Home Blog Page 999

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ! অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা…

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা, অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা৷ এইবেলি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা আগবঢ়োৱা হৈছে ৷

ডঃ লক্ষহীৰা দাস, দুলাল বৰা,গুণাকৰ দেৱ গোস্বামী, ভবেন বৰবায়ন, তৰাৱতী বড়ি, গোবিন্দ শইকীয়া, কৰুণা বৰালৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে৷

একেদৰে মেঘৰঞ্জনী মেধিলৈ কথক নৃত্যৰ বাবে সংগীত নাটক একাডেমীৰ ওস্তাড বিছমিল্লা খাঁ যুৱ বঁটা আগবঢ়োৱা হৈছে৷

ঐতিহ্যপূর্ণ নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ত ওমলিব তলা!

বিজেপি-মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ ৬৯ খন কলেজৰ লগতে শিৱসাগৰ জিলাৰ নৱগঠিত ডিমৌ সমষ্টিৰ আটাইতকৈ পুৰণি আৰু ঐতিমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ মহাবিদ্যালয়খন বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী আৰু দল-সংগঠন, সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন বিজেপি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু বিজ্ঞ মহল৷

ইফালে মঙলবাৰে একাংশ সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছতে নিতাইপুখুৰীত দল-সংগঠন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত তুমুল প্ৰতিক্ৰিয়া উদ্ভৱ হৈছে৷ এইক্ষেত্ৰত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জিতুমণি গগৈয়ে চৰকাৰৰ সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে নিন্দা কৰিছে৷ নেতাজনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷

তদুপৰি আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰা হ’ব বুলিও কয়৷ অঞ্চলটোৰ ৰাইজৰ ত্যাগ আৰু পৰিশ্ৰমৰ বিনিময়ত গঢ়ি উঠা মহাবিদ্যালয়খনত তলা ওলমোৱা কাৰ্য কোনো কাৰণতে মানি ল’ব নোৱাৰি ৷ইফালে মহাবিদ্যালয়খনৰ আন এজন প্ৰাক্তন ছাত্ৰ তথা টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি সুনিত ফুলকোঁৱৰেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাজ্যৰ বিজেপি চৰকাৰখনে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে৷শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একাংশ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুল বন্ধ কৰাৰ পিছত মহাবিদ্যালয় বন্ধ কৰি শিক্ষা ব্যৱস্থাটো বেচৰকাৰী কৰাৰ দিশত অগ্ৰহৰ হ’ব বিচাৰিছে৷

নেতাজনে কয় যে মহাবিদ্যালয়খন বন্ধ হ’লে নিতাইপানীদিহিং অঞ্চলৰ ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী গভীৰ সংকটত পৰিব৷মহাবিদ্যালয়খন অঞ্চলটোৰ গৌৰৱৰ প্ৰতীক৷ নেতাজনে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে এলানি কাৰ্যসূচী লোৱা হ’ব বুলি উল্লেখ কৰে৷ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয় যে মহাবিদ্যালয় একত্ৰিকৰণে ৰাজ্যৰ শিক্ষাবিভাগটো ধ্বংস কৰিব৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্হাটোক ব্যক্তিগত কৰণত গুৰুত্ব দিছে৷নেতাজনে এইক্ষেত্ৰত সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ মৌনতাক কটাক্ষ কৰি কয় যে বিধায়কে মাত নমতাটো দুভাগ্যজনক৷

নিতাইপুখুৰী হেমচন্দ্ৰ গোস্বামী মহাবিদ্যালয় বন্ধ হ’লে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব৷মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অচিৰেই কলেজখন বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ইয়াৰ অন্যথা নিতাই-পানীদিহিংবাসী ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তোলা হ’ব৷ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি লৱন চুতীয়াই কয় কলেজখন বন্ধ কোনো কাৰণতে মানি ল’ব নোৱাৰি৷

নেতাজনে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে৷ ছাত্ৰ নেতা দীপজ্যোতি গগৈয়ে কয় মহাবিদ্যালয়খন বন্ধ হ’লে অঞ্চলটোৰ ভিতৰুৱা ছাত্ৰ-ছাত্ৰী অধ্যয়নত সমস্যা আহি পৰিব৷ নেতাজনে লগতে কয় সমগ্ৰ একত্ৰিকৰণ প্ৰক্ৰিয়াটোত বিজেপি চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে৷ নেতাজনে মহাবিদ্যালয়খন বন্ধ হ’লে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ভয়ংকৰ পৰিস্থিতি সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷ উল্লেখ্য যে ৰাইজৰ উদ্যোগত ১৯৬৫ চনতে প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খন বন্ধ হ’লে আগন্তুক দিনত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ’ব সেয়া নিশ্চিত৷

অসম আৰক্ষীত ব্যাপক ৰদবদল ! বহু শীৰ্ষ বিষয়াক বদলি…

অসম আৰক্ষীত ব্যাপক ৰদবদল, বহু শীৰ্ষ বিষয়াক বদলি

অসম আৰক্ষীত ব্যাপক ৰদবদল কৰা হৈছে৷ অসম আৰক্ষীৰ দ্বিতীয় আৰু তৃতীয় বৰ্গৰ বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ ১৮ গৰাকীকৈ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক ৰদবদল কৰা হৈছে৷ একেদৰে ১০২ গৰাকীকৈ উপ-পৰিদৰ্শককো বদলি কৰা হৈছে৷ ৰাজ্যৰ প্ৰায় বহু কেইখন থানাৰ বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷১৮ গৰাকীকৈ সশস্ত্ৰ শাখাৰ পৰিদৰ্শককো বদলি কৰা হৈছে৷ সশস্ত্ৰ শাখাৰ ৪৪ গৰাকী উপ-পৰিদৰ্শককো বদলিৰ নিৰ্দেশ দিয়া হৈছে৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰি কৰিছে এই নিৰ্দেশনাৰ কথা৷ উল্লেখ্য দুদিন পূৰ্বে দেশৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছিল চৰকাৰী বিষয়াৰ বদলিৰ এক নিৰ্দেশনা ৷

তাৰেই ভিত্তিত এই ৰদবদল কৰা হৈছে বুলি ধাৰণা কৰা হৈছে৷ প্ৰশাসনিক দক্ষতা উন্নত কৰা আৰু ৰাজহুৱা সেৱা বৃদ্ধি কৰাৰ লক্ষ্যৰে অসম আৰক্ষী বিভাগৰ ভিতৰত এক গুৰুত্বপূৰ্ণ পুনৰ্গঠন কৰা হৈছে বুলি ধৰাণা কৰা হৈছে। ৰাজহুৱা সেৱাৰ স্বাৰ্থত, এপিএছ নিৰ্মস ঘোষ, দ্বিতীয়-ইন-কমাণ্ড, ১১ এপিবিএন, দেৰগাঁও, গোলাঘাটক বদলি কৰা হৈছে আৰু বৰ্তমানৰ খালী পদৰ বিপৰীতে তেওঁক দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজহুৱা সেৱাৰ স্বাৰ্থত, জেমছ এ. চংগেট, এ.পি.এছ. , সহকাৰী কমাণ্ডেণ্ট, প্ৰথম এ.পি.বি.এন.ক চৰাইদেউৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে৷ এপিএছ পাৰ্থ প্ৰতীম দুৱৰাক , মহকুমা আৰক্ষী বিষয়া, পৰ্বতঝোৰা, কোকৰাঝাৰক বদলি কৰা হৈছে আৰু লক্ষীপুৰ, কাচাৰৰ মহকুমা আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এপিএছ ডিপুল কুমাৰ বড়োক গুৱাহাটীৰ চান্দমাৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। মৃণাল কুমাৰ দাসক, এ.পি.এছ., উপ আৰক্ষী অধীক্ষক, চৰাইদেউৰ উপ আৰক্ষী অধীক্ষক (নিৰাপত্তা) হিচাপে নিযুক্তি দিয়া হৈছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ত মহাৰজত জয়ন্তীৰ বছৰযোৰা বক্তৃতানুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজে বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজিত কৰি অহা বছৰজোৰা বক্তৃতানুষ্ঠানৰ দ্বাদশ তথা অন্তিম লানি বক্তৃতানুষ্ঠানটো ২৬ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়।

প্ৰয়াত নৃতত্ববিদ ড॰ শঙ্কৰ কুমাৰ ৰয়ৰ সোৱৰণত আয়োজন কৰা অন্তিমলানি বক্তৃতানুষ্ঠানটোৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ সংগীত, অসম সাহিত্য সভাৰ সংগীত বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ শিক্ষক পূৰ্ব্বৰাগ গোস্বামীৰ তত্বাৱধানত বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে। ইয়াৰ পিছতেই প্ৰয়াত ড॰ শঙ্কৰ কুমাৰ ৰয়ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা তৰ্পণ কৰি স্মৃতিচাৰণ কৰে বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অধ্যাপক ড॰ দ্বীপেন বেজবৰুৱাই।

আদৰণি ভাষণ আগবঢ়ায় প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড॰ সিদ্ধাৰ্থ নয়ন শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি আৰু সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰে ক্ৰমে-বিশিষ্টা সাহিত্যিক পদ্মশ্ৰী ড॰ জয়শ্ৰী গোস্বামী মহন্ত আৰু বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু অধ্যাপক ড॰ যোগেন চন্দ্ৰ কলিতাই।

বিশিষ্ট কবি নিবন্ধকাৰ তথা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ সভাপতি জিতুমণি শৰ্মাই পৌৰহিত্য কৰা এই সভাত গীত পৰিবেশন কৰে বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ ৰাজনভো শৰ্মা আৰু বাণিজ্য বিভাগৰ ছাত্ৰ বেদান্ত কলিতাই। শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যা ড॰ সেউজী শৰ্মাই।

বছৰজোৰা এই অনুষ্ঠানটোৰ সামৰণি কাৰ্যক্ৰম হিচাপে নাট্য পৰিষদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিবেশিত হয় নৃত্য গীত আবৃত্তিৰ বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যক্ৰমৰ। এই সাংস্কৃতিক কাৰ্যক্ৰমত গীত নৃত্য আবৃত্তি পৰিৱেশন কৰে বন্দিতা ডেকা, নৱকান্ত বৰুৱা,ঋত্বিক ৰূপম শৰ্মা,চয়নিকা বৰা, ড॰ দেবাশীষ শইকীয়া, টেৰিলীনা গগৈ, ড॰ প্ৰাঞ্জল বৰা, চন্দিকা নাথ, অধ্যাপক ভাস্কৰজ্যোতি বৰা আৰু বিশিষ্ট সংগীত শিল্পী নীলিম কাশ্যপে। অসম সঙ্গীতেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।

কামৰূপৰ বাইহাতা চাৰিআলিত সংঘটিত ভয়ংকৰ ঘটনা ! নিৰ্মীয়মান উৰণীয়া সেতুৰ বীম খহি পৰি থিতাতে নিহত এজন…

কামৰূপৰ বাইহাতা চাৰিআলিত সংঘটিত ভয়ংকৰ ঘটনা ।

নিৰ্মীয়মান উৰণীয়া সেতুৰ বীম খহি পৰি থিতাতে নিহত এজন ।

27নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাতাৰ বাইপাছত উৰণীয়া সেতুৰ নিৰ্মান কাৰ্য চলি আছিল ।

উৰণীয়া সেতুৰ ওপৰৰ পৰা খহি পৰিছিল প্ৰকাণ্ড বীম ।

কাঠৰ ওপৰত থিয় কৰাই ৰাখিছিল অতিকৈ ওজনৰ এই বীম সমূহ ।

নিহত লোক জনৰ ঘৰ ৰঙিয়াৰ খন্দীকৰত বুলি জানিব পৰা গৈছে ।

বাছত বাদাম ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল লোক জনে ।

থিতাতে নিহত হয় নিৰীহ লোক জন ।

ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাইহাতা ।

ৰাইজৰ প্ৰতিবাদৰ ফলত গুৱাহাটী নলবাৰী মংগদলৈ তেজপুৰ যোৱা পথ বন্ধ হৈ পৰিছে ইতিমধ্যে ।

মহাকাশলৈ প্ৰেৰণ কৰা ৪ ভাৰতীয় মহাকাশচাৰীৰ বিষয়ে জানক…

মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ? নাম প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

মহাকাশ অভিযানত ভাৰতৰ আৰু এখোজ৷ ভাৰতে গগনযান অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীক বাছনি কৰা হৈছে। তেওঁলোকৰ পৰিচয়ো প্ৰকাশ কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লা।মঙলবাৰে তিৰুৱন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হয়। ভাৰতীয় মহাকাশ সংস্থাই এক বিবৃতিত কয়, “গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লাক দীঘলীয়া সময়ৰ প্ৰশিক্ষণৰ পিছত গগনযান অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছে।

” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক হাতত ‘এষ্ট্ৰোনোট উইং’ সুশোভিত কৰাৰ লগতে মহাকাশচাৰীৰ বেজো অৰ্পন কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আজি যি ঘটিছে সেয়া এক ঐতিহাসিক মুহূৰ্ত। এই কথাই প্ৰমাণ কৰিছে যে বিশ্বত ভাৰতৰ প্ৰভাৱ কিমান বাঢ়ি গৈছে । প্ৰতিখন দেশৰ বাবে এনে এক সময় আহিছে যি সময়তে বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আজি ভাৰতৰ বাবে এনেএটা মুহূৰ্ত আহিছে। আজিৰ প্ৰজন্মই ভূমি, পানী, আকাশ আৰু মহাকাশৰ ওপৰত ঐতিহাসিক দখল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিছুদিন আগতে, মই অযোধ্যাত কৈছিলো যে কলা চক্ৰৰ এটা নতুন চক্ৰ আৰম্ভ হৈছে। ভাৰতে বিশ্বত ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিব পাৰিছে। যিটো আমাৰ মহাকাশ কাৰ্যসূচীতো প্ৰতিফলিত হয়। ‘

মোদীয়ে লগতে কয় “তেওঁলোক (চাৰিজন মহাকাশচাৰী) মাত্ৰ চাৰিটা নাম আৰু চাৰিজন ব্যক্তি নহয়। তেওঁলোক চাৰিটা শক্তি যিয়ে, ১৪০ কোটি লোকৰ আশা-আকাংক্ষা মহাকাশলৈ লৈ যাব। ৪০ বছৰৰ পিছত কোনো ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ সময় আমাৰ, আমি কাউন্টডাউনো কৰিম আৰু ৰকেটো আমাৰ। মই অত্যন্ত সুখী যে মই এই মহাকাশচাৰীসকলৰ সৈতে কথা পাতিবলৈ আৰু তেওঁলোকক সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ধন্যবাদ। মই তেওঁলোকক সমগ্ৰ দেশৰ হৈ অভিনন্দন জনাইছো। আপোনালোক আজিৰ ভাৰতত বিশ্বাস কৰে, আপোনালোক আজিৰ ভাৰতৰ সাহসিকতা’’৷

‘হাত জোৰ কৰি’ তেওঁ কয় যে চাৰিজন মহাকাশচাৰীয়ে অধিক কঠোৰ পৰিস্থিতিৰ মাজেৰে যাব লাগিব। তেওঁলোকে অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। তেওঁলোকক বা তেওঁলোকৰ পৰিয়ালক বিচলিত নকৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)ই ভাৰতীয় বায়ু সেনাৰ সহযোগত মহাকাশচাৰীসকলক বাছনি কৰিছিছে। চাৰিজনে ৰাছিয়াত ১৩ মাহৰ বাবে প্ৰশিক্ষণ লৈছে। তেওঁলোকক মহাকাশত কেনেদৰে থাকিব লাগে, বৰফত কেনেদৰে নিজকে সুৰক্ষিত কৰিব লাগে, মৰুভূমিত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে, পানীত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। উল্লেখ্য ইতিমধ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে গ্ৰহণ কৰা গগনযান মিছনৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। তৰল চালিত একক পৰ্যায়ৰ পৰীক্ষা বাহন টিভি-ডি১ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা কিছুদিন পূৰ্বে মহাকাশলৈ উৰা মাৰিছিল। গগনযান অভিযানৰ সময়ত ভাৰতীয় মহাকাশচাৰীসকলৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ – ক্ৰু এস্কেপ চিষ্টেমৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছিল।

যান খনত কোনো বিজুতিয়ে দেখা দিলে তাীত থকা মহাকাশচাৰীসকলে পুনৰ পৃথিৱীলৈ কিদৰে ঘূৰি আহিব সেয়া পৰীক্ষা কৰিবলৈয়েই পৰীক্ষণটো কৰা হৈছিল। ইছৰোৰ মুৰব্বী এছ সোমনাথে ঘোষণা কৰিছিল যে মিছন সম্পূৰ্ণ আৰু প্ৰাপ্ত উদ্দেশ্য সাধন হৈছে। যান খনত ধৰা পৰা এটা বিসংগতিৰ বাবে উৎক্ষেপণ বন্ধ ৰখা হৈছিল, সেয়া সংশোধন কৰাৰ পিছত মহাকাশযানখন পুনৰ উৎক্ষেপন কৰা হয়। । উৎক্ষেপণৰ প্ৰায় ৬১.১ ছেকেণ্ড পিছত ভূপৃষ্ঠৰ পৰা ১১.৯ কিলোমিটাৰ উচ্চতাত যান খনৰ ক্ৰু এস্কেপ চিষ্টেম ৰকেট বুষ্টাৰৰ পৰা পৃথক হয়। ইয়াৰ পিছতে ই প্ৰতি ঘণ্টাত ৫৫০ কিলোমিটাৰ বেগত যাত্ৰা কৰিবলৈ ধৰে।

ইয়াৰ পিছতে ড্ৰোগ পেৰাচুট সক্ৰিয় হৈ পৰে, ফলত যানখনৰ পৃথিৱীমুখী অৱতৰণ লেহেম হয়।” ইয়াৰ পিছতে নিৰ্ধাৰিত স্থানত যান খনৰ ক্ৰু এস্কেপ চিষ্টেমে অৱতৰণ কৰিছিল।

টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰিছিল।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিছিল। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা হৈছিল। জাহাজ খনত সুদক্ষ ডুবাৰুও আছিল ।

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা, যি কেপচুলে তিনি জন মহাকাশচাৰীক তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব।

ইছৰোৱে কৈছিল যে গগনযান অভিযান সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷ গগনযানৰ চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব ৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩ বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷

কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে ২৮ ফেব্ৰুৱাৰীত পদত্যাগ দাখিল কৰিছে।

পদত্যাগৰ পিছতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা ৰাণা গোস্বামীৰ!

“মেৰা পেহলা ভোট দেশ কে লিয়ে” অভিযানত অংশগ্ৰহণ কৰিবলৈ জনতাক আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে ! প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীত মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে…

“মেৰা পেহলা ভোট দেশ কে লিয়ে” অভিযানত অংশগ্ৰহণ কৰিবলৈ জনতাক আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীত মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনী প্ৰক্ৰিয়াত জনতাৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰি তোলাৰ বাবে আহ্বান জনায় আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ মাজত “মেৰা পেহলা ভোট দেশ কে লিয়ে”ৰ বাৰ্তা প্ৰচাৰৰ অভিযানত চামিল হ’বলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা এটা পোষ্টৰ জৰিয়তে তেওঁৰ এই বিশেষ বাৰ্তাৰ কথা দেশবাসীক অবগত কৰে। ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে এক্স-ত #MeraPehlaVoteDeshKeLiye প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীতটি মুকলি কৰে। এই প্ৰচাৰৰ উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক তেওঁলোকৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা।

“আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া মন কি বাত অনুষ্ঠানৰ ভাষণত এক বিশেষ আহ্বান জনাইছিল । দেশে গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ উদযাপনৰ বাবে সাজু হোৱাৰ সময়ত, মই আপোনালোক সকলোকে #MeraPehlaVoteDeshKeLiye অভিযানত যোগদান কৰিবলৈ আৰু যুৱ ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ আহ্বান জনাইছো।”প্ৰচাৰ অভিযানৰ এই সংগীতটো হৈছে ভোটাৰ সজাগতাৰ দিশত ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা এক অনন্য প্ৰয়াস।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কি বাত’ ৰ ভাষণত এই প্ৰচাৰ অভিযানৰ সন্দৰ্ভত কৈছিল যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক বৃহৎ সংখ্যাত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবেই এনে ধৰণৰ প্ৰচাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কৈছিল যে আবেগ আৰু শক্তিৰে পৰিপূৰ্ণ যুৱ শক্তিকলৈ ভাৰত গৌৰৱান্বিত তথা যুৱসকলে নিৰ্বাচনী প্ৰক্ৰিয়াত যিমানে অধিক সংখ্যাত অংশগ্ৰহণ কৰিব সিমানেই দেশৰ বাবে এক ভাল ফলাফল আশা কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে লগতে কৈছিল যে অষ্টাদশ লোকসভা যুৱসকলৰ আশা-আকাংক্ষাৰ প্ৰতীক হ’ব আৰু ইয়াৰ ফলত যুৱ ভোটাৰসকলৰ গুৰুত্বও বহুগুণে বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ সৈতে জড়িতসকলৰ লগতে ছবি উদ্যোগৰ পৰা সাহিত্য তথা অন্যান্য ক্ষেত্ৰৰে জড়িত লোকসকলকো এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছিল।

ক্ৰছ ভোটিঙে জোকাৰিলে কৰ্ণাটক বিজেপিকঃ ৰাজ্যসভা নিৰ্বাচনত বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক দিলে ভোট ! তিনি খন আসনত কংগ্ৰেছ, এখনত বিজেপিৰ প্ৰাৰ্থী বিজয়ী…

ক্ৰছ ভোটিঙে জোকাৰিলে কৰ্ণাটক বিজেপিকঃ ৰাজ্যসভা নিৰ্বাচনত বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক দিলে ভোট
তিনি খন আসনত কংগ্ৰেছ, এখনত বিজেপিৰ প্ৰাৰ্থী বিজয়ী

অৱশে৷ত কৰ্ণাটকত হ’ল ক্ৰছ ভোটিং৷ কৰ্ণাটকৰ বিজেপি বিধায়ক এছ টি সোমশেকাৰে সোমবাৰে চাৰিখন আসনৰ বাবে অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সপক্ষে ক্ৰছ-ভোট দান কৰে৷ ফলত বিজেপিৰ বাবে ই এক গুৰুত্বপূৰ্ণ আঘাত হিচাবে পৰিগণিত হৈছে৷ ক্ৰছ ভোট নিশ্চিত কৰি বিধানসভাৰ বিজেপিৰ মুখ্য হুইপ ডোডানাগৌদা জি পাটিলে বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু ঘোষণা কৰে যে দলটোৱে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব।

তেওঁ জোৰ দি কয় যে এই অপ্ৰত্যাশিত পদক্ষেপৰ বাবে এছ টি সোমশেকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয় “এয়া নিশ্চিত যে এছ টি সোমশেকাৰে ক্ৰছ-ভোট দিছে। আমি কি কৰিব পাৰি আৰু কি ব্যৱস্থা ল’ব লাগে সেই বিষয়ে আলোচনা কৰি আছো,” ।ভোট দান কৰাৰ আগতে এছ টি সোমাশেকাৰে সাংবাদিকক কয়, “যিসকলে মোক আশ্বাস দিছে আৰু বিশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে মোৰ সমষ্টিত পানী আৰু অন্যান্য সুবিধাৰ বাবে পুঁজি আৱণ্টন কৰিব, তেওঁলোকৰ সপক্ষেই মই ভোট দিম।”

কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনত চাৰিখন আসনৰ বাবে পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে৷ কংগ্ৰেছৰ অজয় মাকেন, চৈয়দ নাছিৰ হুছেইন, আৰু জি চি চন্দ্ৰশেখৰ, বিজেপিৰ নাৰায়ণচা বেণ্ডেজ আৰু জেডি(এছ)ৰ কুপেন্দ্ৰ ৰেড্ডীয়ে৷কৰ্ণাটকত তিনিজন কংগ্ৰেছ সাংসদ আৰু এজন বিজেপি সাংসদে অৱসৰ গ্ৰহণ কৰিছে৷ ৰাজ্য খনৰ বিধানসভাত কংগ্ৰেছৰ ১৩৫ জন বিধায়ক আৰু বিজেপিৰ ৬৬ জন বিধায়ক আছে৷ ইপিনে কৰ্ণাটকৰ শাসনাধিষ্ঠিত কংগ্ৰেছে মঙলবাৰে কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনত তিনিখন আৰু বিজেপিয়ে এখন আসন লাভ কৰে৷ উচ্চ সদনলৈ নিৰ্বাচিত হোৱা সকল হৈছে অজয় মাকেন, জি চি চন্দ্ৰশেখৰ আৰু চৈয়দ নাছিৰ হুছেইন, সকলো কংগ্ৰেছৰ আৰু বিজেপিৰ নাৰায়ণচা কে ভাণ্ডাজে বিজয়ী হৈছে।

দিল্লীত চিৰিয়াখানা চাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যুৰ পিছতে নৱ বিবাহিতা পত্নীৰো মৃত্যু…

দিল্লীত চিৰিয়াখানা চাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যুৰ পিছতে নৱ বিবাহিতা পত্নীৰো মৃত্যু!

মাত্ৰ তিনিমাহ হৈছিল তেওঁলোকৰ বিয়া হোৱাৰ। উত্তৰ প্ৰদেশৰ দম্পতীহালৰ প্ৰায় একে সময়তে মৃত্যু ঘটাৰ ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে। ২৫ বছৰীয়া অভিষেক আহলুৱালিয়াই দিল্লী চিৰিয়াখানালৈ গৈছিল। চিৰিয়াখানাত ঘূৰি-ফুৰি থকাৰ সময়তে অভিষেকে হঠাতে বুকুৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক গুৰু টেগ বাহাদুৰ চিকিৎসালয়ৰ পৰা চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।

কিন্তু তাতেই অভিষেকৰ মৃত্যু হয়। চিকিৎসকসকলে প্ৰকাশ কৰা মতে তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।অভিষেকৰ মৃতদেহ ঘৰলৈ নিয়া হয়। অভিষেকৰ পত্নী অঞ্জলীয়ে তেওঁৰ স্বামীৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পত্নীয়ে অভিষেকৰ মৃতদেহ দেখি অষ্টম মহলাৰ বাৰান্দাৰ ফালে দৌৰি গৈছিল। তাৰ পিছতে তেওঁ অষ্টম মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে। তেওঁক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।কিন্তু অঞ্জলীৰ মৃত্যু হয়।

এই শোকাৱহ ঘটনা সন্দৰ্ভত অভিষেকৰ আত্মীয়ই কয় , “অভিষেকৰ মৃতদেহ ঘৰলৈ অনাৰ পিছৰে পৰা অঞ্জলীয়ে অস্থিৰ হৈ কান্দিছিল । হঠাতেওপৰৰ মহলালৈ উঠি গৈছিল। তাৰ পিছতেই তেওঁ তললৈ জাঁপ মাৰিছিল। গাজিয়াবাদৰ দম্পতীহালে ৩০ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দাম্পত্য জীৱন মাত্ৰ তিনি মাহতে শেষ হৈ গ’ল।