Home Blog Page 1058

জ্যোতি চিত্ৰবনত কবিতা আৰু নৃত্যৰ অপৰূপ সমাহাৰ

অসমৰ নৃত্যৰ ক্ষেত্ৰখনত নিজৰ সৃষ্টিশীল প্ৰতিভাৰে গুণী এগৰাকী নৃত্যকৰ তথা নৃত্য পৰিচালক হিচাপে নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা জিন্তু বৰপুজাৰীৰ আন এক পৰিচয় হৈছে কবি। কলেজীয়া দিনৰে পৰা নৃত্যৰ সমান্তৰালভাৱে কাব্য চৰ্চা আৰু গীত ৰচনাৰে সাধনা অব্যাহত ৰখা জিন্তু বৰপুজাৰীৰ নৱতম কাব্যগ্ৰন্থ ‘দুখী তানপুৰা’ প্ৰকাশ কৰি উলিয়াইছে বি এণ্ড এম পাবলিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছে।

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এক আড়ম্বৰপূৰ্ণ অনুস্থানত সেই গ্ৰন্থখন উন্মোচন কৰে অসমৰ স্বনামধ্য কবি নীলিম কুমাৰ, জ্যোতি চিত্ৰবনৰ জ্যেষ্ঠ বিষয়া দীপক দত্ত আৰু লেখিকা সুচিত্ৰা ৰাভা সাহাই। ৫১টি কবিতাৰ সংকলনখনত মূলতঃ প্ৰেম আৰু জীৱনবোধৰ কবিতাক প্ৰাধান্য দিয়া হৈছে।

গ্ৰন্থখন উন্মোচন কৰি উন্মোচক নীলিম কুমাৰে কয় যে গ্ৰন্থৰ উন্মোচন পাঠকেহে কৰে। পাঠকে গ্ৰন্থখন অধ্যয়ন কৰাৰ লগে লগেই প্ৰকৃততে গ্ৰন্থখন উন্মোচিত হয়। জিন্তু বৰপুজাৰীৰ কবিতাৰ গীতিময়তা তথা শব্দৰ লাবন্যৰ শলাগ লৈ উন্মোচক সুচিত্ৰা ৰাভাই দুটি কবিতা পাঠ কৰি শুনায়।


এই অনুষ্ঠানৰ আটাইতকৈ আকৰ্শনীয় দিশটো আছিল জিন্তু বৰপুজাৰীৰ কবিতাৰ আধাৰত পৰিৱেশিত নৃত্য। কাব্যগ্ৰন্থ দুখী তানপুৰাৰ শীৰ্ষক কবিতাটোৰ বাণীবদ্ধ ৰূপত নৃত্য পৰিবশন কৰি নৃত্য পৰিচালক তথা কবি জিন্তু বৰপুজাৰী আৰু তেওঁৰ সহ নৃত্যশিল্পী শ্যামলী, নম্ৰতা আৰু বিদিশাই। কবিতাটোক কণ্ঠ দিছিল পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসে আৰু সংগীতেৰে সজাইছিল গৌৰাংগই।


উল্লেখযোগ্য যে বি এণ্ড এম পাবলিছাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছৰ প্ৰথম বৰ্ষপূৰ্তিত আয়োজিত অনুষ্ঠানটোত আবু চুফিয়ানৰ ঈশ্বৰৰ ঘৰ গ্ৰন্থখনো উন্মোচিত হয়। তদুপৰি ৰঞ্জু হাজৰিকা, পুলক বেনাৰ্জী,প্ৰশান্ত ৰাজগুৰু, আবু চুফিয়ান আৰু প্ৰদীপ কুমাৰ নাথক অসমীয়া সাহিত্য, সংগীত, সাংবাদিকতা আৰু চিত্ৰ শিল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসমজ্যোতি সন্মান প্ৰদান কৰা হয়।

পোন প্ৰথমবাৰৰ বাবে আইনী ব্যৱস্থাৰ বিকাশৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন NMIMS ইউনিভাৰ্ছিটি মুম্বাইৰ

পোন প্ৰথমবাৰৰ বাবে NMIMS ইউনিভাৰ্ছিটি মুম্বাইয়ে ১৭ আৰু ১৮ ফেব্ৰুৱাৰী তাৰিখে ২০২৪ দুদিনীয়া কাৰ্যসূচীৰে আইনী ব্যৱস্থাৰ বিকাশৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন তথা ২১ শতিকাত আইনী সীমান্তত নেভিগেট কৰা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰে।

উল্লেখ্য যে এই সন্মিলনত গোৱালপাৰা জিলা আদালতৰ চৰকাৰী অধিবক্তা সঞ্জয় শৰ্মাই নিমন্ত্ৰণ যোগে এই সন্মিলনৰ শীৰ্ষক বিষয়টোৰ আলোচনা চক্ৰত দেওবাৰে অংশগ্ৰহণ কৰে। আনহাতে অধিবক্তা শৰ্মাই সেই আলোচনাৰ অন্তত তে‌ওঁৰ “পকচো আইনৰ পেৰামিটাৰৰ ভিতৰত সন্মতি সূচক যৌনতাৰ ন্যায়িক নিৰ্ণয়” শীৰ্ষক গৱেষণাপত্ৰ উপস্থাপন কৰাৰ লগতে আইনৰ সৱল যুক্তি দাঙি ধৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এই সন্মিলনত ক্ৰমে মহাৰাষ্ট্ৰৰ মানৱ অধিকাৰ আয়োগৰ চেয়াৰমেন আকৰাম ছায়েদ, এমিটি ইউনিভাৰ্ছিটি নতুন দিল্লীৰ প্ৰৱক্তা ড° গিগিমন, NMIMS দিয়েন দূৰ্গামনি পাটিলৰ লগতে ব‌হু কেইখন আইনী বিশ্ববিদ্যালয়ৰ আইনজ্ঞ, বোম্বে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ লগতে আইনৰ গৱেষক, প্ৰৱক্তা, অধিবক্তা‌ই এই সন্মিলনত অংশ গ্ৰহণ কৰা বুলি জনায় অধিবক্তা সঞ্জয় শৰ্মা‌‌ই।

দীপৰ বিল পুনৰ্জীৱিতকৰণৰ বাবে বাজেটত ১০০ কোটি টকা ধাৰ্য

অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্য চৰকাৰে দীপৰ বিল পুনৰ্জীৱিতকৰণৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা আৰু ইয়াৰ বাবে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদনৰ ভিতৰে-বাহিৰে গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে দেওবাৰে বিয়লি বিধায়ক কলিতাক দীপৰ বিলৰ পাৰত ৰাজহুৱাভাৱে বিপুল সম্বৰ্ধনা জনোৱা হয়।

দীপৰ বিলৰ কাষৰীয়া মিকিৰপাৰা চকৰদৌ ৰাইজ গয়ৰহ আৰু দীপৰ বিল পাচপাৰা সমবায় সমিতি লিমিটেডৰ যৌথ উদ্যোগত এই উপলক্ষে অনুষ্ঠিত বিশাল ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে অগপ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাই। অনুষ্ঠানটোত দীপৰ বিলৰ কাষৰীয়া অঞ্চলকে ধৰি পশ্চিম গুৱাহাটীৰ প্ৰায় ৫৫ টা দল-সংগঠনে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক শৰাই, জাপি, গামোচা, ফুলৰ থোপা, চেলেং চাদৰকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ প্ৰদান কৰি সম্বৰ্দ্ধনা জনোৱাৰ লগতে পুনৰ্জীৱিতকৰণ আঁচনিখন যাতে সফলকাম হয় তাৰ ওপৰতো চকু ৰাখিবলৈ আহ্বান জনায়।

আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় – আজিৰ এই ৰাজহুৱা সম্বৰ্ধনাই দীপৰ বিলৰ ক্ষেত্ৰত তেওঁৰ দায়িত্ব আকৌ বৃদ্ধি কৰিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে থাকোতেই দীপৰ বিলক লৈ কিবা এটা কৰাৰ সপোন আছিল। ১৯৮৫ চনত পশ্চিম গুৱাহাটীৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা দীপৰ বিলৰ উন্নয়ন লৈ নিজকে আত্মনিয়োগ কৰিছিল।

২০০৬ চনত বিৰোধী দলৰ বিধায়ক হোৱা স্বত্বেও দীপৰ বিলৰ উন্নয়নৰ বাবে সদনৰ ভিতৰে-বাহিৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল। পৰৱৰ্তী ২০১৬ চনৰ পৰা এতিয়ালৈকে প্ৰায় চাৰে আঠ বছৰ ধৰি অসম বিধানসভাৰ প্ৰতিখন অধিবেশনতে সদায় দীপৰ বিলক লৈ চৰকাৰৰ কি আঁচনি আছে তাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল। অৱশেষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ চলিত অধিৱেশনত প্ৰথমবাৰৰ বাবে দীপৰ বিলৰ পুনৰ্জীৱিতকৰণ আঁচনিৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰে।

এই অভিলাসী পদক্ষেপৰ বাবে এই সভাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জনাইছো বুলি সদৰি কৰি এইক্ষেত্ৰত সময়ে সময়ে দিহা-পৰামৰ্শ দি অহা বাবে বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু সংবাদ মাধ্যমকো কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক কলিতাই।

সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট প্ৰাণীবিজ্ঞানী, শিক্ষাবিদ ডঃ বলেন্দ্ৰ কুমাৰ দাসে কয় দীপৰ বিলৰ পাৰৰ আজাৰাৰ সন্তান হিচাপে আজি চৰকাৰে বিলখনক পুনৰ্জীৱিতকৰণ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত আৰু ইয়াৰ বাবে স্থানীয় বিধায়ক হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লোৱা নেতৃত্বক আদৰণি জনাইছো। ই দীপৰ বিলৰ ইতিহাসত এক সোণালী অধ্যায় হিচাপে পৰিচিত হ’ব। সভাত গুৱাহাটী পৌৰ নিগমৰ অগপ দলৰ কেবাজনো পাৰিষদ, কেবাজনো পৰিৱেশবিদ, বিজ্ঞানী উপস্থিত থাকে।

খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত সাফল্য অসম কন্যা ৰক্ষা বৰুৱাৰ

সদ্য অনুষ্ঠিত খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত অসমক প্ৰতিনিধিত্ব কৰি সমগ্ৰ অসমৰ লগতে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰক্ষা বৰুৱাই। ১৬ ফেব্ৰুৱাৰীত শ্বিলঙৰ লাইটকৰৰ আছাম ৰাইফলছ দ্ৰোনাচাৰ্য্য ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে অসম কন্যাগৰাকীয়ে।

উল্লেখ্য যে, ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ শ্বিলঙত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগৰ বাবে অসমক প্ৰতিনিধিত্ব কৰিবলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত বাছনি পৰীক্ষাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিছিল ৰক্ষা বৰুৱাই।

ইফালে, ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পি ভি এছ এম, এ ভি এছ এম, ৱাই এছ এম, পি এইচ ডি আৰু অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে।

ৰক্ষা বৰুৱাৰ সাফল্যত আনন্দ ব্যক্ত কৰি কাহিলীপাৰাৰ পিজিটি-শাৰীৰিক শিক্ষা আৰু টাইকোৱাণ্ডো প্ৰশিক্ষক অভিজিত গগৈয়ে কয়, “খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত ৰক্ষা বৰুৱাৰ এই সাফল্যই আমাৰ বিদ্যালয়খনৰ কৃতিত্বৰ আৰু এক নতুন অধ্যায় যোগ কৰিছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল শৈক্ষিকভাৱেই নহয়, ক্ৰীড়াক্ষেত্ৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখি আমি নথৈ আনন্দিত হৈছো। এই জয়লাভে সহপাঠী ছাত্ৰ-ছাত্ৰীসকলকো ক্ৰীড়াক্ষেত্রত নিজক প্ৰতিষ্ঠা কৰিবলৈ অনুপ্ৰাণিত কৰিব।”

মন কৰিবলগীয়া যে, শ্বিলঙত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৫০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ খেল পথাৰত অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ ব্যতিক্ৰমী প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শিত হোৱা পৰিলক্ষিত হয়।

প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়শ্বিপৰ খিতাপ জয়ৰে ঐতিহাসিক সফলতা লাভ ভাৰতীয় মহিলা বেডমিণ্টন দলৰ

ভাৰতীয় মহিলা বেডমিণ্টন দলে ইতিহাস গঢ়ি পোন প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়শ্বিপৰ দলীয় খিতাপ লাভ কৰিছে৷ মালয়েছিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ দেওবাৰে হোৱা ফাইনেলত ভাৰতে ৩-২১ ব্যৱধানত পৰাস্ত কৰে থাইলেণ্ডৰ মহিলা দলক৷ উল্লেখ্য যে শক্তিশালী চীনক পৰাস্ত কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰা ভাৰতীয় মহিলা বেডমিণ্টন দলে ছেমিফাইনেলত অঘটন ঘটাই শীৰ্ষস্থানৰ দল জাপনক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল৷ আত্মবিশ্বাসী ভাৰতীয় মহিলা শ্বাটলাৰসকৰে আজি চাপৰ ফাইনেলতো দৃঢ়তা প্ৰদৰ্শন কৰি সফলতাৰে গৌৰৱময় ইতিহাস গঢ়িবলৈ সক্ষম হয়৷

‘এয়া ভাৰতীয় বেডমিণ্টনৰ বাবে আন এটা গৌৰৱৰ দিন৷ মই মহিলা দলটোৰ সকলো খেলুৱৈ, প্ৰশিক্ষক তথা সহযোগী বিষয়াক শুভেচ্ছা জনাইছো৷ দুবছৰ পূৰ্বে ভাৰতীয় পুৰুষ দলে থমাছ কাপ জয় কৰি ইতিহাস গঢ়াৰ পাছত এইবাৰ এছিয়ান চেম্পিয়নশ্বিপত মহিলা দলে পোন প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰি আন এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে৷ আমাৰ নৱাগত শ্বাটলাৰৰ অনবদ্য প্ৰদৰ্শন ভাৰতীয় বেডমিণ্টনৰ বাবে নতুন আশা৷’ ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়াত এইদৰে কয়৷

ফাইনেলত একক শাখাৰ প্ৰথমখন মেচত জয়ৰে দলক প্ৰত্যাশিত আৰম্ভণি দিয়ে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুয়ে৷ থাইলেণ্ডৰ সুপনিদা কাটেথঙক ২১-১২, ২১-১২ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে সিন্ধুয়ে৷ ইয়াৰ পাছতে ভাৰতৰ অগ্ৰগতি ২-০ কৰে ডাবলছ শাখাৰ মেচত জয়ী হৈ তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দ যুটিয়ে৷ তিনিটা ছেটৰ অন্তত থাই যুটি জংকোলফান কিতিথাৰাকুল আৰু ৰৱিন্দা প্ৰজংজাইক ২১-১৬, ১৮-২১, ২১-১৬ ৰ ব্যৱধানত পৰাস্ত কৰে তৃষা-গায়ত্ৰীয়ে৷ ২-০ত পিছ পৰাৰ পাছতে মৰণপন তৃতীয় আৰু চতুৰ্থ মেচত কিন্তু প্ৰত্যাৱৰ্তন কৰে থাইলেণ্ডে৷

একক শাখাৰ দ্বিতীয়খন মেচত ভাৰতীয় দলৰ হৈ অংশ লয় অসম কন্যা অস্মিতা চলিহাই৷ ছেমিফাইনেলত জাপানৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন ন’জোমি অকুহাৰাক পৰাস্ত কৰি চাঞ্চল্য সৃষ্টি কৰা অস্মিতাই কিন্তু দেওবাৰে সেই প্ৰদৰ্শন ধৰি ৰাখিব নোৱাৰিলে৷ বুছানান অংবামৰুংফানৰ বিৰুদ্ধে ২১-ৰৰ, ২১-১৪ ৰ পোনপটিয়া ছেটত পৰাস্ত হয় অস্মিতা৷ মেচৰ ব্যৱধান ২-ৰ হোৱাৰ পাছত চতুৰ্থ মেচত পুনৰ থাইলেণ্ডে জয়লাভ কৰিবলৈ সক্ষম হয়৷

ডাবলছ শাখাৰ দ্বিতীয়খন মেচত বেনয়াপা আইমছাৰ্ড আৰু নুন্তকৰ্ণ আইমছাৰ্ডৰ বিৰুদ্ধে ২১-ৰৰ, ২১-৮ ৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় যুটি প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰ৷ খিতাপৰ যুঁজ ২-২ ত সমতা স্থাপন হোৱাৰ পাছত নিৰ্ণায়ক পঞ্চম তথা একক শাখাৰ তৃতীয়খন মেচত ভাৰতীয় দলৰ হৈ কৰ্টত নামে দেশৰ আন এগৰাকী প্ৰতিভাসম্পন্ন নৱাগত শ্বাটলাৰ অনমল খাৰ্ব৷ উত্তেজনা আৰু চাপৰ মাজত খেলিও মানসিক দৃঢ়তাৰে অনমলে পৰ্ণপিচা চোইকেৱঙক ২১-১৪, ২১-৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় মহিলা দলক ঐতিহাসিক খিতাপ জয়ৰ সফলতা দিয়ে৷

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ জয়।

ৰাজকোট টেষ্টত ৪৩৪ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ। জয়ৰ বাবে ইংলেণ্ডক বান্ধি দিছিল ৫৫৭ ৰানৰ লক্ষ্য। প্ৰত্যুত্তৰত ১২২ ৰানত সমাপ্ত হয় ইংলেণ্ডৰ ইনিংছ।

উল্লেখ্য যে ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৪৪৫ ৰান। দ্বিতীয় ইনিংছত ভাৰতে ৪ উইকেটত সংগ্ৰহ কৰে ৪৩০ ৰান। দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালৰ দ্বিশতক অৰ্জন।

শৃংখলাত ৫শতাধিক ৰান কৰা একমাত্ৰ বেটাৰ জয়ছোৱাল।

৫৪ বছৰীয়া অভিনেতা অজয় ​​দেৱগনৰ এখন ফটোৱে আলোড়নৰ সৃষ্টি কৰিছে…

শেহতীয়াকৈ অজয় ​​দেৱগনে ইনষ্টাগ্ৰামত এক নতুন ফটো শ্বেয়াৰ কৰিছে। নতুন ফটোখনত অজয় ​​দেৱগানৰ ফিটনেছ দেখি আচৰিত হোৱা নেটিজেনসকলে অভিনেতাগৰাকীক প্ৰশংসাৰে ওপচাই পেলাইছে। ২০২৪ চনত অজয় ​​দেৱগনে বহু ছবি বেক টু বেক লৈ আহিছে। বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ পূৰ্বে অজয় ​​দেৱনাগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। ৫৪ বছৰীয়া অভিনেতা অজয় ​​দেৱগনে নিজৰ এখন ফটো এক্সত শ্বেয়াৰ কৰিছে। অজয় দেৱগনৰ ফিট পেশীবহুল শৰীৰ দেখি বাকৰুদ্ধ হৈ পৰে অনুৰাগী। ফটোখনত অভিনেতাগৰাকীয়ে কেমেৰাৰ সন্মুখত যি আত্মবিশ্বাসেৰে পোজ দিয়া দেখা গৈছে-

ফটোখনত অজয় দেৱগনৰ বুকুত ভগৱান শিৱৰ টেটু দেখা পোৱাৰ বিপৰীতে অভিনেতাজনৰ সোঁহাততো টেটু দেখা গৈছে। এজন ব্যৱহাৰকাৰীয়ে অজয়ৰ ফিটনেছক প্ৰশংসা কৰাৰ বিপৰীতে আন এজনে এই বয়সত অভিনেতাগৰাকীৰ শৰীৰৰ ৰূপ দেখি আচৰিত হৈছিল। অভিনেতাগৰাকীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অজয় ​​দেৱগানৰ আৰ মাধৱনৰ সৈতে ছবি ‘শৈতন’ অতি সোনকালে ছবিগৃহত মুক্তি পাবলৈ গৈ আছে।

বিজেপি নেতাৰ ১২০ কিলোগ্ৰাম ওজনৰ ছাগলী চুৰি

চত্তীশগড়ত বিজেপি নেতা সুৰেশ গুপ্তাৰ ছাগলী চুৰি।

ছাগলী চুৰি কৰি নি ২৭ হাজাৰ টকাৰ বিনিময়ত মাটনৰ দোকানত বধ কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ছাগলীটোৰ ওজন প্ৰায় ১২০ কিলোগ্ৰাম আছিল! যোৱা ৮ ফেব্ৰুৱাৰীত গুপ্তাৰ ঘৰৰ পৰা ১৮ লাখ টকাৰ গাড়ীৰে চুৰি কৰি লৈ যোৱা ‘শ্বেৰু’ নামৰ ছাগলীটো গুপ্তাই এজাহাৰ দাখিল কৰাৰ পিছতে ‘শ্বেৰু’ৰ সন্ধান উলিয়াবলৈ বিশেষ দল গঠন কৰে।

‘শপত খাইছিল ছবিৰ লগত কোনো সম্পৰ্ক নাৰাখে বুলি’, অভিনেতা হ’ব বিচৰা নাছিল আমিৰ খানে…

বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু হিট আৰু ছুপাৰহিট দিছে। কিন্তু আপুনি জানেনে আমিৰ খানে কেতিয়াও অভিনেতা হ’ব বিচৰা নাছিল। আমি নহয় আমিৰ খানে নিজেই এই কথা কৈছিল সাক্ষাৎকাৰৰ সময়ত। আমিৰ খানে কয় যে সৰুতে তেওঁ শপত খাইছিল যে তেওঁৰ প্ৰযোজক বা ছবিৰ লগত কেতিয়াও কোনো সম্পৰ্ক নাথাকিব। আমিৰ খানে ১৯৮৮ চনত মুভি মেগাজিনক এটা সাক্ষাৎকাৰ দিছিল, যিটো পুনৰবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সাক্ষাৎকাৰত আমিৰ খানক যেতিয়া সোধা হৈছিল যে তেওঁ অভিনেতা হ’ব বিচাৰে নেকি, তেতিয়া অভিনেতাজনে উত্তৰ দিছিল – ‘সৰুতে মই লাজ লগা, বুজিব নোৱাৰা আৰু অদ্ভুত আছিলোঁ। অভিনয় মোৰ চিন্তাৰ পৰা বহু দূৰত আছিল, মোৰ ছবিৰ সংযোগে মোক আৰু বেছি হতাশ কৰিছিল। মোৰ দেউতাই (তাহিৰ হুছেইন, প্ৰযোজক হোৱাৰ বাবে) পৰিচালক আৰু শিল্পীক ধন দিছিল, তথাপিও মই তেওঁক অনুসৰণ কৰিবলগীয়া হৈছিল।আমীৰ খানে কৈছিল- ‘এই সকলোবোৰ দেখাৰ পিছত মই শপত খাইছিলোঁ যে মই কেতিয়াও প্ৰযোজক নহও আৰু ছবিৰ লগত কোনো সম্পৰ্ক নাথাকিব।

আমিৰ খানে এই সাক্ষাৎকাৰটোত কৈছিল- ‘অভিনয় তেওঁৰ বাবে এক দুৰ্ঘটনাৰ দৰে আছিল। অমিতাভ ভট্টাচাৰ্যই এখন চুটি ছবিৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল, যিখন ছবি তেওঁ মহোৎসৱলৈ পঠিয়াব বিচাৰিছিল। আমিৰে কৈছিল যে তেওঁ বৰ আনন্দত হয় বুলি কৈছিল। তেতিয়া তেওঁৰ অভিজ্ঞতা উৎকৃষ্ট আছিল আৰু তেওঁ অভিনয় কৰিব পাৰিব বুলি আত্মবিশ্বাসো লাভ কৰিছিল। ইয়াৰ পিছত তেওঁৰ মন সলনি হ’ল আৰু তেওঁ অভিনয়ক পেছা হিচাপে বাছি লৈছিল।


৭৭ বছৰ বয়সত জৈন মুনি আচাৰ্য শ্ৰীবিদ্যাসাগৰ মহাৰাজৰ দেহাৱসান…

বিশিষ্ট জৈন মুনি আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ দেওবাৰে পুৱা ছত্তীশগড়ৰ ডংগৰগড়ৰ চন্দ্ৰগিৰি তীৰ্থত দেহাৱসান হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।