিবলৈ বাধ্য কৰিছে। তেওঁ ইয়াৰ পৰিণামো ভুগিব লাগিব। হাজাৰেই কয় “কেজৰিৱালৰ ভূমিকাত মই দুঃখিত। তেওঁ মোৰ সৈতে সুৰাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেওঁ আজি সুৰাৰ বিষয়ে নীতি প্ৰস্তুত কৰি আছে।” ইফালে, কেজৰিৱালৰ অধিবক্তাসকলে তেওঁৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। কিন্তু গোচৰটোৰ শুনানিৰ আগতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে। কেজৰিৱালৰ অধিবক্তাসকলে কৈছে যে তেওঁলোকে এতিয়া নিম্ন আদালতত আবেদন কৰিব।

কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০২৪, দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ প্ৰাণ পালে; কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ ২০০২ৰ ৰোমন্থন…

ছ-অৰা সূত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক জীৱনত অতীজৰে পৰা ভাওনা সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কেৱল গুৰুদুজনাৰে নহয় পৰৱৰ্তী সময়ৰ আতাপুৰুষসকলৰ আৰু কলিয়াবৰৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰসকলৰ দ্বাৰা প্ৰণীত নাটসমূহ মহাআড়ম্বৰপূৰ্ণভাৱে আজিলৈকে বিভিন্ন তিথি, সভা-উৎসৱত পৰিৱেশন কৰি অহা হৈছে। যদিও কিছু সংযোগ-বিয়োগ, হেৰফেৰ হৈছে কলিয়াবৰৰ ভাওনাৰ নিজস্ব এক শৈলী আছে, যি শৈলী আজিও বিদ্যমান। কিন্তু আজি কিছু বছৰৰ পৰা বিয়োগ-সংযোগ, হেৰফেৰ বিসঙ্গতিৰ কু-প্ৰভাৱ অতি চকুত লগাকৈ পৰিছে। এইটোৱে গুৰু প্ৰৱৰ্তিত ভাওনাৰ মূল লক্ষ্যৰ পৰা বিচলিত হৈছে বুলি আলোচিতও হৈছে। তৎস্বত্বেও কলিয়াবৰৰ সত্ৰসমূহৰ লগতে গাঁও অঞ্চলৰ নামঘৰ সমূহত পৰম্পৰাগত ধাৰণাৰে ভাওনা সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস আজিও বিদ্যমান। গুৰুদুজনাৰে ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে ভাওনাৰ সৃষ্টি কৰিছিল, যি পৰৱৰ্তী সময়ত চৰ্চা আৰু চৰ্য্যাৰ জৰিয়তে অসমীয়া সমাজ জীৱনৰ লগত একীভূত হৈ পৰিল। এক সামাজিক মিলনৰ গণতান্ত্ৰিক স্বৰূপলৈ পৰিৱৰ্তন হ’ল। ভাওনা পৰিৱেশনৰ সময়ত আৰম্ভণী কালৰ জাত-পাত, বৰ্ণ-বৈষম্যৰ কূটিল বন্ধনী চিঙিবলৈ সক্ষম হৈছিল আৰু এতিয়াও সেই ধাৰাই অব্যাহত আছে। ভাওনাৰ ভাও-ভাৱৰীয়া, গায়ন-বায়নৰ স্থানত যোগ্যজনে সদায় যোগ্য আসন পাই আহিছে। কলিয়াবৰৰ ভাওনাৰ কিছু এৰাব নোৱাৰা বৈশিষ্ট্যৰ বিষয়ে কলিয়াবৰৰ ইতিহাস চৰ্চাৰ বাটকটীয়া প্ৰয়াত লীলাধৰ বৰাদেৱৰ ‘ঐতিহ্যমণ্ডিত কলিয়াবৰ’ গ্ৰন্থত উল্লেখ কৰিছে একেধৰণে – “এসময়ত কলিয়াবৰীয়া ভাৱৰীয়াই নাটৰ কথা আখৰে-আখৰে মানিছিল আৰু তাত আজিৰ দৰে কোনো কথা যোগ বা বিয়োগ নকৰিছিল। নাট্যকাৰৰ বচনৰ লগত কোনো ভাৱৰীয়াই নিজৰ পাণ্ডিত্য দেখুৱাই অন্য কথা যোগ দি লোৱাটোক তেতিয়া অপৰাধ বুলি গণ্য কৰা হৈছিল। অতিমাত্ৰা অভিনয়ৰে নিজকে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাতকৈ নাটকৰ মূল আদৰ্শ ৰক্ষা কৰাতহে ভাৱৰীয়াসকল বেছি সজাগ। মনুষ্য হৈ দৈৱীভাৱ প্ৰকাশ কৰাই সেইসকলৰ ভাৱৰীয়াৰ মূল লক্ষ্য আছিল। দৃশ্যসজ্জা, পোছাক-পৰিচ্ছদৰ কথা তেনেই গৌণ আছিল।”


কলিয়াবৰতো ১৬০১ চনৰ পৰা ১৭০০ চন মানলৈকে এই সময়ছোৱাত কলিয়াবৰৰ বিভিন্ন স্থান সত্ৰ স্থাপন হ’ল। সত্ৰ স্থাপন হোৱাৰ পৰৱৰ্তী কালৰ পৰাই গুৰুদুজনাৰ নাটৰ লগতে আন নাট অভিনয় হয়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আজ্ঞাপৰ ধৰ্মাধিকাৰৰ শ্ৰীসতানন্দদৱৰ বিয়োগৰ পাছত ১৬১০–১৬১৮ চনৰ ভিতৰত তেওঁৰ চাৰিপুত্ৰ – জয়কৃষ্ণ, মহাকৃষ্ণ, ত্ৰাহিকৃষ্ণ আৰু শ্ৰীকৃষ্ণ উত্তৰ পাৰৰ বিশ্বনাথত থকা পৈত্ৰিক সত্ৰ এৰি কলিয়াবৰত উপস্থিত হয়হি। চাৰিভাতৃয়ে কলিয়াবৰত ভাগে-ভাগে সত্ৰ স্থাপন কৰি গুৰুজনাৰ প্ৰৱৰ্তিত ধৰ্ম-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত একান্তভাৱে নিজকে নিয়োজিত কৰে। ক্ৰমে সত্ৰসমূহৰ চুবুৰীয়া অঞ্চলতো গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ প্ৰভাৱত নামঘৰ স্থাপনৰ লগতে গুৰুসৃষ্ট সংস্কৃতিৰ চৰ্চা জনমুখী হৈ পৰে। তেতিয়াৰে পৰা গুৰূকৃত নাট-ভাওনাৰো অভিনয় আৰম্ভ হোৱা বুলি ক’ব পাৰি। সতানন্দদেৱৰ কনিষ্ঠ পুত্ৰ শ্ৰীকৃষ্ণদেৱৰ সপ্তদশ শতিকাৰ মাজভাগত বৈকুণ্ঠপ্ৰয়াণ হয়। পিতৃৰ আদ্যশ্ৰাদ্ধত শ্ৰীকৃষ্ণদেৱৰ বৰপুত্ৰ বাপু ৰামদেৱে ‘পাৰিজাত হৰণ’ নাট কৰাইছিল বুলি ‘সন্ত মুক্তাৱলী’ত পোৱা যায়। বাপুৰাম দেৱে চিকনী পাহাৰৰ ওচৰৰৰ দৌল পুখুৰীত শ্ৰীশ্ৰীকৃষ্ণৰ দৌলোৎসৱ ভাওনা পাতি আৰম্বৰপূৰ্ণভাৱে পালন কৰিছিল বুলি জনা যায়। পৰৱৰ্তীকালত কলিয়াবৰত হাজাৰী ভাওনাই এক নিৰ্দিষ্ট পৰিসৰত আৱদ্ধ হৈ থকা গুৰুদুজনাৰ অতুলনীয় সৃষ্টিক সৰ্বসাধাৰণৰ ওচৰ চপাই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আহোম সেনাপতি মোমাই তামূলী বৰবৰুৱাই গঢ় দিয়া কলিয়াবৰৰ ৩০০ বছৰৰো অধিক কাল পুৰণি হাজাৰী ভাওনা। আহোম যুগত শ্ৰীকৃষ্ণ আৰু দৌল উৎসৱে কলিয়াবৰৰ সাংস্কৃতিক ইতিহাসত বিশেষ স্থান দখল কৰিছিল। এই দৌল উৎসৱকেই কেন্দ্ৰ কৰি এদিন এই ঠাইত জন্ম হৈছিল হাজাৰী ভাওনাৰ। বিভিন্ন কাৰণবশতঃ কলিয়াৰীয়া ৰাইজে বহু বছৰ বাদ দি আহিছিল যদিও হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে এই লুপ্তপ্ৰায় সংস্কৃতি ৫২ বছৰৰ পাছত পুনৰ উন্মেষ ঘটাই ২০০০ চনত ২১ শতিকাক আদৰণী জনালে। কলিয়াবৰীয়া হাজাৰ সমূহ পুনৰ সক্ৰিয় হৈ পৰিল। কলিয়াবৰ হাজাৰ পূৱৰ জাগ্ৰত হোৱাৰ দ্বিতীয় বাৰ্ষিকী উদ্‌যাপনৰ লক্ষ্য আগত ৰাখি হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে কলিয়াবৰৰ আঠখন হাজাৰক একত্ৰিত কৰি কলিয়াবৰৰীয়া ৰাইজৰ সহযোগত কলিয়াবৰ হাজাৰী ভাওনা প্ৰস্তুতি সমিতি গঠন কৰে। প্ৰস্তুতি সমিতিৰ একান্ত চেষ্টা ফলত মধ্য কলিয়াবৰ হাজাৰ (উলুৱনী) আৰু পূৱ কলিয়াবৰ (কুঠৰী) হাজাৰ গঠন হয়।
হাটবৰ হাজাৰ নামঘৰ প্ৰাঙ্গণৰ শঙ্কৰ-মাধৱ ক্ষেত্ৰত পুৰুষোত্তম আতা, গোপাল, দামোদৰদেৱ আৰু বদলা পদ্ম আতাৰ নামাকৰণৰে সাজি উলিওৱা অস্থায়ী ৰভাৰ লাইখুঁটা স্থাপন কৰিছিল হাটবৰ হাজাৰ অন্তৰ্গত সৰুভগীয়া গাঁৱৰ বয়োজ্যেষ্ঠ ফণীধৰ মুক্তায়াৰে।


২০০২ চনৰ ২৩ আৰু ২৪ মাৰ্চ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা হাজাৰী ভাওনা উৎসৱত অংশগ্ৰহণ কৰা হাজাৰ সমূহ আছিল – বৰভগীয়া হাজাৰ, হাটবৰ হাজাৰ, পশ্চিম কলিয়াবৰ হাজাৰ, চতিয়াল হাজাৰ, উত্তৰ কলিয়াবৰ হাজাৰ, নৱগঠিত দুই হাজাৰ মধ্য কলিয়াবৰ হাজাৰ (উলুৱনী) আৰু পূৱ কলিয়াবৰ হাজাৰ (কুঠৰী) আৰু জখলাবন্ধা হাজাৰ অন্তৰ্গত শেনচোৱা গাঁৱৰ ৰাইজে। কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০০২ৰ ২৩ মাৰ্চ তাৰিখে শুভাৰম্ভণী কৰা হয় প্ৰাতঃ প্ৰসঙ্গৰে। কলিয়াবৰৰ হাজাৰ সমূহৰ ভকত-বৈষ্ণৱসকল শোভাযাত্ৰাৰে শঙ্কৰ-মাধৱ ক্ষেত্ৰত উপস্থিত হাজাৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে মধ্য কলিয়াবৰ হাজাৰৰ বয়োজ্যেষ্ঠ সত্ৰীয়া শিল্পী কিনাৰাম বৰবায়নে। লগতে মূল নামঘৰৰ লগতে ভাওনাৰ অস্থায়ী খলাত দুপৰীয়া নাম প্ৰসঙ্গৰ আয়োজন কৰা হয়। প্ৰথম নিশাৰ ভাওনাৰ লগতে হাজাৰী ভাওনা উৎসৱৰ উদ্বোধন কৰিছিল তেজপুৰৰ শ্ৰীশ্ৰীনিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা কলাগুৰু সঙ্গীত মহাবিদ্যালয়ৰ তদানীন্তন আধ্যক্ষ প্ৰয়াত পূণ্যব্ৰত দেৱগোস্বামীয়ে। লগে-লগে চাৰিও খলাতে পূৰ্বৰঙ্গৰে ভাওনা আৰম্ভ হয়। প্ৰথম নিশা বৰভগীয়া হাজাৰে পুৰুষোত্তম আতা খলাত ‘ৰাম-হনুমানৰ যুদ্ধ’, হাটবৰ হাজাৰে ‘অন্ধমুণিৰ অভিশাপ’ গোপাল আতাৰ খলাত, পশ্চিম কলিয়াবৰ হাজাৰে ‘উৰ্বশী উদ্ধাৰ’ দামোদৰদেৱে খলাত, চতিয়াল হাজাৰে ‘পদুম কোঁৱৰৰ মুক্তিলাভ’ বদলা পদ্ম আতা খলাত ভাওনা পৰিৱেশন কৰে। হাজাৰী ভাওনা উৎসৱৰ দ্বিতীয় দিনা পুৱাবেলা নাম-প্ৰসঙ্গৰ পাছতে বিয়লি অনুষ্ঠিত সভাত উৎসৱৰ মুখপত্ৰ উন্মোচন কৰিছিল কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গোলাপ বৰুৱাই উন্মোচন কৰে। লগতে অনুষ্ঠিত হৈছিল কলিয়াবৰৰ আটাইকেইখন হাজাৰৰ আশী বছৰৰ উৰ্দ্ধৰ শিল্পীৰ সম্বৰ্দ্ধনা অনুষ্ঠান। দ্বিতীয় নিশাৰ ভাওনা অনুষ্ঠান উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। সেই নিশা ভাওনা মধ্য কলিয়াবৰ হাজাৰে ‘সুযজ্ঞ ৰজাৰ ধৰ্ম পৰীক্ষা’ পুৰুষোত্তম আতা খলাত, উত্তৰ কলিয়াবৰ হাজাৰে ‘শকুন্তলা উদ্ধাৰ, বৃত্তাসুৰ বধ’ গোপাল আতা ক্ষেত্ৰত, পূৱ কলিয়াবৰ হাজাৰে ‘ৰুক্মিণী হৰণ’ দামোদৰদেৱ খলাত, জখলাবন্ধা শেনচোৱা গাঁৱৰ শিল্পীবৃন্দই ‘ভক্ত বিজয়’ ভাওনা পৰিৱেশন কৰে।


হাজাৰী ভাওনা উৎসৱৰ লগত সংগতি ৰাখি পূৰণিগুদাম কলং-কলা কেন্দ্ৰৰ সদস্যসকলে হাজাৰী ভাওনাক বিষয় হিচাপে লৈ ভাওনা স্থলীত এখনি তৈলচিত্ৰ অঙ্কন কৰে। লগতে কণ-কণ শিশুসকলৰ মাজত এক ছবি অঙ্কনৰ পৰিৱেশ গঢ়ি তোলে। মাইহাং গোষ্ঠীয়ে ভাওনাৰ খলা প্ৰাঙ্গনত এক গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰি উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আবতৰীয়া বৰষুণৰ মাজতো কলিয়াবৰ তথা দাঁতিকাষৰীয়া ৰাইজৰ সহযোগ আছিল লেখত লবলগীয়া। এই উৎসৱতে পৰৱৰ্তী হাজৰী ভাওনা উৎসৱ – ২০০৪ বৰভগীয়া হাজাৰৰ উদ্যোগত অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু সেয়া হৈ নুঠিল। কাৰণ যিয়েই নহওক, এইবেলি হাটবৰ হাজাৰৰো ব্যৱস্থাপনাত সম্পূৰ্ণ বাইশ বছৰৰ পাছত ‘কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০২৪’ আয়োজন কৰিছে। দিনে-নিশাই হাটবৰ হাজাৰৰ নেতৃত্বত কলিয়াবৰৰ আটাইকেইটি হাজাৰৰ প্ৰতিনিধি আৰু কলিয়াবৰৰ ৰাইজে এইবেলিৰ উৎসৱৰ সফলতাৰ বাবে কৰা প্ৰচেষ্টাই পূৰ্ণতা লাভ কৰক। পুনৰ গতিশীল হওক কলিয়াবৰৰ হাজাৰী ভাওনা, এয়েই আমাৰ আন্তৰিক কামনা।

লেখকঃ ৰূপজ্যোতি গোস্বামী