Home Blog Page 1059

বিপদজ্জনক ভাৱে যাতায়ত কৰিব লগা পৰিস্থিতি ৰামধন দিখাৰী গাঁৱৰ ৰাইজৰ…

১১৪ নং জোনাই বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক (জনজাতি) উন্নয়ন খণ্ডৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ বানপীড়িত অঞ্চলৰ গাঁৱৰ ৰাইজৰ যাতায়তৰ ভৰসা হৈছে বাঁহৰ দলং,সাঁকো আৰু হাত নাওঁ। বাৰিষা খৰালি সকলো সময়তে এনেদৰে বিপদজ্জনকভাৱে যাতায়ত কৰিব লগা পৰিস্থিতিয়ে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ উন্নয়নৰ ফোপোলা স্বৰূপটো দৃষ্টিকটুভাৱে উদঙাই দিছে। পঞ্চায়তখনৰ বাদুলা চেন্টাৰৰ পৰা ১ নং,২ নং জামুগুৰী হৈ ৩ নং জামুগুৰী সংযোগী পথছোৱা অতি শোচনীয়।বাৰিষা কালত পথছোৱাৰ মাজত ছটা অংশত দিখাৰী নদীৰ বাঢ়নী পানীয়ে ছিন্নভিন্ন পেলোৱাৰ পাছত কোনো মেৰামতি অথবা দলং কালভাৰ্ট নিৰ্মাণ হোৱা নাই।ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলং কেইখনো ভাঙি ছিঙি জৰাজীৰ্ণ হৈ পৰিছে।

আনহাতে মৰমী চেন্টাৰৰ পৰা মাজগাঁও জয়পুৰ, উলুৱনী মাজগাঁও,২ নং উলুৱনী, জানপাৰ হৈ লংকা সংযোগী পথছোৱাৰ অৱস্থা পানীত হাঁহ নচৰা নিচিনা।পথছোৱাৰ মাজত পোন্ধৰ-বিশটা ঠাইত ছিঙি পেলাই দিখাৰী নদীৰ বাঢ়নী পানীয়ে যোৱা বাৰিষাত।আজিকোপতি ছিঙি পেলোৱা অংশ সমূহত দলং অথবা কালভাৰ্টৰ ব্যৱস্থা হৈ উঠা নাই। পূৰ্বে ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলংবোৰ উৱলি গৈছে। ইপিনে ৰামধন দিখাৰী গাওঁ পঞ্চায়তখনৰ দমকল ঘাটৰ পৰা বুঢ়ীসূঁতি কছাৰী হৈ ১ নং উলুৱনী সংযোগী জৰাজীৰ্ণ পথটোত কেবাটাও নলা,জানজুৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিও উক্ত পথছোৱা পকীকৰণ নোহোৱাৰ লগতে পথত থকা নলা,জান সমূহৰ ওপৰত দলং নিৰ্মাণ হোৱা নাই। উল্লেখযোগ্য যে অগপৰ দ্বিতীয়টো আমোলত জোনাইৰ বিধায়ক প্ৰদান বৰুৱাই বুঢ়ীসূঁতি কছাৰী গাঁৱৰ সমীপৰ এটা নলাৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও এতিয়া দলঙখনৰ কোনো চিনচাব নোহোৱা হল।

বছৰৰ বাৰমাহেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে হাত নাওঁ, বাঁহৰ দলং,সাঁকোৰেই বিপদসঙ্কুলভাৱে যাতায়ত কৰি আহিছে। ইপিনে বগৰীগুৰী তিনিআলিৰ পৰা ১ নং উলুৱনী গাঁৱৰ মৰমী তিনিআলি সংযোগী পথটোৰ নিৰ্মাণৰ কাম আজিও আৰম্ভ হোৱা নাই।যাৰফলত হাত নাৱেৰেই দশক দশক ধৰি যাতায়ত কৰি আহিছে বানপীড়িত ৰাইজে। মৰমী তিনিআলিৰ পৰা জামুগুৰী,  নামনি উলুৱনী, উলুৱনী জয়পুৰ হৈ মিছামৰা গাওঁ পঞ্চায়তৰ নাওঁকাটা সংযোগী পথ,বগৰীগুৰীৰ পৰা বদলপুৰ,লাম্বা মিলন,অপ্সৰা হৈ চেঙাজান সংযোগী পথকেইটা আজিও উন্নত ধৰণে নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা নাই। জৰাজীৰ্ণ পথকেইটাৰ মাজেৰে বৈ যোৱা নদ-নদী সমূহৰ ওপৰতো আজিকোপতি কোনো এখন চৰকাৰেই দলং,কাৰ্লভাট নিৰ্মাণৰ কাম হাতত নাই। যাৰফলত ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ ১ নং, ২ নং ৩ নং জামুগুৰী, ১ নং ,২ নং উলুৱনী, উলুৱনী জয়পুৰ, উলুৱনী মাজগাঁও, বিঞ্চুপুৰ, মলান মাল’, লংকা, খাগ্ৰাবাৰী,পাখ্ৰীগুৰী, বদলপুৰ আদি কৃষিজীৱী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি বাৰিষা, খৰালি সকলো সময়তে সৰ্বসাধাৰণ ৰাইজে কষ্টকৰ যাতায়ত কৰিব লগা হৈ আহিছে। অসমৰ নৱগঠিত চৰকাৰখনক বানপীড়িত, কৃষিজীৱী অঞ্চলৰ বাট-পথ উন্নয়নৰ পদক্ষেপ হাতত ভূক্তভোগী ৰাইজে আহ্বান জনাইছে।

খানাপাৰাৰ পৰা অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ! অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস, উদ্বোধন…

প্ৰধানমন্ত্ৰীয়ে দেশক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে গঢ়াৰ অংগীকাৰ গ্ৰহণ কৰে। ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্প। ভাৰতৰ এই বিকাশত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰো ভূমিকা অনন্য বুলি উল্লেখ কৰে। অসমৰ এনে বিকাশৰ বাবে তেওঁ অসমবাসীক অভিনন্দন জনায়।

দেশৰ ২ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্যক বৃদ্ধি কৰি ৩ কোটিলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ মহিলাও লাখপতি হোৱাৰ কথা উল্লেখ।

দেশত এতিয়া পৰ্যটন আৰু তীৰ্থ যাত্ৰাৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ। যোৱা এটা বছৰত কেদাৰনাথ ১৯ লাখ, ৮ কোটি লোকে কাশী ভ্ৰমণ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ২৪ লাখ ভক্তই ভ্ৰমণ কৰিছে। কামাখ্যা কৰিড’ৰ নিৰ্মাণ কৰাৰ পাছত কামাখ্য়াতো এনে এক পৰিৱেশ সূচনা হোৱাৰ আশা প্ৰধানমন্ত্ৰীগৰাকীৰ।

শিলচৰ আৰু শিয়ালদহৰ মাজৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ নতুন ষ্টপেজৰ শুভাৰম্ভ…

শিলচৰ আৰু শিয়ালদহৰ মাজৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ নতুন ষ্টপেজৰ শুভাৰম্ভ

ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত বিহাৰা ষ্টেচনত ৰেল নং. ১৩১৭৬/১৩১৭৫ (শিলচৰ– শিয়ালদহ-শিলচৰ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনৰ দুই মিনিটৰ বাবে এটা অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। শিলচৰ লোকসভা সমষ্টিৰ সাংসদডাঃ ৰাজদীপ ৰয়ে ২৯জানুৱাৰীত বিহাৰা ষ্টেচনত নতুন ষ্টপেজৰ সৈতে কাঞ্চনজংঘা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ ৰেলৱে বিষয়াবৰ্গ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল।

এতিয়াৰে পৰা ৰেল নং ১৩১৭৬ (শিলচৰ – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ শিলচৰৰ পৰা বিহাৰাত একেদিনাই ১৩:২৫বজাত উপস্থিত হ’ব আৰু ১৩:২৭বজাত প্ৰস্থান কৰিব। শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’ল নং ১৩১৭৫ (শিয়ালদহ- শিলচৰ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখন পিছদিনা ১২:০০বজাত বিহাৰাত উপস্থিত হ’ব আৰু ১২:০২বজাত প্ৰস্থান কৰিব। এই নতুন ষ্টপেজে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে।

এই ৰেলখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক কোনো অধ্যায় নাই চিবিএছইৰ পাঠ্যপুথিত , স্পষ্ট কৰিলে চিবিএছচিয়ে…

ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক কোনো অধ্যায় নাই চিবিএছইৰ পাঠ্যপুথিত , স্পষ্ট কৰিলে চিবিএছচিয়ে

‘ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক কোনো অধ্যায় নাই চিবিএছইৰ পাঠ্যপুথিত , স্পষ্ট কৰিলে চিবিএছচিয়ে ।চিবিএছই-নিৰ্ধাৰিত কিতাপএখনৰ পৰা অহা বুলি দাবী কৰি শ্বেয়াৰ কৰা ভাইৰেল ছবিত ‘ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক এটা অধ্যায় থকা বুলি দেখুওৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) নিৰ্ধাৰণ কৰা ৯ম শ্ৰেণীৰ এখন কিতাপত থকা বুলি দাবী কৰা ‘ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ সম্পৰ্কীয় এটা অধ্যায়ৰ ছবি দেখুওৱা এটা টুইট ভাইৰেল হৈ থকাৰ সময়তে বিষয়টোকলৈ নিজৰ স্থিতি স্পষ্ট কৰিছে চিবিএছচিয়ে।চিবিএছইয়ে টুইটাৰত কৰা দাবীটো খণ্ডন কৰি কৈছে যে এয়া ‘ভিত্তিহীন আৰু অশুদ্ধ’ তথ্য। তেনে কোনো অধ্যায় চিবিএছচিৰ পাঠ্যপুথিত নাই বুলি চিবিএছচিয়ে স্পষ্ট কৰি দিছে।


ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা অধ্যায়টোৰ বিষয়বস্তু বোৰ দৰাচলতে গগন দীপ কৌৰৰ দ্বাৰা লিখা আৰু জি.ৰাম বুকছ (পি)লিমিটেডৰ দ্বাৰা প্ৰকাশিত আত্ম সজাগতা আৰু সশক্তিকৰণৰ বাবে গাইড শীৰ্ষক এখন কিতাপৰ পৰা আহিছে বুলি জানিব পৰা গৈছে। চি.বি.এছ.ই.-য়ে তেনে কোনো কিতাপ প্ৰকাশ নকৰে বা কোনো ব্যক্তিগত প্ৰকাশকৰ কিতাপো প্ৰকাশ নকৰে বুলি চিবিএছচিৰ তৰফৰ পৰা কোৱা হৈছে।

ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে…

ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে পদত্যাগ কৰিলে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুলৈ লিখা পদত্যাগ পত্ৰত পুৰোহিতে কয় যে ব্যক্তিগত কাৰণত আৰু আন কিছুমান বাধ্যতামূলক কাৰণত তেওঁ পদত্যাগ কৰিবলৈ ইচ্ছুক। বনৱাৰীলাল পুৰোহিতে তেওঁৰ আবেদন মঞ্জুৰ কৰিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। বিশেষ সূত্ৰই দাবী কৰা অনুসৰি পুৰোহিতৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিভিন্ন বিষয়ত সংঘাত চলি আছে।

পঞ্জাৱৰ চৰকাৰে দাবী কৰি আহিছে যে ৰাজ্যপালে বহু প্ৰয়োজনীয় বিধেয়ক গৃহীত কৰাত পলম কৰিছে । বিষয়টো আনকি উচ্চতম ন্যায়ালয়লৈ গৈছিল। বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে পঞ্জাৱ চৰকাৰে দাখিল কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল। ইউচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যখনৰ মুৰব্বী হিচাপে এজন ৰাজ্যপালে কোনো কাৰণতে এখন বিধেয়কত স্বাক্ষৰ কৰাত পলম কৰিব নোৱাৰে।

এইবুলিও কোৱা হৈছিল যে তেওঁ বিধেয়কখন ৰখাই থোৱাৰ বাবে সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।কেইদিনমান পূৰ্বে বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিপুল বিজয় লাভ কৰিছিল। বিজেপিৰ এনে বিজয়ৰ পিছত বনৱাৰীলালে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। তাৰ পিছতে পুৰোহিতে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মহাৰাষ্ট্ৰত অঘটনঃ থানাৰ ভিতৰতে বিজেপি বিধায়কৰ গুলীত ধৰাশায়ী সহযোগী শিৱসেনাৰ নেতা…

মহাৰাষ্ট্ৰত অঘটনঃ থানাৰ ভিতৰতে বিজেপি বিধায়কৰ গুলীত ধৰাশায়ী সহযোগী শিৱসেনাৰ নেতা
মহাৰাষ্ট্ৰত অঘটন। ৰাজ্য খনৰ এখন থানাৰ ভিতৰতে ঘটিল গুলীচালনাৰ ঘটনা। বিজেপি বিধায়ক গণপত গায়কোৱাডৰ বিৰুদ্ধে সহযোগী শিৱসেনাৰ নেতা মহেশ গায়কোৱাডক গুলী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটোত মহেশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে।ঘটনাটো শুক্ৰবাৰে নিশা উলহাচনগৰৰ হিল লাইন আৰক্ষী চকীত সংঘটিত হয় ।

ছিন্দে শিবিৰৰ নেতা মহেশ আৰু বিজেপি বিধায়ক গণপতে সমৰ্থকৰ সৈতে ভূমি বিবাদ সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ আৰক্ষী থানালৈ গৈছিল। তাত মহেশষ আৰু গণপতৰ মাজত তৰ্ক আৰম্ভ হৈছিল। ইয়াৰ পিছতে বিধায়ক গণপতে মহেশৰ ওপৰত চাৰি ৰাউণ্ড গুলীচালনা কৰে। ঘটনাটোত শিৱসেনাৰ বিধায়ক ৰাহুল পাটিলো আঘাতপ্ৰাপ্ত হয় । দুয়োজন বৰ্তমান থানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গণপত গায়কোৱাডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ পিষ্টলটোও জব্দ কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি গণপতক প্ৰথমে উলহাচনগৰৰ মীৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে, তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত তেওঁক নিশা প্ৰায় ১১ বজাত থানেৰ জুপিটাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ঘটনাটোৱে ইতিমধ্যে ক্ষোভৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে শিৱসেনাৰ কৰ্মী আৰু সমৰ্থকসকল চিকিৎসালয়ৰ বাহিৰত সমবেত হয়। একনাথ ছিন্দে শিবিৰৰ মুখপাত্ৰ আনন্দ দুবেই কয়, “এতিয়া আৰক্ষী থানাৰ ভিতৰতো গুলীবৰ্ষণৰ ঘটনা ঘটিছে। কল্পনা কৰক মহাৰাষ্ট্ৰত কেনে জংঘলৰাজ আৰম্ভ হৈছে। “অৱশ্যে গণপতে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁ আদালতৰ নিৰ্দেশ গ্ৰহণ কৰিব।

দিল্লীত বিজেপিৰ ‘অপাৰেচন লোটাছ’ ! কেজৰিৱালৰ অভিযোগৰ তদন্তত নামি পৰিল আৰক্ষী, জাননী প্ৰেৰণৰ প্ৰস্তুতি…

দিল্লীত বিজেপিৰ ‘অপাৰেচন লোটাছ’ ! কেজৰিৱালৰ অভিযোগৰ তদন্তত নামি পৰিল আৰক্ষী, জাননী প্ৰেৰণৰ প্ৰস্তুতি

পুনৰ জাননী যাব কেজৰিৱাললৈ। এইবাৰ আৰক্ষীৰ জাননী। দিল্লীত আপৰ চৰকাৰ ভাঙি পেলাবলৈ বিজেপিয়ে পুনৰ দিল্লীত ‘অপাৰেচন লোটাছ ২.০ ‘ চলাই আছে বুলি গুৰুতৰ অভিযোগ কৰিছিল ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এনে গুৰুতৰ অভিযোগৰ পিছত শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই কেজৰিৱালক এই বিষয়ত তদন্তত সহযোগ কৰিবলৈ জাননী জাৰি কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে তেওঁলোকে জাননীখন গ্ৰহণ কৰিবলৈ সাজু। কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক কোনো জাননী দিয়া নাই। আপে দাবী কৰিছে যে আৰক্ষীৰ লক্ষ্য হৈছে আপক বদনাম কৰা। বিতৰ্কটো যোৱা সপ্তাহত আৰম্ভ হৈছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিয়ে সাতজন আপ বিধায়কক ২৫ কোটি টকা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল।

বিহাৰৰ পিছত বিজেপিয়ে দিল্লীত ‘অপাৰেচন লোটাছ’ আৰম্ভ কৰা বুলি অভিযোগ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালে৷ কেজৰিৱালৰ মতে বিজেপিয়ে দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গেৰুৱা দলটোৱে আপৰ বিধায়কসকলক তেওঁলোকৰ শিবিৰ সলনি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে। প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত কেজৰিৱালক কেইবাবাৰো চমন জাৰি কৰিছে। কিন্তু কেজৰিৱালে প্ৰতিবাৰেই ইডি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাটো এৰাই চলিছে। বিজেপিয়ে দল সলনি কৰিবলৈ আপৰ বিধায়কসকলক ২৫ কোটি টকাৰ টোপ দিবলৈ ইডিৰ বিষয়টো ব্যৱহাৰ কৰিছে বুলি কেজৰিৱালে অভিযোগ কৰিছে। এক সাক্ষাৎকাৰত কেজৰিৱালে কৈছিৱল, “শেহতীয়াকৈ বিজেপিয়ে আমাৰ ৭ জন বিধায়কক সাক্ষাৎ কৰিছে । এইবুলি প্ৰচাৰ চলোৱা হৈছে যে কেজৰিৱালক কেইদিনমানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ’ব।

তাৰ পিছতে দিল্লীৰ আপ চৰকাৰখন উৎখাত কৰা হ’ব। সেয়ে কোনোবাই বিচাৰিলে বিজেপিত যোগদান কৰিব পাৰে বুলি কৈ বিজেপিয়ে সেইসকল বিধায়কক দলৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ২৫ কোটি টকা দিব বুলিও কৈছে।’’ বিজেপিয়ে ২১ জন আপ বিধায়কৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছিল কেজৰিৱালে।কেজৰিৱালে লগতে কৈছিল যে এইবাৰো বিজেপিৰ অভিপ্ৰায় সফল নহ’ব।আপ নেতা আতিশী মাৰ্লেনাইও বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। তেওঁ অভিযোগ কৰিছিল যে দলটোৱে দিল্লীত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। ইফালে বিজেপিয়ে কেজৰিৱাল আৰু আপে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। বিজেপি নেতা কপিল মিশ্ৰই কৈছিল, “কেজৰিৱালে মিছা কৈছে । তেওঁ কোনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল সেয়া প্ৰকাশ কৰা নাই। তেওঁ মাত্ৰ নিজৰ বিবৃতি দিছে। তেওঁ বাকী সকলো লুকুৱাই ৰাখিছে। তেওঁৰ সহযোগীসকল এতিয়া কাৰাগাৰত আছে। তেওঁ নিজেই বাৰে বাৰে ইডিৰ চমন এৰাই চলিছে। তেওঁ জানে যে ইডিৰ প্ৰশ্নবোৰৰ কোনো উত্তৰ তেওঁৰ ওচৰত নাই। “

ৰঙিয়াত হাতে-লোটে গ্ৰেপ্তাৰ কৰা চোৰৰ ৪০ টাকৈ চুৰি ম’বাইল জব্দ…

 ৰঙিয়াত শনিবাৰে সন্ধিয়া আৰক্ষীয়ে ৩জন ম’বাইল চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ কেইটা হ’ল ৰৌহিন চৌহান,মুকেশ বেলদাৰ আৰু বিজয় মৌহিত।

ঘটনা অনুসৰি ৰঙিয়া ৰে’লৱে ষ্টেচনৰ তেজিনা লজত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ

নেতৃত্বত এটা দলে অভিযান চলাই ধৃত চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে হাতে-লোটে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ পৰা ৪০ টাকৈ চুৰি ম’বাইল জব্দ কৰে।

উদুলি মুদুলি দেৰগাঁৱৰ ফেটা পথাৰ সমন্বয় ক্ষেত্ৰ ! শংকৰ আজানৰ মিলন ভূমিলৈ পৰিণত হ’ল ফেটা পথাৰ…

উদুলি মুদুলি দেৰগাঁৱৰ ফেটা পথাৰ সমন্বয় ক্ষেত্ৰ।
শংকৰ আজানৰ মিলন ভূমিলৈ পৰিণত হ’ল ফেটা পথাৰ।
অনৈক্যৰ মাজত ঐক্যৰ এক বিৰল দৃশ্য।

তিনিদিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ তম পূৰ্ণাংগ অধিবেশন।জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰিছে এই অধিবেশনত।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হৈছে সহস্ৰাধিক বৈষ্ণৱ প্ৰান লোকৰ। এক আধ্যাত্মিক পৰিবেশৰ মাজত হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে ফেটা পথাৰ সমন্বয় ক্ষেত্ৰৰ চৌপাশ । দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈ পৰিছে সমগ্ৰ অঞ্চল ।

আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প…

নিৰ্ধাৰিত সময় মতেই ১১.৩০ বজাৰ পৰাই আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। এই জনসভালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ। প্ৰায় ডেৰলক্ষাধিক লোকক সম্বোধন কৰিব মোডীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে আজি শিলন্যাস কৰিব

  • ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প।
  • ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথ প্ৰকল্প।

  • ৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প।
  • ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প।
  • ৩,২৫০ কোটি টকা ব্যয়ৰে GMCHৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প।

  • ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিডৰ প্ৰকল্প।
  • ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প।
  • ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন।