Home Blog Page 979

পেট্ৰ’ল পাম্পত ‘মোদী কি গেৰাণ্টি’ৰ হৰ্ডিং লগাবলৈ নিৰ্দেশ দিয়াৰ খবৰ প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত…

পেট্ৰ’ল পাম্পত ‘মোদী কি গেৰাণ্টি’ৰ হৰ্ডিং লগাবলৈ নিৰ্দেশ দিয়াৰ খবৰ প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্কাশিত এক খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ লোকসভাৰ নিৰ্বাচনৰ বাবে এতিয়া দেশ প্ৰায় সাজু হৈ উঠিছে৷ এনে সময়তে বিজেপিয়েও প্ৰথম খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই পেট্ৰ’ল পাম্প আৰু ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলক বৰ্তমানৰ হৰ্ডিং আৰু কল্যাণমূলক আঁচনিৰ বেনাৰৰ সলনি বিজেপিৰ নিৰ্বাচনী শ্লোগান ‘মোদী কি গেৰাণ্টি’ৰ হৰ্ডিং আঁৰিবলৈ কৈছে৷ দ্য ৱায়াৰৰ খবৰ অনুসৰি সেই হৰ্ডিঙত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক চিলিণ্ডাৰ দিয়াৰ এখন ছবিও আছে।

উল্লেখ্য লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে সম্পূৰ্ণ শক্তিৰে প্ৰচাৰ আৰম্ভ কৰিছে।সকলো চৰকাৰী পেট্ৰ’ল পাম্পৰ মেনেজাৰসকলক বুধবাৰৰ ভিতৰত নতুন ফ্লেক্স হৰ্ডিং স্থাপন কৰাটো নিশ্চিত কৰাত “সহযোগিতা” কৰিবলৈ কোৱা হৈছে বুলিও বাতৰিত প্ৰকাশ ৷

অৱশ্যে, নিৰ্বাচন আয়োগে বহু প্ৰতীক্ষিত সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত আৰু নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত এই হৰ্ডিংবোৰ আঁতৰ কৰা হ’ব।

ইয়াৰ পূৰ্বে ২০২১ চনৰ মাৰ্চ মাহত পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু পেট্ৰ’ল পাম্পসমূহক প্ৰধানমন্ত্ৰী মোদীৰ ছবিথকা সকলো হৰ্ডিং আঁতৰাবলৈ কৈছিল।

দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে…

দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে

এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰক এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি কয় যে ভৱিষ্যতে দেশৰ সকলো চিকিৎসালয়ত চিকিৎসাৰ ব্যয় সমান কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে চৰকাৰক অহা ছসপ্তাহৰ ভিতৰত অৰ্থাৎ ডেৰ মাহৰ ভিতৰত এই নিৰ্দেশনাৰ বিষয়ে সিদ্ধান্ত ল’বলৈ কৈছে।

বৰ্তমান, দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ ব্যয় বেলেগ বেলেগ হৈ আহিছে। এই কথাই নগদবিহীন স্বাস্থ্য বীমা সেৱা প্ৰৱৰ্তন কৰাটো কঠিন কৰি তুলিছে। এটা স্বেচ্ছাসেৱী সংগঠনে এই বিষয়ত উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজজড়িত এখন আবেদন কৰিছিল৷ সেই আবেদনৰ শুনানিৰ সময়ত দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আমি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবক নিৰ্দেশ দিছো যে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কৰ্তৃপক্ষৰ সৈতে

আলোচনা কৰি এটা নিৰ্দিষ্ট প্ৰস্তাৱ আনিব লাগে।প্ৰস্তাৱটো পৰৱৰ্তী ছসপ্তাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব।” যোৱা সপ্তাহত ন্যায়াধীশ বি আৰ গাভাই আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কৈছিল, “যদি কেন্দ্ৰই পৰৱৰ্তী শুনানিৰ তাৰিখৰ ভিতৰত কোনো নিৰ্দিষ্ট প্ৰস্তাৱ আনিব নোৱাৰে, তেন্তে আমি এই সন্দৰ্ভত উপযুক্ত নিৰ্দেশনা জাৰি কৰিম।” সেই অনুসৰি, বিচাৰকসকলে ছসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে।

যদি কংগ্ৰেছ শাসনলৈ আহে প্ৰধানমন্ত্ৰী মোদী, যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিলে কৰ্ণাটকৰ এজন লোকে…

যদি কংগ্ৰেছ শাসনলৈ আহে… প্ৰধানমন্ত্ৰী মোদী, যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিলে কৰ্ণাটকৰ এজন লোকে,

পুৰন হত্যাৰ ভাবুকি লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ দুয়োগৰাকী নেতাকে হত্যাৰ ভাবুকি দিলে কৰ্ণাটকৰ এজন লোকে৷ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰা হ’ব যদিহে কংগ্ৰেছ শাসনলৈ আহে। কৰ্ণাটকৰ এজন লোকে এটা ভিডিঅ’ বাৰ্তাত এনে ধৰণৰ ভাবুকি দিছে। অভিযুক্তজনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্তজনক মহম্মদ ৰছুল কাদেৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি

কৰ্ণাটকৰ বাসিন্দা ৰাছুলে অলপতে তেওঁৰ ম’বাইল ফোনৰ চেলফি মোড ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টোত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক কংগ্ৰেছ শাসনলৈ আহিলেই হত্যা কৰা হ’ব বুলি ভাবুকি দিছে৷ ভিডিঅ’টোত লোকজনে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পিছত যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে মোদী আৰু যোগীক হত্যা কৰা হ’ব। স্বাভাৱিকতে, তেওঁৰ ভিডিঅ’টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সুৰপুৰ আৰক্ষী থানাত ঘটনাটোকলৈ এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

সুৰপুৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৫০৫ (১) (খ), ২৫ (১) (খ) আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত ৰাছুল কৰ্ণাটকৰ য়াদগিৰ জিলাৰ ৰনগাপেট অঞ্চলৰ বাসিন্দা। কৰ্মসূত্ৰে লোকজনে হায়দৰাবাদত থাকে৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত কৰ্ণাটকৰ লগতে হায়দৰাবাদৰ কেইবাঠাইতো তালাচী আৰম্ভ কৰিছে। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত্যুৰ ভাবুকি পোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁলোকে হত্যাৰ ভাবুকি পাইছে৷

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত দুই কিলোগ্ৰাম ওজনৰ আলুৱে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰ…

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত দুই কিলোগ্ৰাম ওজনৰ আলুৱে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে
এটা বিশেষ আলুৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ভাৰতৰ প্ৰায়ভাগ ৰাজ্যতে আলু খেতি কৰা হয়৷ কিন্তু শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাত এজন কৃষকৰ পথাৰত ওলোৱা এটা আলুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ সেই আলুটোৰ ওজন দুই কিলোগ্ৰাম৷ এনে এক বিশাল আকাৰৰ আলু দেখি খোদ আলু খেতিয়কজনো

আচৰিত হৈ পৰিছে৷এই আলুটো চাবলৈ এতিয়া কঋ.ক জনৰ ঘৰত বহুতে ভিৰ কৰিছে৷ জানিব পৰা মতে জিলাখনৰ জাহানগঞ্জ আৰক্ষী থানা অন্তৰ্গত পাটাউজা গাঁৱৰ এজন কৃষক মেৰাজ হুছেইনৰ পথাৰত উৎপাদন হৈছে এই বিশাল আকৃতিৰ আলুটো । এইবছৰ উত্তৰ প্ৰদেশত আলুৰ উৎপাদন বৰ ভাল হৈছে৷ উত্তৰ প্ৰদেশৰ সেই জিলা খনৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ আলু পঠিওৱা হয়৷ কিন্তু কেতিয়াও ইমান ডাঙৰ আলু উৎপাদন হোৱা নাছিল৷

কৃষকজনে প্ৰকাশ কৰা মতে তেওঁ বহু বছৰৰ পৰাই আলুৰ খেতি কৰি আহিছে, কিন্তু ইমান ডাঙৰ আলু প্ৰথমবাৰৰ বাবে উৎপাদন হৈছে৷ আলুটো কি কাৰণত ইমান ডাঙৰ হ’ল সেয়া কঋষি বিজ্ঞানীসকলেহে বাখ্যা কৰিব পাৰিব৷ ইয়াৰ আৰঁত কিবা জেনেটিক কাৰণো থাকিব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷ অৱশ্যে সঠিক অধ্যয়নৰ পিছতহে কথাবোৰ স্পষ্ট হ’ব৷

ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

‘ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’

প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ জীপ ছাফাৰী, হাতী ছাফাৰীৰ ফটো যেতিয়া প্ৰচাৰ কৰিব, কাজিৰঙাখন বিশ্ববন্দিত হ’ব, বিশ্ববিশ্ৰুত হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

“প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ অনুগামীৰ সংখ্য বহুত বেছি৷ ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া”- আজি যোৰহাটত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই৷ প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কাজিৰঙাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু হাতী ছাফাৰী কৰিব, নিশ্চিতভাৱে তেওঁ কাজিৰঙাৰ জীপ ছাফাৰী, হাতী ছাফাৰীৰ ফটো প্ৰচাৰ কৰিব আৰু কাজিৰঙাখন বিশ্ববন্দিত হ’ব, বিশ্ববিশ্ৰুত হ’ব৷ গতিকে নিশ্চিতভাৱে কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িব৷ আৰু অসমখন আগুৱাই যাব৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বাবে বহুত কাম কৰিছে আৰু কাম কৰিবলৈ আহিছে, আমি তেওঁক সকলোৱে আদৰণি জনাম৷

উল্লেখ্য যে যোৰহাটত চৰকাৰে নিৰ্মাণ কৰা ১৫০ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে লাচিত বৰফুকনৰ শৌৰ্য, বীৰ্যৰ কথা সকলোৱে জানে ৷ লাচিত নহ’লে আমি ক’ত থাকিলো হয়, মোগলে আমাক কি কৰিলে হয়- এই কথা আমি সকলোৱে জানো৷ সেইজনা বীৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ চৰকাৰে ১৫০ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে৷ এই প্ৰতিমূৰ্তিটোও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব, এয়া আমাৰ কাৰণে ভাল খবৰ৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোতে জিকিম৷ কংগ্ৰেছৰ একো লাভ নাই, তেওঁলোকৰ প্ৰাৰ্থীয়েই নাই বুলি কৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ নাম শুনিছে নেকি বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে৷ কংগ্ৰেছৰ এনেকুৱা পৰিৱেশ হৈছে যে তিনিটা সমষ্টি বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থী নাই বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জক বিদ দি কংগ্ৰেছৰ প্ৰাৰ্থীয়েই নাই৷ তেওঁলোকে জবৰদস্তি ‘আপুনি খেলক, আপুনি খেলক, তুমি খেলা, তুমি খেলা’ বুলি কৈ থাকিব লগা হৈছে৷ কংগ্ৰেছৰ অৱস্থা খুব বেয়া বুলি মন্ত্ৰী হাজৰীকাই কয়৷ আনহাতে, যোৰহাট সমষ্টিত তিনি গগৈ- অখিল, লুৰীণ আৰু গৌৰৱ গগৈ যদি লগ হয়, বিজেপি শলঠেকত পৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইবিলাক কৈ একো লাভ নাই বুলি কয়৷ তেওঁ কয় যে এইবিলাক হৈছে সাম্প্ৰদায়িক কথা-বতৰা৷ এইবিলাক কথা ক’লে শ্ৰদ্ধাৰ আহোম মানুহখিনিয়েও বেয়া পাব বুলি তেওঁ কয়৷ তেওঁ আৰু কয় যে আমি সকলোৱে মিলি পেলাই কাম কৰি আছো, ক’ত তেনেকুৱা তিনি গগৈৰ ফৰ্মূলা থাকে বুলি সাংবাদিকক প্ৰশ্ন কৰে৷

আনহাতে, মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈয়ে যদি যোৰহাটত খেলে, তেওঁ আঢ়ৈ লাখ ভোটত হাৰিব বুলি মন্তব্য কৰে৷

হাটশিঙিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল যোগদান সভা…

হাটশিঙিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল যোগদান সভা
লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে মানকাচৰ সমষ্টিৰ ফুলেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগানপাৰা গাওঁত মঙ্গলবাৰে নিশা ভাৰতীয় জনতা পাৰ্টীৰ এক বিশাল যোগদান সভাৰ আয়োজন কৰে ।উক্ত যোগদান কাৰ্য্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা শ শ ভোটাৰে আনুষ্ঠানিক ভাবে বি.জে.পি.ত যোগদান কৰে।

উল্লেখ্য যে উক্ত সভাত উপস্থিত থকা হাটশিঙিমাৰী সদৰ মণ্ডলৰ সভাপতি আব্দুল আলিম মোল্লাই ভোটাৰৰ মোন আকৃষ্ট কৰা লক্ষ্যৰে ভাষণ প্ৰদান কৰি সমাগত লোকসভা নিৰ্বাচনত মানকাচৰ সমষ্টিত বিজেপিৰ ভেটি মজবুত কৰি ধুবুৰী লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মৃত্ৰজোঁটৰ এ.জি.পিৰ মনোনীত প্ৰাৰ্থীক ভোট দি সাংসদ

হিচাপে নিৰ্বাচিত কৰিবলৈ আহ্বান কৰে । উক্ত যোগদান কাৰ্য্যসূচী হাটশিঙিমাৰী সদৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় যত উপস্হিত আছিল দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰ্য্যায়ৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে বহুত ভোটাৰ ।

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ…

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে।

মৰিয়নিৰ ছখন গাঁও পঞ্চায়ত আৰু তেত্ৰিছ খন গাঁওৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ বাবে ২০১৩ বৰ্ষতে গ্ৰেটাৰ চেলেং নামেৰে এটা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল চেলেং হাতৰ লাওজানত।

কিন্ত এই আঁচনি নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান ধৰাত ব্যৰ্থ হৈছে বৰ্তমানৰ চৰকাৰ। যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ। প্ৰায় পঞ্চাশ কোটি টকাৰ ব্যয় সাপক্ষে নিৰ্মান কৰা এই পানী যোগান আঁচনি বগা হাতীত পৰিণত হৈছে।

যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা। আটছাৰ সহযোগত আজি স্থানীয় মহিলা সকলে কলহ/ বটুৱা বাল্টিং লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশুদ্ধ খোৱাপানী যোগান নিদিলে আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ দিয়ে। এই সন্দৰ্ভত আটছাৰ হৈ দীনেশ চাহুৱে কিছু মন্তব্য আগবঢ়ায়।

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ল’লে হেলেমৰ এজন লোক…

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ললে হেলেমৰ এজন লোক।নশ্বৰ দেহ নিজ গৃহত আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে হেলেম চাহ বাগিছাত। কৰ্মৰ সন্ধানত বহিঃৰাজ্য মহাৰাষ্ট্ৰ লৈ মধ্যপ্ৰদেশত মৃত্যুক আঁকোৱালি ললে হেলেম চাহ বাগিছাৰ ৪ নং লাইনৰ এজন লোকে।হেলেম চাহ বাগিছাৰ মাৰ্চেল

গুড়িয়া নামৰ লোকজনে নিজৰ পৰিয়াল সহ তিনি পুত্ৰ সন্তানক পোহপাল দিয়াৰ বাবে যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ লৈ কৰ্মসুত্ৰে ৰেলেৰে গৈ থকা অৱস্থাত এক বিশেষ অসুখত ভোগে আৰু মধ্যপ্ৰদেশৰ কোনো এখন

ষ্টেচনৰ পৰা নাইকিয়া হয় আৰু পৰৱৰ্তী বাথ ৰোমত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে মঙ্গলবাৰে সন্ধিয়া নিজ গৃহলৈ নশ্বৰ দেহ আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

১৫ দিনৰ অন্তত আন্দোলন সাময়িক ভাৱে প্ৰত্যাহাৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ…

আজি ১৫ দিনৰ অন্তত আন্দোলন সাময়িক ভাৱে প্ৰত্যাহাৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ।
শীঘ্ৰে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিলে আকৌ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ৰূপায়ণ কৰি থকা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি পোন্ধৰ দিনৰ অন্তত সময়িকভাৱে প্ৰত্যাহাৰ কৰিছে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে। আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিত শিলসাঁকোৰ পাৰৰ

উচ্ছেদ প্রতিৰোধী ৰাইজৰ প্ৰতিনিধি গায়ত্ৰী বৰি, অৰ্চনা টাইদ, মমিনা বেগম, ছায়া মোছাহাৰী আৰু বিতুমণি দাস বেগমে কয় যে, যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা আমি শিলসাঁকোৰ উচ্ছেদিত থলুৱা পৰিয়ালসমূহে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ধাৰাবাহিক ভাৱে ৰূপায়ন কৰি থকা প্রতিবাদী কাৰ্যসূচী সময়িকভাৱে স্থগিত ৰাখিছো।

কাৰণ আমাৰ এই আন্দোলনৰ মাজতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদিত ৰাইজৰ প্ৰতিনিধি বৰ্গৰ এখনি আলোচনাত অনুষ্ঠিত কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি ইতিমধ্যে আমাৰ প্ৰতিনিধিৰ তালিকা প্ৰেৰণ কৰিছো। আশা কৰিম এক সপ্তাহৰ ভিতৰত আমাৰ লগত মুখ্যমন্ত্ৰীৰে বৈঠক অনুষ্ঠিত হ’ব। আমাৰ কথা স্পষ্ট যদিহে আমাৰ দাবী চৰকাৰে মানি নলয় তেন্তে আমাৰ আন্দোলন অধিক তীব্ৰতৰ হ’ব বুলি জানিবলৈ দিয়া উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিনিধি বৰ্গই। আজিৰ প্রতিবাদী কাৰ্যসূচীৰ শেষত পুনৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

তিনি গগৈৰ ফৰ্মূলা প্ৰসংগত কি ক’লে মন্ত্ৰী পীযুষ হাজৰীকাই