Home Blog Page 977

নিবিচাৰে, কিন্তু অস্বাভাৱিক হাৰত ওজন কমিছে! তেন্তে সাৱধান হওক…

যদি আপুনি ব্যায়াম নকৰাকৈ, স্বাভাৱিক খাদ্য গ্ৰহণ নকৰাকৈ ছমাহৰ ভিতৰত ৫-৬ কিলোগ্ৰাম ওজন কমি যায়, তেন্তে আপুনি বুজিব যে শৰীৰত কিবা আভ্যন্তৰীণ সমস্যা আছে। সুস্থ হৈ থাকিবলৈ ওজন নিয়ন্ত্ৰণত ৰাখিব লাগিব। অতিৰিক্ত ওজন বা মেদবহুল হ’লে আন ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে বহুতো স্বাস্থ্য সচেতন লোকে জিমলৈ গৈ ব্যায়াম কৰে। আকৌ বহুতৰে অস্বাভাৱিকভাৱে দ্ৰুত হাৰত ওজন কমে, আনকি বেছি শাৰীৰিক কাৰ্য্যকলাপ নকৰাকৈও। অনিচ্ছাকৃতভাৱে এই ওজন কমি যোৱাটো শৰীৰৰ বাবে ভাল নহ’বও পাৰে। চিকিৎসকৰ মতে, যদি আপুনি ব্যায়াম নকৰাকৈ, স্বাভাৱিক খাদ্য গ্ৰহণ নকৰাকৈ ছমাহৰ ভিতৰত ৫-৬ কেজি ওজন কমি গৈছে, তেন্তে আপুনি বুজিব লাগে যে শৰীৰত আভ্যন্তৰীণ সমস্যা আছে।


এইদৰে ওজন কমাব পৰা কাৰণবোৰ হৈছে-

১) ডায়েবেটিছঃ

তেজৰ চেনিৰ পৰিমাণ বেছি হোৱাৰ ফলত ওজন কমি যাব পাৰে। ইয়াৰ বাবে ডায়েবেটিছ ৰোগীৰ ওজন কমি যোৱাৰ প্ৰৱণতা থাকে। ডায়েবেটিছ মানে তেজত ইনচুলিনৰ পৰিমাণ কমি যোৱা। ইনচুলিনৰ অনুপস্থিতিত শৰীৰৰ কোষবোৰে নিজকে গতিশীল আৰু শক্তিশালী কৰি ৰাখিবলৈ পেশী আৰু চৰ্বিৰ ওপৰত নিৰ্ভৰ কৰে। ফলত সামগ্ৰিকভাৱে শৰীৰৰ ওজন ক্ৰমান্বয়ে হ্ৰাস পায়।

২) হাইপাৰথাইৰয়ডিজমঃ

থাইৰয়ড হৰম’ন পৰ্যাপ্ত নহ’লে যেনেকৈ সমস্যা হ’ব পাৰে, অতি সক্ৰিয় থাইৰয়ড গ্ৰন্থিও সমস্যাজনক হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে শাৰীৰিক ব্যায়ামৰ অবিহনেও ওজন দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে। চিকিৎসাৰ ক্ষেত্ৰত এই সমস্যাক হাইপাৰথাইৰয়ডিজম বুলি কোৱা হয়।

৩) মানসিক চাপঃ

ব্যক্তিগত জীৱন বা গধুৰ কৰ্ম চাপৰ বাবে উদ্বেগ আৰু মানসিক সমস্যা বাঢ়িছে। মানসিক চাপৰ হৰম’নে বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়। বিপাকীয় ক্ৰিয়াই শৰীৰৰ ওজনো নিয়ন্ত্ৰণ কৰে। ফলত অস্বাভাৱিক বিপাকীয় ক্ৰিয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

৪) ডিমেনচিয়াঃ

ডিমেনচিয়াৰ লগত ওজন কমি যোৱাৰ সম্পৰ্ক আছে। ডিমেনচিয়াত আক্ৰান্ত হোৱাৰ অৰ্থ হ’ল স্মৃতিশক্তি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। স্মৃতিশক্তি বেয়া হোৱাটোৱে দৈনন্দিন খাদ্যাভ্যাসতো প্ৰভাৱ পেলায়। সঠিক সময়ত আৰু পৰ্যাপ্ত পৰিমাণে খোৱাটো সদায় মনত ৰখা নহয়। এনে অনিয়ম দীৰ্ঘদিন ধৰি চলি থাকিলে স্বাভাৱিকভাৱে ওজন কমিবলৈ আৰম্ভ কৰিব। ইয়াৰ উপৰিও ডিমেনচিয়া ঔষধৰ কিছু পাৰ্শ্বক্ৰিয়াও থাকে। সেই ঔষধৰ প্ৰভাৱৰ বাবে শৰীৰৰ ওজন ক্ৰমান্বয়ে কমি যায়।

৫) কৰ্কট ৰোগঃ

অস্বাভাৱিক হাৰত ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। বিশেষকৈ পেনক্ৰিয়াচ, হাওঁফাওঁ আৰু পেটৰ কৰ্কট ৰোগত ওজনৰ পৰিৱৰ্তন লক্ষ্যণীয়। মাৰাত্মক বা ক্ষতিকাৰক টিউমাৰেও শৰীৰৰ বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মায়। লগতে হৰম’নৰ উৎপাদন আৰু নিঃসৰণৰ পৰিৱৰ্তন ঘটে। গতিকে কেন্সাৰ হ’লে ওজন কমি যায়।



ভূটানৰ সৰ্বোচ্চ আসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে-এয়া ভাৰতৰ ১৪০ কোটি লোকলৈ সন্মান…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে ভূটানৰ চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো । লক্ষ্যণীয় কথাটো হ’ল প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা প্ৰথম বিদেশী চৰকাৰৰ মুৰব্বী ।ভূটানৰ ৰজাই প্ৰধানমন্ত্ৰী মোদীক অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো প্ৰদান কৰে। অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো জীৱনজোৰা কৰ্মৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় আৰু এই সন্মান হৈছে ভূটানৰ সৰ্বোচ্চ সন্মান। এতিয়ালৈকে এই সন্মান মাত্ৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে। উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে চুবুৰীয়া দেশলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ গৈছে। মোদীৰ এই ভ্ৰমণ কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।
ভূটান চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰা মোদীয়ে কয়, “আজি মোৰ বাবে জীৱনৰ এটা ডাঙৰ দিন। মোক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হৈছে। প্ৰতিটো পুৰস্কাৰেই বিশেষ। কিন্তু যেতিয়া আন দেশৰ পৰা পুৰস্কাৰ লাভ কৰা যায় , ই দেখুৱায় যে দুয়োখন দেশ সঠিক দিশত আগবাঢ়িছে। মই ১৪০ কোটি ভাৰতীয়ৰ হৈ এই বঁটা গ্ৰহণ কৰিছো। এই বঁটাৰ বাবে বহুত ধন্যবাদ।”


মোদীয়ে ভূটানৰ এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁৰ লগত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আছিল। ইয়াৰ পূৰ্বে ভূটানৰ এটা সাংস্কৃতিক দলে মোদীক স্বাগতম জনোৱাৰ বাবে লিখা গৰ্বা গীতত নৃত্য প্ৰদৰ্শন কৰে। মোদীয়ে থিম্ফুত এখন শিশু চিকিৎসালয় উদ্বোধন কৰাৰ কথা আছে। ভাৰতে ভূটান চৰকাৰক এই চিকিৎসালয় খন নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে। তেওঁ বৃহস্পতিবাৰৰ পৰা দুদিনৰ বাবে ভূটান ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু কালি তেওঁৰ ভ্ৰমণ হঠাতে বাতিল কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ “প্ৰতিকূল বতৰৰ” বাবে বাতিল কৰা হৈছে। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে ভূটানলৈ যাত্ৰা কৰে।

অজয় মাকেন, অৰবিন্দৰ সিং লাভলী, সন্দীপ দীক্ষিতঃ সুৰা নীতি কেলেংকাৰীত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰথমে অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতাসকলেই সমদল কৰিছে এতিয়া কেজৰিৱালৰ সমৰ্থনত!

একালৰ শত্ৰু এতিয়া হৈছে মিত্ৰ! ৰাজনৈতিক পাকচক্ৰৰ এক যেন খেলা। এসময়ত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দীল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা একাংশ কংগ্ৰেছ নেতাই এতিয়া সুৰা নীতিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালৰ সমৰ্থনত সৰব হৈ পৰিছে। কংগ্ৰেছ দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবকাৰী নীতিৰ গোচৰত জড়িত থকাৰ অভিযোগ আৰু তাৰ পিছত প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) দ্বাৰা গ্ৰেপ্তাৰ কৰা আদি ঘটনাৱলীত কংগ্ৰেছে যেন লুটিবাগৰ মাৰিলে। আবকাৰী নীতিৰ গোচৰত ইডিৰ পদক্ষেপ আৰু শেহতীয়াকৈ আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ (আপ) মাজত আসন ভাগ-বতৰা বুজাবুজিৰ চুক্তিৰ বাবেই কংগ্ৰেছে এতিয়া পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহি কেজৰিৱালক সমৰ্থন জনাইছে। মাত্ৰ এবছৰ আগতে, অজয় মাকেন, অৰবিন্দৰ সিং লাভলী, অনিল চৌধুৰী আৰু সন্দীপ দীক্ষিতকে ধৰি কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলে ২০২৩ চনত দিল্লীক জোকাৰি যোৱা সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক অভিযুক্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকৈা গ্ৰহণ কৰিছিল। তেওঁলোকে কেজৰিৱালৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সংগঠিত কৰিছিল, দুৰ্নীতিৰ অভিযোগত কেজৰিৱালৰ পদত্যাগ দাবী কৰিছিল। চিবিআইয়ে কেজৰিৱালৰ ডেপুটি মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পদত্যাগ দাবী কৰি কংগ্ৰেছ নেতাসকলে আম আদমী পাৰ্টিৰ কাৰ্যালয়ৰ ওচৰত অনিল চৌধুৰীৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিল। দলটোৱে কৈছিল যে যেতিয়ালৈকে অৰবিন্দ কেজৰিৱাল শাসনত থাকে তেতিয়ালৈকে উচিত তদন্ত সম্ভৱ নহ’ব। “সমগ্ৰ দিল্লী চৰকাৰ দুৰ্নীতিত সম্পূৰ্ণৰূপে নিমজ্জিত হৈ আছে। যেতিয়ালৈকে কেজৰিৱাল শাসনত থাকিব, সুৰা কেলেংকাৰীৰ স্বতন্ত্ৰ তদন্ত নহ’ব, আৰু সেয়েহে, তেওঁ পদত্যাগপত্ৰ দাখিল কৰা উচিত,” চৌধুৰীয়ে কৈছিল।

কংগ্ৰেছ দলে কেজৰিৱালৰ প্ৰৱঞ্চনামূলক সুৰা নীতি বুলি কোৱা সন্দৰ্ভত এক আনুষ্ঠানিক অভিযোগো দাখিল কৰিছিল। এআইচিচিমিডিয়া চেলৰ মুৰব্বী পৱন খেৰাই তদন্ত আৰম্ভ কৰাৰ কৃতিত্ব দাবী কৰিছিল, কংগ্ৰেছৰ হেঁচাৰ ফলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰই দিল্লী সুৰা কেলেংকাৰীৰ তদন্ত কৰিবলৈ বাধ্য হৈছিল। কিন্তু এতিয়াী সেইসকল কংগ্ৰেছ নেতাই কেজৰিৱালৰ বাবে ঘঁৰিয়ালৰ চকুপানী টুকিছে।

ৰাছিয়াৰ মস্কোত ISISৰ আক্ৰমণ! ১৪৫গৰাকীৰো অধিক আহত…

ৰাছিয়াৰ মস্কোত ISISৰ ভয়ংকৰ আক্ৰমণ। ঘটনাত ১৪৫গৰাকীৰো অধিক লোক আহত। বিস্ফোৰণৰ ফলত কনচাৰ্ট হলত ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত ৬০ৰো অধিকলোকৰ মৃত্যু হৈছে। ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত কনচাৰ্টলৈ যোৱা লোকসকলৰ ওপৰত বন্দুকধাৰীয়ে গুলীচালনা কৰে। শুকুৰবাৰে সন্ধিয়া মস্কোৰ ক্ৰকাছ চিটি হলত সংঘটিত হয় এই মাৰাত্মক আক্ৰমণ আৰু এই আক্ৰমণ ISISৰ য’ত কমেও ৬০ জন লোক নিহত হয় আৰু ১৪৫ জনতকৈ অধিক লোক আহত হয়।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এই কাণ্ডক “সন্ত্রাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছে। ২০১১ চনৰ জানুৱাৰী মাহত ড’মোডেড’ভ’ বিমানবন্দৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ পিছত ১৭২ জন লোক আহত হোৱাৰ পিছত ভুক্তভোগীৰ সংখ্যাৰ ক্ষেত্ৰত মধ্য ৰাছিয়াত এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ।

স্বৰাজ শশাংক গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলী গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ…

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কণানদীত দুৰ্ঘটনাত  আকস্মিক মৃত্যুক সাৱতি লোৱা লখিমপুৰ জিলা ছাত্ৰ সন্হাৰ  সাধাৰণ সম্পাদক তথা ঢকুৱাখনা নিৱাসী স্বৰাজ শশাংক গগৈক শুক্ৰবাৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ গোগামুখ নগৰস্থিত কাৰ্যালয় অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মা, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিছং, কনক গগৈ উপস্থিত থকাৰ লগতে সদৌ লখিমপুৰ আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি – সাধাৰণ সম্পাদক,  বিষয়ববীয়া সকল,প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ লগতে  বিভিন্ন দল-সংগঠন,শিক্ষানুষ্ঠানৰ মুৰব্বী সকল উপস্থিত থাকে।

উল্লেখনীয় যে, কালি লখিমপুৰৰ পৰা ঢকুৱাখনা অভিমুখে গৈ থকা অৱস্থাত কণানদীত ছাত্ৰ নেতা স্বৰাজ শশাংক গগৈয়ে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালী লৈছিল ৷

এথলেটিকছত শ্ৰেষ্ঠত্বঃ টাইকোৱান-ড’-বক্সিঙত তিনিটাকৈ সোণ বেডমিণ্টন-টেনিছতো লাভ

চলিত তৃতীয় উত্তৰ পূৱ ক্ৰীড়াৰ এথলেটিকছত অসমে চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছে৷ ক’হিমাৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা এথলেটিকছত এতিয়ালৈ অসমে ১৩ টা সোণ, সাতটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ২৪ টা পদক লাভ কৰি শীৰ্ষত আছে৷ কাইলৈ সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত এথলেটিকছৰ এটা ইভেণ্টৰ খেল বাকী থকাত অসম চেম্পিয়ন হোৱাটো নিশ্চিত হৈছে৷ কাৰণ সাতটা সোণ লাভ কৰি দ্বিতীয়ত আছে নাগালেণ্ড৷ আজি লং জাম্পৰ পুৰুষ আৰু মহিলাৰ দূয়োটা সোণ অসমৰ প্ৰবাল কোঁৱৰ [৬.৯৫ মিটাৰ] আৰু অব্ৰিকা নাৰ্জাৰীয়ে [প্ত.৯৭ মিটাৰ] লাভ কৰে৷ ইফালে, এশ মিটাৰ আৰু ৰীলেত দুটা সোণ লাভ কৰা ৰিম্পী বুঢ়াগোহায়ে [প্ত.৯৬ মিটাৰ] আজি লংজাম্পত ৰূপৰ পদক পায়৷ আনহাতে, জংছৰ বসুমতাৰীয়ে [৬.৮২ মিটাৰ] পুৰুষ শাখাত ব্ৰঞ্জ লাভ কৰি লংজাম্পত অসমক চতুৰ্থটো পদক দিয়ে৷ উল্লেখ্য যে প্ৰথমদিনা এথলেটিকছত অসমে চাৰিটা সোণসহ সাতটা পদক লাভ কৰিছিল৷ সেই ধাৰাবাহিকতা ৰক্ষা কৰি দ্বিতীয় দিনা চাৰিটা সোণসহ ছটা পদক আৰু তৃতীয় দিনটোত অসমে তিনিটা সোণ, সমসংখ্যক ৰূপ আৰু এটা ব্ৰঞ্জ পাইছিল৷

ইফালে, আৰ্চাৰীত আজি অসমে ইণ্ডিয়ান আৰু কম্পাউণ্ড ৰাউণ্ডত পাঁচটা সোণ লাভ কৰে৷ কম্পাউণ্ডৰ পুৰুষৰ একক শাখাত হেমন্ত বড়োই সোণ লাভ কৰাৰ বিপৰীতে সতীৰ্থৰ হাতত পৰাস্ত হৈ ৰূপ পাই উজ্বল বৰাই৷ এই শাখাৰে ব্ৰঞ্জ লাভ কৰে অৰ্ণব ডেকাই৷ ইফালে, কম্পাউণ্ডৰ পুৰুষ দলীয় শাখাতো অৰ্ণৱ, মানৱ, উজ্বলৰ দ্বাৰা গঠিত অসম দলে সোণ লাভ কৰে৷ কিন্তু মহিলা দলটো ফাইনেলত পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ বিপৰীতে কম্পাউণ্ডৰ মিক্সড শাখাত অৰ্ণৱ আৰু মাইনাও ব্ৰহ্মই সোণ লাভ কৰে৷ মাইনাওই একক শাখাৰো ব্ৰঞ্জ পায়৷ ইফালে, ইণ্ডিয়ান ৰাউণ্ডৰ পুৰুষৰ একক শাখাত ৰিতুমনি স্বৰ্গিয়াৰীয়ে সোণ দখল কৰে৷ ৰিতুমনিয়ে ৰাজেশ নাৰ্জাৰী আৰু মনোৰঞ্জন বড়োৰ লগত খেলি দলীয় সোণ লাভ কৰাৰ বিপৰীতে মিক্সড শাখাত অৰুন বড়ো আৰু টুটুমনি বড়োই ৰূপ পায়৷ আনহাতে, পৰুষ-মহিলাৰ একক তথা মহিলাৰ দলীয়ত অসমে ব্ৰঞ্জ লাভ কৰে৷ কাইলৈ অসমৰ আৰ্চাৰে ৰিকাৰ্ভ শাখাত পাঁচটা সোণৰ বাবে খেলিব৷

ইফালে, আজি টাইকোৱান-ড’ত অসমে তিনিটা সোনসহ পাঁচটা পদক লাভ কৰে৷ স্নেহা গুৰুং [৪০ কেজি] আৰু বৃষ্টি পৰাশৰে [৪৩ কেজি] ছোৱালী শাখা তথা নিৰ্মান ৰূপম কাশ্যপে [৫৪ কেজি] ল’ৰাৰ শাখাত সোণ দখল কৰে৷ ইফালে, দিপাংকৰ দুৱাৰা আৰু বৰ্ষা ৰাভাই ব্ৰঞ্জ পায়৷ কালি অসমে দুটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জ অৰ্জন কৰিছিল৷

ইফালে, বেডমিণ্টনৰ অন্তিম দিনা আজি অসমে দুটা সোণ লাভ কৰে৷ মহিলাৰ একক শাখাত শান্তিপ্ৰিয়া হাজৰিকাই মণিপুৰৰ মহেশ্বৰীক তথা পুৰুষ ডাবলছত নিবিড় ৰঞ্জন চৌধুৰী আৰু সংগ্ৰাম চুতীয়াই নাগালেণ্ডৰ যুটীক হৰুৱাই সোণ পায়৷ ইয়াৰপূৰ্বে অসমৰ মহিলা দলে ৰূপ তথা পুৰুষ দলে ব্ৰঞ্জ লাভ কৰিছিল৷ আজি বক্সিঙত অসমে তিনিটা সোণ লাভ কৰে৷ সুজুমা বড়ো [৪৫ কেজি], সৰস্বতী বড়ো [৪৮ কেজি] আৰু অৰতী দলে সোণ লাভ কৰাৰ বিপৰীতে ফাইনেলত পৰাস্ত হৈ ৰূপ দখল কৰে ৰূপজ্যোতি বড়ো, ফাইলাঅ’ বসুমতাৰী, চিত্ৰ ৰাজ লিম্বু আৰু গৌৰৱ মজুমদাৰে৷ উল্লেখ্য যে অসমৰ ছয় বক্সাৰে যোৱানিশা ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰিছিল৷

টেনিছত অসমৰ মহিলা দলে সোণ লাভ কৰাৰ বিপৰীতে পুৰুষ দলটো ছেমিফাইনেলত পৰাস্ত হয়৷ ইফালে, মহিলাৰ ডাবলছৰ ছেমিফাইনেলত অসমৰ তানিয়া কুমাৰী আৰু ছ’নী প্ৰজাপতিয়ে নাগালেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৬-২, ৬-ঙ্ম ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰেৱেশৰে পদক নিশ্চিত কৰিছে৷ ইফালে, একক শাখাৰ ছেমিফাইনেলত তানিয়া পৰাস্ত হয় যদিও ছ’নীক হৰুৱাই জাষ্টিনা বৰগোহায়ে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰে৷ অসমৰ পুৰুষ¸ ভলীবল দলে আজি পুৱা ছেমিফাইনেলত মনিপুৰৰ বিৰুদ্ধে ৩-ঙ্ম ৰ ব্যৱধানত পৰাস্ত হয় যদিও আবেলি নাগালেণ্ডক ৩-ৰ ত হৰুৱাই ব্ৰঞ্জ লাভ কৰে৷ কাইলৈ সামৰণি পৰিব লগা তৃতীয় উত্তৰ পূৱ ক্ৰীড়াত আজি অসমে মল্লযুঁজ অভিযান আৰম্ভ কৰিছে৷

আন এক অভিলেখৰ লক্ষ্যৰে পোলেণ্ডৰ গানস্কত সাতুৰিব এলভিছে

প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ আৰু বৰ্তমান চেনেল সাঁতোৰবিদ হিচাপে পৰিচিতি লাভ কৰা অসম সন্তান এলভিছ আলী হাজৰিকাই এইবাৰ পোলেণ্ড চেনেলত সাঁতোৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ এলভিছে এইবাৰ পোলেণ্ড চেনেলৰ “গানাস্ক বে“ত হেলৰ পৰা গিনিয়া বে পৰ্যন্ত সাঁতুৰিব৷

অহা ১৫ আগষ্টত আৰম্ভ কৰি সেইদিনাই সামৰণি মৰাৰ পৰিকল্পনা গ্ৰহণ কৰা সাঁতোৰগৰাকীৰ এয়া হ’ব একক প্ৰয়াস৷ লগত টেকনিকেল ষ্টাফ থাকিলেও সাঁতোৰবিদ হিচাপে তেওঁ অকলশৰে থাকিব৷ গানাস্কৰ বৰফৰ পানীত এই পৰ্যন্ত কোনো ভাৰতীয়ই অকলশৰে সাঁতোৰাৰ নজিৰ নাই৷ এলভিছ সফল হ’ব পাৰিলে তেৱেই হ’ব এই কৃতিত্ব দেখুওৱা প্ৰথম ভাৰতীয় সাঁতোৰবিদ৷

২০১৯ চনত কাটালিনা চেনেল, ২০২২ত নৰ্থ চেনেল, ২০২৩ চনত ইংলিছ চেনেল আৰু কিছুদিন পূৰ্বে ৰবেন আইলেণ্ডত একক প্ৰচেষ্টাৰে সাঁতুৰি সফলতা অৰ্জন কৰা এলভিছে ইতিমধ্যে একেৰাহে দুদিন সাঁতুৰি থকাৰ উপৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ১২ ঘন্টা সাঁতুৰি অভিলেখ প্ৰতিষ্ঠা কৰিছে৷ এইবাৰ পোলেণ্ড চেনেলত সাঁতোৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা এলভিছে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে৷

জাগীৰোডত ১ কোটি টকাৰ ড্ৰাগছ জব্দ…

জাগীৰোডত আজি ষ্টেটিক ছাৰ্ভিলেন্সৰ এটা দলে জাগীৰো আৰক্ষীৰ সহযোগত এখন এল্টো বাহনত জব্দ কৰে ১২৫.৬ গ্ৰাম ওজনৰ ড্ৰাগছ । নগাঁৱৰ জুৰীয়াৰ পৰা জাগীৰোড ৰেল ষ্টেচনৰ অভিমূখে পূৱা প্ৰায় ৪.৩০ বজাত AS-02-N-3157 নম্বৰৰ এল্টো বাহনখনত কঢ়িয়াই অনা অৱস্থাত জব্দ কৰে ব্ৰাউন চুগাৰখিনি । চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি ৷

জাগীৰোডৰ পৰা ৰেলেৰে কেৰেলালৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল তিনি সৰবৰাহকাৰীয়ে ৷ আটক তিনি সৰবৰাহকাৰী মুদ্দাচিৰ আলী, অলিউল্লাহ আৰু আতাবুৰ ৰহমান। জব্দকৃত হেৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১ কোটি টকা।

কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্যপ্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত বিশ্ব জল দিৱস উদযাপন…

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰু বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্য প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব জল দিৱস উদ্‌যাপন কৰা হয় । বিভাগটোৰ মূৰব্বী ড° ময়ুৰী চাবুকধৰাৰ নেতূত্বত অহা ৫০ জনীয়া সহযোগী অধ্যাপক আৰু শিক্ষাৰ্থীৰ দলক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ঝুমুৰ নৃত্য পৰিৱেশনৰে আদৰণি জনায় । বিশ্ব জল দিৱসৰ তাৎপৰ্য সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তৃত্বা প্ৰদান কৰে বিভাগীয় মূৰব্বী অধ্যাপিকা ড° ময়ুৰী চাবুকধৰাই ।

আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে এইদৰে ভিতৰুৱা দুৰ্গম এলেকাত আহি ছাত্ৰ-ছাত্ৰীক জল দিৱসৰ বিষয়ে সজাগ আৰু সচেতন কৰাৰ বাবে কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ এই মহান প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে। বিশ্ব জল দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশ্ববিদ্যালয়খনৰ সঁজাতী দলটিয়ে তথ্য চিত্ৰ প্ৰদৰ্শন কুইজ প্ৰতিযোগিতা চিত্ৰাঙ্কণ প্ৰতিযোগিতা আৰু অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পানীৰ বিশুদ্ধতা নিৰীক্ষণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰে । প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে মূৰব্বী অধ্যাপিকা ড° ময়ুৰী চাবুকধৰা অধাাপিকা ড° লীনা বৰা অধ্যাপক ড° নৱজিৎ হাজৰিকা অধ্যাপক ড° নাৰায়ণ শৰ্মা বিজ্ঞানী বিষয়া ড° এইছ ৰণজিৎ সিং আৰু পি এইচ ডিৰ গৱেষণাকাৰীসকলে।

পানী সমন্ধীয় পৰ্যালোচনা আৰু বিশ্ব জল দিৱসৰ তাৎপৰ্য…

Thousands have lived without love, not one without water.(A.H.Auden)

বিভিন্ন ধৰ্মৰ দৃষ্টিত পানী – ঋকবেদ সংহিতাত কৈছে ‘পানী আনন্দৰ উৎস, শক্তিৰ ভাণ্ডাৰ, কল্যাণকাৰী, পৱিত্ৰ কৰোতা, মাতৃৰ দৰে পালনকৰ্ত্তা আৰু জীৱনদায়িনী।’ ভাগৱত গীতাত কৈছে, ‘জীৱনটো আৰম্ভ হৈছে পানীৰ পৰা, পানীৰ আৰ্শীবাদেৰে আমাৰ জীৱন লালিত পালিত হয়। সভ্যতাৰ বিকাশ ঘটে।’ চাণ্ডক্য উপনিষদত বিশ্ব ব্ৰহ্মাণ্ডত জীৱৰ সৃষ্ঠি সম্পৰ্কত এটি বিস্তৃত ব্যাখ্যা আছে। উল্লেখ আছে যে প্ৰথমতে ব্ৰহ্মা অৰ্থাৎ পৰম আত্মাৰ সৃষ্টি হৈছিল। সৃষ্টিৰ প্ৰভাতী বেলাত ব্ৰহ্মাই উপলব্ধি কৰিছিল যে বিশ্ব ব্ৰহ্মাণ্ডত আৰু বহু সৃষ্টি কৰিবলগীয়া আছে। লগে লগে সৃষ্টি হ’ল অগ্নিৰ। অগ্নিৰ পিছত সৃষ্টি হ’ল পানীৰ। ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰানত পানীক আল্লাৰ আৰ্শীবাদ বুলি বৰ্ণনা কৰা আছে। ইছলামত পানীৰ অপচয় কঠোৰ ভাৱে নিষিদ্ধ কৰা আছে আৰু ব্যৱসায়িক লাভৰ বাবে ইয়াৰ ব্যৱহাৰ পাপ বুলি গণ্য কৰা হৈছে। মানুহে জীৱ-জন্তু, চৰাই চিৰিকতি, উদ্ভিদ বা অন্যান্য জীৱৰ বাবে খোৱা পানীৰ সংৰক্ষণ কৰাতো এক প্ৰকাৰ আল্লাৰ প্ৰতি উপাসনা আৰু এই কাৰ্য্যৰ দ্বাৰা আল্লা সন্তুষ্ট হয় বলি উল্লেখ আছে। খৃষ্টান ধৰ্মত পানী হৈছে পৱিত্ৰতাৰ প্ৰতীক। খৃষ্টান ধৰ্মত শৰণ লোৱাৰ সময়ত বা খৃষ্টান ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ সময়ত পৱিত্ৰ পানীৰে স্নান কৰোৱা হয়। Old Testamentত পানীক যীশুখৃষ্টৰ পূৰ্বজন্মৰ প্ৰতীক বুলি গণ্য কৰা হয়। লগতে পানীক ভগবানৰ আৰ্শীবাদ আৰু তেওঁৰ বদন্যতাৰ কাৰণে মানব সমাজে এই অমূল্য সম্পদ লাভ কৰিছে বুলি বিশ্বাস কৰা হয়।


বৌদ্ধধৰ্মৰ মতে পানী হৈছে সকলোৰে জীৱন দাতা। পানী বিশুদ্ধতা, নিৰ্মলতা আৰু শান্তিৰ প্ৰতীক। সুদীৰ্ঘ ৪৫ বছৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক হিচাপে পৃষ্ঠপোষকতা কৰা গৌতম বুদ্ধই সকলো প্ৰাকৃতিক সম্পদৰ ওপৰত সন্মান জনাবলৈ আৰু পানী অপচয় ৰোধ কৰিবলৈ শিষ্যসকলক উপদেশ দিছিল। বৌদ্ধধৰ্মৰ বজ্ৰয়ান মতাৱলম্বীৰ লোকসকলে লোভ মোহৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবে গৌতম বুদ্ধ আৰু আন আন প্ৰচাৰক সকলক ৭ টা পাত্ৰত পানী আগবঢ়াই দিয়াৰ কাহিনী আছে। পানী কি? পানী হৈছে এটি অজৈৱ, স্বচ্চ, স্বাদহীন, গন্ধহীন আৰু বৰ্ণহীন এক ৰাসায়নিক পদাৰ্থ। পানী পৃথিৱীৰ বায়ুমণ্ডল আৰু জীৱ বা উদ্ভিদ কোষৰ এটি প্ৰধান উপাদান। পানীয়ে প্ৰাণী বা উদ্ভিদক শক্তি বা জৈবিক পুষ্টি প্ৰদান কৰে নে নকৰে এই কথা জ্ঞাত নহয় যদিও সকলো ধৰণৰ জীৱৰ অস্তিত্ব ৰক্ষাৰ বাবে পানী অতিকে অপৰিহাৰ্য। পানীৰ ৰাসায়ণিক চিহ্ন হ’ল H2O। পানীৰ প্ৰতিটো অনুত এটা অক্সিজেন পৰমানু আৰু দুটাকৈ হাইড্ৰোজেন পৰমানু সংকেতিক ভাবে সংযুক্ত হৈ থাকে। বায়ুমণ্ডলীয় চাপত H2O 00-1000 চেলচিয়াচৰ ভিতৰত তৰল হিচাপে থাকে। এই তলৰ H2O আমি পানী বুলি কওঁ। O0 ছেলচিয়াচত পানী বৰফত পৰিণত হয় আৰু 1000 চেলচিয়াচত পানী গেছীয় জলবাস্পত পৰিণত হয়। ওপৰৰ বায়ুমণ্ডলত জলীয় বাস্প শীতল হৈ মিহি মিহি কণা আৰু বৰফ কনালৈ পৰিবৰ্তন হলে আমি সেইবোৰক ডাৱৰ বুলি কওঁ। জল কণাবোৰৰ আকাৰ বাঢ়ি পৃথিৱীত পৰিলে বৰষুণ বুলি কওঁ। পৃথিৱীৰ পৃষ্ঠভাগ প্ৰায় ৭০.৯ক্ম অংশ পানীয়ে আবৰি লৈছে। পৃথিৱীৰ ৯৬.৫ক্ম পানী মহাসাগৰত, ১.৭ক্ম পানী মাটিৰ তলত, ১.৭ক্ম বৰফ আৰু বায়ুমণ্ডলত ০.০০১ক্ম জলীয় বাস্প হিচাপে উপলদ্ধ হয়। পৃথিৱীৰ প্ৰায় ২.৫ক্ম পানী মিঠা পানী আৰু বাকী ৯৮.৮ক্ম পানী ভূগৰ্ভস্থ আৰু বৰফ। ০.৩ক্ম কৈও কম বিশুদ্ধ পানী, নদী, হৃদ বা বায়ুমণ্ডল বা বিভিন্ন জীৱ আৰু উৎপাদিত পদাৰ্থৰ দেহত পোৱা যায়। পানীৰ ব্যৱহাৰিতা পানী প্ৰাণী আৰু উদ্ভিদ জগতৰ এক অপৰিহাৰ্য উপাদান। এই কাৰণেই কোৱা হয় পানী মানেই জীৱন। পানী অবিহনে মানুহ, জীৱ নাইবা উদ্ভিদ জীয়াই থকাতো অসম্ভব। আমাৰ দৈনন্দিন জীৱনত কেতিয়াবা পানীৰ অভাব হ’লেহে পানীৰ গুৰুত্ব আমি বুজি পাওঁ। মানুহ খাদ্যৰ অভাবত কেইবাদিনো জীয়াই থাকিব পাৰে, কিন্তু পানীৰ অভাবত তিনি দিনতকৈ বেছি দিন জীয়াই থাকিব নোৱাৰে। ৰন্ধা বঢ়া কাৰ্য, বাচন বৰ্তন পৰিস্কাৰ কৰা, কাপোৰ ধোৱা আৰু স্নান কৰা আদি কামৰ বাবে পানী অপৰিহাৰ্যভাৱে ব্যৱহাৰ কৰা হয়। সকলোতকৈ কৃষি খণ্ডত পানী অত্যাধিকভাৱে ব্যৱহাৰ হয়। ইয়াৰ উপৰিও, কল কাৰাখানা, তাপ বিদ্যুৎ বা জলবিদ্যুৎ প্ৰকল্পসমূহতো পানী প্ৰচুৰভাৱে ব্যৱহাৰ কৰা দেখা যায়। এই সকলোবোৰৰ উপৰিও প্ৰাণীৰ শৰীৰ সুস্থ ৰখা বা শৰীৰৰ ওজন নিয়ন্ত্ৰনৰ বাবে পানীৰ প্ৰয়োজনীয়তা আছে। নিয়মিত আৰু সময় অনুযায়ী পানী ব্যৱহাৰ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। মানুহৰ ছাল ভালে ৰখাৰ ক্ষেত্ৰত পানীৰ এক বিশিষ্ট ভূমিকা আছে। বৰ্তমান সময়ত কম্পিউটাৰ বা ম’বাইল ফোন আদিতে প্ৰায়ভাগ লোক ব্যস্ত হৈ থাকে। ইয়াৰ ফলত মানুহৰ মাজত মানসিক চাপৰ সৃষ্টি হয়। এই মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে নিয়মিত পানী খোৱাটো অত্যন্ত আৱশ্যক। ই শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে, হজম শক্তি বঢ়াই বা শৰীৰৰ অপকাৰী তক্সিনসমূহ দূৰ কৰাত সহায়ক হয়।


পানীৰ অধিকাৰক লৈ দেশসমূহৰ মাজত বিবাদ পানীৰ অধিকাৰক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ মাজত অতীজৰে পৰা সামাজিক আৰু ৰাজনৈতিক সংঘাটৰ সৃষ্টি হৈ আহিছে। পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি ২০২২ চনত বিশ্বৰ প্ৰায় ৩৪৪ টা ঘটনা সংগঠিত হৈছে। এই প্ৰতিবেদন পানী সম্পকীয় বিবাদৰ অধ্যয়নৰ লগত জড়িত বিশ্বৰ আগশাৰীৰ গবেষণা অনুষ্ঠান ক্সPacific Instituteক্সএ প্ৰকাশ কৰা ক্সWater Conflic Chronologyক্সত প্ৰকাশ পাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি প্ৰায় ৫৮ জন লোকৰ মৃত্যু হৈছে। ইৰাণ আৰু আফগানিস্থানৰ মাজত হেলমাৰ নদীক কেন্দ্ৰ কৰি দুখন দেশৰ সেনাবাহিনীৰ মাজত ভীষন সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে। আফ্ৰিকাৰ বিভিন্ন দেশ বিশেষকৈ নাইজেৰিয়া, ছোমালিয়া আৰু দক্ষিণ ছুডানৰ মাজত পানী আৰু ভূখণ্ডৰ বাবে খেতিয়ক আৰু পশুপালকসকলৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈ আহিছে। উল্লেখযোগ্য যে ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্থানৰ মাজত সিন্দু নদী, বাংলাদেশৰ মাজত তিস্তা নদী, ভাৰত আৰু নেপালৰ মাজত মহাকালী নদীক লৈ বিবাদৰ সূত্ৰপাত হৈছিল। বৰ্ত্তমানে ভাৰত আৰু চীনৰ মাজত ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হৈ আছে। ইয়াৰ উপৰিও ভাৰতৰ আন্তঃৰাজ্যিক ক্ষেত্ৰত ৰবি, ব্যাস আৰু সুতলেজ নদীক কেন্দ্ৰ কৰি পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান, কাবেৰী নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কৰ্ণাটক, কেৰেলা আৰু পুণ্ডুচেৰী, পেৰীয়াৰ নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কেৰেলা, নৰ্মদা নদীক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু কৃষ্ণা নদীক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ মাজত বিবাদৰ সুত্ৰপাত অব্যাহত আছে।

বিশ্ব জল দিৱসঃ উদ্দেশ্য আৰু তাৎপৰ্য-
১৯৯২ চনৰ ২২ ডিচেম্বৰ তাৰিখে ব্ৰাজিলৰ ৰিও, ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় এখন সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰত্যেক বছৰে ২২ মাৰ্চ তাৰিখে ‘বিশ্ব জল দিবস’ পালন কৰিবৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পানীৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু পানী সম্পৰ্কীয় নতুন নতুন চিন্তাধাৰা আৰু জ্ঞানৰ জৰিয়তে জনসাধাৰণক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে এই দিবস পালন কৰি আহিছে। এই দিবসত পানীৰ নাটনি, পানীৰ প্ৰদুষণ, অপৰ্যাপ্ত পানীৰ যোগান, অনাময় ব্যৱস্থাৰ অভাৱ, জলবায়ু পৰিবৰ্তনৰ প্ৰভাব আদি বিষয়সমূহে অগ্ৰাধিকাৰ পাই আহিছে। ইয়াৰ উপৰিও সকলোৰে বাবে সুৰক্ষিত খোৱা পানী, অনাময় ব্যৱস্থা, উপযুক্ত পৰিস্কাৰ পৰিছন্নতাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ প্ৰাপ্তিৰ দিশত কাৰ্যপন্থা সম্পাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱসৰ’ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই “Un World Water Development Report” (UNWR) প্ৰকাশ কৰি আহিছে। এই প্ৰতিবেদনত পানীৰ বহনক্ষম আৰু নিয়ন্ত্ৰিত ব্যৱহাৰৰ জৰিয়তে কেনেদৰে অপচয় ৰোধ কৰি বিশ্ববাসীক পানীৰ নাটনিৰ ভয়াৱহাতৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ বিভিন্ন সদস্য ৰাষ্ট্ৰসমূহৰ উপৰিও খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ লগত জড়িত বিভিন্ন সংগঠন যেনে— UNISEF, Water Aid and Water Sanitation (WSUP) আৰু অন্যান্য সংগঠনসমূহে জনসাধাৰণৰ মাজৰ সজাগতা সৃষ্টিৰ লগতে বিভিন্ন সামাজিক মাধ্যম, বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমসমূহৰ জৰিয়তে পানী আৰু অনাময়ৰ লগত জড়িত বিষয়সমূহ দৃষ্টি আকৰ্ষণৰ বাবে ছেমিনাৰ, বক্তৃতা অনুষ্ঠান, প্ৰবন্ধ আদিৰ প্ৰকাশ আৰু তথ্য চিত্ৰ প্ৰদৰ্শন কৰি আহিছে। উল্লেখযোগ্য যে এই দিনটোত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহেও পানীৰ গুণগত মানদণ্ড, পানীৰ সংৰক্ষণ আৰু পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। ২০১৭ চনত আমেৰিকাৰ মেছিগান বিশ্ববিদ্যালয়ে ‘Best World Water Day Poster’ প্ৰতিযোগিতা বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত আয়োজন কৰিছিল। ২০১০ চনত ফিলিপাইনছে প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত ‘My School Toilet’ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।

২০২৪ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু –
২০২৪ চনৰ ‘বিশ্ব জল দিৱসৰ’ প্ৰধান বিষয়বস্তু হৈছে ‘Water for Peace’। ইতিহাসৰ পৰা এই কথা প্ৰতীয়মান হয় যে যেতিয়াই পানীৰ নাটনি হয় বা পানীৰ প্ৰদূষণ হয় বা পানীৰ বিতৰণত অসমতা হয় তেতিয়াই বিভিন্ন ৰাষ্ট্ৰ আৰু সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু তেতিয়াই ই সমাজত ৰাজনৈতিক বা সামাজিক অস্থিৰতাৰ সৃষ্টি কৰে। বৰ্ত্তমানে বিশ্বৰ বিভিন্ন দেশৰ মাজত পানীক কেন্দ্ৰ কৰি সংঘটিত ঘটনাসমূহে এই কথা প্ৰতিপন্ন কৰি আহিছে। সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ বাবে পানী যে অপৰিহাৰ্য এই কথাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবৰ বাবে এই বিষয়বস্তু বাচি লোৱা হৈছে।

পানী সম্পৰ্কত ৰাষ্টসংঘৰ প্ৰতিবেদন-
পানী হৈছে প্ৰকৃতিৰ দান। প্ৰকৃতিয়ে সমাজক অফুৰন্ত আৰু সকলোৰে উপলব্ধ হোৱাকৈ এই সম্পদ ৰাজী সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মানুহৰ ব্যৱহাৰৰ বাবে এতিয়াও পৃথিৱীত পৰ্যাপ্ত পানী আছে। কিন্তু মানুহে সেৱন কৰিব পৰাকৈ পৰ্যাপ্ত পানীৰ এতিয়াও অভাৱ আছে। পৰিসংখ্যা অনুযায়ী প্ৰতিজন ব্যক্তিৰ ভিতৰত দশমজন ব্যক্তিয়ে এতিয়াও এটোপাল খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। UNISEFৰ তথ্য অনুসৰি পৃথিৱীৰ প্ৰায় ৪ ভাগৰ ৩ অংশ জনসংখ্যা এতিয়াও প্ৰতিবছৰে এমাহ পানীৰ অভাৱৰ সন্মুখীন হৈ আহিছে। বিশ্বৰ প্ৰায় ২.০০ বিলিয়ন জনসংখ্যা এতিয়াও অপৰ্যাপ্ত পানীৰ নাটনিৰে জীৱন অতিবাহিত কৰিব লাগিছে।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি ২০১১ চনৰ অক্টোবৰত বিশ্বৰ জনসংখ্যাই ৭ বিলিয়নৰ সীমা অতিক্ৰম কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ জনসংখ্যা অহা ৩০ বছৰত বৰ্তমান ৭.৭ বিলিয়নৰ পৰা ২০৫০ চনত ৯.৭ বিলিয়ন বৃদ্ধি পাব আৰু ২১০০ চনত ই প্ৰায় ১১ বিলিয়ন হ’ব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ United Nation Environment Programm (UNEP)ৰ প্ৰতিবেদনতকোৱা হৈছে যদি পানীৰ অপচয় ৰোধ কৰা নহয় বা প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয় তেতিয়াহ’লে ২০৩০ চনৰ ভিতৰত প্ৰায় আধা অংশই পানীৰ সংকটৰ সন্মুখীন হ’ব আৰু লাখ লাখ লোকৰ স্বাস্থ্যৰ প্ৰতিভাবুকিৰ সৃষ্টি হ’ব। এই প্ৰতিবেদনত আৰু উল্লেখ কৰা আছে যে বিশ্বৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নগৰীকৰণ বৃদ্ধি পাব আৰু ইয়াৰ সৈতে জলবায়ুৰ পৰিৱৰ্তন বৃদ্ধি পাব। একে সময়তে মানুহৰ খাদ্যভাসৰ পৰিৱৰ্তন হ’ব আৰু সকলোবোৰ মিলিত প্ৰভাৱৰ বাবে ভৱিষ্যতে পানীৰ চাহিদা বৃদ্ধি হ’ব।


একেখন প্ৰতিবেদনে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক অসীম ষ্টেইনাৰে উল্লেখ কৰিছে যে বহনক্ষম উন্নয়নৰ বাবে পৰিস্কাৰ পানীৰ এক নিৰ্ভৰযোগ্য উৎস থকাটো গুৰুত্বপূৰ্ণ। যেতিয়া পৰিস্কাৰ পানী উপলব্ধ নহয় তেতিয়া পৃথিৱীৰ দৰিদ্ৰ জনসংখ্যাই তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎ অংশ ইয়াক ক্ৰয় কৰিবলৈ ব্যয় কৰিব লাগিব যিয়ে বিকাশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব।
›¶তিটোপাল পানীৰ অপচয় ৰোধৰ বাবে সংকŠবদ্ধ হওঁ আহক বিশ্ববাসীক পানীৰ অভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে পানীৰ অপচয় ৰোধ কৰাৰ লগতে পানীৰ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। বৰ্ত্তমানে পানীৰ সংকটৰ সন্মুখীন হোৱা ভাৰতৰ অন্যতম উন্নত ৰাজ্য ছিলিকন ভেলী খ্যাত বাংগালোৰৰ পানীৰ সংকটৰ পৰা প্ৰতিজন লোকে শিক্ষা ল’ব লাগিব। এই বাংগালোৰ এটা সময়ত City of Lake নামে পৰিচিত আছিল। কিন্তু সভ্যতাৰ বিকাশৰ নামত কিছুমান ভুল সিদ্ধান্তৰ বাবে এই বিষম পৰিণতি ভোগ কৰিব লগা হৈছে। আজি বাংগালোৰৰ জনসাধাৰণে এটুপি খোৱা পানীৰ বাবে জীৱন-মৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছে।
আহক আমি বিশ্ব জল দিৱসৰ এই পৱিত্ৰ দিনটোত প্ৰতিটোপাল পানী সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব। পানী সংৰক্ষণক আমি এক গণ আন্দোলনত পৰিণত কৰিব লাগিব। বৰ্তমানে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ আৰ্থিক সাহায্যত ৰূপায়ণ হোৱা প্ৰতিটো জলজীৱন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি সহযোগিতা আৰু অংশীদাৰিত্ব আগবঢ়াব লাগিব। তেতিয়াহে আমি এখন শক্তিশালী, স্বাস্থ্যবান আৰু ৰোগমুক্ত ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিব।

লেখকঃধৰ্মকান্ত মিলি