Home Blog Page 986

তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ঐতিহাসিক ধাদুম পথাৰ আলোকিত হ’ল প্ৰায় ১৫০০ বন্তিৰে…

প্ৰায় ১৫০০ বন্তিৰে আলোকিত হ’ল তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ঐতিহাসিক ধাদুম পথাৰ ৷

ৰাজ্যৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি সোনোৱাল কছাৰী সকলৰ মূল আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ’ পূজা উপলক্ষে এই বন্তি প্ৰজ্বলন ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা ডাঙৰীৰ ধাদুম পথাৰ স্থিত বাইথ’ মন্দিৰৰ আদৰণি তোৰণৰ পৰা মূল মন্দিৰলৈ প্ৰায় ৭ কিলোমিটাৰ পথচোৱা গাঁৱৰ মাজে মাজে কৰে বন্তি প্ৰজ্বলন ৷ সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ ডাঙৰী আৰু মেগেলা সমষ্টিৰ সদস্যৰ তৎপৰতাত এই বন্তি প্ৰজ্বলন ৷

উল্লেখ্য যে শিৱৰাত্ৰিৰ পাছৰ শুক্লপক্ষৰ দ্বিতীয়টো সোমবাৰে ফাগুন আৰু চত মাহৰ মাজত অনুষ্ঠিত কৰে বাইথ’ পূজা ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় এই বাইথ’ পূজা ৷ বাইথ’ পূজাত সোনোৱাল কছাৰী সকলৰ বিহু নমোৱা পৰ্ব পালন কৰে ৷ হাইদাং গীত, ডেকা গাভৰু সকলে লগ বিহুৰে আদৰণি জনায় ৰঙালী বিহুটিক ৷

সৰুৰে পৰা ৫টা কামৰ অনুশীলন কৰিলে আপোনাৰ ওচৰলৈ বেমাৰ নাহে…

ষাঠি বছৰ বয়স হোৱাৰ আগতে যদি দৈনন্দিন কাম-কাজত অলপ কাম যোগ কৰিব পাৰে তেন্তে জীৱনৰ গতি বহুত মসৃণ হ’ব পাৰে। বয়সৰ কোনো প্ৰভাৱ শৰীৰ আৰু মনৰ ওপৰত নপৰে। সৰুৰে পৰা ৫টা কামৰ অনুশীলন কৰিলে আপোনাৰ ওচৰলৈ বেমাৰ কেতিয়াও নাহে। জানকচোন এই ৫টা কামৰ অনুশীলনৰ বিষয়ে…

১) ব্যায়াম

প্ৰতিদিনে কমেও আধা ঘণ্টা ব্যায়াম কৰিলে বহু ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। এক গৱেষণাৰ মতে, নিয়মিতভাৱে ছমাহ ধৰি ব্যায়াম কৰিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি।

২) বাদাম খোৱা

অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে এমুঠিমান বাদাম খালে অকাল মৃত্যুৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। আলমণ্ডত প্ৰটিন, ফাইবাৰ, ভিটামিন ই, কে, মেগনেছিয়াম, কপাৰ আদি কেইবাটাও স্বাস্থ্যকৰ উপাদান থাকে। বয়সৰ লগে লগে বৃদ্ধি পোৱা বেমাৰবোৰ ৰখাত সহায় কৰে।

৩) শুই উঠাৰ আগতে কিতাপ পঢ়া

চকুৰ পৰা মোবাইল স্ক্ৰীণ আঁতৰাই ৰাখি প্ৰতিদিনে এখন কিতাপৰ অন্ততঃ এটা পৃষ্ঠা পঢ়িবলৈ চেষ্টা কৰক। মানুহৰ বয়স বঢ়াৰ লগে লগে তেওঁলোকৰ ধৈৰ্য্য কমি যায় আৰু তেওঁলোকৰো মনোযোগৰ অভাৱ হয়। স্মৃতিশক্তি ম্লান হ’বলৈ আৰম্ভ কৰে। ২০১৬ চনৰ এক অধ্যয়নত দেখা গৈছে যে বয়সৰ লগে লগে বৃদ্ধি পোৱা এই সমস্যাবোৰ পঢ়াৰ অভ্যাসে নিয়ন্ত্ৰণ কৰিব পাৰে।

৪) গছ-গছনিবোৰক পানী দিয়া

বহুতে কয় যে দীৰ্ঘদিনীয়া কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ পিছত বাগিচাৰ কামত সময় কটাব। মনোবিজ্ঞানীসকলে কয় যে সেউজীয়াৰ সৈতে সময় কটোৱাটো এতিয়া মনটোক সুস্থ কৰি ৰাখিবলৈ নিৰ্ধাৰিত আৰু ই অতি ফলপ্ৰসূ। অষ্ট্ৰেলিয়াৰ গৱেষকৰ এটা দলে কয় যে অৱসৰৰ পিছত দিনটোত কমেও এঘণ্টা গছৰ সৈতে কটালে বয়সৰ লগত জড়িত বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

৫) বন্ধুৰ লগত কথা পতা

সঘনাই দেখা নোপোৱা মানুহৰ লগত দিনটোত কমেও দহ মিনিট কথা পতা অভ্যাস কৰি লওক। গৱেষণাৰ পৰা দেখা গৈছে যে পৰিয়ালৰ বাহিৰত সুস্থ কথোপকথনে আচলতে জীয়াই থকাত সহায় কৰে।

ছাৰা আলী খানক ক্ষমা খুজিলে বিক্ৰান্ত মেছিয়ে! কাৰণটো কি জানেনে…

শেহতীয়াকৈ ‘টুৱেলভ ফেইল’ অভিনেতা বিক্ৰান্ত মেছি আৰু ‘মাৰ্ডাৰ মুবাৰক’ অভিনেত্ৰী চাৰা আলী খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অভিনেতাগৰাকীয়ে অভিনেত্ৰীগৰাকীক লৈ তেওঁৰ কিমান ভুল ধাৰণা আছিল সেই কথা প্ৰকাশ কৰিছে। তেওঁ অনুভৱ কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে কেৱল তেওঁৰ ‘চুলি আৰু মেকআপ’কহে অধিক অগ্ৰাধিকাৰ দিয়ে। চলচ্চিত্ৰ পৰিচালক বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা পৰিচালিত আৰু যোৱা বছৰ মুক্তি পোৱা ছুপাৰহিট ছবি ‘টুৱেলভ ফেইল’ অভিনেতা বিক্ৰান্ত মেছিয়ে শেহতীয়াকৈ অ’টিটিত মুক্তি পোৱা ‘মাৰ্ডাৰ মুবাৰক’ অভিনেত্ৰী ছাৰা আলী খানৰ ওচৰত ক্ষমা বিচাৰিছে। অৱশ্যে দুয়োজনে চিত্ৰংগদা সিঙৰ সৈতে ‘গেছলাইট’ত কাম কৰিছে।ভাইৰেল হৈ পৰা ভিডিঅ’টোত বিক্ৰান্তই কৈছে, ‘দুৰ্ভাগ্যজনকভাৱে আমাৰ সকলোৰে কিছুমান ভুল ধাৰণা ধাৰণা আছে আৰু আমি ইয়াৰ বিষয়ে শুনিছো। নেপোটিজম আৰু বিশেষাধিকাৰৰ বুজাবুজি আছে। বিশেষকৈ যোৱা দুবছৰ তিনিবছৰত ইয়াৰ প্ৰভাৱ অতি আছিল।

কথা পাতি থাকোঁতে অভিনেতাজনে আৰু ক’লে, ‘মই এজন তাৰকা, এজন বিখ্যাত তাৰকা তেওঁৰ বিষয়ে অলপ বেলেগকৈ ভাবিছিলোঁ। মই ষ্টাৰ চাৰ্কিটৰ পৰা মাইল দূৰত। ভাবিছিলো তাৰকাগৰাকীয়ে চুলি আৰু মেকআপতহে বেছি গুৰুত্ব দিয়ে। মই তেওঁক এই বিষয়ে ক’লোঁ আৰু তাৰ পিছত মই তেওঁৰ ওচৰত ক্ষমা খুজিলোঁ। বিক্ৰান্তই আৰু কয়, ‘মই জানো এয়া ভাল কথা নাছিল। তেওঁ কিমান ঘণ্টা কাম কৰে সেয়া দেখি প্ৰথম চেকেণ্ডতে মই এই কথা উপলব্ধি কৰিলোঁ।’

৩-৫ লাখ মানুহে CAAৰ অধীনত নাগৰিকত্ব বিচৰাৰ সম্ভাৱনা…

৩-৫ লাখ মানুহে CAAৰ অধীনত নাগৰিকত্ব বিচৰাৰ সম্ভাৱনা! অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত CAAৰ অধীনত প্ৰায় তিনি-পাঁচ লাখ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰে বুলি কয়। তেওঁ কয় যে আবেদনকাৰীসকলৰ ভিতৰত কেৱল সেইসকলহে থাকিব যিসকলক উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ দিয়া হৈছিল।

লগতে তেওঁ কয় যে এন আৰ চিৰ তালিকাৰ পৰা ৭ লাখ মুছলমান আৰু ৫ লাখ হিন্দু-বঙালী বাহিৰ হ’ল৷ “বহু হিন্দু-বঙালী বিভিন্ন সময়ত আহি শৰণাৰ্থী শিবিৰত থাকিছিল। এন আৰ চিত অন্তর্ভুক্তিৰ বাবে আৱেদন কৰাৰ সময়ত এনে শিবিৰত থকাৰ প্রমাণ হিচাপে ষ্টাম্পযুক্ত কাগজ দাখিল কৰিছিল৷ কিন্তু, প্রতীক হাজেলাই (এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক) কাগজখন মানি লোৱা নাছিল৷

ফলত বহু হিন্দু-বাঙালীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল বুলি এক সাক্ষাৎকাৰত শৰ্মাই কয়। এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা ৫ লাখ হিন্দু-বাঙালীৰ ভিতৰত বহুতেই নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ৰ অধীনত আবেদন দাখিল কৰিব যদিও আন বহুতে আইনী আশ্ৰয় ল’ব বুলিও তেওঁ কয়।

গাঁঠিৰ বিষত ভুগিছে নেকি? এই ৬ বিধ ফল খোৱাৰ আৰম্ভ কৰক…

গাঁঠিৰ বিষে ব্যক্তিৰ দৈনন্দিন কাম-কাজত গুৰুতৰ প্ৰভাৱ পেলায়। যদিও চিকিৎসকে গাঁঠিৰ বিষৰ বিষৰ পৰা উপশম পাবলৈ ঔষধ দিয়ে, কিন্তু উপশমৰ বাবে প্ৰাকৃতিক উপায়ো গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ৫০ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়, তথাপিও মেদবহুলতা আৰু জিনীয় কাৰকৰ বাবে যিকোনো ব্যক্তিৰ এই ৰোগ হ’ব পাৰে। এনে পৰিস্থিতিত আজি আমি আপোনালোকক এনেধৰণৰ ৬বিধ ফলৰ কথা কম, যিবোৰে এই ৰোগৰ সমস্যা কিছু হ’লেও লাঘৱ কৰিব-

ষ্ট্ৰবেৰী

আঁঠুৰ অষ্টিঅ’আৰ্থাইটিছত আক্ৰান্ত মেদবহুল প্ৰাপ্তবয়স্কৰ প্ৰদাহ আৰু কাৰ্টিলেজৰ ক্ষতি ৰোধ কৰাত ষ্ট্ৰবেৰীয়ে সহায় কৰে। এই ফলবিধত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। গৱেষণাৰ মতে ষ্ট্ৰবেৰীয়ে বাতবিষ আৰু হৃদৰোগৰ সৈতে জড়িত C-reactive protein (CRP) হ্ৰাস কৰে।

চেৰী

চেৰীত ফ্লেভন’ইড এন্থ’চাইনিন পোৱা যায়, যাৰ ফলত ইয়াৰ ৰং গাঢ় ৰঙা আৰু শক্তিশালী এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ থাকে। এনে পৰিস্থিতিত বাতবিষ ৰোগীৰ বাবে ই অতি স্বাস্থ্যকৰ।

তৰমুজ

তৰমুজ হৈছে প্ৰদাহ নিবাৰণকাৰী ক্ৰিয়া থকা এবিধ ফল। অধ্যয়নত দেখা গৈছে যে ই চি আৰ পি হ্ৰাস কৰে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে কেৰটিনয়ড বিটা-ক্ৰিপ্ট’ক্সান্থিন থাকে, যাৰ ফলত বাতবিষৰ সম্ভাৱনা হ্ৰাস পায়।

ৰঙা-ক’লা আঙুৰ

আঙুৰত উপকাৰী এন্টিঅক্সিডেন্ট আৰু অন্যান্য পলিফিনলৰ এক বৃহৎ উৎস। সতেজ ৰঙা আৰু ক’লা আঙুৰতো ৰেচভেৰাট্ৰল থাকে, যিটো শক্তিশালী প্ৰদাহ নিবাৰণকাৰী। এনে পৰিস্থিতিত বাতবিষত ইয়াক খোৱাটো স্বাস্থ্যসন্মত বুলি গণ্য কৰা হয়।

ডালিম

পলিফিনলিক যৌগৰে সমৃদ্ধ আৰু এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থকা ডালিম এবিধ ফল। এই ফল খালে ফুলা আৰু বিষৰ পৰা সকাহ পাব পাৰে।

‘CAA’ সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ত শুনানি…

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ আজি গুৰুত্বপূৰ্ণ শুনানি গ্রহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। CAAৰ অধিনিয়মক প্ৰত্যাহ্বান জনোৱা আবেদনৰ হ’ব শুনানি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব কৰিব মুঠ ২৩৭ খন আবেদনৰ শুনানি।

ইতিমধ্যে CAAৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, AJYCPৰ লগতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। ১১ মাৰ্চত সমগ্ৰ দেশজুৰি বলৱৎ কৰা হৈছিল CAA।

মাজবাট আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতি সুৰা জব্দ…

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতি সুৰা জব্দ। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবেৰ নিৰ্দেশ মৰ্মে আৰক্ষী থানা খনৰ এছ আই কুশল চন্দ্র নাথ আৰু চিত্রনীল দাসৰ নেতৃত্বত এদল আৰক্ষীয়ে দিনে নিশাই মাজবাট অঞ্চলৰ বিভিন্ন গাওঁ,চাহ বাগিচা, মাজবাট টাউনৰ আশে পাশে বিলাতি সুৰা বিচাৰি চলাইছিল অভিযান।

উক্ত অভিযানত মাজবাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতি সুৰা জব্দ কৰিবলৈ সক্ষম হয়। বিলাতি সুৰাৰ লগতে বিয়েৰৰ বটলও জব্দ কৰে।

আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে সাংবাদিকক কয় যে মাজবাট অঞ্চলত অবৈধ ভাবে বিক্রি কৰা বিলাতি সুৰাৰ বিৰুদ্ধে আমাৰ অসম পুলিশে চলাই যাব অভিযান। মাজবাট আৰক্ষীৰ এনে অভিযানক সচেতন লোকে প্ৰশংসা কৰা দেখা যায়।

অসমৰ প্ৰথম মহিলা পাইলট ধীৰা চলিহা হাজৰিকাক অসম মহিলা অভিযন্তা সংস্থাৰ সম্বৰ্ধনা…

অসমৰ মহিলা অভিযন্তাসকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন “অসম মহিলা অভিযন্তা সংস্থা (Women Engineer Forum of Assam)ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অলপতে দিশপুৰ লাষ্টগেটস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন গৃহত আয়োজিত এক অনুষ্ঠানত অসমৰ প্ৰথম গৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্দ্ধনা গ্ৰহণ কৰি ধীৰা চলিহা হাজৰিকাই বিমান চলোৱাৰ অভিজ্ঞতাৰ চমুকৈ আলোকপাত কৰি একাগ্ৰতা থাকিলে পুৰুষে কৰা সকলো কামেই মহিলায়ো কৰিব পাৰে বুলি ব্যক্ত কৰে। অনুষ্ঠানত সংস্থাৰ সদস্যা সকলৰ লগত এক মত-বিনিময় অনুষ্ঠানটো তেওঁ ভাগ হয় ৷

আনহাতে অনুষ্ঠানত অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠাপক তথা অসমত মহিলা অভিযান্ত্ৰিক শিক্ষাৰ বাটকটীয়া ক্ৰমে – ৰীতা ৰাজখোৱা, বন্দিতা ফুকন আৰু নয়ন ভাণ্ডাৰী শৰ্মাই অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ সময়ৰ স্মৃতি ৰোমণ্ঠন কৰে । অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ কস্তৰবা আশ্ৰমৰ দময়ন্তী দেৱীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ , নীতি আৰু বৰ্তমান সমাজত প্ৰাসঙ্গিকতাৰ ওপৰত এক সাৰুৱা আৰু বহুমূলীয়া ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানত অভিযন্তা গীতাঞ্জলি কাকতি, বিজুলী গোস্বামী আৰু পদুমী শৰ্মাই গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

গুনোৎসৱত গোটানগৰ নামবাৰী হাইকুলৰ ‘এ’ গ্ৰেড লাভ; শিক্ষক-শিক্ষাৰ্থীৰ উৎসাহ…

ৰাজ্যজুৰি অনুষ্ঠিত হোৱা গুনোৎসৱত কিছুদিন পূৰ্বে ঘোষিত ফলাফলত মহানগৰীৰ মালিগাঁৱস্থিত গোটানগৰ নামবাৰী হাইস্কুলে “এ” গ্রেড স্থান লাভ কৰে । এই খবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ বাসিন্দা সকল । উল্লেখ্য যে, গোটানগৰ নামবাৰী হাইস্কুলত যোৱা ২০২৩ চনৰ জুন মাহৰ পৰা বর্তমান সময়লৈকে দুষ্টচক্ৰৰ প্রবোচনাত একেৰাহে চাৰিবাৰকৈ চুৰিকার্য সংঘটিত হৈছিল।

স্থানীয় আৰক্ষী চকীত বাৰংবাৰ এজেহাৰ দাখিল কৰাৰ স্বত্বেও আৰক্ষীয়ে চোৰ কিম্বা দুষ্টচক্ৰক ধৰিবলৈ সক্ষম হোৱা নাছিল । দুষ্টচক্ৰই বিদ্যালয়ৰ সম্পদ সমূহৰ ভালেমান আচৱাব নষ্ট কৰিছিল। তাৰ মাজতো বিদ্যালয়খনৰ প্রধান শিক্ষক গৰাকীৰ তত্ত্বাবধানত বিদ্যালয়খনে এ গ্ৰেড লাভ কৰা বিষয়টোৱে স্বাভাবিকতে বিদ্যালয় পৰিচালনা সমিতি , শুভাকাংক্ষী আৰু প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সকলকো উৎফুল্লিত কৰি তুলিছে।

তেলেংগানাৰ ৰাজ্যপালৰ পদত্যাগ! বিজেপিৰ টিকটত তামিলনাডু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা…

সোমবাৰে তেলেংগানাৰ ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে তামিলিছাই সৌন্দৰৰাজনে। ৰাজ্যৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশৰ কাৰণ উল্লেখ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উদ্দেশ্যি এখন পত্ৰ দি দিল্লীত তেওঁৰ পদত্যাগ দাখিল কৰে।


১৯৬১ চনৰ ২ জুনত জন্মগ্ৰহণ কৰা সৌন্দৰৰাজন প্ৰবীণ কংগ্ৰেছী কুমাৰী অনন্তনৰ কন্যা। এম.বি.বি.এছ. আৰু পি.জি. স্ত্ৰীৰোগ বিজ্ঞানত (ডি জি অ’)। ৭ বছৰ ধৰি চেন্নাইৰ শ্ৰীৰামচন্দ্ৰ চিকিৎসা মহাবিদ্যালয়ত স্ত্ৰীৰোগ বিভাগত সহকাৰী অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৩ চনত পদত্যাগ কৰি ৰাজনৈতিক কাম-কাজত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰে। ২০১৯ চনলৈকে তামিলনাডু বিজেপিৰ মুৰব্বী হৈ থকাৰ পিছত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে।

বিশ বছৰতকৈও অধিক সময় ধৰি বিজেপিৰ সৈতে জড়িত হৈ আছে সৌন্দৰাৰাজন, প্ৰভাৱশালী নগৰ সম্প্ৰদায়ৰ পৰা আহি তামিলিছাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত থুথুকুডিত ডি এম কেৰ কানিমোঝিৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল।