Home Blog Page 1051

নাজিৰাৰ বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড

নাজিৰাৰ বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড। নাজিৰাৰ কাঁহ-পিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।

ৰমেশ কলিতাৰ বাসগৃহত ভাৰাতীয়া হিচাপে থকা ৰীতা বৰুৱা গগৈ, পম্পী আগৰৱালা আৰু পৰিস্মীতা ফুকনৰ আবাস সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

বৰ্তমানেও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

-দিলীপ হাজৰিকা, নাজিৰা

অবিকল ৰামলালা! কৰ্ণাটকৰ নদীত উদ্ধাৰ প্ৰাচীন বিষ্ণু মূৰ্তি, শিৱলিংগ…

আন এক ৰামলালা উদ্ধাৰ হৈছে কৰ্ণাটকৰ নৈৰ বুকুৰ পৰা! সেই মূৰ্তিটো ঠিক যেন অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ৰাম লালাৰ মূৰ্তিহে। ৰামলালাৰ মূৰ্তিৰ দৰেই প্ৰায় অবিকল মূৰ্তি এটা উদ্ধাৰ হৈছে কৰ্ণাটকৰ কৃষ্ণা নদীত।নদীৰ পৰা এটা প্ৰাচীন বিষ্ণু মূৰ্তি উদ্ধাৰ কৰা হৈছে। একেদৰে প্ৰাচীন কালৰ এটা শিৱলিংগও উদ্ধাৰ হৈছে। ৰাইচুৰ জিলাৰ দেৱচুগুৰ গাঁৱৰ ওচৰৰ কৃষ্ণা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হৈছে। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে বিষ্ণুৰ শতিকা পুৰণি মূৰ্তিটো পৰানীৰ তলৰ পৰা শ্ৰমিকে উদ্ধাৰ কৰে। স্থানীয় লোকসকলে দাবী কৰিছে যে শিলত খোদিত মূৰ্তিটো দেখাত অযোধ্যাৰ ৰাম লালাৰ মূৰ্তিৰ দৰেই। দলংখনৰ নিৰ্মাণৰ সৈতে জৰিতসকলে মূৰ্তি আৰু শিৱলিং উদ্ধাৰৰ বিষয়ে স্থানীয় প্ৰশাসনক অৱগত কৰিছে। এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ভগৱান কৃষ্ণৰ মূৰ্তিটো তেওঁৰ দহটা অৱতাৰেৰে খোদিত কৰা হৈছে। আন কিছুমানে কৈছে যে এই মূৰ্তিটো অযোধ্যাৰ ৰাম লালাৰ সৈতে দেখাত প্ৰায় একে।

প্ৰাচীন ইতিহাস আৰু পুৰাতত্ত্বৰ অধ্যাপক পদ্মজা দেশাই কয় যে উদ্ধাৰ হোৱা মূৰ্তিৰ বহু বৈশিষ্ট্য আছে। তেওঁ কয় যে মূৰ্তিটোৰ চাৰিওফালে বিষ্ণুৰ দহটা অৱতাৰৰ অস্তিত্ব পোৱা গৈছে, এই মূৰ্তিটো নিৰ্মাণ কৰাৰ ধৰণে প্ৰাণ কৰে ই অতি প্ৰাচীন মূৰ্তি। মূৰ্তিটো দহটা অৱতাৰেৰে আগুৰি আছে – মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি। যিটো ৰাম মন্দিৰত স্থাপিত নতুন ৰামলালাৰ মূৰ্তিতো আছে। প্ৰত্নতাত্ত্বিকসকলে দাবী কৰিছে যে এই মূৰ্তিটো সম্ভৱতঃ ১১ বা দ্বাদশ শতিকাত নিৰ্মাণ কৰা হৈছিল। মূৰ্তিটো এটা মন্দিৰৰ গৰ্ভগৃহত আছিল বুলি বিশ্বাস কৰা হয়। কিন্তু সম্ভৱতঃ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত ইয়াক নদীত উটৱাই দিয়া হৈছিল। মূৰ্তিটোৰ নাকটো অলপ ভঙা অৱস্থাত পোৱা গৈছে।

অসম আৰক্ষীৰ জালত বিশিষ্ট বাস্তু বিশেষজ্ঞ খুছদীপ বাঞ্চাল ! দিল্লীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাঞ্চালক…

অসম আৰক্ষীৰ জালত বিশিষ্ট বাস্তু বিশেষজ্ঞ খুছদীপ বাঞ্চাল।

CIDএ গ্ৰেপ্তাৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাস্তু বিশেষজ্ঞজনক।

দিল্লীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাঞ্চালক। ভাতৃ হৰিশ বাঞ্চালকো গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ৬৫ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত দুয়ো।

প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰেঃ ৰাজ্যসভাত মোদী…

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসভাত ভাষণ দিয়ে। মোদীয়ে তেওঁৰ ভাষণত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কঠোৰভাবে সমালোচনা কৰা পৰিলক্ষিত হয়। মোদীয়ে দাবী কৰে যে কংগ্ৰেছ দলে এতিয়া “উত্তৰ-দক্ষিণৰ বিভাজন” সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। মোদীয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ ‘৪০০ অতিক্ৰম কৰিম’ ভাষণৰ প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৪০ খন আসন লাভ কৰিব পাৰিবনে নাই তাকেলৈ সন্দেহ আছে। কংগ্ৰেছে ৪০ খন আসনো লাভ কৰিব নোৱাৰিব বুলি তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী কিছুদিন পূৰ্বে উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মমতাৰ সুৰতে সুৰ কয় যে কংগ্ৰেছে ৪০ খন আসনো লাভ কৰাৰ আশা নাই। মোদীয়ে তেওঁৰ ভাষণত কয় যে বি আৰ আম্বেদকাৰে কেৱল তেতিয়াহে ভাৰত ৰত্ন লাভ কৰিছিল যেতিয়া কেন্দ্ৰত বিজেপিৰ সমৰ্থন থকা চৰকাৰ গঠন কৰা হৈছিল। কিন্তু কংগ্ৰেছৰ চৰকাৰে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক দলিত, পিছপৰা আৰু জনজাতীয় লোকৰ বিৰুদ্ধে কাম কৰা দল বুলি অভিযোগ কৰে৷ উল্সেখ্য কংগ্ৰেছ বংগত মিত্ৰজোঁটত আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ ‘সহযোগী’ তৃণমূলে কংগ্ৰেছক দুখনতকৈ অধিক আসন এৰি দিবলৈ ইচ্ছুক নহয়। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘কটা ঘাঁত নিমখ’ ঢালি মমতা বেনাৰ্জীৰ সুৰতে সুৰ মিলাই কৈছে “কংগ্ৰেছে দেশৰ ৪০ খন আসনতো জিকিব পাৰিবনে তাত সন্দেহ আছে”।

কিছুদিন পূৰ্বে আসন ভাগ-বতৰাৰ বিষয়টোক লৈ মমতাই শতিকা প্ৰাচীন দলটোক আক্ৰমণ কৰিছিল। মমতাই কৈছিল “কংগ্ৰেছ, মই নাজানো আপোনালোকে ৪০ খন আসন পাব নে নাই,যদিও সমগ্ৰ ভাৰততে ৩০০ খন আসনত কংগ্ৰেছে যুঁজ দিব। ’’প্ৰধানমন্ত্ৰীয়ে বিৰোধী ঐক্যৰ অন্যতম মুখ মমতাৰ সুৰতে সুৰ মিলাই কয় “কংগ্ৰেছে বংগত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কোৱা হৈছে যে তেওঁলোকে সমগ্ৰ দেশতে ৪০ খন আসন পাব নে নাই সন্দেহ আছে। “মই প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰে।”

ৰামলালাৰ ৰং ক’লা কিয়? উত্তৰাখণ্ড বিধানসভাত কংগ্ৰেছ বিধায়কৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া…

উত্তৰাখণ্ড বিধানসভাত কংগ্ৰেছ বিধায়কৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া। ৰাম মন্দিৰত স্থাপন কৰা ৰামলালাৰ ৰঙকলৈ বিতৰ্কৰ সৃষ্টি কৰিলে এগৰাকী কংগ্ৰেছ বিধায়কে। কংগ্ৰেছ বিধায়কগৰাকীৰ মতে ৰামলালাক ‘ক’লা’ বনোৱা হৈছে! কংগ্ৰেছ বিধায়ক আদেশ সিং চৌহানে উত্তৰাখণ্ড বিধানসভাত এই বিতৰ্কিত মন্তব্য কৰিছে। বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ বিত্ত মন্ত্ৰী প্ৰেম চান্দ আগৰৱালে কয় যে কংগ্ৰেছেও এতিয়া ভোট বেংকৰ বাবে ভগৱান ৰামক দোষাৰোপ কৰিবলৈ লৈছে। মঙলবাৰে উত্তৰাখণ্ড বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হৈছিল। বুধবাৰে এই বিষয়ত আলোচনাৰ সময়তে কংগ্ৰেছ বিধায়কজনে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ কথা উল্লেখ কৰে। তেওঁ কয় “আমি ৰাম মন্দিৰৰ উদ্বোধনক স্বাগতম জনাইছো। কিন্তু মই কিতাপত পঢ়িছিলো যে আমাৰ ৰামৰ দেহৰ বৰণ গাঢ় আছিল। কিন্তু আপোনালোকে তেওঁক কিয় ক’লা কৰিলে?”

উত্তৰাখণ্ডৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰেম চান্দে এই মন্তব্যকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় “ভগৱান ৰামৰ ছালৰ ৰঙকলৈ এনে মন্তব্য কিয়?”। কংগ্ৰেছ বিধায়কজনৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ডৰ বিজেপি বিধায়কসকলে জয় শ্ৰী ৰামধ্বনি দিবলৈ আৰম্ভ কৰে। মন কৰিকৰিবলগীয়া যে ৰাম লালাৰ মূৰ্তিটো কঠিন শিলেৰে নিৰ্মিত। মহীশূৰস্থিত শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা মূৰ্তিটো অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা হৈছে। দেৱভূমি উত্তৰাখণ্ডত এতিয়া শিলেৰে নিৰ্মিত ৰাম লালাৰ মূৰ্তিক লৈ বিতৰ্ক আৰম্ভ হৈছে।

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ…

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা। বাইকত খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ।

দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ। দুৰ্ঘটনাৰ পাছতে পলায়ন বলেৰ’ পিকআপ ভানৰ। চৰাইদেউৰ বাবে সম্পদ ফিৰোজ কোঁৱৰ।

সৰুসজাইৰ বিহু ৰেকৰ্ড অনুষ্ঠানৰো আঁৰৰ এজন মূল মানুহ আছিল ফিৰোজ কোঁৱৰ।

দেশৰ বাবে ঐতিহাসিক দিন! উত্তৰাখণ্ড বিধানসভাত গৃহীত ইউনিফৰ্ম চিভিল কোড বিধেয়ক, কি আছে বিধেয়ক খনত…

দেশৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হৈছে। কাৰণ ভাৰতৰ প্ৰথম ৰাজ্য হিচাবে উত্তৰাখণ্ড বিধানসভাই বুধবাৰে ইউনিফৰ্ম চিভিল কোড বিধেয়ক ( অভিন্ন নাগৰিক সংহিতা বিধেয়ক )গৃহীত কৰে। এই বিধেয়কে বৈবাহিক সম্পৰ্ক আৰু উত্তৰাধিকাৰ নিয়ন্ত্ৰণ কৰা ধৰ্মীয় ব্যক্তিগত আইনৰ সলনি কৰিব বিচাৰিছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে সদনত বিতৰ্কিত বিধেয়ক খন উত্থাপন কৰিছিল।আজি এই বিষয়ত উত্তপ্ত আলোচনাৰ পিছত বিধেয়ক খন গৃহীত কৰা হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ধামীয়ে বিধানসভাত কয় ” স্বাধীনতাৰ পিছত, সংবিধানৰ প্ৰণেতাসকলে অনুচ্ছেদ ৪৪-ৰ অধীনত অধিকাৰ দিছিল যে ৰাজ্যবোৰে উপযুক্ত সময়ত ইউচিচি প্ৰৱৰ্তন কৰিব পাৰে। আমি সাংবিধানিক ব্যৱস্থা অনুসৰি খচৰা খন প্ৰস্তুত কৰিছিলো,”। উল্লেখ্য ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোডৰ ৰূপায়ণ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য প্ৰতিশ্ৰুতি আছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিশ্ৰুতি দিছে যে অসম আইনখন কাৰ্যকৰী কৰা দ্বিতীয় খন ৰাজ্য হ’ব। বিধেয়কখনে বিবাহ আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰতিষ্ঠানত ব্যাপক পৰিৱৰ্তন আনিব বিচাৰিছে। আইনখনৰ মুখ্য বিষয় এটা হৈছে যে ই লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিব। আইন খনৰ মতে সম্পৰ্কত প্ৰৱেশ কৰাৰ তাৰিখৰ এমাহৰ ভিতৰত লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰিব লাগিব। প্ৰাপ্তবয়স্কসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা এই বিষয়ত সন্মতি লাভ কৰিব লাগিব। বিধেয়কখনে বাল্য বিবাহৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু বিবাহ বিচ্ছেদৰ বাবে এক অভিন্ন প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন কৰিছে। আইন খনে সকলো ধৰ্মৰ মহিলাক তেওঁলোকৰ পৈতৃক সম্পত্তিত সমান অধিকাৰ প্ৰদান কৰিছে। বিধেয়কখনে সকলো সম্প্ৰদায়ৰ বাবে বিবাহৰ বাবে নূন্যতম বয়স নিৰ্ধাৰণ কৰিছে – মহিলাৰ বাবে ১৮, পুৰুষৰ বাবে ২১। সকলো ধৰ্মৰ বাবে বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। বিবাহক পঞ্জীয়ন অবিহনে অবৈধ বুলি গণ্য কৰা হ’ব। আগশাৰীৰ মুছলমান সংস্থাসমূহে এই আইন খনৰ বিৰোধিতা কৰিছে।

অখিল ভাৰতীয় মুছলিম ব্যক্তিগত আইন পৰিষদৰ কাৰ্যকৰী সমিতিৰ সদস্য খালিদ ৰছিদ ফাৰাংগী মহালীয়ে কয় ” মূলতঃ, এনে ধৰণৰ ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ কোনো প্ৰয়োজন নাই, কাৰণ ধামীয়ে নিজেই কৈছে যে কিছুমান সম্প্ৰদায়ক আইনৰ পৰা ৰেহাই দিয়া হ’ব। এনেদৰেই একতা হ’ব নেকি? ইউচিচিৰ অৰ্থ হৈছে যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ ওপৰত একে আইন কাৰ্যকৰী কৰা উচিত,” । জমিয়ত উলেমা-ই-হিন্দে কৈছে যে মুছলমানসকলে শ্বৰিয়াৰ সৈতে আপোচ কৰিব নোৱাৰিব।হিন্দৰ এগৰাকী নেতাই কয় ” আমি শ্বৰিয়াৰ বিৰোধী কোনো আইন গ্ৰহণ কৰিব নোৱাৰো । কিয়নো এজন মুছলমানে সকলো বস্তুৰ সৈতে আপোচ কৰিব পাৰে, কিন্তু তেওঁ কেতিয়াও শ্বৰিয়া আৰু ধৰ্মৰ সৈতে আপোচ কৰিব নোৱাৰে,” ।

এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েও আইন খনৰ বিৰোধিতা কৰিছে। তেওঁ দাবী কৰিছিল যে বিধেয়কখনে মুছলমান সম্প্ৰদায়ৰ ধৰ্ম আৰু সংস্কৃতি পালন কৰাৰ অধিকাৰ উলংঘা কৰিছে।

উত্তৰাখণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ২০২২ত ইউচিচিৰ বাবে খচৰা প্ৰস্তুত কৰিবলৈ এখন পেনেল গঠন কৰিছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজকৰ্মী মনু গৌড়, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘ্ন সিং আৰু ডুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা দাংৱালে ৭৪০ পৃষ্ঠাজোৰা এখন খচৰা প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু এই খচৰাৰ আছে চাৰিটা খণ্ড।

মুখ্যমন্ত্ৰী ধামীৰ মতে, ইউচিচি বিধেয়ক হৈছে ৰাজহুৱা আলোচনা আৰু পৰামৰ্শৰ ফলাফল। ইউচিচি উত্তৰাখণ্ড ২০২৪ বিধেয়কত বহুবিবাহ আৰু বাল্য বিবাহৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ৰখাৰ দৰে পৰামৰ্শ অন্তৰ্ভুক্ত আছে। বিধেয়কখনৰ কিছুমান মুখ্য বিশেষত্বৰ ভিতৰত আছে – পুত্ৰ আৰু কন্যাৰ বাবে সমান সম্পত্তিৰ অধিকাৰ, বৈধ আৰু অবৈধ সন্তানৰ মাজৰ পাৰ্থক্য নাইকিয়া কৰা, মৃত্যুৰ পাছত সমান সম্পত্তিৰ অধিকাৰ আৰু তোলনীয়া আৰু জৈৱিক শিশুৰ অন্তৰ্ভুক্তি।

কি এই ইউনিফৰ্ম চিভিল কোড?
ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি বা অভিন্ন নাগৰিক সংহিতাৰ কথা ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। যি ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ। ইউনিফৰ্ম চিভিল কোড হৈছে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহৰ ঠাইত সকলো নাগৰিকৰ বাবে এক উমৈহতীয়া আইনগোটৰ প্ৰস্তাৱ। আৰু ইউচিচিৰ বিষয়ে উল্লেখ থকা ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদ ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ৷ ৰাষ্ট্ৰীয় সংহতি আৰু লিংগ ন্যায়ৰ প্ৰসাৰৰ উপায় হিচাপে উমৈহতীয়া দেৱানী বিধিক কিছুমানে সমৰ্থন কৰিছে, কিন্তু ধৰ্মীয় স্বাধীনতা আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হিচাপে আন কিছুমানে বিৰোধিতা কৰিছে। ভাৰতৰ ঠাইবিশেষে একাংশ নাগৰিকে নিজৰ ধৰ্মীয় বা সম্প্ৰদায়ৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি বিভিন্ন ব্যক্তিগত আইন মানি চলে। ভাৰতত বৰ্তমান সময়ত প্ৰতিটো ধৰ্মাৱলম্বী লোক নিজা নিজা ব্যক্তিগত আইনৰ দ্বাৰা পৰিচালিত আৰু ধৰ্মীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিগত আইন নিৰ্ধাৰণ কৰা হয়। ভাৰতবৰ্ষ বৈচিত্ৰ্যপূৰ্ণ ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ দেশ। বৈচিত্ৰ্যৰ মাজত ঐক্যই এই দেশৰ পৰিচয়৷ প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ব্যক্তিগত আইন আৰু ৰীতি-নীতিৰ গোট থাকে যিয়ে তেওঁলোকৰ দেৱানী বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। গতিকে এনে বৈচিত্ৰ্যৰ মাজত এক উমৈহতীয়া ভিত্তি উলিওৱাটো জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ। অকল ইমানেই নহয়, বহু ধৰ্মীয় আৰু সংখ্যালঘু গোটে ইউচিচিক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক স্বায়ত্তশাসনৰ উলংঘন বুলি গণ্য কৰে৷

আজি পাকিস্তানত সংসদীয় সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ ! জে’লৰ পৰাই বেলটযোগে ভোটদান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ…

আজি পাকিস্তানত সংসদীয় সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া।

৩৩৬খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। ৪খন প্ৰাদেশিক বিধানসভাৰ বাবেও অনুষ্ঠিত হৈছে নিৰ্বাচন।

জে’লৰ পৰাই বেলটযোগে ভোটদান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। দেশখনত বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা।

গুৱাহাটীত অসম বাৰ্তাজীৱি সংঘৰ কাৰ্যনিৰ্বাহক সভা…

ৰাজ্যখনৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে জন্মলগ্নৰে পৰা মাত মাতি অহা অসম বাৰ্তাজীৱি সংঘৰ ২০২৪-২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰথমখন বৈঠক আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰ নাথ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সংঘৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্ব অনুষ্ঠিত সভাত সম্পাদক মুকুট ৰাজ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰি সংঘৰ ভৱিষ্যৎ কাৰ্যপন্থা আৰু সাংগঠনিক দিশ সন্দৰ্ভত আলোকপাত কৰে। অসমীয়া প্ৰতিদিনৰ উপ-সম্পাদক তথা সংঘৰ উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মাই সংঘৰ ভৱিষ্যৎ কাৰ্যসূচী সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ৰাজ্যখনৰ সাংবাদিকসকলৰ অন্যতম আৰু প্ৰধান সংগঠন অসম বাৰ্তাজীৱি সংঘই সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সৰ্বাংগীন উন্নয়নৰ হকে যথেষ্ট কৰণীয় আছে বুলি কয়। এইক্ষেত্ৰত নতুন সমিতিখনে ইতিবাচক চিন্তাৰে সেৱা আগবঢ়োৱাৰ আহ্বান জনাই তেওঁ কয় যে ৰাজ্যৰ একমাত্ৰ গণতান্ত্ৰিক সাংবাদিক সংগঠন অসম বাৰ্তাজীৱি সংঘকলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে আশা কৰা ধৰনে সংগঠনটো আগবঢ়াই নিয়াত সকলোৰে আশাসুধীয়া প্ৰচেষ্টাৰ প্ৰয়োজন বুলি কয়। সংঘৰ সাংগঠনিক সম্পাদক বশিষ্ঠ দেৱ ফুকন,কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন, কোষাধ্যক্ষ নৱনিতা কলিতা, প্ৰচাৰ সম্পাদক অখিল কলিতা,কাৰ্যনিৰ্বাহ সদস্য যতীন ভাগৱতী, ভাস্কৰ শৰ্মা,সোণাধৰ ডেকা,তৰণী চৰণ কলিতা,ভূৱন চেতিয়া,প্ৰশান্ত মোদক আৰু প্ৰদীপ বৰ্মনে নিজৰ ভাষণ প্ৰসংগত অসম বাৰ্তাজীৱি সংঘই আগন্তুক দুবছৰীয়া কাৰ্যকালত দায়বদ্ধতাৰে সমাজৰ উন্নতিৰ সমান্তৰালভাৱে ৰাজ্যখনৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে মাত মাতি যোৱাৰ কথা সদৰি কৰে। সভাই ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য যে অসম বাৰ্তাজীৱি সংঘৰ পঞ্চাশ বছৰ পুৰ্তি উপলক্ষে বৰ্ষাজোৰা সোণালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি নগাঁও জিলা বাৰ্তাজীৱি সংঘৰ সৌজন্যত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ মৰ্মে অসম চৰকাৰে এইবেলি বন্ধ কৰি ৰখা সাংবাদিক পেঞ্চন শীঘ্ৰে প্ৰদান কৰাৰ দাবী জনায়।

আনহাতে ভাৰতীয় বাৰ্তাজীৱি মহা সংঘৰ সম্পাদক প্ৰধান পৰমানন্দ পাণ্ডেই প্ৰেৰণ কৰা প‌ত্ৰ সন্দৰ্ভত সভাই বিষদ ভাৱে আলোচনা কৰি সংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য হিচাপে অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদক ফণীধৰ দাস, অসমীয়া খৱৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আচিকুৰ ৰহমান, তিনিচুকীয়া জিলাৰ সম্পাদক ৰাণা জ্যোতি নেওগ, নগাঁও জিলাৰ সম্পাদক ভাস্কৰ জ্যোতি মেধি, কাছাৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক ৰাহুল চক্ৰবৰ্তীক মনোনীত কৰে। তদুপৰি অসম বাৰ্তাজীৱি সংঘৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত সুবিধা হোৱাকৈ ৰাজ্যখনক চাৰিটা মণ্ডলত বিভক্ত কৰি ক্ৰমে ভাস্কৰ সভা পণ্ডিতক উপ- সভাপতি আৰু জগত বৰাক সম্পাদক হিচাপে লৈ উত্তৰ পূব মণ্ডল, প্ৰকাশ ডেকাক উপ-সভাপতি আৰু চৈয়দ ৰবিউল হকক সম্পাদক হিচাপে লৈ উত্তৰ পশ্চিম মণ্ডল, অঞ্জন বৰাক উপ-সভাপতি আৰু অমৰজ্যোতি আৰন্ধৰাক সম্পাদক হিচাপে লৈ দক্ষিণ পূব মণ্ডল আৰু অভিজিৎ ভট্টাচাৰ্যক উপ- সভাপতি আৰু অচিম দেবক সম্পাদক হিচাপে লৈ দক্ষিণ পশ্চিম মণ্ডল গঠন কৰা হয়। ইয়াৰোপৰি সংঘৰ প্ৰতিগৰাকী সদস্যক পৰিচয় পত্ৰ প্ৰদান কৰা, সংঘৰ আইন কোষ গঠন কৰা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান ! শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা…

‘এতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান।

মেট্ৰিকত স্থান পালে IITতো এডমিছন নিদিয়ে। স্থানৰ কোনো গুৰুত্ব নাই। স্থান অসমতহে সামাজিকভাৱে স্বীকৃত।

ভাৰতবৰ্ষ বা পৃথিৱীৰ কোনো শিক্ষানুষ্ঠানে স্থান পোৱাটোক স্বীকৃতি নিদিয়ে’। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা।