Breaking

কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০২৪, দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ প্ৰাণ পালে; কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ ২০০২ৰ ৰোমন্থন…

0 133

ছ-অৰা সূত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক জীৱনত অতীজৰে পৰা ভাওনা সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কেৱল গুৰুদুজনাৰে নহয় পৰৱৰ্তী সময়ৰ আতাপুৰুষসকলৰ আৰু কলিয়াবৰৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰসকলৰ দ্বাৰা প্ৰণীত নাটসমূহ মহাআড়ম্বৰপূৰ্ণভাৱে আজিলৈকে বিভিন্ন তিথি, সভা-উৎসৱত পৰিৱেশন কৰি অহা হৈছে। যদিও কিছু সংযোগ-বিয়োগ, হেৰফেৰ হৈছে কলিয়াবৰৰ ভাওনাৰ নিজস্ব এক শৈলী আছে, যি শৈলী আজিও বিদ্যমান। কিন্তু আজি কিছু বছৰৰ পৰা বিয়োগ-সংযোগ, হেৰফেৰ বিসঙ্গতিৰ কু-প্ৰভাৱ অতি চকুত লগাকৈ পৰিছে। এইটোৱে গুৰু প্ৰৱৰ্তিত ভাওনাৰ মূল লক্ষ্যৰ পৰা বিচলিত হৈছে বুলি আলোচিতও হৈছে। তৎস্বত্বেও কলিয়াবৰৰ সত্ৰসমূহৰ লগতে গাঁও অঞ্চলৰ নামঘৰ সমূহত পৰম্পৰাগত ধাৰণাৰে ভাওনা সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস আজিও বিদ্যমান। গুৰুদুজনাৰে ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে ভাওনাৰ সৃষ্টি কৰিছিল, যি পৰৱৰ্তী সময়ত চৰ্চা আৰু চৰ্য্যাৰ জৰিয়তে অসমীয়া সমাজ জীৱনৰ লগত একীভূত হৈ পৰিল। এক সামাজিক মিলনৰ গণতান্ত্ৰিক স্বৰূপলৈ পৰিৱৰ্তন হ’ল। ভাওনা পৰিৱেশনৰ সময়ত আৰম্ভণী কালৰ জাত-পাত, বৰ্ণ-বৈষম্যৰ কূটিল বন্ধনী চিঙিবলৈ সক্ষম হৈছিল আৰু এতিয়াও সেই ধাৰাই অব্যাহত আছে। ভাওনাৰ ভাও-ভাৱৰীয়া, গায়ন-বায়নৰ স্থানত যোগ্যজনে সদায় যোগ্য আসন পাই আহিছে। কলিয়াবৰৰ ভাওনাৰ কিছু এৰাব নোৱাৰা বৈশিষ্ট্যৰ বিষয়ে কলিয়াবৰৰ ইতিহাস চৰ্চাৰ বাটকটীয়া প্ৰয়াত লীলাধৰ বৰাদেৱৰ ‘ঐতিহ্যমণ্ডিত কলিয়াবৰ’ গ্ৰন্থত উল্লেখ কৰিছে একেধৰণে – “এসময়ত কলিয়াবৰীয়া ভাৱৰীয়াই নাটৰ কথা আখৰে-আখৰে মানিছিল আৰু তাত আজিৰ দৰে কোনো কথা যোগ বা বিয়োগ নকৰিছিল। নাট্যকাৰৰ বচনৰ লগত কোনো ভাৱৰীয়াই নিজৰ পাণ্ডিত্য দেখুৱাই অন্য কথা যোগ দি লোৱাটোক তেতিয়া অপৰাধ বুলি গণ্য কৰা হৈছিল। অতিমাত্ৰা অভিনয়ৰে নিজকে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাতকৈ নাটকৰ মূল আদৰ্শ ৰক্ষা কৰাতহে ভাৱৰীয়াসকল বেছি সজাগ। মনুষ্য হৈ দৈৱীভাৱ প্ৰকাশ কৰাই সেইসকলৰ ভাৱৰীয়াৰ মূল লক্ষ্য আছিল। দৃশ্যসজ্জা, পোছাক-পৰিচ্ছদৰ কথা তেনেই গৌণ আছিল।”


কলিয়াবৰতো ১৬০১ চনৰ পৰা ১৭০০ চন মানলৈকে এই সময়ছোৱাত কলিয়াবৰৰ বিভিন্ন স্থান সত্ৰ স্থাপন হ’ল। সত্ৰ স্থাপন হোৱাৰ পৰৱৰ্তী কালৰ পৰাই গুৰুদুজনাৰ নাটৰ লগতে আন নাট অভিনয় হয়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আজ্ঞাপৰ ধৰ্মাধিকাৰৰ শ্ৰীসতানন্দদৱৰ বিয়োগৰ পাছত ১৬১০–১৬১৮ চনৰ ভিতৰত তেওঁৰ চাৰিপুত্ৰ – জয়কৃষ্ণ, মহাকৃষ্ণ, ত্ৰাহিকৃষ্ণ আৰু শ্ৰীকৃষ্ণ উত্তৰ পাৰৰ বিশ্বনাথত থকা পৈত্ৰিক সত্ৰ এৰি কলিয়াবৰত উপস্থিত হয়হি। চাৰিভাতৃয়ে কলিয়াবৰত ভাগে-ভাগে সত্ৰ স্থাপন কৰি গুৰুজনাৰ প্ৰৱৰ্তিত ধৰ্ম-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত একান্তভাৱে নিজকে নিয়োজিত কৰে। ক্ৰমে সত্ৰসমূহৰ চুবুৰীয়া অঞ্চলতো গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ প্ৰভাৱত নামঘৰ স্থাপনৰ লগতে গুৰুসৃষ্ট সংস্কৃতিৰ চৰ্চা জনমুখী হৈ পৰে। তেতিয়াৰে পৰা গুৰূকৃত নাট-ভাওনাৰো অভিনয় আৰম্ভ হোৱা বুলি ক’ব পাৰি। সতানন্দদেৱৰ কনিষ্ঠ পুত্ৰ শ্ৰীকৃষ্ণদেৱৰ সপ্তদশ শতিকাৰ মাজভাগত বৈকুণ্ঠপ্ৰয়াণ হয়। পিতৃৰ আদ্যশ্ৰাদ্ধত শ্ৰীকৃষ্ণদেৱৰ বৰপুত্ৰ বাপু ৰামদেৱে ‘পাৰিজাত হৰণ’ নাট কৰাইছিল বুলি ‘সন্ত মুক্তাৱলী’ত পোৱা যায়। বাপুৰাম দেৱে চিকনী পাহাৰৰ ওচৰৰৰ দৌল পুখুৰীত শ্ৰীশ্ৰীকৃষ্ণৰ দৌলোৎসৱ ভাওনা পাতি আৰম্বৰপূৰ্ণভাৱে পালন কৰিছিল বুলি জনা যায়। পৰৱৰ্তীকালত কলিয়াবৰত হাজাৰী ভাওনাই এক নিৰ্দিষ্ট পৰিসৰত আৱদ্ধ হৈ থকা গুৰুদুজনাৰ অতুলনীয় সৃষ্টিক সৰ্বসাধাৰণৰ ওচৰ চপাই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আহোম সেনাপতি মোমাই তামূলী বৰবৰুৱাই গঢ় দিয়া কলিয়াবৰৰ ৩০০ বছৰৰো অধিক কাল পুৰণি হাজাৰী ভাওনা। আহোম যুগত শ্ৰীকৃষ্ণ আৰু দৌল উৎসৱে কলিয়াবৰৰ সাংস্কৃতিক ইতিহাসত বিশেষ স্থান দখল কৰিছিল। এই দৌল উৎসৱকেই কেন্দ্ৰ কৰি এদিন এই ঠাইত জন্ম হৈছিল হাজাৰী ভাওনাৰ। বিভিন্ন কাৰণবশতঃ কলিয়াৰীয়া ৰাইজে বহু বছৰ বাদ দি আহিছিল যদিও হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে এই লুপ্তপ্ৰায় সংস্কৃতি ৫২ বছৰৰ পাছত পুনৰ উন্মেষ ঘটাই ২০০০ চনত ২১ শতিকাক আদৰণী জনালে। কলিয়াবৰীয়া হাজাৰ সমূহ পুনৰ সক্ৰিয় হৈ পৰিল। কলিয়াবৰ হাজাৰ পূৱৰ জাগ্ৰত হোৱাৰ দ্বিতীয় বাৰ্ষিকী উদ্‌যাপনৰ লক্ষ্য আগত ৰাখি হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে কলিয়াবৰৰ আঠখন হাজাৰক একত্ৰিত কৰি কলিয়াবৰৰীয়া ৰাইজৰ সহযোগত কলিয়াবৰ হাজাৰী ভাওনা প্ৰস্তুতি সমিতি গঠন কৰে। প্ৰস্তুতি সমিতিৰ একান্ত চেষ্টা ফলত মধ্য কলিয়াবৰ হাজাৰ (উলুৱনী) আৰু পূৱ কলিয়াবৰ (কুঠৰী) হাজাৰ গঠন হয়।
হাটবৰ হাজাৰ নামঘৰ প্ৰাঙ্গণৰ শঙ্কৰ-মাধৱ ক্ষেত্ৰত পুৰুষোত্তম আতা, গোপাল, দামোদৰদেৱ আৰু বদলা পদ্ম আতাৰ নামাকৰণৰে সাজি উলিওৱা অস্থায়ী ৰভাৰ লাইখুঁটা স্থাপন কৰিছিল হাটবৰ হাজাৰ অন্তৰ্গত সৰুভগীয়া গাঁৱৰ বয়োজ্যেষ্ঠ ফণীধৰ মুক্তায়াৰে।


২০০২ চনৰ ২৩ আৰু ২৪ মাৰ্চ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা হাজাৰী ভাওনা উৎসৱত অংশগ্ৰহণ কৰা হাজাৰ সমূহ আছিল – বৰভগীয়া হাজাৰ, হাটবৰ হাজাৰ, পশ্চিম কলিয়াবৰ হাজাৰ, চতিয়াল হাজাৰ, উত্তৰ কলিয়াবৰ হাজাৰ, নৱগঠিত দুই হাজাৰ মধ্য কলিয়াবৰ হাজাৰ (উলুৱনী) আৰু পূৱ কলিয়াবৰ হাজাৰ (কুঠৰী) আৰু জখলাবন্ধা হাজাৰ অন্তৰ্গত শেনচোৱা গাঁৱৰ ৰাইজে। কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০০২ৰ ২৩ মাৰ্চ তাৰিখে শুভাৰম্ভণী কৰা হয় প্ৰাতঃ প্ৰসঙ্গৰে। কলিয়াবৰৰ হাজাৰ সমূহৰ ভকত-বৈষ্ণৱসকল শোভাযাত্ৰাৰে শঙ্কৰ-মাধৱ ক্ষেত্ৰত উপস্থিত হাজাৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে মধ্য কলিয়াবৰ হাজাৰৰ বয়োজ্যেষ্ঠ সত্ৰীয়া শিল্পী কিনাৰাম বৰবায়নে। লগতে মূল নামঘৰৰ লগতে ভাওনাৰ অস্থায়ী খলাত দুপৰীয়া নাম প্ৰসঙ্গৰ আয়োজন কৰা হয়। প্ৰথম নিশাৰ ভাওনাৰ লগতে হাজাৰী ভাওনা উৎসৱৰ উদ্বোধন কৰিছিল তেজপুৰৰ শ্ৰীশ্ৰীনিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা কলাগুৰু সঙ্গীত মহাবিদ্যালয়ৰ তদানীন্তন আধ্যক্ষ প্ৰয়াত পূণ্যব্ৰত দেৱগোস্বামীয়ে। লগে-লগে চাৰিও খলাতে পূৰ্বৰঙ্গৰে ভাওনা আৰম্ভ হয়। প্ৰথম নিশা বৰভগীয়া হাজাৰে পুৰুষোত্তম আতা খলাত ‘ৰাম-হনুমানৰ যুদ্ধ’, হাটবৰ হাজাৰে ‘অন্ধমুণিৰ অভিশাপ’ গোপাল আতাৰ খলাত, পশ্চিম কলিয়াবৰ হাজাৰে ‘উৰ্বশী উদ্ধাৰ’ দামোদৰদেৱে খলাত, চতিয়াল হাজাৰে ‘পদুম কোঁৱৰৰ মুক্তিলাভ’ বদলা পদ্ম আতা খলাত ভাওনা পৰিৱেশন কৰে। হাজাৰী ভাওনা উৎসৱৰ দ্বিতীয় দিনা পুৱাবেলা নাম-প্ৰসঙ্গৰ পাছতে বিয়লি অনুষ্ঠিত সভাত উৎসৱৰ মুখপত্ৰ উন্মোচন কৰিছিল কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গোলাপ বৰুৱাই উন্মোচন কৰে। লগতে অনুষ্ঠিত হৈছিল কলিয়াবৰৰ আটাইকেইখন হাজাৰৰ আশী বছৰৰ উৰ্দ্ধৰ শিল্পীৰ সম্বৰ্দ্ধনা অনুষ্ঠান। দ্বিতীয় নিশাৰ ভাওনা অনুষ্ঠান উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। সেই নিশা ভাওনা মধ্য কলিয়াবৰ হাজাৰে ‘সুযজ্ঞ ৰজাৰ ধৰ্ম পৰীক্ষা’ পুৰুষোত্তম আতা খলাত, উত্তৰ কলিয়াবৰ হাজাৰে ‘শকুন্তলা উদ্ধাৰ, বৃত্তাসুৰ বধ’ গোপাল আতা ক্ষেত্ৰত, পূৱ কলিয়াবৰ হাজাৰে ‘ৰুক্মিণী হৰণ’ দামোদৰদেৱ খলাত, জখলাবন্ধা শেনচোৱা গাঁৱৰ শিল্পীবৃন্দই ‘ভক্ত বিজয়’ ভাওনা পৰিৱেশন কৰে।


হাজাৰী ভাওনা উৎসৱৰ লগত সংগতি ৰাখি পূৰণিগুদাম কলং-কলা কেন্দ্ৰৰ সদস্যসকলে হাজাৰী ভাওনাক বিষয় হিচাপে লৈ ভাওনা স্থলীত এখনি তৈলচিত্ৰ অঙ্কন কৰে। লগতে কণ-কণ শিশুসকলৰ মাজত এক ছবি অঙ্কনৰ পৰিৱেশ গঢ়ি তোলে। মাইহাং গোষ্ঠীয়ে ভাওনাৰ খলা প্ৰাঙ্গনত এক গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰি উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আবতৰীয়া বৰষুণৰ মাজতো কলিয়াবৰ তথা দাঁতিকাষৰীয়া ৰাইজৰ সহযোগ আছিল লেখত লবলগীয়া। এই উৎসৱতে পৰৱৰ্তী হাজৰী ভাওনা উৎসৱ – ২০০৪ বৰভগীয়া হাজাৰৰ উদ্যোগত অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু সেয়া হৈ নুঠিল। কাৰণ যিয়েই নহওক, এইবেলি হাটবৰ হাজাৰৰো ব্যৱস্থাপনাত সম্পূৰ্ণ বাইশ বছৰৰ পাছত ‘কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০২৪’ আয়োজন কৰিছে। দিনে-নিশাই হাটবৰ হাজাৰৰ নেতৃত্বত কলিয়াবৰৰ আটাইকেইটি হাজাৰৰ প্ৰতিনিধি আৰু কলিয়াবৰৰ ৰাইজে এইবেলিৰ উৎসৱৰ সফলতাৰ বাবে কৰা প্ৰচেষ্টাই পূৰ্ণতা লাভ কৰক। পুনৰ গতিশীল হওক কলিয়াবৰৰ হাজাৰী ভাওনা, এয়েই আমাৰ আন্তৰিক কামনা।

লেখকঃ ৰূপজ্যোতি গোস্বামী

Leave A Reply