Home Blog Page 993

মা-কামাখ্যা মন্দিৰক লৈ বিতৰ্ক! সংবাদমাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ

মা-কামাখ্যা মন্দিৰক লৈ বিতৰ্ক! সংবাদমাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ-

‘কিছু দিনৰ পৰা বিভিন্ন জনৰ মুখৰ পৰা অসম চৰকাৰে মা কামাখ্যা মন্দিৰত এক বিশেষ corridor নিৰ্মাণ কৰিব বুলি খবৰ পাইছে কুটুম্ব সুৰক্ষা পাইছোঁ। ইতিমধ্যেই, এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত বিচাৰ এটিও দাখিল কৰা হৈছে। www.change.org নামৰ এটি ডিজিটেল সামাজিক সাক্ষৰ গ্ৰহণকাৰী web portal ত ইতিমধ্যেই প্ৰায় ৩৫ হাজাৰ লোকে কামাখ্যা corridor নিৰ্মাণৰ নামত “মা কামাখ্যা”ৰ দৈৱিক আৰু প্ৰাকৃতিক শক্তিৰ গতি ধাৰা নষ্ট নকৰিবলৈ সাক্ষৰ প্ৰদান কৰিছে।’

বিষয়টো আপুনি-ম‌ই ভৱাৰ দৰে ইমান তৰল নহয়। “মা কামাখ্যা” শক্তিপীঠত পানীৰ এক প্ৰাকৃতিক গতি ধাৰা আছে। গোটেই নীলাচল পাহাৰ খনিয়েই এটি প্ৰচণ্ড শিল। আৰু একেটা শিলৰ ওপৰতেই দহ মহাবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ দহখন জাগ্ৰত পীঠ আৰু মহাদেৱৰ মন্দিৰ আছে। গতিকে, সেই শিলাখণ্ডৰ ওপৰত কিবা কৰিবলৈ মৰা যিকোনো এটা হাতুৰীৰ কোব পোনপটীয়াকৈ প্ৰতিখন শক্তি পীঠৰ ওপৰতেই পৰিব। আমি গঢ়া “শক্তি পীঠ” জানো সেয়া; যে আমি তাত হাতুৰীৰ কোব মাৰিম??

উন্নয়নৰ নামত আদি শক্তি পীঠৰ ওপৰত হাতুৰীৰ কোব কিন্তু খুবেই ভয়ংকৰ হ’ব। কাশী, উজ্জেয়িনীৰ দৰে corridor নিৰ্মাণ কৰিব পৰা স্বাভাৱিক ক্ষেত্ৰ মা কামাখ্যা শক্তিপীঠ তথা নীলাচল পাহাৰ নহয়।। নিজৰ বিপদ নিজেই চপাই নল’ব। আমি মা কামাখ্যা শক্তিপীৰ “বিজ্ঞান” বুজি পোৱাতো উচিত। দেখাক দেখি বিজ্ঞানৰ নামত প্ৰযুক্তিৰ প্ৰয়োগ কৰিলে; কিন্তু, প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ’ব; তেতিয়া ভূগিব সকলোৱে লাগিব।

মা কামাখ্যা corridor বিষয়ত কালি ASI (Archeological Survey of India) আৰু অসমৰ Archeological Department ৰ লগত কথা পাতিলো। তেওঁলোক এইক্ষেত্ৰত অজ্ঞ আৰু কোনো ধৰণে জড়িত নহয় বুলি জনালে বিভাগীয় মূৰব্বী দুয়োজনে।। কামাখ্যা ধামৰ দুজনমান জ্যেষ্ঠ লোকৰ সৈতে কথা পাতি বুজিলো যে তেওঁলোক এই corridor লৈ খুবেই উৎসাহিত। তেওঁলোকৰ কথাবোৰত তথাকথিত অন্ধবিশ্বাসৰ ওপৰত আধাৰিত লোক বিশ্বাসহে দেখিলোঁ; মা কামাখ্যা শক্তিপীঠৰ বিজ্ঞান হয়তো তেওঁলোকে বুজিবলৈ অপাৰগ। সচৰাচৰ পূজা-ব্ৰত-বলিৰ মাজতে মা কামাখ্যাৰ অস্তিত্ব থকা বুলি ধাৰণা কৰি আছে তেওঁলোকে। মানে এক কথাত বিধিগত পূজাখনহে কৰি আছে তেওঁলোকে; কিন্তু, মা কামাখ্যা শক্তিপীঠৰ লগত মূল “বিজ্ঞান”ৰ পৰা যেন বহু দূৰৈত তেওঁলোক।

‘যিকিনহওঁক; মা কামাখ্যাৰ এগৰাকী জ্যেষ্ঠ লোকে জনোৱাৰ মতে তাত কেনেদৰে শিল কাটিব পাৰি সেই বিষয়ত গুৱাহাটী IIT ৰ CIVIl Engineering বিভাগে পৰ্যবেক্ষণ কৰি আছে বুলি জনালে। তাৰ পিছত মই IITG ৰ Civil Engineering বিভাগৰ তিনিগৰাকী অধ্যাপক তথা গৱেষকৰ লগত ফোন যোগে কথা পাতিলোঁ; কোনো এজনেও মা কামাখ্যা শক্তিপীঠত হ’ব লগীয়া corridor কেন্দ্ৰিক কিবা কাম তেওঁলোকৰ তাত হৈ থকা কথাটো নাজানে বুলি আমাক জনালে। আচলতে, সমগ্ৰ বিষয়টো কিবা বুমেৰাং হৈ পৰা যেন লাগিছে।। কোনে ক’ত কি কৰি আছে যেন কোনোৱে নাজানে। মুঠৰ ওপৰত চৌদিশে যেন এক অৰাজক পৰিৱেশ।। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক; বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ কুটুম্ব সুৰক্ষা পৰিষদৰ।’

বিয়াৰ পিছত আৰ্শীবাদ বিচাৰি গ’ল্ডেন টেম্পলত ৰাকুল-জেকি…

বিয়াৰ পিছত ৰাকুল জেকীয়ে প্ৰণাম কৰিবলৈ গোল্ডেন টেম্পলত উপস্থিত হয়।এফালে সমগ্ৰ বলীউড জামনগৰত উপস্থিত হৈ থকাৰ সময়তে আনফালে নৱবিবাহিত দম্পতী ৰাকুল প্ৰীত সিং আৰু জেকী ভাগনীয়ে প্ৰণাম জনাবলৈ সোণালী মন্দিৰত উপস্থিত হয়। মন্দিৰৰ এখন ফটো ৰাকুলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ লগে লগে মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। দুয়োকে একেলগে বৰ মৰমলগা দেখা গৈছে।


২১ ফেব্ৰুৱাৰীত দক্ষিণ গোৱাত ৰাকুল আৰু জেকীৰ বিবাহ হয়। গোৱাৰ আইটিচি গ্ৰেণ্ড ইন হোটেলৰ বিলত অনুষ্ঠিত হৈছিল এই বিবাহ। এই বিয়াখনলৈ বলীউডৰ কিছু নিৰ্বাচিত ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল। বিয়াৰ পিছত ৰাকুলে ছ’চিয়েল মিডিয়াত বহু ফটো শ্বেয়াৰ কৰিছিল, যিবোৰ ফটো অনুৰাগীয়ে বহুত ভাল পাইছিল আৰু বহুত কমেণ্ট কৰিছিল।


সমাজকৰ্মী দুৰ্লভ চেতিয়াক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…

যোৰহাট জিলাৰ হাতীগড় মৌজা মেলেং বালিচাপৰি গাঁৱৰ সমাজকৰ্মী তথা ২৮ নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়াক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ চৌধ্য বছৰীয়া গৌৰৱোজ্জ্বল মূহুৰ্তত সম্বৰ্ধনা জনাই। উল্লেখ্য যে সমাজকৰ্মী গৰাকীয়ে সমাজ সেৱাৰ লগতে বাল্য বিবাহ প্ৰতিৰোধ , ড্ৰাগছৰ বিৰুদ্ধে জনসজাগতা, ধঁপাত মুক্ত আৰু যক্ষ্মা মুক্ত (টিবি )পঞ্চায়ত গঢ় দিয়া এক পৰিকল্পনাৰে যোৰহাট জিলা প্ৰশাসনত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। পঞ্চায়তৰ প্ৰতিনিধি হিচাপে তেখেতৰ কায্যকালত চৰকাৰী পুঁজি সৎ ব্যৱহাৰ কৰা আৰু চৰকাৰী কায্যসুচী সমুহ সফল ভাৱে ৰূপায়ণ কৰা হেতুকে ২০২৩ চনত জিলা প্ৰশাসনে সমাজকৰ্মী গৰাকীক শ্ৰেষ্ঠ পঞ্চায়ত সভাপতি বঁটা প্ৰদান কৰে।

সমাজকৰ্মী তথা প্ৰাক্তন পঞ্চায়তৰ সভাপতি গৰাকীক দৈনন্দিন বাৰ্তাৰ স্থানীয় সাংবাদিক জগন্নাথ অগ্নি বৰা , মৰিয়নীৰ সাংবাদিক কৃষ্ণ প্ৰসাদ শৰ্মাই গামোচা , সম্বৰ্ধনা পত্ৰ , বাতৰি কাকতৰ এটি টোপোলা নিজা বাস গৃহতে প্ৰদান কৰি সম্বৰ্ধনা জনাই।

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন।

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে প্ৰকল্পটো স্থাপন কৰিব টাটা গ্রুপে।

জাগীৰোড কাগজ কলৰ মাটিত স্থাপন হ’ব ছেমি কণ্ডাক্টৰ প্ৰকল্প।

দিল্লীত কেবিনেট বৈঠকৰ অন্তত ঘোষণা তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ।

একেদিনাই দেশৰ ৩টা ছেমি কণ্ডাক্টৰ প্ৰকল্পত অনুমোদন।

অসমত দেশৰ তৃতীয়টো ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন হ’ব।

তিনিওটা প্রকল্পৰে নিৰ্মাণকাৰ্য ১০০ দিনত আৰম্ভ হ’ব।

বিশ্বৰ এটা বিখ্যাত অটোমোবাইল কোম্পানীয়ে ক্ৰয় কৰিব অসমত নির্মিত ছিপ।

মৰিগাঁও নাইটিংগেল আৰু নিৰু বৰা নাৰ্চিং ইনষ্টিটিউটৰ GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কাৰ্যসূচী সম্পন্ন…

মৰিগাঁও নাইটিংগেল আৰু নিৰু বৰা নাৰ্চিং ইনষ্টিটিউটৰ GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কাৰ্য্যসূচী সম্পন্ন

মৰিগাঁও নাৰ্চিং শিক্ষা এখন অপৰাগামী প্ৰতিষ্ঠান নাইটিংগেল নাৰ্চিং ইনষ্টিটিউট মহিলা বিশেষ কৈ যুৱতী সকলৰ সমাজ সেওয়া কৰা লগতে নিজকে প্ৰতিষ্ঠা লাভ কৰা উদ্দেশ্য মৰিগাঁও নগৰ গছবাৰী সমাজ কর্মী ব্যক্তি জয়ন্ত ভৰালী নেতৃত্বত ২০১৫বৰ্ষত এটি সুন্দৰ অনুষ্ঠান আৰম্ভণি হৈছিল নাইটিংগেল নাৰ্চিং ইনষ্টিটিউট খন ।

এতিয়া লৈ বহু পৰীক্ষাৰ্থী সু,-সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিষ্ঠান খনে বৰ্তমান সময়ত অসমৰ ভিতৰতে নাৰ্চিং শিক্ষা এখনি অগ্ৰগণি প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

আজি মৰিগাঁও অসামৰিক চিকিৎসাৰলয়ত মুঠ৮০গৰাকী GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কৰে।

ধুবুৰীৰ আগমনিৰ কালডোৱাত ৯ টা চোৰাং গৰুসহ জব্দ এখন বাহন, দুজনক আটক…

ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তৰ্গত কালডোৱাত বলোৰো পিক আপ ভেনসহ ৯ টা চোৰাং গৰু জব্দ। আটক ৰহমত আলী আৰু আলী হুছেইন। বহি: ৰাজ্যৰ পৰা ভিতৰুৱা চোৰাং পথেৰে নিশা AS 17C / 5576 নম্বৰৰ বলোৰো পিক আপ ভেনত খেৰৰ আৰত ৯ টা চোৰাং গৰু কঢ়িয়াই গৌৰীপুৰ অভিমুখে গৈ আছিল। যদিও গোলকগঞ্জ আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত গাড়ী খন ৰখাৰ নিদ্দেশ দিয়ে। চালকে গোলকগঞ্জ আৰক্ষীৰ নিদ্দেশ অমান্য কৰি গাড়ী ঘুৰাই পুনৰ আগমনি হৈ বংগলৈ তীব্ৰ গতিত গতি কৰে। গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলেও গাড়ী খন খেদি যায়। ইপিনে খবৰ পাই আগমনিত আৰক্ষীয়ে বেৰিকেড লগাই দিয়ে।

কিন্ত চালকে আৰক্ষীৰ বেৰিকেড ভাঙি কালডোৱা হৈ বংগলৈ যোৱাত কালডোৱাত এজন বাইক আৰোহীক খুন্দা মাৰে। বাইক আৰোহী গুৰতৰ ভাৱে আহত হোৱাত ক্ষুদ্ধ ৰাইজে বলোৰো পিক আপ ভেন আটক কৰে। গোলোকগঞ্জ আৰক্ষীয়ে চালক আৰু হেন্ডিমেন ৰহমত আলী আৰু আলী হুছেইনক আটক কৰি আগমনি আৰক্ষীক গতাই দিয়ে। জব্দকৃত বলোৰো পিক আপ ভেনত খেৰৰ আৰত লুকুৱাই অনা ৯ টা চোৰাং গৰু উদ্ধাৰ কৰে। আনহাতে আহত বাইক আৰোহী বকুল ৰায়ক আগমনি চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে বহি: ৰাজ্যৰ পৰা আগমনি আৰক্ষীৰ বেৰিকেট পাৰ হৈ কেনেকৈ চোৰাং গৰু সৰবৰাহ হৈ আহিছে সেয়া ৰহস্যৰ সৃষ্টি কৰিছে।

কলাক্ষেত্ৰত নিযুক্তি সমাৰোহ, পশুপালন বিভাগত ৩৬৫ জন ক্ষেত্ৰ সহায়ক নিযুক্তি…

অসমত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপ বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। এই পদক্ষেপৰ অংশ হিচাপে আজি পশুপালন আৰু পশু চিকিৎসা বিভাগত ৩৬৫ জন প্ৰশিক্ষণপ্ৰাপ্ত ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আজিৰ তাৰিখত ৰাজ্যখনত মুঠ নিযুক্তিৰ সংখ্যা হ’লগৈ ৯৭,০৫৩ গৰাকী। মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নিযুক্তি সমাৰোহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই নতুনকৈ নিযুক্তি প্ৰাপ্ত ৩৬৫ জন পশু চিকিৎসা ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ প্ৰদান কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে ক্ষেত্ৰ সহায়ক সকলক নিজ নিজ কৰ্মক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে শিক্ষিত যুৱক-যুৱতী সকলক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে উৎসাহ যোগোৱাৰ কথা দোহাৰে। যাতে অনাগত দিনত আমাৰ ৰাজ্যখন গাখীৰ, কণী আৰু মাংসৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ দিশে আগবাঢ়ি যাব পাৰে। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়া, বিভাগৰ প্ৰধান সচিব মণীষ ঠাকুৰ, সচিবদ্বয় অভিজিত বৰুৱা আৰু অনিল দেউৰী, সঞ্চালক জাৱীৰ ৰাহুল সুৰেশ, খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শ‌ইকীয়া আৰু বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে নিযুক্তি লাভ কৰা ক্ষেত্ৰ সহায়ক সকলৰ অভিভাৱক সকল উপস্থিত থাকে।

বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত এন্আৰডিএছ গ্ৰুপৰ সহযোগত ওদালগুৰিত বিনামূলীয়া কম্পিউটাৰ, ড্ৰাইভিং প্ৰশিক্ষণৰ কেন্দ্ৰ মুকলি। গঠনমূলক কামেৰে সমাজ পৰিৱৰ্তন হ’ব – সঞ্জিত তাঁতী…

গঠনমূলক কামেৰে সমাজ পৰিৱৰ্তন হ’ব। আমি কাম কৰিব লাগিব আৰু সমাজখন এনেকৈয়ে পৰিৱৰ্তন হ’ব। সমাজখনক আগুৱাই নিবলৈ আমাৰ চিন্তা -চৰ্চাৰ মানদণ্ড উন্নত কৰিব লাগিব। আমি এনে কিছুমান উন্নয়নৰ কৰ্ম কৰিব লাগিব যাতে সন্তানক লৈ পিতৃ-মাতৃয়ে গৌৰৱ কৰিব পাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য অতিথি তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য সঞ্জিত তাঁতীৰ। আজি বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত আৰু এনআৰডিএছ গ্ৰুপৰ সহযোগত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী হাতীগড়ত বিনামূলীয়া কম্পিউটাৰ আৰু টেক্সি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি এই মন্তব্য আগবঢ়াই ইএম সঞ্জিত তাঁতীয়ে।

শতাধিক ছাত্ৰ -ছাত্ৰী আৰু ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত তাঁতীয়ে আৰু কয় যে আমি নিজকে সংস্থাপিত হোৱাৰ যোগ্যতা অৰ্জন কৰিব লাগে। লগতে শিক্ষাৰ সকলো স্তৰতে স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ থাকে, মাত্ৰ আমি ইয়াক সৎ ব্যৱহাৰ কৰিব জানিব লাগে। তেওঁ আৰু কয় যে যেনেকৈ কামৰ কোনো লিংগ বৈষম্য নাথাকে ঠিক তেনেদৰে কামৰ সৰু-বৰ নাথাকে। আমি পিতৃ-মাতৃৰ জীৱিকাক লৈ লাজ নকৰি গৌৰৱ কৰিব লাগে বুলি তাঁতীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। এনআৰডিএছ গ্ৰুপৰ পৰিচালন সঞ্চালক সুধীৰ সৰকাৰে উক্ট অনুষ্ঠানত ছাত্ৰ- ছাত্ৰী আৰু ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে আমাৰ শিক্ষাৰ্থীসকলে সদায় এটা শুদ্ধ পথেৰে শিক্ষাজীৱন আগবঢ়াই দিব লাগে। শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত এনআৰডিএছ গ্ৰুপৰ বিস্তৃত তথ্য দাঙি ধৰি যিকোনো কামৰ প্ৰতি সেৱাৰ মনোভাৱ থাকিলে আমাৰ নতুন প্ৰজন্মই উন্নতিৰ শিখৰলৈ বগাব পাৰিব। ইয়াৰ বাবে শিক্ষা অপৰিহাৰ্য বুলি নিজৰ ভাষণত উল্লেখ কৰে।উক্ত বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰি হৰিশিঙা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক বিশ্বকৰ্মা , ননৈ চেৰফাং টিএলচিচিৰ অধ্যক্ষ দীপক সুচানী , স্থানীয় আটছা নেতা সুৰেশ কৰ্মকাৰ, সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, সমাজসেৱক বিজয় নায়কে ৰাইজক উদ্দেশ্যি চমু ভাষণ প্ৰদান কৰে।

ঊল্লেখযোগ্য যে বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত আৰু এনআৰডিএছ গ্ৰুপৰ সহযোগত হাতীগড়ৰ উপৰিও জিলাখনৰ ভাৰত- ভূটান সীমান্তৱৰ্তী বামুণজুলিতো এশগৰাকী শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে উদ্বোধন কৰি উদ্বোধনৰ অন্তত স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে।কাৰ্যবাহী সদস্য সঞ্জিত তাঁতী আৰু এনআৰডিএছ গ্ৰুপৰ পৰিচালন সঞ্চালক সুধীৰ সৰকাৰৰ এনে গঠনমূলক কাৰ্যৰ বাবে ৰাইজে শলাগ জ্ঞাপন কৰে।

বিলাসীপাৰাত চোৰৰ সন্ত্ৰাস! আটক এজনক…

দীৰ্ঘদিনৰে পৰা বিলাসীপাৰাত সন্ত্ৰাস চলাই অহা বেটাৰী চোৰক আটক। বিলাসীপাৰা বিভিন্ন অঞ্চলৰ পৰা ই-ৰিক্সা আৰু ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি চোৰে চলাই আহিছে সন্ত্ৰাস। বৃহস্পতিবাৰে নিশাৰ ভাগত বিলাসীপাৰাৰ উদমাৰীত চোৰে এখন ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি থকা অৱস্থাত ৰাইজে হাতে লোটে ধৰে চোৰটোক। পিছত চোৰটোক ৰাইজে লক্ষীগঞ্জ আৰক্ষীক চমজাই দিয়ে। ৰাইজে এটা চোৰক ধৰে যদিও আন এটা চোৰ পলাই যায়।


ধৃতচোৰ জন শিৱৰ-দাব্ৰি ইছলাম পুৰৰ জহৰ আলীৰ পুত্ৰ মহিনুৰ আলী বুলি জানিব পৰা গৈছে। বৰ্তমান চোৰটোক লক্ষীগঞ্জ আৰক্ষী চকীত সোধা পোছা কৰি থকা হৈছে।

ভাৰত ছেমিকণ্ডাক্টৰ মিছঃ অসমত ২৭,০০০ কোটি টকা বিনিয়োগেৰে অৰ্ধপৰিবাহী এটিএমপি ইউনিট…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘ভাৰতত অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শনী উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশ’ৰ অধীনত তিনিটা অৰ্ধপৰিবাহী ইউনিট স্থাপনৰ অনুমোদন জনায়। অহা ১০০ দিনৰ ভিতৰত তিনিওটা ইউনিটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। ভাৰতত অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শনী উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ কাৰ্যসূচী মুঠ ৭৬ হাজাৰ কোটি টকা ব্যয়েৰে ২১-১২-২০২১ তাৰিখে অধিসূচিত কৰা হৈছিল। ২০২৩ চনৰ জুন মাহত গুজৰাটৰ ছানন্দত অৰ্ধপৰিবাহী ইউনিট স্থাপনৰ বাবে মাইক্ৰনৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল। এই ইউনিটটোৰ নিৰ্মাণ দ্ৰুতগতিত আগবাঢ়িছে আৰু ইউনিটটোৰ ওচৰতে এক শক্তিশালী অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ উত্থান ঘটিছে।

অনুমোদিত তিনিটা অৰ্ধপৰিবাহী ইউনিট হ’ল:

১। ৫০,০০০ ডব্লিউএফএছএম সক্ষমতাৰে ছেমিকণ্ডাক্টৰ ফেব:

টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডে (“টিইপিএল”) টাইৱানৰ পাৱাৰচিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্প (পিএছএমচি)ৰ সৈতে অংশীদাৰিত্বৰে এটা অৰ্ধপৰিবাহী ফেব স্থাপন কৰিব।

বিনিয়োগ: এই ফেবটো গুজৰাটৰ ঢোলেৰাত নিৰ্মাণ কৰা হ’ব। এই ফেবত বিনিয়োগ হ’ব ৯১,০০০ কোটি টকা।

প্ৰযুক্তি সহযোগী: পিএছএমচি ইয়াৰ লজিক আৰু মেম’ৰী ফাউণ্ড্ৰি ছেগমেণ্টৰ বিশেষজ্ঞতাৰ বাবে বিখ্যাত। পিএছএমচিৰ টাইৱানত ৬টা অৰ্ধপৰিবাহী ফাউণ্ড্ৰি আছে।

সক্ষমতা: প্ৰতিমাহে ৫০ হাজাৰ ৱেফাৰ আৰম্ভ হয়(WSPM)

সামৰি লোৱা খণ্ড:

২৮ এনএম প্ৰযুক্তিৰ সৈতে উচ্চ কাৰ্যক্ষম কম্পিউট চিপ
বৈদ্যুতিক বাহন (EV), টেলিকম, প্ৰতিৰক্ষা, অটোমোটিভ, কনজিউমাৰ ইলেক্ট্ৰনিকছ, ডিছপ্লে, পাৱাৰ ইলেক্ট্ৰনিক্স আদিৰ বাবে শক্তি ব্যৱস্থাপনা চিপ। শক্তি ব্যৱস্থাপনা চিপ হৈছে উচ্চ ভল্টেজ, উচ্চ বিদ্যুৎ প্ৰবাহৰ প্ৰয়োগ।
২। অসমত অৰ্ধপৰিবাহী এটিএমপি ইউনিট:

টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (“টিএছএটি”) অসমৰ মৰিগাঁৱত স্থাপন কৰিব এটা অৰ্ধপৰিবাহী ইউনিট।

বিনিয়োগ: ২৭,০০০ কোটি টকা বিনিয়োগেৰে এই ইউনিটটো স্থাপন কৰা হ’ব।

প্ৰযুক্তি: টিএছএটি অৰ্ধপৰিবাহীয়ে ফ্লিপ চিপ আৰু আইএছআইপি (পেকেজত সংহত ব্যৱস্থা) প্ৰযুক্তিকে ধৰি থলুৱা উন্নত অৰ্ধপৰিবাহী পেকেজিং প্ৰযুক্তি বিকশিত কৰি আছে।

সক্ষমতা: দৈনিক ৪৮ নিযুত

সামৰি লোৱা খণ্ড: অটোমোটিভ, বৈদ্যুতিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, মোবাইল ফোন ইত্যাদি।

৩। বিশেষীকৃত চিপ্সৰ বাবে অৰ্ধপৰিবাহী এটিএমপি:

জাপানৰ ৰেনেছাছ ইলেক্ট্ৰনিক্স কৰ্পৰেশ্যন আৰু থাইলেণ্ডৰ ষ্টাৰছ মাইক্ৰ’ইলেক্ট্ৰনিকছৰ সৈতে অংশীদাৰিত্বৰে গুজৰাটৰ ছানন্দত এটা অৰ্ধপৰিবাহী ইউনিট স্থাপন কৰিব চিজি পাৱাৰে।

বিনিয়োগ: ৭,৬০০ কোটি টকা বিনিয়োগেৰে এই ইউনিটটো স্থাপন কৰা হ’ব।

প্ৰযুক্তি সহযোগী: ৰেনেছাছ হৈছে বিশেষ চিপৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা আগশাৰীৰ অৰ্ধপৰিবাহী কোম্পানী। ই ১২টা অৰ্ধপৰিবাহী সুবিধা পৰিচালনা কৰে আৰু মাইক্ৰ’কণ্ট্ৰ’লাৰ, এনালগ, পাৱাৰ, আৰু ছিষ্টেম অন চিপ (‘SoC)’ সামগ্ৰীৰ এক গুৰুত্বপূৰ্ণ কাৰক।

সামৰি লোৱা খণ্ড: চিজি শক্তি অৰ্ধপৰিবাহী ইউনিটে গ্ৰাহক, ঔদ্যোগিক, অটোমোটিভ আৰু শক্তি প্ৰয়োগৰ বাবে চিপ নিৰ্মাণ কৰিব।

সক্ষমতা: দৈনিক ১৫ নিযুত

এই ইউনিটবোৰৰ কৌশলগত গুৰুত্ব:

অতি কম সময়ৰ ভিতৰতে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনে চাৰিটা ডাঙৰ সফলতা লাভ কৰিছে। এই ইউনিটসমূহৰ সহায়ত ভাৰতত অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ প্ৰতিষ্ঠা হ’ব।
ইতিমধ্যে ভাৰতৰ চিপ ডিজাইনৰ গভীৰ ক্ষমতা আছে। এই ইউনিটসমূহৰ সহায়ত আমাৰ দেশখনে চিপ নিৰ্মাণৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ কৰিব।
আজিৰ ঘোষণাৰ লগে লগে ভাৰতত থলুৱাভাৱে উন্নত পেকেজিং প্ৰযুক্তি বিকশিত কৰা হ’ব।
সংস্থাপনৰ সম্ভাৱনা:

এই ইউনিটসমূহে ২০ হাজাৰ উন্নত প্ৰযুক্তিৰ চাকৰিৰ প্ৰত্যক্ষ নিয়োগ আৰু প্ৰায় ৬০ হাজাৰ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব।
এই ইউনিটসমূহে ডাউনষ্ট্ৰিম অটোমোটিভ, ইলেক্ট্ৰনিকছ উৎপাদন, টেলিকম উৎপাদন, ঔদ্যোগিক উৎপাদন, আৰু অন্যান্য অৰ্ধপৰিবাহী গ্ৰাহক উদ্যোগত নিয়োগ সৃষ্টি ত্বৰান্বিত কৰিব।