অনুষ্ঠানত কবি, গায়িকা হেলেন পণ্ডিত, প্ৰফুল্ল বৰাই গীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে। উল্লেখযোগ্য যে, এই কবিমেলতে বিশিষ্ট কবি লেখক লক্ষেশ্বৰ শৰ্মাৰ “অস্তিত্বৰ সময় – ২” শীৰ্ষক এখনি কাব্যগ্ৰন্থ উন্মোচিত হৈ যায়। উক্ত গ্ৰন্থখনি ড° ইন্দ্ৰজিৎ বেজবৰুৱাই উন্মোচন কৰে।
তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত জিলা পৰ্যায়ৰ ছয় দিনীয়া অনা আবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ শনিবাৰে সফল সামৰণি পৰে।
জিলাখনৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে আয়োজিত এই প্ৰশিক্ষণত তামুলপুৰ জিলাৰ অধীনস্থ ৬৩ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।
বিদ্যালয়ৰ প্ৰধান হিচাপে শিক্ষানুষ্ঠানৰ শৈক্ষিক- প্ৰশাসনিক আদি কাম কাজৰ সু-পৰিচালনা কেনেদৰে কৰিব তাৰ ওপৰত নতুন শিক্ষানীতিৰ আধাৰত শিবিৰত প্ৰশিক্ষণৰ দিহা কৰা হয় ৷
এই ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশ লয় ক্ৰমে কামেশ্বৰ দৈমাৰী, কন্দৰ্প দাস, পোখৰেল আকাশ আৰু দীপক কুমাৰ তালুকদাৰে৷ প্ৰশিক্ষণ শিবিৰত তত্ববধায়ক হিচাপে দায়িত্ব পালন কৰে চি আৰ চি চি দেৱেশ্বৰ ৰাভা আৰু হিড়িম্বাছা ব্ৰহ্মই।
গুৱাহাটীৰ পশ্চিম বৰাগাঁৱস্থিত ভাৰত চৰকাৰৰ অধীনৰ বিজ্ঞান আৰু প্ৰযুক্তি উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছএছ. টিত ৮ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ‘ধাৰাবাহিক চিকিৎসা শিক্ষা’ (চি.এম.ই.) আৰু ‘স্নেক চিম্পজিয়াম – ২০২৪’ বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শনিবাৰে বিয়লি সামৰণি পৰে।
উল্লেখ্য যে ধাৰাবাহিক চিকিৎসা শিক্ষা (চি. এম.ই) বিষয়ক আলেচনা চক্ৰখন অনুস্থিত কৰাৰ উদ্দেশ্য আছিল সর্পদংশনৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আহি পৰা জটিল প্ৰত্যাহ্বান সমূহৰ মোকাবিলা কৰাৰ বাবে এক সহযোগিতামূলক মঞ্চ গঠন আৰু চিকিৎসা ব্যৱস্থাপনা কৰা।
তিনিদিনীয়া আলোচনা চক্ৰখনত বিভিন্ন সৰ্প বিষ সম্বন্ধীয় গৱেষণাৰ লগত জড়িত দেশ – বিদেশৰ কেবাজনো বিশেষজ্ঞ আৰু চিকিৎসক উপস্থিত থাকি সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এক গতিশীলতা অনাত গুৰুত্ব আৰোপ কৰিছে।
বিশেষকৈ সৰ্প দংশনৰ ঘটনবোৰৰ সমাধান কৰাৰ বাবে কাৰ্য্যকৰী ৰণনীতি প্ৰস্তুত আৰু চিকিৎসক সকলক সৰ্পদংশনৰ চিকিৎসাৰ জ্ঞান সমৃদ্ধ কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হয়। ৮ ফেব্ৰুৱাৰীত উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰতিস্থানখনৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূখার্জীয়ে সৰ্পদংশনৰ চিকিৎসাৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত আই এ এছ এছ টিয়ে লোৱা বিভিন্ন পদক্ষেপ সমূহৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।
অনুষ্ঠানটো ত ৰাজ্যখনৰ কেইবাটাও চিকিৎসা বিভাগৰ বিশিষ্ট ব্যক্তি ক্ৰমে – আই এম এৰ অসম অধ্যায়ৰ সভাপতি অৰুণিমা গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কাৰেং ৰংপী , এন এইচ এমৰ মিছন সঞ্চালক ডঃ এম এছ লক্ষ্মীপ্রিয়া, এন এইচ এম ৰ সঞ্চালক আৰু ৰাজ্যিক নোডেল বিষয়াদ্বয় উপস্থিত আছিল।
আনহাতে তিনিদিনীয়া আলোচনা চক্ৰত সৰ্পবিষ বিষয়ৰ বিশিষ্ট বিশেষজ্ঞ, কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানী ডাঃ দয়াল বন্ধু মজুমদাৰ, পুনেৰ বিঘনাহাৰ নাচিং হোমৰ ডাঃ সদানন্দ ৰাউত, শিৱসাগৰৰ ডেমো কমিউনিটি হেল্থ চেণ্টাৰৰ প্ৰতিনিধি তথা চিকিৎসক ডাঃ এম ভি খাণ্ডিকৰে সমল ব্যক্তি হিচাবে ভাগ লয় । ইয়াৰ উপৰিও আলোচনা চক্ৰখনত সৰ্পদংশনৰ ঘটনাৰ জটিলতাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু চিকিৎসা ৰণনীতি আগবঢ়োৱাত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব প্ৰদান কৰাৰ লগতে ভাগ লোৱা প্ৰতিনিধি সকলে নিজৰ নিজৰ অভিজ্ঞতা সমুহৰ বিষয়ে পাৰস্পৰিক আদান – প্ৰদান কৰে।