Home Blog Page 988

এল নিনোৰ প্ৰভাৱ! ২০২৪ত কল্পনাতীতভাবে বাঢ়ি গৰম, বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী…

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ দেশত প্ৰচণ্ড গৰম পৰিব। বতৰ বিজ্ঞান বিভাগে মাৰ্চৰ আৰম্ভণিৰ পৰা ‘এল নিনো’ৰ পূৰ্বানুমান কৰিছে। গ্ৰীষ্মকালত এইবাৰ সমগ্ৰ দেশতে ‘এল নিনো’ৰ প্ৰভাৱ পৰিব। ফলত গৰমৰ মাত্ৰা ভবাতকৈয়ো বহু বেছি হ’ব।বতৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই বছৰ তাপমাত্ৰা স্বাভাৱিকতকৈ বহু বেছি হ’ব।যোৱা বছৰতেই পৰিৱেশ বিজ্ঞানীসকলে ‘এল নিনো’ প্ৰাদুৰ্ভাৱৰ কথা কৈছিল। তেওঁলোকে ভৱিষ্যতবাণী কৰিছিল যে ২০২৪ত তাপমাত্ৰা অভিলেখ হাৰত বৃদ্ধি পাব। সেই ভৱিষ্যতবাণী সঁচা হৈ আহিছে। বতৰ বিজ্ঞানীসকলৰ মতে, ‘এল নিনো’য়ে দক্ষিণ ভাৰতৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলাব। তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ কিছুমান জিলাত হিটৱেভে সংহাৰৰ সৃষ্টি কৰিব। কেৱল দক্ষিণ ভাৰতেই নহয় ওড়িশা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতো উষ্ণতা বৃদ্ধি পাব। কিছুমান ঠাইত এপ্ৰিলত তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে ভাৰতৰ বেছিভাগ অংশত মাৰ্চৰ পৰা মে’ মাহলৈ স্বাভাৱিকতকৈ অধিক তাপমাত্ৰা হ’ব। মাৰ্চ মাহত উত্তৰ আৰু মধ্য ভাৰতত হিটৱেভ বিৰাজ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, এই মাহত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰো সম্ভাৱনা আছে। বৰষুণ গড়ে ২৯.৯ মিমি হ’ব বুলি অনুমান কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয়, “মাৰ্চৰ পৰা মে’ মাহলৈকে পশ্চিমবংগৰ নিম্নতম তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। ৰাতি বেছি গৰম হ’ব। ভাৰতে যোৱা বছৰত ‘এল নিনো’ৰ প্ৰভাৱত সামান্যভাবে পৰিছিল। বতৰ বিজ্ঞানীসকলৰ মতে, যোৱা বছৰৰ তুলনাত এই বছৰ তাপমাত্ৰা অধিক বৃদ্ধি হ’ব। পূৰ্বে ২০১৬ চনটো আছিল অভিলেখ সৃষ্টিকাৰী আটাইতকৈ উষ্ণ বছৰ। সেই ধাৰাটো ২০২৩ চনতো দেখা গৈছিল। ধাৰণা কৰা হৈছে যে ২০২৪ চনত পূৰ্বৰ গ্ৰীষ্মকালৰ সকলো অভিলেখ ভংগ কৰিব পাৰে। কিন্তু কি এই ‘এল নিনো’ ? পূব প্ৰশান্ত মহাসাগৰত, দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলত, পেৰু আৰু ইকুৱেডৰত ডিচেম্বৰ মাহৰ ভিতৰত এক প্ৰকাৰৰ দক্ষিণমুখী উষ্ণ প্ৰবাহ সৃষ্টি হয়। কৰে। ইয়াক “এল নিনো” বুলি কোৱা হয়। পেৰু আৰু ইকুৱেডৰৰ উপকূলত কেতিয়াবা এল নিনোৰ বিপৰীতে ঠাণ্ডা প্ৰবাহৰ সৃষ্টি হয়। ইয়াৰ নাম লা নিনো। দুয়োটা প্ৰবাহে পৃথিৱীৰ বতৰক প্ৰভাৱান্বিত কৰে।

১৯৫ গৰাকী প্ৰাৰ্থীৰ নামসহ প্ৰকাশ পালে বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকা, তালিকাত মোদী, অমিত শ্বাহৰ লগতে বহু হেভিৱেট প্ৰাৰ্থীৰ নাম

লোকসভা নিৰ্বাচনলৈ মাজত আৰু বেছি দিন নাই। এনে সময়তে ৩৭০ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ বাবে আংশিক প্ৰাৰ্থী তালিকা। বিজেপিৰ প্ৰথম তালিকা প্ৰকাশৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে। আজি প্ৰকাশিত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়। আজি প্ৰকাশিত প্ৰথম খন প্ৰাৰ্থী তালিকাত তালিকাত ৩৪ গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসন জিকাৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা বিজেপিয়ে শনিবাৰে প্ৰকাশ কৰা প্ৰথম প্ৰাৰ্থী তালিকাত বহু কেইগৰাকী হেভৱেট প্ৰাৰ্থী আছে।লক্ষ্যণীয় কথাটো হ’ল বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ প্ৰকাশৰ জাননী দিয়াৰ আগতেই ১৯৫ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে। তালিকাখনত তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছে।

তালিকাত প্ৰায় ৩৪ গৰাকী মন্ত্ৰী আৰু দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে। বিজেপিয়ে আজি প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থী তালিকাত ২৮ গৰাকী মহিলা প্ৰাৰ্থী, ৫০ বছৰৰ তলৰ ৪৭ গৰাকী প্ৰাৰ্থী আৰু অ’বিচি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী আছে। তালিকাত ৫১ গৰাকী উত্তৰ প্ৰদেশৰ , ২০ গৰাকী পশ্চিম বংগৰ আৰু পাঁচগৰাকী দিল্লীৰ। দিল্লীত প্ৰবীণ খাণ্ডেলৱাল, মনোজ তিৱাৰী আৰু সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজো প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, ইণ্ডিজেনাছ প্ৰগেছিভ ৰিজিঅ’নেল এলায়েন্সৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ…

দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, ইণ্ডিজেনাছ প্ৰগেছিভ ৰিজিঅ’নেল এলায়েন্স, ত্ৰিপ্ৰা মোথা /টিআইপিআৰএ আৰু অন্যান্য অংশীদাৰৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে্য শ্ৰী অমিত শ্বাহে কয় যে আজি ত্ৰিপুৰাৰ বাবে এক ঐতিহাসিক দিন আৰু এই চুক্তিৰ জৰিয়তে আমি ইতিহাসক সন্মান জনাই, সংশোধন কৰি আৰু আজিৰ বাস্তৱতাক স্বীকাৰ কৰি ভৱিষ্যতৰ দিশে ধাৱমান হ’ব পাৰিম। তেওঁ কয় যে ইতিহাস কোনেও সলনি কৰিব নোৱাৰে, কিন্তু আমি ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰি আৰু আজিৰ বাস্তৱতাৰ কথা মনত ৰাখি সদায় আগবাঢ়ি যাব পাৰোঁ। তেওঁ কয় যে ত্ৰিপ্ৰা মোথা আৰু সকলো জনজাতীয় গোটে এই দিশত গঠনমূলক ভূমিকা পালন কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ত্ৰিপুৰা চৰকাৰে এনে এক পৰিবেশ গঢ় দিয়াৰ বাবে বহু প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰায়ো ইয়াৰ অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ব আৰু মোদীৰ বিকশিত ভাৰতৰ এক বিশেষ অংশ হৈ পৰিব। বিকশিত ভাৰতত ৰাজ্য খনে বিকশিত ত্ৰিপুৰা হিচাপে আগবাঢ়ি যাব বুলিও শ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে বিদ্ৰোহমুক্ত, বিবাদমুক্ত আৰু হিংসামুক্ত উত্তৰ-পূবৰ দৃষ্টিভংগীক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে। তেওঁ উল্লেখ কৰে যে মোদী চৰকাৰৰ দিনত হোৱা কেইবাখনো চুক্তিৰ ফলত প্ৰায় ১০ হাজাৰ লোকে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিত যোগদান কৰিছে, ফলত উন্নয়নৰ পৰিৱেশৰ সৃষ্টি হৈছে।


অমিত শ্বাহে কয় যে ব্ৰু-ৰিয়াং চুক্তিয়েই হওঁক বা সীমান্তসম্পৰ্কীয় চুক্তিয়েই হওঁক, এই সকলোবোৰ ত্ৰিপুৰাৰ পৰাই আৰম্ভ হৈছিল আৰু আজি পুনৰ ত্ৰিপুৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ চুক্তি হিচাবে পৰিগণিত হৈছে। তেওঁ কয় যে ২০১৯ চনৰ এনএলএফটি (এছডি) চুক্তি, ২০২০ চনত ব্ৰু আৰু বড়ো চুক্তি, ২০২১ চনত কাৰ্বি-আংলং চুক্তি, ২০২২ চনত জনজাতীয় চুক্তি আৰু অসম-মেঘালয় সীমান্ত চুক্তি, ২০২৩ চনত অসম-অৰুণাচল প্ৰদেশ সীমান্ত চুক্তি, ডিমাচা চুক্তি, ইউএনএলএফ চুক্তি আৰু তাৰ পিছত আলফা চুক্তি স্বাক্ষৰিত হৈছে। তেওঁ কয় যে মোদী চৰকাৰে সীমা, পৰিচয়, ভাষা আৰু সংস্কৃতি সম্পৰ্কীয় ১১ খন বিভিন্ন চুক্তিৰ জৰিয়তে মানুহৰ সংগ্ৰাম সমাপ্ত কৰি প্ৰগতিৰ নতুন বাট কাটি দিছে। শ্ৰী শ্বাহে কয় যে আজিৰ চুক্তিৰ জৰিয়তে ত্ৰিপুৰা বিবাদমুক্ত ত্ৰিপুৰালৈ আগবাঢ়িব। তেওঁ কয় যে এতিয়া কোনেও তেওঁলোকৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিব নালাগে আৰু ভাৰত চৰকাৰে এনে এক ব্যৱস্থা বিকশিত কৰিবলৈ আগবাঢ়িছে , যি ব্যৱস্থাই সকলোৰে অধিকাৰ সুৰক্ষিত কৰিব। এই চুক্তিৰ অধীনত ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ ইতিহাস, ভূমি আৰু ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক বিকাশ, পৰিচয়, সংস্কৃতি তথা ভাষা সম্পৰ্কীয় সকলো সমস্যা সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিব পৰা যাব। ইয়াৰ লগতে এক সৰ্বসন্মত সন্মানজনক সমাধান নিশ্চিত কৰাৰ বাবে সকলো বিষয় পাৰস্পৰিক সহমতেৰে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ এক যুটীয়া কাৰ্যকৰী গোট/সমিতি গঠন কৰা হ’ব। চুক্তিখন ৰূপায়ণৰ বাবে এক অনুকূল পৰিৱেশ বজাই ৰখাৰ বাবে সকলো অংশীদাৰে চুক্তি স্বাক্ষৰৰ দিনৰে পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ প্ৰতিবাদ/আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব।

টি.আই.পি.আৰ.এ.-ৰ হৈ, চুক্তিখনত স্বাক্ষৰ কৰে টি.আই.পি.আৰ.এ.ৰ প্ৰতিষ্ঠাপক শ্ৰী প্ৰদ্যুত দেববৰ্মাৰ লগতে অন্যান্যসকলে। চুক্তি স্বাক্ষৰৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড০) মানিক সাহা আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে।

অসমৰ ১১ টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা বিজেপিৰ, কোন সমষ্টিত কোনে পালে টিকট?

অসমৰ ১১ টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণাকৰিলে বিজেপিয়ে।বিজেপিৰ প্ৰথম তালিকা প্ৰকাশৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে। আজি প্ৰকাশিত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকাত অসমৰো ১১ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। অসমৰ ১১ সমষ্টিৰ কোন ক’ত ? জানো আহক। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ,লখিমপুৰত প্ৰদান বৰুৱা ,শোণিতপুৰত ৰঞ্জিত দত্ত, যোৰহাটত তপন কুমাৰ গগৈ ,কাজিৰঙাত কামাখ্য প্ৰসাদ তাছা ,দৰং-ওদালগুৰিত দিলীপ শইকীয়া ,নগাঁৱত সুৰেশ বৰা ,গুৱাহাটীত বিজুলী কলিতা মেধি, ডিফুত অমৰ সিং টিছ’, শিলচৰত পৰিমল শুক্লবৈদ্য ,কৰিমগঞ্জত কৃপানাথ মাল্লা। উল্লেখ্য আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ সহযোগী দল অগপক বৰপেটা আৰু ধুবুৰী আসন দুখন এৰি দিছে। একেদৰে কোৰাঝাৰত এখন আসন ইউপিপিএলক এৰি দিছে। সেয়ে ১৪ খন আসনৰ ভিতৰত ১১ খনতহে বিজেপিৰ প্ৰাৰ্থীয়ে আৰু প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে।

প্ৰকাশিত প্ৰথম খন তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়। আজি প্ৰকাশিত প্ৰথম খন প্ৰাৰ্থী তালিকাত তালিকাত ৩৪ গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসন জিকাৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা বিজেপিয়ে শনিবাৰে প্ৰকাশ কৰা প্ৰথম প্ৰাৰ্থী তালিকাত বহু কেইগৰাকী হেভৱেট প্ৰাৰ্থী আছে।লক্ষ্যণীয় কথাটো হ’ল বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ প্ৰকাশৰ জাননী দিয়াৰ আগতেই ১৯৫ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে। তালিকাখনত তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছে। তালিকাত প্ৰায় ৩৪ গৰাকী মন্ত্ৰী আৰু দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে। বিজেপিয়ে আজি প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থী তালিকাত ২৮ গৰাকী মহিলা প্ৰাৰ্থী, ৫০ বছৰৰ তলৰ ৪৭ গৰাকী প্ৰাৰ্থী আৰু অ’বিচি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী আছে। তালিকাত ৫১ গৰাকী উত্তৰ প্ৰদেশৰ , ২০ গৰাকী পশ্চিম বংগৰ আৰু পাঁচগৰাকী দিল্লীৰ। দিল্লীত প্ৰবীণ খাণ্ডেলৱাল, মনোজ তিৱাৰী আৰু সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজো প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

জোনাই বিধানসভা সমষ্টিৰ জৰাজীৰ্ণ বাট-পথ, নদীৰ বান-খহনীয়াই  জুৰুলা কৰি আহিছে কৃষিজীৱী ৰাইজক…

চৰকাৰৰ উন্নয়নৰ আঁচনিৰে ঢুকি পোৱা নাই ছিগা অঞ্চল,

জৰাজীৰ্ণ বাট-পথ,দেতাক নদীৰ বান-খহনীয়াই  জুৰুলা কৰি আহিছে কৃষিজীৱী ৰাইজক

চৰকাৰৰ উন্নয়নৰ আঁচনিৰে ঢুকি পোৱা নাই জোনাই বিধানসভা সমষ্টিৰ ছিগা গাওঁ পঞ্চায়তত। ছিগা অঞ্চলৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাই আহিছে গাওঁ পঞ্চায়তখনৰ কেবাখনো কৃষিজীৱী ৰাইজক। ছিগা অঞ্চলৰ ১ নং লাদাংগুৰী গাঁৱৰ পৰা মাইনাওপুৰ গাওঁ সংযোগী পথ,মাইনাওপুৰ গাঁৱৰ পৰা ছিঙ্গাপুৰ হৈ মাইদাংশ্ৰী সংযোগী পথ কেইটা অতি শোচনীয়।

মাইনাওপুৰৰ পৰা ছিঙ্গাপুৰ হৈ মাইদাংশ্ৰী সংযোগী পথত থকা নাহৰ দেতাক নদীৰ ওপৰত দলং নিৰ্মাণ নকৰাৰ সফল কৃষিজীৱী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈ আহিছে।আনহাতে নাহৰ দেতাক নদীৰ বানপানী, খহনীয়াই ১ নং মাইদাংশ্ৰী,২ নং মাইদাংশ্ৰী, ছিঙ্গাপুৰ,১ নং  লাদাংগুৰী, নাহৰ দেতাক গাওঁ কেইখনৰ শস্য পথাৰ, কৃষিভূমি বিস্তৰ ক্ষতিগ্ৰস্ত কৰি আহিছে।

ইয়াৰোপৰি ছিগা অঞ্চলত আজিও পশুপালন আৰু পশু চিকিৎসা সেৱা, খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই।আনহাতে স্বাস্থ্য সেৱা সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে ছিগাবাসী গঞা ৰাইজ।এশ এবুৰি সমস্যাৰে জৰ্জৰিত ছিগা অঞ্চলত উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি কৃষিজীৱী ৰাইজৰ জীৱন উন্নত কৰিবলৈ এবছু, ইউবিপিঅ, আবৌফ,জিএনএছএমৰ জোনাই আঞ্চলিক সমিতিয়ে জনপ্ৰতিনিধি,চৰকাৰ,প্ৰশাসনক দাবী জনাইছে।

শম্ভু দাস চিলাপথাৰ

ইউএছটিএমত আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান সন্মিলন সফলতাৰে সম্পন্ন…

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, মেঘালয়ত (ইউএছটিএম) আজি সম্পন্ন হয় বিশুদ্ধ আৰু প্ৰয়োগযোগ্য পদাৰ্থ বিজ্ঞানৰ ৩ দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন (আইচিএফপিএপি-২০২৪)। এনকেচি প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জাপানৰ কোৱানছেইগাকুইন বিশ্ববিদ্যালয়ৰ গুৱহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কুশল কলিতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পদাৰ্থ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক (পি.এ.এন.ই.); আৰু ইউ.এছ.টি.এম.-ৰ স্কুল অফ এপ্লাইড চাইন্সেছৰ ডিন অধ্যাপক এনামুল কৰিম আদিয়ে অনুষ্ঠানত ভাগ লয়৷ । পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী আৰু আইচিএফপিএপি-২০২৪-ৰ অধ্যক্ষ ড. নিতু বৰগোহাঁইয়ে সামৰণি অধিৱেশনটো পৰিচালনা কৰে। সামৰণি অধিৱেশনত ভাষণ দি অধ্যাপক কাটচুনোৰী ৱাকাবায়াছিয়ে কয় যে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দ্ৰুতগতিত বিকাশ লাভ কৰিছে আৰু তেওঁ ইউএছটিএম ভ্ৰমণ কৰি অতি উৎসাহিত আৰু সুখী।


ড০ নিতু বৰগোহাঁইয়ে কয় যে সন্মিলনখনত নটা ভিন্ন ক্ষেত্ৰ সামৰি লোৱা হৈছিল, য’ত জাপান, বাংলাদেশ, ব্ৰাজিল, তুৰস্ক, স্পেইন, টাইৱান আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলে ২৩৯ খন গৱেষণা পত্ৰ উপস্থাপন কৰিৰে৷ এই সন্দৰ্ভত পদাৰ্থ বিজ্ঞান বিভাগৰ অনুষদ ড০ ময়ুৰী দেৱীয়ে কয় যে অংশগ্ৰহণকাৰীসকলে সন্মিলনৰ সময়ত ৯২ খন পোষ্টাৰ প্ৰেজেণ্টেচন আৰু ১৩৫ টা মৌখিক উপস্থাপনো আগবঢ়াইছে।

সন্মিলনৰ বিশিষ্ট বক্তাসকলৰ ভিতৰত আছিল জাপানৰ কোৱানচেইগাকুইন বিশ্ববিদ্যালয়ৰ অধ্যাপক কাটচুনোৰী ৱাকাবায়াচী; বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক কাজী হানিয়াম মাৰিয়া; উত্তৰ-পূৰ্বাঞ্চলৰ পদাৰ্থ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক অধ্যাপক কুশল কলিতা ; পি.এ.এন.ই.-ৰ কাৰ্যবাহী সভাপতি অধ্যাপক অনুৰূপ গোহাঁই বৰা আদি৷

৪ মাৰ্চত আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব গোগামুখৰ সৰ্ব ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰঃ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই উদ্বোধন কৰিব প্ৰতিষ্ঠানৰঃ ছাত্ৰী নিৱাসৰ নাম সোৱণশিৰিঃ ছাত্ৰ নিৱাসৰ নাম ব্ৰহ্মপুত্ৰঃ গোগামুখত উখল-মাখল পৰিৱেশ…

চলিত বৰ্ষৰ ৪ মাৰ্চত সোণালী স্বাকড° বহন কৰিব ধেমাজি জিলাৰ গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এই আৰ ৷ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বৃহৎ কৃষি গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা আই চি এ আৰৰ সম্প্ৰতি ৮০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ৷  আজি এই কথা অৱগত কৰিছে গোগামুখস্থিত আই চি এ আৰৰ মুৰব্বী ড° লুহিত কুমাৰ বৈশ্যই ৷ তেওঁ আজি সাংবাদিকক অৱগত কৰে যে, গোগামুখস্থিত ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান কেৱল গোগামুখ, অসম বা ভাৰতৰ বাবে নহয় ই সমগ্ৰ দক্ষিণ পূৱ এছিয়াৰ সপোনৰ প্ৰকল্প ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দূৰদৰ্শী চিন্তা আৰু  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্ববিস্তাৰিত বিকাশ যোজনাৰ ফচল আই চি এ আৰ ৷ আই চি এ আৰ গুৱাহাটী আই টি আই, গুৱাহাটী এইম্‌ছৰ সমানে গুৰুত্বপূৰ্ণ ৷ ইয়াৰ পৰা পৰা সমগ্ৰ দক্ষিণ-পূৱ এছিয়াই কৃষি যোজনাত পুৰামাত্ৰাই লাভান্বিত হ’ব ৷ অন্য উন্নত দেশবোৰত যিমান কৃষি প্ৰযুক্তি উপলব্ধ হৈ আছে আই চি এ  আৰতো এইসমূহ প্ৰযুক্তি উপলব্ধ হ’ব ৷ ইতিমধ্যে আই চি এ আৰত বহুকেইটা এনে বিশ্বমানৰ কৃষি সামগ্ৰী আহি পাইছে ৷ গোগামুখৰ দৰে মফচলীয়া অঞ্চলত এনে বিশ্ব মানৰ অনুষ্ঠান স্থাপন হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় ৷

তেওঁ কয়- ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি আমাৰ অসমৰ আয়ুসৰেখা ৷ সোৱণশিৰিক যদি আমি মাতৃ হিচাপে গণ্য কৰোঁ  আৰু ব্ৰহ্মপুত্ৰক পিতৃস্বৰুপ বুলি ভাৱো ৷  নদী দুখনৰ নাম গৰিমা সমগ্ৰ বিশ্বত অক্ষুন্ন ৰখাৰ স্বাৰ্থত আমি আই চি এ আৰৰ ছাত্ৰী নিৱাস নাম দিছোঁ সেহৱণশিৰ আৰু ছাত্ৰ নিৱাসৰ নাম দিছোঁ ব্ৰহ্মপুত্ৰ ৷ চলিত বৰ্ষৰ মে’ মাহৰ পৰা আই চি এ আৰত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰিব ৷ প্ৰথম পৰ্যায়ত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত এগ্ৰিকালছাৰ বি এ চি পাঠ গ্ৰহণ আৰম্ভ কৰিব ৷ ছাত্ৰীসকলে সোৱণশিৰি ছাত্ৰী নিৱাস আৰু ছাত্ৰসকলে ব্ৰহ্মপুত্ৰ ছাত্ৰবাসত থাকিব ৷ এতিয়ালৈকে আই চি এ আৰত ৩১ গৰাকী বিজ্ঞানীয়ে নিজৰ নিজৰ বিভাগত নিৰন্তৰ কাম কৰি আছে আৰু আন ২৯ গৰাকী বিজ্ঞানী মে’ মাহত আই চি এ আৰত যোগদান কৰিব ৷ ইয়াত কৃষি গৱেষণাৰ সমান্তৰালভাৱে স্থানীয়  কৃষকৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যাব ৷ আই চি এ আৰৰ পৰা  সমগ্ৰ দক্ষিণ-পূৱ এছিয়াত নতুন কৃষি বিপ্লৱৰ সূচনা হ’ব বুলি ড° বৈশ্যই দোহাৰে ৷ উল্লেখ্য, ২০১৭ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৮ চনৰ পৰা ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল ৷ এতিয়াও পূৰ্ণ পৰ্যায়ত নিৰ্মাণ চলি থকা প্ৰতিষ্ঠানখনৰ মূল পাঠদান গৃহ, প্ৰশাসনিক ভৱন, ছাত্ৰী নিৱাস, ছাত্ৰ নিৱাস, শিক্ষক ভৱন নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

অৱশ্যে কেবাটাও শিক্ষক ভৱন নিৰ্মাণ এতিয়াও নিৰ্মাণ চলি আছে ৷  গৱেষণা প্ৰতিষ্ঠানৰ শুভ উদ্বোধনৰ উপলক্ষে আজিৰে পৰা বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে ৷ ৪ মাৰ্চত কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই আই চি এ আৰৰ আনুষ্ঠানিক উদ্বোধন অনলাইন যোগে উদ্বোধন কৰিব আৰু উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক কৃষি  মন্ত্ৰী কৈলাশ চৌধুৰীয়ে ৷  অনুষ্ঠানত স্থানীয় মন্ত্ৰী, বিধায়ক, সাংসদ, কৃষি বিভাগৰ উচ্চ পদস্থ কেন্দ্ৰীয় বিষয়া, বিজ্ঞানী উপস্থিত থাকিব৷ কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সোণালী যাত্ৰাক কেন্দ্ৰ কৰি সমগ্ৰ গোগামুখত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ 

দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব নেকি শ্বাহৱাজ শ্বৰীফ! আজি পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন…

প্ৰধানমন্ত্ৰীৰ পদৰ বাবে ৭২ বছৰীয়া শ্বেহবাজ শ্বৰীফক মনোনীত কৰিছে পাকিস্তান মুছলিম লীগ-নৱাজে। কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পিটিআই প্ৰাৰ্থী ওমৰ আয়ুব খান। বৃহস্পতিবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সচিবালয়ে দেশৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। পাকিস্তান মুছলিম লীগ-নৱাজৰ নেতা শ্বেহবাজ শ্বৰীফক দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে। পাকিস্তান মুছলিম লীগ-নৱাজে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে ৭২ বছৰীয়া শ্বেহবাজ শ্বৰীফক মনোনীত কৰিছে। আনহাতে ওমৰ আয়ুব খান কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ প্ৰাৰ্থী।

আপোনালোকক কওঁ যে যোৱা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত পিটিআই দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে সৰ্বাধিক ৯৩ খন আসন লাভ কৰিছে ৰাষ্ট্ৰীয় বিধানসভাত। পিএমএল-এনে ৭৫খন আৰু পিপিপিয়ে ৫৪খন আসন লাভ কৰে। মুত্তাহিদা কৌমি আন্দোলন পাকিস্তানে ১৭খন আসন লাভ কৰিছিল।

গোগামুখত ২০ কোটি টকাৰ বিকাশ যাত্ৰাৰ কাম শুভাৰম্ভঃ গোগামুখ মহাবিদ্যালয়ৰ গেলাৰী নিৰ্মাণৰ বাবে ২ কোটি টকা ঘোষণা শিক্ষা মন্ত্ৰীৰ…

অসমৰ জনগনৰ সৰ্বাংগীন বিকাশৰ বাাবে আমাৰ বিজেপি নেতৃত্বাাধীন ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আহিছে ৷  শিক্ষা, যাতায়াত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে আমূল পৰিবৰ্তন আনিব পাৰিছে ৷ শিক্ষিত  নিৱনুৱা  সমস্যা সমাধানৰ বাবে চৰকাৰে ১ লাখ লোকক চাকৰিত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতি পূৰ্ণ হোৱাৰ পথা ৷ আগন্তুক দিনত ৩৫ হাজাৰ নিৱনুৱাক নিযুক্তি দিবলৈ আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষা,  ভৈয়াম জনজাতি পৰিক্ৰমা, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ ধেমাজি জিলাৰ গোগামুখস্থিত আবতানি লত্তাত আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয় ৷  তেওঁ কয়- মহিলা উন্নতিৰ বাবে অসম চৰকাৰে সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিছে ৷ অৰুনোদয়, অন্তোদয়া, বি পি এল গেছ, মহিলা আত্মসহায়ক গোটসমূহক ঋণমুক্ত সাহায্য, উদ্যমী মহিলাসকলক বিশেষ সাহায্য, ছাত্ৰীসকলৰ অধ্যয়নৰ বাবে গ্ৰহণ কৰা বিনামূলীয়া আঁচনিয়ে মহিলা সবলীকৰণক নতুন ৰূপ দিছে ৷ যাতায়াত  সন্দৰ্ভত তেওঁ কয়- ধেমাজি জিলাৰ বুটিকোৰৰ পৰা লখিমপুৰ জিলাৰ ঘিলামৰালৈ  আঁচনিৰ  ৫৫ কোটি ব্যয় সাপেক্ষে অসম মালাৰ অধীনত দুই লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব ৷  আজি পথচোৱাৰ আধাৰশিলা স্থাপন আমি কৰিলোঁ ৷ গোগামুখ-গেৰুকামুখ পথটো জৰাজীৰ্ণ হৈ থকাৰ বাবে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈছিল ৷

এই পথচোৱা পুনৰ নিৰ্মাণ হোৱাত ৰাইজৰ অসুবিধা দূৰ হৈছে ৷ তেওঁ লগতে কয়- বৃহত্তৰ গোগামুখ অঞ্চলৰ বাবে আমি ২০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছিলোঁ ৷ তাৰে বহু আঁচনিৰ কাম সম্পূৰ্ণ হোৱাত আমি উক্ত আঁচনিসমূহৰ শুভ উন্মোচন কৰিছোঁ আৰু বহু আঁচনিৰ আধাৰশিলা স্থাপন কৰিছোঁ ৷ তাৰে ভধেমাজি জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান  গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰৰ দৰ্শকৰ গেলেৰী নিৰ্মাণৰ বাবে ২ কোটি টকা ধাৰ্য কৰিছোঁ ৷ খেলপথাৰখনত ইতিমধ্যে ২৫ লাখ টকা ব্যয় সাপেক্ষে খেলুৱৈৰ বাবে ট্ৰেক ফ্লিড নিৰ্মাণ  কৰি থকা হৈছে ৷  একেদৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুখ মহাবিদ্যালয় ছাত্ৰী নিৱাস, গোগামুখ আবতানি লত্তাৰ বাণিজ্যিক প্ৰকল্প,  আবতানি লত্তাৰ মিউজিয়াম আদিৰ কাম শুভাৰম্ভ কৰা হৈছে ৷ ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ শৈক্ষিকগৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাত আজি আমি শৈক্ষিক গৃহৰ শুভ উন্মোচন কৰিছোঁ ৷ এই সকলোবোৰ উন্নয়নমুখী যাত্ৰাৰ সাকাৰ ৰূপ দিছে অসমৰ কৰ্মপটু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ৷  তেওঁৰ নেতৃত্বত অসমত যি বিকাশৰ ৰথ অবিৰত যাত্ৰা আছে এই যাত্ৰাৰ সহযোগী আমাৰ অসমৰ জনগণ বুলি তেওঁ দোহাৰে ৷

আজিৰ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,  ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মোহন গগৈ, শিক্ষামন্ত্ৰী ডাঃ পেগুৰ ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈ আদিয়ে বক্তব্য প্ৰদান কৰে ৷ অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থাকে৷ আজি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে গোগামুখৰ পিছলা শালমাৰী, আমগুৰি আৰু বেতনিহোলাত তিনিখনকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি শুভাৰম্ভ কৰে ৷

সুখৰ সংসাৰ ভাঙিব নেকি দক্ষিণৰ ‘লেডী ছুপাৰষ্টাৰ’ নয়নতৰাৰ! ইনষ্টাগ্ৰামত আনফ’ল’ কৰিলে স্বামীক…

২০২২ চনৰ জুন মাহত নয়ন্তৰা-বিঘ্নেশৰ বিবাহ হয়। অক্টোবৰ মাহত চেৰ’গেচিৰ জৰিয়তে যমজ পুত্ৰৰ জন্ম হয়। ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে ঘৰ ভঙাৰ ইংগিত দিয়ে! বিবাহৰ হোৱা মাত্ৰ দুবছৰ। দক্ষিণৰ নায়িকাসকলৰ ভিতৰত নয়ন্তৰা পাৰিশ্ৰমিক সৰ্বাধিক। বহুতে তেওঁক দক্ষিণৰ ‘লেডী ছুপাৰষ্টাৰ’ বুলি কয়। একাধিক সম্পৰ্কৰ উৰাবাতৰিৰ পিছত ২০২২ চনত পৰিচালক বিঘ্নেশ শিৱনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত তেওঁলোকৰ চেৰ’গেচিৰ জৰিয়তে যমজ ল’ৰা জন্ম হয়। সেই সময়ত দেশত চেৰ’গেচি সম্পৰ্কীয় কিছুমান আইনৰ বাবে নয়ন্তৰাৰ জীৱনত আইনী জটিলতাৰ সৃষ্টি হৈছিল। কিন্তু সকলো নিষ্পত্তি হ’ল। সকলো ঠিকেই আছিল। বিগত বছৰ নয়ন্তৰাই শ্বাহৰুখ খানৰ সৈতে বলীউডত অভিষেক ঘটায়। ‘জোৱান’ৰ বিশাল সফলতাত সকলোৱে স্বাভাৱিকতে সুখী হোৱাৰ বিপৰীতে নয়ন্তৰা নিজৰ চৰিত্ৰত অলপ হতাশ হৈছিল। অৱশ্যে তেওঁৰ ব্যক্তিগত জীৱনত কোনো ধৰণৰ পতনৰ খবৰ নাই। কিন্তু হঠাৎ সকলোকে আচৰিত কৰি ইনষ্টাগ্ৰামত স্বামীক আনফ’ল’ কৰিলে।

দীৰ্ঘদিন ধৰি অভিনেত্ৰী নয়ন্তৰাৰ প্ৰেমত পৰিছে তেওঁৰ স্বামী। ইয়াৰ পিছত ২০২২ চনৰ জুন মাহত চাৰিখন হাত এক হৈ পৰিল। অক্টোবৰ মাহত চেৰ’গেচিৰ জৰিয়তে যমজ পুত্ৰৰ অভিভাৱক হৈ পৰিছিল দুয়ো। সেই বছৰতে অভিনেত্ৰীগৰাকীয়ে বাৰে বাৰে স্বামীক বহুত ধন্যবাদ জনাইছিল। স্বামী বিঘ্নেশৰ প্ৰতি নয়ন্তৰাৰ মৰম দেখিবলৈ পোৱা যায় প্ৰেমৰ দিনটোত। কিন্তু তেওঁৰ কেইটামান দিনত কি হ’ল বহুতে বুজি নাপায়। অভিনেত্ৰীগৰাকীয়ে হঠাতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে-


অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীক লৈ চিন্তিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল। কিছুমানে আশংকা কৰিছিল, সঁচাকৈয়ে নয়ন্তৰাই পোষ্ট কৰিছিল নে যান্ত্ৰিক ভুল হৈছিল! এই কথা সঁচা নে মিচা সেয়া এতিয়া নিশ্চিত নহয়।